13.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ ওচৰলৈ নিজৰ জীৱন হীৰাতুল্য কৰি তুলিবলৈ আহিছা, পিতাৰ স্মৃতিৰেহে
এনেকুৱা জীৱন হ'ব”
প্ৰশ্ন:
নতুন সৃষ্টিত
উচ্চ পদ পাবৰ কাৰণে কোনটো এটা মুখ্য পুৰুষাৰ্থ কৰিব লাগে?
উত্তৰ:
বাবাই কয় - মৰমৰ সন্তানসকল, যিসকল পুৰণি সম্বন্ধীয়ই ইমান দুখী কৰিলে, এতিয়া
তেওঁলোকৰ মোহজালৰ পৰা বুদ্ধি আঁতৰাই একমাত্ৰ মোক স্মৰণ কৰা। তেওঁলোকৰ লগত থাকিও মন
মোৰ সৈতে লগোৱা। ‘মনমনাভৱ’ৰ মন্ত্ৰ সদায় স্মৃতিত ৰাখিলে তোমালোকে নতুন সৃষ্টিত উচ্চ
পদ পাবা।
গীত:
তুনে ৰাত
গঁৱাই চ’ কে… (তুমি ৰাতি শুই কটালা……)
ওঁম্শান্তি।
যেনেকৈ
সন্তানসকলক সকলো শাস্ত্ৰৰ সাৰ শুনায়, তেনেকৈ এই গীতসমূহৰো সাৰ তোমালোকক বুজায়।
তেৱেঁই সকলোৰে আত্মিক পিতা, আত্মিক সন্তানসকলক ব্ৰহ্মাৰ শৰীৰত বহি বুজাই আছে। পিতাই
বুজায় - হে সন্তানসকল, তোমালোকে জানা যে আমাৰ হীৰাতুল্য জীৱন গঢ় লৈ আছে। পিতাৰ ওচৰলৈ
আহাই হীৰাতুল্য জীৱন গঢ়িবলৈ। হীৰাতুল্য জীৱন বুলি কোৱা হয় স্বৰ্গবাসীসকলৰ। কড়িতুল্য
জন্ম হৈছে নৰকবাসীসকলৰ। তোমালোকে সংগমযুগকো জানি গৈছা। আমি এতিয়া সংগমযুগবাসী। এই
সংগমযুগ সকলোৰে কাৰণে কল্যাণকাৰী। এই সংগমযুগতেই সকলোৰে গতি সৎগতি হয়। কোনে কৰে?
পৰমধামৰ পৰা অহা পথিকে। তেওঁ পথিক হয় নহয়। তোমালোক পথিক নোহোৱা, তোমালোক আহি গুচি
নোযোৱা। পিতাই কয় - মই পুৰণি সৃষ্টিত আহি পুনৰ উভতি যাওঁ। সন্তানসকলে জানে এই সেৱা
কৰোঁতা এজনেই পথিক, যিয়ে আহি আমাৰ অৰ্থাৎ সন্তানসকলৰ বহুত ডাঙৰ সেৱা কৰে। এনেকুৱা
সেৱা আৰু কোনেও কৰিব নোৱাৰে। সেৱাৰ কাৰণেই আহ্বান জনায় যে আহি আমাৰ অৰ্থাৎ পতিতসকলৰ
সেৱা কৰক। পিতায়ো কয় - মই সন্তানসকলৰ সেৱাত আহিছোঁ কিয়নো সন্তানসকল বহুত দুখী।
আহ্বানো জনায় আমাৰ দুখ দূৰ কৰক আৰু শান্তি দিয়ক। দুটা বস্তু সদায় স্মৃতিত থাকে -
সুখ আৰু শান্তি। ইয়াত দুখ আৰু অশান্তি আছে, সেইবাবে আহ্বান জনায়। পিতাহে আহি সৃষ্টি
চক্ৰৰ গোটেই ৰহস্য সন্তানসকলক বুজায়। সন্তানসকলে বুজি পায় - এতিয়া ভক্তিমাৰ্গ
সমাপ্ত হ'ব। কলিযুগৰ অন্ত মানে ভক্তি অৱনমিত হৈ আহে। জ্ঞানৰ দ্বাৰা তোমালোকৰ আৰোহণ
কলা হৈ যায়। তোমালোকে উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰা পুনৰ সেই প্ৰালব্ধৰ সুখ কম হৈ
যায়। ভক্তিতো ভাৰতত যিমান হয় সিমান আৰু ক'তোৱেই নহয়। আধাকল্প ভক্তি চলে। যেতিয়াৰ পৰা
দ্বাপৰ আৰম্ভ হয় আৰু অন্য ধৰ্মসমূহ প্ৰতিষ্ঠা হোৱা আৰম্ভ হয় তেতিয়াৰ পৰা ভক্তি
আৰম্ভ হয়। ভক্তিও প্ৰথমে বহুত ভাল হয়। যেনেকৈ স্বৰ্গ প্ৰথমে বহুত ভাল হয় পুনৰ লাহে
লাহে কলা কম হৈ গৈ থাকে। ভক্তি আৰম্ভ হ’লে তেতিয়া পোন-প্ৰথমে শিৱৰ পূজাৰী হয়।
আধাকল্প কোনো পূজা নহয়। পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয় আৰু অন্য ধৰ্মসমূহো আৰম্ভ হয়।
ইমান ভক্তি আৰু কোনেও কৰিব নোৱাৰে, সম্পূৰ্ণ আধাকল্প ভক্তি চলে। এইটোও তোমালোক
সন্তানসকলে জানা যে পিতা, যিয়ে সকলোকে বিশেষকৈ ভাৰতক সৎগতি দিয়ে, স্বৰ্গৰ মালিক কৰি
তোলে সেইজনেই দূৰণিৰ দেশৰ পথিক আহিছে - আমাক সন্তানসকলক পুনৰাই স্বৰ্গৰ বাদশ্বাহী
দিবলৈ। উত্তৰাধিকাৰো কিমান শ্ৰেষ্ঠ। কিন্তু এটা কথাও কাৰো বুদ্ধিত ধাৰণ নহয়। ভাৰতত
ভক্তি কিমান কৰে। কিমান মন্দিৰ আছে। ভাৰত খণ্ডততো বহুত মন্দিৰ আছে। এতিয়া তোমালোকে
জানা এয়া কাৰ মন্দিৰ। পোন-প্ৰথমতে শিৱবাবাৰ মন্দিৰ নিৰ্মাণ কৰা হয়, তাৰপাছত
দেৱতাসকলৰ মন্দিৰ নিৰ্মাণ কৰা হয়। সেই মন্দিৰসমূহো তোমালোকৰ সন্মুখত ঠিয় হৈ আছে।
এফালে শিৱবাবাৰ পূজা কৰে, আনফালে শিৱবাবাই তোমালোকক পূজ্য কৰি আছে। তোমালোক ইয়ালৈ
আহিছা পূজ্য দেৱতা হ'বলৈ। দেৱতাসকলৰ যি পূজাৰী আছে - বাস্তৱত তেওঁলোকো ইয়ালৈ আহি
ব্ৰাহ্মণ হ'ব। লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। সকলোৱে একেলগেতো পঢ়িব নোৱাৰে। সময় লাগে।
কল্প পূৰ্বেও যিসকলে পঢ়িছিল তেওঁলোকেই পুনৰ পঢ়িব। ইজনে সিজনক পঢ়াই থাকিব লাগে।
সকলোকে পিতা আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়, যাৰ দ্বাৰা মনুষ্য স্বৰ্গৰ
মালিক হ'ব পাৰে। সেয়া আহি বুজা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে এই ড্ৰামাই
কেনেকৈ পৰিক্ৰমা লগায়। লাখ লাখ বছৰৰ কোনো কাহিনীতো শুনাব নোৱাৰে। তোমালোকে জানা 5
হাজাৰ বছৰ পূৰ্বে কি আছিল, কাৰ ৰাজ্য আছিল! ভাৰতত আমাৰ পূজ্য দেৱী-দেৱতাসকলৰ ৰাজ্য
আছিল। স্মৃতিলৈ আহিল নহয় - আমি পূজ্য আছিলোঁ, পুনৰ পূজাৰী হ'লোঁ। আগতে এইটো গম পোৱা
নাছিলোঁ - আমিয়ে পূজ্য দেৱতা আছিলোঁ, পুনৰ আমি 84 জন্ম ল’লোঁ। 84 জন্মৰ কাহিনী
লক্ষ্মী-নাৰায়ণৰ হয়। তোমালোকে নিজৰ 84 জন্মৰ কাহিনী শুনোৱা। তেওঁলোকৰতো নিজৰ কাহিনী
বহি লিখিবলৈ বহুত সময় লাগে। তোমালোকে এক মিনিটত 84 জন্মৰ কাহিনী শুনাব পাৰা।
তেওঁলোকেতো এটা জন্মৰ কাহিনী লিখে। সৰুকালত কি কি কৰিলে। এৱোঁ নিজৰ কাহিনী শুনায়।
মই 84ৰ চক্ৰ কেনেকৈ পৰিক্ৰমা লগাওঁ। এজনৰতো কথা নহয়, বহুত ব্ৰাহ্মণ আছে। তোমালোকেহে
এই চক্ৰক জানা। এই চক্ৰক জানিলে তোমালোক ৰজা-ৰাণী হোৱা আকৌ আনক তেনেকুৱা কৰিও তোলা।
ভক্তিও ভাৰতবাসীৰ দৰে অন্য কোনেও নকৰে। অন্য যিবোৰ মঠ পন্থ ধৰ্ম আছে, সেইবোৰ আমাৰ
ভক্তিৰ সময়ত প্ৰতিষ্ঠা হয়। পোন-প্ৰথমে আমাৰ কিমান সৰু ফুলৰ বৃক্ষ আছিল, আত্মিক
বাগিচা আছিল। তোমালোক চৈতন্য ফুল আছিলা। ইয়াক কোৱা হয় ফুলৰ বাগিচা। পুনৰ সেয়াই
কাঁইটৰ বাগিচা হৈ যায়। এই সময়ত সকলো কাঁইট হৈ গ’ল। পুনৰ কাঁইটৰ পৰা ফুল কেনেকৈ হ’ব
লাগে, সেয়া পিতাই বহি বুজায়। ইজনে-সিজনক দুখ দিয়া মানে কাঁইট হৈ বিন্ধা। বিদ্যাৰ্থী
জীৱন সকলোতকৈ উত্তম বুলি কোৱা হয়। সেয়া বহুত ভাল। ল’ৰা-ছোৱালীয়ে বহুত আনন্দেৰে পঢ়ি
থাকে। বিয়া কৰালে আৰু ইজনে-সিজনক কাঁইট হৈ বিন্ধিবলৈ আৰম্ভ কৰিলে। সত্যযুগত কোনেও
কাঁইট হৈ নিবিন্ধে। এতিয়া তোমালোক পুনৰ ফুল হোৱা। তোমালোকে জানা যে ভাৰত স্বৰ্গ
আছিল তেতিয়া কিমান অপাৰ সুখ আছিল। সোণৰ খনি আছিল। এতিয়া সেয়া খালী হৈ গ’ল। পুনৰ
তোমালোকে ভৰপূৰ সোণ পাবা। ভাৰততেই সোণ, হীৰা, মুকুতাৰ খনি আছিল। সেই সময়ত আমেৰিকা
আদি একোৱেই নাথাকে। বোম্বায়ো (এতিয়া মুম্বাই) নাছিল। আচৰিত নহয় জানো। কলিযুগৰ অন্তত
একোৱেই সোণ দেখিবলৈ পোৱা নাযায় পুনৰ সত্যযুগৰ আদিত ইমান সোণৰ খনি ভৰপূৰ হৈ যায়।
সোণৰ মহল তৈয়াৰ হৈ যায়। আচৰিত নহয় জানো। তাত খনিৰ পৰা কিমান অনেক সোণ উলিয়ায়। যেনেকৈ
ইয়াত মাটিৰ ইটা তৈয়াৰ হয়, তেনেকৈ তাত সোণৰ ইটা তৈয়াৰ হয়। “মায়া মচ্ছন্দৰ”ৰ খেল
দেখুৱায় নহয়। ধ্যানত দেখিলে ইয়াততো সোণেই সোণ। যথাযথ সত্যযুগত সোণ হ’ব। ইয়াততো চোৱা
মাটিৰ ইটাও পোৱা নাযায়। ইয়াত ধন দি যিমান ইটা পোৱা যায়, তাত সিমান সোণৰ ইটা
বিনামূল্যে পোৱা যায়। ৰাতি-দিনৰ পাৰ্থক্য আছে। তেন্তে নতুন সৃষ্টিত উচ্চ পদ পাবৰ
কাৰণে কিয়নো পুৰুষাৰ্থ নকৰোঁ! ইয়াত মোহজালত কিয় আৱদ্ধ হওঁ!
পিতাই কয় - পুৰণা
সম্বন্ধত তোমালোকে কিমান দুখ পোৱা! বাবাই এনেকৈ নকয় যে এয়া ত্যাগ কৰি দিয়া। কেৱল
বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে গঢ়ি তোলা তেতিয়া তোমালোক বিশ্বৰ মালিক হৈ যাবা।
‘মনমনাভৱ’ৰ অৰ্থই হৈছে – মোক স্মৰণ কৰা আৰু বিষ্ণু চতুৰ্ভুজক অৰ্থাৎ বিষ্ণুপুৰীক
স্মৰণ কৰা। মূল হৈছে এটা শব্দ। ভক্তি মাৰ্গততো অনেক পঞ্চায়ত (জটিলতা) আছে। এতিয়া
তোমালোক সকলো আত্মা হৈছা এজন প্ৰেমিক পৰমপিতা পৰমাত্মাৰ প্ৰেমিকা। তেওঁ তোমালোকক
সুখধামৰ মালিক কৰি তোলে। সকলো আত্মাই তেওঁক স্মৰণ কৰে। তোমালোক আত্মিক প্ৰেমিকৰ
আত্মিক প্ৰেমিকা এবাৰহে হোৱা। বাকীতো সকলো মনুষ্য হৈছে পাৰ্থিৱ (দৈহিক) প্ৰেমিক
প্ৰেমিকা। এতিয়া বেহদৰ প্ৰেমিকাসকলক বেহদৰ প্ৰেমিকে আহি সাক্ষাৎ কৰিছে। তেওঁক কয়ো -
আহক আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। এজনকেই আহ্বান জনায়। তোমালোকে জানা আমি
আত্মাসকল পতিত হৈ গৈছোঁ সেইকাৰণে আহ্বান জনায় পতিত-পাৱন আহক। কুম্ভমেলা অনুষ্ঠিত হয়,
কিমানে গৈ গঙ্গা স্নান কৰে। লাভ একোৱেই নহয়। পাৱন কোনো নহয়। এতিয়া পিতা আহি জ্ঞান
বৰষে। তোমালোকৰ ওপৰত জ্ঞানৰ বৰ্ষা হৈ আছে, যাৰ দ্বাৰা পুনৰ কাঁইটৰ জংঘল ফুলৰ বাগিচা
হৈ যাব। তোমালোকে জানা – যেতিয়া আমাৰ ৰাজ্য হ’ব তেতিয়া তাত কোনো পতিত নাথাকিবই।
গোটেই বিশ্বত জ্ঞান বৰ্ষা হৈ যায়। সকলোবোৰ সেউজীয়া নদন-বদন হৈ যায়। খনিবোৰো হীৰা
মুকুতাৰে নতুন হৈ যায়। এতিয়া তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে।
সন্মুখত দেখিবলৈ পোৱা, বেহদৰ পিতাই বহি বুজাইছে যে তোমালোকে মোক স্মৰণ কৰা তেতিয়া
তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। লাগিলে তোমালোক য’তেই বহি নাথাকা - স্নান কৰা, বুদ্ধিত
যাতে পিতাৰ স্মৃতি থাকে। তাততো স্মৰণ কৰাৰ বাবে আজৰি আছে। পিতাক যিমান স্মৰণ কৰিবা
সিমান উপাৰ্জন হ’ব। স্মৃতিৰেই উপাৰ্জন হয়। এনেকৈ কেতিয়াবা শুনিছানে যে স্মৃতিত
থাকিলে উপাৰ্জন হয়! কিমান শ্ৰেষ্ঠ উপাৰ্জন, তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবা।
তোমালোকে জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা নিৰাকাৰ। তেওঁ এই শৰীৰৰ আধাৰ লৈছে।
ভাগীৰথৰো বৰ্ণনা আছে নহয়। ভাগ্যশালী ৰথ, য’ত পৰমপিতাৰ পৰম আত্মাই আৰোহন কৰে। আত্মাৰ
ৰথ যেতিয়া তৈয়াৰ হয় তেতিয়া তৎক্ষণাৎ আত্মা আহি প্ৰৱেশ কৰে। পিতাইতো এই ৰথত আহি কেৱল
জ্ঞান দিব লাগে। এওঁৰো অনেক জন্মৰ অন্তিমৰ জন্মত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া
পিতাই কয় – মই আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ অথবা এই ৰথত বিৰাজমান হওঁ। বাকী কোনো
ঘোঁৰা গাড়ীৰ ৰথৰ কথা নাই। এতিয়া তোমালোকে এই জ্ঞান পাইছা। পিতাই বহি সন্মুখত
তোমালোক সন্তানসকলক বুজায়। তোমালোকতো বহুত আনন্দিত হোৱা উচিত। যেতিয়া আই.চি.এচ.
পৰীক্ষাৰ বাবে পঢ়ে তেতিয়া বহুত নিচা থাকে। সেয়া হৈছে সকলোতকৈ উচ্চ পৰীক্ষা।
তোমালোকৰো এয়া হৈছে পঢ়া। এইখন ভগৱানৰ পাঠশালা। এতিয়া প্ৰশ্ন উদয় হয় যে ভগৱান কোন?
শ্ৰীকৃষ্ণ নে শিৱবাবা? সকলোৰে ভগৱান কোন? এজন নিৰাকাৰৰ বাহিৰে সকলোৱেতো শ্ৰীকৃষ্ণক
নামানিব। সকলো আত্মাৰ পিতা তেওঁ নিৰাকাৰ পৰমপিতা পৰমাত্মা। তেওঁ সদায় পৰমধামত নিবাস
কৰে। এবাৰেই আহে - সন্তানসকলক স্বৰ্গৰ মালিক কৰি তুলিবলৈ। তোমালোকে জানা সেইজন
বাবাই কল্পই কল্পই আহি আমাক ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। ভাৰত এতিয়া ভিকহু নহয়
জানো। আকৌ পৰৱৰ্তী জন্মত কি হ’ব, তোমালোকৰ সকলো সাক্ষাৎকাৰ হৈছে। বিনাশৰো
সাক্ষাৎকাৰ কৰিছা। স্থাপনাৰো কৰিছা। ভগৱানুবাচ (ভগৱানে কয়) মই তোমালোকক ৰজাৰো ৰজা
কৰি তোলোঁ। বহুত দান-পুণ্য কৰিলে কাৰোবাৰ অল্পকালৰ সুখ প্ৰাপ্ত হয়। ৰজাৰ ঘৰত জন্ম
লৈ আকৌ অকালতে মৰি যায়। কোনোবা গৰ্ভতেই মৰি যায়। কোনোবা লেঙেৰা, কণা হৈ যায়।
যেনেকুৱা কৰ্ম কৰে তেনেকুৱা পদ পায়। এতিয়া তোমালোককতো ৰজাৰো ৰজা কৰি তোলোঁ। তোমালোকে
কোৱা – বাবা মই আপোনাৰ প্ৰতি উৎসৰ্গিত গৈ যাম। তেন্তে নিশ্চয় ৰাজ্য-ভাগ্যও
তোমালোকেই পাবা। ভাৰতক মহাদানী খণ্ড বুলি কোৱা হয়। ইয়াত দান-পুণ্য বহুত কৰে। সেয়া
আকৌ ভক্তিমাৰ্গত আৰম্ভ হয়। এতিয়া পিতাই তোমালোকক 21 জন্মৰ বাবে দান দিয়ে। এতিয়া
তোমালোক বাবাৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা। তন-মন-ধন সকলো দি দিলা। এতিয়া পিতাই কয় -
নিমিত্ত হৈ থাকা। নিজৰ ঘৰ-সংসাৰৰ তত্ত্বাৱধান লোৱা। সকলোবোৰ শিৱবাবাৰ। মই আপোনাৰ হওঁ,
আপোনাকে স্মৰণ কৰোঁ। অন্তৰেৰে সমৰ্পণ কৰে। পিতাই কয় - লাগিলে মহলত থাকা, ঘূৰা ফুৰা
আনন্দোৎসৱ কৰা, কেৱল মোক স্মৰণ কৰা তেতিয়া তোমালোক বহুত আনন্দিত হৈ থাকিবা। তোমালোক
বিশ্বৰ মালিক আছিলা। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি পুনৰ সেয়া হোৱা। পিতাই বুজায় –
মৰমৰ সন্তানসকল এই যোগবলেৰেহে তোমালোক বিকৰ্মাজিৎ হ’বা। পিতাৰ স্মৃতিৰে তোমালোক
বিশ্বৰ মালিক হোৱাগৈ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাজকীয় পদ
পাবৰ কাৰণে পিতাৰ প্ৰতি পূৰা পূৰা উৎসৰ্গিত হৈ যাব লাগে। তন-মন-ধন সকলো সমৰ্পণ কৰি
নিমিত্ত হৈ থাকিব লাগে। বিকৰ্মাজিৎ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।
(2) স্মৃতিত থাকিলেহে
উপাৰ্জন হয়, সেইকাৰণে নিৰন্তৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা আত্মিক
ফুল হ’ব লাগে যাতে ফুলৰ সৃষ্টিৰ অধিকাৰী হৈ যোৱা। ভিতৰত যাতে কোনো কাঁইট নাথাকে।
বৰদান:
এক পিতাৰ মাজতে
গোটেই সংসাৰৰ অনুভৱ কৰোঁতা বেহদৰ বৈৰাগী হোৱা
বেহদৰ বৈৰাগী
তেওঁলোকেই হ’ব পাৰে যিসকলে পিতাকেই নিজৰ সংসাৰ বুলি বুজে। যাৰ পিতাই সংসাৰ, তেওঁ
নিজৰ সংসাৰতেই থাকিব, আন ক’লৈকো নাযাব, তেতিয়া স্বতঃ কাষৰীয়া হৈ যাব। সংসাৰত
ব্যক্তি আৰু বৈভৱ সকলো আহি যায়। পিতাৰ সম্পত্তিয়েই মোৰ সম্পত্তি - এইটো স্মৃতিত
থাকিলে বেহদৰ বৈৰাগী হৈ যাবা। কাৰোবাক দেখিলেও বুদ্ধি নাযাব। দৃষ্টিগোচৰেই নহ’ব।
স্লোগান:
শক্তিশালী স্থিতিৰ অনুভৱ কৰিবলৈ একান্ত আৰু ৰমণীয়তাৰ সন্তুলন ৰাখা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যেনেকৈ দুৰ্গ নিৰ্মাণ
কৰা হয়, যাতে প্ৰজাসকল দুৰ্গৰ ভিতৰত সুৰক্ষিত হৈ থাকে। এজন ৰজাৰ বাবে সৰু কোঠা
নাসাজে, দুৰ্গ নিৰ্মাণ কৰে। তোমালোকক সকলোৱেও নিজৰ বাবে, সংগীসকলৰ বাবে আৰু অন্য
আত্মাসকলৰ বাবে অগ্নি ৰূপ স্মৃতিৰ দুৰ্গ গঢ়ি তোলা। স্মৃতিৰ শক্তিয়ে অগ্নিৰ ৰূপ ল’লে
তেতিয়া প্ৰত্যেক আত্মাই সুৰক্ষাৰ অনুভৱ কৰিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]