13.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা যি হয়, যেনেকুৱা হয়, তেওঁক যথাৰ্থ ৰীতিৰে জানি স্মৰণ কৰিবা, এইটোৱে মুখ্য কথা,
মনুষ্যক এই কথাটি বহুত যুক্তি সহকাৰে বুজাব লাগে"
প্ৰশ্ন:
গোটেই বিশ্বৰ
কাৰণে কোনটো পাঠ তোমালোকে ইয়াতে পঢ়া?
উত্তৰ:
গোটেই বিশ্বৰ কাৰণে এইটোৱে পাঠ যে তোমালোক সকলো আত্মা। আত্মা বুলি বুজি পিতাক স্মৰণ
কৰিলে পাৱন হৈ যাবা। গোটেই বিশ্বৰ যিজন পিতা তেওঁ সকলোকে পাৱন কৰি তুলিবলৈ এবাৰেই
আহে। তেৱেঁই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিয়ে সেয়েহে বাস্তৱত এইখনেই একমাত্ৰ বিশ্ব
বিদ্যালয় - এই কথাটি সন্তানসকলে স্পষ্ট কৰি বুজাব লাগে।
ওঁম্শান্তি।
ভগৱানুবাচ (ভগৱানে
কয়) - এতিয়া এয়াতো আত্মিক সন্তানসকলে বুজি পায় যে ভগৱান কোন। ভাৰতত কোনেও যথাৰ্থ
ৰীতিৰে নাজানে। কয়ো যে মই যি হওঁ, যেনেকুৱা হওঁ মোক যথাৰ্থ ৰীতিৰে কোনেও নাজানে।
তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে বুজি পায়। যদিও ইয়াত থাকে,
কিন্তু যথাৰ্থ ৰীতিৰে নাজানে। যথাৰ্থ ৰীতিৰে জানি লৈ পিতাক স্মৰণ কৰা বৰ কঠিন। যদিও
সন্তানসকলে কয় যে বহুত সহজ কিন্তু মই যি হওঁ সেয়া জানি মোক পিতাক নিৰন্তৰ স্মৰণ
কৰিব লাগে। বুদ্ধিত এইটো যুক্তি থাকে যে মই আত্মা অতি সূক্ষ্ম। মোৰ পিতাও সূক্ষ্ম
বিন্দু। আধাকল্পতো কোনেও ভগৱানৰ নামো নলয়। দুখতহে স্মৰণ কৰে - হে ভগৱান! এতিয়া
ভগৱান কোন, এয়াতো কোনো মনুষ্যই বুজি নাপায়। এতিয়া মনুষ্যক কেনেকৈ বুজাম - ইয়াৰ ওপৰত
বিচাৰ সাগৰ মন্থন কৰিব লাগে। নামো লিখা আছে - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয়
বিশ্ব বিদ্যালয়। এই ক্ষেত্ৰতো বুজি নাপায় যে এয়া আত্মিক বেহদৰ পিতাৰ ঈশ্বৰীয় বিশ্ব
বিদ্যালয়। এতিয়া কি নাম ৰখা যায় যাতে মনুষ্যই তৎক্ষণাৎ বুজি পায়? কেনেকৈ মনুষ্যক
বুজোৱা যায় যে এইখন বিশ্ব বিদ্যালয়? ‘বিশ্ব’ৰ পৰা বিশ্ব বিদ্যালয় শব্দটি ওলাইছে।
বিশ্ব অৰ্থাৎ গোটেই সৃষ্টি, তাৰ নাম ৰখা হৈছে - বিশ্ব বিদ্যালয়, য’ত সকলো মনুষ্যই
পঢ়িব পাৰে। বিশ্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিশ্ব বিদ্যালয় আছে। এতিয়া বাস্তৱত বিশ্বৰ
কাৰণেতো এজন পিতাহে আহে, তেওঁৰ এয়া এখনেই বিশ্ব বিদ্যালয়। লক্ষ্য-উদেশ্যও এটাই।
পিতাহে আহি গোটেই বিশ্বক পাৱন কৰি তোলে, যোগ শিকায়। এয়াতো সকলো ধৰ্মাৱলম্বী লোকৰ
কাৰণে। এনেকৈ কয় যে নিজক আত্মা বুলি বুজা, গোটেই বিশ্বৰ পিতা হৈছে - নিৰাকাৰ ঈশ্বৰ
পিতা, তেন্তে কিয়নো ইয়াৰ নাম “আধ্যাত্মিক নিৰাকাৰ ঈশ্বৰ পিতাৰ আধ্যাত্মিক বিশ্ব
বিদ্যালয়” ৰখা নহয়। বিচাৰ কৰা হয়। মনুষ্য এনেকুৱা যে গোটেই বিশ্বত এজনেও পিতাক চিনি
নাপায়। ৰচয়িতাক জানিলেহে ৰচনাকো জানিব। ৰচয়িতাৰ দ্বাৰাহে ৰচনাক জানিব পৰা যায়।
পিতাই সন্তানসকলক সকলোবোৰ বুজাই দিব। অন্য কোনেও নাজানে। ঋষি-মুনিয়েও নাজানো নাজানো
বুলি কৈ গ'ল। সেয়েহে পিতাই কয় - তোমালোকৰ প্ৰথমে এই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাছিল।
এতিয়া ৰচয়িতাই বুজাইছে। পিতাই কয় - মোক সকলোৱে আহ্বানো জনায় যে আহি আমাক সুখ-শান্তি
দিয়ক কিয়নো এতিয়া দুখ-অশান্তি আছে। তেওঁৰ নামেই হৈছে দুখ-হৰ্তা, সুখ-কর্তা। তেওঁনো
কোন? ভগৱান। তেওঁ কেনেকৈ দুখ হৰণ কৰি সুখ দিয়ে, এইটো কোনেও নাজানে। গতিকে স্পষ্টকৈ
লিখিব লাগে যাতে মনুষ্যই বুজি পায় যে নিৰাকাৰ ঈশ্বৰ পিতাইহে এই জ্ঞান দিয়ে। এনেকৈ
বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাই বুজায় - সকলো মনুষ্যই পাথৰ বুদ্ধিৰ। এতিয়া
তোমালোকক পাৰস বুদ্ধিৰ কৰি আছে। বাস্তৱত পাৰস বুদ্ধিৰ বুলি তেওঁলোকক কোৱা হয় যিসকলে
কমেও 50 কৈ অধিক নম্বৰ ল’ব। অনুত্তীৰ্ণ হোৱাসকল পাৰস বুদ্ধিৰ নহয়। ৰামেও কম নম্বৰ
ল’লে সেইবাবেতো ক্ষত্ৰিয় হিচাপে দেখুৱাইছে। এইটোও কোনেও বুজি নাপায় যে ৰামৰ হাতত
ধনুকাঁড় কিয় দেখুৱাইছে? শ্ৰীকৃষ্ণৰ হাতত স্বদৰ্শন চক্ৰ দেখুৱাইছে যে তেওঁ সকলোকে বধ
কৰিলে আৰু ৰামৰ হাতত ধনুকাঁড় দেখুৱাইছে। এখন বিশেষ আলোচনী ওলায়, য’ত দেখুৱাইছে -
শ্ৰীকৃষ্ণই কেনেকৈ স্বদৰ্শন চক্ৰৰে অকাসুৰ-বকাসুৰ আদিক বধ কৰে। দুয়োজনকে হিংসক কৰি
দিছে আকৌ আৰুহে দ্বৈত হিংসক কৰি দিছে। এনেকৈ কয় যে তেওঁলোকৰো সন্তান জন্ম নহ’ল জানো।
হেৰ’ তেওঁলোক হয়েই নির্বিকাৰী দেৱী-দেৱতা। তাত ৰাৱণ ৰাজ্যই নাই। এই সময়ত ৰাৱণ
সম্প্ৰদায় বুলি কোৱা হয়।
এতিয়া তোমালোকে বুজোৱা
যে আমি যোগবলৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী লওঁ তেন্তে যোগবলেৰে জানো সন্তান হ’ব নোৱাৰে।
সেইখন হয়েই নির্বিকাৰী সৃষ্টি। এতিয়া তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। এনেকৈ যথা
ৰীতি বুজাব লাগে যাতে মনুষ্যই বুজি পায় এওঁলোকৰ পূৰা জ্ঞান আছে। অলপো যদি এই কথা
বুজি পায় তেন্তে বুজিবা যে এওঁ ব্ৰাহ্মণ কুলৰ। কিছুমানৰ ক্ষেত্ৰত তৎক্ষণাৎ বুজিব
পাৰি - এওঁ ব্ৰাহ্মণ কুলৰ নহয়। অনেক প্ৰকাৰৰ লোক আহে নহয়। গতিকে তোমালোকে
“আধ্যাত্মিক নিৰাকাৰ ঈশ্বৰ পিতাৰ আধ্যাত্মিক বিশ্ব বিদ্যালয়” বুলি লিখি চোৱা, কি হয়?
বিচাৰ সাগৰ মন্থন কৰি শব্দ মিলাবলগীয়া হয়, এই ক্ষেত্ৰত লিখিবলৈ বহুত যুক্তি লাগে
যাতে মনুষ্যই বুজি পায় যে ইয়াত এই জ্ঞান ঈশ্বৰ পিতাই বুজায় অথবা ৰাজযোগ শিকায়। এই
শব্দবোৰো গতানুগতিক। এক চেকেণ্ডত জীৱনমুক্তি দৈৱী সাম্ৰাজ্য। এনেকুৱা শব্দ হ’ব লাগে
যাতে মনুষ্যৰ বুদ্ধিত ধাৰণ হয়। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা হয়। মনমনাভৱৰ
অর্থ হৈছে - পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোক হৈছা ব্ৰহ্মা মুখ বংশাৱলী
ব্ৰাহ্মণ কুল ভূষণ, স্বদৰ্শন চক্ৰধাৰী। এতিয়া তেওঁলোকেতো স্বদৰ্শন চক্ৰ বিষ্ণুৰ
হাতত দেখুৱায়। শ্ৰীকৃষ্ণৰো 4 খন হাত দেখুৱায়। এতিয়া তেওঁৰ 4 খন হাত কেনেকৈ হ’ব পাৰে?
বাবাই কিমান সুন্দৰকৈ বুজায়। সন্তানসকল বহুত বিশাল বুদ্ধিৰ, পাৰস বুদ্ধিৰ হ’ব লাগে।
সত্যযুগত যেনেকুৱা ৰজা-ৰাণী তেনেকৈ প্ৰজাকো পাৰস বুদ্ধিৰ বুলি ক’ব নহয়। সেইখন হৈছে
পাৰস সৃষ্টি, এইখন হৈছে পাথৰৰ সৃষ্টি। তোমালোকে মনুষ্যৰ পৰা দেৱতা হ’বলৈ এই জ্ঞান
পোৱা। তোমালোকে নিজৰ ৰাজ্য শ্ৰীমতৰ দ্বাৰা পুনৰায় স্থাপনা কৰি আছা। বাবাই আমাক
যুক্তি শুনায় যে ৰজা-মহাৰজা কেনেকৈ হ’ব পাৰা? তোমালোকৰ বুদ্ধিত এই জ্ঞান ভৰি যায়
আনক বুজাবৰ কাৰণে। সৃষ্টি চক্ৰৰ ওপৰত বুজাবলৈ বহুত সহজ। এই সময়ত জনসংখ্যা চোৱা
কিমান! সত্যযুগত জনসংখ্যা কিমান কম হয়। সংগমতো আছে নহয়। ব্ৰাহ্মণতো কমসংখ্যক হ’ব।
ব্ৰাহ্মণৰ যুগেই সৰু। ব্ৰাহ্মণৰ পাছত হৈছে দেৱতা, আকৌ বৃদ্ধি হৈ গৈ থাকে। লুটি বাগৰ
মৰা খেল নাই জানো। গতিকে ছিৰিৰ চিত্ৰৰ লগত বিৰাট ৰূপো যদি থাকে তেতিয়া বুজাবলৈ
স্পষ্ট হ’ব। যিসকল তোমালোকৰ কুলৰ হ’ব তেওঁলোকৰ বুদ্ধিত ৰচয়িতা আৰু ৰচনাৰ জ্ঞান সহজে
ধাৰণ হৈ যাব। তেওঁলোকৰ চেহেৰাৰ পৰাই বুজিব পাৰি যে তেওঁলোক আমাৰ কুলৰ হয় নে নহয়? যদি
নহয় তেন্তে গৰম তাৱাৰ দৰে শুনিব (ধাৰণ নহ’ব)। যি বুদ্ধিমান হ’ব তেওঁ ধ্যান দি শুনিব।
এবাৰ যদি কাৰোবাৰ পূৰা তীৰ লাগি যায় তেতিয়া আহি থাকিব। কোনোবাই প্রশ্ন সুধিব আৰু
কোনোবা ভাল ফুল হ’লে নিতৌ নিজেই আহি পূৰা বুজি গুচি যাব। চিত্ৰৰ দ্বাৰা যিকোনো লোকে
বুজিব পাৰে। এয়াতো যথাযথ পিতাই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। কিছুমানে
নোসোধাকৈয়ে নিজে বুজি গৈ থাকিব। কিছুমানেতো বহুত সুধি থাকিব, একোৱে বুজি নাপাব। আকৌ
বুজাবলগীয়া হয়, হৈ-চৈতো কৰিব নালাগে। আকৌ ক’ব ঈশ্বৰে তোমালোকক ৰক্ষাও নকৰে! এতিয়া
তেওঁ কি ৰক্ষা কৰে সেয়াতো তোমালোকে জানা। প্ৰত্যেকে নিজৰ কৰ্মৰ হিচাপ-নিকাচতো
নিষ্পত্তি কৰিব লাগে। এনেকুৱা বহুত আছে, শৰীৰ বেয়া হ’লে কয় ৰক্ষা কৰক। পিতাই কয় -
মইতো পতিতক পাৱন কৰিবলৈ আহোঁ। সেইটো কাম তোমালোকেও শিকা। পিতাই 5 বিকাৰৰ ওপৰত বিজয়ী
কৰি তোলে গতিকে আৰু বেছি তীব্ৰতাৰে বিকাৰে আগভেটি ধৰিব। বিকাৰৰ ধুমুহা বহুত জোৰেৰে
আহে। পিতাইতো কয় - পিতাৰ হোৱাৰ লগে লগে এই সকলো বেমাৰ জাগি উঠিব, ধুমুহা জোৰেৰে
আহিব। পূৰা মুষ্টিযুদ্ধ হয়। ভাল ভাল পালোৱানকো পৰাজিত কৰি দিয়ে। এনেকৈ কয় -
নিবিচাৰিলেও কুদৃষ্টি হৈ যায়, ৰেজিষ্টাৰ বেয়া হৈ যাব। কুদৃষ্টি দিয়াসকলৰ লগত কথা
পাতিব নালাগে। বাবাই সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক বুজাই আছে যে কুদৃষ্টিৰ লোক বহুত
আছে, নাম শুনালে আৰু বিশ্বাসঘাতক হৈ যাব। নিজৰ নাশ কৰাজনে ওলোটা কাম কৰিবলৈ লাগি
যায়। কাম বিকাৰে নাকত ধৰি লয়। মায়াই এৰি নিদিয়ে, কুকৰ্ম, কুদৃষ্টি, বেয়া বচন ওলাই
যায়, বেয়া চলন হৈ যায় সেয়েহে বহুত সাৱধান হৈ থাকিব লাগে।
তোমালোক সন্তানসকলে
যেতিয়া প্ৰদৰ্শনী আদি কৰা তেতিয়া এনেকুৱা যুক্তি ৰচা যাতে যিকোনো লোকে সহজতে বুজিব
পাৰে। এই গীতা জ্ঞান স্বয়ং পিতাই পঢ়াই আছে, ইয়াত কোনো শাস্ত্ৰ আদিৰ কথা নাই। এয়াতো
হৈছে পঢ়া। ‘গীতা’ পুথিতো ইয়াত নাই। পিতাই পঢ়ায়। হাতত কিতাপ লয় জানো। তেন্তে আকৌ এই
‘গীতা’ নামটি ক’ৰ পৰা আহিল? এই সকলো ধর্মশাস্ত্ৰ পাছত ৰচনা কৰা হয়। কিমান অনেক
মঠ-পন্থ আছে। সকলোৰে নিজা নিজা শাস্ত্ৰ আছে। যি ঠাল-ঠেঙুলি আছে, সৰু সৰু মঠ-পন্থ আছে,
তেওঁলোকৰো নিজা নিজা শাস্ত্ৰ আছে। গতিকে সেই সকলোবোৰ হৈ গ'ল সতি-সন্ততি। সেইবোৰৰ
দ্বাৰাতো মুক্তি পাব নোৱাৰি। সৰ্বশাস্ত্ৰৰ ভিতৰত শিৰোমণি বুলি ‘গীতা’কে কোৱা হয়।
‘গীতা’ৰো জ্ঞান শুনাওঁতা থাকিব নহয়। এই জ্ঞান পিতাহে আহি দিয়ে। কোনো শাস্ত্ৰ আদি
হাতত আছে জানো। ময়ো শাস্ত্ৰ পঢ়া নাই, তোমালোককো নপঢ়াওঁ। তেওঁ (ব্ৰহ্মাই) শিকে,
শিকায়ো। ইয়াত শাস্ত্ৰৰ কথা নাই। পিতা হৈছে জ্ঞানৱান। মই তোমালোকক সকলো বেদ-শাস্ত্ৰৰ
সাৰ শুনাওঁ। মুখ্য হৈছে 4টা ধর্মৰ 4 খন ধৰ্মশাস্ত্ৰ। ব্ৰাহ্মণ ধর্মৰ কোনো গ্ৰন্থ আছে
জানো? কিমান বুজিবলগীয়া কথা। এই সকলোবোৰ পিতাই বহি বিশদভাৱে বুজায়। মনুষ্য সকলো
পাথৰ বুদ্ধিৰ সেইবাবেতো ইমান কঙাল গৈ গৈছে। দেৱতাসকল স্বৰ্ণীম যুগত আছিল, তাত সোণৰ
মহল আছিল, সোণৰ খনি আছিল। এতিয়াতো বিশুদ্ধ সোণ নাই। গোটেই কাহিনী ভাৰতক লৈয়ে।
তোমালোক দেৱী-দেৱতাসকল পাৰস বুদ্ধিৰ আছিলা, বিশ্বত ৰাজ্য কৰিছিলা। এতিয়া স্মৃতি উদয়
হৈছে যে আমি স্বৰ্গৰ মালিক আছিলোঁ আকৌ নৰকৰ মালিক হলোঁ। এতিয়া আকৌ পাৰস বুদ্ধিৰ হৈ
যাওঁ। এই জ্ঞান তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যি আকৌ আনকো বুজাব লাগে। ড্ৰামা
অনুসৰি ভূমিকা চলি থাকে, যি সময় পাৰ হৈ যায় সেয়া সঠিক তথাপিও পুৰুষাৰ্থতো কৰাব।
যিসকল সন্তানৰ নিচা আছে যে স্বয়ং ভগৱানে আমাক স্বৰ্গৰ মালিক কৰি তুলিবৰ কাৰণে
পুৰুষাৰ্থ কৰায় তেওঁলোকৰ চেহেৰা অতি উত্তম আনন্দময় হৈ থাকে। পিতা আহেও সন্তানসকলক
পুৰুষাৰ্থ কৰাবলৈ, প্ৰালব্ধৰ কাৰণে। এয়া তোমালোকে জানা, জগতৰ কোনোবাই জানে জানো।
স্বৰ্গৰ মালিক কৰি তুলিবলৈ ভগৱানে পুৰুষাৰ্থ কৰায় তেন্তে আনন্দিত হ’ব নালাগে জানো।
চেহেৰা অতি উত্তম, আনন্দময় হ’ব লাগে। পিতাৰ স্মৃতিত তোমালোক সদায় হৰ্ষিত হৈ থাকিবা।
বাবাক পাহৰিলেই জঁই পৰি যোৱা। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিলৈ আনিলে আনন্দময় হৈ যায়।
প্ৰত্যেকৰে সেৱাৰ পৰা বুজা যায়। পিতাই সন্তানসকলৰ সুবাসতো পায় নহয়। সু-সন্তানৰ পৰা
সুবাস আহে, কু-সন্তানৰ পৰা দুৰ্গন্ধ আহে। বাগিচাত সুবাসিত ফুলহে ল’বলৈ মন যাব। আকন
কোনে ল’ব! পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ
মুষ্টিযুদ্ধত পৰাজিত হ’ব নালাগে। ধ্যান দিব লাগে যাতে কেতিয়াও মুখেৰে কটু বচন
উচ্চাৰিত নহয়, কু-দৃষ্টি, কু-চলন, কু-কৰ্ম হৈ নাযায়।
(2) অতি উত্তম
সুবাসিত ফুল হ’ব লাগে, নিচা থাকিব লাগে যে স্বয়ং ভগৱানে আমাক পঢ়ায়। পিতাৰ স্মৃতিত
থাকি সদায় হৰ্ষিত হৈ থাকিব লাগে, কেতিয়াও জঁই পৰি যাব নালাগে।
বৰদান:
প্ৰত্যাহ্বান
আৰু বাস্তিৱকতাৰ সমানতাৰ দ্বাৰা নিজক পাপৰ পৰা সুৰক্ষিত কৰি ৰাখোঁতা বিশ্ব সেৱাধাৰী
হোৱা
তোমালোক সন্তানসকলে
যি প্ৰত্যাহ্বান জনোৱা সেই প্ৰত্যাহ্বান আৰু বাস্তৱিক জীৱনত সমানতা থাকিব লাগে,
নহ’লে পুণ্য আত্মাৰ সলনি বোজাধাৰী আত্মা হৈ যাবা। এই পাপ আৰু পুণ্যৰ গতিক জানি নিজক
সুৰক্ষিত কৰি ৰাখা কিয়নো সংকল্পতো কোনো ধৰণৰ বিকাৰৰ দুৰ্বলতা, ব্যৰ্থ বাণী, ব্যৰ্থ
ভাৱনা, ঘৃণা বা ঈৰ্ষাৰ ভাৱনাই পাপৰ হিচাপ বঢ়ায় সেই কাৰণে “পুণ্য আত্মা হোৱা”ৰ
বৰদানৰ দ্বাৰা নিজক সুৰক্ষিত কৰি ৰাখি বিশ্ব সেৱাধাৰী হোৱা। সংগঠন ৰূপত একমন, একৰস
স্থিতিৰ অনুভৱ কৰোৱা।
স্লোগান:
পৱিত্ৰতাৰ দীপক চাৰিওফালে জ্বলোৱা তেতিয়া পিতাক সহজে প্ৰত্যক্ষ কৰিব পাৰিব।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
প্ৰত্যক্ষতাৰ পতাকা
উত্তোলন কৰাৰ পূৰ্বে কেৱল দুটা শব্দ প্ৰতিটো কৰ্মত ধাৰণ কৰা। এটা হৈছে - সৰ্ব
সম্বন্ধ, সম্পৰ্কত পৰস্পৰ একতা। অনেক সংস্কাৰ হোৱা সত্ত্বেও, বিচিত্ৰতাত একতা আৰু
দৃঢ়তা এয়াই সফলতাৰ সাধন। কেতিয়াবা কেতিয়াবা একতা থৰক-বৰক হৈ যায়। এওঁ কৰিলেহে, মই
কৰিম... নহয়। তোমালোকৰ শ্লোগান হৈছে স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন, বিশ্ব
পৰিৱৰ্তনৰ দ্বাৰা স্ব-পৰিৱৰ্তন নহয়।