13.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পদৰ আধাৰ হ’ল অধ্যয়ন, যিসকল পুৰণা ভক্ত হ’ব তেওঁলোকে ভালকৈ পঢ়িব আৰু পদো উচ্চ
প্ৰাপ্ত কৰিব”
প্ৰশ্ন:
যিসকল পিতাৰ
স্মৃতিত থাকে তেওঁলোকৰ চিন কি হ’ব?
উত্তৰ:
স্মৃতিত থকাসকলৰ ভাল গুণ থাকিব। তেওঁলোক পৱিত্ৰ হৈ গৈ থাকিব। সভ্যতা আহি থাকিব।
পৰস্পৰ মিলাপ্ৰীতিৰে থাকিব, অন্যক চোৱাৰ পৰিৱৰ্তে নিজক চাব। তেওঁলোকৰ বুদ্ধিত থাকিব
- যিয়ে কৰিব তেৱেঁ পাব।
ওঁম্শান্তি।
সন্তানসকলক
বুজোৱা হৈছে যে ভাৰতৰ যি আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছে, তাৰ শাস্ত্ৰ হৈছে ‘গীতা’।
এই ‘গীতা’ কোনে শুনালে, এয়া কোনেও নাজানে। এয়া হৈছে জ্ঞানৰ কথা। বাকী এই ‘হোলী’ আদি
কোনো নিজৰ উৎসৱ নহয়, এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ উৎসৱ। উৎসৱ যদি আছে তেন্তে সেয়া
হৈছে কেৱল ত্ৰিমূৰ্তি শিৱজয়ন্তী। বচ্। কেৱল শিৱজয়ন্তী বুলি কেতিয়াও ক’ব নালাগে।
ত্ৰিমূৰ্তি শব্দটি উল্লেখ নকৰাৰ কাৰণে মনুষ্যই বুজি নাপায়। যেনেকৈ ত্ৰিমূৰ্তিৰ
চিত্ৰ আছে তলত লিখা থাকিব লাগে যে দৈৱী স্বৰাজ্য আপোনাৰ জন্ম সিদ্ধ অধিকাৰ। শিৱ
ভগৱান পিতাও হয় নহয়। নিশ্চয় আহে, আহি স্বৰ্গৰ মালিক কৰি তোলে। ৰাজযোগ শিকা বাবেই
স্বৰ্গৰ মালিক হৈছে। ভিতৰৰ চিত্ৰবোৰত বহুত জ্ঞান আছে। চিত্ৰ এনেকৈ তৈয়াৰ কৰিব লাগে
যাতে মনুষ্যই দেখি আচম্বিত হৈ যায়। সেয়াও যিসকলে বহুত ভক্তি কৰিছে তেওঁলোকে বহুত
ভালকৈ জ্ঞান ধাৰণ কৰিব। কম ভক্তি কৰাসকলে জ্ঞানো কমকৈ ধাৰণ কৰিব সেয়েহে পদো কম পাব।
দাস-দাসীসকলৰ মাজতো ক্ৰমানুসৰি নাথাকে জানো। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকৰ
মাজতো বহুত কম আছে যিয়ে বহুত ভাল যুক্তিৰে বাৰ্তালাপ কৰিব পাৰে। ভাল সন্তানৰ
কৰ্মকাণ্ডও ভাল হ’ব। গুণো ভাল হ’ব লাগে। যিমানে পিতাৰ স্মৃতিত থাকিবা সিমানে পৱিত্ৰ
হৈ গৈ থাকিবা আৰু সভ্যতাও আহিব। কোনো কোনো ক্ষেত্ৰত শূদ্ৰৰ চাল-চলন বহুত ভাল হয় আৰু
ইয়াত ব্ৰাহ্মণ সন্তানসকলৰ চলন এনেকুৱা যে তাৰ কথাই নুসুধিবা, সেই কাৰণে তেওঁলোকেও
কয় - কি এওঁলোকক ভগৱানে পঢ়ায়! গতিকে সন্তানসকলৰ এনেকুৱা চলন হ’ব নালাগে। বহুত
অমায়িক হ’ব লাগে, মিলাপ্ৰীতি থাকিব লাগে। যিয়ে কৰিব তেৱেঁ পাব। নকৰিলে নাপাব।
পিতাইতো ভালদৰে বুজাই থাকে। প্ৰথমেতো বেহদৰ পিতাৰ পৰিচয় দি থাকিব লাগে। ত্ৰিমূৰ্তি
চিত্ৰতো বহুত ভাল – স্বৰ্গ আৰু নৰকো দুয়োফালে আছে। সৃষ্টি চক্ৰতো স্পষ্টকৈ আছে।
যিকোনো ধৰ্মাৱলম্বী লোককে সৃষ্টি চক্ৰ বা বৃক্ষৰ ওপৰত তোমালোকে বুজাব পাৰা - এইটো
হিচাপত আপুনিতো স্বৰ্গ নতুন সৃষ্টিলৈ যাব নোৱাৰিব। যিসকল সকলোতকৈ উচ্চ ধৰ্মৰ আছিল,
সকলোতকৈ চহকী আছিল, তেওঁলোকেই সকলোতকৈ গৰিব হৈ গ’ল। যিসকল সকলোতকৈ প্ৰথমৰ পৰা আছিল,
সংখ্যাও তেওঁলোকৰ বেছি হ’ব লাগিছিল কিন্তু বহুত হিন্দুলোক অন্য ধৰ্মলৈ ধৰ্মান্তৰিত
হৈ গুচি গৈছে। নিজৰ ধৰ্মক নজনাৰ কাৰণে অন্য ধৰ্মলৈ গুচি গ’ল সেয়েহে হিন্দু ধৰ্ম বুলি
কৈ দিয়ে। নিজৰ ধৰ্মকো বুজি নাপায়। ঈশ্বৰক বহুত মিনতি কৰে - হে শান্তি দাতা, কিন্তু
শান্তিৰ অৰ্থ বুজি নাপায়। দুই-এজনক শান্তিৰ পুৰস্কাৰ দি থাকে। ইয়াত তোমালোক বিশ্বত
শান্তি স্থাপনাৰ অৰ্থে নিমিত্ত হোৱা সন্তানসকলক পিতাই বিশ্বৰ ৰাজ্য পুৰস্কাৰ হিচাপে
দিয়ে। এই পুৰস্কাৰো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পোৱা যায়। দিওঁতা হৈছে ভগৱান পিতা।
পুৰস্কাৰ কিমান শ্ৰেষ্ঠ - সূৰ্যবংশী বিশ্বৰ ৰাজ্য! এতিয়া তোমালোক সন্তানসকলৰ
বুদ্ধিত গোটেই বিশ্বৰ ইতিহাস-ভূগোল, বৰ্ণ আদি সকলো আছে। বিশ্বৰ ৰাজ্য ল’বলৈ হ’লে
কিছু পৰিশ্ৰমো কৰিব লাগে। পইণ্টতো বহুত সহজ। শিক্ষকে যি কাম দিয়ে সেয়া কৰি দেখুৱাব
লাগে। তেতিয়া বাবাই চাব যে কাৰ পূৰা জ্ঞান আছে। কিছুমান সন্তানে মুৰুলীৰ প্ৰতিও
ধ্যান নিদিয়ে। নিতৌ মুৰুলী নপঢ়ে। যিয়ে মুৰুলী নপঢ়ে তেওঁ জানো কাৰোবাৰ কল্যাণ কৰিব
পাৰিব! বহুত সন্তান আছে যিয়ে একোৱেই কল্যাণ নকৰে। নিজৰো নকৰে, আনৰো নকৰে সেই কাৰণে
অশ্বাৰোহী, পদাতিক বুলি কোৱা হয়। অতি কমসংখ্যক মহাৰথী আছে, নিজেও বুজি পাব পাৰে যে
কোন কোন মহাৰথী হয়। এনেকৈ কয় - বাবা গুলজাৰক, কুমাৰকাক, মনোহৰক পঠিয়াই দিয়া.. কিয়নো
নিজে অশ্বাৰোহী। তেওঁলোক মহাৰথী। পিতাইতো সকলো সন্তানকে ভালদৰে জানিব পাৰে। কাৰোবাৰ
গ্ৰহচাৰীও বহে নহয়। কেতিয়াবা ভাল ভাল সন্তানো মায়াৰ ধুমুহা আহিলে লক্ষ্যভ্ৰষ্ট হৈ
যায়। জ্ঞানৰ ফালে মনোযোগ নাযায়। বাবাই প্ৰত্যেকৰে সেৱাৰ পৰা জানিব পাৰে নহয়। সেৱা
কৰাজনে নিজৰ পূৰা খবৰ বাবাক দি থাকিব।
তোমালোক সন্তানসকলে
জানা যে ‘গীতা’ৰ ভগৱানে আমাক বিশ্বৰ মালিক কৰি তুলিছে। বহুত আছে যিয়ে ‘গীতা’ আদি
মুখস্থ কৰি লয়, হাজাৰ টকা আয় কৰে। তোমালোক হৈছা ব্ৰাহ্মণ সম্প্ৰদায়ৰ যি পুনৰ দৈৱী
সম্প্ৰদায়ৰ হ’বা। সকলোৱে নিজক ঈশ্বৰৰ সন্তান বুলি কয় আকৌ কৈ দিয়ে আমি সকলো ঈশ্বৰ,
যি মনলৈ আহে কৈ থাকে। ভক্তিমাৰ্গত মনুষ্যৰ অৱস্থা কেনেকুৱা হৈ গ’ল। এই সৃষ্টিখনেই
হৈছে লৌহযুগী, পতিত। তোমালোকে এই চিত্ৰবোৰেৰে বহুত ভালকৈ বুজাব পাৰা। লগতে দৈৱীগুণো
লাগে।
ভিতৰে-বাহিৰে সততা
থাকিব লাগে। আত্মাহে মিছা হৈ গৈছে পুনৰ সত্য পিতাই সত্য কৰি তোলে। পিতা আহি স্বৰ্গৰ
মালিক কৰি তোলে। দৈৱীগুণ ধাৰণ কৰায়। তোমালোক সন্তানসকলে জানা যে আমি এনেকুৱা (লক্ষ্মী-নাৰায়ণ)
গুণৱান হৈ আছোঁ। নিজক পৰীক্ষা কৰি থাকা - মোৰ কোনো আসুৰি অৱগুণতো নাই? আগবাঢ়ি গৈ
থাকোঁতে মায়াৰ এনেকুৱা থাপৰ লাগে যে অনেক বাগৰি যায়।
তোমালোকৰ বাবে এই
জ্ঞান আৰু বিজ্ঞানেই হৈছে ‘হোলী’ (অৰ্থাৎ পৱিত্ৰ হোৱা) আৰু ‘ধুৰিয়া’ (অৰ্থাৎ জ্ঞান
ধাৰণ কৰা)। সেই লোকসকলেও ‘হোলী’ আৰু ‘ধুৰিয়া’ উদ্যাপন কৰে কিন্তু তাৰ অৰ্থ কি, তাকো
কোনেও নাজানে। বাস্তৱত এয়া হৈছে জ্ঞান আৰু বিজ্ঞান, যাৰ দ্বাৰা তোমালোকে নিজক বহু
উচ্চ কৰি তোলা। তেওঁলোকেতো কি কি কৰে, ধুলি চটিয়ায় কিয়নো এয়া হৈছে ৰৌৰৱ নৰক। নতুন
সৃষ্টি স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশৰ কৰ্তব্য চলি আছে। তোমালোক ঈশ্বৰীয়
সন্তানসকলকো মায়াই একদম এনেকুৱা ঘোচা লগাই দিয়ে যে একেবাৰে পিটনিত বাগৰি পৰে। তেতিয়া
তাৰ পৰা ওলাই অহা বহুত কঠিন হয়, ইয়াত আশীৰ্বাদ আদিৰ কোনো কথা নাথাকে। তেনে অৱস্থাত
এইফালে কাচিৎহে উন্নতি কৰিব পাৰে সেইবাবে বহুত সাৱধান হ’ব লাগে। মায়াৰ আক্ৰমণৰ পৰা
ৰক্ষা পাবলৈ হ’লে কেতিয়াও দেহ-অভিমানত আৱদ্ধ নহ’বা। সদায় খবৰদাৰ, সকলো ভাই-ভনী।
বাবাই যি শিকাইছে সেয়াই ভগ্নীসকলে শিকায়। মহিমা পিতাৰেই, ভগ্নীসকলৰ নহয়। ব্ৰহ্মাৰো
মহিমা নাই। এৱোঁ পুৰুষাৰ্থ কৰি শিকিছে। ভালকৈ পুৰুষাৰ্থ কৰা মানে নিজৰে কল্যাণ কৰা।
আমাকো শিকায় গতিকে আমিও নিজৰ কল্যাণ কৰিব লাগে।
আজি ‘হোলী’, এতিয়া
‘হোলী’ৰ জ্ঞানো শুনাই থাকে। জ্ঞান আৰু বিজ্ঞান। পঢ়াক জ্ঞান বুলি কোৱা হয়। বিজ্ঞান
কি বস্তু, কোনেও নাজানে। বিজ্ঞান হৈছে জ্ঞানৰো সিপাৰে। জ্ঞান তোমালোকে ইয়াত পোৱা,
যাৰ দ্বাৰা তোমালোকে প্ৰালব্ধ লাভ কৰা। বাকী সেয়া হৈছে শান্তিধাম। ইয়াত ভূমিকা পালন
কৰি ভাগৰি গ’লে তেতিয়া শান্তিত যাব বিচাৰে। এতিয়া তোমালোকৰ বুদ্ধিত এই চক্ৰৰ জ্ঞান
আছে। এতিয়া আমি স্বৰ্গলৈ যাম তাৰ পাছত 84 জন্ম লৈ নৰকত আহিম। পুনৰ সেই একেই অৱস্থা
হ’ব, এয়া চলিয়েই থাকিব। ইয়াৰ পৰা কোনেও অব্যাহতি পাব নোৱাৰে। কোনোৱে কয় - এই ড্ৰামা
ৰচাই বা কিয় হৈছে? হেৰ’, এয়াতো হৈছে নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ খেল। অনাদি ৰচি
থোৱা আছে। বৃক্ষৰ ওপৰত বুজাবলৈ অতি সহজ। সৰ্বপ্ৰথম মুখ্য কথা হৈছে পিতাক স্মৰণ কৰা
তেতিয়া পাৱন হৈ যাবা। আগলৈ গম পাই গৈ থাকিবা - কোন কোন এই কুলৰ হয় যিসকল আন ধৰ্মত
ধৰ্মান্তৰিত হৈ গ’ল, সেই সকলো ওলাই আহি থাকিব। যেতিয়া সকলো আহিব তেতিয়া মনুষ্যই
আচম্বিত হ’ব। সকলোকে এইটোৱেই ক’ব লাগে যে দেহ-অভিমান এৰি আত্ম-অভিমানী হোৱা।
তোমালোকৰ বাবে পঢ়াই হৈছে ডাঙৰ উৎসৱ। যাৰ দ্বাৰা তোমালোকৰ কিমান উপাৰ্জন হয়। সেই
লোকসকলে এই উৎসৱসমূহ পালন কৰাত কিমান পইচা আদি অপচয় কৰে, কিমান কাজিয়া আদি হয়।
পঞ্চায়তী (পাঁচ বিকাৰৰ) ৰাজ্যত কিমান কাজিয়াই কাজিয়া, কাৰোবাক ঘোচ দি হ’লেও মাৰি
পেলাবলৈ চেষ্টা কৰে। এনেকুৱা বহুত ঘটনা ঘটি থাকে। সন্তানসকলে জানে সত্যযুগত কোনো
উপদ্ৰৱ নহয়েই। ৰাৱণৰাজ্যততো বহুত উপদ্ৰৱ। এতিয়া তমোপ্ৰধান নহয় জানো। ইজনৰ লগত সিজনৰ
মত নিমিলাৰ কাৰণে কিমান কাজিয়া হয় সেইবাবে পিতাই বুজাই থাকে এই পুৰণি সৃষ্টিক পাহৰি
অকলশৰীয়া হৈ যোৱা, ঘৰক স্মৰণ কৰা। নিজৰ সুখধামক স্মৰণ কৰা, কাৰো সৈতে বেছিকৈ কথাও
নাপাতিবা, নহ’লে লোকচান হৈ যায়। অতি অমায়িক হৈ শান্তিৰে, স্নেহেৰে বাৰ্তালাপ কৰাতো
ভাল। বেছিকৈ বাৰ্তালাপ নকৰাই ভাল। শান্তিত থকাতো সকলোতকৈ ভাল। তোমালোক সন্তানসকলতো
শান্তিৰে বিজয় প্ৰাপ্ত কৰা। একমাত্ৰ পিতাৰ বাহিৰে কাৰো সৈতে প্ৰীতি ৰাখিব নালাগে।
পিতাৰ পৰা যিমান সম্পত্তি ল’ব বিচৰা সিমানেই লৈ লোৱা। নহ’লেতো লৌকিক পিতাৰ
সম্পত্তিৰ কাৰণে কিমান কাজিয়া হৈ যায়। ইয়াত কোনো হাই-কাজিয়া নাই। যিমান বিচৰা সিমান
নিজৰ পঢ়াৰ দ্বাৰা ল’ব পাৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্য পিতা
সৎ কৰি তুলিবলৈ আহিছে সেইবাবে সততাৰে চলিব লাগে। নিজক পৰীক্ষা কৰিব লাগে - মোৰ কোনো
আসুৰি গুণতো নাই? মই বেছি কথাতো নকওঁ? অতি অমায়িক হৈ শান্তি আৰু স্নেহপূৰ্বক
বাৰ্তালাপ কৰিব লাগে।
(2) মুৰুলীৰ প্ৰতি
পূৰা ধ্যান দিব লাগে। নিতৌ মুৰুলী পঢ়িব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে।
শিক্ষকে যি কাম দিয়ে সেয়া কৰি দেখুৱাব লাগে।
বৰদান:
‘হোলী’ শব্দৰ
অৰ্থ জীৱনত ধাৰণ কৰি পুৰুষাৰ্থৰ গতি তীব্ৰ কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা
‘হোলী’ অৰ্থাৎ যি কথা
হৈ গ’ল, পাৰ হৈ যোৱা কথাক একেবাৰে সমাপ্ত কৰি দিয়া। যি হৈ গ’ল সেয়া পাহৰি আগবাঢ়ি
যোৱা এয়াই হৈছে ‘হোলী’ উদ্যাপন কৰা। হৈ যোৱা কথা এনেকুৱা অনুভৱ হওঁক যেন বহুত পুৰণি
কোনোবা জন্মৰ কথা, যেতিয়া এনেকুৱা স্থিতি হৈ যায় তেতিয়া পুৰুষাৰ্থৰ গতি তীব্ৰ হয়।
সেয়েহে নিজৰ বা আনৰ হৈ যোৱা কথা কেতিয়াও চিন্তনত নানিবা, অন্তৰত নাৰাখিবা আৰু
বৰ্ণনাতো কেতিয়াও নকৰিবা, তেতিয়াহে তীব্ৰ পুৰুষাৰ্থী হ’ব পাৰিবা।
স্লোগান:
স্নেহেই সহজ স্মৃতিৰ সাধন সেই কাৰণে সদায় স্নেহী হৈ থাকিবা আৰু স্নেহী কৰি তুলিবা।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য:
"গুপ্ত বান্ধোনত থকা
গোপিকাসকলৰ গায়ন আছে"
গীত:-
বিন দেখে
প্যাৰ কৰু, ঘৰ বেঠে য়াদ কৰু….. (নেদেখাকৈয়ে প্ৰেম কৰোঁ, ঘৰত বহি স্মৰণ কৰোঁ……..)।
এতিয়া এই গীতটি কোনোবা
বান্ধোনত থকা মতলীয়া গোপীয়ে গাইছে, এয়া হ'ল কল্প কল্পৰ বিচিত্ৰ খেল। নেদেখাকৈ প্ৰেম
কৰে, জগতৰ বেচেৰীহঁতে কি জানে, কল্প পূৰ্বৰ ভূমিকা হুবহু পুনৰাবৃত্তি হৈ আছে। যদিওবা
সেই গোপীসকলে ঘৰ-সংসাৰ ত্যাগ কৰা নাই কিন্তু স্মৃতিৰে কৰ্মবন্ধন নিষ্পত্তি কৰি আছে,
সেয়েহে এয়া কিমান আনন্দেৰে হালি-জালি মতলীয়া হৈ গাই আছে। বাস্তৱত ঘৰ এৰাৰ কথা নাই।
ঘৰত বহি নেদেখাকৈয়ে সেই আনন্দত থাকি সেৱা কৰিব লাগে। কি সেৱা কৰিব লাগে? পৱিত্ৰ হৈ
আনকো পৱিত্ৰ কৰি তোলাৰ, তোমালোকে এতিয়া তৃতীয় নেত্র পাইছা। আদিৰ পৰা অন্তলৈকে বীজ
আৰু বৃক্ষৰ ৰহস্য তোমালোকৰ নজৰত আছে। গতিকে মহত্ব এইটো জীৱনৰ, এই জ্ঞানৰ দ্বাৰা 21
জন্মৰ কাৰণে সৌভাগ্য গঢ়ি আছে, ইয়াত যদি কোনোধৰণৰ লোক-লাজ বিকাৰী কুলৰ মৰ্যাদা আছে
তেন্তে তেওঁলোকে সেৱা কৰিব নোৱাৰিব, এয়া হ'ল নিজৰ দুৰ্বলতা। বহুতৰে বিচাৰ চলে যে এই
ব্ৰহ্মকুমাৰীসকল ঘৰ ভাঙিবলৈ আহিছে কিন্তু ইয়াত ঘৰ ভঙাৰ কথা নাই, ঘৰত থাকি পৱিত্ৰ হৈ
থাকিব লাগে আৰু সেৱা কৰিব লাগে, ইয়াত কোনো কঠিনতা নাই। পৱিত্ৰ হ'লেহে পৱিত্ৰ
সৃষ্টিলৈ যোৱাৰ অধিকাৰী হ'বাগৈ। বাকী যিসকল পৱিত্ৰতাত নচলে, তেওঁলোকেতো কল্প পূৰ্বৰ
দৰেই শত্ৰুতাৰ ভূমিকা পালন কৰিব, এই ক্ষেত্ৰত কাৰো দোষ নাই। যেনেকৈ আমি পৰমাত্মাৰ
কাৰ্যক জানো ঠিক তেনেকৈ ড্ৰামাৰ ভিতৰত প্ৰত্যেকৰে ভূমিকাক জানি গৈছোঁ গতিকে এই
ক্ষেত্ৰত ঘৃণা জন্মিব নোৱাৰে। এনেকুৱা তীব্ৰ পুৰুষাৰ্থীৰ গোপীসকলে দৌৰ লগাই
বিজয়মালাতো আহিব পাৰে। বাৰু। ওঁম্ শান্তি।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
জ্ঞানৰ যিবোৰ গূঢ় কথা
আছে, সেয়া স্পষ্ট কৰাৰ তোমালোকৰ ওচৰত বহুত ভাল বিধি আছে আৰু স্পষ্টীকৰণ আছে। এটি এটি
সাৰ কথা যুক্তিৰে স্পষ্ট কৰিব পাৰা। কৰ্তৃত্বশালী হোৱা। কোনো নিজৰ মনৰ বা কল্পনাৰ
কথাতো নাই। যথাৰ্থ কথা। অনুভৱ আছে। অনুভৱৰ কৰ্তৃত্ব, জ্ঞানৰ কৰ্তৃত্ব, সত্যতাৰ
কৰ্তৃত্ব... কিমান কৰ্তৃত্ব আছে! গতিকে কৰ্তৃত্ব আৰু স্নেহ – দুয়োটা একেলগে কাৰ্যত
লগোৱা।