13.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক এনেকুৱা সৃষ্টিৰ মালিক হোৱা য'ত কোনো হদ (সীমিত পৰিসীমা) নাই,
যোগবলেৰে গোটেই বিশ্বৰ সাম্ৰাজ্য লোৱা এইটোও আশ্চৰ্যৰ কথা”
প্ৰশ্ন:
ড্ৰামাৰ কোনটো
বন্ধনত পিতাও বান্ধ খাই আছে?
উত্তৰ:
বাবাই কয়, মই তোমালোক সন্তানসকলৰ সন্মুখত আহিবই লাগে, মই এইটো বন্ধনত বান্ধ খাই আছোঁ।
যেতিয়ালৈকে মই নাহোঁ তেতিয়ালৈকে আউল লগা সূতা সুশৃংখল হ’ব নোৱাৰে। বাকী মই তোমালোকৰ
ওপৰত কোনো কৃপা বা আশীৰ্বাদ কৰিবলৈ নাহোঁ। মই কোনো মৃতকক জীয়াই নোতোলোঁ। মইতো আহোঁ,
তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ।
গীত:
তুম্হে পাকে
হমনে…. (তোমাক পাই আমি…)
ওঁম্শান্তি।
গীতটিৰ
শব্দবোৰ শুনি তোমালোক সন্তানসকল পুলকিত হৈ যাব লাগে কিয়নো সন্মুখত বহি আছা। গোটেই
জগতত লাগিলে যিমানেই বিদ্বান, পণ্ডিত, আচাৰ্য আছে, কোনো মনুষ্য মাত্ৰেই এইটো গম
নাপায় যে বেহদৰ পিতা প্ৰত্যেক 5000 বছৰৰ পাছত আহে। সন্তানসকলেহে জানে। সন্তানসকলে
কয়ো, যেনেকুৱা হওঁ, তেনেকুৱা হওঁ, তোমাৰ হওঁ। পিতায়ো এনেকৈ কয় - যেনেকুৱা হোৱা
তেনেকুৱা হোৱা - মোৰ সন্তান হোৱা। তোমালোকেও জানা যে তেওঁ আমাৰ অৰ্থাৎ সকলো আত্মাৰে
পিতা। সকলোৱে আহ্বান জনায়। পিতাই বুজায় - চোৱা ৰাৱণৰ কিমান ছায়া আছে। এজনেও বুজিব
নোৱাৰে যে যাক আমি পৰমপিতা পৰমাত্মা বুলি কওঁ, আকৌ পিতা বুলি ক'লে আনন্দিত কিয় নহয়,
এইটো পাহৰি গৈছে। সেইজন বাবাইহে আমাক উত্তৰাধিকাৰ দিয়ে। পিতাই নিজেই বুজায়, এইটো
ইমান সহজ কথাও কোনেও বুজিব নোৱাৰে। পিতাই বুজায় এওঁতো সেইজনেই যাক গোটেই জগতে মিনতি
কৰে - অ' খোদা, হে ৰাম….. এনেকৈ মিনতি কৰি কৰি প্ৰাণ ত্যাগ কৰি দিয়ে। ইয়াত সেইজন
পিতাই তোমালোকক পঢ়ায়। তোমালোকৰ বুদ্ধি এতিয়া তালৈ গুচি গৈছে। বাবাৰ আগমন হৈছে –
কল্প পূৰ্বৰ দৰে। কল্পই কল্পই বাবা আহি পতিতৰ পৰা পাৱন কৰি দুৰ্গতিৰ পৰা সৎগতিলৈ লৈ
যায়। গায়নো কৰে সকলোৰে পতিত-পাৱন পিতা। এতিয়া তোমালোক সন্তানসকল তেওঁৰ সন্মুখত বহি
আছা। তোমালোক হৈছা অতিকৈ মৰমৰ মিঠা সন্তান। ভাৰতবাসীৰে কথা। পিতায়ো ভাৰততে জন্ম লয়।
পিতাই কয়, মই ভাৰতত জন্ম লওঁ তেন্তে নিশ্চয় ভাৰতবাসীয়ে মৰমৰ হ'ব। স্মৰণো সকলোৱে
তেওঁক কৰে, যি যিটো ধৰ্মৰ হয় তেওঁ নিজৰ ধৰ্মৰ প্ৰতিষ্ঠাপকক স্মৰণ কৰে। ভাৰতবাসীয়েহে
নাজানে যে আমি আদি সনাতন ধৰ্মৰ আছিলোঁ। বাবাই বুজায় - ভাৰতেই প্ৰাচীন দেশ সেয়েহে কৈ
দিয়ে কোনে কয় যে কেৱল ভাৰতহে আছিল। অনেক কথা শুনে। কোনোবাই কিবা ক'ব, কোনোবাই আন
কিবা। কোনোৱে কয় - কোনে কয় যে গীতা শিৱ পৰমাত্মাইহে শুনাইছে। শ্ৰীকৃষ্ণওতো পৰমাত্মা
আছিল, তেওঁ শুনালে। পৰমাত্মা সৰ্বব্যাপী। তেওঁৰেই সকলো খেল। ভগৱানৰ এই সকলো ৰূপ।
ভগৱানে অনেক ৰূপ ধৰি লীলা কৰে। ভগৱানে যি বিচাৰে সেয়া কৰিব পাৰে। এতিয়া তোমালোক
সন্তানসকলে জানা, মায়াও কিমান প্ৰবল। আজি কয়, বাবা মই উত্তৰাধিকাৰ নিশ্চয় ল'ম, নৰৰ
পৰা নাৰায়ণ হ'ম। কালিলৈ নাথাকিব। তোমালোকে জানাও কিমান গুচি গ'ল, আঁতৰি গুচি গ'ল।
মম্মাক মটৰত ঘূৰোঁৱা-ফুৰোঁৱা কৰিছিল, আজি নাই। এনেকুৱা ভাল ভাল সন্তানো মায়াৰ সংগত
আহি এনেকৈ অধঃপতিত হয় যে একদম তলত পৰি যায়। যিসকলে কল্প পূৰ্বে বুজিছিল তেওঁলোকেই
বুজিব। আজিকালি জগতত কি হৈ আছে আৰু তোমালোক সন্তানসকলে নিজক চোৱা কি হৈ যোৱা। গীতটি
শুনিলা নহয়। এনেকৈ কয় - আমি এনেকুৱা উত্তৰাধিকাৰ লওঁ যে আমি গোটেই বিশ্বৰ মালিক হৈ
যাওঁ। তাত কোনো হদৰ (সীমিত পৰিসীমাৰ) কথাই নাই। ইয়াত হদতে আৱদ্ধ হৈ আছে। কয়, আমাৰ
আকাশত তোমালোকৰ এৰ'প্লেন আহিলে গুলিয়াই দিম। তাততো কোনো হদৰ কথাই নাথাকে। এইটোও গীত
গায় কিন্তু অৰ্থ জানো বুজি পায়। তোমালোকেতো জানা যথাযথ বাবাৰ দ্বাৰা আমি পুনৰ
বিশ্বৰ মালিক হৈ আছোঁ। অনেকবাৰ এই 84ৰ চক্ৰ পৰিক্ৰমা লগাইছোঁ। অলপ সময়ৰ কাৰণে হয়তো
দুখ পাইছোঁ, সুখতো বহুত আছে সেয়েহে বাবাই কয় তোমালোক সন্তানসকলক অপাৰ সুখ দিওঁ।
এতিয়া মায়াৰ হাতত পৰাজিত নহ'বা। পিতাৰ সন্তান বহুত আছে। সকলোৱেতো একে নিচিনা
সুসন্তান হ'ব নোৱাৰে। কাৰোবাৰ 5-7টা সন্তান থাকে - তাৰ ভিতৰত এটা-দুটা কুসন্তান হ’লে
তেতিয়া মগজেই বেয়া কৰি দিয়ে। লাখ-কোটি টকা উৰুৱাই দিয়ে। পিতা একদম ধৰ্মাত্মা,
সন্তানৰ হাত একেবাৰে খালী। বাবাই এনেকুৱা বহুত উদাহৰণ দেখিছে।
তোমালোক সন্তানসকলে
জানা, গোটেই জগতৰ লোকসকল এই বেহদৰ পিতাৰ সন্তান। পিতাই কয়, মোৰ জন্ম স্থান হৈছে এই
ভাৰত। প্ৰত্যেকে নিজৰ দেশক মান দিয়ে। অন্য কোনো ঠাইত শৰীৰ ত্যাগ কৰিলে তেতিয়া আকৌ
তেওঁক নিজৰ গাঁৱলৈ লৈ আহে। পিতাও ভাৰততে আহে। তোমালোক ভাৰতবাসীক পুনৰাই বেহদৰ
উত্তৰাধিকাৰ দিয়ে। তোমালোক সন্তানসকলে ক'বা আমি পুনৰ সেই দেৱতা বিশ্বৰ মালিক হৈ আছোঁ।
আমি মালিক আছিলোঁ, এতিয়াতো কি অৱস্থা হৈ গ'ল। ক'ৰপৰা ক'ত আহি পালোঁ। 84 জন্ম ভোগ কৰি
কৰি এতিয়া এই অৱস্থা হ'ল। ড্ৰামাখনতো বুজিব লাগে নহয়। ইয়াক কোৱা হয় পৰাজয় আৰু জয়ৰ
খেল। ভাৰতৰেই এই খেল, ইয়াত তোমালোকৰ ভূমিকা আছে। তোমালোক ব্ৰাহ্মণসকলৰ এই ড্ৰামাত
সকলোতকৈ উচ্চতকৈও উচ্চ ভূমিকা আছে। তোমালোক গোটেই বিশ্বৰ মালিক হোৱা, বহুত সুখ ভোগ
কৰা। তোমালোকৰ দৰে সুখ অন্য কোনেও ভোগ কৰিব নোৱাৰে। নামেই হ’ল স্বৰ্গ। এয়া হৈছে নৰক।
ইয়াৰ সুখ কাউৰীৰ বিষ্ঠাৰ সমান। আজি লাখপতি, পৰৱৰ্তী জন্মত কি হ’বগৈ? কিবা জানে জানো।
এইখন হয়েই পাপ আত্মাৰ জগত। সত্যযুগ হৈছে পুণ্য আত্মাৰ জগত। তোমালোক পুণ্য আত্মা হৈ
আছা, গতিকে কেতিয়াও পাপ কৰিব নালাগে। সদায় পিতাৰ সৈতে সৰলতাৰে চলিব লাগে। পিতাই কয়
- দ্বাপৰৰ পৰা ধৰি মোৰ লগত ধৰ্মৰজা সদায় আছেই। সত্যযুগ ত্ৰেতাত মোৰ লগত ধৰ্মৰজা
নাথাকে। দ্বাপৰৰ পৰা তোমালোকে মোৰ অৰ্থে দান পুণ্য কৰি আহি আছা। ‘ঈশ্বৰ অৰ্পণ’ বুলি
কয় নহয়। ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম দিয়াৰ বাবে লিখি দিছে – “শ্ৰীকৃষ্ণ অৰ্পণম্”।
প্ৰতিদানত দিওঁতাতো কেৱল এজনেই পিতা সেইকাৰণে “শ্রীকৃষ্ণ অৰ্পণম্” বুলি কোৱাতো ভুল।
“ঈশ্বৰ অৰ্পণম্” বুলি কোৱাতো ঠিক। “শ্রীগণেশ অৰ্পণম্” বুলি কলে একো প্ৰাপ্তি নহ’ব।
তথাপিও সকলোকে ভাৱনাৰ ফল কিবা নহয় কিবা দি আহিছোঁ। মোকতো কোনেও নাজানেই। এতিয়া
তোমালোক সন্তানসকলে জানা যে আমি সকলো শিৱবাবাক অৰ্পণ কৰি আছোঁ। বাবায়ো কয়, মই
তোমালোকক 21 জন্মৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। এতিয়া হয়েই অৱনতিৰ কলা। ৰাৱণৰাজ্যত যি
দান পুণ্য আদি কৰে, পাপ আত্মাকেই দিয়ে। কলা অৱনতিয়েই হৈ যায়। যদিওবা কিছু পোৱাও যায়
সেয়াও অল্পকালৰ বাবে। এতিয়াতো তোমালোকে 21 জন্মৰ কাৰণে পোৱা। তাক কোৱা হয় ৰামৰাজ্য।
এনেকৈ কোৱা নহয় যে তাত ঈশ্বৰৰ ৰাজত্ব। ৰাজত্বতো দেৱী-দেৱতাসকলৰ হয়। পিতাই কয় - মই
ৰাজত্ব নকৰোঁ। তোমালোকৰ যি আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, যিটো এতিয়া প্ৰায় লোপ
হৈ গ’ল সেয়া এতিয়া পুনৰ প্ৰতিষ্ঠা হৈ আছে। পিতাতো কল্যাণকাৰী হয়েই, তেওঁক কোৱা হয়
সঁচা বাবা। তোমালোকক নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ সত্য জ্ঞান দি আছে। বাবাই
তোমালোকক বেহদৰ ইতিহাস-ভূগোল শুনায়। কিমান শ্ৰেষ্ঠ উপাৰ্জন। তোমালোক চক্ৰৱৰ্তী ৰজা
হোৱা। তেওঁলোকে আকৌ সেই হিংসাৰ চক্ৰ দি দিছে। আচলতে এয়া হৈছে জ্ঞানৰ চক্ৰ। কিন্তু
এই জ্ঞান প্ৰায় লোপ হৈ যায়। এয়া তোমালোকৰ মুখ্য চিত্ৰ। এফালে ত্ৰিমূৰ্তি, আনফালে
বৃক্ষ আৰু চক্ৰ। বাবাই বুজাইছে – শাস্ত্ৰততো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে।
গোটেই সূতাই আউল লাগি গ’ল। পিতাৰ বাহিৰে কোনেও সূতাৰ আউল ভাঙিব নোৱাৰে। পিতা
সন্মুখত নিজেই আহিছে। তেওঁ কয় - মই ড্ৰামা অনুসৰি আহিবলগীয়াই হয়। মই এই ড্ৰামাত
বান্ধ খাই আছোঁ। এইটো হ’ব নোৱাৰে যে মই নাহিমেই। এনেকুৱাও নহয় যে আহি মৃতকক জীয়াই
তুলিম বা কোনো বেমাৰৰ পৰা মুক্ত কৰি দিম। বহুত সন্তানে কয় – বাবা আমাৰ ওপৰত কৃপা
কৰক। কিন্তু ইয়াত কৃপা আদিৰ কথা নাই। তোমালোকে মোক এইকাৰণে জানো আহ্বান জনাইছা যে
আশীৰ্বাদ কৰক যাতে আমাৰ কোনো লোকচান নহয়। তোমালোকে আহ্বানেই জনোৱা, হে পতিত-পাৱন
আহক। দুখ-হৰ্তা সুখ-কৰ্তা আহক। শৰীৰৰ দুখ-হৰ্তাতো চিকিৎসকসকলো হয়। মই জানো এইকাৰণে
আহোঁ! তোমালোকে কোৱা যে নতুন সৃষ্টি স্বৰ্গৰ মালিক কৰি তোলক বা শান্তি দিয়ক। এনেকৈ
নোকোৱা যে আহি আমাক বেমাৰৰ পৰা ভাল কৰি দিয়ক। সদাকালৰ বাবে শান্তি বা মুক্তিতো পাব
নোৱাৰে, ভূমিকাতো পালন কৰিবই লাগে। যিসকল পাছত আহে, তেওঁলোকে শান্তি কিমান পায়।
এতিয়ালৈকে আহিয়েই থাকে। ইমান সময়তো শান্তিধামত থাকিল নহয়। ড্ৰামা অনুসৰি যাৰ ভূমিকা
আছে, সেইসকলে আহিব। ভূমিকা সলনি হ’ব নোৱাৰে। বাবাই বুজায় – শান্তিধামততো বহুত আত্মা
থাকে, যিসকল শেষৰফালে আহে। এই ড্ৰামাখন ৰচি থোৱা আছে। পাছৰসকল শেষৰফালেই আহিব লাগে।
এই বৃক্ষ ৰচি থোৱা আছে। এই চিত্ৰ আদি যি তৈয়াৰ কৰিছে সকলোবোৰ তোমালোকে বুজাব লাগে।
আৰু চিত্ৰ তৈয়াৰ হৈ থাকিব, কল্প পূৰ্বৰ দৰেই তৈয়াৰ হ’ব। 84ৰ বিস্তাৰ বৃক্ষতো (কল্পবৃক্ষৰ
চিত্ৰত) আছে। ড্ৰামাৰ চক্ৰতো আছে। এতিয়া আকৌ ছিৰিৰ চিত্ৰ তৈয়াৰ কৰিছে। মনুষ্যইতো
একোৱেই নাজানে। একেবাৰে যেন বুদ্ধিহীন। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত পৰমপিতা
পৰমাত্মা যি জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ হয়, তেওঁ আমাক এই শৰীৰৰ দ্বাৰা পঢ়াই আছে।
পিতাই কয়, মই আহোঁৱেই তেওঁৰ শৰীৰত যিজন সৰ্বপ্ৰথম বিশ্বৰ মালিক আছিল। তোমালোকেও জানা
– যথাযথ আমিও ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ হওঁ। ‘গীতা’ততো এই কথাবোৰ নাই। পিতাই কয় -
এওঁ নিজেই নাৰায়ণৰ পূজা কৰোঁতা আছিল, ৰেলগাড়ীত ভ্ৰমণ কৰোঁতেও ‘গীতা’ পঢ়িছিল।
মনুষ্যই ভাবিব, এওঁতো বৰ ধৰ্মাত্মা। এতিয়া সেই সকলোবোৰ কথা পাহৰি যায়। তথাপিও এওঁ
‘গীতা’ আদি পঢ়িছিল নহয়। বাবাই কয় - মই এই সকলোবোৰ জানোঁ। এতিয়া তোমালোকে এইটো বিচাৰ
কৰা যে আমি কাৰ সন্মুখত বহি আছোঁ, যাৰ দ্বাৰা বিশ্বৰ মালিক হোৱা আকৌ তেওঁক বাৰে বাৰে
কিয় পাহৰি যোৱা? পিতাই কয় - তোমালোকক 16 ঘণ্টা আহৰি দিওঁ, বাকী নিজৰ সেৱা কৰা। নিজৰ
সেৱা কৰা মানে বিশ্বৰ সেৱা কৰা। ইমান পুৰুষাৰ্থ কৰা যে কৰ্ম কৰিও অতিকমেও 8 (আঠ)
ঘণ্টা পিতাক স্মৰণ কৰা। এতিয়া গোটেই দিনটোত 8 (আঠ) ঘণ্টা স্মৰণ কৰিব নোৱাৰা। সেইটো
অৱস্থা যেতিয়া হ'ব তেতিয়া বুজিম এওঁ বহুত সেৱা কৰে। এনেকৈ নাভাবিবা যে আমি বহুত সেৱা
কৰোঁ। ভাষণ বহুত ভালদৰে দিওঁ কিন্তু যোগ একেবাৰেই নাই। যোগৰ (স্মৃতিৰ) যাত্ৰাহে হৈছে
মুখ্য।
পিতাই কয় শিৰত
বিকৰ্মৰ বোজা বহুত আছে সেয়েহে পুৱাই উঠি পিতাক স্মৰণ কৰা। 2 বজাৰ পৰা 5 বজালৈ
বাতাৱৰণ উত্তম। আত্মা ৰাতি আত্ম-অভিমানী হৈ যায়, যাক নিদ্ৰা বুলি কোৱা হয় সেয়েহে
পিতাই কয় যিমান সম্ভৱ পিতাক স্মৰণ কৰা। এতিয়া পিতাই কয়, ‘মনমনাভৱ’ (নিজক আত্মা বুলি
বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। এয়া হৈছে আৰোহণ কলাৰ মন্ত্ৰ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সৈতে
সৰলতা আৰু সততাৰে চলিব লাগে। কল্যাণকাৰী পিতাৰ সন্তান হোৱা সেয়েহে সকলোৰে কল্যাণ
কৰিব লাগে। সুসন্তান হ'ব লাগে।
(2) কৰ্ম কৰিও
অতিকমেও 8 (আঠ) ঘণ্টা স্মৃতিত নিশ্চয় থাকিব লাগে। স্মৃতিহে হৈছে মুখ্য - ইয়াৰ
দ্বাৰাই বিকৰ্মৰ বোজা আঁতৰাব লাগে।
বৰদান:
দাতা হৈ
প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো সংকল্পত দান দিওঁতা উদাৰচিতীয়া, মহাদানী হোৱা
তোমালোক দাতাৰ সন্তান
লওঁতা নহয় কিন্তু দিওঁতা হোৱা। প্ৰতিটো চেকেণ্ডত প্ৰতিটো সংকল্পত দিব লাগে, যেতিয়া
এনেকুৱা দাতা হৈ যাবা তেতিয়া উদাৰচিতীয়া, মহাদানী বুলি কোৱা হ’ব। এনেকুৱা মহাদানী
হ’লে মহান শক্তিৰ প্ৰাপ্তি স্বতঃ হয়। কিন্তু দিবলৈ নিজৰ ভঁৰাল ভৰপূৰ হোৱা উচিত। যি
ল’বলগীয়া আছিল সেয়া সকলো লৈ ল’লা, বাকী থাকিল দিবলৈ। সেয়েহে দি গৈ থাকা দি থাকিলে
আৰু অধিক ভঁৰাল ভৰপূৰ হৈ যাব।
স্লোগান:
প্ৰতিটো বিষয়ত সম্পূৰ্ণ নম্বৰ জমা কৰিবলৈ হ’লে গম্ভীৰতাৰ গুণ ধাৰণ কৰা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
নম্ৰচিত্ত আত্মা
সহজেই সুখদাতা হ’ব পাৰে, কিন্তু অভিমানে নম্ৰচিত্ত হ’বলৈ নিদিয়ে। নম্ৰচিত্ত নহ’লে
সেৱা হ’ব নোৱাৰে। সেৱাধাৰীৰ বিশেষত্ব - সদায় নম্ৰচিত্ত, নিজে নতশিৰ (বিনম্ৰ) হৈ
থাকিলে তেতিয়াহে আনক নতশিৰ কৰাব পাৰিব। যিমানে নম্ৰচিত্ত হ’ব, সিমানে সৃজন কৰিব।
য’ত নম্ৰতা থাকিব ত’ত কোনো দপদপনি নাথাকিব, আত্মিকতা থাকিব। যেনেকৈ পিতা কিমান
নম্ৰচিত্ত হৈ আহে, তেনেকৈ পিতাক অনুসৰণ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]