13.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি-মধ্য-অন্তৰ যি জ্ঞান পাইছা, সেয়া তোমালোকে বুদ্ধিত ৰাখা সেইকাৰণে তোমালোক হ’লা স্বদৰ্শন চক্ৰধাৰী”

প্ৰশ্ন:
আত্মাক পাৱন কৰি তুলিবলৈ আত্মিক পিতাই কোনটো বেজী দিয়ে?

উত্তৰ:
‘মনমনাভৱ’ৰ। এইটো বেজী আত্মিক পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। পিতাই কয় মৰমৰ সন্তানসকল - তোমালোকে মোক স্মৰণ কৰা। বচ্। স্মৃতিৰেই আত্মা পৱিত্ৰ হৈ যাব। ইয়াত সংস্কৃত আদি পঢ়াৰো আৱশ্যক নাই। পিতাইতো হিন্দীত সৰল শব্দত শুনায়। আত্মাৰ যেতিয়া এইটো নিশ্চয়তা জন্মি যায় যে আত্মিক পিতাই আমাক পৱিত্ৰ হোৱাৰ যুক্তি শুনাই আছে তেতিয়া বিকাৰ ত্যাগ কৰি গৈ থাকে।

ওঁম্শান্তি।
‘ওঁম্ শান্তি’ৰ অৰ্থতো সন্তানসকলক বুজোৱা হৈছে। আত্মাই নিজৰ পৰিচয় দিয়ে। মোৰ স্বৰূপ শান্ত আৰু মোৰ নিবাস স্থান শান্তিধাম, যাক পৰমধাম, নিৰ্বাণধাম বুলিও কোৱা হয়। পিতায়ো কয় যে দেহ-অভিমান ত্যাগ কৰি দেহী-অভিমানী হোৱা, পিতাক স্মৰণ কৰা। তেওঁ হৈছে পতিত-পাৱন। এইটো কোনেও নাজানে যে আমি আত্মা। ইয়ালৈ ভূমিকা পালন কৰিব আহিছোঁ। এতিয়া ড্ৰামা পূৰা হ’বৰ হ’ল, উভতি যাব লাগে, সেইকাৰণে কওঁ, মোক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। ইয়াকেই সংস্কৃতত কয়, ‘মনমনাভৱ’। পিতাই কোনো সংস্কৃতত কোৱা নাই। পিতাইতো এই হিন্দী ভাষাত বুজায়। যেনেকৈ চৰকাৰে কয়, এটাই হিন্দী ভাষা হ’ব লাগে। পিতায়ো বাস্তৱত হিন্দীতেই বুজাইছে। কিন্তু এই সময়ত অনেক ধৰ্ম, মঠ, পন্থ হোৱাৰ বাবে ভাষাও অনেক প্ৰকাৰৰ কৰি দিছে। সত্যযুগত ইমানবোৰ ভাষা নাথাকে, যিমান ইয়াত আছে। গুজৰাটত নিবাস কৰোঁতাসকলৰ ভাষা বেলেগ। যিয়ে যিখন গাঁৱত নিবাস কৰে, তেওঁলোকে তাৰ ভাষা জানে। অনেক মনুষ্য আছে, অনেক ভাষা আছে। সত্যযুগততো এটাই ধৰ্ম, এটাই ভাষা আছিল। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে, এয়া কোনো শাস্ত্ৰত নাই। এনেকুৱা কোনো শাস্ত্ৰ নাই য’ত এইবোৰ জ্ঞান আছে। কল্পৰ আয়ুসৰ বিষয়েও লিখা নাই, কোনেও নাজানেও। সৃষ্টিতো এখনেই। সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা আকৌ নতুন হয়, ইয়াকেই কোৱা হয়, স্বদৰ্শন চক্ৰ। যিজনৰ এই চক্ৰৰ জ্ঞান আছে, তেওঁক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। আত্মাৰ জ্ঞান থাকে, এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, তেওঁলোকে আকৌ শ্ৰীকৃষ্ণক, বিষ্ণুক স্বদৰ্শন চক্ৰ দি দিয়ে। এতিয়া পিতাই বুজায়, তেওঁলোকৰতো জ্ঞান নাছিল। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাইহে দিয়ে। এয়া হৈছে স্বদৰ্শন চক্ৰ। বাকী কোনো হিংসাৰ কথা নাই, যাৰ দ্বাৰা ডিঙি কটা যাব। এয়া সকলো মিছা কথা লিখি দিছে। এই জ্ঞান পিতাৰ বাহিৰে কোনো মনুষ্য মাত্ৰেই দিব নোৱাৰে। মনুষ্যক কেতিয়াও ভগৱান বুলি ক’ব নোৱাৰি, যিহেতু ব্ৰহ্মা-বিষ্ণু-শংকৰকো দেৱতা বুলি কোৱা হয়। পিতাৰ যি মহিমা আছে, সেয়া দেৱতাসকলৰো নাই। পিতাইতো ৰাজযোগ শিকাই আছে। এনেকৈ কোৱা নহ’ব যে সন্তানসকলৰো সেয়াই মহিমা, যি মহিমা পিতাৰ। সন্তানসকলে তথাপিও পুনৰ্জন্ম লয়, পিতাতো পুনৰ্জন্মত নাহে। সন্তানসকলে, পিতাক স্মৰণ কৰে। উচ্চতকৈও উচ্চ হৈছে ভগৱান, তেওঁ সৰ্বদা পাৱন। সন্তানসকল পাৱন হৈ পুনৰ পতিত হৈ যায়। পিতাতো হয়েই পাৱন। পিতাৰ উত্তৰাধিকাৰো নিশ্চয় সন্তানসকলক লাগে। এটাতো মুক্তি লাগে, আনটো লাগে জীৱনমুক্তি। শান্তিধামক মুক্তি, সুখধামক জীৱনমুক্তি বুলি কোৱা হয়। মুক্তিতো সকলোৱে প্ৰাপ্ত কৰে। জীৱনমুক্তি যিয়ে পঢ়িব তেওঁলোকে পাব। ভাৰতত যথাযথ জীৱনমুক্তি আছিল, বাকী ইমানবোৰ মুক্তিধামত আছিল। সত্যযুগত কেৱল একমাত্ৰ ভাৰতখণ্ডই আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। বাবাই বুজাইছে, লক্ষ্মী-নাৰায়ণৰ মন্দিৰ সকলোতকৈ অধিক নিৰ্মাণ কৰে। বিৰলা আদি যিয়ে মন্দিৰ সাজে, তেওঁলোকে এইটো নাজানে যে লক্ষ্মী-নাৰায়ণে এই বাদশ্বাহী ক’ৰ পৰা পালে, কিমান সময় ৰাজত্ব কৰিলে। পুনৰ ক’লৈ গুচি গ’ল, একোৱেই নাজানে। তেন্তে যেন পুতলাৰ পূজা হ’ল নহয়, ইয়াক কোৱা হয়, ভক্তি। নিজেই পূজ্য আকৌ নিজেই পূজাৰী। পূজ্য আৰু পূজাৰীৰ মাজত বহুত পাৰ্থক্য আছে, তাৰো অৰ্থ থাকিব নহয়। পতিত তেওঁলোকক কোৱা হয়, যিসকল বিকাৰী হয়। ক্ৰোধীজনক পতিত বুলি কোৱা নহ’ব, যি বিকাৰগ্ৰস্ত হয় তেওঁলোকক পতিত বুলি কোৱা হয়। এই সময়ত তোমালোকে জ্ঞান অমৃত পোৱা। জ্ঞানৰ সাগৰ হয়েই একমাত্ৰ পিতা। বাবাই বুজাইছে - এই ভাৰতেই সতোপ্ৰধান উচ্চতকৈও উচ্চ আছিল, এতিয়া তমোপ্ৰধান, এইটো তোমালোকৰ বুদ্ধিত আছে। ইয়াত কোনো বাদশ্বাহীতো নাই। এয়া হয়েই প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজত্ব। সত্যযুগত বহুত কম থাকে, এতিয়াতো কিমান আছে। বিনাশৰ প্ৰস্তুতিও চলি থাকে। দিল্লী পৰীস্তানতো হ’বই। কিন্তু এয়া কোনেও নাজানে। তেওঁলোকেতো বুজি লয়, এয়া নতুন দিল্লী। এই পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰোঁতাজন কোন! এয়া কোনেও নাজানে, কোনো শাস্ত্ৰতো নাই। বুজাওঁতাজন একমাত্ৰ পিতা। এতিয়া তোমালোক সন্তানসকলে নতুন সৃষ্টিৰ বাবে প্ৰস্তুতি চলাই আছা। কড়িৰ পৰা হীৰাতুল্য হৈ আছা। ভাৰত কিমান চহকী আছিল, আন কোনো ধৰ্ম নাছিল। এতিয়াতো অনেক ধৰ্ম। এতিয়া দয়াশীল পিতাক স্মৰণ কৰে। ভাৰত সুখধাম আছিল, এইটো পাহৰি গৈছে। এতিয়াতো ভাৰতৰ কি অৱস্থা। নহ’লেতো ভাৰত স্বৰ্গ আছিল। পিতাৰ জন্মস্থান হয় নহয়। গতিকে ড্ৰামা অনুসৰি তেওঁৰ দয়া ওপজে। ভাৰততো প্ৰাচীন দেশ। কয়ো যে যথাযথ যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল অন্য কোনো ধৰ্ম নাছিল। এতিয়া এই ভাৰত একেবাৰে তলত আহি গ’ল। গায়নতো কৰে - আমাৰ ভাৰত দেশ সকলোতকৈ উচ্চ আছিল। নামেই আছিল হেভেন, স্বৰ্গ। ভাৰতৰ মহিমাৰ বিষয়েও কোনেও নাজানে। পিতাহে আহি ভাৰতৰ কাহিনী বুজায়। ভাৰতৰ কাহিনী মানে সৃষ্টিৰ কাহিনী, ইয়াক সত্য-নাৰায়ণৰ কাহিনী বুলি কোৱা হয়। পিতাইহে বহি বুজায় - পূৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, যিসকলৰ চিত্ৰও আছে। কিন্তু তেওঁলোকে এই ৰাজ্য-ভাগ্য কেনেকৈ পালে? সত্যযুগৰ আগতে কি আছিল? সংগমৰ আগতে কি আছিল? কলিযুগ। এয়া হৈছে সংগমযুগ। য’লৈকে পিতা আহিবলগীয়া হয় কিয়নো যেতিয়া পুৰণি সৃষ্টিক নতুন কৰি তুলিবলগীয়া হয় তেতিয়া মই আহিবলগীয়া হয় - পতিত সৃষ্টিক পাৱন কৰি তুলিবলৈ। মোৰ বাবে আকৌ কৈ দিয়ে সৰ্বব্যাপী। যুগে যুগে আহে। গতিকে মনুষ্যহে বিবুদ্ধিত পৰি আছে। সংগমযুগক কেৱল তোমালোকে জানা। তোমালোক কোন - ফলকত লিখা আছে, প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰহ্মাৰ পিতা কোন? শিৱ, উচ্চতকৈও উচ্চ। ব্ৰহ্মাৰ স্থান পাছত আকৌ ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচা হয়। প্ৰজাপিতা বুলিতো নিশ্চয় ব্ৰহ্মাকেই কোৱা হয়। শিৱক প্ৰজাপিতা বুলি কোৱা নহ’ব। শিৱ হৈছে সকলো আত্মাৰ নিৰাকাৰী পিতা। পুনৰ ইয়ালৈ আহি প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। পিতাই বুজায় মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰিছোঁ। তেওঁৰ দ্বাৰা তোমালোক মুখ বংশাৱলী ব্ৰাহ্মণ হৈছা। ব্ৰহ্মাৰ দ্বাৰাহে তোমালোকক ব্ৰাহ্মণ কৰি পুনৰ দেৱতা কৰি তোলোঁ। এতিয়া তোমালোক ব্ৰহ্মাৰ সন্তান হৈছা। ব্ৰহ্মা কাৰ সন্তান? ব্ৰহ্মাৰ পিতাকৰ কোনো নাম আছেনে? তেওঁ হৈছে শিৱ নিৰাকাৰ পিতা। তেওঁ আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰি তুলি লয়, মুখ বংশাৱলী কৰি তোলে। পিতাই কয়, মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। এওঁ মোৰ হৈ যায়, সন্ন্যাস ধাৰণ কৰি লয়। কিহৰ সন্ন্যাস? 5 বিকাৰৰ। ঘৰ-সংসাৰ ত্যাগ কৰাৰ দৰকাৰ নাই। গৃহস্থালিত থাকি পৱিত্ৰ হৈ থাকিব লাগে। মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। এয়াই যোগ, যাৰ দ্বাৰা খাদ (বিকাৰৰ লেপ) আঁতৰি যায় আৰু তোমালোক সতোপ্ৰধান হৈ যোৱা। ভক্তিততো যিমানেই গংগা স্নান নকৰক, জপ-তপ আদি নকৰক, অৱনমিত নিশ্চয় হ’ব লাগে। সতোপ্ৰধান আছিল, এতিয়া তমোপ্ৰধান পুনৰ সতোপ্ৰধান কেনেকৈ হ’ব সেয়া পিতাৰ বাহিৰে কোনেও পথ দেখুৱাব নোৱাৰে। পিতাইতো একেবাৰে সহজ ৰীতিৰে কয় – মামেকম্‌ স্মৰণ কৰা। এওঁ আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। কোনো গুজৰাটী বা সিন্ধীসকলৰ সৈতে বাৰ্তালাপ নকৰে, এয়া হৈছেই আত্মিক জ্ঞান। শাস্ত্ৰবোৰত আছে পাৰ্থিৱ জ্ঞান। আত্মাকেই জ্ঞান লাগে, আত্মাহে পতিত হৈছে, তেওঁলোককেই আত্মিক বেজী লাগে। পিতাক কোৱা হয়, আত্মিক অবিনাশী ছাৰ্জন। তেওঁ আহি নিজৰ পৰিচয় দিয়ে যে মই তোমালোকৰ আত্মিক ছাৰ্জন। তোমালোক আত্মা পতিত হোৱাৰ বাবে শৰীৰো ৰুগীয়া হৈ গৈছে। এই সময়ত ভাৰতবাসী তথা গোটেই সৃষ্টি নৰকবাসী, পুনৰ স্বৰ্গবাসী কেনেকৈ হ’ব পাৰিব, সেয়া পিতাই বুজায়। পিতাই কয় - ময়েই আহি সকলো সন্তানক স্বৰ্গবাসী কৰি তোলোঁ। তোমালোকেও বুজি পোৱা, যথাযথ আমি নৰকবাসী আছিলোঁ। কলিযুগক নৰক বুলি কোৱা হয়। এতিয়া নৰকৰো অন্ত হোৱাৰ সময়। ভাৰতবাসী এই সময়ত ৰৌৰৱ নৰকত পৰি আছে, ইয়াক শ্ৰেষ্ঠ বুলিও কোৱা নহ’ব। কাজিয়া-পেচাল কৰি থাকে। এতিয়া পিতাই স্বৰ্গলৈ লৈ যোৱাৰ যোগ্য কৰি তোলে, গতিকে তেওঁৰ কথা মানিব লাগে। নিজৰ ধৰ্ম শাস্ত্ৰকো নাজানে, পিতাকেই নাজানে।

পিতাই কয় - মই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিছিলোঁ, শ্ৰীকৃষ্ণই নহয়। শ্ৰীকৃষ্ণতো এক নম্বৰ পাৱন আছিল। তেওঁক কোৱাও হয় শ্যাম-সুন্দৰ। শ্ৰীকৃষ্ণৰ আত্মাই পুনৰ্জন্ম লৈ লৈ এতিয়া শ্যাম বৰণীয়া হৈ গৈছে। কাম চিতাত বহি ক’লা হৈ গৈছে। জগত অম্বাক ক’লা কৰি কিয় দেখুৱায়? এয়া কোনেও নাজানে। যেনেকৈ শ্ৰীকৃষ্ণক ক’লা কৰি দেখুৱাইছে তেনেকৈ জগত অম্বাকো ক’লা কৰি দেখুৱায়। এতিয়া তোমালোক ক’লা (পতিত) পুনৰ সুন্দৰ (পাৱন) হোৱা। তোমালোকে বুজাব পাৰা যে ভাৰত বহুত সুন্দৰ আছিল। সুন্দৰতা চাব বিচৰা যদি আজমীৰত (সোণৰ দ্বাৰকা) চোৱা। স্বৰ্গত সোণ হীৰাৰ মহল আছিল। এতিয়াতো পাথৰৰ, সকলো তমোপ্ৰধান। গতিকে সন্তানসকলে জানে - শিৱবাবা, ব্ৰহ্মা দাদা দুয়ো একেলগে আছে, সেইকাৰণে বাপদাদা বুলি কোৱা হয়। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়। যদি দাদাৰ পৰা পোৱা যায় বুলি কোৱা হয় তেন্তে আকৌ শিৱৰ ওচৰত কি আছে? উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়, ব্ৰহ্মাৰ দ্বাৰা। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা। এতিয়াতো ৰাৱণৰাজ্য, তোমালোকৰ বাহিৰে সকলো নৰকবাসী। তোমালোক এতিয়া সংগমত আছা। এতিয়া পতিতৰ পৰা পাৱন হৈ আছা পুনৰ বিশ্বৰ মালিক হৈ যাবা। এয়া কোনো মনুষ্যই নপঢ়ায়। তোমালোকক মুৰুলী কোনে শুনায়? শিৱবাবাই। পৰমধামৰ পৰা আহে, পুৰণি সৃষ্টি, পুৰণা শৰীৰত। কাৰোবাৰ নিশ্চয়তা জন্মি গ’লে তেতিয়া আকৌ পিতাক সাক্ষাৎ নকৰাকৈ থাকিব নোৱাৰে। কয়, প্ৰথমে বেহদৰ পিতাকতো সাক্ষাৎ কৰোঁ, ৰ’ব নোৱাৰিব। ক’ব, বেহদৰ পিতা যিয়ে স্বৰ্গৰ মালিক কৰি তোলে, তেওঁৰ ওচৰলৈ মোক সোনকালে লৈ ব’লা। চাওঁচোন বাৰু, শিৱবাবাৰ ৰথ কোনখন! তেওঁলোকেও ঘোঁৰাক সুশোভিত কৰে। যোঁত-জৰী চিহ্ন ৰাখে। সেইখন ৰথ আছিল মহম্মদৰ, যিয়ে ধৰ্ম প্ৰতিষ্ঠা কৰিলে। ভাৰতবাসীয়ে আকৌ বলধক তিলক দি, মন্দিৰত ৰাখে। বুজি লয়, ইয়াৰ ওপৰত শিৱই আৰোহন কৰিছিল। এতিয়া বলধৰ ওপৰততো শিৱ নতুবা শংকৰে আৰোহন নকৰে। একোৱেই বুজি নাপায়। শিৱ হৈছে নিৰাকাৰ তেওঁ কেনেকৈ আৰোহন কৰিব। ভৰি লাগিব যাৰ দ্বাৰা বলধৰ ওপৰত বহিব পাৰে। এয়া হৈছে অন্ধশ্ৰদ্ধা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা যি জ্ঞান অমৃত পোৱা যায়, সেই অমৃত পান কৰিব আৰু কৰাব লাগে। পূজাৰীৰ পৰা পূজ্য হ’বৰ বাবে বিকাৰ ত্যাগ কৰিব লাগে।

(2) যিজন পিতাই স্বৰ্গলৈ যোৱাৰ লায়ক কৰি আছে, তেওঁৰ প্ৰতিটো কথা মানিব লাগে, পূৰা নিশ্চয়বুদ্ধিৰ হ’ব লাগে।

বৰদান:
অনুভৱৰ ইচ্ছা শক্তিৰ দ্বাৰা মায়াৰ শক্তিৰ সন্মুখীন হওঁতা অনুভৱীমূৰ্ত হোৱা

সকলোতকৈ শক্তিশালী অৱস্থা হৈছে নিজৰ অনুভৱ। অনুভৱী আত্মাই নিজৰ অনুভৱৰ ইচ্ছা শক্তিৰ দ্বাৰা মায়াৰ যিকোনো শক্তি, সকলো কথা, সকলো সমস্যাৰ সহজেই সন্মুখীন হ’ব পাৰে আৰু সকলো আত্মাক সন্তুষ্টও কৰিব পাৰে। সন্মুখীন হোৱাৰ শক্তিৰ দ্বাৰা সকলোকে সন্তুষ্ট কৰাৰ শক্তি অনুভৱৰ ইচ্ছা শক্তিৰ দ্বাৰা সহজে প্ৰাপ্ত হয়, সেইবাবে সকলো সম্পদ অনুভৱত আনি অনুভৱীমূৰ্ত হোৱা।

স্লোগান:
ইজনে সিজনক চোৱাৰ পৰিৱৰ্তে নিজক চোৱা আৰু পৰিৱৰ্তন কৰা।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

নিজে নিজক পৰীক্ষা কৰা —প্ৰতিটো শক্তিৰ, প্ৰতিটো প্ৰাপ্তিৰ আৰু প্ৰতিটো গুণৰ অনুভৱ হৈছেনে? যদি অনুভৱৰ কৰ্তৃত্ব থাকে, তেন্তে কোনো পৰিস্থিতিয়ে সেই অনুভৱৰ কৰ্তৃত্বৰ আগত কোনো প্ৰভাৱ পেলাব নোৱাৰে। অনুভৱীমূৰ্ত যিকোনো পৰিস্থিতিতে অচল-অটল হৈ থাকে। বিচলিত নহয় কাৰণ সকলোতকৈ ডাঙৰ কৰ্তৃত্ব হ’ল অনুভৱ। যি সময়ত যিটো শক্তি আৱাহন কৰা, সেয়া লগে লগে সহযোগী হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]