13.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকৰ ভাগ্য উদয় কৰিবলৈ, পাৱন হ’লেহে ভাগ্য উদয় হ’ব”
প্ৰশ্ন:
যিসকল সন্তানৰ
ভাগ্য উদয় হৈছে তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
1) তেওঁলোক সুখৰ দেৱতা হ’ব। বেহদৰ (পাৰলৌকিক) পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লৈ সকলোকে
সুখ দিব। কেতিয়াও কাকো দুখ দিব নোৱাৰে। তেওঁলোক হ’ল ব্যাসৰ সন্তান সঁচা সুখদেৱ। 2)
তেওঁলোকে 5 বিকাৰৰ সন্ন্যাস কৰি সঁচা ৰাজযোগী, ৰাজঋষি বুলি পৰিচয় দিয়ে। 3) তেওঁলোকৰ
অৱস্থা একৰস হৈ থাকে, তেওঁলোকে কোনো কথাত কান্দিব নোৱাৰে। তেওঁলোকৰ ক্ষেত্ৰতেই মোহজিৎ
বুলি কয় ।
গীত:
ভাগ্য উদয় কৰি
আহিছোঁ... (তগদীৰ জগাকৰ আয়ি হু…)
ওঁম্শান্তি।
গীতৰ এটি কলি
শুনিলেও মৰমৰ সন্তানসকল পুলকিত হৈ যাব লাগে। হওঁতে সাধাৰণ গীত কিন্তু ইয়াৰ সাৰমৰ্ম
আন কোনেও নাজানে। পিতাহে আহি প্ৰতিটো গীত, শাস্ত্ৰৰ অৰ্থ বুজায়। মৰমৰ সন্তানসকলে
এইটোও জানে যে কলিযুগত সকলোৰে ভাগ্য শুই আছে। সত্যযুগত ভাগ্য উদয় হৈ থাকে। শুই থকা
ভাগ্য উদয় কৰোঁতা আৰু মত দিওঁতা অথবা ভাগ্য গঢ়োঁতা হৈছে এজনেই পিতা। তেৱেঁই বহি
সন্তানসকলৰ ভাগ্য উদয় কৰে। যেনেকৈ সন্তান জন্ম হয় আৰু ভাগ্য উদয় হৈ যায়। সন্তান
জন্ম হোৱাৰ লগে লগে গম পাই যায় যে মই উত্তৰাধিকাৰী হওঁ। হুবহু এয়া বেহদৰ কথা।
সন্তানসকলে জানে কল্পই কল্পই আমাৰ ভাগ্য উদয় হয় আৰু শুই যায়। পাৱন হলে তেতিয়া ভাগ্য
উদয় হয়। পাৱন গৃহস্থ আশ্ৰম বুলি কোৱা হয়। আশ্ৰম শব্দটি পৱিত্ৰ। পৱিত্ৰ গৃহস্থ আশ্ৰম,
তাৰ বিপৰীতে আকৌ অপৱিত্ৰ পতিত ধৰ্ম, আশ্ৰম বুলি কোৱা নহয়। গৃহস্থ ধৰ্ম সকলোৰে আছেই।
জন্তুৰো আছে। সন্তানতো সকলোৱে জন্ম দিয়ে। জন্তুকো ক’ব গৃহস্থ ধৰ্মত আছে। এতিয়া
সন্তানসকলে জানে যে আমি স্বৰ্গত পৱিত্ৰ গৃহস্থ আশ্ৰমত আছিলোঁ, দেৱী-দেৱতা আছিলোঁ।
তেওঁলোকৰ মহিমাও গায় - সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম,
অহিংসাই পৰম ধৰ্ম… তোমালোকে নিজেও গাইছিলা। এতিয়া বুজি পোৱা আমি মনুষ্যৰ পৰা পুনৰ
দেৱতা হৈ আছোঁ। দেৱী-দেৱতাসকলৰ ধৰ্ম আছে। আকৌ ব্ৰহ্মা-বিষ্ণু-শঙ্কৰকো দেৱতা বুলি কয়।
ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ… শিৱৰ কাৰণে ক’ব শিৱ পৰমাত্মায়ে নমঃ, গতিকে
পাৰ্থক্য হ’ল নহয়। শিৱ আৰু শঙ্কৰক একেজন বুলি ক’ব নোৱাৰি। পাথৰবুদ্ধিৰ আছিলা, এতিয়া
পাৰসবুদ্ধিৰ হৈ আছা। দেৱতাসকলকতো পাথৰবুদ্ধিৰ বুলি নক’ব। আকৌ নাটকৰ পৰিকল্পনা অনুসৰি
ৰাৱণ ৰাজ্য হ’লে তেওঁলোকেও ছিৰি অৱনমিত হ’ব লাগে। পাৰসবুদ্ধিৰ পৰা পাথৰবুদ্ধিৰ হ’ব
লাগে। সকলোতকৈ বুদ্ধিমান কৰি তোলোঁতাতো এজনেই পিতা। তোমালোকক পাৰসবুদ্ধিৰ কৰি তোলে।
তোমালোক ইয়ালৈ আহা পাৰসবুদ্ধিৰ হ’বলৈ। পাৰসনাথৰো মন্দিৰ আছে। তাত মেলা হয়। কিন্তু
এইটো কোনেও গম নাপায় – পাৰসনাথ কোন। বাস্তৱত পাৰস কৰি তোলোঁতাতো পিতাহে হয়। তেওঁ
হ’ল বুদ্ধিমানৰো বুদ্ধি। এয়া হ’ল তোমালোক সন্তানসকলৰ বুদ্ধিৰ বাবে খোৰাক (পথ্য)।
বুদ্ধি কিমান সলনি হয়। যেনেকৈ কোৱা হয় বেয়া নাচাবা… এতিয়া বান্দৰৰতো কথা নহয়।
মনুষ্যই যেন বান্দৰৰ নিচিনা হৈ যায়। বন মানুহক মনুষ্যৰ লগত তুলনা কৰা হয়। ইয়াক
কোৱাই হয় কাঁইটৰ জংঘল। কিমান ইজনে সিজনক দুখ দি থাকে। এতিয়া তোমালোক সন্তানসকলৰ
বুদ্ধিয়ে খোৰাক পাই আছে। বেহদৰ পিতাই খোৰাক দি আছে। এয়া হৈছে পঢ়া, ইয়াক জ্ঞান অমৃত
বুলিও কয়। কোনো পানী আদি নহয়। আজিকালি সকলো বস্তুকে অমৃত বুলি কৈ দিয়ে। গঙ্গাজলকো
অমৃত বুলি কয়। দেৱতাসকলৰ চৰণ ধুই পানী পান কৰে, পানী থৈ দিয়ে, তাকো অমৃতৰ অঞ্জলি
জ্ঞান কৰে। যি অঞ্জলি লয় সেই অঞ্জলিক এনেকৈ নকয় যে এয়া পতিতক পাৱন কৰি তোলোঁতা হয়।
গঙ্গাজলক পতিত-পাৱনী বুলি কয়। এনেকৈ কয়ো যে মনুষ্য মৰাৰ সময়ত মুখত গঙ্গাজল দিব লাগে।
এনেকৈ দেখুৱায় যে অৰ্জুনে বাণ মাৰি গঙ্গাজল পান কৰালে। তোমালোক সন্তানসকলে কোনো বাণ
আদি মৰা নাই। এখন গাঁও আছে য’ত বাণেৰে যুদ্ধ কৰে। তাৰ ৰজাক ঈশ্বৰৰ অৱতাৰ বুলি কয়।
পিতাই কয় – এই সকলোবোৰ ভক্তিমাৰ্গৰ গুৰু। সঁচা সৎগুৰু এজনেই। সকলোৰে সৎগতি দাতা এজন,
যিয়ে সকলোকে লগত লৈ যায়। পিতাৰ বাহিৰে কোনেও উভতাই লৈ যাব নোৱাৰে। ব্ৰহ্মত লীন হৈ
যোৱাৰো কথা নহয়। এই নাটক ৰচি থোৱা আছে, যি চক্ৰ অনাদি ঘূৰিয়েই থাকে। বিশ্বৰ
ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়। এয়া এতিয়া তোমালোকে জানা। মনুষ্য অৰ্থাৎ
আত্মাসকলে নিজৰ পিতা ৰচয়িতাকো নাজানে, যাক স্মৰণো কৰে – হে ঈশ্বৰ পিতা। হদৰ পিতাক
কেতিয়াও ঈশ্বৰ পিতা বুলি নকয়। ঈশ্বৰ পিতা বুলি বহুত সন্মানেৰে কয়। তেওঁৰ বাবেই কয়
পতিত-পাৱন, দুখহৰ্তা, সুখকৰ্তা। এফালে কয় তেওঁ দুখহৰ্তা সুখকৰ্তা, আকৌ যেতিয়া কিবা
দুখ হয় বা সন্তান আদি মৰি যায় তেতিয়া কয় - ঈশ্বৰেই সুখ-দুখ দিয়ে। ঈশ্বৰে মোৰ
সন্তানটি লৈ ল’লে, এয়া কি কৰিলে! ঈশ্বৰক আকৌ গালি দিয়ে। কয়ো যে ঈশ্বৰে সন্তান দিলে
আকৌ যদি তেওঁ উভতাই লৈ ল’লে তেন্তে তোমালোকে কান্দা কিয়। ঈশ্বৰৰ ওচৰলৈ গ’ল নহয়।
সত্যযুগত কেতিয়াও কোনেও নাকান্দে। পিতাই বুজায় - কন্দাৰতো কোনো দৰকাৰ নাই। আত্মাই
নিজৰ হিচাপ-নিকাচ অনুসৰি গৈ ভূমিকা পালন কৰিব লাগে। জ্ঞান নথকাৰ বাবে মনুষ্যই কিমান
কান্দে। যেন পাগল হৈ যায়, ইয়াততো পিতাই বুজায় – অম্মা মৰিলেও হালোৱা খাবা…. (জ্ঞান
মুৰুলী শুনিবা….) পিতা মৰিলেও হালোৱা খাবা…. নষ্টোমোহা হ’ব লাগে। মোৰতো এজনেই বেহদৰ
পিতা, আন কোনো নাই। এনেকুৱা অৱস্থা সন্তানসকলৰ হ’ব লাগে। মোহজিৎ ৰজাৰ কাহিনীও শুনিছা
নহয়। সত্যযুগত কেতিয়াও দুখৰ কথা নাথাকে। কেতিয়াও অকাল মৃত্যুও নহয়। সন্তানসকলে জানে
যে আমি কালৰ ওপৰত জয়ী হওঁ। পিতাক মহাকাল বুলিও কয়, কালৰো কাল। তোমালোক কালৰ ওপৰত জয়ী
হ’ব লাগে অৰ্থাৎ কালে কেতিয়াও খাব নোৱাৰে। কালে আত্মাকো খাব নোৱাৰে, শৰীৰকো খাব
নোৱাৰে। আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। তাকে ‘কালে খালে’ বুলি কয়, বাকী কাল কোনো
বস্তু নহয়। মনুষ্যই মহিমা গায়ন কৰি থাকে, একোৱে বুজি নাপায়। অচ্যুতম্ কেশবম্ কৃষ্ণ
দামোদৰম্…. পিতাই বুজায় - এই 5 বিকাৰে তোমালোকৰ বুদ্ধি কিমান নষ্ট কৰি দিয়ে। এই
সময়ত কোনেও পিতাক নাজানে সেইকাৰণে ইয়াক মাউৰাৰ জগত বুলি কোৱা হয়। পৰস্পৰ কিমান
কাজিয়া-পেচাল কৰি থাকে। এই গোটেই সৃষ্টিখন বাবাৰ ঘৰ হয় নহয়। পিতা গোটেই সৃষ্টিৰ
সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহে। আধাকল্প যথাযথ পৱিত্ৰ সৃষ্টি আছিল নহয়।
গায়নো কৰে - ৰাম ৰজা ৰাম প্ৰজা… তাত আকৌ অধৰ্মৰ কথা কেনেকৈ হ’ব পাৰে। এনেকৈ কয়ো যে
তাত সিংহ ছাগলীয়ে একেলগে জল পান কৰে, তেন্তে তাত ৰাৱণ আদি ক’ৰ পৰা আহিল। বুজি নাপায়,
বাহিৰৰ লোকসকলেতো এনেবোৰ কথা শুনি হাঁহে। পিতাই আহি জ্ঞান দিয়ে, এইখন পতিত সৃষ্টি
নহয় জানো। এতিয়া প্ৰেৰণাৰে পতিতসকলক পাৱন কৰি তুলিব জানো! আহ্বান জনায় - পতিত-পাৱন
আহক তেন্তে নিশ্চয় ভাৰতলৈকে আহিছিল। এতিয়াও কয় - মই জ্ঞানৰ সাগৰ আহিছোঁ- তোমালোকক
নিজৰ সমান মাষ্টৰ জ্ঞান সাগৰ কৰি তুলিবলৈ। পিতাকহে সঁচা ব্যাস বুলি কোৱা হ’ব। গতিকে
এওঁ ব্যাস দেৱ আৰু তোমালোক তেওঁৰ সন্তান সুখদেৱ, তোমালোক এতিয়া সুখৰ দেৱতা হোৱা।
ব্যাস, শিৱাচাৰ্যৰ পৰা সুখৰ উত্তৰাধিকাৰ লৈ আছা। ব্যাসৰ সন্তান তোমালোক হোৱা। কিন্তু
মনুষ্য যাতে বিবুদ্ধিত নপৰে সেইবাবে শিৱৰ সন্তান বুলি কোৱা হয়। তেওঁৰ আচল নাম হৈছে
শিৱ। আত্মাক জনা যায়, পৰমাত্মাকো জনা যায়। তেৱেঁই আহি পতিতৰ পৰা পাৱন হোৱাৰ
মাৰ্গ-দৰ্শন কৰায়। তেওঁ কয় - মই তোমালোক আত্মাসকলৰ পিতা হওঁ। এনেকৈ কয় যে তেওঁ
আঙুলিৰ দৰে। ইমান ডাঙৰতো ইয়াত (ভ্ৰূকুটিৰ মধ্যত) স্থিত হ’বও নোৱাৰে। তেওঁতো অতি
সূক্ষ্ম। চিকিৎসকসকলেও আত্মাক চাবৰ বাবে মগজ খটুৱায়। কিন্তু চাব নোৱাৰে। আত্মাক
উপলব্ধি কৰা হয়। পিতাই সোধে - এতিয়া তোমালোকে আত্মাৰ উপলব্ধি কৰিলানে? ইমান সূক্ষ্ম
আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। যেন এখন ৰেকৰ্ডৰ দৰে। প্ৰথমতে তোমালোক
দেহ-অভিমানী আছিলা, এতিয়া দেহী-অভিমানী হৈছা। তোমালোকে জানা যে আমি আত্মাই 84 জন্ম
কেনেকৈ লৈ থাকোঁ। তাৰ অন্ত নহয়। কোনো কোনোৱে সোধে - এই ড্ৰামাখন কেতিয়াৰ পৰা আৰম্ভ
হ’ল। কিন্তু এইখনতো অনাদি হয়, ইয়াৰ কেতিয়াও বিনাশ নহয়। ইয়াক কোৱা হয় পূৰ্ব
নিৰ্ধাৰিত অবিনাশী বিশ্ব নাটক। বিশ্বখনকো তোমালোকে জানা। যেনেদৰে অশিক্ষিত সন্তানক
শিক্ষা দিয়া হয়, তেনেদৰে পিতাই তোমালোক সন্তানসকলক পঢ়াই আছে। আত্মাইহে শৰীৰৰ দ্বাৰা
পঢ়ে। এয়া হৈছে পাথৰবুদ্ধিৰ বাবে খাদ্য। বুদ্ধিয়ে বোধশক্তি পায়। তোমালোক সন্তানসকলৰ
বাবেই বাবাই চিত্ৰ তৈয়াৰ কৰাইছে। অতি সহজ। ত্ৰিমূৰ্তি ব্ৰহ্মা, শংকৰ, এতিয়া
ব্ৰহ্মাক ত্ৰিমূৰ্তি বুলি কিয় কয়! দেৱ দেৱ মহাদেৱ... এজনক আনজনৰ ওপৰত ৰাখে। অৰ্থ
একোৱেই নাজানে। এতিয়া ব্ৰহ্মা (ত্ৰিমূৰ্তি) কেনেকৈ হ’ব পাৰে, যিহেতু ব্ৰহ্মাক
প্ৰজাপিতা বুলি কোৱা হয়। তেন্তে সূক্ষ্মলোকত সেই দেৱতা কেনেকৈ থাকিব পাৰে। প্ৰজাপিতা
ব্ৰহ্মাতো ইয়াত থকা উচিত। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কয় – মই এইটো শৰীৰত
প্ৰৱেশ কৰি এওঁৰ দ্বাৰা তোমালোকক বুজাওঁ, এওঁক নিজৰ ৰথ কৰি লওঁ। এওঁৰ অনেক জন্মৰ
অন্তত মই আহোঁ। এৱোঁ 5 বিকাৰৰ সন্ন্যাস কৰে। সন্ন্যাস কৰাসকলক যোগী, ঋষি বুলি কোৱা
হয়। এতিয়া তোমালোক ৰাজঋষি হোৱা। তোমালোকে প্ৰতিজ্ঞা কৰা। সেই সন্ন্যাসীসকলেতো
ঘৰ-সংসাৰ এৰি গুচি যায়। ইয়াততো স্ত্ৰী-পুৰুষ একেলগে থাকে। কয় - আমি বিকাৰগ্ৰস্ত
কেতিয়াও নহওঁ। মূল কথাই হৈছে বিকাৰৰ।
তোমালোকে জানা শিৱবাবা
হৈছে ৰচিয়তা। তেওঁ নতুন ৰচনা ৰচে। তেওঁ হৈছে বীজৰূপ সত্য, চৈতন্য, আনন্দৰ সাগৰ,
জ্ঞানৰ সাগৰ। স্থাপনা, প্ৰতিপালন, বিনাশ কেনেকৈ কৰে - এয়া পিতাইহে জানে। এই কথাবোৰ
মনুষ্যইতো নাজানে। তোমালোক সন্তানসকলে এতিয়া এই সকলো কথা জানা, সেইকাৰণে সকলোকে
বুজাব পাৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰত্যেক
আত্মাৰ হিচাপ-নিকাচ নিজা নিজা, সেইবাবে কোনোবাই শৰীৰ এৰিলে কান্দিব নালাগে। পূৰা
নষ্টোমোহা হ’ব লাগে। বুদ্ধিত থাকিব লাগে যে মোৰতো এজন বেহদৰ পিতা, দ্বিতীয় কোনো নাই।
(2) 5 বিকাৰ যিয়ে
বুদ্ধি নষ্ট কৰে সেয়া ত্যাগ কৰিব লাগে। সুখৰ দেৱতা হৈ সকলোকে সুখ দিব লাগে। কাকোৱে
দুখ দিব নালাগে।
বৰদান:
সদায়
মৰ্যাদাৰেখাৰ ভিতৰত থকাৰ যত্ন কৰোঁতা মৰ্যাদা পুৰুষোত্তম হোৱা
যিসকল সন্তানে নিজক
এজনেই পিতা অৰ্থাৎ ৰামৰ সঁচা সীতা বুলি বুজি সদায় মৰ্যাদাৰেখাৰ ভিতৰত থাকে অৰ্থাৎ
সাৱধানতা অৱলম্বন কৰে, তেওঁলোক স্বতঃ সাৱধান তথা প্ৰফুল্লিত (হৰ্ষিত) হৈ থাকে। গতিকে
পুৱাৰ পৰা নিশালৈকে যিবোৰ মৰ্যাদা প্ৰাপ্ত হৈছে তাৰ স্পষ্ট জ্ঞান বুদ্ধিত ৰাখি,
নিজক সঁচা সীতা বুলি বুজি মৰ্যাদাৰেখাৰ ভিতৰত থাকা, তেতিয়া মৰ্যাদা পুৰুষোত্তম বুলি
কোৱা হ’ব।
স্লোগান:
সেৱাৰ অতি মাত্ৰাত নাযাবা, সেৱা আৰু স্ব-পুৰুষাৰ্থৰ সন্তুলন ৰাখা।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য
“অখণ্ড জ্যোতি তত্ত্ব
শান্তি নিবাস আৰু সাকাৰী লোক ৰঙ্গভূমি’’
আত্মাসকলৰ নিবাসস্থান
হৈছে অখণ্ড জ্যোতি মহাতত্ত্ব, য’ত এই শৰীৰৰ ভূমিকাৰ পৰা মুক্ত অৰ্থাৎ দুখ-সুখৰ পৰা
উৰ্দ্ধত অৱস্থাত থাকে, যাক শান্তি নিবাস বুলিও কোৱা হয় আৰু আত্মাসকলে শৰীৰসহিত
নিজৰ ভূমিকা পালন কৰা স্থান ৰঙ্গভূমি হৈছে এই সাকাৰী লোক। গতিকে মুখ্যতঃ দুখন জগত
আছে—এখন হৈছে নিৰাকাৰী লোক আৰু আনখন হৈছে সাকাৰী লোক। জগত লোকেতো কেৱল ক’ব লাগে বাবে
কয় যে পৰমাত্মা ৰচয়িতা, পালন কৰ্তা, সংহাৰ কৰ্তা, খুৱায়, মাৰে আৰু দাহো তেৱেঁই
কৰায়। তেন্তে দুখ-সুখ দিওঁতাও তেৱেঁই। যেতিয়া কাৰোবাৰ দুখ হয়, তেতিয়া তেওঁলোকে
কয়—‘হে প্ৰভু, তোমাৰ প্ৰতিটো বস্তুৱেই মিঠা’। এতিয়া এয়া হৈছে অযথাৰ্থ জ্ঞান,
কাৰণ এয়া কোনো পৰমাত্মাৰ কাম নহয়, পৰমাত্মা হৈছে দুখ হৰ্তা, দুখ কৰ্তা নহয়। জন্ম
লোৱা, জন্ম ত্যাগ কৰা, দুখ-সুখ ভোগ কৰাটো প্ৰত্যেক মনুষ্য আত্মাৰ সংস্কাৰ। শাৰীৰিক
জন্ম দিওঁতা পিতা-মাতা আছে তেওঁলোকো কৰ্মবন্ধন অনুসৰি পিতা-পুত্ৰৰ সম্বন্ধত আহে
তেনেকৈ আত্মাসকলৰ পিতা আকৌ পৰমাত্মা পিতা, তেওঁ কেনেকৈ বেহদ সৃষ্টিৰ স্থাপনা আৰু
প্ৰতিপালন কৰে! কেনেকৈ তেওঁ নিজৰ তিনিটা ৰূপ ব্ৰহ্মা, বিষ্ণু আৰু শংকৰৰ ৰচয়িতা আকৌ
এই আকাৰী ৰূপসমূহৰ দ্বাৰা দৈৱী সৃষ্টিৰ স্থাপনা, আসুৰী সৃষ্টিৰ বিনাশ আৰু পুনৰ দৈৱী
সৃষ্টি প্ৰতিপালন কৰায়। পৰমাত্মাৰ এই তিনিটা কাম হৈছে বেহদৰ। বাকী এই দুখ-সুখ,
জন্ম-মৰণ কৰ্ম অনুসৰি হয়। পৰমাত্মাতো হয়েই সুখদাতা, তেওঁ নিজৰ সন্তানক কেতিয়াও
দুখ নিদিয়ে। বাৰু – ওঁম্ শান্তি।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
সম্পূৰ্ণ পৱিত্ৰতা
অৰ্থাৎ মনতো কোনো এটা বিকাৰৰ অংশমাত্ৰও যাতে নাথাকে। জ্ঞান, গুণ আৰু সৰ্ব শক্তিৰ
প্ৰাপ্তিত সদায় সম্পন্ন, সৰ্ব প্ৰাপ্তিৰ লাইটৰ মুকুট স্পষ্টভাৱে দেখা দিয়ক। নিজক
সদায় লাইট আত্মিক ৰূপত অনুভৱ কৰা। কৰ্মতো নিজক লাইট (পাতল) অনুভৱ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]