13.09.26 Avyakt Bapdada
Assame
Murli
15.11.2011 Om Shanti Madhuban
“*“এতিয়া নিৰ্বিঘ্ন
আৰু সদা-প্ৰস্তুত হৈ 108 ৰ মালা তৈয়াৰ কৰা, পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু
সম্পূৰ্ণ হোৱা”*”
আজি সর্বশক্তিমান
পিতাই নিজৰ মাষ্টৰ সর্বশক্তিমান সন্তানসকলক সর্ব শক্তিৰ সম্পদ দিবলৈ আহিছে।
সর্বশক্তিৰ সম্পদ কিমান সহজে প্রাপ্ত হয়! এক ছেকেণ্ডত ভাবিলে— "মোৰ বাবা", বাবাই
ক'লে— "মোৰ সন্তান", ইমানতেই সম্পদৰ মালিক হৈ গ’ল। তেন্তে প্রতিগৰাকী সন্তানৰ ওচৰত
সৰ্ব সম্পদ সদায় লগত আছে নহয়! এইটো নিচা আছে যে যি পিতাৰ সম্পদ, সেয়া মোৰ সম্পদ।
এতিয়া পৰীক্ষা কৰা— পিতাইতো প্রতিগৰাকী সন্তানক সর্ব সম্পদ দিছে, এটাও কম নাই;
কিন্তু সেই সর্ব সম্পদ প্রতিগৰাকীৰ ওচৰত সদায় লগত আছেনে, নে কোনোবাটো সম্পদ আছে আৰু
কোনোবাটো সম্পদ কমকৈ আছে? বাপদাদাইতো দিলে, কিন্তু প্রত্যেকৰ ওচৰত সর্ব সম্পদ
সদায়েই আছেনে আৰু সর্ব সম্পদ সময়ত কামত ব্যৱহাৰ কৰি থাকানে? মালিক হৈ আদেশ দিলে
সময়ত সম্পদ অনুভৱত আহেনে? বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ সেৱাৰ উৎসাহ-উদ্দীপনা
দেখিলেও আৰু শুনিলেও। চাৰিওফালে ভাল উৎসাহ-উদ্দীপনাৰে এই 75তম বৰ্ষৰ জয়ন্তী উদ্যাপন
কৰি আছে, প্ৰত্যাহ্বান জনাই আছে — পৰিৱৰ্তন হ’বই হ’ব। বৰ ভাল প্ৰত্যাহ্বান জনাই আছে।
বাপদাদাই সন্তানসকলৰ উৎসাহ-উদ্দীপনা দেখি আনন্দিত হয় আৰু কি গীত গায়? বাঃ! সন্তান
বাঃ! লগতে বাপদাদাই দেখিলে প্ৰত্যাহ্বানতো বহুত ভাল উৎসাহ-উদ্দীপনাৰে জনাই আছে,
কিন্তু লগতে সন্তানসকলৰ নিজৰ সকলো ধাৰণাৰ সফলতাৰ স্বৰূপো দেখিলে। তোমালোক সকলোৱেও
নিজৰ সম্পন্ন আৰু সফলতাৰ স্বৰূপক জানা, কাৰণ সকলো নিমিত্ত হোৱা সন্তান সদায় সম্পন্ন
আৰু সফলতামূৰ্ত হৈ গৈছা নে হ'ব লাগে? কাৰণ সুখময় সংসাৰৰ আধাৰ স্বৰূপ হৈছা তোমালোক
সন্তানসকল। গতিকে বাপদাদাই সকলো সন্তানৰ ফলাফল দেখিলে। তোমালোক যিসকল আধাৰ মূৰ্ত
হোৱা, কেৱল কিছুসংখ্যক সন্তান নহয়, সকলো সন্তানৰ প্ৰত্যাহ্বান যে আমি সুখময় সংসাৰ
অনাৰ নিমিত্ত।
তেন্তে বাপদাদাই সকলো
সন্তানক সোধে যে সুখময় সংসাৰ অনাৰ নিমিত্ত হোৱা সন্তানসকল সম্পূৰ্ণ সম্পন্ন
আধাৰমূৰ্ত হৈ গৈছানে? বাপদাদাৰ সন্তানসকলৰ প্ৰতি যি আশা আছে যে প্রতিগৰাকী সন্তান
সফলতামূৰ্ত হওক, কাৰণ তোমালোকেতো পিতাৰ সংগী হৈ সংকল্প কৰিছা আৰু বৰ আনন্দেৰে
প্ৰত্যাহ্বান জনাইছা— পৰিৱৰ্তন হ’বই হ’ব। তেন্তে নিজক সোধা— বিশ্ব পৰিৱৰ্তনৰ
নিমিত্ত সন্তানসকল স্ব-সম্পন্ন আৰু সম্পূৰ্ণ কিমানলৈকে হৈছে? কাৰণ ৰাজ্য স্থাপন
হ'বলৈ প্ৰথমতে ৰাজ্যৰ নিমিত্ত হোৱা আত্মাসকল নিমিত্ত হ'ব, তাৰ পাছত অন্যসকল নিমিত্ত
হ'ব পাৰে। তেন্তে বাপদাদাই দেখিলে যে এতিয়া সম্পূৰ্ণ হোৱাত কিছু সুযোগ আছে। সেৱাতো
কৰিলা, কিন্তু সেৱাৰ ফলাফলত তোমালোকৰ সংগী কিমান হ'ল? হিচাপ উলিওৱা যে যিসকলে শুনে,
তেওঁলোক সমীপত কিমান আহে? বাপদাদা সন্তানসকলৰ সাহস দেখি আনন্দিত হয়, কিন্তু এতিয়া
সেৱাৰ ফলাফলত আৰু তীব্রতা আনিব লাগে। সকলো সময়ত আত্মাসকলক ইমান সমীপ সম্বন্ধত আনা,
আনন্দিত বহুত হয়, এতিয়া ব্ৰহ্মাকুমাৰীসকলৰ কৰ্তব্যক জনাৰ ক্ষেত্ৰত বহুত সমীপত
আহিছে; কিন্তু বাপদাদাই আগতেও কৈছে— উত্তৰাধিকাৰ আত্মাসকলে পিতাৰ দ্বাৰা পাব, সেয়েহে
পিতাক জানক, সময়ক জানক, স্বমানক জানক, তেতিয়াহে উত্তৰাধিকাৰৰ অধিকাৰী হ'ব। এতিয়া
পিতা আহিছে, পিতাই উত্তৰাধিকাৰ দি আছে, এইটো বুদ্ধিত উদয় হ’লেহে উত্তৰাধিকাৰ লৈ
ৰাজ্য অধিকাৰী হ'ব।
চাৰিওফালে এইটো আৱাজ
বিয়পি পৰক, যি গীত গোৱা — "আমাৰ বাবা আহি গ'ল"। এতিয়া বাপদাদাই এই ফলাফল চাব বিচাৰে।
পৰিৱৰ্তন হৈছে, সেৱাৰ লাভ হৈছে, পৰিশ্ৰমৰ ফল পোৱা গৈছে; কিন্তু এতিয়াও পিতা
পৰ্যন্ত পোৱা নাই, ইয়াৰ কিবা পৰিকল্পনা কৰা। পিতাৰ প্ৰত্যক্ষতা কেনেকৈ হ'ব?
ৰাজধানীত ৰাজত্ব কৰোঁতাসকলো নিৰ্বিঘ্ন হৈছেনে? এতিয়া পৰিৱৰ্তনৰ বুটাম ড্ৰামাই টিপি
দিলে, সদা-প্ৰস্তুত আছানে? সদা-প্ৰস্তুত আছানে? বুটাম টিপি দিওঁনে? কি ভাবা, বুটাম
টিপি দিওঁনে? সদা-প্ৰস্তুৰ আছানে? কাৰণ সকলো প্ৰস্তুত হ'ব লাগিব, ৰাজ্যৰ অধিকাৰীও,
অভিজাত পৰিয়ালো, অভিজাত প্ৰজাও, আৰু সাধাৰণ প্ৰজাতো কোনো ডাঙৰ কথা নহয়। তেন্তে
বাপদাদাই আজি সন্তানসকলৰ ফলাফল সুধিছে। কি ভাবা? বাপদাদাৰ বুটাম টিপিবলৈতো সময়
নালাগে। তেন্তে প্ৰথম শাৰীয়ে কি ভাবা? শক্তিসকলে কি ভাবা? পাণ্ডৱসকলে কি ভাবা?
উত্তৰ দিয়া। হয়, পাণ্ডৱসকলে উত্তৰ দিয়া। বুটাম টিপি দিওঁনে? সদা-প্ৰস্তুত আছানে?
(বাবা আপুনি মালিক, আপোনাৰ যদি সংকল্প উদয় হয় তেন্তে টিপি দিয়ক)। বাপদাদাই
সন্তানসকলক সোধে, কিয়? কাৰণ পিতাতো ৰাজ্যত আহিব নালাগে। পিতা ব্ৰহ্মা আহিব লাগে। (ইয়াত
বাপদাদাৰ সৈতে সাক্ষাৎ হৈ থাকক, এইটো বহুত ভাল লাগে)। এই কথাটিতো ভাল, কিন্তু পিতাৰ
সমান হৈ পিতাৰ সৈতে জীৱনৰ অনুভৱ কৰা, এইটোও লাগে নহয়। সেয়া আছেনে? প্ৰস্তুত আছানে?
কেৱল তোমালোক নহয়, ৰাজধানী আছে। তোমালোকে ৰাজত্ব কাৰ ওপৰত কৰিবা? ৰাজধানীতো লাগে
নহয়! (সকলো সংগী)। সম্পন্ন হোৱাত সাজু আছানে? (একেবাৰে প্ৰস্তুত আছে)। সম্পন্ন
হোৱাত প্ৰস্তুত আছানে? বাৰু, সকলোৱে ভাবি আছে, কোনো কথা নাই।
বাপদাদাই জানে যে
এতিয়ালৈকে ‘প্ৰস্তুত’ আছে, ‘সদা-প্ৰস্তুত’ হ'ব লাগিব। বাপদাদাই যি দুটা কথা কৈছিল
যে— ছেকেণ্ডত পূৰ্ণ বিৰাম লগোৱা সন্তান লাগে। ব্যৰ্থ সংকল্পৰ যাতে নাম-চিহ্ন নাথাকে।
যাকেই বাৰ্তা দিয়া, বাৰ্তা শুনি তেওঁলোকৰ পৰিৱৰ্তন কৰাৰ উৎসাহ-উদ্দীপনা জাগি যাওক।
এতিয়া বাপদাদাই এইটো ফলাফল বিচাৰে। ইয়াৰ বাবে বাপদাদাই সন্তানসকলক ৰায় দিয়ে,
আজ্ঞাও দিয়ে যে— সেৱাতো কৰা, কিন্তু যাৰেই সেৱা কৰা, একে সময়তে তিনিটা ৰূপ আৰু
তিনিটা ৰীতিৰে সেৱা কৰা। তিনিটা ৰূপ- জ্ঞানৱান, শক্তিশালী আৰু স্নেহপূৰ্ণ — এই
তিনিটা ৰূপেৰে সেৱা কৰা আৰু তিনিটা ৰীতিৰে সেৱা কৰা, সেই তিনিটা ৰীতি হ'ল—
মন-বাণী-কৰ্মৰে একে সময়তে, কেৱল বাণীৰে সেৱা নহয়, বাণীৰ লগতে মনৰ সেৱাও একেলগে
হওক। শক্তিশালী মন হওক। তেন্তে এতিয়া আৱশ্যক হৈছে একে সময়তে মনেৰে শক্তিশালী হোৱা,
যাৰ দ্বাৰা আত্মাসকলৰো মন পৰিৱৰ্তন হৈ যায়। বাণীৰ দ্বাৰা গোটেই জ্ঞান স্পষ্ট হৈ
যাওক আৰু কৰ্মৰ দ্বাৰা সেৱাৰে সেই আত্মাসকলে অনুভৱ কৰক যে সঁচাকৈয়ে আমি নিজৰ
পৰিয়ালত আহি পাইছোঁহি। পৰিয়ালৰ অনুভূতি হোৱাৰ লগে লগে সমীপৰ সংগী হৈ যাব। সেয়েহে
বাপদাদাই এতিয়া একে সময়তে তিনিটা ৰূপৰ সেৱা একেলগে বিচাৰে। হ'ব পাৰেনে? হ'ব পাৰেনে?
হাত দাঙা, হ'ব পাৰেনে? এতিয়া বাপদাদাই ফলাফলত দেখিলে— বাণীৰ দ্বাৰা জ্ঞানৱান হয়,
কিন্তু পৰিয়ালৰ সংগী হোৱাৰ ক্ষেত্ৰত এতিয়া সময় লাগে। গতিকে বাপদাদাই দেখিলে যে
সময়ৰ প্ৰত্যাহ্বানৰ লগতে এতিয়া সেৱাত এনেকৈ সেৱা কৰা, যাতে একে সময়তে তিনিওটা
সেৱাৰ দ্বাৰা প্ৰাপ্তিৰ অনুভৱ কৰে।
তেন্তে সকলোৱে সাক্ষাৎ
কৰিবলৈ উৎসাহ-উদ্দীপনাৰে আহি উপস্থিত হৈছাহি, বাপদাদাই সন্তানসকলৰ উৎসাহ-উদ্দীপনা
দেখি আনন্দিত হৈছে। এতিয়া সম্পন্ন আৰু সম্পূৰ্ণ হোৱাত মনোযোগ দিব লাগে কাৰণ
অতিকমেও 108ৰ মালা যাতে প্ৰস্তুত কৰিব পাৰা, কৰিব পাৰানে? 108ৰ মালা তৈয়াৰ হৈছেনে?
তৈয়াৰ হৈছেনে? কাৰণ ৰাজধানীত ৰাজ্যৰ অধিকাৰীতো তেওঁলোকেই হ'ব নহয়। তেন্তে 108
ৰত্নৰ তালিকা এতিয়া উলিয়াব পাৰিবানে? 'হয়' বুলি কোৱা নাই কিয়? 108 ৰাজ্য অধিকাৰী,
তাৰ পাছত 16 হাজাৰ 108 ৰাজ্য অধিকাৰীৰ সংগী। তাৰ পাছত ক্ৰমানুসাৰে। তেন্তে বাপদাদাই
এতিয়া সময় অনুসৰি, সময় সমীপত আনোঁতা সন্তানসকলৰ পৰা এয়াই বিচাৰে যে 108ৰ মালা
সদা-প্ৰস্তুত হওক, পিতাৰ সমান হওক। তেন্তে প্ৰথম শাৰীয়ে 108 টা নাম উলিয়াব
পাৰিবানে? হয় বা নহয় কোৱাচোন! পিতা ব্ৰহ্মা যেতিয়া সাকাৰত আছিল, তেতিয়া
কেইবাবাৰো চেষ্টা কৰিলে, কিন্তু চূড়ান্ত কৰিব নোৱাৰিলে, কিন্তু এতিয়াতো 75 বছৰ
সম্পূৰ্ণ হৈছে (বৰ্তমান 90 বছৰ), তেন্তে এই 75 বছৰৰ জয়ন্তীত কিবাতো নবীনতা আনিবা
নহয়! তেন্তে নবীনতা এয়াই আনা যে প্ৰত্যেকে যাতে নিজক 108ৰ মালাৰ মণি কৰি তোলা, যাতে
গণনাত আহে— হয় 108ৰ মালা তৈয়াৰ হৈ গ’ল, কাৰণ প্ৰথমে যেতিয়া ৰাজ্য অধিকাৰী হ'ব,
তেতিয়াহে পাছত ৰাজ্যৰ সম্পৰ্কত অহাসকল হ'ব। তেওঁলোককো স্থান লাগে নহয়! বাপদাদাৰ
কোৱাৰ সাৰমৰ্ম এয়াই যে এতিয়া প্ৰত্যেকে নিজে তীব্ৰ পুৰুষাৰ্থ কৰিবা আৰু দৃঢ়
সংকল্প কৰিব লাগে যে মই পিতাৰ সমান হ'বই লাগিব; কাৰণ বাপদাদাই শুনাই দিছে যে অকস্মাৎ
পৰিৱৰ্তন হ'ব। তাৰ আগতে অন্ততঃ যিসকল সেৱাৰ নিমিত্ত হৈছে— মণ্ডল প্ৰধান আৰু লগতে
সেৱাকেন্দ্ৰৰ সঞ্চালিকা, লগতে তেওঁলোকৰ সমীপৰ পাণ্ডৱসকল, তেওঁলোক সেৱাকেন্দ্ৰৰ
সঞ্চালক নহয়, কিন্তু কিবা নহয় কিবা বিশেষ কাৰ্যৰ নিমিত্ত হৈছে, যিসকলক সকলোৱে
বিশেষ আত্মাৰ দৃষ্টিৰে চায়, সেই পাণ্ডৱসকলেও এতিয়া তীব্ৰ পুৰুষাৰ্থ কৰি
স্ব-পৰিৱৰ্তনৰ জিলিকনি বাহিৰৰ মঞ্চত আনিব লাগে, ইয়াৰ বাবে সদা-প্ৰস্তুত আছানে?
যিসকলে ভাবা যে এই কাৰ্যতো কৰিবই লাগিব, নিজক পিতাৰ সমান, পিতা ব্ৰহ্মাৰ সমান পিতাক
অনুসৰণ কৰিবই লাগিব, কৰিব লাগে তেন্তে হাত দাঙা। হাততো ইমানে দাঙে যে আনন্দিত কৰি
দিয়ে। ভাল কৰা। কিন্তু হাতৰ লগতে দৃঢ় সংকল্পও কৰা। দৃঢ়তাৰ শক্তিয়ে বহুত সহযোগ দিয়ে।
তেন্তে বাপদাদা
আনন্দিত হৈছে, হাত দঙাত সকলো পাকৈত, কিন্তু এতিয়া দৃঢ়তাক বাস্তৱত আনিবা।
সন্তানসকল পাকৈত হয় নহয়, দৃঢ় হোৱাও আকৌ দৃঢ়তা ভিন্ন ভিন্ন ৰূপলৈ সলনি হৈ যায়—
এইটো হৈ গ'ল, সেইটো হৈ গ'ল। এইটো নোহোৱা হ'লে সেইটো নহ'লহেঁতেন। এই অজুহাত দেখুওৱাতো
বহুত পাকৈত। তেন্তে এতিয়া বাপদাদাই কি বিচাৰে? এতিয়া প্ৰত্যেকে পিতাৰ সমান হ'ব
লাগে— মন, বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্কত তোমালোকক যিয়েই দেখে, যিয়েই লগ পায়,
তেওঁলোকে যাতে এয়াই কয়— বাঃ! পৰিৱৰ্তন বাঃ! বাপদাদাৰো ভাল লাগে, যিসকল সন্তান
নিমিত্ত হৈছে, তেওঁলোকক দেখিও আনন্দিত হয় আৰু সাক্ষাৎ কৰিও বহুত আনন্দিত হয়।
তেন্তে আজি কি সংকল্প
কৰিলা? হ'বই লাগিব। পিতা ব্ৰহ্মাৰ সমান হ'বই লাগিব। 'হ'ব লাগে' নহয়, 'হ'বই লাগিব'।
যিয়েই কথা নাহক কিয়, কথাৰ পৰিৱৰ্তে পিতাক আগত ৰাখা। তেন্তে সকলো দূৰৈত বহি থকা
সন্তান, সমুখত সমীপত বহি থকা সন্তান, দুয়োকে বাপদাদাই দেখি হৰ্ষিত হৈ আছে। সকলো
সন্তানে পৰিকল্পনা বহুত ভাল কৰে, অমৃতবেলাই সকলোৱে বহুত মৰমৰ কথা পাতে।
গৰিষ্ঠসংখ্যকে ইমান মৰমৰ কথা পাতে যে পিতাও কথা শুনি উছৰ্গিত হৈ যায়। কিন্তু গম
পোৱানে পাছত কি হয়? যেতিয়া কৰ্মক্ষেত্রত আহে, সম্বন্ধত আহে, সেৱাত আহে, তেতিয়া
যিবোৰ কথা আহে, তাত অলপ অলপ সলনি হৈ যায়। অমৃতবেলা যি উৎসাহ-উদ্দীপনা থাকে, সেয়া
কৰ্ম কৰোঁতে, সম্বন্ধত আহোঁতে অলপ অলপ সলনি হৈ যায়।
এতিয়া বাপদাদাই এটা
কাম দিছে, কৰিবলৈ প্ৰস্তুত আছানে! কান্ধ লৰোৱা। হাত দাঙা। বাপদাদাৰ সংকল্প যে এমাহৰ
বাবে নিজক দৃঢ় সংকল্পৰ আধাৰত পিতাৰ সমান স্থিতিত স্থিৰ কৰিব পাৰিবানে? এমাহ, কৰিব
পাৰিবানে নে বেছি হৈছে? যিসকলে ভাবা এমাহ দৃঢ়তাৰে, দৃঢ়তাক সংগী কৰিবা, পিতাক সদায়
সমুখত ৰাখিবা, পিতা ব্ৰহ্মাক নয়নত সমাহিত কৰি ৰাখিবা আৰু পিতা ব্ৰহ্মাই কি কৰিলে,
মন, বাণী আৰু কৰ্মৰে সেয়াই কৰিব লাগে। লাগিলে কোনোবাই সাকাৰত দেখিছে বা দেখা নাই,
কিন্তু জ্ঞানতো আছে নহয়! যিকোনো কৰ্ম কৰাৰ পূৰ্বে এইটো পৰীক্ষা কৰা যে পিতা
ব্ৰহ্মাই এইটো সংকল্প কৰিছিলনে, এইষাৰ বাণী আছিলনে, এইটো কৰ্ম আছিলনে, এইটো সম্বন্ধ
আছিলনে, এই সম্পৰ্ক আছিলনে? প্ৰথমে ভাবা, পাছত কৰা। হ'ব পাৰেনে? ইয়াৰ বাবে হাত দাঙা।
হ'ব পাৰে তেন্তে দীঘলকৈ হাত দাঙা। মাতাসকল, ইয়াত ব্যায়াম কৰা নহয়, তেন্তে দীঘলকৈ
হাত দাঙা। আগৰসকলেও দাঙিবা নহয়? সকলো মধুবন নিবাসী এই ক্ষেত্ৰত এক নম্বৰত আহিবা।
আগত মধুবন নিবাসী বহি আছা নহয়। মধুবনত কেৱল শান্তিবন নহয়, যিয়েই আছে— এমাহ
নিৰ্বিঘ্ন, প্ৰতিটো সেৱাকেন্দ্ৰ নিৰ্বিঘ্ন। গুজৰাটৰ শিক্ষকসকলে হাত দাঙা। গুজৰাটৰ
শিক্ষকসকলে ভাবানে যে হ'ব পাৰে, দীঘলকৈ হাত দাঙা। এনেকৈ এনেকৈ নকৰিবা, দীঘলকৈ দাঙা।
হ'ব পাৰেনে? বাৰু। শান্তিবন নিবাসীসকলে হাত দাঙা, অলপ সংখ্যক আছে। যিয়েই বহি আছা,
পিছতো বহি আছে। তেন্তে মধুবনৰ 4-5টা স্থান যিয়েই আছে, তেওঁলোকে কৰিবানে? কৰিবা যদি
হাত দাঙা? মধুবন নিবাসীসকলে দুয়োখন হাত দাঙা। গুজৰাটৰ জিজ্ঞাসুসকলে, নিমিত্ত
শিক্ষকসকলে, নিমিত্ত ভাইসকলে সকলোৱে হাত দাঙা, কৰিবানে। দীঘলকৈ হাত দাঙা। পিছৰসকলৰ
হাত দেখা পোৱা নাই, ঠিক আছে, গুজৰাটৰসকল থিয় হৈ যোৱা। গুজৰাটৰ পৰাতো বহুত আহিছা।
আধা প্ৰেক্ষাগৃহতো গুজৰাটেই। (গুজৰাটৰ 15 হাজাৰ আছে, বাকী 3 হাজাৰ আছে)।
গুজৰাটৰসকলক বাপদাদা আৰু পৰিয়ালৰ ফালৰ পৰা বহুত বহুত অভিনন্দন, অভিনন্দন। যেনেকৈ
এতিয়া চাপৰি বজালা নহয়, তেনেকৈয়ে এমাহৰ পাছত ফলাফলত গুজৰাট এক নম্বৰ হ’ব! ভাল কথা।
সংখ্যাতো বহুত ভাল। বাপদাদা আনন্দিত হয় যে সন্তানসকলৰ পিতাৰ প্ৰতি আৰু মধুবনৰ প্ৰতি
অন্তৰৰ মৰম আছে। বহুত ভাল, এতিয়া গুজৰাটে চমৎকাৰ কৰি দেখুৱাবা। এই এমাহৰ ফলাফলত এক
নম্বৰ হৈ দেখুৱাবা। এক নম্বৰতো সকলোৱে হ'ব লাগে। মধুবন নিবাসীসকল এক নম্বৰত আহিবা
নহয়, হাত দাঙা। যিয়েই নহওক কিয়, পৰিস্থিতি যেনেকুৱাই নহওক, পৰিস্থিতি আহিব,
মায়াই শুনি আছে নহয়, তেন্তে মায়াই নিজৰ ৰূপতো দেখুৱাব; কিন্তু মায়াৰ কাম হ'ল অহা
আৰু তোমালোকৰ কাম হ'ল বিজয় লাভ কৰা। এনেকৈ নক'বা— এইটো হৈ গ'ল, সেইটো হৈ গ'ল,
এইবোৰ নকৰিবা। আহিব, হ'ব— এয়াতো বাপদাদাই আগতেই শুনাই দিয়ে কাৰণ মায়াই শুনি আছে,
মায়া বৰ চতুৰ, কিন্তু তোমালোক, মায়া যিমানেই চতুৰ নহওক কিয়, তোমালোকতো
সর্বশক্তিমানৰ সংগী, মায়াই কি কৰিব! বাপদাদাই দেখি আছে, টি.ভি.ত দেখি আছে, গতিকে
সকলো এক নম্বৰ হ’বা। কোনোৱেই দুই নম্বৰ নহ'বা, এক নম্বৰ। বাৰু।
বাপদাদাই এতিয়া সকলো
সন্তানক এটাই শ্ৰেষ্ঠ সংকল্প শুনাব বিচাৰে যে এতিয়া নিজেও নিৰ্বিঘ্ন হৈ থাকা আৰু
নিজৰ সংগীসকলক, সম্বন্ধত অহাসকলকো নিৰ্বিঘ্ন কৰি তোলা। সময় সমীপত আনা। বাপদাদাই
সন্তানসকলৰ দুখ আৰু অশান্তি চাব নোৱাৰে। এতিয়া নিজৰ ৰাজ্য যিমান সোনকালে পৰা যায়
ধৰালৈ আনা। বাপদাদাৰ প্ৰতিগৰাকী সন্তান প্ৰিয়, শেষৰ নম্বৰৰ সন্তানটিও প্ৰিয় কাৰণ
দুৰ্বল হয় নহয়। দুৰ্বলৰ প্ৰতি আৰু অধিকহে দয়া জাগে। তোমালোক সকলো যেনেকুৱাই
স্থিতিধাৰী, যেনেকুৱাই স্বভাৱৰ নোহোৱা, মোৰ হোৱা; যেনেকৈ পিতা আমাৰ, তেনেকৈ পৰিয়ালো
আমাৰ। সেয়েহে তেওঁলোকৰ স্বভাৱ-সংস্কাৰলৈ নাচাই তেওঁলোকক আৰু অধিক সহযোগ দিয়া,
সদ্ভাৱনা ৰাখা, শুভ ভাৱনা ৰাখা। বাৰু, সন্মুখৰ সন্তানসকলক বা দূৰৈত বহি চাই থকা
সন্তানসকলক বাপদাদাই এটি এটি সন্তানক নিজৰ সমুখত দেখি দৃষ্টিও দি আছে আৰু অভিনন্দনো
জনাই আছে। ভাল বাৰু।
বৰদান:
বাণীৰ দ্বাৰা
জ্ঞান ৰত্ন দান কৰোঁতা মাষ্টৰ জ্ঞানৱান হোৱা
যিসকলে বাণীৰ দ্বাৰা
জ্ঞান ৰত্ন দান কৰে, তেওঁলোকৰ মাষ্টৰ জ্ঞানৱান হোৱাৰ বৰদান প্ৰাপ্ত হয়। তেওঁলোকৰ
প্ৰতিটো শব্দৰ বহুত মূল্য থাকে। তেওঁলোকৰ প্ৰতিষাৰ বচন শুনিবলৈ অনেক আত্মা
তৃষ্ণাতুৰ হৈ থাকে। তেওঁলোকৰ প্ৰতিটো শব্দ সাৰযুক্ত হয়। তেওঁলোকে বিশেষ আনন্দ
প্ৰাপ্ত কৰে। তেওঁলোকৰ ওচৰত সম্পদ ভৰপূৰ হৈ থাকে, সেয়েহে তেওঁলোক সদায় সন্তুষ্ট আৰু
হৰ্ষিত হৈ থাকে। তেওঁলোকৰ বাণী প্ৰভাৱশালী হৈ যায়। বাণী দান কৰিলে বাণীত বহুত গুণ
আহি যায়।
স্লোগান:
স্ব-ৰাজ্যৰ
মালিক হোৱা, তেতিয়া সম্পূৰ্ণ উত্তৰাধিকাৰৰ অধিকাৰ প্ৰাপ্ত হৈ যাব।
অব্যক্ত সংকেত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
তোমালোক মাষ্টৰ দাতা
স্বৰূপ সন্তানসকলৰ বিশ্বৰ আত্মাসকলৰ প্ৰতি দয়া বা উদ্দীপনা থাকিব লাগে যে— আমাৰ
ভ্ৰাতৃসকল খন্তেকীয়া ইচ্ছাত কিমান দিগভ্ৰান্ত হৈ ফুৰিছে, দাতাৰ সন্তানসকলে নিজৰ
ভ্ৰাতৃসকলৰ ওপৰত দয়া আৰু কৰুণাৰ দৃষ্টি দিয়া। মহাদানী, বৰদানী হোৱা। জিলিকি থকা
সন্তুষ্ট মণি হৈ সকলোকে সন্তোষ দিয়া।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]