13.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পিতাৰ শ্ৰীমতৰ প্ৰতি সন্মান জনোৱা মানে মুৰুলী কেতিয়াও খতি নকৰা, প্ৰতিটো আজ্ঞা
পালন কৰা”
প্ৰশ্ন:
যদি তোমালোক
সন্তানসকলক কোনোবাই সোধে সন্তুষ্ট আৰু আনন্দিত হোৱানে? তেতিয়া তোমালোকে কোনটো উত্তৰ
নিচাৰে দিব লাগে?
উত্তৰ:
কোৱা - চিন্তা আছিল সিপাৰে ব্ৰহ্মত থকাজনৰ, তেওঁক পাই গ'লোঁ, বাকী কি লাগে। যি
পাবলগীয়া আছিল সেয়া পাই গ'লোঁ....। তোমালোক ঈশ্বৰীয় সন্তানসকলৰ কোনো কথাৰ চিন্তা
নাই। তোমালোকক পিতাই নিজৰ কৰি ল'লে, তোমালোকৰ শিৰত মুকুট ৰাখিলে তেন্তে চিন্তা কোনটো
কথাৰ।
ওঁম্শান্তি।
পিতাই বুজায়
সন্তানসকলৰ বুদ্ধিত নিশ্চয় থাকিব যে বাবা – পিতাও হয়, শিক্ষকো হয়, পৰম গুৰুও হয়,
এইটো স্মৃতিত নিশ্চয় থাকিব। এইটো স্মৃতি কেতিয়াও কোনেও শিকাবও নোৱাৰে। পিতাইহে
কল্পই কল্পই আহি শিকায়। তেৱেঁই জ্ঞানৰ সাগৰ পতিত-পাৱনো হয়। তেওঁ পিতাও হয়, শিক্ষকো
হয়, গুৰুও হয়। এয়া এতিয়া বুজা যায়, যেতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সন্তানসকলে
যদিওবা বুজিতো পায় কিন্তু পিতাকেই পাহৰি যায় তেন্তে শিক্ষক, গুৰু আকৌ কেনেকৈ
স্মৃতিলৈ আহিব। মায়া বহুতেই প্ৰবল যে তিনিটা ৰূপত মহিমা থকা সত্ত্বেও তিনিওকে
পাহৰাই দিয়ে, ইমান সৰ্বশক্তিমান হয়। সন্তানসকলে লিখেও যে বাবা আমি পাহৰি যাওঁ। মায়া
এনেকুৱা প্ৰবল। ড্ৰামা অনুসৰি হওতে বহুত সহজ। সন্তানসকলে বুজি পায় এনেকুৱা কেতিয়াও
কোনো হ'ব নোৱাৰে। তেৱেঁই পিতা, শিক্ষক, সৎগুৰু হয় – সঁচাকৈয়ে হয়, ইয়াত মনে সজা
কাহিনী আদিৰ কোনো কথা নাই। ভিতৰি বুজিব লাগে নহয়! কিন্তু মায়াই পাহৰাই দিয়ে। কয় মই
পৰাজিত হৈ যাওঁ, তেন্তে খোজে প্ৰতি পদম কেনেকৈ হ'ব! দেৱতাসকলকহে পদমৰ চিহ্ন দিয়ে।
সকলোকেতো দিব নোৱাৰে। এয়া হৈছে ঈশ্বৰৰ পঢ়া, মনুষ্যৰ নহয়। এই পঢ়া মনুষ্যৰ কেতিয়াও
হ'ব নোৱাৰে। যদিওবা দেৱতাসকলৰ মহিমা কৰা হয় কিন্তু তথাপিও উচ্চতকৈও উচ্চ হৈছে এজন
পিতা। বাকী তেওঁলোকৰ মহিমা কি, আজি ভিকহু কাইলৈ ৰাজ্য-ভাগ্য। এতিয়া তোমালোকে
পুৰুষাৰ্থ কৰি আছা এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হ'বৰ কাৰণে। এইটো জানা যে এই
পুৰুষাৰ্থত বহুত অনুত্তীৰ্ণ হয়। তথাপিও পঢ়ে ইমানেই যিমান কল্প পূৰ্বে উত্তীৰ্ণ
হৈছিল। বাস্তৱত জ্ঞান হয়ো বহুত সহজ কিন্তু মায়াই পাহৰাই দিয়ে। পিতাই কয় - নিজৰ
খতিয়ান লিখা কিন্তু লিখিব নোৱাৰে। কিমানলৈকে বহি লিখিব। যদি লিখেও তেন্তে বিচাৰ কৰে
- দুঘণ্টা স্মৃতিত থাকিলোঁনে? পাছত সেইটোও তেওঁলোকে গম পায়, যিয়ে পিতাৰ শ্ৰীমত
কাৰ্যত ৰূপায়িত কৰে। পিতাইতো বুজিব এওঁলোক বেচেৰাসকলৰ লাজ লাগে। নহ'লেতো শ্ৰীমত
কাৰ্যত ৰূপায়িত কৰিব লাগে। কিন্তু দুই শতাংশই কোনোমতে খতিয়ান লিখে। সন্তানসকলৰ
শ্ৰীমতৰ প্ৰতি ইমান সন্মান নাই। মুৰুলী পোৱা সত্ত্বেও নপঢ়ে। অন্তৰত নিশ্চয় আঘাত কৰে
- বাবাই সঁচা কথাই কয়, মই মুৰুলীয়েই নপঢ়োঁ তেন্তে বাকী অন্যক কি বুজাম?
(স্মৃতিৰ যাত্ৰা) ওঁম্
শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে বুজি পায় যথাযথ
আমি আত্মা হওঁ, আমাক পৰমপিতা পৰমাত্মাই পঢ়াই আছে। আৰু কি কয়? মোক স্মৰণ কৰা তেতিয়া
তোমালোক স্বৰ্গৰ মালিক হ'বা। ইয়াত পিতাও আহি গ'ল, পঢ়া আৰু পঢ়াওঁতাজনো আহি গ'ল। সৎগতি
দাতাও আহি গ'ল। কেইটিমান শব্দতেই গোটেই জ্ঞান আহি যায়। ইয়ালৈ তোমালোক আহাই এয়া
পুনৰাবৃত্তি কৰিবলৈ। পিতায়ো এইটোৱেই বুজায় কিয়নো তোমালোকে নিজেই কোৱা আমি পাহৰি যাওঁ
সেয়েহে ইয়ালৈ পুনৰাবৃত্তি কৰিবলৈ আহা। যদিও কোনোবা ইয়াত থাকেও তথাপিও পুনৰাবৃত্তি
নহয়। ভাগ্যত নাই। পুৰুষাৰ্থতো পিতাই কৰায়েই। পুৰুষাৰ্থ কৰাওঁতা এজন পিতাই হয়। ইয়াত
কাৰো প্ৰতি পক্ষপাতিত্বও হ’ব নোৱাৰে। বিশেষভাৱে পঢ়ুৱাও নহয়। সেই পঢ়াত বিশেষভাৱে
পঢ়ুৱাবৰ কাৰণে শিক্ষকক মাতে। এওঁতো ভাগ্য গঢ়ি তুলিবৰ কাৰণে সকলোকে পঢ়ায়। এজন এজনক
পৃথকে কিমানলৈকে পঢ়াব। কিমান অনেক সন্তান আছে। সেই পঢ়াত কোনো গণ্যমান্য ব্যক্তিৰ
সন্তান হ’লে তেতিয়া সিহঁতক বিশেষভাবে পঢ়ায়। শিক্ষকে জানে যে এওঁ ভোদা বুদ্ধিৰ সেয়েহে
তেওঁলোকক জলপানীৰ উপযুক্ত কৰি তোলে। এইজন পিতাই এনেকুৱা নকৰে। এওঁতো একৰস সকলোকে
পঢ়ায়। সেয়া হ'ল শিক্ষকৰ অতিৰিক্ত পুৰুষাৰ্থ কৰোৱা। এওঁতো অতিৰিক্ত পুৰুষাৰ্থ কাৰো
পৃথকে নকৰায়। অতিৰিক্ত পুৰুষাৰ্থ মানে হ’ল মাষ্টৰে কিছু কৃপা কৰে। এনেয়েতো পইচা লয়,
বিশেষ সময় দি পঢ়ায় যাৰ দ্বাৰা তেনে সন্তানে বেছিকৈ পঢ়ি বুদ্ধিমান হয়। ইয়াতো বেছিকৈ
কিবা পঢ়াৰ কথাই নাই। এওঁৰতো কথাই নাই। এটাই মহামন্ত্ৰ দিয়ে – ‘মনমনাভৱ’। স্মৃতিৰ
দ্বাৰা কি হয়, এইটোতো বুজি পোৱা পিতাহে পতিত-পাৱন হয়। জানা যে তেওঁক স্মৰণ কৰিলেহে
পাৱন হ'ম।
এতিয়া তোমালোক
সন্তানসকলৰ জ্ঞান আছে, যিমান স্মৰণ কৰিবা সিমান পাৱন হ’বা। কমকৈ স্মৰণ কৰিলে তেন্তে
কমকৈ পাৱন হ'বা। এয়া তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ ওপৰত। বেহদৰ পিতাক স্মৰণ কৰি আমি
এয়া (লক্ষ্মী-নাৰায়ণ) হ'ব লাগে। তেওঁলোকৰ মহিমাতো প্ৰত্যেকেই জানে। কয়ো যে আপোনালোক
পুণ্য আত্মা, আমি পাপ আত্মা। বহুত মন্দিৰ নিৰ্মাণ কৰা আছে। তালৈ সকলোৱে কি কৰিবলৈ
যায়? দৰ্শনৰ দ্বাৰা লাভতো একোৱেই নহয়। ইজন-সিজনক দেখি গুচি যায়। কেৱল দৰ্শন কৰিবলৈ
যায়। অমুক যাত্ৰাত যায়, ময়ো যাম। ইয়াৰ পৰা কি হ'ব? একোৱেই নহয়। তোমালোক সন্তানসকলেও
যাত্ৰা কৰিছা। যেনেকৈ অন্য উৎসৱ পালন কৰে, তেনেকৈ যাত্ৰাকো এটা উৎসৱ বুলি ভাবে।
এতিয়া তোমালোকে স্মৃতিৰ যাত্ৰাকো এটা উৎসৱ বুলি ভাবা। তোমালোক স্মৃতিৰ যাত্ৰাত থাকা।
শব্দই হৈছে এটা ‘মনমনাভৱ’। এয়া তোমালোকৰ অনাদি যাত্ৰা। তেওঁলোকেও কয় - সেই যাত্ৰা
আমি অনাদি কৰি আহিছোঁ। কিন্তু তোমালোকে এতিয়া জ্ঞান সহিত কোৱা আমি কল্পই কল্পই এই
যাত্ৰা কৰোঁ। পিতাহে আহি এই যাত্রা শিকায়। তেওঁলোকে চাৰিওধামৰ জন্মৰ পাছত জন্ম
যাত্ৰা কৰে। এয়াতো বেহদৰ পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা।
এনেকৈতো আৰু কোনেও কেতিয়াও নকয় যে যাত্ৰাৰ দ্বাৰা তোমালোক পাৱন হ'বা। মনুষ্য
যাত্ৰাত যায় তেতিয়া তেওঁলোক সেই সময়ত পাৱন হৈ থাকে, আজিকালিতো তাতো লেতেৰা হৈ গ’ল,
পাৱন হৈ নাথাকে। এই আত্মিক যাত্ৰাৰ বিষয়েতো কোনেও গম নাপায়। তোমালোকক এতিয়া পিতাই
কৈছে - এই স্মৃতিৰ যাত্ৰা হৈছে সঁচা। তেওঁলোকে যাত্ৰা পৰিক্ৰমা লগাবলৈ যায় তথাপিও
যেনেকুৱা তেনেকুৱাই হৈ যায়। পৰিক্ৰমা লগাই থাকে। যেনেকৈ ভাস্ক’-ডি-গামাই সৃষ্টিৰ
পৰিক্ৰমা লগালে। এয়াও পৰিক্ৰমা লগায় নহয়। গীতো আছে নহয় - চাৰিওফালে পৰিক্ৰমা লগালোঁ….
তথাপিও প্ৰতি ক্ষণ দূৰৈত থাকিলোঁ। ভক্তিমাৰ্গততো কোনেও ভগৱানৰ সাক্ষাৎ কৰাব নোৱাৰে।
ভগৱানক কোনেও পোৱা নাই। ভগৱানৰ পৰা দূৰৈতে থাকিল। চক্ৰ পৰিক্ৰমা লগায় তথাপি আকৌ ঘৰলৈ
আহি 5 বিকাৰত বন্দী হৈ যায়। সেই সকলোবোৰ যাত্ৰা হৈছে মিথ্যা। এতিয়া তোমালোক
সন্তানসকলে জানা যে এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া পিতা আহিছে। এদিন সকলোৱে
জানি যাব যে পিতা আহিছে। ভগৱানক অৱশেষত লগ পাব, কিন্তু কেনেকৈ? এইটোতো কোনেও নাজানে।
এইটোতো মৰমৰ সন্তানসকলে জানে যে আমি শ্ৰীমতত এই ভাৰতক পুনৰ স্বৰ্গ কৰি গঢ়ি আছোঁ।
ভাৰতৰহে তোমালোকে নাম ল'বা। সেই সময়ত অন্য কোনো ধৰ্ম নাথাকে। গোটেই বিশ্ব পৱিত্র হৈ
যায়। এতিয়াতো অনেক ধৰ্ম আছে। পিতা আহি তোমালোকক গোটেই বৃক্ষৰ জ্ঞান শুনায়। তোমালোকক
সোঁৱৰাই দিয়ে। তোমালোকেই দেৱতা আছিলা, পুনৰ তোমালোকেই ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'লা।
এতিয়া তোমালোকেই ব্ৰাহ্মণ হৈছা। এয়া “আমিয়েই সেয়া”ৰ অৰ্থ পিতাই কিমান সহজকৈ বুজায়।
‘ওঁম্’ অৰ্থাৎ মই আত্মা আকৌ মই আত্মাই এনেকৈ পৰিক্ৰমা লগাওঁ। তেওঁলোকেতো কৈ দিয়ে আমি
আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এজনো নাই যিয়ে “আমিয়েই সেয়া”ৰ অৰ্থ যথাৰ্থ ৰূপত
জানে। গতিকে পিতাই কয় - এইটো যি মন্ত্ৰ আছে ইয়াক প্ৰতিটো ক্ষণত স্মৃতিত ৰাখিব লাগে।
চক্ৰ যদি বুদ্ধিত নাথাকে তেন্তে চক্ৰৱৰ্তী ৰজা কেনেকৈ হ'বা? এতিয়া আমি আত্মা
ব্ৰাহ্মণ হওঁ, পুনৰ আমিয়ে দেৱতা হ'মগৈ। এইটো তোমালোকে যাকেই গৈ নোসোধা, কোনেও নক'ব।
তেওঁলোকেতো 84ৰ অৰ্থও বুজি নাপায়। ভাৰতৰ উত্থান আৰু পতনৰ গায়ন কৰা হৈছে। এইটো ঠিক।
সতোপ্ৰধান, সতো, ৰজো, তমো, সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্যবংশী...... এতিয়া তোমালোক
সন্তানসকলে সকলোবোৰ গম পাই গ'লা। বীজৰূপ পিতাকহে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তেওঁ এই
চক্ৰত নাহে। এনেকুৱা নহয়, আমি জীৱ আত্মাই পৰমাত্মা হৈ যাওঁ। নহয়, পিতাই নিজৰ সমান
জ্ঞানেৰে পৰিপূৰ্ণ কৰি তোলে। নিজৰ সমান ভগৱান কৰি নোতোলে। এই কথাবোৰ বহুত ভালদৰে
বুজিব লাগে, তেতিয়াহে বুদ্ধিত চক্ৰ চলিব পাৰে, যাৰ নাম স্বদৰ্শন চক্ৰ ৰখা হৈছে।
তোমালোকে বুদ্ধিৰে বুজিব পাৰা - আমি কেনেকৈ এই 84ৰ চক্ৰত আহোঁ। ইয়াত সকলোবোৰ আহি
যায়। সময়ো আহি যায়, বৰ্ণও আহি যায়, বংশাৱলীও আহি যায়।
এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত এই গোটেই জ্ঞান থাকিব লাগে। জ্ঞানৰ দ্বাৰাহে উচ্চ পদ পোৱা যায়।
জ্ঞান যদি থাকে তেন্তে আনকো দিব। ইয়াত তোমালোকক কোনো প্ৰশ্ন কাকত আদিৰ উত্তৰ লিখিবলৈ
দিয়া নহয়। সেই স্কুলসমূহত যেতিয়া পৰীক্ষা হয় তেতিয়া প্ৰশ্ন কাকতসমূহ বিদেশৰ পৰা আহে।
যিসকল বিদেশত পঢ়ে তেওঁলোকৰতো তাতেই ফলাফল ওলায় চাগে। তাৰ ভিতৰতো কোনোবা ডাঙৰ শিক্ষা
বিভাগৰ মুৰব্বী হ'ব যিয়ে কাকতসমূহ পৰীক্ষা কৰে। তোমালোকৰ কাকতসমূহ কোনে পৰীক্ষা
কৰিব? তোমালোকে নিজে কৰিবা। নিজক যেনেকৈ বিচৰা তেনেকৈ গঢ়ি তোলা। পুৰুষাৰ্থৰ দ্বাৰা
যেনেকুৱা বিচৰা তেনেকুৱা পদ লৈ লোৱা। প্ৰদৰ্শনী আদিত সন্তানসকলে সোধে নহয় - কি হ'বা?
দেৱতা হ'বা, বেৰিষ্টাৰ হ'বা..... কি হ'বা? যিমান পিতাক স্মৰণ কৰিবা, সেৱা কৰিবা
সিমান ফল পাবা। যিয়ে যথা ৰীতি পিতাক স্মৰণ কৰে তেওঁলোকে বুজি পায় আমি সেৱাও কৰিব
লাগে। প্ৰজা তৈয়াৰ কৰিব লাগে নহয়। এয়া ৰাজধানী স্থাপন হৈ আছে। গতিকে তাত সকলো
প্ৰকাৰৰে লাগে। তাত পৰামৰ্শদাতা (মন্ত্ৰী) নাথাকে। পৰামৰ্শদাতাৰ দৰকাৰ তেওঁলোকৰ হয়
যাৰ বুদ্ধি কম। তোমালোকৰ তাত ৰায়ৰ প্ৰয়োজন নাথাকে। বাবাৰ ওচৰত ৰায় ল'বলৈ আহে -
স্থূল কথাৰ ৰায় লয়, পইচাৰে কি কৰিম? বেপাৰ কেনেকৈ কৰোঁ? বাবাই কয় এই জগতৰ কথাবোৰ
পিতাৰ ওচৰলৈ লৈ নাহিবা। অৱশ্যে হয়, কোনোবা যাতে নিৰাশ হৈ নাযায় সেইবাবে কিবা নহয়
কিবা আশ্বাস দি শুনাই দিয়ে। এয়া কোনো মোৰ বেপাৰ নহয়। মোৰতো ঈশ্বৰীয় বেপাৰ তোমালোকক
মাৰ্গ-দৰ্শন কৰোৱা। তোমালোক বিশ্বৰ মালিক কেনেকৈ হ'বা? তোমালোকে শ্ৰীমত পাইছা। বাকী
সকলো হৈছে আসুৰিক মত। সত্যযুগত শ্ৰীমত বুলি ক’ব। কলিযুগত আসুৰিক মত। সেইখন হয়েই
সুখধাম। তাত এনেকৈও নক'ব যে সন্তুষ্ট আৰু আনন্দিত হৈ আছানে? স্বাস্থ্য ঠিকে আছেনে?
এই শব্দবোৰ তাত নাথাকে। এনেকৈ ইয়াত সোধা হয়। কোনো কষ্টতো হোৱা নাই? সন্তুষ্ট আৰু
আনন্দিত হৈ আছানে? ইয়াতো বহুত কথা আহি যায়। তাত দুখ নায়েই যে সুধিবলগীয়া হ’ব। এয়া
হৈছেই দুখৰ সৃষ্টি। বাস্তৱত তোমালোকক কোনেও সুধিব নোৱাৰে। যদিও মায়া অৱনমিত কৰাওঁতা
হয় তথাপিও পিতাক পালা নহয়। তোমালোকে ক'বা – আপোনালোকে কি আনন্দৰ বতৰা সোধে! আমি
ঈশ্বৰৰ সন্তান, আমাক কি আনন্দৰ বতৰা সোধে। চিন্তা আছিল সিপাৰৰ ব্ৰহ্মত থকা পিতাৰ,
তেওঁক পাই গ'লোঁ, তাৰপাছত কিহৰ চিন্তা! এইটো সদায় স্মৃতিত ৰাখিব লাগে - আমি কাৰ
সন্তান! এইটোও বুদ্ধিত জ্ঞান আছে - যে যেতিয়া আমি পাৱন হৈ যাম তেতিয়া আকৌ যুদ্ধ
আৰম্ভ হৈ যাব। গতিকে যেতিয়াই তোমালোকক কোনোবাই সোধে যে তোমালোক সন্তুষ্ট আৰু
আনন্দিত হৈ আছানে? তেতিয়া ক’বা আমিতো সদায় সন্তুষ্ট আৰু আনন্দিত। বেমাৰো যদি হয়
তেতিয়াও পিতাৰ স্মৃতিত থাকা। তোমালোক স্বৰ্গতকৈও বেছি সন্তুষ্ট আৰু আনন্দিত ইয়াত
হোৱা। যেতিয়া স্বৰ্গৰ বাদশ্বাহী দিওঁতা পিতাক পাইছোঁ, যিয়ে আমাক ইমান উপযুক্ত কৰি
তোলে তেন্তে আমাৰ কি চিন্তা থাকিল! ঈশ্বৰৰ সন্তানসকলৰ কি চিন্তা! তাত দেৱতাসকলৰো
কোনো চিন্তা নাই। দেৱতাসকলৰ ওপৰততো আছে শিৱবাবা। তেন্তে ঈশ্বৰৰ সন্তানসকলৰ কি চিন্তা
থাকিব পাৰে। বাবাই আমাক পঢ়ায়। বাবা আমাৰ শিক্ষক, সৎগুৰু হয়। বাবাই আমাৰ শিৰত মুকুট
ৰাখিছে, আমি মুকুটধাৰী হৈ আছোঁ। তোমালোকে জানা আমি বিশ্বৰ মুকুট কেনেকৈ পাওঁ। পিতাই
মুকুট নিপিন্ধে। এইটোও তোমালোকে জানা সত্যযুগত পিতাই নিজৰ মুকুট নিজৰ সন্তানসকলৰ
শিৰত ৰাখে, যাক ইংৰাজীত ‘ক্ৰাউন প্ৰিঞ্চ’ (মুকুটধাৰী ৰাজকুমাৰ) বুলি কয়। ইয়াত
যেতিয়ালৈকে পিতাৰ মুকুট নাপায় তেতিয়ালৈকে সন্তানসকলৰ উৎকণ্ঠা হৈ থাকে - কেতিয়া পিতা
মৰিব আৰু মুকুট মোৰ শিৰত আহিব। আশা থাকিব ৰাজকুমাৰৰ পৰা মহাৰজা হওঁ। তাততো এনেকুৱা
কথা নাথাকে। নিজৰ সময়ত নিয়ম অনুসৰি পিতাই সন্তানক মুকুট পিন্ধাই পাছত একাষৰীয়া হৈ
যায়। তাত বানপ্ৰস্থৰ বিষয়ে চৰ্চা নহয়। সন্তানসকলক মহল আদি নিৰ্মাণ কৰি দিয়ে, আশা
সকলোবোৰ পূৰ্ণ হৈ যায়। তোমালোকে বুজিব পাৰা সত্যযুগত সুখেই সুখ। বাস্তৱত সকলো সুখ
তেতিয়া পাবা যেতিয়া তালৈ যাবা। সেয়াতো তোমালোকেহে জানা, স্বৰ্গত কি হ'ব? এটা শৰীৰ
এৰি পুনৰ ক'লৈ যাবা? এতিয়া তোমালোকক বাস্তৱত পিতাই পঢ়াই আছে। তোমালোকে জানা আমি
সঁচাকৈ স্বৰ্গলৈ যাম। তেওঁলোকেতো কৈ দিয়ে আমি স্বৰ্গলৈ যাওঁ, গমেই নাপায় যে স্বৰ্গ
কাক কোৱা হয়। জন্ম-জন্মান্তৰ এই অজ্ঞানতাৰ কথাবোৰ শুনি আহিছে, এতিয়া পিতাই তোমালোকক
সত্য কথা শুনায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
সন্তুষ্ট আৰু আনন্দিত হৈ থাকিবৰ কাৰণে পিতাৰ স্মৃতিত থাকিব লাগে। পঢ়াৰ দ্বাৰা নিজৰ
ওপৰত ৰজাৰ মুকুট ধাৰণ কৰিব লাগে।
(2) শ্ৰীমতত ভাৰতক
স্বৰ্গ কৰি তোলাৰ সেৱা কৰিব লাগে। সদায় শ্ৰীমতৰ সন্মান ৰাখিব লাগে।
বৰদান:
শ্ৰেষ্ঠ
ভাগ্যৰ স্মৃতিৰ দ্বাৰা নিজৰ সমৰ্থ স্বৰূপত থাকোঁতা সূৰ্যবংশী পদৰ অধিকাৰী হোৱা
যিসকলে নিজৰ শ্ৰেষ্ঠ
ভাগ্যক সদায় স্মৃতিত ৰাখে তেওঁলোক সমৰ্থ স্বৰূপত থাকে। তেওঁলোকৰ সদায় নিজৰ অনাদি
প্ৰকৃত স্বৰূপ স্মৃতিত থাকে। কেতিয়াও কৃত্ৰিম মুখাবয়ব ধাৰণ নকৰে। বহু ক্ষেত্ৰত
মায়াই কৃত্ৰিম গুণ আৰু কৰ্তব্যৰ স্বৰূপ কৰি দিয়ে। কাৰোবাক ক্ৰোধী, কাৰোবাক লোভী,
কাৰোবাক দুখী, কাৰোবাক অশান্ত কৰি দিয়ে - কিন্তু প্ৰকৃত স্বৰূপ এই সকলো কথাৰ পৰা
উৰ্দ্ধত। যিসকল সন্তানে নিজৰ প্ৰকৃত স্বৰূপত স্থিৰ হৈ থাকে তেওঁলোক সূৰ্যবংশী পদৰ
অধিকাৰী হৈ যায়।
স্লোগান:
সকলোৰে প্ৰতি দয়া কৰোঁতা হোৱা তেতিয়া অহংকাৰ আৰু ভ্ৰম সমাপ্ত হৈ যাব।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
যিহেতু তোমালোকৰ ৰচনা
পদুম ফুল পানীত থাকিও পানীৰ বন্ধনৰ পৰা মুক্ত হৈ থাকে তেন্তে যেতিয়া ৰচনাৰ এইটো
বিশেষত্ব আছে তেন্তে মাষ্টৰ ৰচয়িতাৰ থাকিব নোৱাৰে জানো? যেতিয়া কেতিয়াবা বন্ধনত
আৱদ্ধ হৈ যোৱা তেতিয়া নিজৰ সন্মুখত পদুম ফুলৰ দৃষ্টান্ত ৰাখা যে যেনেস্থলত পদুম ফুল
বোকা-পানীৰ পৰা পৃথক আৰু সকলোৰে প্ৰিয় হ’ব পাৰে তেনেস্থলত মাষ্টৰ সৰ্বশক্তিমান হ’ব
নোৱাৰিম জানো! তেতিয়া সদাকালৰ বাবে তেনেকুৱা হৈ যাবা।