12.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই এয়া যি পাঠ পঢ়ায়, ইয়াত সীমাহীন উপাৰ্জন হয়, সেয়েহে পাঠ ভালকৈ পঢ়ি থাকা, সংযোগ যাতে কেতিয়াও বিচ্ছিন্ন নহয়"

প্ৰশ্ন:
যিসকল বিনাশৰ সময়ত অপ্ৰীতিকৰ বুদ্ধিৰ হয়, তেওঁলোকৰ তোমালোকৰ কোনটো কথাত হাঁহি উঠে?

উত্তৰ:
তোমালোকে যেতিয়া কোৱা যে এতিয়া বিনাশৰ সময় সমীপত, তেতিয়া তেওঁলোকৰ হাঁহি উঠে। তোমালোকে জানা যে পিতাতো ইয়াত বহি নাথাকিব, পিতাৰ কৰ্তব্য হৈছে পাৱন কৰি তোলা। যেতিয়া পাৱন হৈ যাবা তেতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব, নতুন সৃষ্টি আহিব। এই যুদ্ধ হয়েই বিনাশৰ কাৰণে। তোমালোক দেৱতা হোৱা গতিকে এই কলিযুগী ছিঃ ছিঃ সৃষ্টিলৈ আহিব নোৱাৰা।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। সন্তানসকলে বুজি পায় যে আমি বহুত অবোধ হৈ গৈছিলোঁ। মায়া ৰাৱণে অবোধ কৰি দিছিল। এইটোও সন্তানসকলে বুজি পায় যে পিতা নিশ্চয় আহিবই লাগে, যিহেতু নতুন সৃষ্টি স্থাপনা হ’ব। ত্ৰিমূৰ্তিৰ চিত্ৰও আছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালন, শংকৰৰ দ্বাৰা বিনাশ কিয়নো কৰণকৰাৱনহাৰতো পিতাই হয়। এজনেই আছে যিয়ে কৰে আৰু কৰায়। প্ৰথমে কাৰ নাম আহিব? যিজনে কৰে তাৰপাছত যাৰ দ্বাৰা কৰায়। কৰণকৰাৱনহাৰ বুলি কয় নহয়। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰায়। এইটোও সন্তানসকলে জানে আমাৰ যিখন নতুন সৃষ্টি আছে, যিখন আমি স্থাপনা কৰি আছোঁ, সেইখনৰ নামেই হৈছে দেৱী-দেৱতাসকলৰ সৃষ্টি। সত্যযুগতে দেৱী-দেৱতা থাকে। আন কাকোৱে দেৱী-দেৱতা বুলি কোৱা নহয়। তাত মনুষ্য নাথাকে। এটাই দেৱী-দেৱতা ধর্ম থাকে, অন্য কোনো ধৰ্ম নাথাকে। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে যে যথাযথ আমি দেৱী-দেৱতা আছিলোঁ, তাৰ চিহ্নও আছে। ইছলাম, বৌদ্ধি, খ্ৰীষ্টিয়ান আদি সকলোৰে নিজৰ নিজৰ চিহ্ন আছে। আমাৰ যেতিয়া ৰাজ্য আছিল তেতিয়া আন কোনো নাছিল। এতিয়া আকৌ সকলো ধৰ্ম আছে, আমাৰ দেৱতা ধৰ্ম নাই। ‘গীতা’ত বহুত ভাল ভাল শব্দ আছে কিন্তু কোনেও বুজিব নোৱাৰে। পিতাই কয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি আৰু বিনাশ কালত প্ৰীতি বুদ্ধি। বিনাশতো এই সময়তে হ’ব। পিতা আহেও সংগমযুগত, যেতিয়া পৰিৱৰ্তনৰ সময় হয়। পিতাই তোমালোক সন্তানসকলক তাৰ পৰিৱৰ্তে সকলো নতুন দি দিয়ে। তেওঁ সোণাৰীও হয়, ধোবাও হয়, ডাঙৰ বেপাৰীও হয়। কোনোবা বিৰজনেহে পিতাৰ সৈতে বেপাৰ কৰে। এই বেপাৰততো বহুত লাভ হয়। পঢ়াৰ পৰা বহুত লাভ হয়। মহিমাও কৰা হয় যে পঢ়া হৈছে উপাৰ্জন, সেয়াও জন্ম-জন্মান্তৰৰ কাৰণে উপাৰ্জন। সেয়েহে এনেকুৱা পঢ়া বহুত ভালকৈ পঢ়িব নালাগে জানো আৰু বহুত সহজকৈয়ে পঢ়াওঁ। মাত্ৰ এসপ্তাহ বুজি তাৰপাছত য’লৈকে নোযোৱা, তোমালোকৰ ওচৰত পাঠ আহি থাকিব অৰ্থাৎ মুৰুলী পাই থাকিবা তেতিয়া কেতিয়াও সংযোগ বিচ্ছিন্ন নহ’ব। এয়া হৈছে আত্মাসকলৰ পৰমাত্মাৰ লগত সংযোগ। ‘গীতা’তো এই কথাষাৰ আছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ, প্ৰীতি বুদ্ধিৰ বিজয়। তোমালোকে জানা এই সময়ত মনুষ্যই ইজনে-সিজনক কাটি-মাৰি থাকে। তেওঁলোকৰ দৰে ক্ৰোধ বা বিকাৰ আন কাৰো নাই। এইটোও গায়ন আছে যে দ্ৰৌপদীয়ে কাতৰে মিনতি কৰিলে। বাবাই বুজাইছে তোমালোক সকলো দ্ৰৌপদী। ভগৱানুবাচ, পিতাই কয় - সন্তানসকল, এতিয়া বিকাৰগ্ৰস্ত নহ’বা। মই তোমালোকক স্বৰ্গলৈ লৈ যাওঁ, তোমালোকে কেৱল মোক; পিতাক স্মৰণ কৰা। এতিয়া বিনাশৰ সময় নহয় জানো, কাৰো কথা নুশুনে, যুদ্ধ কৰিয়ে থাকে। তেওঁলোকক কিমান বুজোৱা হয় শান্তিৰে থাকা, কিন্তু শান্ত হৈ নাথাকে। নিজৰ সন্তান আদিক এৰি যুদ্ধক্ষেত্ৰলৈ যায়। কিমান মনুষ্য মৰিয়েই থাকে। মনুষ্যৰ কোনো মূল্য নাই। যদি মূল্য আছে, মহিমা আছে সেয়া এই দেৱী-দেৱতাসকলৰ। এতিয়া তোমালোকে এনেকুৱা হ’বলৈ পুৰুষাৰ্থ কৰি আছা। তোমালোকৰ মহিমা বাস্তৱত এই দেৱতাসকলতকৈও অধিক। তোমালোকক এতিয়া পিতাই পঢ়াই আছে। এয়া কিমান উচ্চ পঢ়া। পঢ়োঁতাসকল বহুত জন্মৰ অন্তত এতিয়া একেবাৰে তমোপ্ৰধান হৈ গৈছে। মইতো সৰ্বদা সতোপ্ৰধানেই হওঁ।

পিতাই কয় - মই তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক হৈ আহিছোঁ। বিচাৰ কৰাচোন তোমালোক কিমান ছিঃ ছিঃ হৈ গৈছা। পিতাইহে আমাক বাঃ বাঃ কৰি তোলে। ভগৱানে বহি মনুষ্যক পঢ়াই কিমান উচ্চ কৰি তোলে। পিতাই নিজে কয় - মই বহুত জন্মৰ অন্তত তোমালোক সকলোকে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তুলিবলৈ আহিছোঁ। এতিয়া তোমালোকক পঢ়াই আছোঁ। পিতাই কয় - মই তোমালোকক স্বৰ্গবাসী কৰি তুলিলোঁ আকৌ তোমালোক নৰকবাসী কেনেকৈ হ'লা, কোনে নৰকবাসী কৰি তুলিলে? গায়নো আছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ। প্ৰীতি বুদ্ধিৰ বিজয়। আকৌ যিমানে প্ৰীতি বুদ্ধিৰ হৈ থাকিবা অৰ্থাৎ বহুত স্মৰণ কৰিবা, সিমানে তোমালোকৰে লাভ। এইখন যুদ্ধক্ষেত্ৰ নহয় জানো। কোনেও এইটো নাজানে যে ‘গীতা’ত কেনেকুৱা যুদ্ধৰ কথা কোৱা হৈছে। তেওঁলোকেতো আকৌ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ দেখুৱাই দিছে। কৌৰৱ সম্প্ৰদায়, পাণ্ডৱ সম্প্ৰদায়ো আছে কিন্তু যুদ্ধতো একো নাই। পাণ্ডৱ তেওঁলোকক কোৱা হয় যিয়ে পিতাক চিনি পায়। পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে। কৌৰৱ তেওঁলোকক কোৱা হয় যিসকল পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ। কথাবোৰতো বহুত ভাল বুজিবলগীয়া।

এতিয়া হৈছে সংগমযুগ। তোমালোক সন্তানসকলে জানা যে নতুন সৃষ্টি স্থাপনা হৈ আছে। বুদ্ধিৰে বুজিব লাগে। এতিয়া সৃষ্টিখন কিমান বিশাল। সত্যযুগত কিমান কমসংখ্যক মনুষ্য থাকিব। তেনেই সৰু বৃক্ষ হ’ব নহয়। সেই বৃক্ষ আকৌ ডাঙৰ হৈ যায়। মনুষ্য সৃষ্টিৰূপী এই ওলোটা বৃক্ষ কেনেকুৱা, এয়াও কোনেও নুবুজে। ইয়াক কল্পবৃক্ষ বুলি কোৱা হয়। বৃক্ষৰ জ্ঞানো থাকিব লাগে নহয়? অন্য বৃক্ষৰ জ্ঞানতো বহুত সহজ, তৎক্ষণাৎ শুনাই দিব। এই বৃক্ষজোপাৰ জ্ঞানো বহুত সহজ কিন্তু এয়া হৈছে মানৱ বৃক্ষ। মনুষ্যই নিজৰ বৃক্ষৰ কথা গমেই নাপায়। এনেকৈ কয়ো যে ভগৱান হৈছে স্ৰষ্টা, তেন্তে নিশ্চয় চৈতন্য হ’ব। পিতা হৈছে সত্য, চৈতন্য, জ্ঞানৰ সাগৰ। তেওঁৰ কি জ্ঞান আছে, এইটোও কোনেও নুবুজে। পিতাহে হৈছে বীজৰূপ, চৈতন্য। তেওঁৰ দ্বাৰাই গোটেই ৰচনা হয়। সেয়েহে পিতাই বহি বুজায়, মনুষ্যই নিজৰ বৃক্ষৰ কথা গমেই নাপায়, বাকী বৃক্ষবোৰৰ বিষয়তো ভালকৈ জানে। বৃক্ষৰ বীজ যদি চৈতন্য হ'লহেঁতেন তেন্তে সকলো শুনালেহেঁতেন কিন্তু সেই বৃক্ষতো হৈছে জড়। এতিয়া তোমালোক সন্তানসকলেহে ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক জানা। তেওঁ সত্য, চৈতন্য, জ্ঞানৰ সাগৰ। চৈতন্যৰ লগততো বাৰ্তালাপ কৰিব পাৰি নহয়। মনুষ্যৰ শৰীৰ সকলোতকৈ উচ্চ অমূল্য বুলি গায়ন আছে। ইয়াৰ মূল্য কথাৰে প্ৰকাশ কৰিব নোৱাৰি। পিতা আহি আত্মাসকলক বুজায়।

তোমালোক জ্ঞানীও হোৱা, যোগীও হোৱা। পিতা হৈছে জ্ঞানৰ সাগৰ। তেওঁৰ পৰা তোমালোকে ৰত্ন পোৱা। এয়া হৈছে জ্ঞান ৰত্ন, যি ৰত্নৰ দ্বাৰা সেই ৰত্নও তোমালোকে বহুত পাই যোৱা। লক্ষ্মী-নাৰায়ণৰ ওচৰত চোৱা কিমান ৰত্ন আছে। হীৰা-মুকুতাৰ মহলত থাকে। নামেই হৈছে স্বৰ্গ, য’ৰ তোমালোক মালিক হ’বাগৈ। কোনোবা গৰিবে হঠাতে ডাঙৰ লটাৰি পালে তেতিয়া পাগল হৈ যায় নহয়। পিতায়ো কয় - তোমালোকে বিশ্বৰ বাদশ্বাহী পোৱা সেইবাবে মায়াই কিমান বিৰুদ্ধাচৰণ কৰে। তোমালোকে আগলৈ গৈ গম পাবা যে মায়াই কিমান ভাল ভাল সন্তানক গিলি পেলায়। একেবাৰে খাই পেলায়। তোমালোকে সাপ দেখিছা - ভেকুলী কেনেকৈ ধৰে, যেনেকৈ হাতীক ঘঁৰিয়ালে খায়। সাপে ভেকুলীক একেবাৰে গোটে গোটে গিলি পেলায়। মায়াও তেনেকুৱাই, সন্তানসকলক জীৱন্তে ধৰি একেবাৰে শেষ কৰি দিয়ে যে আৰু কেতিয়াও পিতাৰ নামো নলয়। যোগবলৰ শক্তি তোমালোকৰ বহুত কম। সকলো যোগবলৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ সাপে ভেকুলী গিলি পেলায়, তোমালোক সন্তানসকলেও গোটেই বাদশ্বাহী লৈ লোৱা। গোটেই বিশ্বৰ বাদশ্বাহী তোমালোকে চেকেণ্ডত লৈ লোৱা। পিতাই কিমান সহজ যুক্তি শুনায়। কোনো অস্ত্ৰ আদি নাই। পিতাই জ্ঞান-যোগৰ অস্ত্ৰ-শস্ত্ৰ দিয়ে। তেওঁলোকে আকৌ স্থূল অস্ত্ৰ আদি দি দিছে।

তোমালোক সন্তানসকলে এতিয়া কোৱা - আমি কিহ’ৰ পৰা কি হৈ গৈছিলোঁ! যি বুলিয়ে নোকোৱা, আমি নিশ্চয় তেনেকুৱা আছিলোঁ। যদিও মনুষ্যই আছিলোঁ কিন্তু গুণ আৰু অৱগুণো থাকে নহয়। দেৱতাসকলৰ দৈৱীগুণ আছে সেইকাৰণে তেওঁলোকৰ মহিমা গায় - আপুনি সৰ্বগুণ সম্পন্ন.... মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। এই সময়ত গোটেই সৃষ্টিখনেই নিৰ্গুণী অৰ্থাৎ এটাও দৈৱীগুণ নাই। পিতা যিজন গুণ শিকাওঁতা, তেওঁকেই চিনি নাপায় সেয়েহে কোৱা হয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। এতিয়া সংগমযুগত বিনাশতো হ’বই। যেতিয়া পুৰণি সৃষ্টিৰ বিনাশ হয় আৰু নতুন সৃষ্টিৰ স্থাপনা হয়। ইয়াকে বিনাশ কাল বুলি কোৱা হয়। এয়া হৈছে অন্তিম বিনাশ আকৌ আধাকল্প কোনো যুদ্ধ আদি নহয়। মনুষ্যই একোৱে গম নাপায়। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হয় তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হ’ব নহয়। এই পুৰণি সৃষ্টিত কিমান আপদ আছে। মৰিয়ে থাকে। পিতাই এই সময়ৰ পৰিস্থিতিৰ বিষয়ে শুনায়। পাৰ্থক্যতো বহুত আছে নহয়। আজি ভাৰতৰ এইটো অৱস্থা, কাইলৈ ভাৰত কি হ’বগৈ? আজি ইয়াত আছা, কাইলৈ তোমালোক ক’ত থাকিবাগৈ? তোমালোকে জানা প্ৰথমে নতুন সৃষ্টি কিমান সৰু আছিল। তাততো মহলবোৰত কিমান হীৰা-মুকুতা আদি থাকে। ভক্তিমাৰ্গতো তোমালোকৰ মন্দিৰবোৰ কোনো কম জানো। মাত্ৰ এটা সোমনাথ মন্দিৰেই থাকিব জানো। এজনে যদি এটা নিৰ্মাণ কৰে তেওঁক দেখি আনেও নিৰ্মাণ কৰিব। এটা সোমনাথ মন্দিৰৰ পৰাই কিমান লুটি নিলে। আকৌ নিজৰ স্মাৰক নিমাৰ্ণ কৰিছে। সেয়েহে বেৰত পাথৰ আদি লগায়। এই পাথৰবোৰৰ কি মূল্য হ’ব? অতি সূক্ষ্ম হীৰাৰো কিমান দাম। বাবা হীৰা-মুকুতাৰ বেপাৰী আছিল, এক ৰতী হীৰাৰ দাম 90 টকা আছিল। এতিয়াতো তাৰ মূল্য হাজাৰ হাজাৰ টকা হ’ব। পোৱাও নাযায়। বহুত মূল্য বাঢ়ি গ'ল। এই সময়ত বিদেশ আদিৰ ফালে বহুত ধন আছে, কিন্তু সত্যযুগৰ তুলনাত এয়া একোৱে নহয়।

এতিয়া পিতাই কয় - বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। তোমালোকে কোৱা বিনাশ সমাগত তেতিয়া মনুষ্যই হাঁহে। পিতাই কয় - মই কিমান সময় বহি থাকিম, মোৰ জানো ইয়াত মজা লাগে? মইতো সুখীও নহওঁ, দুখীও নহওঁ। মোৰ কৰ্তব্য হৈছে পাৱন কৰি তোলা। তোমালোক এনেকুৱা আছিলা, এতিয়া এনেকুৱা হৈ গ’লা, পুনৰ তোমালোকক এনেকুৱা উচ্চ কৰি তোলোঁ। তোমালোকে জানা যে আমি পুনৰ তেনেকুৱা হ’মগৈ। এতিয়া তোমালোকৰ এইটো বোধ আহিছে যে আমি এই দৈৱী কুলৰ সদস্য আছিলোঁ। বাদশ্বাহী আছিল। পুনৰ এনেকৈ নিজৰ ৰাজ্য হেৰুৱালোঁ। আকৌ অন্যান্যসকল আহিবলৈ ল’লে। এতিয়া এই চক্ৰ পূৰা হয়। এতিয়া তোমালোকে বুজি পোৱা যে লাখ লাখ বছৰৰ কথাই নাই। এই যুদ্ধ হয়েই বিনাশৰ বাবে, সেইফালেতো বহুত আৰামত মৰিব। কোনো কষ্ট নহ’ব। চিকিৎসালয় আদিয়েই নাথাকিব। কোনে বহি সেৱা কৰিব আৰু কান্দিব। তাততো এই নিয়মেই নাই। তেওঁলোকৰ মৃত্যু সহজে হয়। ইয়াততো দুখী হৈ মৰে কিয়নো তোমালোকে বহুত সুখ দেখিছা গতিকে দুখো তোমালোকেই দেখিবা। তেজৰ নৈ ইয়াতে বৈ যাব। তেওঁলোকে ভাবে এই যুদ্ধ আকৌ শান্ত হৈ যাব কিন্তু শান্ততো নহয়। “মিৰুৱা মৌত মলুকা চিকাৰ…” (অৰ্থাৎ চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা, সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ ল’ব। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ’ব আৰু মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদনদায়ক হ’ব)। তোমালোক দেৱতা হ’বাগৈ, পুনৰ কলিযুগী ছিঃ ছিঃ সৃষ্টিলৈ তোমালোক আহিব নোৱাৰা। ‘গীতা’তো আছে - ভগৱানুবাচ, বিনাশো চোৱা, স্থাপনাও চোৱা। সাক্ষাৎকাৰ হ’ল নহয়! এই সাক্ষাৎকাৰ সকলো অন্তিম সময়ত হ’ব – অমুক অমুক এয়া হয় তেতিয়া সেই সময়ত কান্দিব, বহুত অনুতপ্ত হ’ব, শাস্তি খাব, ভাগ্যক ধিয়াব। কিন্তু কি কৰিব পাৰিব? এয়াতো 21 জন্মৰ লটাৰি। স্মৃতিলৈতো আহে নহয়। সাক্ষাৎকাৰ অবিহনে কোনেও শাস্তি পাব নোৱাৰে। বিচাৰ সভা বহে নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বয়ং জ্ঞান ৰত্ন ধাৰণ কৰি জ্ঞানী-যোগী হ’ব লাগে। জ্ঞান ৰত্নৰে বিশ্বৰ বাদশ্বাহীৰ লটাৰি ল’ব লাগে।

(2) এই বিনাশ কালত পিতাৰ প্ৰতি প্ৰীতি ৰাখি এজনৰে স্মৃতিত থাকিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অন্তিম সময়ত পশ্চাতাপ কৰিবলগীয়া হ’ব বা ভাগ্যক ধিয়াই কান্দিব লাগিব।

বৰদান:
সদায় স্নেহী হৈ উৰন্ত কলাৰ বৰদান প্ৰাপ্ত কৰোঁতা নিশ্চিত বিজয়ী, নিশ্চিন্ত হোৱা

স্নেহী সন্তানসকলৰ বাপদাদাৰ দ্বাৰা উৰন্ত কলাৰ বৰদান প্ৰাপ্ত হৈ যায়। উৰন্ত কলাৰ দ্বাৰা চেকেণ্ডত বাপদাদাৰ ওচৰত আহি যোৱা তেতিয়া মায়া যেনেকুৱা ৰূপতে নাহক তোমালোকক চুব নোৱাৰিব। পৰমাত্ম ছত্ৰছায়াৰ ভিতৰত মায়াৰ ছায়াও আহিব নোৱাৰে। স্নেহ, পৰিশ্ৰমক মনোৰঞ্জলৈ পৰিৱৰ্তন কৰি দিয়ে। স্নেহে প্ৰতিটো কৰ্মত নিশ্চিত বিজয়ী স্থিতিৰ অনুভৱ কৰায়, স্নেহী সন্তান সকলো সময়ত নিশ্চিন্ত হৈ থাকে।

স্লোগান:
‘একো নতুন নহয়” এইটো স্মৃতিৰে সদায় অবিচলিত হৈ থাকা তেতিয়া আনন্দত নাচি থাকিবা।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সংগমযুগৰ বিশেষ বৰদান হৈছে সন্তুষ্টতা, এই সন্তুষ্টতাৰ বীজ হৈছে সৰ্ব প্ৰাপ্তি। অসন্তুষ্টতাৰ বীজ হৈছে স্থূল বা সূক্ষ্ম অপ্ৰাপ্তি। তোমালোক ব্ৰাহ্মণৰ গায়ন আছে – “ব্ৰাহ্মণৰ ভঁৰালত অথবা ব্ৰাহ্মণ জীৱনত কোনো বস্তুৰ অপ্ৰাপ্তি নাই”, তেন্তে আকৌ অসন্তুষ্টতা কিয়? যিহেতু বৰদাতা, দাতাৰ ভঁৰাল ভৰপূৰ, ইমান শ্ৰেষ্ঠ প্ৰাপ্তি, তেন্তে অসন্তুষ্টতা কিয়?