12.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকে ড্ৰামাৰ খেলখনক জানা সেইকাৰণে ধন্যবাদ জনোৱাৰো কথা নাই”
প্ৰশ্ন:
সেৱাধাৰী
সন্তানসকলৰ কোনটো অভ্যাস একেবাৰে থাকিব নালাগে?
উত্তৰ:
বিচৰাৰ। তোমালোকে পিতাৰ পৰা আশীৰ্বাদ বা কৃপা আদি বিচৰাৰ কোনো আৱশ্যকতা নাই।
তোমালোকে কাৰো পৰা পইচা আদিও বিচাৰিব নোৱাৰা। বিচৰাতকৈ মৰি যোৱাই ভাল। তোমালোকে জানা
যে ড্ৰামা অনুসৰি কল্প পূৰ্বে যিসকলে বীজ সিঁচিছিল তেওঁলোকে সিঁচিব, যিসকলে
ভৱিষ্যতৰ নিজৰ উচ্চ পদ গঢ়িবলগীয়া আছে তেওঁলোক নিশ্চয় সহযোগী হ’ব। তোমালোকৰ কাম হৈছে
সেৱা কৰা। তোমালোকে কাৰো পৰা একো বিচাৰিব নোৱাৰা। ভক্তিত বিচাৰিবলগীয়া হয়, জ্ঞানত
নহয়।
গীত:
মুঝকো চহাৰা
দেনে ৱালে…….. (মোক আলম্বন দিওঁতাজন….….)
ওঁম্শান্তি।
এই
ধন্যবাদসূচক শব্দ সন্তানসকলৰ অন্তৰৰ পৰা পিতা-শিক্ষক-গুৰুৰ প্ৰতি উচ্চাৰিত হ’ব
নোৱাৰে কিয়নো সন্তানসকলে জানে এইখন পূৰ্ব নিৰ্ধাৰিত খেল। ধন্যবাদ আদিৰ কথা নাই।
এয়াও ড্ৰামা অনুসৰি সন্তানসকলে জানে। ‘ড্ৰামা’ শব্দটিও তোমালোক সন্তানসকলৰ বুদ্ধিত
উদয় হয়। খেল বুলি ক’লেই গোটেই খেল তোমালোকৰ বুদ্ধিত উদয় হৈ যায়। অৰ্থাৎ স্বদৰ্শন
চক্ৰধাৰী তোমালোক নিজেই হৈ যোৱা। তিনিওলোকো তোমালোকৰ বুদ্ধিত উদয় হৈ যায়। মুললোক,
সূক্ষ্মলোক, স্থূললোক। এয়াও জানা যে এতিয়া খেল পূৰা হয়। পিতা আহি তোমালোকক
ত্ৰিকালদৰ্শী কৰি তোলে। তিনিওকাল, তিনিওলোক, আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। কাল বুলি
সময়ক কোৱা হয়। এই সকলোবোৰ কথা টুকি নাৰাখিলে স্মৃতিত থাকিব নোৱাৰে। তোমালোক
সন্তানসকলেতো বহুত সাৰ কথা পাহৰি যোৱা। ড্ৰামাৰ সময়সীমাকো তোমালোকে জানা। তোমালোক
ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী হোৱা, জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত হৈ যায়। সকলোতকৈ ডাঙৰ
কথা হৈছে যে তোমালোক আস্তিক হৈ যোৱা, নহ’লেতো অনাথ আছিলা। এই জ্ঞান তোমালোক
সন্তানসকলে প্ৰাপ্ত কৰি আছা। বিদ্যাৰ্থীৰ বুদ্ধিত সদায় জ্ঞানৰ মন্থন চলি থাকে। এয়াও
জ্ঞান হয় নহয়। উচ্চতকৈও উচ্চ পিতাইহে জ্ঞান দিয়ে, ড্ৰামা অনুসৰি। ‘ড্ৰামা’ শব্দটিও
তোমালোকৰ মুখেৰে উচ্চাৰিত হ’ব পাৰে। সেয়াও যিসকল সন্তান সেৱাত তৎপৰ হৈ থাকে। এতিয়া
তোমালোকে জানা যে – আমি অনাথ আছিলোঁ। এতিয়া বেহদৰ পিতা নাথক পাইছা সেয়েহে সনাথ হৈছা।
প্ৰথমে তোমালোক বেহদৰ অনাথ আছিলা, বেহদৰ পিতা বেহদৰ সুখ দিওঁতা হয় আৰু অন্য কোনো
পিতা নাই যিয়ে এনেকুৱা সুখ দিয়ে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি এই সকলো তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে। কিন্তু অন্যকো যথাৰ্থ ৰীতিৰে বুজাব লাগে, এই ঈশ্বৰীয়
বেপাৰত লাগি যাব লাগে। প্ৰত্যেকৰে পৰিস্থিতি নিজা নিজা। বুজাবও তেওঁহে পাৰিব যি
স্মৃতিৰ যাত্ৰাত থাকিব। স্মৃতিৰে শক্তি পোৱা যায় নহয়। পিতা হয়েই - তীক্ষ্ণ তলোৱাল।
তোমালোক সন্তানসকলে তীক্ষ্ণতা ধাৰণ কৰিব লাগে। যোগবলেৰে বিশ্বৰ বাদশ্বাহী পোৱা।
যোগেৰে শক্তি পোৱা যায়, জ্ঞানেৰে নহয়। সন্তানসকলক বুজাইছে - জ্ঞান উপাৰ্জনৰ উৎস।
যোগক শক্তি বুলি কোৱা হয়। ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া যোগ ভাল নে জ্ঞান ভাল?
যোগহে প্ৰসিদ্ধ। যোগ অৰ্থাৎ পিতাৰ স্মৃতি। পিতাই কয় - এই স্মৃতিৰ দ্বাৰাই তোমালোকৰ
পাপ খণ্ডন হ’ব। ইয়াৰ ওপৰতে পিতাই জোৰ দিয়ে। জ্ঞানতো সহজ। ভগৱানুবাচ - মই তোমালোকক
সহজ জ্ঞান শুনাওঁ। 84ৰ চক্ৰৰ জ্ঞান শুনাওঁ। ইয়াত সকলো আহি যায়। ইতিহাস-ভূগোল আছে
নহয়। জ্ঞান আৰু যোগ দুয়োটাই হৈছে ছেকেণ্ডৰ কাম। কেৱল মই আত্মা, মই পিতাক স্মৰণ কৰিব
লাগে। ইয়াতেই পৰিশ্ৰম হয়। স্মৃতিৰ যাত্ৰাত থাকিলে শৰীৰৰ যেন বিস্মৃতি হৈ যায়। ঘণ্টা
ধৰি এনেকৈ অশৰীৰী হৈ বহা তেতিয়া কিমান পাৱন হৈ যাবা। মনুষ্যই ৰাতি কোনোবাই 6,
কোনোবাই 8 (আঠ) ঘণ্টা শোৱে তেতিয়া অশৰীৰী হৈ যায় নহয়। সেই সময়ত কোনো বিকৰ্ম নহয়।
আত্মা ভাগৰি শুই পৰে। এনেকুৱাও নহয় যে কোনো পাপ বিনাশ হয়। নহয়, সেয়া হৈছে নিদ্ৰা।
কোনো বিকৰ্ম নহয়। যদি টোপনি নাযায় তেন্তে পাপেই কৰি থাকিব। গতিকে নিদ্ৰাও এক ৰক্ষাৰ
উপায়। গোটেই দিন সেৱা কৰি আত্মাই কয় - মই এতিয়া টোপনি যাওঁ, অশৰীৰী হৈ যাওঁ।
তোমালোক শৰীৰত থাকিও অশৰীৰী হ’ব লাগে। মই আত্মা এই শৰীৰৰ পৰা উৰ্দ্ধত, শান্ত স্বৰূপ
হওঁ। আত্মাৰ মহিমা কেতিয়াও শুনা নাই চাগৈ। আত্মা সত্য, চৈতন্য, আনন্দ স্বৰূপ হয়।
পৰমাত্মাৰ মহিমা গায় যে সত্য, চৈতন্য। সুখ-শান্তিৰ সাগৰ। এতিয়া তোমালোকক মাষ্টৰ বুলি
কোৱা হ’ব, সন্তানক মাষ্টৰ বুলিও কোৱা হয়। গতিকে পিতাই যুক্তিও শুনাই থাকে। এনেকুৱাও
নহয় যে গোটেই দিন টোপনি গৈ থাকিব লাগে। নহয়, তোমালোকেতো স্মৃতিত থাকি পাপ বিনাশ
কৰিব লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰিব লাগে। এনেকুৱাও নহয় যে পিতাই আমাৰ ওপৰত দয়া
বা কৃপা কৰে। নহয়, এয়া তেওঁৰ মহিমা - দয়াশীল বাদশ্বাহ। এয়াও তেওঁৰ ভূমিকা,
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলা। ভক্তলোকে মহিমা গায় - তোমালোকে কেৱল মহিমা গাব
নালাগে। এই গীত আদিও দিন-প্ৰতিদিনে বন্ধ হৈ যাব। স্কুলত জানো গীত গাই থাকে?
সন্তানসকল শান্তিত বহি থাকে। শিক্ষক আহিলে থিয় হয়, পুনৰ বহে। এই পিতাই কয় - মইতো
পঢ়োৱাৰ ভূমিকা প্ৰাপ্ত কৰিছোঁ, সেয়েহে পঢ়াবই লাগে। তোমালোক সন্তানসকল থিয় হোৱাৰ
দৰকাৰ নাই। আত্মাই বহি শুনিব লাগে। তোমালোকৰ কথাই গোটেই জগতৰ পৰা অনন্য। সন্তানসকলক
ক’ব জানো যে তোমালোক থিয় হোৱা। নকয়, সেয়াতো ভক্তিমাৰ্গত কৰে, ইয়াত নহয়। পিতাইতো নিজে
উঠি নমস্কাৰ জনায়। স্কুলত যদি বিদ্যাৰ্থী পলমকৈ আহে তেতিয়া শিক্ষকে হয়তো বিধি অনুসৰি
শাস্তি দিব বা বাহিৰত থিয় কৰাই থ’ব সেইকাৰণে সময়ত গৈ উপস্থিত হ’ব নোৱাৰিব বুলি
ভীতিগ্ৰস্ত হৈ থাকে। ইয়াততো ভয়ৰ কথা নাই। পিতাই বুজাই থাকে - মুৰুলীও প্ৰাপ্ত হৈ
থাকে। সেয়া নিয়মিত ভাৱে পঢ়িব লাগে। মুৰুলী পঢ়া তেতিয়া তোমালোকৰ উপস্থিতিৰ দাগ পৰিব।
নহ’লেতো অনুপস্থিত হৈ যাব। কিয়নো পিতাই কয় তোমালোকক গূঢ় গূঢ় কথা শুনাওঁ। তোমালোকে
যদি মুৰুলী খতি কৰা তেন্তে সেই সাৰ কথাবোৰৰ পৰা বঞ্চিত হৈ যাবা। এইবোৰ হৈছে নতুন কথা
যিবোৰ জগতৰ কোনেও নাজানে। তোমালোকৰ চিত্ৰ দেখিয়েই তবধ লাগি যায়। কোনো শাস্ত্ৰতো নাই।
ভগৱানে চিত্ৰ তৈয়াৰ কৰিছিল। তোমালোকৰ এইখন নতুন চিত্ৰশালা। ব্ৰাহ্মণ কুলৰ যিসকল
দেৱতা হ’বলগীয়া হ’ব তেওঁলোকৰ বুদ্ধিতহে ধাৰণ হ’ব। ক’ব এয়াতো ঠিক কথা। কল্প পূৰ্বেও
আমি পঢ়িছিলোঁ, নিশ্চয় ভগৱানে পঢ়ায়।
ভক্তিমাৰ্গৰ শাস্ত্ৰত
প্ৰথম নম্বৰত ‘গীতা’ই আছে কিয়নো প্ৰথম ধৰ্মই হৈছে এইটো। আকৌ আধাকল্পৰ পাছত ইয়াৰো
বহুত পাছত অন্য শাস্ত্ৰ ৰচনা কৰে। প্ৰথমে ইব্ৰাহিম আহিল তেতিয়া অকলে আছিল। আকৌ এজনৰ
পৰা দুজন, দুজনৰ পৰা চাৰিজন হ’ল। যেতিয়া ধৰ্মৰ বৃদ্ধি হৈ হৈ এক-ডেৰ লাখ হৈ যায়
তেতিয়া শাস্ত্ৰ আদি ৰচনা কৰে। তাৰো আধা সময়ৰ পাছতহে ৰচনা কৰে, হিচাপ উলিওৱা হয় নহয়।
সন্তানসকলতো বহুত আনন্দিত হ’ব লাগে। পিতাৰ পৰা আমি উত্তৰাধিকাৰ লাভ কৰোঁ। তোমালোকে
জানা পিতাই আমাক গোটেই সৃষ্টি চক্ৰৰ জ্ঞান বুজায়। এয়া হৈছে বেহদৰ ইতিহাস-ভূগোল।
সকলোকে কোৱা ইয়াত বিশ্বৰ ইতিহাস-ভূগোল বুজোৱা হয় যিটো অন্য কোনেও শিকাব নোৱাৰে।
যদিওবা বিশ্বৰ মেপ অংকন কৰে কিন্তু তাত এইটো ক’ত দেখুৱায় যে লক্ষ্মী-নাৰায়ণৰ ৰাজ্য
কেতিয়া আছিল, কিমান সময় চলিল। বিশ্বতো এখনেই। ভাৰততহে ৰাজত্ব কৰি গ’ল, এতিয়া নাই।
এই কথাবোৰ কাৰো বুদ্ধিত নাই। তেওঁলোকেতো কল্পৰ আয়ুসেই দীঘলীয়া লাখ লাখ বছৰ বুলি কৈ
দিয়ে। তোমালোক অতি মৰমৰ সন্তানসকলক কোনো বেছি কষ্ট নিদিয়ে। পিতাই কয় - পাৱন হ’ব লাগে।
পাৱন হ’বৰ কাৰণে তোমালোকে ভক্তিমাৰ্গত কিমান হাবাথুৰি খোৱা। এতিয়া বুজি পোৱা
হাবাথুৰি খাওঁতে খাওঁতে 2500 বছৰ পাৰ হৈ গ’ল। এতিয়া আকৌ বাবা আহিছে পুনৰ
ৰাজ্য-ভাগ্য দিবলৈ। তোমালোকৰ এইটোৱেই স্মৃতিত আছে। পুৰণিৰ পৰা নতুন আৰু নতুনৰ পৰা
পুৰণি সৃষ্টি নিশ্চয় হয়। এতিয়া তোমালোক পুৰণি ভাৰতৰ মালিক হোৱা নহয়। আকৌ নতুন ভাৰতৰ
মালিক হ’বাগৈ। এফালে ভাৰতৰ বহুত মহিমা গাই থাকে, আনফালে আকৌ বহুত গ্লানি কৰি থাকে।
তাৰো গীত তোমালোকৰ ওচৰত আছে। তোমালোকে বুজোৱা - এতিয়া কি কি হৈ আছে। এই দুটি গীতো
শুনাব লাগে। তোমালোকে ক’ব পাৰা - ক’ত ৰামৰাজ্য, ক’ত এয়া!
পিতা হৈছে গৰিবৰ
ত্ৰাণকৰ্তা। গৰিবৰহে কন্যা পাবা। চহকীসকলৰতো নিজৰ নিচা থাকে। কল্প পূৰ্বে যিসকল
আহিছিল তেওঁলোকহে আহিব। চিন্তাৰ কোনো কথা নাই। শিৱবাবাৰ কেতিয়াও কোনো চিন্তা নহয়,
দাদাৰ (ব্ৰহ্মাৰ) হয়। এওঁৰ (ব্ৰহ্মাৰ) নিজৰো চিন্তা আছে, মই এক নম্বৰৰ পাৱন হ’ব লাগে।
এই ক্ষেত্ৰত হৈছে গুপ্ত পুৰুষাৰ্থ। খতিয়ান ৰাখিলে বুজিব পাৰি, এওঁৰ পুৰুষাৰ্থ বেছি।
পিতাই সদায় বুজাই থাকে দিনপঞ্জী ৰাখা। বহুত সন্তানে লিখেও, খতিয়ান ৰখাৰ কাৰণে বহুত
শুধৰণি হৈছে। এইটো যুক্তি বহুত ভাল সেয়েহে সকলোৱে কৰিব লাগে। দিনপঞ্জী ৰাখিলে
তোমালোকৰ বহুত লাভ হ’ব। দিনপঞ্জী ৰখা মানে পিতাক স্মৰণ কৰা। তাত পিতাক কিমান স্মৰণ
কৰিলা সেয়া লিখিব লাগে। দিনপঞ্জীও সহায়ক হ’ব, পুৰুষাৰ্থ হ’ব। দিনপঞ্জী কিমান লাখ,
কোটিৰ সংখ্যাত ছপা কৰে, টোকা আদি লিখি ৰাখিবৰ কাৰণে। সকলোতকৈ মুখ্য কথা হৈছে টুকি
ৰখাটো। এইটো কেতিয়াও পাহৰিব নালাগে। সেই সময়তে দিনপঞ্জীত লিখিব লাগে। ৰাতি
হিচাপ-নিকাচ লিখিব লাগে। তেতিয়া গম পাবা এয়াতো মোৰ লোকচান হৈ আছে কিয়নো
জন্ম-জন্মান্তৰৰ বিকৰ্ম ভস্ম কৰিব লাগে।
পিতাই ৰাস্তা দেখুৱায়
- নিজৰ ওপৰত দয়া বা কৃপা কৰিব লাগে। শিক্ষকেতো পঢ়ায়, আশীৰ্বাদতো নিদিব। আশীৰ্বাদ,
কৃপা, দয়া আদি বিচৰাতকৈ মৃত্যুয়েই ভাল। কাৰো পৰা পইচাও খুজিব নালাগে। সন্তানসকলক
কঠোৰভাৱে মানা কৰা আছে। পিতাই কয় - ড্ৰামা অনুসৰি যিসকলে কল্প পূৰ্বে বীজ সিঁচিছিল,
উত্তৰাধিকাৰ পাইছিল তেওঁলোকে নিজে কৰিব। তোমালোকে কোনো কামৰ কাৰণে নুখুজিবা। নকৰিলে
তেতিয়া নাপাব। মনুষ্যই দান-পুণ্য কৰে তেতিয়া তাৰ প্ৰতিদানত প্ৰাপ্ত কৰে নহয়। ৰজাৰ
ঘৰত বা চহকীৰ ঘৰত জন্ম লয়। যিসকলে কৰিবলগীয়া আছে তেওঁলোকে নিজেই কৰিব, তোমালোকে
খুজিব নালাগে। কল্প পূৰ্বে যিয়ে যিমান কৰিছিল ড্ৰামাই তেওঁলোকৰ দ্বাৰা কৰাব। খোজাৰ
কি দৰকাৰ। বাবাইতো কৈ থাকে ভঁৰাল ভৰপূৰ হৈ থাকে, সেৱাৰ কাৰণে। মই জানো সন্তানসকলক
কম যে পইচা দিয়া। ভক্তিমাৰ্গৰ কথা জ্ঞানমাৰ্গত নাথাকে। যিসকলে কল্প পূৰ্বে সহায়
কৰিছিল, তেওঁলোকে কৰি থাকিব, নিজেই কেতিয়াও খুজিব নালাগে। বাবাই কয় - সন্তানসকল
তোমালোকে চান্দা একত্ৰিত কৰিব নোৱাৰা। এয়াতো সন্ন্যাসীসকলে কৰে। ভক্তিমাৰ্গত অলপো
যদি দিয়ে, তাৰ প্ৰতিদানত এটা জন্মৰ বাবে পায়। এয়া আকৌ হৈছে জন্ম-জন্মান্তৰৰ বাবে।
গতিকে জন্ম-জন্মান্তৰৰ বাবে সকলোবোৰ দি দিয়াতো ভাল নহয় জানো। এওঁৰতো নাম
‘ভোলাভাণ্ডাৰী’। তোমালোকে পুৰুষাৰ্থ কৰা তেতিয়া বিজয় মালাত গঁথা যাব পাৰা, ভঁৰাল
ভৰপূৰ কাল কণ্টক দূৰ। তাত কেতিয়াও অকাল মৃত্যু নহয়। ইয়াত মনুষ্যই মৃত্যুলৈ কিমান ভয়
কৰে। অলপ কিবা হ'লে মৃত্যু স্মৃতিলৈ আহি যায়। তাত এইটো খেয়াল নাথাকে, তোমালোক
অমৰপুৰীলৈ গুচি যোৱা। এইখন ছিঃ ছিঃ মৃত্যুলোক। ভাৰতেই অমৰলোক আছিল, এতিয়া মৃত্যুলোক।
তোমালোকৰ আধাকল্প
বহুত ছিঃ ছিঃ ভাৱে অতিবাহিত হ'ল। অৱনমিত হৈ আহিছা। জগন্নাথ পুৰীত বহুত লেতেৰা চিত্ৰ
আছে। বাবাতো অনুভৱী হয় নহয়। তেওঁ চাৰিওফালে ঘূৰিছে। বগাৰ (পাৱনৰ) পৰা শ্যাম বৰণীয়া
(পতিত) হৈছে। গাঁৱৰ নিবাসী আছিল। বাস্তৱত এই গোটেই ভাৰতখন হৈছে গাঁও। তোমালোক হৈছা
গাঁৱৰ ল'ৰা। এতিয়া তোমালোকে বুজি পোৱা আমি বিশ্বৰ মালিক হ’মগৈ। এনেকৈ নুবুজিবা যে
আমিতো বোম্বাইৰ (এতিয়া মুম্বাই) নিবাসী হওঁ। বোম্বায়ো স্বৰ্গৰ তুলনাতনো কি হয়!
একোৱেই নহয়। এটা পাথৰৰ সমানো নহয়। আমি গাঁৱৰ ল'ৰা অনাথ হৈ গ’লোঁ এতিয়া পুনৰ আমি
স্বৰ্গৰ মালিক হ'বলৈ গৈ আছোঁ গতিকে আনন্দিত হৈ থাকিব লাগে। নামেই হ'ল স্বৰ্গ। কিমান
হীৰা-মুকুতা মহলবোৰত লাগি থাকে। সোমনাথ মন্দিৰো কিমান হীৰা-মুকুতাৰে ভৰপূৰ আছিল।
পোন-প্ৰথমে শিৱৰ মন্দিৰেই নিৰ্মাণ কৰে। কিমান চহকী আছিল। এতিয়াতো ভাৰত গাঁও হয়।
সত্যযুগত বহুত সম্পদশালী আছিল। এই কথাবোৰ জগতত তোমালোকৰ বাহিৰে কোনেও নাজানে।
তোমালোকে ক'বা কালি আমি ৰজা আছিলোঁ, আজি ভিকহু হ'লোঁ। পুনৰ বিশ্বৰ মালিক হওঁ।
তোমালোক সন্তানসকল নিজৰ ভাগ্যৰ ওপৰত কৃতজ্ঞ হ’ব লাগে। মই পদ্মাপদম ভাগ্যশালী হওঁ।
ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিকৰ্মৰ
পৰা ৰক্ষা পাবলৈ এই শৰীৰত থাকিও অশৰীৰী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিৰ যাত্ৰা
এনেকুৱা হ'ব লাগে যাতে শৰীৰৰ বিস্মৃতি হৈ গৈ থাকে।
(2) জ্ঞান মন্থন কৰি
আস্তিক হ'ব লাগে। মুৰুলী কেতিয়াও খতি কৰিব নালাগে। নিজৰ উন্নতিৰ বাবে দিনপঞ্জীত
স্মৃতিত থকাৰ খতিয়ান টুকি ৰাখিব লাগে।
বৰদান:
আত্মিক শক্তি
প্ৰতিটো কৰ্মত ব্যৱহাৰ কৰোঁতা যুক্তিযুক্ত জীৱনমুক্ত হোৱা
এই ব্ৰাহ্মণ জীৱনৰ
বিশেষত্ব হৈছেই আত্মিকতা। আত্মিকতাৰ শক্তিৰেহে নিজক বা সকলোকে পৰিৱৰ্তন কৰিব পাৰা।
এই শক্তিৰে অনেক প্ৰকাৰৰ পাৰ্থিৱ বন্ধনৰ পৰা মুক্তি পোৱা যায়। কিন্তু যুক্তিযুক্ত
হৈ প্ৰতিটো কৰ্মত ঢিলা হোৱাৰ সলনি আত্মিক শক্তি ব্যৱহাৰ কৰা। মন-বাণী আৰু কৰ্ম
তিনিওটাতে একেলগে আত্মিকতাৰ শক্তিৰ অনুভৱ হওঁক। যিসকল তিনিওটাতে যুক্তিযুক্ত হয়
তেওঁলোকেই জীৱনমুক্ত।
স্লোগান:
সত্যতাৰ বিশেষত্বৰে আনন্দ আৰু শক্তিৰ অনুভূতি কৰি গৈ থাকা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যিয়েই পৰিস্থিতি আহি
আছে আৰু আহিবলগীয়া আছে, তাত বিদেহী স্থিতিৰ অভ্যাস বহুত লাগে। সেই কাৰণে অন্য সকলো
কথা এৰি এয়াতো নহ’ব, এয়াতো নহ’ব... কি হ’ব... এই প্ৰশ্ন এৰি দিয়া, এতিয়া বিদেহী
স্থিতিৰ অভ্যাস বঢ়োৱা। বিদেহী সন্তানসকলক কোনো পৰিস্থিতি বা কোনো অস্থিৰতাই
প্ৰভাৱিত কৰিব নোৱাৰে।