13.10.24 Avyakt Bapdada
Assame
Murli
11.03.2002 Om Shanti Madhuban
“*“বিশেষত্বসমূহ
পৰমাত্ম দান – ইয়াক বিশ্বসেৱাত অৰ্পণ কৰা”*”
আজি গ্ৰেট গ্ৰেট
গ্ৰেণ্ড ফাদাৰ পিতা ব্ৰহ্মা আৰু শিৱ পিতাই নিজৰ বিশ্বৰ চাৰিওফালৰ শ্ৰেষ্ঠ ভাগ্যৱান
ব্ৰাহ্মণ কুলক অনেক কোটিবাৰ দিব্য অলৌকিক জন্মৰ অভিনন্দন জনাই আছেহঁক। লগতে অতি
স্নেহৰ, অন্তৰৰ মৰমৰ আত্মিক পুষ্পৰে জন্মৰ অভিনন্দন জনাই আছে। প্ৰতিগৰাকী ব্ৰাহ্মণ
আত্মাৰ বিশেষত্ব চাই চাই হৰ্ষিত হৈ আছে। অন্তৰৰ ভিতৰতে গীত গাই আছে – বাঃ! সন্তান
বাঃ!। আজিৰ দিনটোত অমৃতবেলাৰ পৰাই সকলোৰে অন্তৰত এইটোৱে আনন্দৰ ঢৌ দেখিবলৈ পোৱা গৈছে
– বাঃ! পিতাৰ আৰু আমাৰ অলৌকিক জন্ম! পিতাও সকলো সন্তানৰ অমৃতবেলাৰ পৰাই অভিনন্দনৰ
মালা চাই চাই আনন্দিত হৈ আছে। এই জন্মদিন গোটেই কল্পত এই সংগমযুগতহে উদ্যাপন কৰে।
সত্যযুগতো এনেকুৱা অলৌকিক জন্মদিন উদ্যাপন নকৰিব। তাতো এনেকুৱা বিচিত্ৰ জন্মদিন
নাথাকিব, যে পিতা আৰু সন্তানৰ একেলগেই জন্ম হ’ব। এতিয়ালৈকে শুনিছা জানো যে পিতা আৰু
সন্তানৰ জন্ম একেদিনাই হ’ল? কিন্তু আজিৰ দিনটো তোমালোক সন্তানসকলৰ আৰু বাপদাদাৰ
জন্মদিন একেদিনাই উদ্যাপন কৰি আছা। তেন্তে “বাঃ! বাঃ!”ৰ গীত গাই আছা নহয়!
আজি বাপদাদাই অমৃতবেলা
এধাৰি মালা গাঁথি আছিল। কোনধাৰি মালা? 108 ৰ চূড়ান্ত মালা গাঁথি থকা নাছিল যে
তোমালোকে ভাবিবা মোৰ নাম আছিল, মোৰ নাম আছিল…. কিন্তু আজি আদিৰ পৰা, স্থাপনাৰ সময়ৰ
পৰা এতিয়া বিনাশৰ সমীপৰ সময়লৈকে কোন কোন সন্তান অমৰ হোৱাৰ বৰদানী হৈ আছে! তেওঁলোকৰ
মালা গাঁথি আছিল। এয়াও ড্ৰামা অনুসৰি সেই আত্মাসকলৰ উচ্চতকৈও উচ্চ ভগৱানৰ সৈতে সৰ্ব
চৰিত্ৰ প্ৰত্যক্ষ কৰাৰ, শুনাৰ শ্ৰেষ্ঠ ভূমিকা আছে কিন্তু সেয়া কিমান কম আছে।
তোমালোকৰো ভূমিকা আছে, কিয়? বাপদাদাই ব্ৰাহ্মণ বংশাৱলী ৰচনা কৰি আছে। সেইবাবে
বিশ্বৰ হিচাপত যিসকল ব্ৰাহ্মণ আত্মা আছে তেওঁলোক বহুত বহুত বহুত ভাগ্যৱান, কিয়?
কোটিৰ মাজত কোনোবাৰ শাৰীত আৰু কোনোবাৰ মাজতো কোনোবা, এফালে বিশ্বৰ কোটি কোটি আত্মা,
আনফালে তোমালোক প্ৰতিগৰাকী ব্ৰাহ্মণ। গতিকে জন্মদিনত বাপদাদাই প্ৰতিগৰাকী সন্তানক,
কোনো কোনোক নহয় সকলো সন্তানৰ জন্মপত্ৰিকা চাই প্ৰত্যেকৰে বিশেষত্বসমূহৰ মালা ডিঙিত
পিন্ধাই আছিল। তোমালোক সকলো নতুনেই হওঁক, আদিৰেই হওঁক বা মধ্যৰে হওঁক কিন্তু বিশেষ
হোৱা আৰু বিশেষ হৈ থাকিবাই। গোটেই কল্প বিশেষ হৈ থাকিবা। গোটেই কল্পত বিশ্বৰ সকলো
আত্মাই তোমালোক শ্ৰেষ্ঠ আত্মাসকলক মহানতাৰ দৃষ্টিৰে চায়। তেন্তে তোমালোক প্ৰত্যেকে
নিজৰ বিশেষত্বসমূহ জানানে? যদি জানা তেন্তে এখন হাত দাঙা। বৰ ভাল। সেই বিশেষত্বসমূহ
কি কৰা? জানা যে বহুত ভাল, মানিও লোৱা বহুত ভাল কিন্তু সেই বিশেষত্বসমূহ কি কৰা? (সেৱাত
ব্যৱহাৰ কৰোঁ) অন্য ৰীতিৰে ব্যৱহাৰতো নকৰা নহয়? এই বিশেষত্বসমূহ পৰমাত্ম দান।
পৰমাত্ম দান সদায় বিশ্ব সেৱাত অৰ্পণ কৰিব লাগে। বিশেষত্বসমূহ যদি নকাৰাত্মক ৰূপত
ব্যৱহাৰ কৰা তেন্তে অভিমানৰ ৰূপ হৈ যায় কিয়নো জ্ঞানত অহাৰ পাছত, ব্ৰহ্মণ জীৱনত অহাৰ
পাছত পিতাৰ দ্বাৰা বিশেষত্ব বহুত প্ৰাপ্ত হয় কিয়নো পিতাৰ হোৱাৰ বাবে বিশেষত্বসমূহৰ
সম্পদৰ অধিকাৰী হৈ যোৱা। এটা দুটা বিশেষত্ব নহয়, বহুত বিশেষত্ব আছে। স্মাৰকতো
তোমালোকৰ বিশেষত্বসমূহৰ বৰ্ণনা আছে- 16 কলা সম্পন্ন, তেন্তে কেৱল 16 নহয়, 16 মানে
সম্পূৰ্ণ। সৰ্ব গুণ সম্পন্ন। সম্পূৰ্ণ নিৰ্বিকাৰীৰ বিস্তাৰ আছে। কওঁতে কোৱা হয়
সম্পূৰ্ণ নিৰ্বিকাৰী কিন্তু সম্পূৰ্ণ ৰূপত কিছু বিস্তাৰ আছে। গতিকে বিশেষত্বসমূহতো
পিতাৰ দ্বাৰা প্ৰত্যেক ব্ৰাহ্মণৰ উত্তৰাধিকাৰত প্ৰাপ্ত হয়েই। কিন্তু বিশেষত্বসমূহ
ধাৰণ কৰা আৰু আকৌ সেৱাত ব্যৱহাৰ কৰা। মোৰ এইটো বিশেষত্ব আছে, নহয়, পৰমাত্ম দান হয়।
পৰমাত্ম দান বুলি বুজিলে বিশেষত্বসমূহত পৰমাত্ম শক্তি ভৰি যায়। ‘মোৰ’ বুলি ক’লে
অভিমান আৰু অপমান দুয়োটাৰে সন্মুখীন হ’বলগীয়া হয়। যিকোনো প্ৰকাৰৰ অভিমান, জ্ঞানৰ
হওঁক, যোগৰ হওঁক, সেৱাৰ হওঁক, বুদ্ধিৰ হওঁক বা কিবা গুণৰ হওঁক, য’তেই অভিমান থাকিব
তাৰ লক্ষণ হ’ল – তেওঁৰ অপমান বহুত সোনকালে অনুভৱ হ’ব। সেয়েহে বিশেষ আত্মা হোৱা অৰ্থাৎ
পৰমাত্ম দানৰ অধিকাৰী হোৱা।
গতিকে আজি তোমালোক
সকলোৱে বাপদাদাৰ জন্মদিন উদ্যাপন কৰিবলৈ আহিছা নহয়! আৰু বাপদাদা তোমালোক সকলোৰে
জন্মদিন উদ্যাপন কৰিবলৈ আহিছে। তোমালোকেতো কেৱল বাপদাদাৰ জন্মদিন উদ্যাপন কৰিবা
কিন্তু বাপদাদাই গোটেই ব্ৰাহ্মণ কুলৰ জন্মদিন উদ্যাপন কৰিবলৈ আহিছে। লাগিলে দেশত
দূৰৈত বহি আছে, লাগিলে বিদেশৰ কোণাত দূৰৈত বহি আছে কিন্তু যিসকল ব্ৰাহ্মণ আত্মা,
ব্ৰাহ্মণ কুলৰ হৈ গ’ল, সেই সকলোৰে জন্মদিন বাপদাদায়ো উদ্যাপন কৰি আছে, তোমালোকেও
উদ্যাপন কৰি আছা। সকলোৰে উদ্যাপন কৰি আছা নে কেৱল ইয়াত বহাসকলৰ উদ্যাপন কৰি আছা?
সকলো স্মৃতিত আছে নহয়! সকলোৱে চাই আছে যে আমাৰো উদ্যাপন কৰি আছে নে নাই? তেন্তে
সকলোৰে উদ্যাপন কৰি আছে। সকলোকে অভিনন্দন, অভিনন্দন, অভিনন্দন। উদ্যাপন কৰা অৰ্থাৎ
উৎসাহ-উদ্দীপনাত অহা। তেন্তে অন্তৰত উৎসাহ আছে নহয়, বাঃ! আমাৰ অলৌকিক জন্মদিন!
গতিকে আজি অমৃতবেলাৰ
পৰাই জন্মদিনৰ উৎসাহ-উদ্দীপনা সকলোৰে বহুত আছিল নহয়! বাপদাদাই কাৰ্ডো চালে, তোমালোকে
এই দুচকুৰে দেখা, বাপদাদাইতো সূক্ষ্ম ৰূপত তোমালোকতকৈ আগতে চায়। কিন্তু বাপদাদাই
দেখিলে সকলোৱে নিজৰ অন্তৰৰ উৎসাহ দেখুৱাবলৈ কিমান উৎসাহ-উদ্দীপনা ৰাখে। আজিকালিতো
ই-মেইল বহুত সস্তা নহয় জানো! সেয়েহে ই-মেইলো সকলোৱে বহুত পঠিয়ায়। ই-মেইলেই হওঁক,
কাৰ্ডেই হওঁক, পত্ৰই হওঁক বা অন্তৰৰ সংকল্পই হওঁক, বাপদাদাৰ ওচৰত সকলো আহি পায়।
অমৃতবেলাৰ পৰা সূক্ষ্মলোকত যদি চাৰিওফালৰ কাৰ্ড, পত্ৰ, ই-মেইল, সংকল্প সকলো একেলগ
কৰা তেতিয়া চাই চাই বৰ মজা লাগিব। এই প্ৰদৰ্শনী বিচিত্ৰ হয়। গতিকে জন্মদিনত
ভৱিষ্যতৰ বাবে সংকল্প কৰা হয়। যেনেকৈ জন্মদিনৰ নম্বৰ আগবাঢ়ি যায়, বছৰ আগবাঢ়ি যায়,
তেনেকৈয়ে পুৰুষাৰ্থত বা নিজৰ অমূল্য জীৱনত, মনত অৰ্থাৎ সংকল্পত, বুদ্ধিৰ নিৰ্ণয়
শক্তিত, বাণীত, চেকেণ্ডত সফলতা মূৰ্ত কৰি তোলাৰ শক্তিত, সম্বন্ধ-সম্পৰ্কত সকলো সময়ত
সম্বন্ধ-সম্পৰ্কত থকাসকলৰ কিবা নহয় কিবা প্ৰাপ্তিৰ অনুভূতি হওঁক, এনেকুৱা নিজৰ
ভৱিষ্যত বৰ্ষৰ কাৰণে দৃঢ় সংকল্পৰ ব্ৰত ল’লানে? কিয়নো বিশেষ শিৱ জয়ন্তীৰ দিনা দুটা
লক্ষ্য ব্ৰাহ্মণ আত্মাসকলৰ থাকে – এটা নিজৰ সৈতে প্ৰতিজ্ঞাৰ আনটো পিতাৰ
প্ৰত্যক্ষতাৰ পতাকা উৰুৱাৰ, এই দুটা বিশেষ লক্ষ্য এই দিনটোত প্ৰত্যেকৰে থাকে। সেয়েহে
বাপদাদাই তোমালোক সকলোৱে কৰা প্ৰতিজ্ঞাসমূহৰ (যিবোৰ পাৰ হৈ যোৱা সময়ত কৰিছা) খতিয়ান
চালে। প্ৰতি বছৰে প্ৰত্যেকেই বিধি পূৰ্বক সংকল্পৰে, বাণীৰে প্ৰতিজ্ঞা কৰিছে। বহুত
ভাল কৰিছে। কিন্তু এতিয়া আজিৰ পৰা অৰ্থাৎ জন্মদিন উদ্যাপন কৰাৰ পাছত এটা শব্দৰ
প্ৰতি বিশেষ মনোযোগ দিবা। গতানুগতিক শব্দ, নতুন নহয়। সেই শব্দটি হৈছে – নিৰন্তৰ
দৃঢ়তা। কেতিয়াবা দৃঢ়তা আৰু কেতিয়াবা দৃঢ়তাতো অমনোযোগী, এনেকুৱা নহয়। যদি নিৰন্তৰ
দৃঢ়তা আছে তেন্তে তাৰ লক্ষণ হৈছে নিৰন্তৰ প্ৰতিটো সংকল্প, বাণী, কৰ্মৰ দ্বাৰা নিজৰ
ক্ষেত্ৰত, সেৱাত আৰু সম্বন্ধ-সম্পৰ্কত 100 শতাংশ সফলতা। যেতিয়ালৈকে এই সকলো কথাত
ব্ৰাহ্মণৰ সদায় সফলতা কম তেতিয়ালৈকে প্ৰত্যক্ষতা ড্ৰামা অনুসৰি ৰৈ আছে। সফলতা
প্ৰত্যক্ষতাৰ আধাৰ। প্ৰতিষাৰ বচন সফলতা পূৰ্বক হওঁক, প্ৰতিটো সংকল্প সফলতা পূৰ্বক
হওঁক, সেইকাৰণে আজিকালি স্মাৰকতো গুৰু বুলি কওঁতাসকলক “সত্য বচন মহাৰজা” বুলি কোৱা
হয়। লাগিলে মিছা কথাই কৈ আছে কিন্তু ভক্তই সত্য বচন বুলি কয়। তেন্তে এয়া তোমালোকৰ
বচনৰ গায়ন। মহাৰজা, মহানতো তোমালোকেই হোৱা নহয়! সেইবাবে “সত্য বচন মহাৰজা” মানে
মহান আত্মাসকল। এনেকৈ কেতিয়াও নাভাবিবা যে মোৰ ভাৱ নাছিল কিন্তু কৈ দিলোঁ, ওলাই গ’ল,
ভাৱ নোহোৱাকৈ ভাৱনাৰ বচন উচ্চাৰিত নহয়, এয়াতো কাম চলোৱাৰ কথা। কেতিয়াবা কয় ওলাই গ’ল,
কিয় ওলাই গ’ল? কিয়, নিয়ন্ত্ৰণ শক্তি নাই নেকি যে ওলাই গ’ল? হৈ গ’ল, তেন্তে ৰজা
নোহোৱা নেকি? কোনো কোনো কৰ্মেন্দ্ৰিয়ৰ বশীভূত হৈ গ’লা নহয় যাৰ বাবে ওলাই গ’ল, হৈ
গ’ল।
গতিকে এইটো বছৰত
অভিনন্দনৰ লগতে নিৰন্তৰ প্ৰতিটো কথাত দৃঢ়তাৰ প্ৰতি মনোযোগ দিবা। আজি জন্মদিন সেইবাবে
বাপদাদাই আজি নুশুনায় কিন্তু সকলোৰে খতিয়ানৰ পৰা বাপদাদাই এটা কথা লক্ষ্য কৰিছে,
কিন্তু শেষৰবাৰত শুনাব। আজিতো উদ্যাপন কৰিব লাগে, শুনাব নালাগে। 15 দিন পাছত শুনাব।
(বাপদাদাই শুনালে তেতিয়া 15 দিনত সকলো ঠিক হৈ যাব) বাৰু প্ৰথমে কোৱা 15 দিনত শুধৰণি
হৈ যাব তেনেহ’লেতো শুনোৱাটো ঠিক হ’ব। যদি 15 দিনত পৰিৱৰ্তন হৈ যায় তেন্তে বাপদাদাইতো
ঠিক নাই কি কৰি দিব! তেন্তে শুনাওঁনে? 15 দিনত পৰিৱৰ্তন হৈ যাবানে? সংকল্প কৰিবানে?
বাৰু, পাণ্ডৱে কৰিবানে, শুনাওঁনে? শুনাতো সহজ, কৰিবানে? কৰিব লাগিব। (বাপদাদাই পিছত
বহাসকলক, মাতাসকলক, শিক্ষকসকলক, ডবল বিদেশীসকল সকলোকে সুধিলে, সকলোৱে হাত জোকাৰিলে)
হাততো বহুত ভালকৈ দাঙি দিয়া।
ডবল বিদেশীৰ তিনিটা
দল আছে নহয়? (অন্তৰ্মুখী, মস্তানা, শক্তি দল)
বাৰু, ‘অন্তৰ্মুখী’
দলে হাত দাঙা। অন্তৰ্মুখী দলত অলপ আছে। দ্বিতীয় দলটি হ’ল ‘মস্তানা’, বাৰু ‘মস্তানা’
দলৰসকল ঠিয় হৈ যোৱা। সদায় মস্ত (আনন্দ-উল্লাসত) হৈ থাকোঁতা হোৱা নহয়! ‘মস্তানা’ৰ
অৰ্থ কি হ’ল? সদায় মস্ত হৈ থাকোঁতা নহয় জানো! তৃতীয় দলটি – ‘শক্তি’। ‘শক্তি’ দলটি
শক্তিশালী হোৱা নহয়! নামতো বহুত ভাল ৰাখিছা। চোৱা আৰম্ভণিত যেতিয়া ভাতী আছিল তেতিয়া
তোমালোকৰ দলবোৰৰ নাম কি আছিল? (ডিভাইন ইয়ুনিটী, মনোহৰ পাৰ্টী, চুপ্ৰীম পাৰ্টী) নামতো
সুন্দৰ নহয়নে? গতিকে এয়াও ভাল দল গঠন কৰিছা। নাম স্মৃতিত থাকিলে তেতিয়া নামৰ লগতে
কৰ্তব্যও স্মৃতিত থাকিব। বাৰু ডবল বিদেশী কুমাৰসকল উঠা। ভাল, এয়া কুমাৰৰ দল। ভাল
কৰিছা, বাপদাদাই ডবল বিদেশীসকলৰ পুনৰুজ্জীৱনৰ বহুত ভাল খবৰ শুনিছে। বাপদাদাই অন্তৰৰ
পৰা অভিনন্দনো জনাই আছে কিন্তু সকলো দলক যাৰ প্ৰতি আজি মনোযোগ দিয়া হৈছে, তেওঁলোকে
স্মৃতিও সোঁৱৰাই আছে।
ডবল বিদেশী শিক্ষক
বহুত আছে। শিক্ষক হোৱাটো বহুত শ্ৰেষ্ঠ ভাগ্যৰ চিন কিয়নো বাপদাদাই শিক্ষকক গুৰু-ভাইৰ
ৰূপত চায়, ইমান সমান ৰূপত চায় কিয়নো পিতাৰ আসনত বহে, শিক্ষকে এয়া অধিকাৰ পায়। যেনেকৈ
গুৰুৰ গাদী থাকে নহয় তেনেকৈ এয়া মুৰুলীৰ আসন, মুৰুলী ধাৰণ কৰোৱা আৰু মুৰুলী শুনোৱা।
কেৱল শুনোৱা নহয় কিন্তু মুৰুলী ধাৰণ কৰোৱা, এয়া শিক্ষকক বাপদাদাই গুৰু-ভাইৰ আসন দিছে
আৰু বিদেশততো দেখিবলৈ পোৱা যায় যে বহুত সোনকালে আসনৰ অধিকাৰী হৈ যায়। বাপদাদা
আনন্দিত হয়, দ্বায়িত্বৰ মুকুট ধাৰণ কৰি ল’বা, সাহস ৰাখিবা, এয়াও কম কথা নহয় কিন্তু
গুৰু-ভাই অৰ্থাৎ পিতাৰ সমান। এনেয়েতো সকলোৱে পিতাৰ সমান হ’বই লাগে কিন্তু তথাপিও
শিক্ষকসকলৰ বিশেষ দ্বায়িত্বৰ মুকুট আছে। বাপদাদাৰো শিক্ষকৰ সংগঠন বহুত ভাল লাগে।
কিন্তু আজিৰ বিশেষ শব্দ হৈছে “নিৰন্তৰ মনোযোগ”।
বাৰু, ভাৰতৰ
শিক্ষকসকল উঠা, ভাৰতৰ শিক্ষকসকলো কম নহয়। তেন্তে শুনিলা, শিক্ষকসকলক বাবাই কি
দৃষ্টিৰে চায়। এয়া শ্ৰেণীৰ, মুৰুলী শুনোৱা আসন… বহুত ভাগ্যৱান। বহুত বহুত বহুত
ভাগ্যৱান হোৱা কিয়নো সাকাৰ ৰূপত নিমিত্ত কোন হয়? বাৰু দাদীতো এগৰাকী বিদেশত থাকে,
এগৰাকী মধুবনত থাকে কিন্তু সকলো স্থানত সাকাৰ ৰূপত নিমিত্ত শিক্ষকসকল নে নিমিত্ত
পাণ্ডৱো হয়। এনেকুৱা নহয় কেৱল শিক্ষক (ভগ্নী) হয়, পাণ্ডৱো হয়, যাক জ্যেষ্ঠ ভাই বুলি
কোৱা নহয়। পাণ্ডৱতো জৰুৰী হয়েই। শক্তি আৰু পাণ্ডৱ উভয়ৰে লগতেই আদিৰ পৰা কাৰ্য চলি
আহিছে, যদিও পাণ্ডৱ কম আছিল কিন্তু বিশ্বকিশোৰতো আছিল নহয়। আনন্দকিশোৰ, বিশ্বকিশোৰ
আৰম্ভণিৰেই। গতিকে পাণ্ডৱৰ সংগতো আছে নহয়। কিন্তু সংখ্যাগৰিষ্ঠতা শিক্ষকৰ (ভগ্নীৰ)
যিসকল নিমিত্ত হৈ যায়। তোমালোক হৈছা ৰাজহাড়, শিক্ষকৰো ৰাজহাড়। প্ৰত্যেকৰে ভূমিকা আছে।
কিন্তু বিদেশত এইটো বিশেষত্ব আছে যে পাণ্ডৱো শিক্ষক হয়, ভাৰতত কম হয়। সেয়েহে
শিক্ষকক সদায় বাপদাদাই কয় শিক্ষক অৰ্থাৎ নিজৰ চেহেৰাৰ দ্বাৰা পিতাৰ সাক্ষাৎকাৰ
কৰাওঁতা। চেহেৰাৰ দ্বাৰা ভৱিষ্যত স্পষ্টকৈ দেখুৱাওঁতা। তেন্তে এনেকুৱা শিক্ষক হোৱা
নহয়? তোমালোকক দেখি বাপদাদাৰ প্ৰতিপালনৰ অনুভূতি হওঁক। পৰমাত্ম গুণ, পৰমাত্ম শক্তি
তোমালোকৰ চেহেৰাত দৃষ্টিগোচৰ হওঁক, বাণীত দৃষ্টিগোচৰ হওঁক। এনেকুৱা নহয় যে অমুক
শিক্ষকে ক’লে, নহয়। বাপদাদাই শিক্ষকৰ চেহেৰাৰ দ্বাৰা অনুভৱ কৰালে। পিতাৰ সৈতে
প্ৰত্যেকৰে সম্পৰ্ক গঢ়া – এয়াই হ’ল শিক্ষকৰ কৰ্তব্য। প্ৰত্যেকৰে অন্তৰৰ পৰা সকলো
সময়ত ‘বাবা’ শব্দ উচ্চাৰিত হওঁক।
এই দলবোৰো ভাল গঠন
কৰিছে কিয়নো ব্যক্তিগতভাৱে পুনৰুজ্জীৱিত হৈ গ’লে অনুভূতি ভাল কৰে। দলবোৰৰ ফলাফল ভাল
ওলাইছে নহয়! ভাল হৈছে।
চাৰিওফালৰ জন্ম উৎসৱ
উদ্যাপন কৰোঁতা শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক, সদায় অলৌকিক জন্মৰ অলৌকিক দিব্য
কৰ্তব্য কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় একমাত্ৰ পিতা অন্য কোনো নাই, এনেকুৱা একনামী
আৰু সৰ্ব সম্পদৰ মিতব্যয়ীতাৰ অৱতাৰ সন্তানসকলক সদায় প্ৰতিটো বৰদান আৰু উত্তৰাধিকাৰক
জীৱনৰ দ্বাৰা প্ৰত্যক্ষ কৰোঁতা উৎসাহ-উদ্দীপনাত থাকোঁতা সন্তানসকলক, বাপদাদাৰ
অলৌকিক জন্মৰ অভিনন্দন লগতে স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
দাদীৰ সৈতে:-
দাদীজীয়ে বাপদাদাক
জন্মদিনৰ বহুত বহুত অভিনন্দন জনালে।
আজি মালাত তোমালোক
সকলো আহিলা। মালা স্মৰণ কৰিলা নহয়! আদিৰ স্থাপনাৰ ৰত্ন, তেতিয়া তাত তোমালোক মালাৰ
মণি আছিলা। ভাল কথা স্থাপনাতো নিমিত্ত হ’লা, প্ৰতিপালনতো নিমিত্ত হ’লা, এতিয়া পিতাৰ
লগত যোৱাতো নিমিত্ত হ’বা। দ্বাৰ বাপদাদাই জানো অকলে খুলিব? (নহয়) তোমালোকৰ কাৰণে ৰৈ
আছে। আহিলে তেতিয়া দ্বাৰ খুলিব। কিন্তু সেৱা পূৰা কৰিব লাগিব নহয় কিয়নো সাকাৰত
তোমালোকক নিমিত্ত কৰিছে। গতিকে সাকাৰৰ কাৰ্যতো পূৰা কৰিব লাগিব নহয়। আজিকালি সকলোৱে
কাক চায়? সকলোৰে দৃষ্টি ক’লৈ যায়? তোমালোকৰ ফালেইতো যায়। যিসকল নিমিত্ত হৈছে,
তেওঁলোকৰ ফালেই সকলোৰে দৃষ্টি যায়। দৃষ্টিততো সকলোকে বহুৱাইছে কিয়নো পিতাৰ দৃষ্টি
কোনো ফালৰ পৰা কমতো নহয়েই, বেহদৰ দৃষ্টি। গতিকে সকলো দৃষ্টিৰ ভিতৰত আছে। সকলো চকুৰ
মণি। বৰ ভাল। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে আৰু কৰিবই লাগে। ড্ৰামাত
বান্ধ খাই আছা। মজা লাগে নহয়! বৰ ভাল!
বৰদান:
অল্পকালৰ
অৱলম্বনৰ দাঁতি ত্যাগ কৰি একমাত্ৰ পিতাক অৱলম্বন কৰি লওঁতা যথাৰ্থ পুৰুষাৰ্থী হোৱা
পুৰুষাৰ্থৰ অৰ্থ এইটো
নহয় যে এবাৰ কৰা ভুলকে বাৰে বাৰে কৰি থাকিবা আৰু পুৰুষাৰ্থক নিজৰ অৱলম্বন কৰি ল’বা।
যথাৰ্থ পুৰুষাৰ্থী অৰ্থাৎ পুৰুষ হৈ ৰথৰ দ্বাৰা কাৰ্য কৰাওঁতা। এতিয়া অল্পকালৰ
অৱলম্বনৰ দাঁতি ত্যাগ কৰা। বহুত সন্তানে পিতাৰ পৰিৱৰ্তে হদৰ দাঁতিক অৱলম্বন কৰি লয়।
নিজৰ স্বভাৱ-সংস্কাৰেই হওঁক বা পৰিস্থিতিয়ে হওঁক... এয়া সকলো অল্পকালৰ অৱলম্বন কেৱল
দেখুৱাবলৈহে, প্ৰতাৰক হয়। একমাত্ৰ পিতাৰ অৱলম্বনহে ছত্ৰছায়া।
স্লোগান:
জ্ঞানপূৰ্ণ
সেইজন যিয়ে মায়াক দূৰৈতে চিনি নিজক সমৰ্থ কৰি লয়।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ “বালক আৰু মালিকবোধ”ৰ গুণ সমান ৰূপত লাগে। বালকবোধ অৰ্থাৎ সংকল্পৰহিত হৈ যোৱা
যি আজ্ঞা পোৱা সেই অনুসৰি চলা। মালিকবোধ অৰ্থাৎ নিজৰ ৰায় দিয়া। য’ত বালক হ’ব লাগে
ত’ত যদি মালিক হৈ যোৱা তেন্তে সংস্কাৰৰ সংঘাত হ’ব। গতিকে ৰায় দিলা, মালিক হ’লা আকৌ
যেতিয়া চূড়ান্ত হয় তেতিয়া বালক হৈ যাব লাগে।