13.07.25    Avyakt Bapdada     Assame Murli     03.02.2006     Om Shanti     Madhuban


“*“পৰমাত্ম প্ৰেমত সম্পূৰ্ণ পৱিত্ৰতাৰ এনেকুৱা স্থিতি গঢ়ি তোলা য’ত ব্যৰ্থৰ নাম-চিহ্ন নাথাকে”*”


আজি বাপদাদাই চাৰিওফালৰ নিজৰ প্ৰভু প্ৰিয় সন্তানসকলক চাই আছেহঁক। গোটেই বিশ্বৰ নিৰ্বাচিত কোটিৰ মাজত কোনোবা এই পৰমাত্ম প্ৰেমৰ অধিকাৰী হয়। পৰমাত্ম প্ৰেমেই তোমালোক সন্তানসকলক ইয়ালৈ আনিছে। এই পৰমাত্ম প্ৰেম গোটেই কল্পত এই সময়তহে অনুভৱ কৰা। বাকী সকলো সময়ত আত্মাসকলৰ প্ৰেম, মহান আত্মাসকলৰ, ধৰ্ম আত্মাসকলৰ প্ৰেম অনুভৱ কৰিলা কিন্তু এতিয়া পৰমাত্ম প্ৰেমৰ পাত্ৰ হৈ গ’লা। কোনোবাই যদি তোমালোকক সোধে যে পৰমাত্মা ক’ত আছে? তেতিয়া কি ক’বা? পৰমাত্ম পিতাতো আমাৰ লগতে আছে। আমি তেওঁৰ লগত থাকোঁ। পৰমাত্মাও আমাৰ অবিহনে থাকিব নোৱাৰে আৰু আমিও পৰমাত্মা অবিহনে থাকিব নোৱাৰো। ইমান প্ৰেম অনুভৱ কৰি আছানে। গৌৰৱেৰে ক’বা তেওঁ আমাৰ অন্তৰত থাকে আৰু আমি তেওঁৰ অন্তৰত থাকোঁ। এনেকুৱা অনুভৱী হোৱা নহয়! হোৱানে অনুভৱী? অন্তৰত কি উদয় হয়? যদি আমি অনুভৱী নহওঁ তেন্তে কোন হ’ব! পিতাও এনেকুৱা প্ৰেমৰ অধিকাৰী সন্তানসকলক দেখি হৰ্ষিত হয়।

পৰমাত্ম প্ৰেমৰ চিন হৈছে - যাৰ প্ৰতি প্ৰেম থাকে তেওঁৰ বাবে সকলো বলিদান দিবলৈ সহজে সাজু হৈ যায়। গতিকে তোমালোকেও যিটো পিতাই বিচাৰে যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান হৈ যাওঁক, প্ৰত্যেকৰ চেহেৰাৰ দ্বাৰা পিতা প্ৰত্যক্ষ হওঁক, এনেকুৱা হৈছা নহয়? বাপদাদাৰ অন্তৰে পচন্দ কৰা স্থিতি কি জানা নহয়! পিতাৰ অন্তৰে পচন্দ কৰা স্থিতি হৈছেই সম্পূৰ্ণ পৱিত্ৰতা। এই ব্ৰাহ্মণ জন্মৰ আধাৰ হৈছে সম্পূৰ্ণ পৱিত্ৰতা। সম্পূৰ্ণ পৱিত্ৰতাৰ গূঢ়াৰ্থ জানানে? সংকল্প আৰু সপোনতো লেখ মাত্ৰও অপৱিত্ৰতাৰ নাম-চিহ্ন যাতে নাথাকে। বাপদাদাই আজিকালিৰ সময়ৰ সমীপতা অনুসৰি বাৰে বাৰে মনোযোগ আকৰ্ষণ কৰাই আছে যে সম্পূৰ্ণ পৱিত্ৰতাৰ হিচাপত ব্যৰ্থ সংকল্প, এয়াও সম্পূৰ্ণতা নহয়। গতিকে পৰীক্ষা কৰা ব্যৰ্থ সংকল্প চলে নেকি? যিকোনো প্ৰকাৰৰ ব্যৰ্থ সংকল্পই সম্পূৰ্ণতাৰ পৰা দূৰতো নকৰে? যিমানে পুৰুষাৰ্থত আগবাঢ়ি গৈ থাকা, সিমানে মাৰ্জিত ৰূপত ব্যৰ্থ সংকল্পই সময় ব্যৰ্থততো সমাপ্ত কৰি থকা নাই? যদি অভিমানৰ ৰূপত যিকোনো পৰমাত্ম দানক নিজৰ বিশেষত্ব বুলি ভাবে তেন্তে সেই বিশেষত্বৰ অভিমানেও অৱনমিত কৰি দিয়ে। বিঘিনি ৰূপ হৈ যায় আৰু অভিমানো সূক্ষ্ম ৰূপত এয়াই আহে, যিটো জানাও – ‘মোৰ’ বোধ জাগিল, মোৰ নাম, মান, মাহাত্ম্য হ’ব লাগে, এই ‘মোৰ’ বোধে অভিমানৰ ৰূপ লৈ লয়। এই ব্যৰ্থ সংকল্পয়ো সম্পূৰ্ণতাৰ পৰা দূৰ কৰি দিয়ে কিয়নো বাপদাদাই এইটোৱে বিচাৰে – স্বমান, অভিমান নহয়, অপমান নহয়। ব্যৰ্থ সংকল্প অহাৰ ইয়েই কাৰণ হয়।

বাপদাদাই প্ৰতিগৰাকী সন্তানক দ্বৈত মালিকবোধৰ নিশ্চয় আৰু নিচাত থকা চাব বিচাৰে। দ্বৈত মালিকবোধ কি? এটাতো পিতাৰ সম্পদৰ মালিক আৰু দ্বিতীয়তে স্বৰাজ্যৰ মালিক। দুয়োটাই মালিকবোধ কিয়নো সকলো বালকো হোৱা আৰু মালিকো হোৱা। কিন্তু বাপদাদাই দেখিছে বালকতো সকলো হয় কিয়নো সকলোৱে “মোৰ বাবা” বুলি কয়। গতিকে মোৰ বাবা অৰ্থাৎ বালক হয়েই। কিন্তু বালকৰ লগতে দুয়ো প্ৰকাৰৰ মালিক। মালিকবোধৰ ক্ষেত্ৰত ক্ৰমানুসৰি হৈ যায়। মই বালক লগতে মালিকো হওঁ। উত্তৰাধিকাৰৰ সম্পদ প্ৰাপ্ত হয় সেয়েহে বালকবোধৰ নিশ্চয়তা আৰু নিচা থাকে কিন্তু বাস্তৱত মালিকবোধৰ নিশ্চয়তাৰ ক্ষেত্ৰত ক্ৰমানুসৰি হৈ যায়। স্বৰাজ্য অধিকাৰী মালিক, এই ক্ষেত্ৰত বিশেষকৈ মনে বিঘিনি আনে। মনৰ মালিক হোৱা, কেতিয়াও মনৰ বশীভূত নহ’বা। স্বৰাজ্য অধিকাৰী বুলি কয়, তেন্তে স্বৰাজ্য অধিকাৰী অৰ্থাৎ ৰজা হয়, যেনেকৈ পিতা ব্ৰহ্মাই নিতৌ পৰীক্ষা কৰি মনৰ মালিক হৈ বিশ্বৰ মালিকৰ অধিকাৰ প্ৰাপ্ত কৰিলে। তেনেকৈ এই মন-বুদ্ধি তোমালোক আত্মা ৰজাৰ হিচাপততো মন্ত্ৰী হয়, এই ব্যৰ্থ সংকল্পও মনত উৎপন্ন হয়, তেতিয়া মন ব্যৰ্থ সংকল্পৰ বশ হৈ যায়। যদি আদেশ অনুসৰি নচলোৱা তেন্তে মন চঞ্চল হোৱাৰ বাবে পৰৰ বশীভূত কৰি দিয়ে। সেয়েহে পৰীক্ষা কৰা। এনেও মনক ঘোঁৰা বুলি কয়, কিয়নো চঞ্চল হয় নহয়! আৰু তোমালোকৰ ওচৰত শ্ৰীমত ৰূপী লেকাম আছে। যদি শ্ৰীমত ৰূপী লেকাম অলপো ঢিলা হয় তেতিয়া মন চঞ্চল হৈ যায়। লেকাম কিয় ঢিলা হয়? কিয়নো ক’ৰবাত নহয় ক’ৰবাত পাৰ্শ্বদৃশ্য চোৱাত লাগি যায়। আৰু মনে সুযোগ পালে লেকাম ঢিলা হয়। গতিকে মই বালক তথা মালিক হওঁ, সদায় এইটো স্মৃতিত থাকা। পৰীক্ষা কৰা সম্পদসমূহৰো মালিক আৰু স্বৰাজ্যৰো মালিক, দ্বৈত মালিক হওঁ। যদি মালিকবোধ কম হয় তেতিয়া দুৰ্বল সংস্কাৰ জাগ্ৰত হৈ যায়। আৰু সংস্কাৰক কি বুলি কোৱা? মোৰ সংস্কাৰ এনেকুৱা, মোৰ স্বভাৱ এনেকুৱা, কিন্তু এয়া জানো মোৰ হয়? কওঁতেতো এনেকৈয়ে কোৱা যে মোৰ সংস্কাৰ। এয়া মোৰ হয়নে? মোৰ সংস্কাৰ বুলি কোৱাটো ঠিকনে? ঠিক হয়নে? মোৰ নে ৰাৱণৰ সম্পত্তি? দুৰ্বল সংস্কাৰ ৰাৱণৰ সম্পত্তি, তাক মোৰ বুলি কেনেকৈ ক’ব পাৰা। মোৰ সংস্কাৰ কি? যি পিতাৰ সংস্কাৰ সেয়া মোৰ সংস্কাৰ। তেন্তে পিতাৰ সংস্কাৰ কি? বিশ্ব-কল্যাণ। শুভ-ভাৱনা, শুভ-কামনা। গতিকে যিকোনো দুৰ্বল সংস্কাৰক মোৰ সংস্কাৰ বুলি কোৱাটোৱেই ভুল। আৰু ধৰি লোৱা মোৰ সংস্কাৰ বুলি ভাবি অন্তৰত ৰাখি থৈছা তেন্তে অশুদ্ধ বস্তু অন্তৰত ৰাখি থৈছা। ‘মোৰ’ বস্তুৰ প্ৰতিতো মৰম থাকে নহয়! গতিকে ‘মোৰ’ বুলি ভবা কাৰণে অন্তৰত স্থান দি দিছা সেয়েহে বহু ক্ষেত্ৰত সন্তানসকলে বহুত যুদ্ধ কৰিবলগীয়া হয়। কিয়নো অশুভ আৰু শুভ দুয়োটা অন্তৰত ৰাখি থৈছে তেন্তে দুয়োটাই কি কৰিব? যুদ্ধইতো কৰিব! যেতিয়া এয়া সংকল্পত আহে, বাণীতো আহে যে মোৰ সংস্কাৰ। সেয়েহে পৰীক্ষা কৰা এই অশুভ সংস্কাৰ মোৰ সংস্কাৰ নহয়। গতিকে সংস্কাৰ পৰিৱৰ্তন কৰিব লাগিব। বাপদাদাই প্ৰত্যেক সন্তানক চলন আৰু চেহেৰাত পদম পদমগুণ ভাগ্যৱান ৰূপত চাব বিচাৰে। বহুত সন্তানে কয় ভাগ্যৱানতো হৈছোঁ কিন্তু চলোঁতে-ফুৰোঁতে ভাগ্য যি জাগ্ৰত হৈ থাকিব লাগে সেয়া সুপ্ত হৈ যায় আৰু বাপদাদাই সকলো সময়ত, প্ৰত্যেক সন্তানৰ মস্তকত ভাগ্যৰ তৰা চিকমিকাই থকা চাব বিচাৰে। কোনোবাই তোমালোকক চালে তেতিয়া চেহেৰাৰে, চলনেৰে ভাগ্যৱান দৃষ্টি গোচৰ হওঁক তেতিয়া তোমালোক সন্তানসকলৰ দ্বাৰা পিতাৰ প্ৰত্যক্ষতা হ’ব কিয়নো বৰ্তমান সময়ত গৰিষ্ঠসংখ্যকে অনুভৱ কৰিব বিচাৰে যেনেকৈ আজিকালিৰ বিজ্ঞানে প্ৰত্যক্ষ ৰূপত দেখুৱায় নহয়। অনুভৱ কৰায় নহয়! গৰমৰো অনুভৱ কৰায়, ঠাণ্ডাৰো অনুভৱ কৰায় গতিকে শান্তিৰ শক্তিৰেও অনুভৱ কৰিব বিচাৰে। যিমানে নিজে অনুভৱত থাকিবা তেতিয়া আনকো অনুভৱ কৰাব পাৰিবা। বাপদাদাই ইংগিত দিছেই যে এতিয়া সংযুক্ত সেৱা কৰা। কেৱল বাণীৰে নহয়, বাণীৰ লগতে অনুভৱীমূৰ্ত হৈ অনুভৱ কৰোৱাৰো সেৱা কৰা। কিবা নহয় কিবা শান্তিৰ অনুভৱ, আনন্দৰ অনুভৱ, আত্মিক স্নেহৰ অনুভৱ..., অনুভৱ এনেকুৱা বস্তু যিটো এবাৰো যদি অনুভৱ হয় তেন্তে এৰিব নোৱাৰে। শুনা কথা পাহৰি যাব পাৰে কিন্তু অনুভৱ কৰা কথা পাহৰি নাযায়। ই অনুভৱ কৰাওঁতাৰ সমীপত আনে।

সকলোৱে সোধে যে এতিয়া আগলৈ কি নবীনতা কৰিম? বাবাইতো দেখিলে সেৱাতো সকলোৱে বহুত উৎসাহ-উদ্দীপনাৰে কৰি আছা, প্ৰতিটো বৰ্গয়ো কৰি আছে। আজিও বহুত বৰ্গ একত্ৰিত হৈছা নহয়! ডাঙৰ অনুষ্ঠানো কৰিলা, বাৰ্তাতো দি দিলা, আপত্তি দৰ্শাব নোৱাৰা কৰি দিলা, ইয়াৰ বাবে অভিনন্দন। কিন্তু এতিয়ালৈকে এইটো আৱাজ বিয়পি যোৱা নাই যে এয়া পৰমাত্ম জ্ঞান, ব্ৰহ্মাকুমাৰীসকলে ভাল কাম কৰি আছে, ব্ৰহ্মাকুমাৰীসকলৰ জ্ঞান বহুত ভাল কিন্তু এয়াই পৰমাত্ম জ্ঞান, পৰমাত্ম কাৰ্য চলি আছে এইটো আৱাজ যাতে বিয়পি যায়। ‘মেডিটেচন’ৰ পাঠ্যক্ৰমো কৰোৱা, আত্মাৰ পৰমাত্মাৰ সৈতে যোগসূত্ৰও গঢ়ি দিয়া কিন্তু এতিয়া পৰমাত্ম কাৰ্য স্বয়ং পৰমাত্মাই কৰাই আছে, এয়া বহুত কম অনুভৱ কৰে। আত্মা আৰু ধাৰণা এয়া প্ৰত্যক্ষ হৈ আছে, ভাল কাৰ্য কৰি আছে, ভাল কথা কয়, ভাল শিকায়, ইয়ালৈকে ঠিকে আছে। জ্ঞান ভাল ইমানখিনিও কয় কিন্তু পৰমাত্ম জ্ঞান... এইটো আৱাজে পিতাৰ সমীপত আনিব আৰু যিমানে পিতাৰ সমীপত আহিব সিমানে অনুভৱ স্বতঃ কৰি থাকিব। গতিকে এনেকুৱা পৰিকল্পনা কৰা আৰু ভাষণত এনেকুৱা কিবা ধাৰ ভৰোৱা, যাৰ দ্বাৰা পৰমাত্মাৰ সমীপত আহি যায়। দিব্যগুণৰ ধাৰণা ইয়াৰ প্ৰতি মনোযোগ দিছে, আত্মাৰ জ্ঞান দিয়ে, পৰমাত্মাৰ জ্ঞান দিয়ে, এনেকৈ কয় কিন্তু পৰমাত্মাৰ আগমন হৈছে, পৰমাত্ম কাৰ্য স্বয়ঃ পৰমাত্মাই কৰাই আছে, ইয়াৰ প্ৰত্যক্ষতাই চুম্বকৰ দৰে সমীপত আনিব। তোমালোকো সমীপত তেতিয়া আহিলা যেতিয়া বুজি পালা যে পিতাক পালোঁ, পিতাক সাক্ষাৎ কৰিব লাগে। স্নেহী গৰিষ্ঠসংখ্যকেই হয়, সেয়া কি বুজি হয়? কাৰ্য বহুত ভাল। যি কাৰ্য ব্ৰহ্মাকুমাৰীয়ে কৰি আছে, সেই কাৰ্য কোনেও কৰিব নোৱাৰে, পৰিৱৰ্তন কৰায়। কিন্তু পৰমাত্মাই কৈ আছে, পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে, ইমান সমীপত নাহে কিয়নো এতিয়া যিসকলে প্ৰথমে বুজি পোৱা নাছিল যে ব্ৰহ্মাকুমাৰীয়ে কি কৰে, এওঁলোকৰ জ্ঞান কি, সেইসকলে বুজিবলৈ ধৰিছে। কিন্তু পৰমাত্ম প্ৰত্যক্ষতা, যদি বুজি পাই যায় যে পৰমাত্মাৰ জ্ঞান তেতিয়া ৰৈ থাকিব পাৰিব জানো? যেনেকৈ তোমালোক দৌৰি আহি গ’লা নহয়, তেনেকৈ দৌৰি আহিব। গতিকে এতিয়া এনেকুৱা পৰিকল্পনা কৰা, এনেকুৱা ভাষণ তৈয়াৰ কৰা, এনেকৈ পৰমাত্ম অনুভূতিৰে বাস্তৱ প্ৰমাণ হোৱা তেতিয়া পিতাৰ প্ৰত্যক্ষতা বাস্তৱত দেখা দিব। এতিয়া “ভাল হয়” ইমানলৈ আহিছে, “ভাল হ’ব লাগে” সেইটো লহৰ পৰমাত্ম প্ৰেমৰ অনুভূতিৰে আহিব। অনুভৱীমূৰ্ত হৈ অনুভৱ কৰোৱা। এতিয়া দ্বৈত মালিকবোধৰ স্মৃতিৰে সমৰ্থ হৈ সমৰ্থ কৰি তোলা। বাৰু।

সেৱাৰ পাল পঞ্জাৱ মণ্ডলৰ:- হাত লৰোৱা। ভাল কথা, যিটো মণ্ডলৰ পাল পৰে তেওঁলোক খোলা অন্তৰেৰে আহি যায়। (পঞ্জাৱ মণ্ডলৰ পৰা 4000 হাজাৰ আহিছে) বাপদাদাও হৰ্ষিত হয় যে প্ৰতিটো মণ্ডলে সেৱাৰ ভাল সুযোগ লৈ লয়। পঞ্জাৱক সকলোৱে সাধাৰণ ৰীতিৰে সিংহ বুলি কয়। পঞ্জাৱ সিংহ আৰু বাপদাদাই কয় সিংহ অৰ্থাৎ বিজয়ী। গতিকে পঞ্জাৱ নিবাসীসকলে সদায় নিজৰ মস্তকৰ মধ্যত বিজয়ৰ তিলক অনুভৱ কৰিব লাগে। বিজয়ৰ তিলক প্ৰাপ্ত হৈছে। সদায় যাতে এইটো স্মৃতি থাকে যে আমিয়েই কল্প কল্পৰ বিজয়ী। বিজয়ী আছিলোঁ, বিজয়ী হওঁ আৰু কল্পই কল্পই বিজয়ী হ’ম। ভাল কথা। পঞ্জাৱেও উত্তৰাধিকাৰী মানদণ্ডৰসকলক পিতাৰ সন্মুখত অনাৰ পৰিকল্পনা কৰি আছা নহয়! এতিয়া বাপদাদাৰ সন্মুখত উত্তৰাধিকাৰী মানদণ্ডৰ অনা নাই! স্নেহী মানদণ্ডৰ আনিছে, সকলো মণ্ডলে স্নেহী সহযোগী মানদণ্ডৰ আনিছে কিন্তু উত্তৰাধিকাৰী মানদণ্ডৰ অনা নাই। তৈয়াৰ কৰি আছা নহয়! সকলো প্ৰকাৰৰে লাগে নহয়! উত্তৰাধিকাৰীও লাগে, স্নেহীও লাগে, সহযোগীও লাগে, বাণীৰে প্ৰভাৱ পেলাওঁতাও লাগে, শক্তিশালীও লাগে। সকলো প্ৰকাৰৰে লাগে। ভাল কথা, সেৱাকেন্দ্ৰত বৃদ্ধিতো হৈ আছে। সকলোৱে উৎসাহ-উদ্দীপনাৰে সেৱা বৃদ্ধিও কৰি আছে, এতিয়া চাম যে কোনটো মণ্ডলত এইটো প্ৰত্যক্ষ হয় যে পৰমাত্মাৰ আগমন হৈছে। পিতাক প্ৰত্যেক্ষ কোনটো মণ্ডলে কৰে, সেৱা বাপদাদাই চাই আছে। বিদেশৰসকলে কৰিবানে? বিদেশৰসকলেও কৰিব পাৰা। পঞ্জাৱে নম্বৰ লৈ লোৱা। লৈ লোৱা, ভাল কথা। সকলোৱে তোমালোকক সহযোগ দিব। বহু সময়ৰ পৰা চেষ্টা কৰি আছে – “এইজনেই, এইজনেই, এইজনেই...” এইটো আৱাজ বিয়পাব লাগে। এতিয়া কয় – “এৱোঁ হয়”, “এইজনেই” বুলি নকয়। তেন্তে পঞ্জাৱে কি কৰিবা? এইটো আৱাজ বিয়পি যাওঁক - “এইজনেই, এইজনেই”...। শিক্ষকসকল ঠিক আছেনে? কেতিয়ালৈকে কৰিবা? এইটো বছৰত কৰিবানে? নতুন বছৰ আৰম্ভ হৈছে নহয়! নতুন বছৰত কিবা নবীনতা হ’ব লাগে নহয়! “এৱোঁ হয়” - এয়াতো বহুত শুনিলা। যেনেকৈ তোমালোকৰ মনত বচ্‌ কেৱল বাবা, বাবা, বাবা স্বতঃ স্মৃতি থাকে, তেনেকৈ তেওঁলোকৰ মুখত উচ্চাৰিত হওঁক যে আমাৰ বাবা আহি গ’ল। তেওঁলোকেও কওঁক – “মোৰ বাবা”, “মোৰ বাবা” - এই আৱাজ চাৰিও কোণাৰ পৰা ওলাওক, কিন্তু আৰম্ভণিতো এটা কোণাৰ পৰাই হ’ব নহয়। তেন্তে পঞ্জাৱে চমৎকাৰ কৰিবানে? কিয় নকৰিবা! কৰিবই লাগিব। বহুত ভাল। আগতীয়াকৈ অভিনন্দন। বাৰু।

সকলোফালৰ সকলো আত্মিক গোলাপ সন্তানসকলক, সদায় পিতাৰ অতি প্ৰিয় আৰু দেহবোধৰ পৰা অতি উৰ্দ্ধত, বাপদাদাৰ অন্তৰৰ অতি মৰমৰ সন্তানসকলক, সদায় একমাত্ৰ পিতা, একাগ্ৰ মন, আৰু একৰস স্থিতিত স্থিৰ হৈ থাকোঁতা সন্তানসকলক, চাৰিওফালৰ ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন স্থানত থাকোঁতা বিজ্ঞানৰ সাধনেৰে মধুবনত আহি উপস্থিত হওঁতা, সন্মুখত চাওঁতা, সকলো অতি মৰমৰ, কল্পৰ পাছত মিলিত হোৱা, কল্পই কল্পই পৰমাত্ম প্ৰেমৰ পাত্ৰ অধিকাৰী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ, পদম পদমগুণ স্বীকাৰ হওঁক আৰু লগতে দ্বৈত মালিক সন্তানসকলক বাপদাদাৰ নমস্কাৰ।

দাদীজীৰ প্ৰতি:- মধুবনৰ ‘হিৰো’ (মুখ্য ভাৱৰীয়া), সদায় ‘জিৰো’ (বিন্দু পিতা) স্মৃতিত থাকে। শৰীৰ যদিওবা নচলে, অলপ লাহে লাহে চলে কিন্তু সকলোৰে মৰম আৰু আশীৰ্বাদে চলাই আছে। পিতাৰতো আছেই লগতে সকলোৰে আছে। সকলোৱে দাদীক বহুত মৰম কৰা নহয়! চোৱা সকলোৱে এয়াই কয় যে দাদীসকলক লাগে, দাদীসকলক লাগে, দাদীসকলক লাগে…। দাদীসকলৰ বিশেষত্ব কি? দাদীসকলৰ বিশেষত্ব হৈছে পিতাৰ শ্ৰীমতত প্ৰতিটো খোজ দিয়ে। মনকো পিতাৰ স্মৃতি আৰু সেৱাত সমৰ্পণ কৰে। তোমালোকেও এনেকুৱাই কৰি আছা নহয়! মন সমৰ্পিত কৰা। বাপদাদাই দেখিছে, মনে বৰ চমৎকাৰ কৰি দেখুৱায়। কি চমৎকাৰ কৰে? চঞ্চলতা কৰে। মন একাগ্ৰ হৈ যাওঁক, যেনেকৈ পতাকা ওপৰলৈ কৰা নহয়, তেনেকৈ মনৰ পতাকা শিৱবাবা, শিৱবাবাত একাগ্ৰ হৈ যাওঁক। আহি আছে, সময় সমীপত আহি আছে। কেতিয়াবা কেতিয়াবা বাপদাদাই সন্তানসকলৰ বহুত ভাল ভাল সংকল্প শুনে। সকলোৰে লক্ষ্য বহুত ভাল। বাৰু। চোৱা প্ৰেক্ষাগৃহৰ শোভা কিমান ভাল। মালা হয় নহয়। আৰু মালাৰ মাজত মণি বহি আছে। বাৰু। ওঁম্‌ শান্তি।

বৰদান:
শান্তিৰ শক্তিৰ দ্বাৰা চেকেণ্ডত মুক্তি আৰু জীৱনমুক্তিৰ অনুভৱ কৰাওঁতা বিশেষ আত্মা হোৱা

বিশেষ আত্মাসকলৰ অন্তিম বিশেষত্ব হৈছে যে চেকেণ্ডত যিকোনো আত্মাক মুক্তি বা জীৱনমুক্তিৰ অনুভৱী কৰি দিব। কেৱল ৰাস্তা নেদেখুৱাব কিন্তু এক চেকেণ্ডত শান্তিৰ বা অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰাব। জীৱনমুক্তিৰ অনুভৱ হৈছে সুখ আৰু মুক্তিৰ অনুভৱ হৈছে শান্তি। গতিকে যিয়েই সন্মুখত আহে তেওঁলোকে চেকেণ্ডত ইয়াৰ অনুভৱ কৰক – যেতিয়া এনেকুৱা তীব্ৰ গতি হ’ব তেতিয়া বিজ্ঞানৰ ওপৰত শান্তিৰ বিজয় দেখি সকলোৰে মুখেৰে “বাঃ! বাঃ!”ৰ আৱাজ ওলাব আৰু প্ৰত্যক্ষতাৰ দৃশ্য সন্মুখত আহিব।

স্লোগান:
পিতাৰ প্ৰতিটো আজ্ঞাৰ প্ৰতি নিজক উছৰ্গিত কৰোঁতা প্ৰকৃত চগাপোক হোৱা।

অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যেনেকৈ বাণীৰে নিৰ্দেশ দিবলগীয়া হয় তেনেকৈ শ্ৰেষ্ঠ সংকল্পৰে গোটেই কাৰবাৰ চলিব পাৰে। বিজ্ঞানীসকলে তলৰ পৃথিৱীৰ পৰা নিৰ্দেশনা লৈ থাকে, তেন্তে তোমালোকে শ্ৰেষ্ঠ সংকল্প শক্তিৰে গোটেই কাৰবাৰ চলাব নোৱাৰা জানো! যেনেকৈ বাণীৰে কথা স্পষ্ট কৰা তেনেকৈ আগলৈ গৈ সংকল্পৰে গোটেই কাৰবাৰ চলিব, ইয়াৰ বাবে শ্ৰেষ্ঠ সংকল্প শক্তি জমা কৰা।