13.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ লক্ষ্য আৰু লক্ষ্য-দাতা পিতাক স্মৰণ কৰা তেতিয়া দৈৱীগুণ আহি যাব, কাৰোবাক দুখ
দিয়া, গ্লানি কৰা - এয়া সকলো হৈছে আসুৰি লক্ষণ"
প্ৰশ্ন:
পিতাৰ তোমালোক
সন্তানসকলৰ প্ৰতি বহুত উচ্চ মৰম আছে, তাৰ চিন কি?
উত্তৰ:
পিতাৰ যি মধুৰ শিক্ষা পোৱা, এই শিক্ষা দিয়াটোৱেই তেওঁৰ উচ্চ মৰমৰ চিন। পিতাৰ প্ৰথম
শিক্ষা হ’ল- (1) মৰমৰ সন্তানসকল, শ্ৰীমতৰ বাহিৰে কোনো ওলট-পালট কাম নকৰিবা। (2)
তোমালোক হৈছা বিদ্যাৰ্থী, তোমালোকে কেতিয়াও নিজৰ হাতত আইন তুলি ল’ব নালাগে, তোমালোকে
নিজৰ মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিবা, পাথৰ নহয়।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায়। এতিয়া এওঁলোককতো (লক্ষ্মী-নাৰায়ণক) ভালদৰে দেখিছা। এয়া হ’ল
লক্ষ্য-উদ্দেশ্য অৰ্থাৎ তোমালোক এই কুলৰে আছিলা। কিমান ৰাতি-দিনৰ পাৰ্থক্য সেইকাৰণে
ঘনে ঘনে এওঁলোকক চাব লাগে। আমি এনেকুৱা হ’ব লাগে। এওঁলোকৰ মহিমাতো ভালদৰে জানা। এয়া
জেপত লৈ ফুৰিলেহে আনন্দিত হৈ থাকিবা। ভিতৰি যি বিভ্ৰান্তি হৈ থাকে, সেয়া থাকিব
নালাগে, ইয়াক দেহ-অভিমান বুলি কোৱা হয়। দেহী-অভিমানী হৈ এই লক্ষ্মী-নাৰায়ণক চালে
তেতিয়া বুজিবা আমি এনেকুৱা হৈ আছোঁ, তেন্তে নিশ্চয় এওঁলোকক চাব লাগে। পিতাই বুজায় -
তোমালোক এনেকুৱা হ’ব লাগে। মধ্যাজী ভৱ, এওঁলোকক চোৱা, স্মৰণ কৰা। দৃষ্টান্ত শুনায়
নহয় – কাৰোবাক কোৱা হ’ল যে তুমি নিজক ম’হ বুলি ভাবা তেতিয়া তেওঁ নিজকে ম’হ বুলিয়েই
বিশ্বাস কৰিবলৈ ধৰিলে। তোমালোকে জানা এয়া হৈছে আমাৰ লক্ষ্য-উদ্দেশ্য। এনেকুৱা হ’ব
লাগে। কেনেকৈ হ’বা? পিতাৰ স্মৃতিৰে। প্ৰত্যেকেই নিজক সোধা – যথাযথ মই এওঁলোকক চাই
পিতাক স্মৰণ কৰি আছোঁনে? এইটোতো বুজি পোৱা যে বাবাই আমাক দেৱতা কৰি গঢ়ি তোলে। যিমান
দূৰ সম্ভৱ স্মৰণ কৰিব লাগে। এয়াতো পিতাই কয় যে নিৰন্তৰ স্মৃতিত থাকিব নোৱাৰা। কিন্তু
পুৰুষাৰ্থ কৰিব লাগে। গৃহস্থালিৰ কাম কৰিও এওঁলোকক (লক্ষ্মী-নাৰায়ণক) স্মৰণ কৰিলে
তেতিয়া নিশ্চয় পিতা স্মৃতিলৈ আহিব। পিতাক স্মৰণ কৰিলে এওঁলোক নিশ্চয় স্মৃতিলৈ আহিব।
মই এনেকুৱা হ’ব লাগে। গোটেই দিন এইটো চিন্তাতে থাকিব লাগে। তেতিয়া ইজনে-সিজনৰ গ্লানি
কেতিয়াও নকৰা। এওঁ এনেকুৱা, অমুক এনেকুৱা… যিসকল এই কথাবোৰত লাগি থাকে তেওঁলোকে
উচ্চ পদ পাব নোৱাৰে। এনেকৈয়ে থাকি যায়। কিমান সহজকৈ বুজোৱা হয়। এওঁলোকক স্মৰণ কৰা,
পিতাক স্মৰণ কৰা তেতিয়া এওঁলোকৰ নিচিনা হৈয়ে যাবা। ইয়াততো তোমালোক সন্মুখত বহি আছা,
সকলোৰে ঘৰত এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ নিশ্চয় থাকিব লাগে। কিমান নিখুঁত চিত্ৰ।
এওঁলোকক স্মৰণ কৰিলে পিতা স্মৃতিলৈ আহিব। গোটেই দিন অন্য কথাৰ সলনি এয়াই শুনাই থাকা।
অমুক এনেকুৱা, তেনেকুৱা… কাৰোবাৰ নিন্দা কৰা - ইয়াক বিভ্ৰান্তি বুলি কোৱা হয়।
তোমালোকে নিজৰ বুদ্ধি দৈৱী কৰি তুলিব লাগে। কাৰোবাক দুখ দিয়া, গ্লানি কৰা, চঞ্চলতা
কৰা - এনেকুৱা স্বভাৱ হ’ব নালাগে। এনেকুৱা স্বভাৱেৰেতো আধাকল্প কটালা। এতিয়া
তোমালোক সন্তানসকলে কিমান ভাল শিক্ষা পোৱা, ইয়াতকৈ উচ্চ মৰম আন একো নাই। শ্ৰীমতৰ
বাহিৰে কোনো ওলট-পালট কাম কৰিব নালাগে। পিতাই ধ্যানৰ ওপৰতো নিৰ্দেশনা দিয়ে মাত্ৰ
ভোগ আগবঢ়াই আহা। বাবাই এনেকৈতো নকয় যে বৈকুণ্ঠলৈ যোৱা, ৰাস-বিলাস আদি কৰা। বেলেগ
ঠাইত গ’লা মানে বুজিবা মায়াৰ প্ৰৱেশতা হ’ল। মায়াৰ প্ৰথম কৰ্তব্য হ’ল পতিত কৰি তোলা।
নীতিবহিৰ্ভূত চলনেৰে লোকচান বহুত হয়। যদিহে নিজক চম্ভাল নকৰা তেন্তে আকৌ বহুত কাঢ়া
শাস্তিও খাবলগীয়া হ’ব পাৰে। পিতাৰ লগতে ধৰ্মৰজাও আছে। তেওঁৰ ওচৰত বেহদৰ হিচাপ-নিকাচ
থাকে। ৰাৱণৰ কাৰাগাৰত কিমান বছৰ শাস্তি খালা। এইখন সৃষ্টিত কিমান অপাৰ দুখ আছে।
এতিয়া পিতাই কয় - বাকী সকলো কথা পাহৰি এজন পিতাক স্মৰণ কৰা আৰু সকলো বিভ্ৰান্তি
অন্তৰৰ পৰা আঁতৰাই দিয়া। বিকাৰগ্ৰস্ত কোনে কৰায়? মায়াৰ ভূতে। তোমালোকৰ
লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। ৰাজযোগ নহয় জানো। পিতাক স্মৰণ কৰিলে এই উত্তৰাধিকাৰ পাবা।
গতিকে এইটো ধান্দাত লাগি যাব লাগে। অন্তৰৰ সকলো আৱৰ্জনা উলিয়াই দিব লাগে। মায়াৰ
পৰাকাষ্ঠাও (আতিশয্যও) বহুত বেছি। কিন্তু মায়াক ওফৰাই দিব লাগে। যিমান দূৰ সম্ভৱ
স্মৃতিৰ যাত্ৰাত থাকিব লাগে। এতিয়াতো নিৰন্তৰ স্মৃতিত থাকিব নোৱাৰা। অৱশেষত নিৰন্তৰ
অৱস্থালৈকেও আহিবা তেতিয়াহে উচ্চ পদ পাবা। যদি অন্তৰত বিভ্ৰান্তি, অশুদ্ধ খেয়াল থাকে
তেন্তে উচ্চ পদ পাব নোৱাৰিবা। মায়াৰ বশীভূত হৈয়ে পৰাজিত হৈ যায়।
পিতাই বুজায় –
সন্তানসকল, লেতেৰা কাম কৰি পৰাজিত নহ’বা। নিন্দা আদি কৰিতো তোমালোকৰ বহুত বেয়া
অৱস্থা হৈ গ’ল। এতিয়া সৎগতি হয় সেইকাৰণে বেয়া কৰ্ম নকৰিবা। বাবাই দেখিবলৈ পায় মায়াই
ডিঙিলৈকে গিলি পেলাইছে। গমেই নাপায়। নিজে ভাবে মই বহুত ভালকৈ চলি আছোঁ, কিন্তু নহয়।
পিতাই বুজায় - মন, বচন, কৰ্মত মুখেৰে ৰত্নহে উচ্চাৰিত হ’ব লাগে। লেতেৰা বাৰ্তালাপ
কৰাতো পাথৰৰ নিচিনা। এতিয়া তোমালোক পাথৰৰ পৰা পাৰস হৈছা সেইকাৰণে মুখেৰে কেতিয়াও
পাথৰ (কটু বচন) ওলাব নালাগে। বাবাইতো বুজাবলগীয়া হয়। সন্তানক বুজোৱাৰ পিতাৰ অধিকাৰ
আছে। এনেকুৱাতো নহয় যে ভায়ে ভায়েকক সাৱধান কৰি দিব। শিক্ষকৰ কাম হ’ল শিক্ষা দিয়া।
তেওঁ যি কোনো কথা ক’ব পাৰে। বিদ্যাৰ্থীয়ে আইন হাতত তুলি ল’ব নালাগে। তোমালোক
বিদ্যাৰ্থী হোৱা নহয়। পিতাই বুজাব পাৰে, বাকী সন্তানসকললৈ পিতাৰ নিৰ্দেশনা হ’ল -
একমাত্ৰ পিতাক স্মৰণ কৰা। তোমালোকৰ ভাগ্য এতিয়া মুকলি হৈছে। শ্ৰীমতত নচলিলে
তোমালোকৰ ভাগ্য নষ্ট হৈ যাব তেতিয়া বহুত অনুতাপ কৰিব লাগিব। পিতাৰ শ্ৰীমতত নচলিলে
এফালে শাস্তি খাব লাগিব আনফালে পদো ভ্ৰষ্ট হৈ যাব। এয়া জন্ম-জন্মান্তৰৰ,
কল্প-কল্পান্তৰৰ বাজী। পিতা আহি পঢ়ায় গতিকে বুদ্ধিত থাকিব লাগে - বাবা মোৰ শিক্ষক,
যাৰ দ্বাৰা এই নতুন জ্ঞান পাওঁ যে নিজক আত্মা বুলি বুজা। আত্মা আৰু পৰমাত্মাৰ মেলা
বুলি কোৱা হয় নহয়। 5 হাজাৰ বছৰৰ পাছত পাম, এতিয়া যিমান উত্তৰাধিকাৰ ল’ব বিচৰা ল’ব
পাৰা। নহ’লেতো বহুত অনুতাপ কৰিবা, কান্দিবা। সকলো সাক্ষাৎকাৰ হৈ যাব। স্কুলত
বিদ্যাৰ্থী স্থানান্তৰ (উত্তীৰ্ণ) হ’লে পিছত বহাসকলক সকলোৱে চায়। ইয়াতো স্থানান্তৰ
হয়। তোমালোকে জানা ইয়াত শৰীৰ এৰি আকৌ গৈ সত্যযুগত ৰাজকুমাৰৰ কলেজত ভাষা শিকিমগৈ।
তাৰ মাতৃভাষাতো সকলোৱে পঢ়িবলগীয়া হয়। বহুতৰে পূৰা জ্ঞান নাই আকৌ নিয়মীয়াকৈ নপঢ়েও।
এবাৰ দুবাৰ খতি কৰিলে খতি কৰাৰ অভ্যাসেই হৈ যায়। মায়াৰ গ্ৰাহকসকলৰ সংগ লাগি যায়।
শিৱবাবাৰ গ্ৰাহক কম। বাকী সকলো মায়াৰ গ্ৰাহক। তোমালোক শিৱবাবাৰ গ্ৰাহক হোৱা তেতিয়া
মায়াই সহ্য কৰিব নোৱাৰে, সেইকাৰণে বহুত সাৱধান হ’ব লাগে। ছিঃ ছিঃ লেতেৰা মনুষ্যৰ পৰা
বহুত সাৱধান হৈ থাকিব লাগে। হংস আৰু বগলী নহয় জানো। বাবাই ৰাতিও শিক্ষা দিছে, গোটেই
দিন কাৰোবাক নহয় কাৰোবাক নিন্দা কৰা, পৰচিন্তন কৰা, এইবোৰক কোনো দৈৱীগুণ বুলি কোৱা
নহয়। দেৱতাসকলে এনেকুৱা কাম নকৰে। পিতাই কয় - পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা
তথাপিও নিন্দা কৰি থাকে। নিন্দাতো জন্ম-জন্মান্তৰ কৰি আহিছা। ভিতৰত বিভ্ৰান্তি
থাকেই। এয়াও ভিতৰত মৰমৰি চলি থাকে। অকাৰণতে নিজকেই হত্যা কৰে। বহুতৰে লোকচান কৰে।
অমুক এনেকুৱা, ইয়াত তোমালোকৰ কি আহে বা যায়। সকলোৰে সহায়ক এজন পিতাই হয়। এতিয়াতো
শ্ৰীমতত চলিব লাগে। মনুষ্য মতেতো বহুত লেতেৰা কৰি দিয়ে। ইজনে-সিজনৰ গ্লানি কৰি থাকে।
গ্লানি কৰা এয়া হ’ল মায়াৰ ভূত। এইখন হয়েই পতিত সৃষ্টি। তোমালোকে বুজি পোৱা যে আমি
এতিয়া পতিতৰ পৰা পাৱন হৈ আছোঁ। গতিকে এইবোৰ বৰ বেয়া কথা। বুজোৱা হয় - আজিৰ পৰা নিজৰ
কাণত ধৰিব লাগে - কেতিয়াও এনেকুৱা কৰ্ম নকৰো। যদি কিবা দেখা পোৱা তেন্তে পিতাক জনাব
লাগে। তোমালোকৰ কি যায়! তোমালোকে এজনে আনজনৰ গ্লানি কিয় কৰা! পিতাই সকলো কথাই
শুনিবলৈ পায়। পিতাই কাণ আৰু চকু ঋণত লৈছে নহয়। পিতাই দেখে তেনেকৈ এই দাদায়ো দেখে।
কিছুমানৰ চলন, বাতাৱৰণতো একেবাৰে নিয়মৰ বাহিৰত চলে। যাৰ পিতা নাথাকে তেওঁলোকক মাউৰা
বুলি কোৱা হয়। তেওঁলোকে নিজৰ পিতাকো নাজানে, স্মৰণো নকৰে। শুধৰণি হোৱাৰ সলনি আৰুহে
বেয়া হৈ যায়, সেইকাৰণে নিজৰেই পদবী হেৰুৱাই পেলায়। শ্ৰীমতত নচলে মানে মাউৰা।
মাতা-পিতাৰ শ্ৰীমতত নচলে। ত্বমেব মাতাশ্চ পিতা... (আপুনিয়েই মাতা-পিতা), বন্ধু আদিও
হয়।
কিন্তু গ্ৰেট গ্ৰেট
গ্ৰেণ্ড ফাদাৰেই যদি নাই তেন্তে মাদাৰ আকৌ ক’ৰ পৰা থাকিব, ইমানখিনিও বুদ্ধি নাই।
মায়াই বুদ্ধি একেবাৰে ঘূৰাই দিয়ে। বেহদৰ পিতাৰ আজ্ঞা নামানিলে তেতিয়া দণ্ড হৈ যায়।
অলপো সৎগতি নহয়। পিতাই দেখিলে ক’ব নহয় যে এওঁৰ কি দুৰ্গতি হ’ব। এওঁতো বনৰীয়া ফুল,
অক্ ফুল। যাক কোনেও পচন্দ নকৰে। গতিকে শুধৰণি হ’ব নালাগে জানো। নহ’লে পদ ভ্ৰষ্ট হৈ
যাব। জন্ম-জন্মান্তৰৰ কাৰণে লোকচান হৈ যাব। কিন্তু দেহ-অভিমানীসকলৰ বুদ্ধিত ধাৰণেই
নহয়। আত্মা-অভিমানীয়েহে পিতাৰ সৈতে প্ৰেম কৰিব পাৰে। উৎসৰ্গিত হোৱাটো কোনো মাহীৰ
ঘৰলৈ যোৱাৰ নিচিনা (ইমান উজু) নহয়। ডাঙৰ ডাঙৰ ব্যক্তিসকলতো উৎসৰ্গিত হ’ব নোৱাৰে।
তেওঁলোকে উৎসৰ্গিত হোৱাৰ অৰ্থও বুজি নাপায়। হৃদয় বিদীৰ্ণ হৈ যায়। বহুত বন্ধনমুক্তও
আছে। সন্তান আদি একো নাই। তেওঁলোকে কয় - বাবা আপুনিয়েই মোৰ সকলো। এনেকৈ মুখেৰে কয়
কিন্তু সঁচা নহয়। পিতাকো মিছা কৈ দিয়ে। উৎসৰ্গিত হৈ গ’লে তেতিয়া নিজৰ মমত্ব আঁতৰাই
দিব লাগে। এতিয়াতো অন্তিমৰ সময় সেয়েহে শ্ৰীমতত চলিব লাগে। সা-সম্পত্তিৰ পৰাও মমত্ব
আঁতৰি যোৱা উচিত। এনেকুৱা বন্ধনমুক্ত বহুত আছে। শিৱবাবাক নিজৰ কৰি লৈছে, তুলি লয়
নহয়। এওঁ মোৰ পিতা, শিক্ষক, সৎগুৰু। তেওঁৰ পূৰা সা-সম্পত্তি ল’বলৈ আমি তেওঁক নিজৰ
কৰি লওঁ। যিসকল সন্তান হৈ গ’ল তেওঁলোক কুলত নিশ্চয় আহে। কিন্তু তাত কিমান পদ আছে।
কিমান দাস-দাসী আছে। এজনে আনজনৰ ওপৰত হুকুম চলায়। দাসীসকলৰ মাজতো ক্ৰমানুসৰি থাকে।
অভিজাত ঘৰত বাহিৰৰ দাস-দাসীতো নাহিব। যিসকল পিতাৰ হৈছে, তেওঁলোকেই হ’ব লাগে। এনেকুৱা
সন্তানো আছে যাৰ পাইটোৰ সমানো বুদ্ধি নাই।
বাবাই এনেকৈতো নকয় যে
মম্মাক স্মৰণ কৰা বা মোৰ ৰথখনক স্মৰণ কৰা। পিতাই কয় মামেকম্ (কেৱল মোক) স্মৰণ কৰা।
দেহৰ সকলো বন্ধন এৰি নিজক আত্মা বুলি বুজা। পিতাই বুজায় যে প্ৰীতি ৰাখিব লাগে যদি
এজনৰ সৈতে ৰাখা তেতিয়া নাও পাৰ হৈ যাব। পিতাৰ নিৰ্দেশনা মতে চলা। মোহজিৎ ৰজাৰ
কাহিনীও আছে নহয়! প্ৰথম নম্বৰত হ’ল সন্তান, সন্তানতো সম্পত্তিৰ মালিক হ’ব। স্ত্ৰীতো
হ’ল আধা অংশীদাৰ, সন্তানতো সম্পূৰ্ণ মালিক হৈ যায়। গতিকে বুদ্ধি সেইফালে যায়, যদি
বাবাক সম্পূৰ্ণ মালিক কৰি দিয়া তেন্তে এই সকলোবিলাক তোমালোকক দি দিব। লেন-দেনৰ কথাই
নাই। এয়াতো বোধশক্তিৰ কথা। যদিও তোমালোকে শুনা আকৌ দ্বিতীয় দিনা সকলো পাহৰি যোৱা।
বুদ্ধিত থাকিলে তেতিয়া আনকো বুজাব পাৰিবা। পিতাক স্মৰণ কৰিলে তোমালোক স্বৰ্গৰ মালিক
হৈ যাবাগৈ। এয়াতো বহুত সহজ, মুখ চলাই থাকা। লক্ষ্য-উদ্দেশ্যৰ কথা কৈ থাকা। বিশাল
বুদ্ধিৰ হ’লে তৎক্ষণাৎ বুজিব। অন্তত এই চিত্ৰ আদিহে কামত আহিব। ইয়াত গোটেই জ্ঞান
সমাহিত হৈ আছে। লক্ষ্মী-নাৰায়ণ আৰু ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ? এইটো কোনেও
নাজানে। লক্ষ্মী-নাৰায়ণতো নিশ্চয় প্ৰথমে ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব। ভিকহুৰ পৰা
ৰাজকুমাৰ-ৰাজকুমাৰী নহয় জানো! ভিকহুৰ পৰা ৰজা বুলি নকয়। ৰাজকুমাৰৰ পাছতহে ৰজা হয়।
এয়াতো বহুত সহজ, কিন্তু মায়াই কিছুমানক ধৰি লয়, কাৰোবাৰ নিন্দা কৰা, গ্লানি কৰা -
এনেকুৱা অভ্যাস বহুতৰে আছে। আৰু যেন একো কামেই নাই। পিতাক কেতিয়াও স্মৰণ নকৰে। ইজনে
সিজনক গ্লানি কৰা ধান্দাহে কৰি থাকে। এয়া হ’ল মায়াৰ পাঠ। পিতাৰ পাঠতো একেবাৰে চিধা।
শেষলৈ এই সন্ন্যাসী আদি জাগি উঠিব, ক’ব যে জ্ঞান আছে যদি এই বি.কে.সকলৰে আছে।
কুমাৰ-কুমাৰীসকলতো পৱিত্ৰ হয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। আমাৰ কোনো অশুদ্ধ খেয়ালো
আহিব নালাগে। বহুতৰ এতিয়াও অশুদ্ধ খেয়াল আহি থাকে, আকৌ ইয়াৰ শাস্তিও বহুত বেছি।
পিতাই বুজায়তো বহুতেই। যদি তোমালোকৰ কিবা চাল-চলন বেয়া দেখিবলৈ পোৱা যায় তেন্তে
ইয়াত থাকিব নোৱাৰিবা। কিছু শাস্তিও দিব লগা হয়, তুমি লায়ক নহয়। পিতাক ঠগা। তুমি
পিতাক স্মৰণ কৰিব নোৱাৰিবা। অৱস্থা একেবাৰে অৱনতি হৈ যায়। অৱস্থা অৱনতি হোৱাটোৱে
শাস্তি। শ্ৰীমতত নচলিলে নিজৰ পদ ভ্ৰষ্ট কৰি দিয়ে। পিতাৰ নিৰ্দেশনা অনুসৰি নচলিলে
আৰুহে ভূতৰ প্ৰৱেশতা হয়। বাবাৰতো কেতিয়াবা কেতিয়াবা খেয়াল আহে, কিজানি বহুত কাঢ়া
শাস্তি এতিয়াই আৰম্ভ হৈ যায়। শাস্তিও বহুত গুপ্ত হয়। বহুত কাঢ়া পীড়া যাতে ভূগিবলগীয়া
নহয়। বহুত অধঃপতিত হৈ যায়, শাস্তি খায়। পিতাইতো সকলো ইংগিতেৰে বুজাই থাকে। বহুতে
নিজৰ ভাগ্য ৰেখা খণ্ডিত কৰি দিয়ে সেইকাৰণে পিতাই সাৱধান কৰি থাকে, এতিয়া গাফিলতি
কৰাৰ সময় নহয়, নিজক শুধৰোৱা। অন্তিম মুহূৰ্ত আহিবলৈ বেছি সময় নাই। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো ধৰণৰ
নীতিবিৰুদ্ধ, শ্ৰীমত বিৰুদ্ধ আচৰণ কৰিব নালাগে। নিজে নিজক শুধৰাব লাগে। ছিঃ ছিঃ
লেতেৰা মনুষ্যৰ পৰা নিজক চম্ভালিব লাগে।
(2) যদি বন্ধন মুক্ত
হোৱা তেন্তে পূৰা উৎসৰ্গিত হ’ব লাগে। নিজৰ মমত্ব নাইকিয়া কৰিব লাগে। কেতিয়াও কাৰো
নিন্দা বা পৰচিন্তন কৰিব নালাগে। বেয়া অশুদ্ধ খেয়ালৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে।
বৰদান:
সমৰ্থ স্থিতিৰ
বুটাম সক্ৰিয় কৰি ব্যৰ্থৰ অন্ধকাৰ সমাপ্ত কৰোঁতা অব্যক্ত ফৰিস্তা হোৱা
যেনেকৈ স্থূল লাইটৰ
বুটাম সক্ৰিয় কৰিলে অন্ধকাৰ সমাপ্ত হৈ যায়। তেনেকৈ সমৰ্থ স্থিতি হৈছে বুটাম। এই
বুটাম সক্ৰিয় কৰা তেতিয়া ব্যৰ্থৰ অন্ধকাৰ সমাপ্ত হৈ যাব। এটি এটি ব্যৰ্থ সকল্প
সমাপ্ত কৰাৰ পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। যেতিয়া স্থিতি সমৰ্থ হ’ব তেতিয়া
মহাদানী-বৰদানী হৈ যাবা কিয়নো দাতাৰ অৰ্থই হৈছে সমৰ্থ। সমৰ্থজনেহে দিব পাৰে আৰু য’ত
সমৰ্থ আছে ত’ত ব্যৰ্থ সমাপ্ত হৈ যায়। গতিকে এইটোৱে অব্যক্ত ফৰিস্তাৰ শ্ৰেষ্ঠ কাৰ্য।
স্লোগান:
সত্যতাৰ আধাৰত সৰ্ব আত্মাৰ অন্তৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰোঁতাজনেই ভাগ্যৱান আত্মা।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যিসকল সন্তুষ্টমণি
তেওঁলোক মনেৰে, অন্তৰেৰে সকলোৰে প্ৰতি, পিতাৰ প্ৰতি, ড্ৰামাৰ প্ৰতি সদায় সন্তুষ্ট
হ’ব; তেওঁলোকৰ মনত, শৰীৰত সদায় প্ৰসন্নতাৰ লহৰ দৃষ্টিগোচৰ হ’ব। যেনেকুৱাই পৰিস্থিতি
নাহক, লাগিলে কোনোবা হিচাপ-নিকাচ নিষ্পত্তি কৰোঁতা আত্মা বিৰুদ্ধাচৰণ কৰিবলৈও আহি
থাকক বা শৰীৰৰ কৰ্মভোগ সন্মুখত আহি থাকক কিন্তু হদৰ কামনাৰ পৰা মুক্ত আত্মাক
সন্তুষ্টতাৰ কাৰণে সদায় প্ৰসন্নতাৰ ৰেঙনিৰে চিকমিকাই থকা তৰাৰ দৰে দেখা যাব।