13.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ৰক্ষাবন্ধনৰ পৰ্বটি প্ৰতিজ্ঞাৰ পৰ্ব, যিটো সংগমযুগৰ পৰাহে আৰম্ভ হয়, এতিয়া তোমালোকে পৱিত্ৰ হোৱাৰ আৰু পৱিত্ৰ কৰি তোলাৰ প্ৰতিজ্ঞা কৰা”

প্ৰশ্ন:
তোমালোকৰ সকলো কাৰ্য কিহৰ আধাৰত সফল হ’ব পাৰে? নাম প্ৰসিদ্ধ কেনেকৈ হ’ব?

উত্তৰ:
জ্ঞান বলৰ লগতে যদি যোগৰো বল থাকে, তেন্তে সকলোৱে কাৰ্য নিজে কৰিবলৈ সাজু হৈ যাব। যোগ বহুত গুপ্ত, ইয়াৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱা। যোগযুক্ত হৈ থাকি বুজোৱা তেতিয়া বাতৰিকাকতৰ লোকসকলে নিজেই তোমালোকৰ বাৰ্তা ছপা কৰিব। বাতৰিকাকতৰ দ্বাৰাই নাম প্ৰসিদ্ধ হ’ব, ইয়াৰ দ্বাৰাই বহুতে বাৰ্তা পাব।

ওঁম্শান্তি।
আজি সন্তানসকলক ৰক্ষাবন্ধনৰ ওপৰত বুজোৱা হৈছে, কাৰণ ৰক্ষাবন্ধন এতিয়া সমীপত। সন্তানসকল ৰাখী বান্ধিবলৈ যায়। এতিয়া যিটো হৈ যায় সেয়া পৰ্ব হিচাপে পালন কৰা হয়। এয়াতো সন্তানসকলে জানে আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও এনেকৈ প্ৰতিজ্ঞা পত্ৰ লিখোৱা হৈছিল, যাৰ বহুত নাম দিয়া হৈছে। এয়া হৈছে পৱিত্ৰতাৰ চিহ্ন। সকলোকে ক’ব লাগে যে পৱিত্ৰ হোৱাৰ ৰাখী বান্ধা। এইটো জানা যে পৱিত্ৰ সৃষ্টি সত্যযুগ আদিতহে হয়। এই পুৰুষোত্তম সংগমযুগতে ৰাখি পৰ্ব আৰম্ভ হয়, যিটো আকৌ যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হ’ব তেতিয়া উদ্‌যাপন কৰা হ’ব, ইয়াকে কোৱা হয় অনাদি পৰ্ব। সেয়াও কেতিয়াৰ পৰা আৰম্ভ হয়? ভক্তিমাৰ্গৰ পৰা, কাৰণ সত্যযুগত এই পৰ্ব আদি নাথাকেই। এয়া ইয়াতে হয়। সকলো উৎসৱ আদি সংগমত হয়, সেয়াই আকৌ ভক্তিমাৰ্গৰ পৰা আৰম্ভ হয়। সত্যযুগত কোনো উৎসৱ নাথাকে। তোমালোকে সুধিবা দীপাৱলী থাকিবনে? নাথাকে। সেয়াও ইয়াত পালন কৰা হয়, গতিকে তাত থকা উচিত নহয়। যি ইয়াত পালন কৰা হয়, সেয়া তাত পালন কৰিব নোৱাৰে। এই সকলোবোৰ হ’ল কলিযুগৰ পৰ্ব। ৰক্ষাবন্ধন পালন কৰে, এতিয়া এয়া কেনেকৈ জানিব যে ৰাখী কিয় পালন কৰা হয়? তোমালোকে সকলোকে ৰাখী পিন্ধোৱা, এনেকৈ কোৱা যে পৱিত্ৰ হোৱা কাৰণ এতিয়া পৱিত্ৰ সৃষ্টি স্থাপনা হৈ আছে। ত্ৰিমূৰ্তিৰ চিত্ৰত লিখা আছে - ব্ৰহ্মাৰ দ্বাৰা পৱিত্ৰ সৃষ্টি স্থাপনা হয়, সেইবাবে পৱিত্ৰ কৰি তোলাৰ বাবে ৰাখী বন্ধন পালন কৰা হয়। এতিয়া হৈছে জ্ঞানমাৰ্গৰ সময়। তোমালোক সন্তানসকলক বুজোৱা হৈছে কোনোবাই ভক্তিৰ কথা শুনালে তেতিয়া তেওঁলোকক বুজাৱা উচিত যে আমি এতিয়া জ্ঞানমাৰ্গত আছোঁ। জ্ঞানৰ সাগৰ এজনেই ভগৱান, যিয়ে গোটেই জগতকে নিৰ্বিকাৰী কৰি তোলে। ভাৰত নিৰ্বিকাৰী আছিল তেতিয়া গোটেই জগতখনেই নিৰ্বিকাৰী আছিল। ভাৰতক নিৰ্বিকাৰী কৰি তোলাৰ বাবে গোটেই জগত নিৰ্বিকাৰী হৈ যায়। ভাৰতক বিশ্ব বুলি কোৱা নহয়। ভাৰততো বিশ্বৰ এটা খণ্ড। সন্তানসকলে জানে নতুন সৃষ্টিত কেৱল ভাৰত খণ্ড থাকিব। ভাৰত খণ্ডত নিশ্চয় মনুষ্যও থাকিব। ভাৰত সঁচাখণ্ড আছিল, সৃষ্টিৰ আদিত দেৱতা ধৰ্মই আছিল, তাক কোৱা হয় নিৰ্বিকাৰী পৱিত্ৰ ধৰ্ম, যাৰ 5 হাজাৰ বছৰ হৈছে। এতিয়া এই পুৰণি সৃষ্টিৰ কিছু সময়হে বাকী আছে। পৱিত্ৰ হ’বলৈ কিমান দিন লাগে? সময়তো লাগেই। ইয়াতো পৱিত্ৰ হোৱাৰ বাবে পুৰুষাৰ্থ কৰে। এয়াই হৈছে সকলোতকৈ ডাঙৰ উৎসৱ। প্ৰতিজ্ঞা কৰিব লাগে - বাবা, আমি পৱিত্ৰতো নিশ্চয় হ’ম। এই উৎসৱটিক সকলোতকৈ শ্ৰেষ্ঠ বুলি জ্ঞান কৰা উচিত। সকলোৱে মাতেও, হে পৰমপিতা পৰমাত্মা, এনেকৈ কোৱা সত্বেও পৰমপিতা বুদ্ধিলৈ নাহে। তোমালোকে জানা যে পৰমপিতা পৰমাত্মা জীৱাত্মাসকলক জ্ঞান দিবলৈ আহে। আত্মা-পৰমাত্মা পৃথকে আছিল… এই মেলা এই সংগমযুগতে হয়। ইয়াক কুম্ভমেলা বুলিও কোৱা হয়, যি প্ৰত্যেক 5 হাজাৰ বছৰৰ মূৰত এবাৰ হয়। সেয়া পানীত স্নান কৰা মেলাতো অনেক বাৰ পালন কৰি আহিছা, সেয়া হৈছে ভক্তিমাৰ্গ, এয়া হৈছে জ্ঞানমাৰ্গ। সংগমক কুম্ভ বুলিও কোৱা হয়। বাস্তৱত তিনিখন নদী নাই, পানীৰ গুপ্ত নদী কেনেকৈ থাকিব পাৰে! পিতাই কয়, তোমালোকৰ এই ‘গীতা’ হৈছে গুপ্ত। সেয়েহে এয়া বুজোৱা হয় তোমালোকে যোগবলৰ দ্বাৰাই বিশ্বৰ বাদশ্বাহী লোৱা, ইয়াত নচা বা মনোৰঞ্জন আদিৰ একো কথা নাই। সেই ভক্তিমাৰ্গ পূৰা আধাকল্প চলে আৰু এই জ্ঞান চলে এটা জন্ম। পাছত দুটা যুগ হৈছে জ্ঞানৰ প্ৰালব্ধ, জ্ঞান নাথাকে। ভক্তিতো দ্বাপৰ আৰু কলিযুগৰ পৰা চলি আহিছে। জ্ঞান কেৱল এবাৰে পোৱা যায় পাছত তাৰ প্ৰালব্ধ 21 জন্মলৈ চলে। এতিয়া তোমালোকৰ চকু মুকলি হৈছে। আগতে তোমালোক অজ্ঞান নিদ্ৰাত আছিলা। এতিয়া ৰাখী বন্ধনত ব্ৰাহ্মণসকলে ৰাখী বান্ধে। তোমালোকো ব্ৰাহ্মণ। তেওঁলোক হৈছে কোষ-বংশাৱলী, তোমালোক হৈছা মুখ-বংশাৱলী। ভক্তিমাৰ্গত কিমান অন্ধশ্ৰদ্ধা আছে। পিটনিত আৱদ্ধ হৈ আছে। পিটনিত ভৰি আৱদ্ধ হৈ যায়। সেইদৰে ভক্তিৰ পিটনিত মনুষ্য আৱদ্ধ হৈ যায় আৰু একেবাৰে ডিঙিলৈ সোমাই যায়। তেতিয়া আকৌ পিতা উদ্ধাৰ কৰিবলৈ আহে। যেতিয়া টিকনিডালহে বাকী থাকে, ধৰিবলৈতো লাগে নহয়। সন্তানসকলে বুজাবলৈ বহুত পৰিশ্ৰম কৰে। কোটি কোটি মনুষ্য আছে, এজন এজনৰ ওচৰলৈ যাওঁতে পৰিশ্ৰম হয়। বাতৰিকাকতৰ দ্বাৰা তোমালোকৰ বদনাম হৈছিল যে এওঁলোকে পলুৱাই নিয়ে, ঘৰ-সংসাৰৰ পৰা আঁতৰাই আনে, ভাই-ভনী কৰি দিয়ে। আৰম্ভণিৰ কথা কিমান বিয়পি গৈছিল। বাতৰিকাকতত হুলস্থুল হৈ গৈছিল। এতিয়া এজন এজনকতো বুজাব নোৱাৰা। আকৌ তোমালোকৰ বাতৰিকাকতেই কামত আহিব। বাতৰিকাকতৰ দ্বাৰাই তোমালোকৰ নাম প্ৰসিদ্ধ হ’ব। এতিয়া বিচাৰ কৰিব লাগে - কি কৰা যায় যাৰ দ্বাৰা বুজিব। ৰক্ষাবন্ধনৰ অৰ্থ কি? যিহেতু পিতা পাৱন কৰি তুলিবলৈ আহিছে, সেয়েহে পিতাই সন্তানসকলক পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰোৱাইছে। পতিতসকলক পাৱন কৰি তোলোঁতাজনে ৰাখী বান্ধিছে।

শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰে আকৌ নিশ্চয় গাদীত বহিছে। ৰাজ-অভিষেক কেতিয়াও নেদেখুৱায়। সত্যযুগৰ আৰম্ভণিতে লক্ষ্মী-নাৰায়ণ আছিল। তেওঁলোকৰ ৰাজ-অভিষেক হৈছিল। ৰাজকুমাৰৰ জন্মদিন পালন কৰে, আকৌ ৰাজ-অভিষেক ক’ত? দীপাৱলীত ৰাজ-অভিষেক হয়, বহুত জাকজমকতা হয়, সেয়া হ’ল সত্যযুগৰ কথা। সংগমৰ যিবিলাক কথা আছে সেয়া তাত নাথাকে। ঘৰে ঘৰে আলোক ইয়াত হ’ব। তাত দীপাৱলী আদি পালন নকৰে। তাততো আত্মাৰ জ্যোতি প্ৰজ্জ্বলিত হৈ থাকে। তাত আকৌ ৰাজ-অভিষেক পালন কৰা হয়, দীপাৱলী নহয়। যেতিয়ালৈকে আত্মাৰ জ্যোতি প্ৰজ্জ্বলিত নহয়, তেতিয়ালৈকে উভতি যাব নোৱাৰে। এতিয়া সকলোৱেতো পতিত, তেওঁলোকক পাৱন কৰি তুলিবৰ বাবে বিচাৰ কৰিব লাগে। সন্তানসকলে বিচাৰ কৰি ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ওচৰলৈ যায়। বাতৰিকাকতৰ দ্বাৰা সন্তানসকলৰ বদনাম হৈছিল, আকৌ ইয়াৰ দ্বাৰাই নাম প্ৰসিদ্ধ হ’ব। অলপ টকা দিয়া তেতিয়া ভালকৈ প্ৰকাশ কৰিব। এতিয়া তোমালোকে টকা কিমানলৈকে দিবা। টকা দিয়াটোও হৈছে উপঢৌকন দিয়া। অনিয়ম হৈ যায়। আজিকালি উপঢৌকন নিদিলে একো কামেই নহয়। তোমালোকেও যদি উপঢৌকন দিয়া, সেই লোকসকলেও উপঢৌকন দিয়ে, তেন্তে দুয়ো একেই হৈ যাব। তোমালোকৰ কথা হ’ল যোগবলৰ। যোগবল ইমান লাগে যাতে তোমালোকে যিকোনো ব্যক্তিৰ দ্বাৰা কাৰ্য কৰাব পাৰা। ভোঁ ভোঁ কৰি থাকিব লাগে। জ্ঞানৰ বলতো তোমালোকৰো আছে। এই চিত্ৰ আদিত জ্ঞান আছে, যোগ হ’ল গুপ্ত। বেহদৰ উত্তৰাধিকাৰ ল’বলৈ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। সেয়া হয়েই গুপ্ত, যাৰদ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱা, যিকোনো স্থানতে বহি তোমালোকে স্মৰণ কৰিব পাৰা। ইয়াত বহি কেৱল যোগ নহয়, সাধনা কৰা হয়। জ্ঞান আৰু স্মৃতি দুয়োটাই সহজ। মাত্ৰ 7 দিনৰ পাঠ্যক্ৰম কৰিলা, বচ্‌। বেছি প্ৰয়োজন নাই। আকৌ তোমালোক গৈ আনকো নিজৰ সমান কৰি গঢ়ি তোলা। পিতা জ্ঞান আৰু শান্তিৰ সাগৰ। এই দুটা হৈছে মুখ্য কথা। ইয়াৰ দ্বাৰা তোমালোকে শান্তিৰ উত্তৰাধিকাৰ লৈ আছা। স্মৃতিত থকাটোও অতি সূক্ষ্ম।

তোমালোক সন্তানসকলে লাগিলে বাহিৰত চক্ৰ লগোৱা মাথো পিতাক স্মৰণ কৰা। পৱিত্ৰ হ’ব লাগে, দৈৱীগুণো ধাৰণ কৰিব লাগে। কোনো অৱগুণ থাকিব নালাগে। কাম বিকাৰো হৈছে ডাঙৰ অৱগুণ। পিতাই কয় – এতিয়া তোমালোক পতিত নহ’বা। যদিও স্ত্ৰী সন্মুখত থাকে, তোমালোকে নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। দেখিও যেন নেদেখা। মইতো মোৰ পিতাক স্মৰণ কৰোঁ, তেওঁ জ্ঞানৰ সাগৰ। তোমালোকক নিজৰ সমান কৰি তোলে, গতিকে তোমালোকো জ্ঞানৰ সাগৰ হোৱা। এই ক্ষেত্ৰত বিভ্ৰান্ত হ’ব নালাগে। তেওঁ হৈছে পৰম আত্মা। পৰমধামত থাকে সেইবাবে পৰম বুলি কোৱা হয়। তোমালোকো তাতেই থাকা। এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকে জ্ঞান লৈ আছা। যিসকল সন্মান সহকাৰে উত্তীৰ্ণ হয় তেওঁলোকক কোৱা হ’ব যে সম্পূৰ্ণ জ্ঞানৰ সাগৰ হৈছে। পিতাও জ্ঞানৰ সাগৰ, তোমালোকো জ্ঞানৰ সাগৰ। আত্মাৰ কোনো সৰু-বৰ নাথাকে। পৰমপিতাও কোনো ডাঙৰ নহয়। এয়া যি “হাজাৰ সূৰ্যতকৈও তেজোময়” বুলি কয় – এয়া সকলো মিছা কথা। যিটো ৰূপত বুদ্ধিৰে স্মৰণ কৰে, তাৰেই সাক্ষাৎকাৰ হৈ যায়। এই ক্ষেত্ৰত বিবেকৰ প্ৰয়োজন। আত্মাৰ সাক্ষাৎকাৰ বা পৰমাত্মাৰ সাক্ষাৎকাৰ, কথা এটাই হৈ যায়। পিতাই উপলব্ধি কৰাইছে - ময়েই পতিত-পাৱন, জ্ঞানৰ সাগৰ হওঁ। সময়ত আহি সকলোৰে সৎগতি কৰোঁ। আটাইতকৈ বেছি ভক্তি তোমালোকে কৰিছা, আকৌ পিতাই তোমালোককহে পঢ়ায়। ৰক্ষাবন্ধনৰ পাছত শ্ৰীকৃষ্ণ জন্মাষ্টমী হয়। তাৰপাছত দশহৰা। বাস্তৱত দশহৰাৰ আগতেতো শ্ৰীকৃষ্ণ আহিব নোৱাৰে। দশহৰা আগতে হ’ব লাগে, পাছত শ্ৰীকৃষ্ণ আহিব লাগে। এই হিচাপো তোমালোকে উলিয়াবা। প্ৰথমতেতো তোমালোকে একো বুজি পোৱা নাছিলা। এতিয়া পিতাই কিমান বুদ্ধিমান কৰি তুলিছে। শিক্ষকেও বুদ্ধিমান কৰি নোতোলে জানো। এতিয়া তোমালোকে জানা যে ভগৱান হৈছে বিন্দু স্বৰূপ। বৃক্ষ কিমান ডাঙৰ। আত্মাসকল ওপৰত বিন্দু ৰূপত থাকে। মৰমৰ সন্তানসকলক বুজোৱা হৈছে, প্ৰকৃততে এক চেকেণ্ডত বুদ্ধিমান হোৱা উচিত। কিন্তু এনেকুৱা পাথৰ বুদ্ধিৰ যে বুজিয়েই নাপায়। নহ’লেতো এক চেকেণ্ডৰ কথা। হদৰ পিতাতো প্ৰতিটো জন্মতে নতুন পোৱা যায়। এই বেহদৰ পিতাতো এবাৰেই আহি 21 জন্মলৈ উত্তৰাধিকাৰ দিয়ে। এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ আছা। আয়ুসো দীঘলীয়া হৈ যায়। এনেকুৱাও নহয় যে 21 জন্মলৈ এজনে পিতা থাকিব। নহয়, তোমালোকৰ আয়ুস বৃদ্ধি হৈ যায়। তোমালোকে কেতিয়াও দুখ নেদেখা। অন্তিমত তোমালোকৰ বুদ্ধিত এই জ্ঞানেই থাকিবগৈ। পিতাক স্মৰণ কৰিব লাগে আৰু উত্তৰাধিকাৰ ল’ব লাগে। বচ্‌, সন্তান জন্ম হ’ল আৰু উত্তৰাধিকাৰী হ’ল। পিতাক জানিছা গতিকে পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, পৱিত্ৰ হোৱা। দৈৱীগুণ ধাৰণ কৰা। পিতা আৰু উত্তৰাধিকাৰ কিমান সহজ। লক্ষ্য-উদ্দেশ্যও সন্মুখত আছে।

এতিয়া সন্তানসকলে বিচাৰ কৰিব লাগে – আমি বাতৰিকাকতৰ দ্বাৰা কেনেকৈ বুজাম। ত্ৰিমূৰ্তিৰ চিত্ৰও দিব লাগে কিয়নো বুজোৱা হয় ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। ব্ৰাহ্মণসকলক পৱিত্ৰ কৰি তুলিবলৈ পিতা আহিছে, সেইবাবে ৰাখী বন্ধায়। পতিত-পাৱনে, ভাৰতক পাৱন কৰি আছে, প্ৰত্যেকেই পৱিত্ৰ হ’ব লাগে, কাৰণ এতিয়া পৱিত্ৰ সৃষ্টি স্থাপনা হৈ আছে। এতিয়া তোমালোকৰ 84 জন্ম পূৰা হ’ল। যিসকলে বহুত জন্ম লৈছে, তেওঁলোকে ভালদৰে বুজি পাব। পাছৰ ফালে অহাসকলৰ ইমান আনন্দ নাথাকিব কিয়নো ভক্তি কমকৈ কৰিছে। ভক্তিৰ ফল দিবলৈ পিতা আহে। ভক্তি কোনে বেছিকৈ কৰিছে এয়াও তোমালোকে জানা। প্ৰথম নম্বৰত তোমালোকেই আহিছা, তোমালোকেই অব্যভিচাৰী ভক্তি কৰিছা। তোমালোকেও নিজক সোধা আমি বেছি ভক্তি কৰিছোঁ নে এওঁ কৰিছে? যিসকলে আটাইতকৈ তীক্ষ্ণ সেৱা কৰে, নিশ্চয় তেওঁলোকেই বেছি ভক্তিও কৰিছে। বাবাইতো নাম লিখে – কুমাৰকা (দাদী প্ৰকাশমণি), জনক (দাদী জানকী), মনোহৰ (দাদী মনোহৰইন্দ্ৰা), গুলজাৰ (দাদী হৃদয়মোহিনী) আছে। ক্ৰমানুসৰিতো হয়েই। ইয়াত ক্ৰম নম্বৰ অনুসৰি বহুৱাব নোৱাৰি। সেয়েহে বিচাৰ কৰিব লাগে - ৰক্ষাবন্ধনৰ বিষয়ে বাতৰিকাকতত কেনেকৈ প্ৰকাশ কৰা যায়। সেয়াতো ঠিক আছে, মন্ত্ৰী আদিৰ ওচৰলৈ যায়, ৰাখী বান্ধে কিন্তু তেওঁলোক পৱিত্ৰতো নহয়। তোমালোকে কোৱা পৱিত্ৰ হোৱা তেতিয়া পৱিত্ৰ সৃষ্টি স্থাপনা হৈ যাব। 63 জন্ম বিকাৰী হৈছা, এতিয়া পিতাই কয় - এই অন্তিম জন্ম পৱিত্ৰ হোৱা। খোদাক স্মৰণ কৰা তেতিয়া তোমালোকৰ শিৰত যি পাপৰ বোজা আছে সেয়া আঁতৰি যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ পিতাৰ সমান জ্ঞানৰ সাগৰ হ’ব লাগে। ভিতৰত যদি কিবা অৱগুণ আছে সেয়া পৰীক্ষা কৰি দূৰ কৰিব লাগে। শৰীৰক দেখিও শৰীৰক নাচাই আত্মা বুলি নিশ্চয় কৰি আত্মাৰ লগত কথা পাতিব লাগে।

(2) যোগবল ইমান জমা কৰিব লাগে যাতে নিজৰ প্ৰতিটো কাম সহজ হৈ যায়। বাতৰিকাকতৰ দ্বাৰা প্ৰত্যেকক পাৱন হোৱাৰ বাৰ্তা দিব লাগে। নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
দেহ-বোধক দেহী-অভিমানী স্থিতিলৈ পৰিৱৰ্তন কৰোঁতা বেহদৰ বৈৰাগী হোৱা

আগবাঢ়ি গৈ থাকোঁতে যদি বৈৰাগ্য খণ্ডিত হয় তেন্তে তাৰ মুখ্য কাৰণ হৈছে - দেহ-বোধ। যেতিয়ালৈকে দেহ-বোধৰ বৈৰাগ্য নজন্মে তেতিয়ালৈকে কোনো কথাৰ বৈৰাগ্য সদাকালৰ বাবে থাকিব নোৱাৰে। সমন্ধৰ পৰা বৈৰাগ্য - এয়া কোনো ডাঙৰ কথা নহয়, সেয়াতো জগততো বহুতৰে বৈৰাগ্য জন্মি যায় কিন্তু ইয়াত দেহ-বোধৰ যি ভিন্ন ভিন্ন ৰূপ আছে, সেয়া জানি, দেহ-বোধক দেহী-অভিমানী স্থিতিলৈ পৰিৱৰ্তন কৰি দিয়া - এয়া হৈছে বেহদৰ বৈৰাগী হোৱাৰ বিধি।

স্লোগান:
সংকল্পৰূপী খোজ শক্তিশালী হ'লে কলীয়া ডাৱৰৰ দৰে পৰিস্থিতিও পৰিৱৰ্তন হৈ যাব।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

অতি পাপ আত্মা, অতি অপকাৰী অত্মা, বগলীৰ প্ৰতিও বিতৃষ্ণা থাকিব নালাগে, ঘৃণা কৰিব নালাগে, নিৰাদৰ কৰিব নালাগে, বিশ্ব-কল্যাণকাৰী স্থিতিত স্থিত হৈ দয়াশীল হৈ পুতৌৰ ভাৱনা ৰাখি সেৱাৰ সম্বন্ধ বুলি বুজি সেৱা কৰা, যিমানে আশা হেৰুৱাই পেলোৱাসকলৰ সেৱা কৰিবা সিমানে পুৰস্কাৰৰ অধিকাৰী হ’বা আৰু প্ৰসিদ্ধ বিশ্ব-কল্যানকাৰী বুলি গায়ন হ’ব। শান্তি প্ৰতিষ্ঠাপকৰ পুৰস্কাৰ ল’বা।