12.11.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোক সংগমযুগত আছা, তোমালোকৰ এই পুৰণি কলিযুগী সৃষ্টিৰ কোনো ধৰণৰ খেয়াল আহিব নালাগে”

প্ৰশ্ন:
পিতাই সন্তানসকলক শ্ৰেষ্ঠ কৰ্ম কৰিবৰ কাৰণে বা কৰ্মসমূহক শুধৰাবৰ কাৰণে কোনটো বিধি শুনাইছে?

উত্তৰ:
নিজৰ কৰ্মসমূহক শুধৰাবৰ কাৰণে সঁচা পিতাৰ লগত সদায় সততাৰে চলিবা, যদি কেতিয়াবা ভুলতো কিবা ওলোটা কৰ্ম হৈ যায় তেন্তে সেয়া বাবালৈ ততালিকে লিখি পঠিওৱা। সততাৰে বাবাক শুনালে তেতিয়া তাৰ প্ৰভাৱ কম হৈ যাব। নহ'লে বৃদ্ধি হৈ গৈ থাকিব। বাবাৰ ওচৰত বাতৰি আহিলে তেতিয়া বাবাই সেয়া শুধৰাবলৈ শ্ৰীমত দিব।

ওঁম্শান্তি।
শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক সুধিছে যে সন্তানসকল, তোমালোকে ইয়াত পুৱাৰ পৰা বহি কি কৰি আছা? তোমালোক বিদ্যাৰ্থীতো হোৱাই। তেন্তে নিশ্চয় ইয়াত বহি এইটো খেয়াল কৰা চাগৈ যে আমাক শিৱবাবাই পঢ়াবলৈ আহিছে। এই পঢ়াৰ দ্বাৰা আমি সূৰ্যবংশী হ'ম কিয়নো তোমালোকে ৰাজযোগ শিকি আছা। বিষ্ণপুৰীৰ মালিক হ'বৰ কাৰণে, এইটো খেয়ালত বহি আছা নে কাৰোবাৰ দায়িত্ব, সন্তান-সন্ততি, পেছাগত কাম-কাজ আদি স্মৃতিলৈ আহে? বুদ্ধিত এইটো থাকিব লাগে যে এইখন হৈছে গীতা পাঠশালা, আমাক ভগৱানে পঢ়ায় আৰু আমি লক্ষ্মী-নাৰায়ণ অথবা তেওঁলোকৰ কুটুম্বৰ সদস্য হ'মগৈ। এয়া হৈছে ৰাজযোগ। সন্তানসকলৰ বুদ্ধিত থাকিব লাগে যে আমি বাবাৰ পৰা পোনপটীয়াকৈ শুনি সূৰ্যবংশী কুলৰ সদস্য হ’মগৈ। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সন্মুখত আছে, আমাৰ ৰাজ্য হ'ব। জগতৰ লোকে গম নাপায় যে স্বৰ্গ বুলি কাক কোৱা হয়। তোমালোক সন্তানসকলে কোৱা যে আমি এতিয়া বাবাৰ পৰা স্বৰ্গৰ স্বৰাজ্য বিদ্যা শিকি আছোঁ। আমিয়েই স্বৰ্গৰ মালিক হ'মগৈ। এইটো ভিতৰি সোঁৱৰি থাকিব লাগে। যেনেকৈ স্কুলত বিদ্যাৰ্থীসকলৰ বুদ্ধিত থাকে যে আমি বেৰিষ্টাৰ- ইঞ্জিনিয়াৰ আদি হ'বৰ কাৰণে পঢ়ি আছোঁ। তোমালোকৰ ইমানখিনিও স্মৃতিত থাকে নে পাহৰি যোৱা? তোমালোক উচ্চতকৈও উচ্চ ভগৱানৰ বিদ্যাৰ্থী হোৱা। তোমালোকক উচ্চতকৈও উচ্চ দেৱতা কৰি তুলিবলৈ পিতাই পঢ়াই আছে, তোমালোক তেওঁৰ সন্তান। আত্মাসকলে এই শৰীৰৰ দ্বাৰা নিজৰ ভৱিষ্যত পদমৰ্যাদাক স্মৰণ কৰি আছে বা শৰীৰৰ সম্বন্ধীয়, পাৰ্থিৱ সম্পত্তি, পেছাগত কাম-কাজক স্মৰণ কৰে? ইয়ালৈ যেতিয়া আহা তেন্তে এইটো বুজিব লাগে যে আমাক বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাই পঢ়াবলৈ আহে - বেহদৰ মালিক কৰি তুলিবলৈ। ৰজা-ৰাণী হোৱা বা প্ৰজা সেয়া তোমালোকৰ ওপৰত! মালিকতো হোৱা নহয় জানো। নতুন সৃষ্টিত হয়েই সূৰ্যবংশী কুল। এইটোতো বুজি পোৱা নহয় যে আমি নিজৰ ৰাজ্যত ৰাজত্ব কৰিম।

বাবাই জানে যে সন্তানসকলে বাহিৰত থাকোঁতে, ঘৰ-সংসাৰত, খেতি-পথাৰত কাম কৰি থাকোঁতে ইমান বাবাৰ স্মৃতিত থাকিব নোৱাৰে। গতিকে ইয়ালৈ যেতিয়া আহা তেতিয়া সকলোবোৰ খেয়াল এৰি থৈ আহিবা। তোমালোক এতিয়া সেই কলিযুগী জগতত নায়েই, এতিয়া তোমালোক সংগমত আছা। কলিযুগক এৰি দিলা, বাহিৰত কলিযুগ। মধুবন যি বিশেষ হয়, এয়া হৈছে সংগম সেয়েহে মধুবনৰ গায়ন আছে। ইয়াত এই মুৰুলীয়েই স্মৰণ কৰিব লাগে। যি শুনা সেয়া পুনৰাবৃত্তি কৰা আৰু বিচাৰ সাগৰ মন্থন কৰা। যিমান সময় পোৱা চিত্ৰৰ সন্মুখত আহি বহি যোৱা। এওঁলোকক চাই আৰু পঢ়ি থাকা। ব্ৰাহ্মণীসকল যিসকলে লৈ আহে তেওঁলোকৰ ওপৰত বহুত দায়িত্ব আছে। বহুত চিন্তা থাকিব লাগে। যেনেকৈ শিক্ষকসকলৰ চিন্তা থাকে - আমাৰ স্কুলৰ পৰা যদি কমকৈ উত্তীৰ্ণ হয় তেন্তে সন্মান হানি হ'ব। যেতিয়া স্কুলৰ পৰা বহুত উত্তীৰ্ণ হয় তেতিয়া সেইগৰাকী শিক্ষকক ভাল বুলি মান্যতা দিয়া হয়। ব্ৰাহ্মণীসকলে বিদ্যাৰ্থীসকলৰ প্ৰতি ধ্যান দিব লাগে। ইয়াত তোমালোক যেন সংগমত আহিছা, য'ত পোনপটীয়াকৈ বাবাই শুনায়। ইয়াৰ প্ৰভাৱ বহুত ভাল। যদি ইয়াত ঘৰ-সংসাৰ, পেছাগত কাম-কাজ স্মৃতিলৈ আহে তেন্তে বাবাই বুজিব এওঁ সাধাৰণ প্ৰজা হ'বগৈ। আহিছিল ৰজা হ'বলৈ কিন্তু... নহ'লেতো সন্তানসকল ভিতৰি বহুত আনন্দিত হ'ব লাগে। চিত্ৰসমূহেও তোমালোকক বহুত সহায় কৰে। মানুহে অষ্ট দেৱতাৰ আৰু গুৰুসকলৰ চিত্ৰ ঘৰত ৰাখে, স্মৃতিৰ কাৰণে। কিন্তু তেওঁলোকক স্মৰণ কৰিলে একোৱেই প্ৰাপ্তি নহয়। ভক্তি মাৰ্গত যি কিছু কৰে, তললৈয়ে নামি আহিছে। তোমালোক সন্তানসকলে উচ্চলৈ যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ঘৰত শিৱবাবাৰ চিত্ৰ ৰাখি থোৱা তেতিয়া বাৰে বাৰে স্মৃতিলৈ আহিব। প্ৰথমে তোমালোকে হনুমানক, কৃষ্ণক, ৰামক স্মৰণ কৰিছিলা। এতিয়া শিৱবাবাই সন্মুখত কয় যে মোক স্মৰণ কৰা। ত্ৰিমূৰ্তিৰ চিত্ৰখন বহুত ভাল, এইখন চিত্ৰ সদায় পকেটত ৰাখি দিয়া। বাৰে বাৰে চাই থাকা তেতিয়া স্মৃতি থাকিব। বাবা (ব্ৰহ্মা) ভক্ত আছিল গতিকে লক্ষ্মী-নাৰায়ণৰ চিত্ৰ পকেটত ৰাখিছিল। গাদীৰ তলত লগত ৰাখিছিল, তাৰ পৰা প্ৰাপ্তি একো নহ'ল। এতিয়া বাবাৰ পৰা বহুত প্ৰাপ্তি হৈ আছে, তেওঁকেই স্মৰণ কৰিব লাগে, ইয়াত মায়াই বিৰুদ্ধাচৰণ কৰে। জ্ঞানতো হওতে বহুত শুনে শুনায়, এই ক্ষেত্ৰত চোকা হয়, এনেকৈ নকয় যে 84ৰ চক্ৰ পাহৰি যায়। এনেকুৱাও নহয় যে ইয়াত থকাসকলে বেছিকৈ স্মৰণ কৰে। নহয়, ইয়াত থাকিও বহুত আছে যিয়ে ধূলি-ছাঁইক (অদৰকাৰী কথা) স্মৰণ কৰি থাকে। যিজন পিতাৰ দ্বাৰা আমি বগা (পৱিত্ৰ; সুন্দৰ) হ'বলৈ আহিছোঁ তেওঁক নাজানেই। মায়াৰ প্ৰচ্ছায়া বহুত পৰি যায়। মূল কথা হৈছে স্মৃতিৰ। বাবাই জানে বহুত ভাল ভাল সন্তানো স্মৃতিত নাথাকে। যোগযুক্ত হৈ থাকিলেহে দেহ-অভিমান কম হ'ব, বহুত অমায়িক হৈ থাকিবা। দেহ-অভিমান থাকিলে অমায়িক নহয়, বিতুষ্ট হৈ থাকে। বাবাই সকলোৰে কাৰণে নকয়। কোনোবা সুসন্তানো আছে, সুসন্তান বুলি তেওঁলোকক বুজা যায় যিসকল যোগযুক্ত হৈ থাকে। তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ ওলট-পালট কাম নহ'ব। মিত্ৰ-সম্বন্ধীয় আদি সকলোকে পাহৰি যাব। আমি নগ্ন (অশৰীৰী) হৈ আহিছিলোঁ, এতিয়া অশৰীৰী হৈ ঘৰলৈ যাব লাগে। এতিয়া তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা যাৰ দ্বাৰা তোমালোকে নিজৰ ঘৰৰ বিষয়ে জানা, ৰাজধানীৰ বিষয়েও জানা। এইটোও তোমালোক সন্তানসকলে জানা যে শিৱবাবা কোনো ক'লা লিংগ নহয়। যেনেকৈ তেওঁলোকে দেখুৱায়, তেওঁতো বিন্দু সদৃশ হয়। এইটোও আমি জানোঁ। এতিয়া আমি ঘৰলৈ যাম, তাত আমি অশৰীৰী হৈ থাকোঁ। এতিয়া আমি অশৰীৰী হ'ব লাগে। নিজক আত্মা বুলি বুজি পতিত-পাৱন পিতাক স্মৰণ কৰিব লাগে। এইটোতো বুজোৱা হয় যে আত্মা অবিনাশী। আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে, তাৰ অন্ত নহয়। অলপ সময় মুক্তিধামলৈ গৈ পুনৰ ভূমিকা পালন কৰিবলৈ আহিব লাগে। তোমালোকে আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰা, এইটো সদায় স্মৃতিত ৰাখিব লাগে। এতিয়া আমি ঘৰলৈ যাব লাগে। বাবাক স্মৰণ কৰিলে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাম। ইয়াত পেছাগত কাম-কাজক স্মৰণ কৰিব নালাগে। ইয়াত তোমালোক সম্পূৰ্ণৰূপে সংগমযুগত আছা। এতিয়া তোমালোক নাওত বহি আছা। কোনোবা মাজতে নামি গ’লে আকৌ আৱদ্ধ হৈ মৰে। ইয়াৰ ওপৰতো শাস্ত্ৰত এটা কাহিনী আছে। এতিয়া তোমালোকে জানা যে সিপাৰলৈ গৈ আছোঁ, নাৱৰীয়া হৈছে শিৱবাবা। কৃষ্ণক নাৱৰীয়া বা বাগিচাৰ মালিক বুলি কোৱা নহয়। শিৱ ভগৱানুবাচ। পতিত-পাৱন হৈছে শিৱবাবা। কৃষ্ণৰ ফালে বুদ্ধি যাব নোৱাৰে। মনুষ্যৰ বুদ্ধিতো দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে, বাবা আহি দিগভ্ৰান্ত হোৱাৰ পৰা মুক্ত কৰে। কেৱল কয় - নিজক আত্মা বুলি বুজি বাবাক স্মৰণ কৰা তেতিয়াহে তোমালোক স্বৰ্গৰ মালিক হ'বা। এই কথাবোৰ পাহৰিব নালাগে। ইয়াৰ পৰা তোমালোক বহুত সজীৱ হৈ যোৱা। অনুভৱো শুনোৱা, বাবা, আমি আকৌ যেনেকুৱা আছিলোঁ তেনেকুৱাই হৈ যাওঁ। মিত্ৰ সম্বন্ধীয়সকলৰ মুখ দেখা পাওঁ, প্ৰলোভিত হৈ যাওঁ। তোমালোক সন্তানসকল হৈছা প্ৰেমিকা, কাম-কাজ কৰিও প্ৰেমিকক স্মৰণ কৰা তেতিয়া উচ্চ পদ পাবা। যদি এতিয়া পুৰুষাৰ্থ নকৰা তেন্তে একক মুকুটো নাপাবা। ইয়ালৈ সন্তানসকল যেতিয়া আহে সময় নষ্ট কৰিব নালাগে। আৰুতো ইয়াত একো নাই। কেৱল দেলবাড়া মন্দিৰ তোমালোকৰ স্মাৰক হয়, সেইটো তোমালোকে চাব পাৰা। ওপৰত বৈকুণ্ঠ আছে। বৃক্ষজোপাও তোমালোকৰ স্পষ্ট হৈ আছে। তলত ৰাজযোগত বহি আছা, ওপৰত বাদশ্বাহী আছে। হুবহু যেন দেলৱাড়া মন্দিৰ সাজি থোৱা আছে। তোমালোকে জানা শিৱবাবাই আমাক পুনৰ জ্ঞান দি স্বৰ্গৰ মালিক কৰি আছে। এই কলিযুগৰ বিনাশ হ'ব। এই আদি দেৱ, আদি নাথ কোন হয়। তোমালোকে সকলোৰে বৃত্তিৰ (কৰ্তব্যৰ) বিষয়ে জানা নহয় জানো। এই সময়ৰ চৰ্চা আকৌ ভক্তি মাৰ্গত চলে। উৎসৱ, ব্ৰত সকলো এই সময়ৰ। সঁচা ব্ৰত হৈছে মনমনাভৱ। বাকী নিৰ্জলা হৈ থকা, খাদ্য গ্ৰহণ নকৰা, এয়া কোনো ব্ৰত নহয়। জগতত এই সময়ত মায়াৰ পাম্প (বাহ্যিক জাকজমকতা) বহুত আছে। প্ৰথমে এই বিজুলী, গেছ আদি নাছিল পাছত ওলাইছে। 100 বছৰ হৈছে, ইয়াত মনুষ্য আৱদ্ধ হৈ মৰিছে। এনেকৈ কয় যে আমাৰ কাৰণে স্বৰ্গ ইয়াতেই। মায়াৰ ইমান শক্তি আছে যে পিতাক একেবাৰেই স্মৰণ নকৰে, কয় আপোনালোকে আহি চাওঁক - আমি কেনেকৈ স্বৰ্গত বহি আছোঁ। এতিয়া স্বৰ্গৰ তুলনাততো এয়া একোৱেই নহয়। ক'ত স্বৰ্গ, ক'ত নৰক। স্বৰ্গৰ এটাও বস্তু ইয়াত থাকিব নোৱাৰে। তাত প্ৰতিটো বস্তু সতোপ্ৰধান হ'ব। গাই গৰুও অতি উত্তম হ'ব। তোমালোকো অতি উত্তম হোৱা গতিকে তোমালোকৰ আচবাব, খোৱা-বোৱা আদি সকলোবোৰ অতি উত্তম হয়। সূক্ষ্মলোকত ফল আদি দেখি আহা নহয়। নামেই ৰাখে সোমৰস। জগতৰ লোকসকলে এইটোও গম নাপায় যে স্বৰ্গ ক'ত আছে? তাত সকলোবোৰ সতোপ্ৰধান হয়। এই ধূলি-মাকতি আদি তাত নপৰে। দুখৰ কোনো কথাই নাই। কিন্তু সন্তানসকলৰ এইটো নিচা এতিয়াও লগা নাই যে বাবাই আমাক স্বৰ্গৰ মালিক কৰি তুলিবলৈ এই পঢ়া পঢ়াই আছে। চিত্ৰসমূহ কিমান স্পষ্ট। চিত্ৰ তৈয়াৰ কৰোঁতে সময়তো লাগে। বাবাই সকলোবোৰ সেৱাৰ অৰ্থে তৈয়াৰ কৰোৱাই থাকে। কিন্তু কিছুমানতো নিজৰ পেছাগত কাম-কাজত ইমান আৱদ্ধ হৈ আছে যে বাবাক স্মৰণো নকৰে। প্ৰদৰ্শনীৰ চিত্ৰৰ আলোচনীও আছে, সেয়াও পঢ়িব লাগে। যিসকল নিয়মীয়া গীতাৰ পাঠক, তেওঁলোক য'লৈকে নাযাওক গীতা নিশ্চয় পঢ়িব। এতিয়া তোমালোকে সঁচা গীতা চিত্ৰ সহিত পাইছা। এতিয়া ভালদৰে পৰিশ্ৰম কৰিব লাগে। নহ'লে উচ্চ পদ পাব নোৱাৰিবা। পাছত যেতিয়া সাক্ষাৎকাৰ হ'ব তেতিয়া হায় হায় কৰিবলগীয়া হ'ব। পৰীক্ষা সমাপ্ত হ'ল আৰু পৰৱৰ্তী শ্ৰেণীত ক্ৰম অনুসৰি বহি যায়। ইয়াতো যেতিয়া সাক্ষাৎকাৰ হৈ যাব তেতিয়া ক্ৰম অনুসৰি ৰুদ্ৰ মালা পাছত বিজয় মালাত আহি যাব। স্কুলত কোনোবা বিদ্যাৰ্থী অনুত্তীৰ্ণ হ’লে তেতিয়া কিমান দুখী হৈ যায়। তোমালোকৰ হৈছে কল্প-কল্পান্তৰৰ বাজী।

বহু সন্তানে সম্পূৰ্ণ আলোচনী নপঢ়ে। সন্তানসকলে আলোচনী পঢ়ি সেৱা কৰিব লাগে। এনেকৈ লিখে যে বাবা অমুকক বদলি কৰি দিয়ক। ভাল ব্ৰাহ্মণী পঠিয়াই দিয়ক। কোনো কোনোৰ ব্ৰাহ্মণীৰ লগত ইমান স্নেহ গঢ়ি উঠে যে ব্ৰাহ্মণী বদলি হ'লে অৱনমিত হৈ যায় (বাগৰি পৰে)। সেৱাকেন্দ্ৰলৈ আহিবলৈকে এৰি দিয়ে। কিবা ওলোটা কাম হৈ গ’লে তেতিয়া ততালিকে সততাৰে বাবালৈ লিখিব লাগে তেতিয়া পাপৰ প্ৰভাৱ কম হৈ যাব। নহ'লেতো বৃদ্ধি হৈ গৈ থাকিব। বাবাই শুধৰাবলৈ কয় কিন্তু কোনোবা যদি শুধৰণি হ'বলগীয়া নাই তেন্তে পাপ কৰ্ম কৰিবলৈ নেৰেই। ভাগ্যত নাই সেয়েহে বাবাক সঁচা বাতৰি নিদিয়ে। বাবাৰ ওচৰত খতিয়ান আহিলে শুধৰাবৰ কাৰণে চেষ্টা কৰিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) অশৰীৰী হোৱাৰ পূৰা পূৰা অভ্যাস কৰিব লাগে। কোনো ধৰণৰ ওলোট-পালট কথা ক’ব নালাগে। বহুত অমায়িক হ'ব লাগে। কোনো কথাত বিতুষ্ট হ'ব নালাগে।

(2) মুৰুলী স্মৰণ কৰিব লাগে। যি শুনা তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। ‘মনমনাভৱ’ৰ ব্ৰত ৰাখিব লাগে।

বৰদান:
সদায় দেহ-অভিমান তথা দেহৰ দুৰ্গন্ধৰ পৰা দূৰৈত থাকোঁতা ইন্দ্ৰপ্ৰস্থ নিবাসী হোৱা

কোৱা হয় ইন্দ্ৰপ্ৰস্থত পৰীসকলৰ বাহিৰে অন্য কোনো মনুষ্য নিবাস কৰিব নোৱাৰে। মনুষ্য অৰ্থাৎ যিয়ে নিজক আত্মা বুলি নুবুজি দেহ বুলি ভাবে। সেয়ে দেহ-অভিমান আৰু দেহৰ পুৰণা জগত, পুৰণা সম্বন্ধৰ পৰা সদায় ওপৰত উৰি থাকা। অলপো মনুষ্যবোধৰ দুৰ্গন্ধ যাতে নাথাকে। দেহী-অভিমানী স্থিতিত থাকা, জ্ঞান আৰু যোগৰ ডেউকা শক্তিশালী হওঁক - তেতিয়া ইন্দ্ৰপ্ৰস্থ নিবাসী বুলি কোৱা হ’ব।

স্লোগান:
নিজৰ তন, মন, ধন সফল কৰোঁতা তথা সৰ্ব সম্পদ বৃদ্ধি কৰোঁতাসকলেই বুদ্ধিমান।


অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

সম্পূৰ্ণতা ক্ৰমানুসৰি হ’ব। মালাৰ 108টা মণি আছে, তাৰ ভিতৰত এক নম্বৰ মণি আৰু এশ আঠ নম্বৰ মণি দুয়োটাকে সম্পূৰ্ণ বা বিজয়ী ৰত্ন বুলিতো ক’বই। বিজয়ী ৰত্ন অৰ্থাৎ নিজৰ নম্বৰ অনুসৰি সম্পূৰ্ণতা প্ৰাপ্ত হ’ল, তেওঁলোকৰ বাবে গোটেই ড্ৰামাৰ ভিতৰত সেয়াই সম্পূৰ্ণতাৰ প্ৰথম অৱস্থা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]