12.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া এয়া ৰাৱণ ৰাজ্য, পুৰণি সৃষ্টি নাশ হৈ নতুন সৃষ্টি আহি আছে সেয়েহে শ্ৰীমতত চলি পৱিত্ৰ হোৱা তেতিয়া শ্ৰেষ্ঠ দেৱী-দেৱতা হ’বাগৈ”

প্ৰশ্ন:
পিতাই নিজৰ সন্তানসকলক সত্য-নাৰায়ণৰ কথা শুনায়, সেই কথাৰ ৰহস্য কি?

উত্তৰ:
তাৰ ৰহস্য হৈছে - বাদশ্বাহী লোৱা আৰু হেৰুওৱা। প্ৰথমজনে (দাদা লেখৰাজ তথা ব্ৰহ্মা বাবাই) আল্লাক (শিৱ পিতাক) পালে তেতিয়া তুচ্ছ ধন-সম্পত্তি এৰি দিলে। যিসকল বিশ্বৰ মালিক আছিল তেওঁলোকেই 84 জন্ম লৈ বাদশ্বাহী হেৰুৱাই পেলায় আকৌ পিতাই তেওঁলোকক বাদশ্বাহী দিয়ে। পতিতৰ পৰা পাৱন হোৱা, তুচ্ছ ধন-সম্পত্তি এৰি বাদশ্বাহী লোৱা – এয়াই সঁচা সত্য-নাৰায়ণৰ কথা পিতাই শুনায়।

গীত:
আখিৰ ৱহ দিন আয়া আজ.... (অৱশেষত সেই দিনটি আজি আহিল....)

ওঁম্শান্তি।
ওঁম্‌ শান্তিৰ অৰ্থতো আত্মিক পিতাই বুজাইছে। ওঁম্‌ মানে মই আত্মা হওঁ আৰু মোৰ শৰীৰ। আত্মাতো দেখিবলৈ পোৱা নাযায়। এইটো বুজা যায় – মই আত্মা, এয়া মোৰ শৰীৰ। আত্মাতেই মন-বুদ্ধি আছে। শৰীৰত বুদ্ধি নাই। আত্মাতেই ভাল বা বেয়া সংস্কাৰ থাকে। মুখ্য হ’ল আত্মা। সেই আত্মাক কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে। শৰীৰক আত্মাই দেখে। আত্মাক শৰীৰে প্ৰত্যক্ষ কৰিব নোৱাৰে। জানিব পাৰে যে আত্মা ওলাই গ’লে তেতিয়া শৰীৰ জড় হৈ যায়। আত্মা দেখা পোৱা নাযায়, শৰীৰ দেখা পোৱা যায়। তেনেকৈয়ে আত্মাৰ যি পিতা, যাক ‘হে ঈশ্বৰ পিতা’ বুলি কয়, তেওঁকো দেখা পোৱা নাযায়। তেওঁক বুজিব পাৰি, জানিব পাৰি। আত্মাসকল সকলো ভাই ভাই। শৰীৰত আহিলে ক’ব এওঁলোক ভাই ভাই বা ভাই-ভনী। আত্মাসকলৰ পিতা হৈছে পৰমপিতা পৰমাত্মা। পাৰ্থিৱ ভাই-ভনীয়ে ইজনে সিজনক প্ৰত্যক্ষ কৰিব পাৰে। আত্মাসকলৰ পিতা সকলোৰে এজনেই, তেওঁক প্ৰত্যক্ষ কৰিব নোৱাৰে। গতিকে পিতা আহিছে পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ। নতুন সৃষ্টি সত্যযুগ আছিল, এয়া পুৰণি সৃষ্টি কলিযুগ। ইয়াৰ এতিয়া পৰিৱৰ্তন হ’ব লাগে। যেনেকৈ পুৰণা ঘৰ ভাঙি নতুন ঘৰ সজা হয়। তেনেকৈ এই পুৰণি সৃষ্টি নাশ হ’ব লাগে। সত্যযুগৰ পাছত ত্ৰেতা, দ্বাপৰ, কলিযুগ আকৌ সত্যযুগ নিশ্চয় আহিব। বিশ্বৰ ইতিহাস-ভূগোলৰ পুনৰাবৃত্তি হ’ব। সত্যযুগত হয় দেৱী-দেৱতাসকলৰ ৰাজত্ব। আধাকল্প সূৰ্যবংশী আৰু চন্দ্ৰবংশী চলে। তাক কোৱা হয় লক্ষ্মী-নাৰায়ণৰ বংশাৱলী, ৰাম-সীতাৰ বংশাৱলী। গতিকে এয়া সহজ নহয় জানো। আকৌ দ্বাপৰ, কলিযুগত অন্য ধৰ্ম আহে। তেতিয়া দেৱী-দেৱতা যিসকল পৱিত্ৰ আছিল তেওঁলোক অপৱিত্ৰ হৈ যায়। ইয়াক কোৱা হয় ৰাৱণ ৰাজ্য। ৰাৱণক বছৰে বছৰে জ্বলায়, কিন্তু নজ্বলেই। ৰাৱণ সকলোৰে ভীষণ শত্ৰু, সেইকাৰণে ৰাৱণক জ্বলোৱাৰ প্ৰথা হৈ গৈছে। ভাৰতৰ এক নম্বৰ শত্ৰু হ’ল ৰাৱণ আৰু এক নম্বৰ বন্ধু হ’ল সদায় সুখ দিওঁতা খোদা। খোদাক দোস্ত বুলি কয় নহয়। ইয়াৰ ওপৰত এটা কাহিনীও আছে গতিকে খোদা হ’ল দোস্ত। ৰাৱণ হ’ল শত্ৰু। খোদা দোস্তক কেতিয়াও নজ্বলায়। ৰাৱণ শত্ৰু সেইকাৰণে 10 মূৰীয়া ৰাৱণ সাজি তাক বছৰে বছৰে জ্বলায়। গান্ধীজীয়েও কৈছিল - আমাক ৰামৰাজ্য লাগে। ৰামৰাজ্যত হৈছে সুখ, ৰাৱণ ৰাজ্যত হৈছে দুখ। এতিয়া এয়া কোনে বহি বুজায়? পতিত-পাৱন পিতা, শিৱবাবা ব্ৰহ্মা দাদা। বাবাই সদায় ‘বাপদাদা’ বুলি স্বাক্ষৰ কৰে। প্ৰজাপিতা ব্ৰহ্মাওতো সকলোৰে হ’ব, যাক ‘আদম’ বুলি কোৱা হয়। তেওঁক ‘গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ’ বুলি কোৱা হয়। মনুষ্য সৃষ্টিত প্ৰজাপিতা হ’ল। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ আকৌ ব্ৰাহ্মণেই দেৱী-দেৱতা হয়। দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হৈ যায়, এওঁক কোৱা হয় প্ৰজাপিতা ব্ৰহ্মা, মনুষ্য সৃষ্টিৰ জ্যেষ্ঠ। প্ৰজাপিতা ব্ৰহ্মাৰ কিমান অনেক সন্তান আছে। ‘বাবা’ ‘বাবা’ বুলি কৈ থাকে। এয়া হ’ল সাকাৰ বাবা। শিৱবাবা হ’ল নিৰাকাৰ বাবা। গোৱাও হয় প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা নতুন মনুষ্য সৃষ্টি ৰচনা কৰে। এয়া হ’ল পতিত সৃষ্টি ৰাৱণ ৰাজ্য। এতিয়া ৰাৱণ ৰাজ্যৰ আসুৰি সৃষ্টি নাশ হৈ যাব, তাৰ কাৰণে এই মহাভাৰতৰ যুদ্ধ। পাছত সত্যযুগত এই ৰাৱণ শত্ৰুক কোনেও নজ্বলাব। ৰাৱণ নাথাকিবই। ৰাৱণেই এই দুখৰ সৃষ্টি ৰচনা কৰিছে। এনেকুৱা নহয় যে যাৰ ওচৰত বহুত পইচা আছে ডাঙৰ ডাঙৰ অট্টালিকা আদি আছে তেওঁলোক স্বৰ্গত আছে। পিতাই বুজায় - লাগিলে কাৰোবাৰ ওচৰত কোটি কোটি থাকক, কিন্তু শান্তি নাই, পইচা আদিতো সকলো মটিত মিলি যাব। নতুন সৃষ্টিত আকৌ নতুন খনি ওলাব, যাৰ দ্বাৰা নতুন সৃষ্টিৰ মহল আদি সকলো নিৰ্মাণ কৰা হয়। এই পুৰণি সৃষ্টি এতিয়া নাশ হ’ব। সত্যযুগত হৈছে বিকাৰ ৰহিত সম্পূৰ্ণ নিৰ্বিকাৰী। তাত সন্তান যোগবলেৰে জন্ম হয়। বিকাৰ তাত নাথাকেই। দেহ-অভিমানো নাথাকে, ক্ৰোধো নাথাকে, কাম বিকাৰো নাথাকে। 5 বিকাৰ নাথাকেই সেইকাৰণে তাত কেতিয়াও ৰাৱণক নজ্বলায়। ইয়াততো ৰাৱণ ৰাজ্য, সেইকাৰণে সকলোৱে আহ্বান জনায় - হে পতিত-পাৱন আহক। তেওঁতো মুক্তিদাতাও হয়, সকলোৰে দুখহৰ্তা হয়। এতিয়া সকলো ৰাৱণ ৰাজ্যত আছে। পিতাই আহি মুক্ত কৰিবলগীয়া হয়। এতিয়া পিতাই কয় - তোমালোক পৱিত্ৰ হোৱা। এই পতিত সৃষ্টি এতিয়া নাশ হ’ব, যিসকল শ্ৰীমতত চলিব তেওঁলোক শ্ৰেষ্ঠ দেৱী-দেৱতা হ’বগৈ। বিনাশতো হ’ব, সকলো শেষ হৈ যাব। বাকী কোন বাচিব? যিসকল শ্ৰীমতত পৱিত্ৰ হৈ থাকে, তেওঁলোকেই পিতাৰ শ্ৰীমতত চলি বিশ্বৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ পায়। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল নহয় জানো। এতিয়াতো ৰাৱণ ৰাজ্য যি নাশ হৈ যাব। সত্যযুগী ৰামৰাজ্য স্থাপন হ’ব। ৰাম সেই সীতাৰ গৰাকী নহয়। শাস্ত্ৰবোৰততো বহুত অদৰকাৰী কথা লিখি দিছে। লংকা এই গোটেই সৃষ্টিখনেই হয়, ইয়াত ৰাৱণৰ ৰাজত্ব। ভাৰত সোণৰ চৰাই আছিল সত্যযুগত। যেতিয়া কোনো অন্য ৰাজ্যই নাছিল। পিতা ভাৰতত আহি পুনৰাই সোণৰ চৰাই স্বৰ্গ স্থাপনা কৰে। বাকী ইমানবোৰ যি ধৰ্ম আছে, সকলোবোৰ নাশ হৈ যাব। সমুদ্ৰও উথলি উঠিব। বোম্বাই (এতিয়া মুম্বাই) কি আছিল, এখন সৰু গাঁও আছিল। এতিয়া সত্যযুগৰ স্থাপনা হয় তেতিয়া বোম্বাই আদি নাথাকিব। সত্যযুগত বহুত কমসংখ্যক মনুষ্য থাকে। ৰাজধানী দিল্লী হয়, য’ত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হয়। দিল্লী সত্যযুগত পৰিস্তান আছিল। দিল্লীতেই সিংহাসন আছিল। ৰামৰাজ্যতো দিল্লীয়েই ৰাজধানী হয়। কিন্তু ৰামৰাজ্যত হীৰা মুকুতাৰ মহল আছিল, অপাৰ সুখ আছিল। পিতাই কয় - তোমালোকে বিশ্বৰ ৰাজ্য হেৰুৱাইছা, মই পুনৰাই দিওঁ। তোমালোক মোৰ মতত চলা। শ্ৰেষ্ঠ হ’বলৈ হ’লে কেৱল মোকেই স্মৰণ কৰা আৰু কোনো দেহধাৰীক স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা, তোমালোক মোৰ ওচৰলৈ গুচি আহিবা। তোমালোক মোৰ ডিঙিৰ মালা হৈ পুনৰ বিষ্ণুৰ ডিঙিৰ মালা হৈ যাবা। মালাত ওপৰৰ ফালে মই আছোঁ। তাৰপাছত যুগল হৈছে ব্ৰহ্মা-সৰস্বতী। তেওঁলোকেই সত্যযুগৰ মহাৰজা-মহাৰাণী হয়। তাৰপাছত গোটেই মালা তেওঁলোকৰ যিসকল ক্ৰমানুসৰি সিংহাসনত বহে। মই ভাৰতক এই ব্ৰহ্মা-সৰস্বতী আৰু ব্ৰাহ্মণসকলৰ দ্বাৰা স্বৰ্গ কৰি গঢ়োঁ। যিসকলে পৰিশ্ৰম কৰে, তেওঁলোকৰ আকৌ স্মাৰক নিৰ্মাণ হয়। আত্মাসকলৰ থকা স্থান হৈছে পৰমধাম, যাক ব্ৰহ্মাণ্ড বুলিও কয়। আমি সকলো আত্মাই পিতাৰ লগত তাত মিঠা ঘৰত থাকোঁ। সেয়া হৈছে শান্তিধাম, মনুষ্যই বিচাৰে - আমি মুক্তিধামলৈ যাওঁ। কিন্তু উভতি কোনেও যাব নোৱাৰে। সকলোৱে ভূমিকাত আহিবই লাগে। তেতিয়ালৈকে তোমালোকক পিতাই তৈয়াৰ কৰাই থাকে। তোমালোক তৈয়াৰ হৈ গ’লে তেতিয়া তাত যিসকল আত্মা আছে, তেওঁলোক সকলো আহি যাব, তাৰপাছত শেষ। তোমালোকে গৈ নতুন সৃষ্টিত ৰাজত্ব কৰিবা পুনৰ ক্ৰমানুসৰি চক্ৰ চলিব। গীতটিতো শুনিলা নহয়, অৱশেষত সেই দিনটি আজি আহিল। ভক্তি মাৰ্গত ঠেকা-খুন্দা খাই থাকে। পিতা হৈছে জ্ঞান সূৰ্য। জ্ঞান সূৰ্য প্ৰকট হ’ল... এতিয়া তোমালোকৰ বুদ্ধিত সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। জানা যে ভাৰতবাসী নৰকবাসী হয় তেওঁলোক পুনৰ স্বৰ্গবাসী হ’বগৈ। বাকী ইমানবিলাক আত্মা শান্তিধামলৈ গুচি যাব। বহুত কমকৈ বুজাব লাগে, ‘অল্ফ’ বাবা, ‘বে’ বাদশ্বাহী। অল্ফৰ দ্বাৰা বাদশ্বাহী প্ৰাপ্ত হৈ যায়। তুচ্ছ ধন-সম্পদ শেষ হৈ যায়। তাৰ কাহিনী বাবাই বহি বুজায়। এয়া হৈছে সঁচা সত্য-নাৰায়ণৰ কথা। বাকী সকলোবোৰ হৈছে মনেসজা কথা। বাবাইহে নৰৰ পৰা নাৰায়ণ হ’বৰ কাৰণে এই জ্ঞান শুনায়। ইতিহাস-ভূগোল হয় নহয় জানো। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব কেতিয়া আৰম্ভ হ’ল, কেতিয়ালৈকে চলিল। তেন্তে কথাও (কাহিনীও) হ’ল নহয় জানো! যিসকলে বিশ্বত ৰাজত্ব কৰিছিল, তেওঁলোক 84 জন্ম লৈ একেবাৰে তমোপ্ৰধান হৈ গৈছে।

এতিয়া পিতাই কয় - মই সেয়াই ৰাজ্য পুনৰাই স্থাপনা কৰোঁ। তোমালোক কেনেকৈ পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হোৱা - সেই সকলো ইতিহাস-ভূগোল বুজাওঁ। পোন-প্ৰথমে সূৰ্যবংশীসকলৰ ৰাজত্ব তাৰপাছত চন্দ্ৰবংশী সকলৰ.... তাৰপাছত অন্যসকল বৌদ্ধী, ইছলামী তাৰপাছত খ্ৰীষ্টিয়ান আহিল। তেতিয়া সেই যি দেৱী-দেৱতা ধৰ্ম আছিল সেয়া লুপ্ত হৈ গ’ল। আকৌ বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হ’ব। শাস্ত্ৰবোৰত ব্ৰহ্মাৰ আয়ুস 100 বছৰ দেখুৱাইছে। এয়া যি ব্ৰহ্মা আছে, যাৰ শৰীৰত বহি পিতাই উত্তৰাধিকাৰ দিয়ে, এৱোঁ শৰীৰ এৰিব। আত্মাসকলক যি আত্মাসকলৰ পিতা হয় তেওঁ বহি শুনায়, তেৱেঁই পতিত-পাৱন হয়। মনুষ্যই মনুষ্যক পাৱন কৰি তুলিব নোৱাৰিব। যি নিজেই মুক্ত হ’ব নোৱাৰে তেওঁ আকৌ আনক কেনেকৈ মুক্ত কৰিব। সেয়াতো সকলো ভক্তি শিকাওঁতা অনেক গুৰু আছে। কোনোবাই ক’ব অমুকৰ ভক্তি কৰা, কোনোবাই ক’ব শাস্ত্ৰ শুনা। অনেক মত-মতান্তৰ আছে, সেয়েহে সকলো আৰুহে অবোধ হৈ গৈছে। এতিয়া পিতা আহি বুদ্ধিমান কৰি তোলে। এই লক্ষ্মী-নাৰায়ণ বুদ্ধিমান বিশ্বৰ মালিক আছিল নহয় জানো। এতিয়া কিমান কঙাল হৈ গৈছে। পুনৰ শিৱবাবা আহি নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তোলে। পিতাই কিমান ভালদৰে বুজায় যাতে ইয়াত ভাগ্য উদয় হৈ যায়। পিতা আহেই মনুষ্য মাত্ৰৰ ভাগ্য উদয় কৰিবলৈ। সকলো পতিত দুখী নহয় জানো। সকলো ত্ৰাহি ত্ৰাহি কৰি বিনাশ হৈ যাব সেয়েহে বাবাই কয় ত্ৰাহি ত্ৰাহি হোৱাৰ আগতে বেহদৰ পিতাৰ পৰা অলপ উত্তৰাধিকাৰ লৈ লোৱা। জগতত এয়া যি কিছু দেখিবলৈ পোৱা সেই সকলোবোৰ নাশ হৈ যাব। ভাৰতৰ পতন, ভাৰতৰ উত্থান। এয়া ভাৰতৰেই খেল। উত্থান হ’ব সত্যযুগত। এতিয়া কলিযুগৰ পতন হ’ব। এয়া সকলোবোৰ ৰাৱণ ৰাজ্যৰ পাম্প। এতিয়া বিনাশ হ’ব। বিশ্বৰ পতন, বিশ্বৰ উত্থান। সত্যযুগত কোনে কোনে ৰাজত্ব কৰে, এয়া পিতাই বহি বুজায়। ভাৰতৰ উত্থান, দেৱতাসকলৰ ৰাজত্ব। ভাৰতৰ পতন, ৰাৱণৰ ৰাজত্ব। এতিয়া নতুন সৃষ্টি স্থাপন হৈ আছে। পুৰণি সৃষ্টি নাশ হৈ যাব। ইয়াৰ পূৰ্বে তোমালোকে পঢ়ি আছা, পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ। কিমান সহজ। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পঢ়া। সন্ন্যাসীসকলৰ হৈছেই নিবৃত্তি মাৰ্গ। সেইটো ধৰ্মই সুকীয়া। তেওঁলোকেতো গৃহস্থ ব্যৱহাৰ ত্যাগ কৰি গুচি যায়, তেওঁলোকৰ হ’ল হদৰ (সীমিত) সন্ন্যাস। তোমালোকে এই পুৰণি সৃষ্টিৰ সন্ন্যাস কৰি আকৌ ইয়ালৈ আহিব নালাগে। এইটোও ভালদৰে বুজাব লাগে, কোন কোন ধৰ্ম কেতিয়া আহে। দ্বাপৰৰ পাছতহে অন্য ধৰ্ম আহে। প্ৰথমে সুখ ভোগ কৰে পাছত দুখ। এই গোটেই চক্ৰ বুদ্ধিত ধাৰণ কৰিবলগীয়া হয়। যেতিয়াৰ পৰা তোমালোক চক্ৰত আহা মাহাৰজা-মহাৰাণী হোৱা। কেৱল ‘অল্ফ’ (পৰমাত্মা) আৰু ‘বে’ (বাদশ্বাহী)ৰ বিষয়ে বুজাব লাগে।

বাবাই কাকো বিলাতলৈ যাবলৈ মানা নকৰে। এনেয়েতো সকলোৱে বিচাৰে মৃত্যু যাতে নিজৰ দেশতহে হয়। এতিয়া বিনাশতো হ’বই, হুলস্থুল ইমান হৈ যাব যে বিলাতৰ পৰা আকৌ আহিবও নোৱাৰিব সেইকাৰণে পিতাই বুজায় যে ভাৰত ভূমি সকলোতকৈ উত্তম, য’ত পিতা আহি অৱতাৰ লয়। শিৱ জয়ন্তীও পালন কৰা হয়। কেৱল কৃষ্ণৰ নাম দি দিয়াত সকলো মহিমাই শেষ হৈ গৈছে। সকলো মনুষ্য মাত্ৰৰ মুক্তিদাতা ইয়াত আহি অৱতাৰ লয়। ঈশ্বৰ পিতাহে আছে যিয়ে আহি উদ্ধাৰ কৰে। গতিকে এনেহেন পিতাক নমন কৰিব লাগে, তেওঁৰ জয়ন্তী পালন কৰিব লাগে। কিন্তু কৃষ্ণৰ নাম দিয়া বাবে গোটেই মূল্য নোহোৱা কৰি দিলে। নহ’লেতো ভাৰত সকলোতকৈ উচ্চ তীৰ্থ। সেই পিতা ইয়াতেই আহি সকলোকে পাৱন কৰি তোলে, গতিকে ভাৰত সকলোতকৈ ডাঙৰ তীৰ্থ হ’ল। সকলোকে দুৰ্গতিৰ পৰা মুক্ত কৰি সৎগতি দিয়ে। এয়া নাটক ৰচি থোৱা আছে। এতিয়া তোমালোক আত্মাসকলে জানা, আমাৰ বাবাই এই নিজৰ শৰীৰৰ দ্বাৰা এই ৰহস্য বুজাই আছে। আমি আত্মাই এই শৰীৰৰ দ্বাৰা শুনোঁ। আত্ম-অভিমানী হ’ব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি গৈ থাকিব আৰু পৱিত্ৰ হৈ তোমালোক পিতাৰ ওচৰলৈ আহি যাবা। যিমান স্মৰণ কৰিবা সিমান পৱিত্ৰ হ’বা, আনকো নিজৰ সমান কৰি তুলিলে তেতিয়া বহুতৰে আশীৰ্বাদ পাবা। উচ্চ পদ পাই যাবা সেইকাৰণে গায়ন কৰা হয় - চেকেণ্ডত জীৱনমুক্তি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ ডিঙিৰ মালা হৈ বিষ্ণুৰ ডিঙিৰ মালাত স্থান পাবলৈ সম্পূৰ্ণ সতোপ্ৰধান হ’ব লাগে। এক পিতাৰ মতত চলিব লাগে।

(2) এনেকুৱা সেৱা কৰিব লাগে যাতে অনেক আত্মাৰ আশীৰ্বাদ পাই থাকা। ত্ৰাহি ত্ৰাহি হোৱাৰ পূৰ্বেই পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে।

বৰদান:
স্নেহী হোৱাৰ গূঢ় ৰহস্য বুজি সকলোকে ৰাজী কৰোঁতা ৰাজযুক্ত, যোগযুক্ত হোৱা

যিসকল সন্তানে এক সৰ্বশক্তিমান পিতাৰ স্নেহী হৈ থাকে, তেওঁলোক স্বতঃ সকলো আত্মাৰে স্নেহী হৈ যায়। যিসকলে এইটো গূঢ় ৰহস্য বুজি লয় তেওঁলোক ৰাজযুক্ত, যোগযুক্ত বা দিব্য গুণেৰে যুক্তিযুক্ত হৈ যায়। এনেকুৱা ৰাজযুক্ত আত্মাই অতি সহজে সকলো আত্মাক ৰাজী কৰিব পাৰে। যিসকলে এইটো ৰহস্য নাজানে, তেওঁলোকে কেতিয়াবা আনক অসন্তুষ্ট কৰে আৰু কেতিয়াবা নিজে অসন্তুষ্ট হৈ থাকে, সেয়েহে সদায় স্নেহী হোৱাৰ ৰহস্য বুজি ৰাজযুক্ত হোৱা।

স্লোগান:
যিসকল নিমিত্ত তেওঁলোক দায়িত্ব পালন কৰিও সদায় বোজামুক্ত হৈ থাকে।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

যেনেকৈ বাপদাদা সদায় উদাৰ অন্তৰৰ অৰ্থাৎ বিশাল অন্তৰৰ, সেয়েহে সকলোৰে অন্তৰ জয় কৰোঁতা দিলাৰাম, তেনেকৈ সন্তানসকলো বিশাল অন্তৰৰ, দানশীল অন্তৰৰ আৰু সদায় প্ৰসন্নচিত্তেৰে গোটেই জগতক আনন্দিত কৰোঁতা ভাগ্যৱান আত্মা। তোমালোক শ্ৰেষ্ঠ আত্মাসকলেই জগতৰ আধাৰ। তোমালোক সকলো জাগ্ৰত জ্যোতি হ’লে গোটেই জগতৰ লোকো জাগি উঠে। তোমালোক সকলোৰে আৰোহণ কলা হ’লে তেতিয়া সকলো আত্মাৰ কল্যাণ হৈ যায়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]