13.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকৰ এয়া ঈশ্বৰীয় অভিযান, তোমালোকে সকলোকে ঈশ্বৰৰ কৰি তুলি তেওঁলোকক বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোৱা ”

প্ৰশ্ন:
কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতা কেতিয়া সমাপ্ত হ'ব?

উত্তৰ:
যেতিয়া তোমালোকৰ স্থিতি ৰূপালী অৱস্থাত উপনীত হ'ব অৰ্থাৎ যেতিয়া আত্মা ত্ৰেতাৰ সতো অৱস্থাত গৈ উপনীত হ’ব তেতিয়া কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতা বন্ধ হৈ যাব। এতিয়া তোমালোকৰ ওভতনি যাত্ৰা সেয়েহে কৰ্মেন্দ্ৰিয়সমূহ বশ কৰি ৰাখিব লাগে। কেতিয়াও লুকুৱাই এনেকুৱা কৰ্ম নকৰিবা যাৰ বাবে আত্মা পতিত হৈ যায়। অবিনাশী ছাৰ্জনে তোমালোকক যি সংযমৰ বিষয়ে শুনাই আছে, সেইমতে চলি থাকা।

গীত:
মুখড়া দেখ লে প্ৰাণী…… (চেহেৰা চাই লোৱা প্ৰাণী........)

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে। কেৱল তোমালোক সন্তানসকলক নহয়, যিসকল আত্মিক সন্তান প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী তেওঁলোকে জানে। আমাক ব্ৰাহ্মণসকলকহে পিতাই বুজায়। প্ৰথমতে তোমালোক শূদ্ৰ আছিলা পুনৰ আহি ব্ৰাহ্মণ হৈছা। পিতাই বৰ্ণৰো হিচাপ বুজাইছে। জগতত বৰ্ণৰ বিষয়েও বুজি নাপায়। কেৱল গায়ন আছে। এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণৰ হোৱা পুনৰ দেৱতা বৰ্ণৰ হ'বা। বিচাৰ কৰা এইটো কথা শুদ্ধনে? নিজে বিচাৰ কৰা। মোৰ কথা শুনা আৰু বিচাৰ কৰা। শাস্ত্ৰ যি জন্ম-জন্মান্তৰ শুনি আহিছা আৰু যি জ্ঞান সাগৰ পিতাই বুজায় তাৰ তুলনা কৰা - শুদ্ধ কোনটো? ব্ৰাহ্মণ ধৰ্ম অথবা কুলৰ বিষয়ে একেবাৰে পাহৰি গৈছে। তোমালোকৰ ওচৰত বিৰাট ৰূপৰ চিত্ৰ শুদ্ধকৈ তৈয়াৰ কৰা আছে, ইয়াৰ ওপৰত বুজোৱা হয়। বাকী যি ইমানবোৰ ভূজাধাৰী চিত্ৰ তৈয়াৰ কৰিছে আৰু দেৱীসকলক অস্ত্ৰ আদি দি দিছে, সেই সকলোবোৰ হৈছে ভুল। এয়া ভক্তিমাৰ্গৰ চিত্ৰ। এই দুচকুৰে সকলোবোৰ দেখা পায় কিন্তু বুজি নাপায়। কাৰোৰে বৃত্তিৰ বিষয়ে নাজানে। এতিয়া তোমালোক সন্তানসকলে নিজৰ আত্মাৰ বিষয়ে গম পাইছা। আৰু 84 জন্মৰ বিষয়েও গম পাইছা। যেনেকৈ পিতাই তোমালোক সন্তানসকলক বুজায়, তোমালোকে আকৌ অন্যকো বুজাব লাগে। শিৱবাবাতো সকলোৰে ওচৰলৈ নাযাব। নিশ্চয় পিতাৰ সহায়কাৰী লাগে নহয় সেয়েহে তোমালোকৰ হৈছে ঈশ্বৰীয় অভিযান। তোমালোকে সকলোকে ঈশ্বৰৰ কৰি তোলা। বুজোৱা যে তেওঁ আমাৰ আত্মাসকলৰ বেহদৰ পিতা। তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যাব। যেনেকৈ লৌকিক পিতাক স্মৰণ কৰা হয়, তেওঁতকৈও বেছিকৈ পাৰলৌকিক পিতাক স্মৰণ কৰিব লাগে। লৌকিক পিতাইতো অল্পকালৰ কাৰণে সুখ দিয়ে। বেহদৰ পিতাই বেহদৰ সুখ দিয়ে। এয়া এতিয়া আত্মাসকলে জ্ঞান প্ৰাপ্ত কৰিছে। এতিয়া তোমালোকে জানা 3 জন পিতা আছে। লৌকিক, পাৰলৌকিক আৰু অলৌকিক। বেহদৰ পিতাই অলৌকিক পিতাৰ দ্বাৰা তোমালোকক বুজাই আছে। এইজন পিতাক (অলৌকিক পিতাক) কোনেও নাজানে। ব্ৰহ্মাৰ জীৱনীৰ বিষয়ে কোনেও নাজানে। তেওঁৰ বৃত্তিৰ বিষয়েওতো জানিব লাগে নহয়। শিৱৰ, শ্ৰীকৃষ্ণৰ মহিমা গায় বাকী ব্ৰহ্মাৰ মহিমা ক'ত? নিৰাকাৰ পিতাক নিশ্চয় মুখতো লাগে নহয়, যাৰ দ্বাৰা অমৃত দিব। ভক্তিমাৰ্গত পিতাক কেতিয়াও যথাৰ্থ ৰীতিৰে স্মৰণ কৰিব নোৱাৰে। এতিয়া তোমালোকে জানা, বুজি পোৱা যে শিৱবাবাৰ ৰথ এওঁ (ব্ৰহ্মা) হয়। ৰথো অলংকৃত কৰে নহয়। যেনেকৈ মহম্মদৰ ঘোঁৰাটোকো সজায়। তোমালোক সন্তানসকলে কিমান ভালদৰে মনুষ্যক বুজোৱা। তোমালোকে সকলোৰে প্ৰসংশা কৰা। কোৱা আপোনালোক এনেকুৱা দেৱতা আছিল আকৌ 84 জন্ম ভোগ কৰি তমোপ্ৰধান হৈ গ’ল। এতিয়া পুনৰ সতোপ্ৰধান হ'ব লাগে সেয়েহে তাৰ বাবে যোগ লাগে। কিন্তু কাচিৎহে কোনোবাই বুজি পায়। বুজি পালে তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। বুজাওঁতা সকলৰতো আৰুহে পাৰা উৰ্দ্ধগামী হয়। বেহদৰ পিতাৰ পৰিচয় দিয়াতো জানো কিবা সৰু কথা। বুজি নাপায়। কয় এয়া কেনেকৈ হ'ব পাৰে। বেহদৰ পিতাৰ জীৱন কাহিনী শুনায়।

এতিয়া পিতাই কয় - সন্তানসকল, পাৱন হোৱা। তোমালোকে আহ্বান জনাইছিলা নহয় যে হে পতিত-পাৱন আহক। ‘গীতা’তো ‘মনমনাভৱ’ শব্দটি আছে কিন্তু তাৰ বুজনি কাৰো ওচৰত নাই। পিতাই আত্মাৰ জ্ঞানো কিমান স্পষ্টকৈ বুজায়। কোনো শাস্ত্ৰতে এই কথাবোৰ নাই। যদিওবা কয় আত্মা বিন্দু, ভ্ৰূকুটিৰ মাজত তৰা আছে। কিন্তু যথাৰ্থ ৰীতিৰে কাৰো বুদ্ধিত নাই। সেয়াও জানিব লাগে। কলিযুগত হয়েই ভ্ৰষ্টাচাৰী। সত্যযুগত হৈছে সকলো শ্ৰেষ্ঠাচাৰী। ভক্তিমাৰ্গত মনুষ্যই ভাবে - এই সকলোবোৰ ঈশ্বৰক লগ পোৱাৰ মাৰ্গ সেয়েহে তোমালোকে প্ৰথমে প্ৰপত্ৰ পূৰাবলৈ দিয়া - ইয়ালৈ কিয় আহিছে? ইয়াৰ দ্বাৰাও তোমালোকে বেহদৰ পিতাৰ পৰিচয় দিব লাগে। সোধা আত্মাৰ পিতা কোন? সৰ্বব্যাপী বুলি ক'লেতো কোনো অৰ্থই নোলায়। সকলোৰে পিতা কোন? এইটো হৈছে মুখ্য কথা। নিজৰ নিজৰ ঘৰতো তোমালোকে বুজাব পাৰা। এখন-দুখন মুখ্য চিত্ৰ - ছিৰি, ত্ৰিমূৰ্তি, বৃক্ষ এইবোৰ বৰ প্ৰয়োজনীয়। বৃক্ষৰ দ্বাৰা সকলো ধৰ্মাৱলম্বীয়ে বুজিব পাৰে যে আমাৰ ধৰ্ম কেতিয়া আৰম্ভ হ’ল! আমি এইটো হিচাপত স্বৰ্গলৈ যাব পাৰিমনে? যিসকল আহেই পাছত তেওঁলোকতো স্বৰ্গলৈ যাব নোৱাৰে। বাকী শান্তিধামলৈ যাব পাৰিব। বৃক্ষৰ চিত্ৰৰ দ্বাৰাও বহুত স্পষ্ট হৈ যায়। যি যি ধৰ্ম পাছত আহিছে তেওঁলোকৰ আত্মাও নিশ্চয় ওপৰত গৈ বিৰাজমান হ’ব। তোমালোকৰ বুদ্ধিত গোটেই বুনিয়াদ ৰচা হয়। পিতাই কয় - আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ পুলিতো ৰোপণ কৰা হ’ল আকৌ বৃক্ষৰ পাতো তোমালোকেই তৈয়াৰ কৰিব লাগিব, পাত অবিহনেতো বৃক্ষ নহয় সেয়েহে বাবাই নিজৰ সমান কৰি গঢ়ি তোলাৰ বাবে পুৰুষাৰ্থ কৰাই থাকে। অন্য ধৰ্মাৱলম্বীসকলে পাত তৈয়াৰ কৰিবলগীয়া নহয়। তেওঁলোকতো ওপৰৰ পৰা আহে, বুনিয়াদ ৰচে। আকৌ পাত পাছত ওপৰৰ পৰা অহা-যোৱা কৰি থাকে। তোমালোকে পুনৰ বৃক্ষৰ বৃদ্ধিৰ বাবে এই প্ৰদৰ্শনী আদি অনুস্থিত কৰা। ইয়াৰ দ্বাৰা পাত ওলায়, আকৌ ধুমুহা আহিলে সৰি পৰে, মৰহি যায়। এয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। ইয়াত কাজিয়া আদিৰ কোনো কথা নাই। কেৱল পিতাক স্মৰণ কৰিব আৰু কৰাব লাগে। তোমালোকে সকলোকে কোৱা আৰু অন্য যিবোৰ ৰচনা আছে সেইবোৰ এৰা। ৰচনাৰ পৰা কেতিয়াও উত্তৰাধিকাৰ পোৱা নাযায়। ৰচয়িতা পিতাকহে স্মৰণ কৰিব লাগে। অন্য কাৰো স্মৃতি আহিব নালাগে। পিতাৰ হৈ, জ্ঞানত আহি যদি আকৌ কোনো এনেকুৱা কৰ্ম কৰা তেতিয়া শিৰত তাৰ বোজা বহুত হৈ যায়। পিতা পাৱন কৰি তুলিবলৈ আহে আৰু পুনৰ এনেকুৱা কৰ্ম কৰিলে তেতিয়া আৰুহে পতিত হৈ যায় সেয়েহে বাবাই কয় এনেকুৱা কোনো কৰ্ম নকৰিবা যাৰ দ্বাৰা লোকচান হয়। পিতাৰ গ্লানি হয় নহয়। এনেকুৱা কৰ্ম নকৰিবা যাতে বিকৰ্ম বেছি হৈ যায়। সংযমো ৰাখিব লাগে। দৰব আদিৰ ক্ষেত্ৰতো সংযম ৰখা হয়। চিকিৎসকে কয় এই টেঙা আদি খাব নালাগে গতিকে মানিব লাগে। কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিবলগীয়া হয়। যদি লুকুৱাই খাই থাকা তেতিয়া আকৌ দৰবৰ প্ৰভাৱ নপৰিব। ইয়াক কোৱা হয় আসক্তি। পিতায়ো শিক্ষা দিয়ে – এইটো নকৰিবা। ছাৰ্জন হয় নহয়। লিখে – বাবা, মনত সংকল্প বহুত আহে। সাৱধান হৈ থাকিবা। লেতেৰা সপোন, মনত সংকল্প আদি বহুত আহিব, এইবোৰলৈ ভয় কৰিব নালাগে, সত্যযুগত-ত্ৰেতাত এই কথাবোৰ নাথাকে। তোমালোক আগলৈ যিমানে সমীপত আহি থাকিবা, ৰূপালী যুগত গৈ উপনীত হ’বা তেতিয়া কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতা সমাপ্ত হৈ যাব। কৰ্মেন্দ্ৰিয়সমূহ বশ হৈ যাব। সত্যযুগ-ত্ৰেতাত বশ হৈ আছিল নহয়। যেতিয়া সেই ত্ৰেতাৰ অৱস্থালৈকে আহিবা তেতিয়া বশ হৈ যাব। পুনৰ সত্যযুগৰ অৱস্থালৈ আহিলে তেতিয়া সতোপ্ৰধান হৈ যাব তেতিয়া সকলো কৰ্মেন্দ্ৰিয় সম্পূৰ্ণ বশ হৈ যাব। কৰ্মেন্দ্ৰিয় বশ হৈ আছিল নহয়। এয়া নতুন কথা জানো। আজি কৰ্মেন্দ্ৰিয়ৰ বশত আছে, কালিলৈ পুনৰ পুৰুষাৰ্থ কৰি কৰ্মেন্দ্ৰিয়ক বশ কৰি লয়। তেওঁলোকতো 84 জন্ম অৱনমিত হৈ আহিছে। এতিয়া ওভতনি যাত্ৰা, সকলোৱে সতোপ্ৰধান অৱস্থাত যাব লাগে। নিজৰ খতিয়ান চাব লাগে - মই কিমান পাপ, কিমান পুণ্য কৰিছোঁ। পিতাক স্মৰণ কৰি কৰি লৌহযুগৰ পৰা ৰূপালীযুগত গৈ উপস্থিত হ’ম তেতিয়া কৰ্মেন্দ্ৰিয় বশ হৈ যাব। তেতিয়া তোমালোকৰ অনুভৱ হ’ব - এতিয়া কোনো ধুমুহা নাহে। সেই অৱস্থাও আহিব। পুনৰ সোণালী যুগত গুচি যাবাগৈ। পৰিশ্ৰম কৰি পাৱন হ’লে আনন্দৰ পাৰাও উৰ্দ্ধগামী হ’ব। যিয়েই আহে তেওঁক বুজাব লাগে - কেনেকৈ আপোনালোকে 84 জন্ম ল’লে? যিয়ে 84 জন্ম লৈছে, তেৱেঁই বুজিব। ক’ব এতিয়া পিতাক স্মৰণ কৰি মালিক হ’ব লাগে। 84 জন্মক যদি বুজি নাপায় তেন্তে চাগৈ ৰাজ্য-ভাগ্যৰ মালিক হোৱা নাই। অমিতো সাহস যুগাওঁ, ভাল কথা শুনাওঁ। তোমালোক অৱনমিত হৈ যোৱা। যিয়ে 84 জন্ম লৈছে, তেওঁৰ তৎক্ষণাৎ স্মৃতিলৈ আহিব। পিতাই কয় - তোমালোক শান্তিধামত পৱিত্ৰতো আছিলা নহয়। এতিয়া পুনৰ তোমালোকক শান্তিধাম, সুখধামলৈ যোৱাৰ মাৰ্গ দেখুৱাওঁ। অন্য কোনেও মাৰ্গ দেখুৱাব নোৱাৰে। শান্তিধামলৈও পৱিত্ৰ আত্মাহে যাব পাৰে। যিমানে বিকাৰৰ লেপ আঁতৰি যাব সিমানে উচ্চ পদ পাবা, যিয়ে যিমান পুৰুষাৰ্থ কৰিব। প্ৰত্যেকৰে পুৰুষাৰ্থকতো তোমালোকে দেখি আছা, বাবায়ো বহুত ভাল সহায় কৰে। এওঁতো যেন পুৰণা সন্তান। প্ৰত্যেকৰে নাড়ীৰ স্পন্দন বুজি পোৱা নহয়। যি সিয়ান হ’ব তেওঁ তৎক্ষণাৎ বুজি পাব। বেহদৰ পিতা, তেওঁৰ পৰা নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ পাব লাগে। পাইছিলোঁ, এতিয়া নাই পুনৰ পাই আছোঁ। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। পিতাই যেতিয়া স্বৰ্গ স্থাপনা কৰিছিল, তোমালোক স্বৰ্গৰ মালিক আছিলা। পুনৰ 84 জন্ম লৈ তললৈ নামি আহিলা। এতিয়া এয়া হৈছে তোমালোকৰ অন্তিম জন্ম। ইতিহাস পুনৰাবৃত্তিতো নিশ্চয় হ’ব নহয়। তোমালোকে গোটেই 84ৰ হিচাপ শুনোৱা। যিমানে বুজি পাব সিমানে পাত তৈয়াৰ হৈ যাব। তোমালোকেও বহুতকে নিজৰ সমান কৰি গঢ়ি তোলা নহয়। তোমালোকে ক’বা আমি আহিছোঁ – গোটেই বিশ্বক মায়াৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ। পিতাই কয় - মই সকলোকে ৰাৱণৰ পৰা মুক্ত কৰিবলৈ আহোঁ। তোমালোক সন্তানসকলেও বুজি পোৱা যে পিতা জ্ঞানৰ সাগৰ হয়। তোমালোকেও জ্ঞান প্ৰাপ্ত কৰি মাষ্টৰ জ্ঞান সাগৰ হোৱা নহয়। জ্ঞান বেলেগ, ভক্তি বেলেগ। তোমালোকে জানা যে ভাৰতৰ প্ৰাচীন ৰাজযোগ পিতাইহে শিকায়। কোনো মনুষ্যই শিকাব নোৱাৰে। কিন্তু এইটো কথা সকলোকে কেনেকৈ কোৱা যায়? ইয়াততো অসুৰৰ বিঘিনিও বহুত আহে। আগতে বুজিছিলা যে কিজানি কোনোবাই আৱৰ্জনা পেলায়। এতিয়া বুজি পোৱা যে এই বিঘিনি কেনেকৈ আনে। একো নতুন কথা নহয়। কল্প পূৰ্বেও এয়া হৈছিল। তোমালোকৰ বুদ্ধিত এই গোটেই চক্ৰ ঘূৰি থাকে। বাবাই আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাই আছে, বাবাই আমাক ‘লাইট হাউচ’ৰো উপাধি দিয়ে। এটা চকুত মুক্তিধাম, আনটো চকুত জীৱন-মুক্তিধাম। তোমালোক শান্তিধামলৈ গৈ আকৌ সুখধামলৈ আহিব লাগে। এইখন হৈছেই দুখধাম। পিতাই কয় - এই দুচকুৰে তোমালোকে যি কিছু দেখা পোৱা, সেইবোৰ পাহৰি যোৱা। নিজৰ শান্তিধামক স্মৰণ কৰা। আত্মাই নিজৰ পিতাক স্মৰণ কৰিব লাগে, ইয়াকেই অব্যভিচাৰী যোগ বুলি কোৱা হয়। জ্ঞানো এজনৰ পৰাই শুনিব লাগে। সেয়া হ’ল অব্যভিচাৰী জ্ঞান। স্মৰণো এজনক কৰা। মোৰতো এজনেই, দ্বিতীয় আৰু কোনো নাই। যেতিয়ালৈকে নিজক আত্মা বুলি নিশ্চয় নকৰা তেতিয়ালৈকে এজন স্মৃতিলৈ নাহিব। আত্মাই কয় - মইতো একমাত্ৰ বাবাৰহে হ’ম। মই পিতাৰ ওচৰলৈ যাব লাগে। এই শৰীৰতো পুৰণা জৰাজীৰ্ণ, ইয়াৰ প্ৰতিও মোহ নাৰাখিবা। এয়া জ্ঞানৰ কথা। এনেকুৱা নহয় যে শৰীৰৰ যত্ন নল’বা। ভিতৰি বুজিব লাগে - এয়া পুৰণা চামৰা (শৰীৰ), ইয়াকতো এতিয়া এৰিব লাগে। তোমালোকৰ হৈছে বেহদৰ সন্ন্যাস। তেওঁলোকতো জংঘললৈ গুচি যায়। তোমালোক ঘৰত থাকি স্মৃতিত থাকিব লাগে। স্মৃতিত থাকি থাকি তোমালোকেও শৰীৰ এৰিব পাৰা। য’তেই নাথাকা কিয় তোমালোকে পিতাক স্মৰণ কৰা। স্মৃতিত থাকিলে, স্বদৰ্শন চক্ৰধাৰী হ’লে তেতিয়া য’তেই নাথাকা তোমালোকে উচ্চ পদ পাই যাবা। যিমানে ব্যক্তিগতভাৱে পৰিশ্ৰম কৰিবা সিমানে পদ পাবা। ঘৰত থাকিও স্মৃতিৰ যাত্ৰাত থাকিব লাগে। এতিয়া অন্তিম ফলাফললৈ অলপ সময় বাকী আছে। আকৌ নতুন সৃষ্টিও তৈয়াৰী লাগে নহয়। এতিয়া কৰ্মাতীত অৱস্থা হৈ গ’লেতো সূক্ষ্মলোকত থাকিবলগীয়া হ’ব। সূক্ষ্মলোকত থাকিও পুনৰ জন্ম ল’বলগীয়া হয়। আগলৈ গৈ তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ পৰাহে শুনিব লাগে। এজনৰেই অব্যভিচাৰী স্মৃতিত থাকিব লাগে। এই শৰীৰৰ যত্ন ল’ব লাগে, কিন্তু মমত্ব ৰাখিব নালাগে।

(2) পিতাই যি সংযমৰ বিষয়ে কৈছে সেয়া পূৰা পালন কৰিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে পিতাৰ গ্লানি হয়, পাপৰ হিচাপ জমা হয়। নিজৰ লোকচান কৰিব নালাগে।

বৰদান:
তিনিটা সেৱাৰ সন্তুলনৰ দ্বাৰা সকলো গুণৰ অনুভূতি কৰোঁতা গুণমূৰ্ত হোৱা

যিসকল সন্তানে সংকল্প, বাণী আৰু প্ৰতিটো কৰ্মৰ দ্বাৰা সেৱাত তৎপৰ হৈ থাকে তেওঁলোকেই সফতামূৰ্ত হয়। তিনিওটাতে সমান নম্বৰ, গোটেই দিনটোত তিনিওটা সেৱাৰ সন্তুলন থাকিলে সন্মানসহকাৰে উত্তীৰ্ণ বা গুণমূৰ্ত হৈ যায়। তেওঁলোকৰ দ্বাৰা সকলো দিব্য গুণৰ অলংকৰণ স্পষ্টকৈ দৃষ্টিগোচৰ হয়। ইজনে সিজনক পিতাৰ গুণ বা নিজৰ ধাৰণাৰ গুণৰ সহযোগ দিয়াটোৱেই গুণমূৰ্ত হোৱা কিয়নো গুণদান সকলোতকৈ শ্ৰেষ্ঠ দান।

স্লোগান:
নিশ্চয় ৰূপী আধাৰ দৃঢ় হ’লে শ্ৰেষ্ঠ জীৱনৰ অনুভৱ স্বতঃ হয়।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

পূৰ্বৰ কৰ্মৰ হিচাপ-নিকাচৰ ফলস্বৰূপে শৰীৰৰ ৰোগ হয়, মনৰ সংস্কাৰ অন্য আত্মাৰ সংস্কাৰৰ লগত সংঘাতো হয় কিন্তু কৰ্মাতীত, কৰ্মভোগৰ বশ নহৈ মালিক হৈ হিচাপ নিষ্পত্তি কৰা। কৰ্মযোগী হৈ কৰ্মভোগ নিষ্পত্তি কৰা – এয়া হৈছে কৰ্মাতীত স্থিতিৰ লক্ষণ। অভ্যাস কৰা এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত অৱস্থা।