13.11.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকে দুখ সহ্য কৰাত বহুত সময় নষ্ট কৰিলা, এতিয়া সৃষ্টি পৰিৱৰ্তন হৈ আছে, তোমালোকে পিতাক স্মৰণ কৰা, সতোপ্রধান হোৱা তেতিয়া সময় সফল হৈ যাব”

প্ৰশ্ন:
21 জন্মৰ কাৰণে লটাৰি প্রাপ্ত কৰাৰ পুৰুষাৰ্থ কি?

উত্তৰ:
21 জন্মৰ লটাৰি প্রাপ্ত কৰিবলৈ হ'লে মোহজিৎ হোৱা। এজন পিতাৰ প্ৰতি পূৰা উৎসৰ্গিত হৈ যোৱা। সদায় যাতে এইটো স্মৃতি থাকে যে এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ আছে, আমি নতুন সৃষ্টিলৈ গৈ আছোঁ। এই পুৰণি সৃষ্টিক দেখিও চাব নালাগে। সুদামাৰ দৰে এমুঠি চাউল সফল কৰি সত্যযুগী বাদশ্বাহী ল’ব লাগে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়, এইটোতো সন্তানসকলে বুজি পায়। আত্মিক সন্তান মানে আত্মাসকল। আত্মিক পিতা মানে আত্মাসকলৰ পিতা। ইয়াকে কোৱা হয় আত্মা আৰু পৰমাত্মাৰ মিলন। এই মিলন এবাৰেই হয়। এই সকলোবোৰ কথা তোমালোক সন্তানসকলে জানা। এয়া হৈছে বিচিত্র কথা। বিচিত্র পিতাই বিচিত্র আত্মাসকলক বুজায়। বাস্তৱত আত্মা বিচিত্র, ইয়ালৈ আহি চিত্রধাৰী হয়। চিত্রৰ দ্বাৰা ভূমিকা পালন কৰে। আত্মাতো সকলোতে আছে নহয়। জন্তুৰো আত্মা আছে। 84 লাখ বুলি কয়, ইয়াততো সকলো জন্তু আহি যায়। অনেক জন্তু আদি আছে নহয়। পিতাই বুজায় - এই কথাবোৰত সময় নষ্ট কৰিব নালাগে। এই জ্ঞান অবিহনে মনুষ্যৰ সময় নষ্ট হৈ থাকে। এই সময়ত পিতাই তোমালোক সন্তানসকলক বহি পঢ়ায় আকৌ আধাকল্প তোমালোকে প্ৰালব্ধ ভোগ কৰা। তাত তোমালোকৰ কোনো কষ্ট নহয়। দুখ সহ্য কৰাতেই তোমালোকৰ সময় নষ্ট হয়। ইয়াততো দুখেই দুখ সেইবাবে সকলোৱে পিতাক স্মৰণ কৰে যে আমাৰ দুখত সময় নষ্ট হয়, ইয়াৰ পৰা মুক্ত কৰক। সুখত কেতিয়াও সময় নষ্ট হয় বুলি নকয়। এয়াও তোমালোকে বুজি পোৱা যে এই সময়ত মনুষ্যৰ কোনো মূল্য নাই। চোৱা মনুষ্য কেনেকৈ অকস্মাৎ মৰি যায়। এটা ধুমুহাতে কিমান মৰি যায়। ৰাৱণৰাজ্যত মনুষ্যৰ কোনো মূল্য নাই। এতিয়া পিতাই তোমালোকক কিমান মূল্যৱান কৰি তোলে। একেবাৰে মূল্যহীনৰ পৰা একেবাৰে মূল্যৱান কৰি তোলে। গায়নো কৰা হয় - হীৰাতুল্য জন্ম অমূল্য…...। এই সময়ত মনুষ্য কড়িৰ পিছত লাগি আছে। যদিও লাখপতি, কোটিপতি, পদমপতি হয়, তেওঁলোকৰ বুদ্ধি সমূলি তাতেই থাকে। তেওঁলোকক কোৱা হয় - এই সকলোবোৰ পাহৰি এজন পিতাক স্মৰণ কৰা কিন্তু মানিয়েই নল’ব। তেওঁলোকৰ বুদ্ধিত ধাৰণ হ’ব, যিসকলৰ বুদ্ধিত কল্প পূৰ্বে ধাৰণ হৈছিল। নহ’লেতো যিমানেই নুবুজোৱা, কেতিয়াও বুদ্ধিত ধাৰণ নহ’ব। তোমালোকেও ক্ৰমানুসৰি জানা যে এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। বাহিৰত লাগিলে তোমালোকে লিখি দিয়া যে সৃষ্টি পৰিৱৰ্তন হৈ আছে তথাপিও বুজি নাপাব যেতিয়ালৈকে তোমালোকে কাৰোবাক নুবুজোৱা। বাৰু, কোনোবাই বুজি পালেও আকৌ বুজাবলগীয়া হয় যে পিতাক স্মৰণ কৰা, সতোপ্ৰধান হোৱা। জ্ঞানতো বহুত সহজ। এয়া সূৰ্যবংশী, চন্দ্ৰবংশী……। এতিয়া এই সৃষ্টি পৰিৱৰ্তন হৈ আছে, পৰিৱৰ্তন কৰোঁতা এজন পিতাই হয়। এয়াও তোমালোকে যৰ্থাথ ৰীতিৰে জানা সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। মায়াই পুৰুষাৰ্থ কৰিবলৈ নিদিয়ে তেতিয়া এনেকৈ বুজি লয় যে ড্ৰামা অনুসৰি ইমান পুৰুষাৰ্থ কৰা নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে শ্ৰীমতেৰে আমি নিজৰ বাবে এই সৃষ্টিৰ পৰিৱৰ্তন কৰি আছোঁ। শ্ৰীমত হৈছেই একমাত্ৰ শিৱবাবাৰ। শিৱবাবা, শিৱবাবা বুলি কোৱাতো বহুত সহজ অন্য কোনেও শিৱবাবাকো নাজানে, উত্তৰাধিকাৰৰ বিষয়েও নাজানে। বাবা মানেই উত্তৰাধিকাৰ। শিৱবাবাও সঁচা হ’ব লাগে নহয়। আজিকালিতো মেয়ৰকো ‘পিতা’ বুলি কৈ দিয়ে, গান্ধীকো ‘পিতা’ বুলি কয়, কাৰোবাক আকৌ জগতগুৰু বুলি কৈ দিয়ে। এতিয়া জগত মানে গোটেই সৃষ্টিৰ গুৰু। সেয়া কোনো মনুষ্য কেনেকৈ হ’ব পাৰে! যিহেতুকে পতিত-পাৱন সকলোৰে সৎগতি দাতা একমাত্ৰ পিতাহে হয়। পিতাতো হৈছে নিৰাকাৰ আকৌ কেনেকৈ মুক্ত কৰে? সৃষ্টি পৰিৱৰ্তন হয় তেন্তে নিশ্চয় কাৰ্যত আহিব তেতিয়াহে গম পোৱা যাব। এনেকুৱা নহয় যে প্ৰলয় হৈ যায়, আকৌ পিতাই নতুন সৃষ্টি ৰচে। শাস্ত্ৰত দেখুৱাইছে বৰ ডাঙৰ প্ৰলয় হয় তেতিয়া আহতৰ পাতত শ্ৰীকৃষ্ণৰ আগমন হয়। কিন্তু পিতাই বুজায় - এনেকুৱাতো নহয়। গায়ন কৰা হয় বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়, গতিকে প্ৰলয় হ’ব নোৱাৰে। তোমালোকৰ অন্তৰত আছে যে এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ আছে। এই সকলোবোৰ কথা পিতাহে আহি বুজায়। এই লক্ষ্মী-নাৰায়ণ হৈছে নতুন সৃষ্টিৰ মালিক। তোমালোকে চিত্ৰবোৰতো দেখুওৱা যে পুৰণি সৃষ্টিৰ মালিক হৈছে ৰাৱণ। ৰামৰাজ্য আৰু ৰাৱণৰাজ্যৰ গায়ন কৰা হয় নহয়। এই কথাবিলাক তোমালোকৰ বুদ্ধিত আছে যে বাবাই পুৰণি আসুৰিক সৃষ্টি নাশ কৰি নতুন দৈৱী সৃষ্টি প্ৰতিষ্ঠা কৰাই আছে। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, কোনোবা বিৰলজনেহে বুজি পায়। সেয়াও তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পোৱা। যিসকল ভাল পুৰুষাৰ্থী তেওঁলোকৰ বহুত ভাল নিচা থাকে। স্মৃতিত থকা পুৰুষাৰ্থীৰ প্ৰকৃত নিচা থাকিব। 84ৰ চক্ৰৰ জ্ঞান বুজাওঁতে ইমান নিচা নাজাগে যিমান স্মৃতিৰ যাত্ৰাত নিচা জাগে। মূল কথা হৈছেই পৱিত্ৰ হোৱাৰ। আহ্বানো জনায় - আহি পাৱন কৰি তোলক। এনেকৈ আহ্বান নজনায় যে আহি বিশ্বৰ বাদশ্বাহী দিয়ক। ভক্তিমাৰ্গতো কাহিনীও কিমান শুনে। সঁচা সত্য-নাৰায়ণৰ কাহিনীতো হৈছে এয়া। সেই কাহিনীবোৰতো জন্ম-জন্মান্তৰ শুনি শুনি অৱনমিত হৈ আহিছা। ভাৰততেই এই কাহিনী শুনাৰ নিয়ম আছে, আন কোনো খণ্ডত কাহিনী আদি নাথাকে। ভাৰতকে ধাৰ্মিক বুলি মান্যতা দিয়ে। ভাৰতত অনেক মন্দিৰ আছে। খ্ৰীষ্টানসকলৰতো একমাত্ৰ গীৰ্জাই থাকে। ইয়াততো ভিন্ন ভিন্ন অনেক মন্দিৰ আছে। প্ৰকৃততে একমাত্ৰ শিৱবাবাৰ মন্দিৰ থকা উচিত। নামো এজনৰে হোৱা উচিত। ইয়াততো অনেক নাম আছে। বিলাতৰ লোকসকলো ইয়ালৈ মন্দিৰ দৰ্শন কৰিবলৈ আহে। বেচৰাসকলে এইটো গম নাপায় যে প্ৰাচীন ভাৰত কেনেকুৱা আছিল? 5 হাজাৰ বছৰতকৈতো পুৰণা একো বস্তু নাই। তেওঁলোকেতো ভাবে যে লাখ লাখ বছৰৰ পুৰণা বস্তু পালে। পিতাই বুজায় - মন্দিৰত এই চিত্ৰ আদি যি তৈয়াৰ কৰা হৈছে তাৰ 2500 বছৰহে হৈছে, পোন-প্ৰথমে শিৱৰেই পূজা হয়। সেয়া হৈছে অব্যভিচাৰী পূজা। তেনেদৰে অব্যভিচাৰী জ্ঞান বুলিও কোৱা হয়। প্ৰথমে অব্যভিচাৰী পূজা, তাৰ পাছত ব্যভিচাৰী পূজা। এতিয়াতো চোৱা পানী, মাটিৰ পূজা কৰি থাকে।

এতিয়া বেহদৰ পিতাই কয় - তোমালোকে কিমান ধন ভক্তিমাৰ্গত নষ্ট কৰিলা। কিমান অনেক শাস্ত্ৰ, অনেক চিত্ৰ আছে। ‘গীতা’ কিমান অনেক আছে। এই সকলোতে খৰচ কৰি কৰি চোৱা তোমালোক কি হৈ গ’লা। কালি তোমালোকক দ্বৈত মুকুটধাৰী কৰি তুলিছিলোঁ পুনৰ তোমালোক কিমান কঙাল হৈ গ’লা। কালিৰেতো কথা নহয়। তোমালোকেও বুজি পোৱা যে যথাযথ আমিয়েই 84ৰ চক্ৰ পৰিক্ৰমা লগাইছোঁ। এতিয়া আমি পুনৰ এয়া হৈ আছোঁ। বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই বাৰে বাৰে পুৰুষাৰ্থ কৰায়, ‘গীতা’তো ‘মনমনাভৱ’ শব্দটি আছে। কোনো কোনো শব্দ ঠিকেই। ‘প্ৰায়’বুলি কোৱা হয় নহয়, অৰ্থাৎ দেৱী-দেৱতা ধৰ্ম নাই, বাকী চিত্ৰ আছে। তোমালোকৰ স্মাৰক চোৱা কিমান সুন্দৰকৈ নিৰ্মাণ কৰা আছে। তোমালোকে বুজি পোৱা এতিয়া আমি পুনৰ প্ৰতিষ্ঠা কৰি আছোঁ। আকৌ ভক্তিমাৰ্গত আমাৰেই সঠিক স্মাৰক নিৰ্মাণ হ’ব। ভূমিকম্প আদি হয়, তেতিয়া সকলোবোৰ নাশ হৈ যায়। পুনৰ তাত তোমালোকে সকলো নতুনকৈ নিৰ্মাণ কৰিবা। কলাতো তাত থাকে নহয়। হীৰা কটাৰো কলা আছে। ইয়াতো হীৰা কাটে আকৌ গঢ়ে। হীৰা কটা লোকসকলো বৰ পাকৈত হয়। তেওঁলোক পুনৰ তালৈ যাব। তালৈ এই সকলো কলা যাব। তোমালোকে জানা যে তাত কিমান সুখ হ’ব। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল নহয়। নামেই হৈছে ‘স্বৰ্গ’। 100 শতাংশ চহকী। এতিয়াতো কঙাল। ভাৰতত অলংকাৰৰ বহুত চখ আছে, যিটো পৰম্পৰাগতভাৱে চলি আহে। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। তোমালোকে জানা যে এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। এতিয়া স্বৰ্গ ৰচনা হৈ আছে, তাৰ কাৰণে আমি নিশ্চয় পৱিত্ৰ হ’ব লাগে। দৈৱীগুণো ধাৰণ কৰিব লাগে সেইবাবে পিতাই কয় - খতিয়ান নিশ্চয় লিখা। মই আত্মাই কোনো আসুৰিক কৰ্মতো নকৰিলোঁ? নিজক দৃঢ়ভাৱে আত্মা বুলি বুজা। এই শৰীৰেৰে কোনো বিকৰ্মতো নকৰিলোঁ? যদি কৰা তেন্তে ৰেজিষ্টাৰ বেয়া হৈ যাব। এয়া হৈছে 21 জন্মৰ লটাৰি। এয়াও প্ৰতিযোগিতা। ঘোঁৰা দৌৰ হয় নহয়। ইয়াক কোৱা হয় ৰাজস্ব অশ্বমেধ……. স্বৰাজ্যৰ কাৰণে অশ্ব অৰ্থাৎ তোমালোক আত্মাসকলে দৌৰ লগাব লাগে। এতিয়া ঘৰলৈ উভতি যাব লাগে। যাক মৰমৰ শান্তিৰ ঘৰ বুলি কোৱা হয়। এই শব্দবোৰ তোমালোকে এতিয়া শুনিছা। এতিয়া পিতাই কয় - সন্তানসকল খুব পৰিশ্ৰম কৰা। ৰাজ্য-ভাগ্য প্ৰাপ্ত হয়, এয়া জানো কম কথা। মই আত্মা, মই ইমান জন্ম ললোঁ। এতিয়া পিতাই কয় - তোমালোকৰ 84 জন্ম পূৰ্ণ হ’ল। এতিয়া পুনৰ প্ৰথম নম্বৰৰ পৰা আৰম্ভ কৰিব লাগিব। নতুন মহলত নিশ্চয় সন্তানসকলেই থাকিব। পুৰণাততো নাথাকিব। এনেকুৱাটো নহয় নিজে পুৰণা ঘৰত থাকিব আৰু নতুন ঘৰত ভাড়াতীয়াক থাকিবলৈ দিব। তোমালোকে যিমান পৰিশ্ৰম কৰিবা, নতুন বিশ্বৰ মালিক হ’বা। নতুন ঘৰ সাজিলে অন্তৰে বিচাৰে যে পুৰণা ঘৰ এৰি নতুন ঘৰত গৈ থাকোঁ। পিতাই সন্তানসকলৰ বাবে নতুন ঘৰ তেতিয়াহে নিৰ্মাণ কৰে যেতিয়া পূৰ্বৰ ঘৰ পুৰণা হৈ যায়। তাত ভাড়ালৈ দিয়াৰ কথাই নাথাকে। যেনেকৈ সেই লোকসকলে চন্দ্ৰত মাটি ল’বলৈ চেষ্টা কৰে, তোমালোকে আকৌ স্বৰ্গত মাটি লৈ আছা। যিমান জ্ঞান আৰু যোগত থাকিবা সিমানে পৱিত্ৰ হ’বা। এয়া হৈছে ৰাজযোগ, কিমান শ্ৰেষ্ঠ ৰাজ্য-ভাগ্য লাভ কৰিবা। বাকী এয়া যি চন্দ্ৰ আদিত মাটি বিচাৰি থাকে সেয়া সকলো ব্যৰ্থ। এই সামগ্ৰীবোৰেই যিবোৰে সুখ দিয়ে সেইবোৰেই আকৌ বিনাশ কৰোঁতা, দুখ দিওঁতা হৈ যাব। আগলৈ গৈ সৈন্য আদিও কম হৈ যাব। বোমাৰেই অতি সোনকালে কাম হৈ যাব। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত, সময়ত অকস্মাৎ বিনাশ হৈ যায়। তেতিয়া চিপাহী আদিও মৰি যায়। চাবলৈ মজা লাগিব। তোমালোক এতিয়া ফৰিস্তা হৈ আছা। তোমালোকে জানা আমাৰ বাবেই বিনাশ হয়। ড্ৰামাত ভূমিকা আছে, পুৰণি সৃষ্টি নাশ হৈ যায়। যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাইতো ভূগিব লাগে নহয়। এতিয়া ধৰি লোৱা সন্ন্যাসীসকল ভাল, জন্মতো তথাপিও গৃহস্থীসকলৰ ওচৰতে ল’ব নহয়। শ্ৰেষ্ঠ জন্মতো তোমালোকে নতুন সৃষ্টিত লাভ কৰিবা, তথাপিও সংস্কাৰ অনুসৰি গৈ সেয়া হ’বা। তোমালোকে এতিয়া নতুন সৃষ্টিৰ বাবে সংস্কাৰ লৈ যোৱা। জন্মও নিশ্চয় ভাৰততে ল’বা। যিসকল বহুত ভাল ধাৰ্মিক মনৰ হ’ব তেওঁলোকৰ ওচৰত গৈ জন্ম ল’বা কাৰণ তোমালোকে কৰ্মই এনেকুৱা কৰা। যেনেকুৱা সংস্কাৰ সেই অনুসৰি জন্ম হয়। তোমালোক বহুত উচ্চ কুলত গৈ জন্ম ল’বা। তোমালোকৰ নিচিনা কৰ্ম কৰোঁতাতো কোনো নাথাকিব। যেনেকুৱা পঢ়া, যেনেকুৱা সেৱা, তেনেকুৱা জন্ম। মৰিবতো বহুতেই লাগিব। প্ৰথমতে অভ্যৰ্থনা কৰোঁতাসকলো যাব লাগে। পিতাই বুজায় - এতিয়া এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। পিতাইতো সাক্ষাৎকাৰ কৰাইছে। বাবাই নিজৰ দৃষ্টান্তও দিয়ে। দেখিলোঁ যে 21 জন্মৰ বাবে ৰাজ্য-ভাগ্য পোৱা যায়, তাৰ তুলনাত এই 10-20 লাখনো কি। এজনে (ব্ৰহ্মা বাবাই) বাদশ্বাহী লাভ কৰিলে আৰু অন্যসকলে (ব্ৰহ্মা বাবাৰ ব্যৱসায়ৰ অংশীদাৰসকলে) গৰিবী (বিনাশী স্থূল ধন) লাভ কৰিলে। অংশীদাৰসকলক কৈ দিলে যি লাগে সেয়া লৈ লোৱা। কোনো অসুবিধা নহ’ল। সন্তানসকলকো বুজোৱা হয় - বাবাৰ পৰা তোমালোকে কি লোৱা? স্বৰ্গৰ বাদশ্বাহী। যিমান পাৰা সেৱাকেন্দ্ৰ খুলি গৈ থাকা। বহুতৰে কল্যাণ কৰা। তোমালোকৰ 21 জন্মৰ উপাৰ্জন হৈ আছে। ইয়াততো লাখপতি, কোটিপতি বহুত আছে। সেই সকলোবোৰ হৈছে ভিকহু। তোমালোকৰ ওচৰলৈ আহিবও বহুত। প্ৰদৰ্শনীলৈ কিমান আহে, এনেকৈ নাভাবিবা যে প্ৰজা তৈয়াৰ নহয়। প্ৰজা বহুত তৈয়াৰ হয়। ‘ভাল ভাল’ বুলিতো বহুতে কয় কিন্তু আকৌ কয় আমাৰ সময় নাই। অলপো যদি শুনিলে তেন্তে প্ৰজাত আহি যাব। অবিনাশী জ্ঞানৰ বিনাশ নহয়। বাবাৰ পৰিচয় দিয়াতো জানো কোনো কম কথা। কিছুমানতো পুলকিত হৈ যাব। যদি উচ্চ পদ পাবলগীয়া আছে তেন্তে পুৰুষাৰ্থ কৰিবলৈ লাগি যাব। বাবাই কাৰো পৰা ধন আদিতো নল’ব। সন্তানসকলৰ এটি এটি টোপালেৰে জলাধাৰ হয়। কোনো কোনোৱে 1 টকাও পঠিয়াই দিয়ে। বাবা এটা ইটা লগাই দিব। সুদামাৰ চাউল মুঠিৰ গায়ন আছে নহয়। পিতাই কয় - তোমালোকৰতো এয়া হীৰা-মুকুতা হয়। হীৰাৰ দৰে জন্ম সকলোৰে হয়। তোমালোকে ভৱিষ্যতৰ বাবে তৈয়াৰ কৰি আছা। তোমালোকে জানা যে ইয়াত এই দুচকুৰে যি কিছু দেখা যায়, এয়া পুৰণি সৃষ্টি। এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। এতিয়া তোমালোক অমৰপুৰীৰ মালিক হৈ আছা। মোহজিৎ নিশ্চয় হ’ব লাগে। তোমালোকে কৈ আহিছা যে বাবা আপুনি আহিলে আমি উৎসৰ্গিত হৈ যাম, চুক্তিতো ভাল হয় নহয়। মনুষ্যই গম পাই জানো যে সদাগৰ, ৰত্নাকৰ, যাদুকৰ নাম কিয় ৰখা হৈছে। ৰত্নাকৰ নহয় জানো, অবিনাশী এটি এটি জ্ঞান ৰত্ন অমূল্য বচন হয়। ইয়াৰ ওপৰত জ্ঞানী-যোগীৰ কাহিনী আছে নহয়। তোমালোক জ্ঞানীও হোৱা যোগীও হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া এই শৰীৰৰ দ্বাৰা কোনো বিকৰ্ম কৰিব নালাগে। এনেকুৱা কোনো আসুৰিক কৰ্ম যাতে নহয় যাৰ বাবে ৰেজিষ্টাৰ বেয়া হৈ যায়।

(2) এজন পিতাৰ স্মৃতিৰ নিচাত থাকিব লাগে। পৱিত্ৰ হোৱাৰ মূল পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কড়িৰ পিছত নিজৰ অমূল্য সময় নষ্ট নকৰি শ্ৰীমতেৰে জীৱন শ্ৰেষ্ঠ কৰি তুলিব লাগে।

বৰদান:
নিজক বিশ্ব সেৱাৰ প্ৰতি অৰ্পিত কৰি মায়াক দাসী কৰি দিওঁতা সহজে সম্পন্ন হোৱা

এতিয়া নিজৰ সময়, সকলো প্ৰাপ্তি, জ্ঞান, গুণ আৰু শক্তি বিশ্ব সেৱাৰ অৰ্থে সমৰ্পিত কৰা। যি সংকল্প উদয় হয় পৰীক্ষা কৰা যে সেয়া বিশ্ব সেৱাৰ প্ৰতি হয়নে। এনেকৈ সেৱাৰ প্ৰতি অৰ্পিত হ’লে স্বয়ং সহজে সম্পন্ন হৈ যাবা। সেৱাৰ নিচাত সৰু-বৰ কাকত বা পৰীক্ষা স্বতঃ সমৰ্পিত হৈ যাব। তেতিয়া মায়ালৈ ভয় নোখোৱা, সদায় বিজয়ী হোৱাৰ আনন্দত নাচি থাকিবা। মায়াক নিজৰ দাসী যেন অনুভৱ কৰিবা। স্বয়ং সেৱাত সমৰ্পিত হ’লে তেতিয়া মায়া স্বতঃ সমৰ্পিত হৈ যাব।

স্লোগান:
অন্তৰ্মুখীতাৰে মুখ বন্ধ কৰি দিয়া তেতিয়া ক্ৰোধ সমাপ্ত হৈ যাব।


অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

যেনেকৈ এক চেকেণ্ডত বুটাম সক্ৰিয় আৰু নিষ্ক্ৰিয় কৰা হয়, তেনেকৈ এক চেকেণ্ডত শৰীৰৰ আধাৰ ল’লা আৰু এক চেকেণ্ডত শৰীৰৰ পৰা উৰ্দ্ধত অশৰীৰী স্থিতিত স্থিৰ হৈ গ’লা। এতিয়াই শৰীৰত আহিলা আৰু এতিয়াই অশৰীৰী হৈ গ’লা, আৱশ্যক হ’ল তেতিয়া শৰীৰ ৰূপী বস্ত্ৰ ধাৰণ কৰিলা, আৱশ্যক নহ’ল তেতিয়া শৰীৰৰ পৰা পৃথক হৈ গ’লা। এইটো অভ্যাস কৰিব লাগে, ইয়াকে কৰ্মাতীত অৱস্থা বুলি কোৱা হয়।