13.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সৰ্ব প্ৰথমে এইটোৱেই খেয়াল কৰা যে মোৰ আত্মাত যি মামৰ লাগি আছে সেয়া কেনেকৈ আঁতৰিব,
বেজিত যেতিয়ালৈকে মামৰ থাকিব তেতিয়ালৈকে চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে”
প্ৰশ্ন:
পুৰুষোত্তম
সংগমযুগত তোমালোকে পুৰুষোত্তম হ’বলৈ কোনটো পুৰুষাৰ্থ কৰিব লাগে?
উত্তৰ:
কৰ্মাতীত হোৱাৰ। যিকোনো কৰ্ম-সম্বন্ধৰ ফালে বুদ্ধি যাতে নাযায় অৰ্থাৎ কৰ্মবন্ধনে
যাতে নিজৰ ফালে আকৰ্ষিত নকৰে। সকলো সম্পৰ্ক একমাত্ৰ পিতাৰ সৈতে থাকে। কাৰো প্ৰতি
যাতে অন্তৰৰ আসক্তি নাথাকে। এনেকুৱা পুৰুষাৰ্থ কৰা, পৰচৰ্চা-পৰনিন্দাত নিজৰ সময়
নষ্ট নকৰিবা। স্মৃতিত থকাৰ অভ্যাস কৰা।
গীত:
জাগ চজনীয়া
জাগ…. (জাগা প্ৰিয়তমাসকল জাগা....)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে (আত্মাসকলে) শৰীৰৰ দ্বাৰা গীতটি শুনিলানে? কিয়নো পিতাই এতিয়া সন্তানসকলক
আত্ম-অভিমানী কৰি আছে। তোমালোকে আত্মাৰো জ্ঞান পোৱা। জগতত এগৰাকীও মনুষ্য নাই, যাৰ
আত্মাৰ সঠিক জ্ঞান আছে। তেন্তে আকৌ পৰমাত্মাৰ জ্ঞান কেনেকৈ থাকিব পাৰে? এয়া পিতাইহে
বহি বুজায়। শৰীৰৰ সৈতেই বুজাবলগীয়া হয়। শৰীৰ অবিহনেতো আত্মাই একো কৰিব নোৱাৰে।
আত্মাই জানে আমি ক’ৰ নিবাসী, কাৰ সন্তান। এতিয়া তোমালোকে যথা ৰীতিৰে জানা। সকলো
ভাৱৰীয়া হৈছে ভূমিকা পালন কৰোঁতা। ভিন্ন ভিন্ন ধৰ্মৰ আত্মাসকল কেতিয়া আহে, এয়াও
তোমালোকৰ বুদ্ধিত আছে। পিতাই বিতংকৈ নুবুজায়, সামগ্ৰিকভাৱে বুজায়। সামগ্ৰিকভাৱে
অৰ্থাৎ এক ছেকেণ্ডত এনেকুৱা বুজনি দিয়ে যে সত্যযুগৰ আদিৰ পৰা অন্তলৈকে গম পোৱা যায়
যে কেনেকৈ আমাৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোকে জানা পিতা কোন, তেওঁৰ এই
ড্ৰামাত কি ভূমিকা আছে? এইটোও জানা যে উচ্চতকৈও উচ্চ হৈছে পিতা, সকলোৰে সৎগতি দাতা,
দুখ হৰ্তা, সুখ কৰ্তা। শিৱজয়ন্তীৰ গায়ন কৰা হৈছে। নিশ্চয় ক’ব শিৱজয়ন্তী সকলোতকৈ
উচ্চ। বিশেষকৈ ভাৰততহে শিৱজয়ন্তী পালন কৰে। যাৰ যাৰ ৰাজত্বত যিসকল উচ্চ পুৰুষৰ
অতীতৰ ইতিহাস ভাল তেতিয়া তেওঁলোকৰ মোহৰো তৈয়াৰ কৰে। এতিয়া শিৱৰ জয়ন্তীও পালন কৰে।
বুজাব লাগে আটাইতকৈ উচ্চ জয়ন্তী কাৰ হ’ল? কাৰ মোহৰ তৈয়াৰ কৰিব লাগে? কোনো সাধু-সন্ত
অথবা শিখসকলৰ, মুছলমানসকলৰ বা ইংৰাজসকলৰ, কোনোবা ভাল দাৰ্শনিক হ’লে তেতিয়া তেওঁৰ
মোহৰ তৈয়াৰ কৰি থাকে। যেনেকৈ ৰাণাপ্ৰতাপ আদিৰো তৈয়াৰ কৰে। এতিয়া বাস্তৱত মোহৰ হ’ব
লাগে পিতাৰ, যিজন সকলোৰে সৎগতি দাতা। এই সময়ত পিতা নাহিলে তেতিয়া সৎগতি কেনেকৈ হ’ব
কিয়নো সকলো ৰৌৰৱ নৰকত শ্বাসৰুদ্ধ হৈ আছে। সকলোতকৈ উচ্চতকৈও উচ্চ হৈছে শিৱবাবা,
পতিত-পাৱন। শিৱৰ মন্দিৰো বহুত উচ্চ স্থানত নিৰ্মাণ কৰে কিয়নো তেওঁ উচ্চতকৈ উচ্চ।
পিতাহে আহি ভাৰতক স্বৰ্গৰ মালিক কৰি তোলে। যেতিয়া তেওঁ আহে তেতিয়া সৎগতি কৰে। গতিকে
সেই পিতাৰহে স্মৃতি থাকিব লাগে। শিৱবাবাৰ মোহৰো কেনেকৈ সাজিব? ভক্তিমাৰ্গততো
শিৱলিংগ সাজে। তেৱেঁই উচ্চতকৈও উচ্চ আত্মা হৈ গ’ল। শিৱৰ মন্দিৰকে উচ্চতকৈও উচ্চ বুলি
মান্যতা দিব। সোমনাথ শিৱৰ মন্দিৰ হয় নহয়। ভাৰতবাসী তমোপ্ৰধান হোৱাৰ কাৰণে এইটোও
নাজানে যে শিৱ কোন যাৰ পূজা কৰে, তেওঁৰ কৰ্তব্যকতো নাজানে। ৰাণা প্ৰতাপেও যুদ্ধ
কৰিলে, সেয়াতো হিংসা হৈ গ’ল। এই সময়ততো সকলো হৈছে দ্বৈত হিংসক। বিকাৰত যোৱা, কাম
কটাৰী চলোৱা এয়াও হিংসা হয় নহয়। দ্বৈত আহিংসকতো হৈছে এই লক্ষ্মী-নাৰায়ণ। মনুষ্যৰ
যেতিয়া সম্পূৰ্ণ জ্ঞান হ’ব তেতিয়াহে অৰ্থ সহিত মোহৰ উলিয়াব। সত্যযুগত মোহৰ এই
লক্ষ্মী-নাৰায়ণৰে ওলায়। শিৱবাবাৰ জ্ঞানতো তাত নাথাকে গতিকে নিশ্চয় উচ্চতকৈও উচ্চ
লক্ষ্মী-নাৰায়ণৰেই মোহৰ লগাব। এতিয়াতো ভাৰতৰ সেই মোহৰ থাকিব লাগে। উচ্চতকৈও উচ্চ
হৈছে ত্ৰিমূৰ্তি শিৱ। তেওঁৰ মোহৰতো অবিনাশী থাকিব লাগে কিয়নো ভাৰতক অবিনাশী ৰাজ
সিংহাসন দিয়ে। পৰমপিতা পৰমাত্মাইহে ভাৰতক স্বৰ্গ কৰি তোলে। তোমালোকৰ ভিতৰতো বহুত আছে
যিয়ে পাহৰি যায় যে বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। এইটো মায়াই পাহৰাই দিয়ে।
পিতাক নজনাৰ কাৰণে ভাৰতবাসীয়ে কিমান ভুল কৰি আহিছে। শিৱবাবাই কি কৰে, এইটো কোনেও
নাজানে। শিৱজয়ন্তীৰো অৰ্থ বুজি নাপায়। এই জ্ঞান পিতাৰ বাহিৰে আন কাৰো নাই।
এতিয়া তোমালোক
সন্তানসকলক পিতাই বুজায় - তোমালোকে আনৰ ওপৰতো দয়া কৰা, নিজৰ ওপৰতো নিজে দয়া কৰা।
শিক্ষকে পঢ়ায়, এয়াও দয়া কৰে নহয়। এইটোও কয় যে মই শিক্ষক হওঁ। তোমালোকক পঢ়াওঁ।
বাস্তৱত ইয়াৰ নাম পাঠশালা বুলিও কোৱা নহ’ব। এয়াতো বহুত ডাঙৰ বিশ্ব বিদ্যালয়। বাকীতো
সকলো হৈছে মিছা নাম। সেইবোৰ কোনো সমগ্ৰ বিশ্বৰ কাৰণে কলেজতো নহয়। গতিকে বিশ্ব
বিদ্যালয় হৈছেই এজন পিতাৰ, যিয়ে সমগ্ৰ বিশ্বৰ সৎগতি কৰে। বাস্তৱত বিশ্ব বিদ্যালয় এই
এখনেই। ইয়াৰ দ্বাৰাই সকলো মুক্তি-জীৱনমুক্তিত যায় অৰ্থাৎ শান্তি আৰু সুখ প্ৰাপ্ত কৰে।
বিশ্বতো এইখনেই হ’ল নহয়, সেইবাবে বাবাই কয় - ভয় নকৰিবা। এয়াতো বুজাবলগীয়া কথা।
এনেকুৱাও হয় জৰুৰীকালীন সময়ত কোনেও কাৰো কথা নুশুনে। প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য চলে
আন কোনো ধৰ্মত আৰম্ভণিৰে পৰা ৰাজত্ব নচলে। তেওঁলোকতো ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে।
পাছত যেতিয়া লাখৰ হিচাপত হ’ব তেতিয়াহে ৰাজত্ব কৰিব পাৰিব। ইয়াততো পিতাই বিশ্বৰ কাৰণে
ৰাজ্য স্থাপনা কৰি আছে। এইটোও বুজাবলগীয়া কথা। দৈৱী ৰাজধানী এই পুৰুষোত্তম সংগমযুগত
স্থাপনা কৰি আছে। বাবাই বুজাইছে - শ্ৰীকৃষ্ণ, শ্ৰীনাৰায়ণ, শ্ৰীৰাম আদিৰ ক’লা চিত্ৰও
তোমালোকে হাতত তুলি লোৱা তাৰপাছত বুজোৱা - শ্ৰীকৃষ্ণক শ্যাম-সুন্দৰ বুলি কিয় কয়?
সুন্দৰ আছিল আকৌ শ্যাম বৰণীয়া কেনেকৈ হয়? ভাৰতেই স্বৰ্গ আছিল, এতিয়া হৈছে নৰক। নৰক
অৰ্থাৎ ক’লা, স্বৰ্গ অৰ্থাৎ বগা। ৰামৰাজ্যক দিন, ৰাৱণৰাজ্যক ৰাতি বুলি কোৱা হয়।
গতিকে তোমালোকে বুজাব পাৰা - দেৱতাসকলক ক’লা বৰণীয়াকৈ কিয় দেখুৱাইছে। পিতাই বহি
বুজায় - তোমালোক এতিয়া পুৰুষোত্তম সংগমযুগত আছা। তেওঁলোক নাই, তোমালোকতো ইয়াত বহি
আছা নহয়। ইয়াত তোমালোক আছাই সংগমযুগত, পুৰুষোত্তম হ’বলৈ পুৰুষাৰ্থ কৰি আছা। বিকাৰী
পতিত মনুষ্যৰ লগত তোমালোকৰ কোনো সম্পৰ্কই নাই, অৱশ্যে হয়, এতিয়া কৰ্মাতীত অৱস্থা
হোৱা নাই সেইবাবে কৰ্ম সম্বন্ধবোৰতো অন্তৰৰ আসক্তি জন্মি যায়। কৰ্মাতীত হ’বৰ বাবে
স্মৃতিৰ যাত্ৰাৰ প্ৰয়োজন। পিতাই বুজায় - তোমালোক হৈছা আত্মা, তোমালোকৰ পৰমাত্মা
পিতাৰ প্ৰতি কিমান স্নেহ থাকিব লাগে। অহো! বাবাই আমাক পঢ়ায়। সেই উৎসাহ কাৰোৰে নাথাকে।
মায়াই ঘনে ঘনে দেহ-অভিমানত লৈ আহে। যিহেতু বুজি পোৱা যে শিৱবাবাই আমাৰ অৰ্থাৎ
আত্মাসকলৰ লগত কথা পাতি আছে, তেন্তে সেই আকৰ্ষণ, সেই আনন্দ থাকিব লাগে নহয়। যি
বেজিত অলপো মামৰ নাথাকিব, তাক তোমালোকে চুম্বকৰ আগত ৰাখিলে তেতিয়া তৎক্ষণাৎ লাগি
ধৰিব। অলপো যদি মামৰ থাকে তেতিয়া লাগি নধৰিব। আকৰ্ষিত নহ’ব। যিফালে নাথাকিব সেইফালে
চুম্বকে আকৰ্ষিত কৰিব। সন্তানসকলৰ আকৰ্ষণ তেতিয়া হ’ব যেতিয়া স্মৃতিৰ যাত্ৰাত থাকিব।
মামৰ থাকিলে তেতিয়া আকৰ্ষিত কৰিব নোৱাৰিব। প্ৰত্যেকেই বুজিব পাৰে যে আমাৰ বেজি
যেতিয়া একেবাৰে পৱিত্ৰ হৈ যাব তেতিয়া আকৰ্ষণো হ’ব। আকৰ্ষিত নহয় কিয়নো মামৰ লাগি আছে।
তোমালোক বহুত স্মৃতিত থাকিলে তেতিয়া বিকৰ্ম ভস্ম হয়। বাৰু, আকৌ যদি কিবা পাপ কৰা
তেন্তে তাৰ এশগুণ দণ্ড হৈ যায়। মামৰ লাগি যায়, স্মৰণ কৰিব নোৱাৰে। নিজক আত্মা বুলি
বুজি পিতাক স্মৰণ কৰা, স্মৃতি পাহৰিলেই মামৰ লাগি যায়। তেতিয়া সেই আকৰ্ষণ, স্নেহ
নাথাকে। মামৰ আঁতৰিলে তেতিয়া স্নেহ থাকিব, আনন্দও থাকিব। চেহেৰা প্ৰফুল্লিত হৈ
থাকিব। তোমালোকে ভৱিষ্যতে এনেকুৱা হ'ব লাগে। যদি সেৱা নকৰে তেন্তে পুৰণি লেতেৰা কথা
পাতি থাকে। পিতাৰ পৰা বুদ্ধিৰ যোগসূত্ৰই ছিঙি পেলায়। যি কিছু চমক আছিল, সেয়াও
নাইকিয়া হৈ যায়। পিতা প্ৰতি অলপো স্নেহ নাথাকে। স্নেহ তেওঁলোকৰ থাকিব যিসকলে ভালদৰে
পিতাক স্মৰণ কৰিব। পিতাও তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ’ব। এই সন্তানটিয়ে সেৱাও ভাল কৰে
আৰু যোগত থাকে। গতিকে পিতাৰ স্নেহ তেওঁলোকৰ প্ৰতি থাকে। নিজৰ ওপৰত ধ্যান ৰাখে, মোৰ
দ্বাৰা কোনো পাপতো নহ’ল। যদি স্মৰণ নকৰে তেন্তে মামৰ কেনেকৈ আঁতৰিব। পিতাই কয় –
খতিয়ান ৰাখা তেতিয়া মামৰ আঁতৰি যাব। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে গতিকে মামৰ
আঁতৰি যোৱা উচিত। আঁতৰিও যায় আকৌ লাগিও যায়। এশগুণ দণ্ড হৈ যায়। যদি পিতাক স্মৰণ
নকৰে তেন্তে কিবা নহয় কিবা পাপ কৰি পেলায়। পিতাই কয় - মামৰ আঁতৰ নকৰাকৈ তোমালোক মোৰ
ওচৰলৈ আহিব নোৱাৰা। নহ’লে আকৌ শাস্তি খাব লাগিব। শাস্তিও পায়, পদো ভ্ৰষ্ট হৈ যায়।
বাকী পিতাৰ পৰা কি উত্তৰাধিকাৰ পালা? এনেকুৱা কৰ্ম কৰিব নালাগে যাৰ বাবে আৰুহে মামৰ
লাগি যায়। প্ৰথমেতো নিজৰ মামৰ আঁতৰোৱাৰ খেয়াল কৰা। খেয়াল যদি নকৰে তেন্তে পিতাই
বুজিব যে এওঁৰ ভাগ্যত নাই। অৰ্হতা লাগে। ভাল চৰিত্ৰ লাগে। লক্ষ্মী-নাৰায়ণৰ চৰিত্ৰৰতো
গায়ন আছে। এই সময়ৰ মনুষ্যই তেওঁলোকৰ আগত নিজৰ চৰিত্ৰ বৰ্ণনা কৰে। শিৱবাবাক নাজানেই,
সৎগতি কৰোঁতাতো তেৱেঁই, সন্ন্যাসীসকলৰ ওচৰত যায়। কিন্তু সকলোৰে সৎগতি দাতাতো এজনেই।
পিতাইহে স্বৰ্গ স্থাপনা কৰে তাৰপাছততো অৱনমিত হ’বলগীয়াই হয়। পিতাৰ বাহিৰে কোনেও
পাৱন কৰি তুলিব নোৱাৰে। মনুষ্যই গাঁতৰ ভিতৰত গৈ বহেগৈ, ইয়াতকৈতো গংগাত গৈ বহিলে
তেতিয়া চাফা হৈ যাব কিয়নো পতিত-পাৱনী বুলি গংগাক কয়। মনুষ্যই শান্তি বিচাৰে গতিকে
তেওঁলোক যেতিয়া ঘৰলৈ যাব তেতিয়া ভূমিকা সম্পূৰ্ণ হ’ব। আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ
হৈছেই নিবাৰ্ণধাম। ইয়াত শান্তি ক’ৰ পৰা আহিব? তপস্যা কৰে, সেয়াও কৰ্ম কৰে নহয়, কৰি
উঠি শান্তিৰে বহি যাব। শিৱবাবাকতো নাজানেই। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গ,
পুৰুষোত্তম সংগমযুগ এটাই আছে, যেতিয়া পিতা আহে। আত্মা স্বচ্ছ হৈ মুক্তি-জীৱনমুক্তিত
গুচি যায়। যিসকলে পৰিশ্ৰম কৰিব তেওঁলোকে ৰাজত্ব কৰিব, বাকী যিসকলে পৰিশ্ৰম নকৰিব
তেওঁলোকে শাস্তি খাব। আৰম্ভণিত শাস্তিৰ সাক্ষাৎকাৰ কৰাইছিল। আকৌ শেষৰ ফালেও
সাক্ষাৎকাৰ হ’ব। দেখিবলৈ পাম আমি শ্ৰীমতত নচলাৰ বাবে এইটো অৱস্থা হ’ল। সন্তানসকল
কল্যাণকাৰী হ’ব লাগে। পিতা আৰু ৰচনাৰ পৰিচয় দিব লাগে। যেনেকৈ বেজী কেৰ’চিন তেলত দিলে
মামৰ আঁতৰি যায়, তেনেকৈ পিতাৰ স্মৃতিত থাকিলেও মামৰ আঁতৰি যায়। নহ’লে সেই আকৰ্ষণ,
সেই স্নেহ পিতাৰ প্ৰতি নাথাকে। সকলো স্নেহ মিত্ৰ-সম্বন্ধীয় আদিৰ ফালে গুচি যায়,
মিত্ৰ-সম্বন্ধীয়ৰ ওচৰত গৈ থাকেগৈ। ক’ত সেই মামৰে ধৰা সংগ আৰু ক’ত এই সংগ। মামৰে ধৰা
বস্তুৰ সংগত তেওঁলোকৰো মামৰ লাগি যাব। মামৰ আঁতৰাবৰ কাৰণেই পিতা আহে। স্মৃতিৰ
দ্বাৰাহে পাৱন হ’বাগৈ। আধাকল্পৰ পৰা বহুত তীব্ৰতাৰে মামৰ লাগি আছে। এতিয়া পিতা
চুম্বকে কয় মোক স্মৰণ কৰা। বুদ্ধিৰ যোগসূত্ৰ যিমানেই মোৰ সৈতে থাকিব সিমানেই মামৰ
আঁতৰিব। নতুন সৃষ্টিতো তৈয়াৰ হ'বই, সত্যযুগত প্ৰথমে বহুত সৰু বৃক্ষ হয় -
দেৱী-দেৱতাসকলৰ, তাৰপাছত বৃদ্ধি পায়। ইয়াৰ পৰাই তোমালোকৰ ওচৰলৈ আহি পুৰুষাৰ্থ কৰি
থাকে। ওপৰৰ পৰা কোনো নাহে। যেনেকৈ অন্য ধৰ্মাৱলম্বীসকল ওপৰৰ পৰা আহে। ইয়াত তোমালোকৰ
ৰাজধানী তৈয়াৰ হৈ আছে। সকলো পঢ়াৰ ওপৰত পিতাৰ শ্ৰীমতত চলাৰ ওপৰত নিৰ্ভৰ কৰে।
বুদ্ধিযোগ বাহিৰলৈ গৈ থাকে, তেতিয়াও মামৰ লাগি যায়। ইয়ালৈ যেতিয়া আহে তেতিয়া সকলো
হিচাপ-নিকাচ নিষ্পত্তি কৰি, জীৱন্তে সকলো শেষ কৰি আহে। সন্ন্যাসীসকলেও সন্ন্যাস লয়
তেতিয়াও কিমান সময়লৈকে সকলো স্মৃতিত আহি থাকে।
তোমালোক সন্তানসকলে
জানা এতিয়া আমি সত্যৰ সংগ পাইছোঁ। আমি নিজৰ পিতাৰ স্মৃতিতেই থাকোঁ। মিত্ৰ-সম্বন্ধীয়
আদিকতো জানা নহয়। গৃহস্থালিত থাকি, কৰ্ম কৰি পিতাক স্মৰণ কৰে, পৱিত্ৰ হ'ব লাগে, আনকো
শিকাব লাগে। তাৰপাছত যদি ভাগ্যত আছে তেন্তে চলিবলৈ ধৰিব। ব্ৰাহ্মণ কুলৰে যদি নহয়
তেন্তে দেৱতা কুলত কেনেকৈ আহিব? বহুত সহজ কথা দিয়া হয়, যাতে তৎক্ষণাৎ কাৰোবাৰ
বুদ্ধিত ধাৰণ হৈ যায়। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ চিত্ৰখনো স্পষ্ট। এতিয়া সেই
সাৰ্বভৌমত্বতো নাই। দৈৱী সাৰ্বভৌমত্ব আছিল, যাক স্বৰ্গ বুলি কোৱা হৈছিল। এতিয়াতো
হৈছে পঞ্চায়তী-ৰাজ্য (পাঁচ বিকাৰৰ ৰাজ্য), বুজোৱাত কোনো আপত্তি নাই। কিন্তু মামৰ
আঁতৰিলেহে কাৰোবাক বাণে আঘাত কৰিব। প্ৰথমে মামৰ আঁতৰাবলৈ চেষ্টা কৰিব লাগে। নিজৰ
চৰিত্ৰ চাব লাগে। দিনে-ৰাতিয়ে মই কি কৰোঁ? পাকঘৰতো ভোজন তৈয়াৰ কৰোঁতে, ৰুটি সেকোঁতে
যিমান সম্ভৱ স্মৃতিত থাকা, ফুৰিবলৈ যোৱা তেতিয়াও স্মৃতিত থাকা। পিতাইতো সকলোৰে
অৱস্থাক জানে নহয়। যদি পৰচৰ্চা-পৰনিন্দা কৰে তেন্তে আৰু বেছিকৈহে মামৰ লাগি যায়।
পৰচিন্তনৰ কোনো কথা নুশুনিবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
পিতাই শিক্ষকৰ ৰূপত পঢ়াই সকলোৰে ওপৰত দয়া কৰে, তেনেকৈ নিজে নিজৰ ওপৰত আৰু আনৰ ওপৰতো
দয়া কৰিব লাগে। পঢ়া আৰু শ্ৰীমতৰ প্ৰতি পূৰা ধ্যান দিব লাগে, নিজৰ চৰিত্ৰ শুধৰাব লাগে।
(2) পৰস্পৰ পুৰণি
লেতেৰা পৰচিন্তনৰ কথা পাতি পিতাৰ পৰা বুদ্ধিযোগ বিচ্ছিন্ন কৰিব নালাগে। কোনো ধৰণৰ
পাপ কৰ্ম কৰিব নালাগে, স্মৃতিত থাকি মামৰ আঁতৰাব লাগে।
বৰদান:
দৃঢ়তাৰ দ্বাৰা
অনুৰ্বৰ ভূমিতো ফল উৎপাদন কৰোঁতা সফলতা স্বৰূপ হোৱা
যিকোনো কথাত সফলতা
স্বৰূপ হ’বলৈ দৃঢ়তা আৰু স্নেহৰ সংগঠন লাগে। এই দৃঢ়তাই অনুৰ্বৰ ভূমিতো ফল উৎপাদন কৰি
দিয়ে। যেনেকৈ আজিকালি বিজ্ঞানীসকলে বালিতো (মৰুভুমিতো) ফল উৎপাদন কৰিবলৈ যত্ন কৰি
আছে তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰ দ্বাৰা স্নেহ ৰূপী পানী ঢালি ফলিভূত হোৱা।
দৃঢ়তাৰ দ্বাৰা নিৰাশজনৰ মাজতো আশাৰ দীপক জগাব পাৰা কিয়নো সাহসেৰে পিতাৰ সহায়
প্ৰাপ্ত হৈ যায়।
স্লোগান:
নিজক সদায় প্ৰভুৰ সম্পদ বুলি বুজি চলা তেতিয়া কৰ্মত আত্মিকতা আহি যাব।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
সাৰথী অৰ্থাৎ
আত্ম-অভিমানী কিয়নো আত্মাই সাৰথী। পিতা ব্ৰহ্মাই এইটো বিধিৰে প্ৰথম নম্বৰৰ সিদ্ধি
প্ৰাপ্ত কৰিলে, গতিকে পিতাক অনুসৰণ কৰা। যেনেকৈ পিতাই দেহক অধীন কৰি প্ৰৱেশ কৰে
অৰ্থাৎ সাৰথী হয়, দেহৰ অধীন নহয়, সেই কাৰণে অনাসক্ত আৰু স্নেহী হয়। তেনেকৈ তোমালোক
সকলো ব্ৰাহ্মণ আত্মাও পিতাৰ সমান সাৰথীৰ স্থিতিত থাকা। সাৰথীয়ে স্বতঃ সাক্ষী হৈ সকলো
কৰিব, চাব, শুনিব আৰু সকলো কৰিও মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব।