13.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা সকলো আত্মাক কৰ্মবন্ধনৰ পৰা মুক্ত কৰোঁতা মুক্তি বাহিনী, তোমালোক
কৰ্মবন্ধনত আবদ্ধ হ’ব নালাগে”
প্ৰশ্ন:
কোনটো অভ্যাস
কৰি থাকিলে আত্মা বহুত শক্তিশালী হৈ যাব?
উত্তৰ:
যেতিয়াই সময় পোৱা তেতিয়াই শৰীৰৰ পৰা উপৰাম হৈ যোৱাৰ অভ্যাস কৰা। উপৰাম হ’লে আত্মাত
পুনৰ শক্তি আহি যাব, আত্মা শক্তিৰে ভৰপূৰ হ’ব। তোমালোক হৈছা গুপ্ত মিলিটেৰী,
তোমালোকে নিৰ্দেশনা পাইছা - অনুগ্ৰহ কৰি মনযোগ দিয়া অৰ্থাৎ এজন পিতাৰ স্মৃতিত থাকা,
অশৰীৰী হৈ যোৱা।
ওঁম্শান্তি।
‘ওঁম্
শান্তি’ৰ অৰ্থতো পিতাই ভালদৰে বুজাইছে। যেতিয়া মিলিটেৰী আহি উপস্থিত হয় তেতিয়া
তেওঁলোকে কয় - মনোযোগ দিয়া, তেওঁলোকৰ কাৰণে মনোযোগ দিয়া মানে হৈছে শান্ত হৈ যোৱা।
ইয়াতো তোমালোকক পিতাই কয় - মনোযোগ দিয়া অৰ্থাৎ এজন পিতাৰ স্মৃতিত থাকা। মুখেৰে
ক’বলগীয়া হয়, নহ’লেতো বাস্তৱত বাণীৰ পৰাও দূৰৈত থকা উচিত। মনোযোগ দিয়া, পিতাৰ
স্মৃতিত আছানে? পিতাৰ নিৰ্দেশনা বা শ্ৰীমত পোৱা যায়, তোমালোকে আত্মাকো চিনি পালা,
পিতাকো চিনি পালা, পিতাক স্মৰণ নকৰাকৈ তোমালোক বিকৰ্মাজিৎ অথবা সতোপ্ৰধান পৱিত্ৰ
হ’ব নোৱাৰা। মূল কথাই হৈছে এইটো, পিতাই কয় - অতি মৰমৰ সন্তানসকল! নিজক আত্মা বুলি
বুজি পিতাক স্মৰণ কৰা। এই সকলোবোৰ এই সময়ৰে কথা, যিবোৰ তেওঁলোকে আকৌ সেইফালে লৈ
গ’ল। তেওঁলোকো মিলিটেৰী, তোমালোকো মিলিটেৰী। গুপ্ত মিলিটেৰীও থাকে নহয়। লুকাই যায়।
তোমালোকো গুপ্ত। তোমালোকো লুকাই যোৱা অৰ্থাৎ পিতাৰ স্মৃতিত লীন হৈ যোৱা। ইয়াকে
গুপ্ত বুলি কোৱা হয়। কোনোৱে চিনিব নোৱাৰে, কিয়নো তোমালোক গুপ্ত। তোমালোকৰ স্মৃতিৰ
যাত্ৰা গুপ্ত, কেৱল পিতাই কয় - মোক স্মৰণ কৰা কিয়নো পিতাই জানে যে এই বেচেৰাসকলৰ
কেৱল স্মৃতিৰ দ্বাৰাই কল্যাণ হ’ব। এতিয়া তোমালোকক বেচেৰা বুলিয়ে কোৱা হ’ব নহয়।
স্বৰ্গত বেচেৰা নাথাকে। বেচেৰা বুলি সেইসকলকে কোৱা হয় যিসকল বন্ধনত আৱদ্ধ হৈ থাকে।
এইটোও তোমালোকে বুজি পোৱা, পিতাই বুজায় – তোমালোকক ‘লাইট-হাউচ’ বুলিও কোৱা হয়।
পিতাকো ‘লাইট-হাউচ’ বুলি কোৱা হয়। পিতাই বাৰে বাৰে বুজাই থাকে যে এটা চকুৰে
শান্তিধামক আৰু আনটো চকুৰে সুখধামক চাই থাকা। তোমালোক যেন ‘লাইট-হাউচ’।
উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে ‘লাইট-হাউচ’ হৈ থাকা। সকলোকে সুখধাম-শান্তিধামৰ পথ
দেখুৱাই থাকা। এই দুখধামত সকলোৰে নৌকা আৱদ্ধ হৈ গৈছে সেইবাবেতো কয় - মোৰ নৌকা পাৰত
লগাই দিয়া। হে নাৱৰীয়া! সকলোৰে নৌকা আৱদ্ধ হৈ আছে, তেওঁলোকক কোনে মুক্ত কৰিব?
তেওঁলোক কোনো মুক্তি বাহিনীতো নহয়। এনেয়ে নাম ৰাখি দিছে। বাস্তৱত তোমালোকহে মুক্তি
বাহিনী, তোমালোকেহে সকলোকে উদ্ধাৰ কৰা। সকলো পাঁচ বিকাৰৰ শিকলিত বান্ধ খাই আছে
সেয়েহে কয় আমাক মুক্ত কৰক, উদ্ধাৰ কৰক। সেই কাৰণে পিতাই কয় যে এই স্মৃতিৰ যাত্ৰাৰ
দ্বাৰা তোমালোক পাৰ হৈ যাবাগৈ। এতিয়া সকলো আৱদ্ধ হৈ আছা। পিতাক বাগিচাৰ মালিক
বুলিও কয়। সকলো এই সময়ৰে কথা। তোমালোক ফুলৰ দৰে হ’ব লাগে, এতিয়াতো তোমালোক সকলো
কাঁইটৰ দৰে কিয়নো হিংসক। এতিয়া অহিংসক হ’ব লাগে। পাৱন হ’ব লাগে। যিসকল ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ আহে, সেয়াতো পৱিত্ৰ আত্মাসকলেই আহে। তেওঁলোকতো অপৱিত্ৰ হ’ব নোৱাৰে।
প্ৰথমে যেতিয়া আহে তেতিয়া পৱিত্ৰ হোৱাৰ কাৰণে সেই আত্মা বা শৰীৰে দুখ পাব নোৱাৰে
কিয়নো তেওঁলোকৰ কোনো পাপ নাই। আমি যেতিয়া পৱিত্ৰ হওঁ, তেতিয়া কোনো পাপ নাথাকে
সেইবাবে আনৰো নহয়। প্ৰতিটো কথাই বিচাৰ কৰিবলগীয়া হয়। তাৰ পৰা আত্মাসকল ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ আহে। যিসকলৰ আকৌ ৰাজবংশও আৰম্ভ হয়। শিখ ধৰ্মৰো ৰাজবংশ আছে।
সন্ন্যাসীসকলৰ জানো ৰাজবংশ চলে, ৰজা জানো হয়। শিখ ধৰ্মত মহাৰজা আদি আছে গতিকে
তেওঁলোক যেতিয়া প্ৰতিষ্ঠা কৰিবলৈ আহে তেতিয়া সেই নতুন আত্মাসকলেই আহে। যিশুখ্ৰীষ্ট
আহি খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে, বুদ্ধই বৌদ্ধ ধৰ্ম, ইব্ৰাহিমে ইছলাম – এই
সকলো ধৰ্ম আৰু তাৰ প্ৰতিষ্ঠাপকৰ নামৰ ৰাশিৰ মিল আছে (প্ৰতিষ্ঠাপকৰ নাম অনুসৰিয়ে
ধৰ্মৰো নাম হয়)। দেৱী-দেৱতা ধৰ্মৰ নাম নিমিলে। নিৰাকাৰ পিতাহে আহি দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা কৰে। তেওঁ দেহধাৰী নহয়। বাকী যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে, তেওঁলোকৰ
শৰীৰৰ নাম আছে, এওঁতো দেহধাৰী নহয়। নতুন সৃষ্টিতহে ৰাজবংশ চলে। সেইবাবে পিতাই কয় –
সন্তানসকল, নিজক আত্মিক মিলিটেৰী বুলি নিশ্চয় বুজিবা। সেই মিলিটেৰী আদিৰ কমাণ্ডাৰ
আদি আহে, এনেকৈ কয় – মনোযোগ দিয়া, তেতিয়া ততালিকে থিয় হৈ যায়। এতিয়া তেওঁলোকেতো
প্ৰত্যেকেই নিজৰ নিজৰ গুৰুক স্মৰণ কৰিব নতুবা শান্ত হৈ থাকিব। কিন্তু সেয়া মিছা
শান্তি হৈ যায়। তোমালোকে জানা যে আমি হৈছোঁ আত্মা, আমাৰ ধৰ্মই হৈছে শান্তি। তেন্তে
কাক স্মৰণ কৰিব লাগে। এতিয়া তোমালোকে জ্ঞান পোৱা। জ্ঞান সহিত স্মৃতিত থাকিলে পাপ
খণ্ডন হয়। এই জ্ঞান অন্য কাৰো নাই। মনুষ্যই জানো বুজি পায় যে আমি আত্মাসকল শান্ত
স্বৰূপ! আমি শৰীৰৰ পৰা উপৰাম হৈ বহিব লাগে। ইয়াত তোমালোকে সেই বল পোৱা যাৰ দ্বাৰা
তোমালোকে নিজক আত্মা বুলি বুজি বহিব পাৰা! পিতাই বুজায় - কেনেকৈ নিজক আত্মা বুলি
বুজি উপৰাম হৈ বহিবা।
তোমালোকে জানা যে আমি
আত্মাসকল এতিয়া উভতি যাব লাগে। আমি তাৰ নিবাসী। ইমান দিনে ঘৰৰ কথা পাহৰি আছিলোঁ,
আন কোনোবাই জানো বুজি পায় যে আমি ঘৰলৈ উভতি যাব লাগে। পতিত আত্মাতো উভতি যাব নোৱাৰে।
এনেকৈ বুজাওঁতা কোনো নাই যে কাক স্মৰণ কৰিব লাগে। পিতাই বুজায় – এজনকহে স্মৰণ কৰিব
লাগে। অন্যক স্মৰণ কৰি কি লাভ! ধৰি লোৱা, ভক্তিমাৰ্গত “শিৱ শিৱ” বুলি কৈ থাকে, তাৰ
পৰা কি হ’ব সেয়াতো কোনেও নাজানে। শিৱক স্মৰণ কৰিলে যে পাপ খণ্ডন হয় সেইটো কোনেও
নাজানে। আৱাজ শুনিবলৈ পাবা। আৱাজতো নিশ্চয় হ’বই। এইবোৰ কথাৰ পৰা কোনো লাভ নহয়।
বাবাৰতো (ব্ৰহ্মা) এই সকলো গুৰুৰ অনুভৱ আছে।
পিতাই কৈছে নহয় – হে
অৰ্জুন, এই সকলোবোৰ ত্যাগ কৰা… সৎগুৰুক পালা গতিকে এইবোৰৰ কোনো দৰকাৰ নাই। সৎগুৰুৱে
উদ্ধাৰ কৰে। পিতাই কয় - মই তোমালোকক আসুৰিক সংসাৰৰ পৰা পাৰলৈ লৈ যাওঁ। বিষয় সাগৰৰ
পৰা পাৰলৈ যাব লাগে। এই সকলোবোৰ বুজাবলগীয়া কথা। নাৱৰীয়াতো নাও চলাঁওতা হয় কিন্তু
বুজাবৰ কাৰণে এই নাম দিয়া হয়। তেওঁক কোৱা হয় - প্ৰাণেশ্বৰ বাবা অৰ্থাৎ প্ৰাণ দান
দিওঁতা বাবা, তেওঁ অমৰ কৰি তোলে। আত্মাক প্ৰাণ বুলি কোৱা হয়। আত্মা ওলাই গ’লে
তেতিয়া কোৱা হয় প্ৰাণ ওলাই গ’ল। তেতিয়া শৰীৰটো ৰাখিবলৈও নিদিয়ে। আত্মা থাকিলে শৰীৰো
স্বাস্থ্যৱান হৈ থাকে। আত্মা অবিহনে শৰীৰ গোন্ধাবলৈ ধৰে। তেন্তে ইয়াক ৰাখি কি কৰিবা।
জন্তুৱেও এনেকুৱা নকৰে। একমাত্ৰ বান্দৰহে আছে যিয়ে সন্তান মৰি গ’লে, গোন্ধালেও সেই
মৃতদেহ এৰি নিদিয়ে, সাৱটি ধৰি থাকে। সেয়াতো হৈছে জন্তু, তোমালোকতো মনুষ্য। শৰীৰ
এৰাৰ লগে লগে কোৱা হয় সোনকালে বাহিৰলৈ নিয়া। মনুষ্যই ক’ব তেওঁ স্বৰ্গগামী হ’ল।
যেতিয়া মৃতকক উঠায় তেতিয়া প্ৰথমতে ভৰি শ্মশানৰ ফালে কৰে। আকৌ যেতিয়া শ্মশান পায়,
পূজা আদি কৰি মুখখন শ্মশানৰ ফালে ঘূৰাই দিয়ে কাৰণ এনেকৈ ভাবে যে তেওঁ এতিয়া স্বৰ্গলৈ
গৈ আছে। তোমালোকে শ্ৰীকৃষ্ণকো সঠিককৈ দেখুৱাইছা, নৰকক লথিয়াই দিছে। শ্ৰীকৃষ্ণৰ এই
শৰীৰতো এতিয়া নাই, তেওঁৰ নাম-ৰূপতো সলনি হয়। পিতাই ইমানবোৰ কথা বুজাই উঠি আকৌ কয় –
‘মনমনাভৱ’ অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা।
ইয়াত আহি যেতিয়া বহা
তেতিয়া মনোযোগ দিব লাগে। বুদ্ধি যাতে পিতাৰ লগত যুক্ত হৈ থাকে। তোমালোকৰ এই মনোযোগ
সদাকালৰ বাবে। যেতিয়ালৈকে জীয়াই থাকিবা, পিতাক স্মৰণ কৰি থাকিব লাগে। স্মৃতিৰ
দ্বাৰাই জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হয়। যদি স্মৰণেই নকৰা তেন্তে পাপো খণ্ডন নহ’ব।
পিতাক স্মৰণ কৰিব লাগে, স্মৰণ কৰোঁতে কেতিয়াও চকু মুদিব নালাগে। সন্ন্যাসীসকলে চকু
মুদি বহে। কোনো–কোনোৱেতো স্ত্ৰীৰ মুখেই নাচায়। চকুত পটি বান্ধি বহে। তোমালোক যেতিয়া
ইয়াত বহা তেতিয়া ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ স্বদৰ্শন চক্ৰ ঘূৰাব লাগে।
তোমালোক ‘লাইট-হাউচ’ নোহোৱা জানো। এয়া হৈছে দুখধাম, এটা চকুত দুখধাম আনটো চকুত
সুখধাম। উঠোঁতে-বহোঁতে নিজক ‘লাইট-হাউচ’ বুলি বুজিবা। বাবাই ভিন্ন ভিন্ন উদাহৰণেৰে
শুনায়। তোমালোকে নিজৰো চম্ভাল কৰা। ‘লাইট-হাউচ’ হ’লে নিজৰেই কল্যাণ হয়। পিতাক
নিশ্চয় স্মৰণ কৰিব লাগে, যদি ৰাস্তাত কাৰোবাক লগ পোৱা তেওঁকো ক’ব লাগে। পৰিচিত লোকো
বহুত লগ পোৱা যায়, তেওঁলোকেতো ইজনে-সিজনক “ৰাম ৰাম” বুলি কয়, তেওঁলোকক ক’ব লাগে
যে আপোনালোকে জানানে যে এইখন হৈছে দুখধাম, সেয়া হৈছে সুখধাম আৰু শান্তিধাম। আপুনি
সুখধাম-শান্তিধামলৈ যাব বিচাৰেনে? এই তিনিখন চিত্ৰ যিকোনো লোককে বুজোৱা বৰ সহজ।
আপোনালোকক সূচিত কৰিছোঁ। ‘লাইট-হাউচে’ও সূচনা দিয়ে। এইখন হৈছে নৌকা যিখন ৰাৱণৰ
কাৰাগাৰত বন্দী হৈ আছে। মনুষ্যই মনুষ্যক উদ্ধাৰ কৰিব নোৱাৰে। সেয়া সকলো হৈছে
কৃত্ৰিম হদৰ কথা। এয়া হৈছে বেহদৰ কথা। সেয়া সমাজৰ সমাজসেৱাও নহয়। প্ৰকৃততে এয়াই
হৈছে প্ৰকৃত সেৱা – সকলোৰে বৈতৰণী পাৰ কৰাব লাগে। তোমালোকৰ বুদ্ধিত আছে যে মনুষ্যৰ
কি সেৱা কৰোঁ।
প্ৰথমেতো সুধিব লাগে
- আপুনি মুক্তিধামলৈ যাবৰ কাৰণে, পিতাক লগ পাবৰ কাৰণে গুৰুৰ ওচৰলৈ যায়নে? কিন্তু
কোনেও নাপায়। লগ পোৱাৰ মাৰ্গ-দৰ্শন কেৱল পিতাইহে কৰে। তেওঁলোকে ভাবে – এই শাস্ত্ৰ
আদি পঢ়িলে ভগৱানক লগ পোৱা যায়, মনত গভীৰ ইচ্ছা থাকিলে শেষত কিবা নহয় কিবা ৰূপত
পায়। কেতিয়া পাব - সেয়া পিতাই তোমালোকক সকলো বুজাই দিছে। তোমালোকে চিত্ৰৰ দ্বাৰা
দেখুৱাইছা যে এজনকহে স্মৰণ কৰিব লাগে। যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে তেওঁলোকেও
এনেদৰেই সূচনা দিয়ে কিয়নো তোমালোকে শিক্ষা দিছা সেইবাবে তেওঁলোকেও তেনেকৈয়ে সূচনা
দিয়ে। চাহাবক জপ কৰা, সেই পিতা হৈছে সৎগুৰু। বাকীতো অনেক প্ৰকাৰৰ শিক্ষা দিওঁতা আছে।
তেওঁলোকক কোৱা হয় গুৰু। অশৰীৰী হোৱাৰ শিক্ষা কোনেও নাজানে। তোমালোকে ক’বা -
শিৱবাবাক স্মৰণ কৰক। সেই লোকসকল শিৱৰ মন্দিৰলৈ গ’লে সদায় শিৱক বাবা বুলি কোৱাৰ
অভ্যাস হৈ গৈছে আন কাকো বাবা বুলি নকয়, কিন্তু তেওঁ নিৰাকাৰতো নহয়। শৰীৰধাৰী হয়।
শিৱ হৈছে নিৰাকাৰ, সত্য বাবা, তেওঁতো সকলোৰে বাবা হ’ল। সকলো আত্মাই অশৰীৰী।
তোমালোক সন্তানসকল
যেতিয়া ইয়াত বহা এইটো নিচাত বহিবা। তোমালোকে জানা যে আমি কেনেকৈ আৱদ্ধ হৈ আছিলোঁ।
এতিয়া পিতা আহি ৰাস্তা দেখুৱাইছে, বাকী সকলো আৱদ্ধ হৈ আছে, মুক্ত হোৱা নাই। শাস্তি
খাই আকৌ সকলো মুক্ত হৈ যাব। তোমালোক সন্তানসকলক বুজাই থাকে, শাস্তি খাই জানো
পুৰস্কাৰ ল’বা। শাস্তি বেছিকৈ খাবলগীয়া হ’লে তেতিয়া পদ ভ্রষ্ট হৈ যায়, কম পুৰস্কাৰ
পাবা। অলপ শাস্তি খালে পুৰস্কাৰ ভালেই পাবা। এয়া হৈছে কাঁইটৰ জংগল। সকলোৱে
ইজনে-সিজনক কাঁইটৰ দৰে বিন্ধি থাকে। স্বৰ্গক কোৱা হয় – আল্লাৰ বাগিছা। খ্ৰীষ্টান
লোকসকলে কয় – ‘পেৰাডাইজ’ আছিল। কোনোবা সময়ত সাক্ষাৎকাৰো কৰিব পাৰে, হ’ব পাৰে এইটো
ধৰ্মৰে হয়, যি পুনৰ নিজৰ ধৰ্মত আহিব পাৰে। বাকী সাক্ষাৎকাৰ হ’ল তাৰপৰা কি লাভ হ’ল!
পিতাৰ পৰিচয় নোপোৱাকৈয়ে, জ্ঞান ধাৰণ নকৰাকৈয়ে দেখিলেই জানো কোনোবা স্বৰ্গলৈ যাব
পাৰিব। সকলোৱেতো আহিব নোৱাৰে। তাত বহুত কম সংখ্যক দেৱতা থাকে। এতিয়া ইমানবোৰ হিন্দু
আছে, প্ৰকৃততে তেওঁলোকেই দেৱতা আছিল। কিন্তু তেওঁলোক আছিল পৱিত্ৰ, এওঁলোক পতিত।
পতিতক দেৱতা বুলি ক’লে শোভা নাপায়। এয়া এটাই ধৰ্ম, যাক ধৰ্মভ্ৰষ্ট, কৰ্মভ্ৰষ্ট
বুলি কোৱা হয়। আদি সনাতন হিন্দু ধৰ্ম বুলি কৈ দিয়ে। দেৱতা ধৰ্মৰ পুলিয়েই নাৰাখে।
আমাৰ অৰ্থাৎ
সন্তানসকলৰ আটাইতকৈ মৰমৰ পিতাই আমাক কিহ’ৰ পৰা কি কৰি তোলে। তোমালোকে বুজাব পাৰা যে
পিতা কেনেকৈ আহে, যেনেস্থলত দেৱতাসকলেও পুৰণি তমোপ্ৰধান সৃষ্টিত পদাৰ্পণ নকৰে তেন্তে
পিতা আকৌ কেনেকৈ আহিব? পিতাতো হৈছে নিৰাকাৰ, তেওঁৰতো নিজৰ ভৰি নাই সেইবাবে এওঁৰ
শৰীৰত প্ৰৱেশ কৰে।
এতিয়া তোমালোক
সন্তানসকল ঈশ্বৰীয় লোকত বহি আছা, তেওঁলোক সকলো আসুৰি লোকত আছে। এয়া হৈছে বহুত সৰু
সংগমযুগ। তোমালোকে বুজি পোৱা – আমি এতিয়া দৈৱী সংসাৰতো নাই আৰু আসুৰি সংসাৰতো নাই।
আমি এতিয়া ঈশ্বৰীয় সংসাৰত আছোঁ। পিতা আহিছে আমাক ঘৰলৈ লৈ যাবলৈ। পিতাই কয় - সেইখন
মোৰ ঘৰ। তোমালোকৰ খাতিৰত মই নিজৰ ঘৰ এৰি আহোঁ। ভাৰত সুখধাম হৈ গ’লে তেতিয়াতো মই
নাহোঁ। মই বিশ্বৰ মালিক নহওঁ, তোমালোকহে হোৱা। মই ব্ৰহ্মাণ্ডৰ মালিক। ব্ৰহ্মাণ্ডত
সকলো আহি যায়। এতিয়াও তাত মালিক হৈ বহি আছে, যিসকল আহিবলৈ বাকী আছে, কিন্তু
তেওঁলোক আহি বিশ্বৰ মালিক নহয়। বুজাওঁতেতো বহুতেই বুজায়। কোনোবা বিদাৰ্থী বহুত ভাল
হ’লে বৃত্তি লৈ লয়। আচৰিত কথা যে ইয়াত কয়ো যে মই পৱিত্ৰ হ’ম আকৌ গৈ পতিত হৈ যায়।
এনেকুৱা অপৈণতসকলক ইয়ালৈ নানিবা। ব্ৰাহ্মণীৰ কাম হৈছে পৰীক্ষা কৰি লৈ অনা। তোমালোকে
জানা যে আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে, আত্মাই অবিনাশী ভূমিকা প্ৰাপ্ত
কৰিছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ‘লাইট-হাউচ’ হৈ সকলোকে শান্তিধাম, সুখধামৰ ৰাস্তা দেখুৱাব লাগে। সকলোৰে নাও
দুখধামৰ পৰা উলিয়াই অনাৰ সেৱা কৰিব লাগে। নিজৰো কল্যাণ কৰিব লাগে।
(2) নিজৰ শান্ত
স্বৰূপ স্থিতিত স্থিত হৈ শৰীৰৰ পৰা উপৰাম হোৱাৰ অভ্যাস কৰিব লাগে, স্মৰণ কৰোঁতে চকু
মেলি বহিব লাগে, বুদ্ধিৰে ৰচয়িতা আৰু ৰচনাক স্মৰণ কৰিব লাগে।
বৰদান:
নিজৰ সংকল্প
শুদ্ধ, জ্ঞানস্বৰূপ আৰু শক্তিস্বৰূপ কৰি তোলোঁতা সম্পূৰ্ণ পৱিত্ৰ হোৱা
পিতাৰ সমান হ'বলৈ
পৱিত্ৰতাৰ আধাৰ সুদৃঢ় কৰা। আধাৰত ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰা এইটোতো সাধাৰণ কথা, কেৱল
ইয়াতে আনন্দিত হৈ নাযাবা। দৃষ্টি বৃত্তিৰ পৱিত্ৰতাৰ প্ৰতি আৰু অধিক মনোযোগ দিয়া লগতে
নিজৰ সংকল্প শুদ্ধ, জ্ঞানস্বৰূপ, শক্তিস্বৰূপ কৰি তোলা। সংকল্পৰ ক্ষেত্ৰত এতিয়া
বহুত দুৰ্বলতা আছে। এই দুৰ্বলতাও সমাপ্ত কৰা তেতিয়া সম্পূৰ্ণ পৱিত্ৰ আত্মা বুলি কোৱা
হ'ব।
স্লোগান:
দৃষ্টিত সকলোৰে প্ৰতি দয়া আৰু শুভ ভাৱনা থাকিলে অভিমান বা অপমানৰ অংশও আহিব নোৱাৰে।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
বেহদৰ বিধাতাৰ কাৰণে
এই হদৰ আশা বা ইচ্ছাবোৰ স্বয়ং প্ৰচ্ছায়াৰ দৰে পিছে পিছে আহি থাকে। এই পাঁচ তত্ত্বও
তোমালোক বিধাতাৰ আগত দাসী হৈ যায়, তোমালোকৰ আগত এই হদৰ ইচ্ছাবোৰ সূৰ্যৰ আগত দীপকৰ
দৰে। কিন্তু ইচ্ছা তৃপ্তিৰ আধাৰ হৈছে – যি বিচৰা সেয়া যিমান পাৰা বেছিকৈ দি যোৱা।
মান দিয়া, সন্মান দিয়া, সন্মান নল’বা। যদি নাম বিচৰা তেন্তে পিতাৰ নাম দান দিয়া
তেতিয়া তোমালোকৰ নাম স্বতঃ হৈ যাব। বিচাৰিলে পোৱা এই ৰাস্তাটিয়েই ভুল তেন্তে
লক্ষ্যস্থলত কেনেকৈ উপনীত হ’বা সেয়েহে মাষ্টৰ বিধাতা হোৱা তেতিয়া সকলো ইচ্ছা পূৰা
হৈ যাব।