12.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা নাৱৰীয়া হৈ আহিছে তোমালোক সকলোৰে নাও বিষয় সাগৰৰ পৰা উলিয়াই ক্ষীৰ সাগৰলৈ লৈ যাবলৈ, এতিয়া তোমালোক ইপাৰৰ পৰা সিপাৰলৈ যাব লাগে”

প্ৰশ্ন:
তোমালোক সন্তানসকলে প্ৰত্যেকৰে ভূমিকা দেখিও কাকো নিন্দা কৰিব নোৱাৰা – কিয়?

উত্তৰ:
কিয়নো তোমালোকে জানা যে এইখন অনাদি ৰচি থোৱা ড্ৰামা, ইয়াত প্ৰত্যেক ভাৱৰীয়াই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। কাৰো একো দোষ নাই। এই ভক্তিমাৰ্গো আকৌ অতীত হৈ যাব, ইয়াত অলপো সলনি হ’ব নোৱাৰে।

প্ৰশ্ন:
কোন দুটা শব্দত গোটেই চক্ৰৰ জ্ঞান সমাহিত হৈ আছে?

উত্তৰ:
‘আজি’ আৰু ‘কালি’। কালি আমি সত্যযুগত আছিলোঁ, আজি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই নৰকত উপস্থিত হৈছোঁ, কাইলৈ আকৌ স্বৰ্গলৈ যাম।

ওঁম্শান্তি।
এতিয়া সন্তানসকল সন্মুখত বহি আছে, য’ৰ পৰা আহে, ত’ত নিজৰ সেৱাকেন্দ্ৰত যেতিয়া থাকে তেতিয়া তাত এনেকৈ নুবুজে যে আমি উচ্চতকৈও উচ্চ বাবাৰ সন্মুখত বহি আছোঁ। তেৱেঁই আমাৰ শিক্ষকো হয়, তেৱেঁই আমাৰ নৌকা পাৰলৈ লৈ যাওঁতা যাক গুৰু বুলি কোৱা হয়। ইয়াত তোমালোকে বুজি পোৱা যে আমি সন্মুখত বহি আছোঁ, আমাক এই বিষয় সাগৰৰ পৰা উলিয়াই ক্ষীৰ সাগৰলৈ লৈ যায়। পাৰলৈ লৈ যাওঁতা পিতাও সন্মুখত বহি আছে, সেই এটিয়েই শিৱবাবাৰ আত্মা, যাক পৰম অথবা উচ্চতকৈও উচ্চ ভগৱান বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমি উচ্চতকৈও উচ্চ ভগৱান শিৱবাবাৰ সন্মুখত বহি আছোঁ। তেওঁ এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত বহি আছে, তেওঁ তোমালোকক পাৰলৈও লৈ যায়। তেওঁক ৰথো নিশ্চয় লাগে নহয়। নহ’লে শ্ৰীমত কেনেকৈ দিব। এতিয়া তোমালোক সন্তানসকলৰ নিশ্চয় জন্মিছে - বাবা আমাৰ বাবাও হয়, শিক্ষকো হয়, পাৰলৈ লৈ যাওঁতাও হয়। এতিয়া আমি আত্মাসকল নিজৰ ঘৰ শান্তিধামলৈ যাম। সেই বাবাই আমাক মাৰ্গ-দৰ্শন কৰাই আছে। তাত সেৱাকেন্দ্ৰত বহা আৰু ইয়াত সন্মুখত বহাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। তাত এনেকৈ নুবুজা যে আমি সন্মুখত বহি আছোঁ। ইয়াত এইটো অনুভৱ হয়। এতিয়া আমি পুৰুষাৰ্থ কৰি আছোঁ। পুৰুষাৰ্থ কৰাওঁতাসকল আনন্দিত হৈ থাকিব। এতিয়া আমি পৱিত্ৰ হৈ ঘৰলৈ গৈ আছোঁ। যেনেকৈ নাটকৰ ভাৱৰীয়াই এইটো বুজি পায় যে এতিয়া নাটক পূৰা হ’ল। এতিয়া পিতা আহিছে আমাক আত্মাসকলক লৈ যাবলৈ। এইটোও বুজায় তোমালোক ঘৰলৈ কেনেকৈ যাব পাৰা, তেওঁ পিতাও হয়, নৌকা পাৰ কৰাওঁতা নাৱৰীয়াও হয়। তেওঁলোকে যদিও গায় কিন্তু একোৱে বুজি নাপায় যে নৌকা বুলি কাক কোৱা হয়, তেওঁ জানো শৰীৰটো লৈ যাব? এতিয়া তোমালোক সন্তানসকলে জানা যে আমাক আত্মাসকলক পাৰলৈ লৈ যায়। এতিয়া আত্মা এই শৰীৰৰ সৈতে বেশ্যালয়ত বিষয় বৈতৰণী নদীত পৰি আছে। আমি আচলতে শান্তিধামৰ নিবাসী আছিলোঁ, আমাক পাৰলৈ লৈ যাওঁতা অৰ্থাৎ ঘৰলৈ লৈ যাওঁতা পিতাক পাইছোঁ। তোমালোকৰ ৰাজধানী আছিল যি মায়া ৰাৱণে কাঢ়ি ল’লে। সেই ৰাজধানী আকৌ নিশ্চয় ল’ব লাগে। বেহদৰ পিতাই কয় – সন্তানসকল, এতিয়া নিজৰ ঘৰক স্মৰণ কৰা। তাত গৈ আকৌ ক্ষীৰ সাগৰলৈ আহিব লাগে। এয়া হৈছে বিহৰ সাগৰ, তাত হৈছে ক্ষীৰ সাগৰ আৰু মূলবতন হৈছে শান্তিৰ সাগৰ। তিনিও ধাম আছে। এয়াতো হৈছে দুখধাম।

পিতাই বুজায় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কওঁতাজন কোন, কাৰ দ্বাৰা কয়? গোটেই দিন “মৰমৰ সন্তান” বুলি কৈ থাকে। এতিয়া আত্মা পতিত যাৰ কাৰণে আকৌ শৰীৰো তেনেকুৱাই পাবা। এতিয়া তোমালোকে বুজি পোৱা আমি একেবাৰে বিশুদ্ধ সোণৰ গহনা আছিলোঁ পাছলৈ খাদ (বিকাৰৰ লেপ) পৰি পৰি ভেজাল হৈ গ’লোঁ। এতিয়া সেই খাদ কেনেকৈ আঁতৰিব, সেয়েহে এই স্মৃতিৰ যাত্ৰা হৈছে ভাতী। অগ্নিত সোণ শুদ্ধ হৈ যায় নহয়। পিতাই বাৰে বাৰে বুজায়, তোমালোকক এয়া যি বুজনি দিওঁ, প্ৰত্যেক কল্পতে দি আহিছোঁ। এয়া মোৰ ভূমিকা আকৌ 5 হাজাৰ বছৰ পাছত আহি কওঁ যে সন্তানসকল, পৱিত্ৰ হোৱা। সত্যযুগততো তোমালোক আত্মাসকল পৱিত্ৰ আছিলা, শান্তিধামতো পৱিত্ৰ আত্মা নিবাস কৰে। সেইখনটো হৈছে আমাৰ ঘৰ। কিমান মৰমৰ ঘৰ। য’লৈ যাবৰ বাবে মনুষ্যই কিমান মগজ খটুৱাই থাকে। পিতাই বুজায় - এতিয়া সকলো যাব লাগে আকৌ ভূমিকা পালন কৰিবলৈ আহিব লাগে। এয়াতো সন্তানসকলে বুজি পাইছে। সন্তানসকল যেতিয়া দুখী হয় তেতিয়া কয় – হে ভগৱান, আমাক নিজৰ ওচৰলৈ মাতক। আমাক ইয়াত দুখত কিয় এৰি দিছে। এইটো জানে যে পিতা পৰমধামত থাকে। সেইবাবে কয় - হে ভগৱান, আমাক পমধামলৈ মাতক। সত্যযুগত এনেকৈ নোকোৱা। তাততো সুখেই সুখ। ইয়াত অনেক দুখ আছে সেয়েহে চিঞৰে – হে ভগৱান! আত্মাৰ স্মৃতি থাকে। কিন্তু ভগৱানক মুঠেও নাজানে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰিচয় পাইছা। পিতা থাকেই পৰমধামত। ঘৰকেই স্মৰণ কৰে। এনেকৈ কেতিয়াও নকয় যে ৰাজধানীলৈ মাতা। ৰাজধানীৰ বাবে কেতিয়াও নকয়। পিতাতো ৰাজধানীত নাথাকেও। তেওঁ থাকেই শান্তিধামত। সকলোৱে শান্তি বিচাৰে। পৰমধামত ভগৱানৰ ওচৰততো নিশ্চয় শান্তিয়ে থাকিব, যাক মুক্তিধাম বুলি কোৱা হয়। সেইখন হৈছে আত্মাসকল নিবাস কৰা স্থান, য’ৰ পৰা আত্মাসকল আহে। সত্যযুগক ঘৰ বুলি কোৱা নহয়, সেয়া হৈছে ৰাজধানী। এতিয়া তোমালোক ক’ৰ ক’ৰ পৰা আহিছা। ইয়াত আহি সন্মুখত বহাহি। পিতাই “সন্তান সন্তান” বুলি সম্বোধন কৰি বাৰ্তালাপ কৰে। পিতাৰ ৰূপত “সন্তান সন্তান” বুলিও কয় আকৌ শিক্ষক হৈ সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য অথবা বুৰঞ্জী-ভূগোল বুজায়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। তোমালোক সন্তানসকলে জানা মূললোক হৈছে আমাৰ আত্মাসকলৰ নিবাসস্থান। সূক্ষ্মলোকতো হয়েই দিব্যদৃষ্টিৰ কথা। বাকী সত্যযুগ, ত্ৰেতা, দ্ৱাপৰ, কলিযুগতো ইয়াতে হয়। ভূমিকাও তোমালোকে ইয়াতেই পালন কৰা। সূক্ষ্মলোকৰ একো ভূমিকা নাই। এয়া হৈছে সাক্ষাৎকাৰৰ কথা। কালি আৰু আজি, এয়াতো ভালদৰে বুদ্ধিত থকা উচিত। কালি আমি সত্যযুগত আছিলোঁ আকৌ 84 জন্ম লৈ লৈ এতিয়া নৰকত আহি গ’লোঁ। পিতাক আহ্বানো নৰকতেই জনায়। সত্যযুগততো অপাৰ সুখ, সেয়েহে কোনেও নামাতেই। ইয়াত তোমালোক শৰীৰত আছা সেয়েহে বাৰ্তালাপ কৰা। পিতায়ো কয় - মই সৰ্বজ্ঞ অৰ্থাৎ সৃষ্টিৰ আদি-মধ্য-অন্তক জানো। কিন্তু শুনাওঁ কেনেকৈ। বিচাৰ কৰিবলগীয়া কথা নহয় জানো সেয়েহে লিখা আছে – পিতাই ৰথ লয়। পিতাই কয় - মোৰ জন্ম তোমালোকৰ দৰে নহয়। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। ৰথৰো পৰিচয় দিয়ে। এই আত্মাটিও নাম-ৰূপ ধাৰণ কৰি কৰি তমোপ্ৰধান হৈ গৈছে। এই সময়ত সকলো মাউৰা কিয়নো পিতাক নাজানে। সেয়েহে সকলো মাউৰা হৈ গৈছে। পৰস্পৰ কাজিয়া লাগিলে এনেকৈ কয় নহয় – ল’ৰা-ছোৱালীহঁত কাজিয়া কিয় কৰা! সেয়েহে পিতাই কয় - মোকতো সকলোৱে পাহৰি গৈছে। মাউৰাহঁত বুলি আত্মায়ে কয়। লৌকিক পিতায়ো এনেকৈ কয়, বেহদৰ পিতায়ো কয় - ল’ৰা-ছোৱালীহঁত এইটো অৱস্থা কিয় হৈছে? কোনোবা গৰাকী আছেনে? তোমালোকক বেহদৰ পিতা যিয়ে স্বৰ্গৰ মালিক কৰি তোলে, যাক তোমালোকে আধাকল্প ধৰি আহ্বান জনাই আহিছা তেওঁক পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিয়া। পিতাই এতিয়া সন্মুখত বহি বুজায়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা আমি বাবাৰ ওচৰলৈ আহিছোঁ। এই বাবায়ে আমাক পঢ়ায়। আমাক নৌকা পাৰ কৰায় কিয়নো এই নৌকা বহুত পুৰণা হৈ গৈছে। সেয়েহে কয় - নৌকা পাৰ কৰোৱা আকৌ আমাক নতুন নৌকা দিয়া। পুৰণা নৌকা বিপদজনক। ক’ৰবাত ৰাস্তাত ভাঙি গ’লে, দুৰ্ঘটনা হৈ গ’লে। সেয়েহে তোমালোকে কোৱা - আমাৰ নৌকা পুৰণা হৈ গৈছে, এতিয়া আমাক নতুন দিয়ক। ইয়াক বস্ত্ৰ বুলিও কয়, নৌকা বুলিও কয়। সন্তানসকলে কয় - বাবা আমাকতো এনেকুৱা (লক্ষ্মী-নাৰায়ণ) বস্ত্ৰ লাগে।

পিতাই কয়- মৰমৰ সন্তানসকল, স্বৰ্গবাসী হ’ব বিচৰানে? প্ৰত্যেক 5 হাজাৰ বছৰ পাছত তোমালোকৰ এই কাপোৰ পুৰণা হয় আকৌ নতুন দিওঁ। এয়া হৈছে আসুৰি পোছাক (শৰীৰ)। আত্মাও আসুৰি। মনুষ্য গৰিব হ’লে পোছাকো তেনেকুৱাই পিন্ধিব। চহকী হ’লে পোছাকো চহকীৰ দৰে পিন্ধিব। এই কথাবোৰ এতিয়া তোমালোকে জানা। ইয়াত তোমালোকৰ নিচা বাঢ়ে আমি কাৰ সন্মুখত বহি আছোঁ। সেৱাকেন্দ্ৰত বহিলে তেতিয়া তাত তোমালোকৰ এনেকুৱা ভাৱ নাহে। ইয়াত সন্মুখত থকাৰ বাবে আনন্দিত হোৱা কিয়নো পিতাই পোনপটীয়াকৈ বুজায়। তাত কোনোবাই বুজালে বুদ্ধিযোগ ক’ৰবাত গৈ থাকিব। এনেকৈ কয় নহয় – সাংসাৰিক কাম-কাজত আবদ্ধ হৈ থাকে। আহৰিনো ক’ত পায়। মই তোমালোকক বুজাই আছোঁ। তোমালোকেও বুজি পোৱা - বাবাই এই মুখৰ দ্বাৰা আমাক বুজায়। এই মুখৰো কিমান মহিমা আছে। গো-মুখৰ পৰা অমৃত পান কৰিবৰ বাবে ক’ত ক’ত গৈ হাবাথুৰি খাই ফুৰে। কিমান পৰিশ্ৰম কৰি যায়। মনুষ্যই বুজিয়েই নাপায় যে এই গো-মুখনো কি? কিমান বিচাৰ বুদ্ধি সম্পন্ন মনুষ্য তালৈ যায়, ইয়াৰ দ্বাৰা কি লাভ হয়? আৰুহে বেছি সময়ৰ অপচয় হয়। বাবাই কয় – এই সূৰ্যাস্ত আদি কিনো চাবা। তাৰ পৰাতো একো লাভ নহয়। পঢ়াতহে লাভ হয়। ‘গীতা’ত পঢ়াৰ কথাই আছে নহয়। ‘গীতা’ত কোনো হঠযোগ আদিৰ কথা নাই। তাততো ৰাজযোগৰ বিষয়ে আছে। তোমালোক আহাও ৰাজ্য-ভাগ্য ল’বলৈ। তোমালোকে জানা যে এই আসুৰি সৃষ্টিত কিমান কাজিয়া-পেছাল আদি হয়। বাবাইতো আমাক যোগবলৰ দ্বাৰা পৱিত্ৰ কৰি বিশ্বৰ মালিক কৰি তোলে। দেৱীসকলৰ হাতত অস্ত্ৰ দি দিছে কিন্তু বাস্তৱত ইয়াত অস্ত্ৰ আদিৰ কোনো কথা নাই। ‘কালী’কে চোৱা কিমান ভয়ানক ৰূপত বনাইছে। এই সকলোবোৰ নিজৰ নিজৰ মনৰ ভ্ৰান্তিৰ দ্বাৰা বহি বনাইছে। এনেকুৱা 4-8 বাহুধাৰী দেৱী থাকিব জানো। এয়া সকলো হৈছে ভক্তিমাৰ্গ। সেয়েহে পিতাই বুজায়- এয়া এখনেই বেহদৰ নাটক। ইয়াত কাকো নিন্দা আদি কৰাৰ কথা নাই। অনাদি ড্ৰামা ৰচি থোৱা আছে। ইয়াত অলপো হীনডেঢ়ি নহয়। ‘জ্ঞান’ কাক কোৱা হয়, ‘ভক্তি’ কাক কোৱা হয় এয়া পিতাই বুজায়। ভক্তিমাৰ্গেৰে তথাপিও তোমালোক অতিক্ৰম কৰিব লাগে। এনেকৈয়ে তোমালোকে 84 চক্ৰ পৰিক্ৰমা কৰি তললৈ আহিবা। এইখন অনাদি ৰচি থোৱা বৰ ভাল নাটক যাৰ বিষয়ে পিতাই বুজায়। এই ড্ৰামাৰ ৰহস্য বুজিলে তোমালোক বিশ্বৰ মালিক হৈ যোৱাগৈ। আচৰিত নহয় জানো! ভক্তি কেনেকৈ চলে, জ্ঞান কেনেকৈ চলে, এই খেলখন অনাদি ৰচি থোৱা আছে। ইয়াত একোৱেই সলনি হ’ব নোৱাৰে। তেওঁলোকেতো কৈ দিয়ে যে ব্ৰহ্মত লীন হৈ গ’ল, জ্যোতি জ্যোতিত বিলীন হৈ গ’ল, এইখন সংকল্পৰ সৃষ্টি, যাৰ মনলৈ যি আহে তাকে কৈ থাকে। এইখনতো হৈছে ৰচি থোৱা খেল। মনুষ্যই চিনেমা চায়। তাক জানো সংকল্পৰ খেল বুলি ক’বা? পিতাই বহি বুজায়- সন্তানসকল, এইখন বেহদৰ নাটক যিখন হুবহু পুনৰাবৃত্তি হ’ব। পিতাহে আহি এই জ্ঞান দিয়ে কিয়নো তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ। মনুষ্য সৃষ্টিৰ বীজৰূপ, চৈতন্য, তেওঁৰেই গোটেই জ্ঞান আছে। মনুষ্যইতো লাখ লাখ বছৰ আয়ুস দেখুৱাই দিছে। পিতাই কয় - ইমান আয়ুস হ’ব পাৰে জানো। চিনেমা যদি লাখ লাখ বছৰৰ হয় তেন্তে কাৰো বুদ্ধিতেই নাথাকিব। তোমালোকেতো সকলো বৰ্ণনা কৰা। লাখ লাখ বছৰৰ কথা কেনেকৈ বৰ্ণনা কৰিবা। গতিকে সেয়া সকলো হৈছে ভক্তিমাৰ্গ। তোমালোকেই ভক্তিমাৰ্গৰ ভূমিকা পালন কৰিলা। এনেকৈ দুখ ভুগি ভুগি এতিয়া অন্তিমত আহি গৈছা। গোটেই বৃক্ষজোপাই জৰাজীৰ্ণ অৱস্থা পালে। এতিয়া তালৈ যাব লাগে। নিজক পাতল (বোজা মুক্ত) কৰি দিয়া। এৱোঁ বোজা মুক্ত হৈ নগ’ল জানো। তেতিয়া সকলো বন্ধন ছিঙি যাব। নহ’লে সন্তান, ধন, কাৰখানা, গ্ৰাহক, ৰাজ্য, ৰাজ-সম্পত্তি আদি স্মৃতিত আহি থাকিব। ধান্দাই যদি এৰি দিয়া তেনেহ’লে আকৌ স্মৃতি কিয় আহিব। ইয়াততো সকলো পাহৰিব লাগে। ইয়াক পাহৰি নিজৰ ঘৰ আৰু ৰাজধানীক স্মৰণ কৰিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। শান্তিধামৰ পৰা আকৌ আমি ইয়ালৈ আহিব লাগে। পিতাই কয় - মোক স্মৰণ কৰা, ইয়াকে যোগ অগ্নি বুলি কোৱা হয়। এয়া ৰাজযোগ হয় নহয়। তোমালোক ৰাজঋষি। ঋষি বুলি পৱিত্ৰক কোৱা হয়। তোমালোক ৰাজ্য-ভাগ্য ল’বৰ বাবে পৱিত্ৰ হোৱা। পিতাইহে তোমালোকক সকলো সত্য কথা শুনায়। তোমালোকেও বুজি পোৱা যে এইখন হৈছে নাটক। সকলো ভাৱৰীয়া ইয়াত নিশ্চয় থকা উচিত। আকৌ পিতাই সকলোকে লৈ যাব। এয়া ঈশ্বৰৰ বৰযাত্ৰী। তাত পিতা আৰু সন্তানসকল থাকে আকৌ ইয়ালৈ ভূমিকা পালন কৰিব আহে। পিতাতো সদায় তাতে থাকে। মোক দুখতে স্মৰণ কৰে। তাত আকৌ মই কি কৰিম। তোমালোকক শান্তিধাম, সুখধামলৈ পঠিয়াই দিওঁ বাকী কিনো লাগে! তোমালোক সুখধামত আছিলা বাকী সকলো আত্মা শান্তিধামত আছিল আকৌ ক্ৰমানুসৰি আহি গ’ল। নাটকখন পূৰা হ’বৰ হ’ল। পিতাই কয় - সন্তানসকল এতিয়া গাফিলতি নকৰিবা। পৱিত্ৰ নিশ্চয় হ’ব লাগে। পিতাই কয় - এয়া সেই নাটক অনুসৰিয়েই ভূমিকা চলি আছে। তোমালোকৰ কাৰণে ড্ৰামা অনুসৰি মই কল্পই কল্পই আহোঁ। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া এই বৃক্ষজোপা পুৰণা জৰাজীৰ্ণ হৈ গৈছে, আত্মা ঘৰলৈ উভতি যাব লাগে সেই কাৰণে নিজক সকলো বন্ধনৰ পৰা মুক্ত কৰি পাতল (বোজা মুক্ত) হ’ব লাগে। ইয়াৰ সকলো বুদ্ধিৰে পাহৰি যাব লাগে।

(2) অনাদি ড্ৰামাখনক বুদ্ধিত ৰাখি কোনো ভাৱাৰীয়াকে নিন্দা কৰিব নালাগে। ড্ৰামাৰ ৰহস্য বুজি বিশ্বৰ মালিক হ’ব লাগে।

বৰদান:
শান্তিৰ শক্তিৰে আত্ম শক্তিৰ উৰণ তীব্ৰগতিৰ কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা

বিজ্ঞানৰ সাধনবোৰৰ গতিবেগ বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰিবও পাৰে, ধৰিবও পাৰে কিন্তু আত্মাৰ গতিক এতিয়ালৈকে কোনেও ধৰিব পৰা নাই আৰু ধৰিব নোৱাৰেও, এই ক্ষেত্ৰত বিজ্ঞানে নিজক অকৃতকাৰ্য বুলি ভাবে। য'ত বিজ্ঞান অকৃতকাৰ্য হয় ত'ত শান্তিৰ শক্তিৰে যি বিচৰা সেয়া কৰিব পাৰা। সেয়েহে আত্ম শক্তিৰ উৰণ তীব্ৰগতিৰে কৰা, এই শক্তিৰে স্ব -পৰিৱৰ্তন, কাৰোবাৰ বৃত্তিৰ পৰিৱৰ্তন, বায়ুমণ্ডলৰ পৰিৱৰ্তন কৰি বিশ্ব পৰিৱৰ্তক হ'ব পাৰা। তীব্ৰতাৰ চিন হ'ল ভাবিলা আৰু হ'ল।

স্লোগান:
শিক্ষাদাতাৰ লগতে দয়াশীল হৈ সহযোগী হোৱা।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

ইজন-সিজনৰ স্নেহী তেতিয়াহে হ’বা যেতিয়া সংস্কাৰ আৰু সংকল্প ইজনে-সিজনৰ সৈতে মিলাবা। কিন্তু ধ্যান দিবা যাতে তোমাৰ স্থিতি স্তুতিৰ আধাৰত যাতে নহয়। নহ’লে বিচলিত হৈ থাকিবা। বহুত সন্তানে যেতিয়া কিবা কৰে তেতিয়া তাৰ ফলৰ ইচ্ছা ৰাখে। স্তুতি কৰিলে স্থিতি ভাল হৈ থাকে আৰু কোনোবাই নিন্দা কৰিলে তেতিয়া নিজৰ স্থিতি এৰি তেওঁৰ পৰা কাষৰীয়া হৈ যায়। কিন্তু স্তুতি-নিন্দাত যাতে সমান স্থিতি হৈ থাকে তেতিয়া সংস্কাৰৰ সংঘাত নহয়।