12.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “সত্য পিতাৰ দ্বাৰা সংগমত তোমালোকে ‘সত্য’ৰ বৰদান পোৱা সেইকাৰণে তোমালোকে কেতিয়াও মিছা ক’ব নোৱাৰা”

প্ৰশ্ন:
নিৰ্বিকাৰী হ’বলৈ তোমালোক সন্তানসকলে কোনটো পৰিশ্ৰম নিশ্চয় কৰিব লাগে?

উত্তৰ:
আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম নিশ্চয় কৰিব লাগে। ভ্ৰূকুটিৰ মাজত আত্মাকেই চোৱাৰ অভ্যাস কৰা। আত্মা হৈ আত্মাৰ সৈতে কথা পাতা, আত্মা হৈ শুনা। দেহৰ ফালে যাতে দৃষ্টি নাযায় – এইটোৱেই মুখ্য পৰিশ্ৰম, এইটো পৰিশ্ৰমতে বিঘিনি আহে। যিমান সম্ভৱ অভ্যাস কৰা – যে “মই আত্মা, মই আত্মা”।

গীত:
ওঁম্ নমো শিৱায়ে…..

ওঁম্শান্তি।
মৰমৰ সন্তানসকলক পিতাই সোঁৱৰাই দিছে যে সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এতিয়া তোমালোক সন্তানসকলে জানা আমি পিতাৰ পৰা যি কিছু জানিছোঁ, পিতাই যি মাৰ্গ দেখুৱাইছে, সেয়া জগতত কোনেও নাজানে। “নিজেই পূজ্য, নিজেই পূজাৰী”ৰ অৰ্থও তোমালোকক বুজোৱা হৈছে, যিসকল পূজ্য বিশ্বৰ মালিক হয়, তেওঁলোকেই আকৌ পূজাৰী হয়। পৰমাত্মাৰ কাৰণে এনেকৈ নকয়। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে যে এয়াতো একেবাৰে সঁচা কথা। সৃষ্টিৰ আদি-মধ্য-অন্তৰ বাতৰি পিতাইহে শুনায়, অন্য কাকো জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। এই মহিমা শ্ৰীকৃষ্ণৰ নহয়। শ্ৰীকৃষ্ণ নামতো শৰীৰৰ হয় নহয়। তেওঁ শৰীৰধাৰী, তেওঁৰ গোটেই জ্ঞান থাকিব নোৱাৰে। এতিয়া তোমালোকে বুজি পোৱা যে তেওঁৰ আত্মাই জ্ঞান লৈ আছে। এয়া আচৰিত কথা। পিতাৰ অবিহনে কোনেও বুজাব নোৱাৰে। এনেয়েতো বহুত সাধু-সন্তই বিভিন্ন প্ৰকাৰৰ হঠযোগ আদি শিকাই থাকে। সেয়া সকলো হৈছে ভক্তিমাৰ্গ। সত্যযুগত তোমালোকে কাৰো পূজা নকৰা। তাত তোমালোক পূজাৰী নোহোৱা। তাক কোৱাই হয় – পূজ্য দেৱী-দেৱতা আছিল, এতিয়া নাই। তেওঁলোকেই পূজ্য আকৌ এতিয়া পূজাৰী হ’ল। পিতাই কয় – এৱোঁ পূজা কৰিছিল নহয়। গোটেই জগতখন এই সময়ত পূজাৰী। নতুন সৃষ্টিত এটাই পূজ্য দেৱী-দেৱতা ধৰ্ম থাকে। সন্তানসকলৰ স্মৃতিলৈ আহিছে যথাযথ ড্ৰামাৰ পৰিকল্পনা অনুসৰি এয়া একেবাৰে শুদ্ধ। ‘গীতা’ৰ আখ্যান যথাযথ হয়। মাত্ৰ ‘গীতা’ত নাম সলনি কৰি দিলে। যিটো বুজাবলৈকে তোমালোকে পৰিশ্ৰম কৰা। 2500 বছৰৰ পৰা ‘গীতা’ শ্ৰীকৃষ্ণৰ বুলি বুজি আহিছে। এতিয়া এটা জন্মতে বুজি পাওক যে ‘গীতা’ নিৰাকাৰ ভগৱানে শুনালে, এই ক্ষেত্ৰত সময়তো লাগে নহয়। ভক্তিৰ কথাও বুজাইছে, বৃক্ষ কিমান ডাঙৰ-দীঘল হয়। তোমালোকে লিখিব পাৰা পিতাই আমাক ৰাজযোগ শিকাই আছে। যিসকল সন্তানৰ নিশ্চয়তা জন্মি যায় তেতিয়া তেওঁলোকে নিশ্চয়েৰে বুজায়ো। নিশ্চয়তা নাথাকিলে নিজেও বিবুদ্ধিত পৰি থাকে – কেনেকৈ বুজাওঁ, কিবা হুলস্থূলতো নহ’ব। নিৰ্ভীকতো এতিয়া হোৱা নাই নহয়। নিৰ্ভীক তেতিয়া হ’ব যেতিয়া পূৰা দেহী-অভিমানী হৈ যাব, ভয়-ভীততো ভক্তিমাৰ্গত হয়। তোমালোক সকলো হৈছা মহাবীৰ। জগতততো কোনেও নাজানে যে মায়াৰ ওপৰত কেনেকৈ বিজয়ী হোৱা যায়। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতিলৈ আহিছে। আগতেও পিতাই কৈছিল ‘মনমনাভৱ’। পতিত-পাৱন পিতাহে আহি এয়া বুজায়, যদিও ‘গীতা’ত এই শব্দটি আছে কিন্তু এনেকৈ কোনেও নুবুজায়। পিতাই কয় - দেহী-অভিমানী হোৱা। ‘গীতা’ত শব্দটিতো আছে নহয় – আটাত নিমখৰ পৰিমাণৰ দৰে। প্ৰতিটো কথাত পিতাই নিশ্চয়তা জন্মায়। নিশ্চয়বুদ্ধি বিজয়ন্তী।

তোমালোকে এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। পিতাই কয় – গৃহস্থালিতো নিশ্চয় থাকিব লাগে। সকলো ইয়ালৈ আহি থাকি যোৱাৰ দৰকাৰ নাই। সেৱা কৰিব লাগে, সেৱাকেন্দ্ৰ খুলিব লাগে। তোমালোক হৈছা মুক্তি বাহিনী। ঈশ্বৰীয় অভিযান হয় নহয়। প্ৰথমে শূদ্ৰ মায়াবী অভিযানৰ আছিলা, এতিয়া তোমালোক ঈশ্বৰীয় অভিযানৰ হৈছা। তোমালোকৰ মহত্ব বহুত। এই লক্ষ্মী-নাৰায়ণৰ কি মহিমা। যেনেকুৱা ৰজা, তেনেকৈয়ে ৰাজত্ব কৰে। বাকী এওঁলোকক কোৱা হ’ব সৰ্বগুণ সম্পন্ন, বিশ্বৰ মালিক কিয়নো সেই সময়ত অন্য কোনো ৰাজ্য নাথাকে। এতিয়া সন্তানসকলে বুজি উঠিছে – বিশ্বৰ মালিক কেনেকৈ হ’ল? এতিয়া আমিয়ে সেই দেৱতা হওঁ তেন্তে তেওঁলোকক কেনেকৈ মূৰ দোৱাওঁ। তোমালোক জ্ঞানেৰে পৰিপূৰ্ণ হৈ গৈছা, যাৰ জ্ঞান নাই তেওঁ মূৰ দোঁৱাই থাকে। তোমালোকে সকলোৰে বৃত্তিৰ বিষয়েও জানি গৈছা। চিত্ৰ কোনখন ভুল, কোনখন শুদ্ধ, সেয়াও তোমালোকে বুজাব পাৰা। ৰাৱণৰাজ্যৰ বিষয়েও তোমালোকে বুজোৱা। এয়া ৰাৱণৰাজ্য, ইয়াত জুই লাগি আছে। খেৰৰ জুমুঠি স্বৰূপ এই বিশ্বত জুই লাগিব, খেৰৰ জুমুঠি বুলি বিশ্বক কোৱা হয়। শব্দ যিবোৰ উচ্চাৰণ কৰা হয় তাৰ ওপৰত বুজোৱা হয়। ভক্তিমাৰ্গততো অনেক চিত্ৰ তৈয়াৰ কৰিছে। বাস্তৱত সঁচা হৈছে – শিৱবাবাৰ পূজা, আকৌ ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ। ত্ৰিমূৰ্ত্তি যি সাজে সেয়া শুদ্ধ। তাৰ পাছত এই লক্ষ্মী-নাৰায়ণ বচ্‌। ত্ৰিমূৰ্ত্তিত ব্ৰহ্মা-সৰস্বতীও আহি যায়। ভক্তিমাৰ্গত কিমান চিত্ৰ তৈয়াৰ কৰে। হনুমানৰো পূজা কৰে। তোমালোক মহাবীৰ হৈ আছা নহয়। মন্দিৰতো কাৰোবাৰ হাতীৰ ওপৰত আৰোহণ, কাৰোবাৰ ঘোঁৰাৰ ওপৰত আৰোহণ কৰা দেখুৱায়। এতিয়া এনেকুৱা আৰোহণ জানো থাকে। পিতাই কয় - মহাৰথী। মহাৰথী মানে হাতীত আৰোহণ কৰোঁতা। গতিকে তেওঁলোকে আকৌ হাতীৰ আৰোহী কৰি দেখুৱাই দিছে। এয়াও বুজোৱা হৈছে কেনেকৈ ঘঁৰিয়ালে হাতীক খায়। পিতাই বুজায় যিসকল মহাৰথী, কেতিয়াবা কেতিয়াবা তেওঁলোককো মায়া ৰূপী ঘঁৰিয়ালে গিলি পেলায়। তোমালোকৰ এতিয়া জ্ঞানৰ বোধ হৈছে। ভাল ভাল মহাৰথীসকলকো মায়াই খাই পেলায়। এইবোৰ হৈছে জ্ঞানৰ কথা, ইয়াৰ বৰ্ণনা কোনেও কৰিব নোৱাৰে। পিতাই কয় - নিৰ্বিকাৰী হ’ব লাগে, দৈৱীগুণ ধাৰণ কৰিব লাগে। কল্পই কল্পই পিতাই কয় – কাম মহাশত্ৰু। ইয়াতেই পৰিশ্ৰম হয়। ইয়াৰ ওপৰত তোমালোক বিজয়ী হোৱা। প্ৰজাপিতাৰ হৈছা যেতিয়া ভাই-ভনী হৈ গ’লা। বাস্তৱত আচলতে তোমালোক আত্মা। আত্মাই, আত্মাৰ সৈতে কথা পাতে। আত্মাইহে এই কাণেৰে শুনে, এয়া স্মৃতিত ৰাখিব লাগে। আমি আত্মাক শুনাওঁ, দেহক নহয়। প্ৰকৃততে আমি আত্মাসকল ভাই ভাই হওঁ আকৌ পৰস্পৰ ভাই-ভনীও হওঁ। শুনাবতো ভাইক লাগে। দৃষ্টি আত্মাৰ ফালে যাব লাগে। মই ভাইক শুনাওঁ। ভাই শুনিছানে? হয় মই আত্মাই শুনিছোঁ। বিকানেৰত (ৰাজস্থানৰ এখন চহৰ) এজন সন্তান আছিল যিয়ে সদায় আত্মা আত্মা বুলি কৈ লিখে। মই আত্মাই এই শৰীৰৰ দ্বাৰা লিখি আছোঁ। মোৰ অৰ্থাৎ আত্মাৰ এইটো ধাৰণা। মই আত্মাই এইটো কৰোঁ। তেন্তে এই আত্ম-অভিমানী হোৱাতো পৰিশ্ৰমৰ কথা নহয় জানো। মই আত্মাই নমস্কাৰ জনাওঁ। যেনেকৈ বাবাই কয় - আত্মিক সন্তানসকল। গতিকে ভ্ৰূকুটিৰ ফালে চাবলগীয়া হয়। আত্মাহে শুনোঁতা হয়, আত্মাক মই শুনাওঁ। তোমালোকৰ দৃষ্টি আত্মাৰ ওপৰত পৰিব লাগে। আত্মা ভ্ৰূকুটিৰ মাজত আছে। শৰীৰৰ ফালে দৃষ্টি গ’লেই বিঘিনি আহে। আত্মাৰ সৈতে কথা পাতিব লাগে। আত্মাকহে চাব লাগে। দেহ-অভিমান ত্যাগ কৰা। আত্মাই জানে - পিতাও ইয়াত ভ্ৰূকুটিৰ মাজত বহি আছে। তেওঁক মই নমস্কাৰ জনাওঁ। বুদ্ধিত এইটো জ্ঞান আছে যে মই আত্মা, আত্মাইহে শুনে। এই জ্ঞান আগতে নাছিল। এই দেহ ভূমিকা পালন কৰিবৰ বাবে পোৱা গৈছে সেইকাৰণে দেহৰহে নাম ৰখা হয়। এই সময়ত তোমালোক দেহী-অভিমানী হৈ উভতি যাব লাগে। এই নাম ৰখা হৈছে ভূমিকা পালন কৰিবৰ বাবে। নাম অবিহনেতো কাৰবাৰ চলিব নোৱাৰে। তাতো কাৰবাৰতো চলিব নহয়। কিন্তু তোমালোক সতোপ্ৰধান হৈ যোৱা সেইকাৰণে তাত কোনো বিকৰ্ম নহ’ব। এনেকুৱা কামেই তোমালোকে নকৰিবা যে বিকৰ্ম হ’ব। মায়াৰ ৰাজ্যই নাই। এতিয়া পিতাই কয় - তোমালোক আত্মাসকল উভতি যাব লাগে। এয়াতো পুৰণা শৰীৰ পুনৰ সত্যযুগ-ত্ৰেতাত যাম। তাত জ্ঞানৰ দৰকাৰেই নাই। ইয়াত তোমালোকক জ্ঞান কিয় দিয়ে? কিয়নো দুৰ্গতি হৈ গৈছে। কৰ্মতো তাতো কৰিব লাগিব কিন্তু সেয়া অকৰ্ম হৈ যায়। এতিয়া পিতাই কয় - হাতেৰে কৰ্ম কৰি অন্তৰেৰে পিতাক স্মৰণ কৰি থাকা… আত্মাই পিতাক স্মৰণ কৰে। সত্যযুগত তোমালোক পাৱন হোৱা সেয়েহে গোটেই কাৰবাৰ পাৱন হয়। তমোপ্ৰধান ৰাৱণৰাজ্যত তোমালোকৰ কাৰবাৰো দোষপূৰ্ণ হৈ যায়, সেইকাৰণে মনুষ্য তীৰ্থ আদিলৈ যায়। সত্যযুগত কোনো পাপ নকৰেই যাৰ বাবে তীৰ্থ আদিলৈ যাবলগীয়া হ’ব। তাত তোমালোকে যি কৰ্মই কৰা সেয়া সত্যই কৰা। সত্যৰ বৰদান প্ৰাপ্ত হৈছে। বিকাৰৰ কথাই নাই। কাৰবাৰতো মিছা কোৱাৰ দৰকাৰ নাথাকে। ইয়াততো লোভ থকাৰ কাৰণে মনুষ্যই চুৰি প্ৰবঞ্চনা কৰে, তাত এই কথাবোৰ নাথাকে। ড্ৰামা অনুসৰি তোমালোক এনেকুৱা ফুল হৈ যোৱা। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি, এইখন হৈছে বিকাৰী সৃষ্টি। গোটেই খেল বুদ্ধিত আছে। এই সময়তে পৱিত্ৰ হ’বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। যোগবলেৰে তোমালোক বিশ্বৰ মালিক হোৱা, যোগবল হৈছে মুখ্য। পিতাই কয় - ভক্তিমাৰ্গৰ যজ্ঞ তপ আদিৰে কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে। সতো-ৰজো-তমোত যাবই লাগে। জ্ঞান বহুত সহজ আৰু ৰমণীয়, পৰিশ্ৰমো আছে। এই যোগৰহে মহিমা আছে যাৰ দ্বাৰা তোমালোক সতোপ্ৰধান হ’ব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ মাৰ্গ পিতাইহে দেখুৱায়। অন্য কোনেও এই জ্ঞান দিব নোৱাৰে। যদিও কোনোবা চন্দ্ৰমালৈকে গুচি যায়, কোনোবাই পানীতো খোজকাঢ়ি যায় কিন্তু সেয়া কোনো ৰাজযোগ নহয়। নৰৰ পৰা নাৰায়ণতো হ’ব নোৱাৰে। ইয়াত তোমালোকে বুজি পোৱা যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ যিটো এতিয়া পুনৰ প্ৰতিষ্ঠা হৈ আছে। স্মৃতি উদয় হৈছে। পিতাই কল্প পূৰ্বেও এয়া বুজাইছিল। পিতাই কয় - নিশ্চয়বুদ্ধি বিজয়ন্তী। নিশ্চয়তা নাথাকিলেতো তেওঁ শুনিবলৈ নাহিবই। নিশ্চয়বুদ্ধিৰ পৰা পুনৰ সংশয়বুদ্ধিৰো হৈ যায়। বহুত ভাল ভাল মহাৰথীও সংশয়ত আহি যায়। অলপ মায়াৰ ধুমুহা আহিলেই দেহ-অভিমান আহি যায়।

এই বাপদাদা দুয়ো একত্ৰিত হৈ আছে নহয়। শিৱবাবাই জ্ঞান দিয়ে পুনৰ গুচি যায় নতুবা কি হয়, কোনে ক’ব। বাবাক সুধিব জানো যে আপুনি সদায় থাকে নে গুচি যায়? পিতাকতো এনেকৈ সুধিব নোৱাৰি। পিতাই কয় - মই তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ মাৰ্গ দেখুৱাই দিওঁ। আহোঁ আৰু যাওঁ, মইতো বহুত কাম কৰিবলগীয়া হয়। সন্তানসকলৰ ওচৰলৈও যাওঁ, তেওঁলোকৰ দ্বাৰা কাৰ্য কৰাও। ইয়াত সংশয়ৰ কোনো কথা নানিবা। নিজৰ কাম হৈছে - পিতাক স্মৰণ কৰা। সংশয়ত আহিলে অধোগতি হৈ যায়। মায়াই জোৰকৈ থাপৰ মাৰি দিয়ে। পিতাই কৈছে - বহুত জন্মৰ অন্তিম জন্মৰো অন্তত মই এওঁৰ শৰীৰত আহোঁ। সন্তানসকলৰ নিশ্চয়তা আছে যে যথাযথ পিতাইহে আমাক এই জ্ঞান দি আছে আন কোনেও দিব নোৱাৰে। তথাপিও এইটো নিশ্চয়তাৰ পৰা কিমান খহি পৰে, এয়া পিতাই জানে। তোমালোক পাৱন হ’ব লাগে সেয়েহে পিতাই কয় - মামেকম্ স্মৰণ কৰা, অন্য কোনো কথাত মন নিদিবা। তোমালোকে যদি তেনেকুৱা অন্য কথা কোৱা তেন্তে বুজি পোৱা যায় যে দৃঢ় নিশ্চয়তা নাই। প্ৰথমে এটা কথা বুজি লোৱা যাৰ দ্বাৰা তোমালোকৰ পাপ খণ্ডন হয়, বাকী অদৰকাৰী কথা কোৱাৰ দৰকাৰ নাই। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হ’ব, তেন্তে আকৌ অন্য কথাত কিয় মন দিয়া! যদি কোনোবা প্ৰশ্ন-উত্তৰত বিবুদ্ধিত পৰে তেন্তে তেওঁক কোৱা যে এই কথাবোৰ এৰি এজন পিতাৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰক। সংশয়ত আহিলে পঢ়িবলৈয়ে এৰি দিব তেতিয়া কল্যাণেই নহ’ব। নাড়ীৰ স্পন্দন চাই বুজাব লাগে। সংশয়ত থাকিলে এটা কথাতেই ঠিয় কৰাই দিব লাগে। বহুত যুক্তিৰে বুজাবলগীয়া হয়। সন্তানসকলৰ প্ৰথমে এইটো নিশ্চয়তা জন্মিব লাগে যে বাবাৰ আগমন হৈছে, আমাক পাৱন কৰি আছে। এইটোতো আনন্দ থাকে। নপঢ়িলেতো অনুত্তীৰ্ণ হৈ যাব, তেওঁ আনন্দিতওনো কিয় হ’ব। বিদ্যালয়ত পঢ়াতো একেধৰণৰেই হয়। কিন্তু কোনোবাই পঢ়ি লাখ লাখ টকা উপাৰ্জন কৰে আৰু কোনোৱে 5-10 টকা উপাৰ্জন কৰে। তোমালোকৰ লক্ষ্য-উদ্দেশ্যেই হৈছে নৰৰ পৰা নাৰায়ণ হোৱা। ৰাজ্য স্থাপনা হয়। তোমালোক মনুষ্যৰ পৰা দেৱতা হ’বাগৈ। দেৱতাসকলৰতো বিশাল ৰাজধানী আছে, তাত উচ্চ পদ লাভ কৰা সেয়া আকৌ পঢ়া আৰু কৰ্মকাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকৰ কৰ্মকাণ্ড বহুত ভাল হ’ব লাগে। বাবাই নিজৰ বাবেও কয় - এতিয়া কৰ্মাতীত অৱস্থা হোৱা নাই। আমিও সম্পূৰ্ণ হ’ব লাগে, এতিয়া হোৱা নাই। জ্ঞানতো বহুত সহজ। পিতাক স্মৰণ কৰাটোও সহজ, কিন্তু কৰিলেহে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাত সংশয় বুদ্ধিৰ হৈ পঢ়া এৰিব নালাগে। প্ৰথমেতো পাৱন হ’বৰ বাবে একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে, অন্য কথাত যাব নালাগে।

(2) শৰীৰৰ ফালে দৃষ্টি গ’লে বিঘিনি আহে, গতিকে ভ্ৰূকুটিৰ ফালে চাব লাগে। আত্মা বুলি বুজি আত্মাৰ সৈতে কথা পাতিব লাগে। আত্ম-অভিমানী হ’ব লাগে। নিৰ্ভীক হৈ সেৱা কৰিব লাগে।

বৰদান:
সদায় পিতাৰ অবিনাশী আৰু নিঃস্বাৰ্থ প্ৰেমত লীন হৈ থাকোঁতা মায়া প্ৰতিৰোধী হোৱা

যিসকল সন্তান সদায় পিতাৰ প্ৰেমত লীন হৈ থাকে তেওঁলোকক মায়াই আকৰ্ষিত কৰিব নোৱাৰে। যেনেকৈ পানী প্ৰতিৰোধী কাপোৰত এটোপাল পানীও সোমাব নোৱাৰে তেনেকৈ যিসকল প্ৰেমত লীন হৈ থাকে তেওঁলোক মায়া প্ৰতিৰোধী হৈ যায়। মায়াৰ কোনো ধৰণৰ প্ৰহাৰে প্ৰহাৰ কৰিব নোৱাৰে কিয়নো পিতাৰ প্ৰেম অবিনাশী আৰু নিঃস্বাৰ্থ, যি ইয়াৰ অনুভৱী হৈ গৈছে তেওঁ অল্পকালৰ প্ৰেমত আৱদ্ধ হ’ব নোৱাৰে। একমাত্ৰ পিতা আৰু মই, ইয়াৰ মাজত তৃতীয় কোনো আহিব নোৱাৰে।

স্লোগান:
অনাসক্ত আৰু স্নেহী হৈ কৰ্ম কৰোঁতাজনেই চেকেণ্ডত পূৰ্ণ বিৰাম লগাব পাৰে।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

কৰ্মাতীত অৰ্থাৎ কৰ্মৰ বশ হওঁতা নহয়, মালিক হৈ, কৰ্তৃত্বশীল হৈ কৰ্মেন্দ্ৰিয়সমূহৰ সম্বন্ধত আহিব, বিনাশী কামনাৰ পৰা উৰ্দ্ধত থাকি কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰাব। আত্মা মালিকক কৰ্মই নিজৰ অধীন যাতে নকৰে, অধিকাৰী হৈ কৰ্ম কৰাই থাকা। কৰাওঁতা হৈ কৰ্ম কৰোৱা – ইয়াক কৰ্মৰ সম্বন্ধত অহা বুলি কোৱা হ’ব। কৰ্মাতীত আত্মা সম্বন্ধত আহে, বন্ধনত নহয়।