13.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতাৰ প্ৰতি তোমালোকৰ বহুত স্নেহ থকা উচিত, ৰাতিপুৱা উঠি
প্ৰথমে ক’বা - শিৱবাবা সুপ্ৰভাত”
প্ৰশ্ন:
সঠিকভাৱে
স্মৰণ কৰিবলৈ কোনবোৰ ধাৰণাৰ প্ৰয়োজন? সঠিকভাৱে স্মৃতিত থকাসকলৰ লক্ষণ কি হ’ব?
উত্তৰ:
সঠিকভাৱে স্মৰণ কৰিবলৈ ধৈৰ্য, গাম্ভীৰ্যতা আৰু বোধশক্তিৰ প্ৰয়োজন। এই ধাৰণাৰ আধাৰত
যিসকলে স্মৰণ কৰে তেওঁলোকৰ স্মৃতি, স্মৃতিৰ লগত মিলে আৰু পিতাৰ শক্তি আহিবলৈ ধৰে।
সেই শক্তিৰে আয়ুস বাঢ়িব, স্বাস্থ্যৱান হৈ গৈ থাকিবা। অন্তৰ একেবাৰে শীতল হৈ যাব,
আত্মা সতোপ্ৰধান হৈ গৈ থাকিব।
ওঁম্শান্তি।
পিতাই কয় –
মৰমৰ সন্তানসকল ততত্বম্ অৰ্থাৎ তোমালোক আত্মাসকলো শান্ত স্বৰূপ হোৱা। তোমালোক সকলো
আত্মাৰ স্বধৰ্ম হয়েই শান্তি। শান্তিধামৰ পৰা আকৌ ইয়ালৈ আহি বাণীত আহা। এই
কৰ্মেন্দ্ৰিয়বোৰ তোমালোকে ভূমিকা পালন কৰিবলৈ পোৱা। আত্মা সৰু-ডাঙৰ নহয়। শৰীৰ
সৰু-ডাঙৰ হয়। পিতাই কয় – মইতো শৰীৰধাৰী নহয়। মই সন্তানসকলক সন্মুখত লগ কৰিবলৈ
আহিবলগীয়া হয়। যেনেকৈ পিতা, তেওঁৰ দ্বাৰা সন্তান জন্ম হয়, তেতিয়া সেই সন্তানে এনেকৈ
নক’ব যে মই পৰমধামৰ পৰা জন্ম লৈ মাতা-পিতাক লগ কৰিবলৈ আহিছোঁ। কোনোবা নতুন আত্মা
কাৰোবাৰ শৰীৰত আহিলেও, নতুবা কোনো পুৰণা আত্মা কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিলেও এনেকৈ
নকয় যে মাতা-পিতাক লগ কৰিবলৈ আহিছোঁ। তেওঁলোকে আপোনাআপুনি মাতা-পিতাক লগ পাই যায়।
ইয়াত এয়া হৈছে নতুন কথা। পিতাই কয় – মই পৰমধামৰ পৰা আহি তোমালোক সন্তানসকলৰ সন্মুখত
উপস্থিত হৈছোঁ। সন্তানসকলক পুনৰাই জ্ঞান দিওঁ কিয়নো মই হৈছোঁ জ্ঞানৱান, জ্ঞানৰ সাগৰ…
মই তোমালোক সন্তানসকলক পঢ়াবলৈ আহোঁ, ৰাজযোগ শিকাবলৈ আহোঁ। ৰাজযোগ শিকাওঁতা ভগৱানেই
হয়। শ্ৰীকৃষ্ণৰ আত্মাৰ এইটো ঈশ্বৰীয় ভূমিকা নাই। প্ৰত্যেকৰে ভূমিকা নিজৰ। ঈশ্বৰৰ
ভূমিকা নিজৰ। সেয়েহে পিতাই বুজায় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা। নিজক
এনেকৈ বুজিলে কিমান ভাল লাগে। আমি কি আছিলোঁ! এতিয়া কি হৈ গ’লোঁ!
এই ড্ৰামাখন কিমান
আচৰিত ধৰণে ৰচি থোৱা আছে এয়াও তোমালোকে এতিয়া বুজোৱা। এয়া হৈছে পুৰুষোত্তম সংগমযুগ,
কেৱল ইমানখিনি স্মৃতিত থাকিলে তেতিয়াও দৃঢ় হৈ যায় যে আমি সত্যযুগত যাম। এতিয়া
সংগমযুগত আছোঁ, পুনৰ নিজৰ ঘৰলৈ যাব লাগে সেইবাবে পাৱনতো নিশ্চয় হ’ব লাগে। অন্তৰ
বহুত আনন্দিত হোৱা উচিত। হেৰ’! বেহদৰ পিতাই কয় - মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা
তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। বিশ্বৰ মালিক হৈ যাবা। পিতাই সন্তানসকলক কিমান
মৰম কৰে। এনেকুৱা নহয় যে কেৱল শিক্ষকৰূপে পঢ়াই ঘৰলৈ গুচি যায়। তেওঁতো পিতাও হয়,
শিক্ষকো হয়। তোমালোকক পঢ়ায়ো। স্মৃতিৰ যাত্ৰাও শিকায়।
এনেকুৱা বিশ্বৰ মালিক
কৰি তোলোঁতা, পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতাৰ প্ৰতি বহুত স্নেহ থকা উচিত। ৰাতিপুৱা
উঠিয়েই প্ৰথমতে শিৱবাবাক সুপ্ৰভাত জনোৱা উচিত। সুপ্ৰভাত জনালে অৰ্থাৎ স্মৰণ কৰিলে
বহুত আনন্দিত হৈ থাকিবা। সন্তানসকলে নিজৰ অন্তৰক সুধিব লাগে – মই ৰাতিপুৱা উঠি
বেহদৰ পিতাক কিমান স্মৰণ কৰোঁ? মনুষ্যই ভক্তিও ৰাতিপুৱা নকৰে জানো! ভক্তি কিমান
স্নেহেৰে কৰে। কিন্তু বাবাই জানে কিছুমান সন্তানে আন্তৰিক স্নেহেৰে স্মৰণ নকৰে।
ৰাতিপুৱা উঠি পিতাক সুপ্ৰভাত জনোৱা, জ্ঞানৰ চিন্তনত থাকা তেতিয়া আনন্দৰ সীমা নোহোৱা
হ’ব। পিতাক সুপ্ৰভাত নজনালে পাপৰ বোজা কেনেকৈ আঁতৰিব। মুখ্য হৈছেই স্মৃতি, ইয়াৰ
দ্বাৰা ভৱিষ্যতৰ বাবে তোমালোকৰ বহুত শ্ৰেষ্ঠ উপাৰ্জন হয়। কল্প-কল্পান্তৰলৈ এই
উপাৰ্জন কামত আহিব। বহুত ধৈৰ্য, গাম্ভীৰ্যতা, বোধশক্তিৰে স্মৰণ কৰিব লাগে। স্থূল
ৰূপততো এনেকৈ কৈ দিয়ে যে মই বাবাক বহুত স্মৰণ কৰোঁ কিন্তু সঠিকভাৱে স্মৰণ কৰিবলৈ
যত্নৰ প্ৰয়োজন। যিসকলে পিতাক বেছিকৈ স্মৰণ কৰে তেওঁলোকে বেছি শক্তি পায় কিয়নো
স্মৃতিৰ বিনিময়ত স্মৃতি পোৱা যায়। যোগ আৰু জ্ঞান দুটা বস্তু। যোগৰ বিষয়টি বেলেগ,
বহুত গভীৰ বিষয়। যোগৰ দ্বাৰাহে আত্মা সতোপ্ৰধান হয়। স্মৰণ নকৰাকৈ সতোপ্ৰধান হোৱা,
অসম্ভৱ। যথা ৰীতি স্নেহেৰে পিতাক স্মৰণ কৰিলে তেতিয়া আপোনাআপুনি শক্তি পাবা,
স্বাস্থ্যৱান হৈ যাবা। শক্তিৰ দ্বাৰা আয়ুও বাঢ়ে। সন্তানসকলে স্মৰণ কৰিলে বাবায়ো
শক্তি দিয়ে। পিতাই কিমান শ্ৰেষ্ঠ সম্পদ তোমালোক সন্তানসকলক দিয়ে।
মৰমৰ সন্তানসকলে এইটো
দৃঢ়ভাৱে স্মৃতিত ৰাখিব লাগে, শিৱবাবাই আমাক পঢ়ায়। শিৱবাবা পতিত-পাৱন হয়। সৎগতি
দাতাও হায়। সৎগতি মানে স্বৰ্গৰ বাদশ্বাহী দিয়ে। বাবা কিমান মৰমিয়াল। কিমান স্নেহেৰে
সন্তানসকলক বহি পঢ়ায়। পিতাই দাদা (ব্ৰহ্মা)ৰ দ্বাৰা আমাক পঢ়ায়। বাবা কিমান মৰমিয়াল।
কিমান মৰম কৰে। কোনো কষ্ট নিদিয়ে। কেৱল কয় – মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা।
পিতাৰ স্মৃতিত অন্তৰ একেবাৰে শীতল হৈ যাব লাগে। এজন পিতাৰ স্মৃতিয়ে ব্যাকুল কৰি তোলা
উচিত কিয়নো পিতাৰ পৰা কিমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা যায়। নিজকে চাব লাগে মোৰ
পিতাৰ প্ৰতি কিমান স্নেহ আছে? মোৰ দৈৱীগুণ কিমানলৈকে আছে? কিয়নো তোমালোক সন্তানসকল
এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা। যিমানে যোগযুক্ত হৈ থাকিবা সিমানে কাঁইটৰ পৰা ফুল,
সতোপ্ৰধান হৈ যাবা। ফুল হৈ গ’লে তেতিয়া ইয়াত থাকিব নোৱাৰিবা। ফুলৰ বাগিচা হৈছে
স্বৰ্গ। যিসকলে বহুত কাঁইটক ফুল কৰি তোলে তেওঁলোককহে সঁচা সুগন্ধি ফুল বুলি কোৱা
হ’ব। কেতিয়াও কাকো কাঁইট হৈ নিবিন্ধে। ক্ৰোধো ডাঙৰ কাঁইট, বহুতকে দুখ দিয়ে। এতিয়া
তোমালোক সন্তানসকলে কাঁইটৰ জগতৰ পৰা একাষৰীয়া হৈ আহিছা, তোমালোক এতিয়া সংগমত আছা।
যেনেকৈ মালীয়ে ফুলবোৰ বেলেগ পাত্ৰত উলিয়াই ৰাখে তেনেকৈ তোমালোক ফুলবোৰকো সংগমযুগী
পাত্ৰত বেলেগে ৰখা হৈছে। পাছত তোমালোক ফুলবোৰ স্বৰ্গলৈ গুচি যাবা, কলিযুগী কাঁইটবোৰ
ভস্ম হৈ যাব।
মৰমৰ সন্তানসকলে জানে
– পাৰলৌকিক পিতাৰ পৰা আমি অবিনাশী উত্তৰাধিকাৰ লাভ কৰোঁ। যিসকল সঁচা সন্তান, যিসকলৰ
বাপদাদাৰ প্ৰতি পূৰা স্নেহ আছে তেওঁলোক বহুত আনন্দিত হৈ থাকিব। আমি বিশ্বৰ মালিক
হওঁগৈ। হয়, পুৰুষাৰ্থৰ দ্বাৰাহে বিশ্বৰ মালিক হোৱা যায়, কেৱল ক’লেই নহয়। যিসকল
অনন্য সন্তান তেওঁলোকৰ সদায় এইটো স্মৃতিত থাকে যে আমি নিজৰ বাবে পুনৰাই সেই
সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজধানী স্থাপনা কৰি আছোঁ। পিতাই কয় – মৰমৰ সন্তানসকল, যিমানে
তোমালোকে বহুতৰে কল্যাণ কৰিবা সিমানে তোমালোকে প্ৰতিদান পাবা। বহুতকে ৰাস্তা
দেখুৱালে তেতিয়া বহুতৰে আশীৰ্বাদ পাবা। জ্ঞান ৰত্নেৰে জোলোঙা ভৰপূৰ কৰি আকৌ দান
কৰিব লাগে। জ্ঞানৰ সাগৰে তোমালোকক থালি ভৰপূৰ কৰি দিয়ে। যিসকলে আকৌ দান কৰে তেওঁলোক
সকলোৰে প্ৰিয় হয়। সন্তানসকলৰ অন্তৰ কিমান আনন্দিত হৈ থকা উচিত। যিসকল বিচাৰ বুদ্ধি
সম্পন্ন সন্তান তেওঁলোকেতো ক’ব – মই পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম, একদম উবুৰি
খাই পৰিব। পিতাৰ প্ৰতি বহুত স্নেহ থাকিব কিয়নো প্ৰাণ দান দিওঁতা পিতাক পাইছোঁ।
জ্ঞানৰ বৰদান এনেকৈ দিয়ে যাৰ দ্বাৰা আমি কিহৰ পৰা কি হৈ যাওঁ। কঙাল পৰা চহকী হৈ যাওঁ,
ইমানেই ভঁৰাল ভৰপূৰ কৰি দিয়ে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে স্নেহ থাকিব, আকৰ্ষণ
হ’ব। বেজি চাফা হ’লে তেতিয়া চুম্বকৰ ফালে আকৰ্ষিত হৈ নাযায় জানো। পিতাৰ স্মৃতিৰে
বিকাৰৰ লেপ আঁতৰি গৈ থাকিব। এজন পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে। যেনেকৈ
স্ত্ৰীৰ পতিৰ প্ৰতি কিমান স্নেহ থাকে। তোমালোকৰো বাগদান হোৱা নাই জানো। বাগদান
হোৱাৰ আনন্দ জানো কম? শিৱবাবাই কয় – মৰমৰ সন্তানসকল তোমালোকৰ মোৰ সৈতে বাগদান হৈছে,
ব্ৰহ্মাৰ লগত হোৱা নাই। বাগদান দৃঢ় হৈ গ’ল গতিকে তেওঁৰেই স্মৃতিয়ে ব্যাকুল কৰি তোলা
উচিত।
পিতাই বুজায় – মৰমৰ
সন্তানসকল গাফিলতি নকৰিবা। স্বদৰ্শন চক্ৰধাৰী হোৱা, ‘লাইট হাউচ’ হোৱা। স্বদৰ্শন
চক্ৰধাৰী হোৱাৰ অভ্যাস ভালকৈ হৈ গ’লে তেতিয়া তোমালোক যেন জ্ঞানৰ সাগৰ হৈ যাবা।
যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়ি শিক্ষক হৈ নাযায় জানো। তোমালোকৰ কামেই হৈছে এইটো। সকলোকে
স্বদৰ্শন চক্ৰধাৰী কৰি তোলা তেতিয়াহে চক্ৰৱৰ্তী ৰজা-ৰাণী হ’বা। সেইবাবে বাবাই সদায়
সন্তানসকলক সোধে – স্বদৰ্শন চক্ৰধাৰী হৈ বহিছানে? পিতাও স্বদৰ্শন চক্ৰধাৰী নহয় জানো।
তোমালোক মৰমৰ সন্তানসকলক উভতাই লৈ যাবলৈ পিতা আহিছে। তোমালোক সন্তানসকলৰ অবিহনে ময়ো
যেন অধীৰ হৈ থাকোঁ। যেতিয়া সময় হয় তেতিয়া অধীৰ হৈ যাওঁ। বচ্, এতিয়া যাওঁ,
সন্তানসকলে বহুত মিনতি কৰি আছে, বহুত দুখী হৈ আছে। দয়া উপজে। এতিয়া তোমালোক
সন্তানসকল ঘৰলৈ যাব লাগে। পুনৰ তাৰ পৰা তোমালোকে নিজেই সুখধামলৈ গুচি আহিবা। তাত মই
তোমালোকৰ সংগী নহওঁ। নিজৰ অৱস্থা অনুসৰি তোমালোক আত্মাসকল গুচি আহিবা।
তোমালোক সন্তানসকলৰ
এইটো নিচা থকা উচিত – আমি আত্মিক বিশ্ব বিদ্যালয়ত পঢ়ি আছোঁ। আমি ঈশ্বৰীয় বিদ্যাৰ্থী।
আমি মনুষ্যৰ পৰা দেৱতা অথবা বিশ্বৰ মালিক হ’বলৈ পঢ়ি আছোঁ। ইয়াৰ আধাৰত আমি গোটেই
মন্ত্ৰালয় উত্তীৰ্ণ হওঁ। স্বাস্থ্যৰ শিক্ষাও লওঁ, চৰিত্ৰ শুধৰণিৰ শিক্ষাও লওঁ।
স্বাস্থ্য মন্ত্ৰালয়, খাদ্য মন্ত্ৰালয়, খনি মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় সকলো ইয়াত আহি
যায়।
মৰমৰ সন্তানসকলক
পিতাই বহি বুজায় - যেতিয়া কোনো সভাত ভাষণ দিয়া বা কাৰোবাক বুজোৱা তেতিয়া বাৰে বাৰে
কোৱা – নিজক আত্মা বুলি বুজি পৰমপিতা পৰামাত্মাক স্মৰণ কৰক। এই স্মৃতিৰ দ্বাৰাই
বিকৰ্ম বিনাশ হ’ব। আপোনালোক পাৱন হৈ যাব। বাৰে বাৰে এয়া স্মৰণ কৰিব লাগে। কিন্তু
এনেকৈ তোমালোকে তেতিয়াহে ক’ব পাৰিবা যেতিয়া নিজে স্মৃতিত থাকিবা। এই কথাটিত
সন্তানসকল বহুৰ দুৰ্বল। তোমালোক সন্তানসকলৰ আন্তৰিক আনন্দ থাকিব, স্মৃতিত থাকিলেহে
তেতিয়া আনক বুজালে প্ৰভাৱিত হ’ব। তোমালোকে বহুত বেছি কথা-বাৰ্তা কৰা অনুচিত।
আত্মা-অভিমানী হৈ অলপো যদি বুজোৱা তেতিয়া তীৰো লাগিব। পিতাই কয় – সন্তানসকল, হোৱাতো
হৈ গ’ল। এতিয়া প্ৰথমতে নিজকে শুধৰোৱা। নিজে স্মৰণ নকৰিলে, আনক কৈ থাকিলে, তেনেকুৱা
ঠগবাজি নচলিব। অন্তৰ দহি থাকিব। পিতাৰ প্ৰতি পূৰা স্নেহ নাথাকিলে তেতিয়া শ্ৰীমতত
নচলে। বেহদৰ পিতাৰ নিচিনাকৈ আন কোনেও শিক্ষা দিব নোৱাৰে। পিতাই কয় – মৰমৰ সন্তানসকল,
এতিয়া এই পুৰণি সৃষ্টিক পাহৰি যোৱা। অন্তিমততো এই সকলো পাহৰিবই লাগিব। বুদ্ধি নিজৰ
শান্তিধাম আৰু সুখধামৰ সৈতে যুক্ত হৈ যায়। পিতাক স্মৰণ কৰি কৰি পিতাৰ ওচৰলৈ গুচি
যাব লাগে। পতিত আত্মাতো যাব নোৱাৰে। সেইখন হয়েই পাৱন আত্মাসকলৰ ঘৰ। এই শৰীৰ 5 তত্বৰে
গঠিত। সেয়েহে 5 তত্বই ইয়াতে থাকিবলৈ আকৰ্ষিত কৰে কিয়নো আত্মাই যেন এয়া সম্পত্তি লৈ
লৈছে, সেয়েহে শৰীৰৰ প্ৰতি মোহ হৈ গৈছে। এতিয়া ইয়াৰ পৰা মমত্ব আঁতৰাই নিজৰ ঘৰলৈ যাব
লাগে। তাততো এই 5 তত্ব নাথাকে। সত্যযুগততো শৰীৰ যোগবলেৰে গঢ় লয়। সতোপ্ৰধান প্ৰকৃতি,
সেইবাবে আকৰ্ষিত নকৰে। দুখ নহয়। এয়া বুজিবলগীয়া অতি সূক্ষ্ম কথা। ইয়াত 5 তত্বৰ বলে
আত্মাক আকৰ্ষিত কৰে, সেইবাবে অন্তৰে শৰীৰ এৰিব নিবিচাৰে। নহ’লেতো শৰীৰ এৰিলে আৰু
বেছিহে আনন্দিত হোৱা উচিত। পাৱন হৈ শৰীৰ এনেকৈ এৰিব যেনেকৈ মাখনৰ পৰা চুলি আঁতৰোৱা
হয়। সেয়েহে শৰীৰৰ পৰা, সকলো বস্তুৰ পৰা মমত্ব একেবাৰে আঁতৰাই দিব লাগে, ইয়াৰ লগত
আমাৰ কোনো সম্পৰ্ক নাই। বচ্, মই বাবাৰ ওচৰলৈ যাওঁ। এইখন সৃষ্টিৰ পৰা নিজৰ
টালি-টোপোলা বান্ধি আগতেই পঠিয়াই দিছোঁ। লগততো যাব নোৱাৰে। বাকী আত্মাসকল যাব লাগে।
শৰীৰো ইয়াতে এৰি দিছা। বাবাই নতুন শৰীৰৰ সাক্ষাৎকাৰ কৰাই দিছে। হীৰা-মুকুতাৰ মহল
পাই যাম। এনেকুৱা সুখধামলৈ যাবৰ বাবে কিমান যত্ন কৰা উচিত। ভাগৰি যোৱা অনুচিত।
দিনে-ৰাতিয়ে বহুত উপাৰ্জন কৰিব লাগে, সেইবাবে বাবাই কয় – নিদ্ৰাজিৎ সন্তানসকল
মামেকম্ (কেৱল মোক) স্মৰণ কৰা আৰু বিচাৰ সাগৰ মন্থন কৰা। ড্ৰামাৰ ৰহস্য বুদ্ধিত
ৰাখিলে বুদ্ধি একেবাৰে শীতল হৈ যায়। যিসকল মহাৰথী সন্তান তেওঁলোক কেতিয়াও অস্থিৰ
নহ’ব। শিৱবাবাক স্মৰণ কৰিলে তেতিয়া তেওঁ তত্ত্বাৱধানো ল’ব।
পিতাই তোমালোক
সন্তানসকলক দুখৰ পৰা মুক্ত কৰাই শান্তিৰ দান দিয়ে। তোমালোকেও শান্তিৰ দান দিব লাগে।
তোমালোকৰ এয়া বেহদৰ শান্তি অৰ্থাৎ যোগবলে আনকো একেবাৰে শান্ত কৰি দিব। তৎক্ষণাৎ গম
পোৱা যাব, এওঁ আমাৰ ঘৰৰ হয় নে নহয়। আত্মা তৎক্ষণাৎ আকৰ্ষিত হ’ব – এয়া আমাৰ বাবা।
নাড়ীৰ স্পন্দনো (অৱস্থাও) চাবলগীয়া হয়। পিতাৰ স্মৃতিত থাকি চোৱা – এই আত্মাটি আমাৰ
কুলৰ হয়নে। যদি হয় তেন্তে একদম শান্ত হৈ যাব। যিসকল এই কুলৰ হ’ব তেওঁলোকেই এই
কথাবোৰত ৰস পাব। সন্তানসকলে স্মৰণ কৰে – তেতিয়া পিতায়ো স্নেহ কৰে। আত্মাক স্নেহ কৰা
হয়। এয়াও জানে – যিসকলে বহুত ভক্তি কৰিছে তেওঁলোকেই বেছিকৈ পঢ়িব। তেওঁলোকৰ চেহেৰাৰ
দ্বাৰা গম পোৱা যাব যে পিতাৰ প্ৰতি কিমান স্নেহ আছে। আত্মাই পিতাক চায়। পিতাই আমাক
আত্মাসকলক পঢ়াই আছে। পিতায়ো বুজে – মই ইমান সূক্ষ্ম বিন্দু স্বৰূপ আত্মাক পঢ়াওঁ।
আগলৈ তোমালোকৰ এইটো অৱস্থা হৈ যাব। বুজি পাবা – আমি ভাই ভাইক পঢ়াওঁ। চেহেৰা ভগ্নীৰ
হোৱা সত্বেও দৃষ্টি আত্মাৰ ফালে যাব লাগে। শৰীৰ ফালে দৃষ্টি একেবাৰে যাব নালাগে। এই
ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। এয়া অতি সূক্ষ্ম কথা। অতি উচ্চ পঢ়া। ওজন কৰা
তেতিয়া এই পঢ়াৰ ফালে ওজন বহুত হৈ যাব। ভাল বাৰু!
অতিকৈ মৰমৰ, কল্পৰ
পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান
ৰত্নেৰে নিজৰ জোলোঙা ভৰপূৰ কৰি আকৌ দানো কৰিব লাগে। যিয়ে দান কৰে তেওঁলোক সকলোৰে
প্ৰিয় হয়, তেওঁলোক অপাৰ আনন্দিত হৈ থাকে।
(2) প্ৰাণদান দিওঁতা
পিতাক বহুত স্নেহেৰে স্মৰণ কৰি সকলোকে শান্তিৰ দান দিব লাগে। স্বদৰ্শন চক্ৰ ঘূৰাই
জ্ঞানৰ সাগৰ হ’ব লাগে।
বৰদান:
অন্তঃবাহক (সূক্ষ্ম)
শৰীৰৰ দ্বাৰা সেৱা কৰোঁতা কৰ্মবন্ধন মুক্ত ‘ডবল লাইট’ হোৱা
যেনেকৈ স্থূল শৰীৰৰ
দ্বাৰা সাকাৰী ঈশ্বৰীয় সেৱাত ব্যস্ত হৈ থাকা তেনেকৈ নিজৰ আকাৰী শৰীৰৰ দ্বাৰা
অন্তঃবাহক সেৱাও একেলগে কৰিব লাগে। যেনেকৈ ব্ৰহ্মাৰ দ্বাৰা স্থাপনাৰ বৃদ্ধি হ’ল
তেনেকৈ এতিয়া তোমালোকৰ সূক্ষ্ম শৰীৰৰ দ্বাৰা, শিৱ শক্তিৰ সংযুক্ত ৰূপৰ সাক্ষাৎকাৰৰ
দ্বাৰা সাক্ষাৎকাৰ আৰু বাৰ্তা পোৱাৰ কাৰ্য হ’ব। কিন্তু এইটো সেৱাৰ কাৰণে কৰ্ম কৰিও
কৰ্মবন্ধনৰ পৰা মুক্ত সদায় ‘ডবল লাইট’ ৰূপত থাকা।
স্লোগান:
মনন কৰিলে যি আনন্দ ৰূপী মাখন ওলায় সেয়াই জীৱন শক্তিশালী কৰি তোলে।।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
কোনেও এনেকৈ ক’ব
নোৱাৰে যে আমাৰতো সেৱাৰ সুযোগ নাই। কোনোবাই যদি বাণীৰে সেৱা কৰিব নোৱাৰা তেন্তে
মনেৰে বায়ুমণ্ডল শক্তিশালি কৰি সুখৰ বৃত্তি, সুখময় স্থিতিৰে সেৱা কৰা। স্বাস্থ্য
ঠিকে নাথাকিলেও ঘৰত বহিও সহযোগী হোৱা, কেৱল মনত শুদ্ধ সংকল্পৰ পুঁজি জমা কৰা,
শুভ-ভাৱনাৰে সম্পন্ন হোৱা।