14.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ দৃষ্টি শৰীৰৰ ফালে যাব নালাগে, নিজক আত্মা বুলি বুজা, শৰীৰক নাচাবা”

প্ৰশ্ন:
প্ৰত্যেক ব্ৰাহ্মণ সন্তানে বিশেষকৈ কোন দুটা কথাৰ প্ৰতি ধ্যান দিব লাগে?

উত্তৰ:
1) পঢ়াৰ প্ৰতি, 2) দৈৱীগুণৰ প্ৰতি। বহুত সন্তানৰ ক্ৰোধৰ অংশ মাত্ৰও নাই, কিছুমানেতো ক্ৰোত্ৰৰ বশৱৰ্তী হৈ বহুত কাজিয়া কৰে। সন্তানসকলে খেয়াল কৰা উচিত যে আমি দৈৱীগুণ ধাৰণ কৰি দেৱতা হ’ব লাগে। কেতিয়াও ক্ৰোত্ৰৰ বশৱৰ্তী হৈ বাৰ্তালাপ কৰিব নালাগে। বাবাই কয় - যদি কোনো সন্তানৰ ক্ৰোধ আছে তেন্তে তেওঁ হৈছে ভূতনাথ-ভূতনাথনী। এনেকুৱা ভূতৰ বশৱৰ্তী হোৱাসকলৰ সৈতে তোমালোকে কথাও পাতিব নালাগে।

গীত:
তকদীৰ জগাকৰ আই হুঁ …. (ভাগ্য জগাই আহিছোঁ….)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলে। আৰু কোনো সৎসংগত কেতিয়াও বাণীবদ্ধ গীতৰ ওপৰত নুবুজায়। তাত শাস্ত্ৰ শুনায়। যেনেকৈ গুৰুদ্বাৰত ‘গ্ৰন্থ’ৰ দুটি শাৰী পঢ়ে আকৌ ভাঙনি কৰা জনে বহি তাৰ বিস্তাৰ কৰে। বাণীবদ্ধ গীতৰ ওপৰত কোনোবাই বুজাব, এনেকুৱা ক’তো নহয়। এতিয়া পিতাই বুজায় - এই সকলোবোৰ গীত ভক্তিমাৰ্গৰ। সন্তানসকলক বুজোৱা হৈছে, জ্ঞান বেলেগ বস্তু, যিটো এজন নিৰাকাৰ শিৱৰ পৰা পাব পাৰি। ইয়াক কোৱা হয় আত্মিক জ্ঞান। জ্ঞানতো বহুত প্ৰকাৰৰ আছে নহয়। কাৰোবাক যদি সোধা হয় এই দলিচা কেনেকৈ তৈয়াৰ কৰা হয় আপুনি জানানে? প্ৰত্যেক বস্তুৰে জ্ঞান থাকে। সেয়া হৈছে পাৰ্থিৱ কথা। সন্তানসকলে জানে আমাৰ অৰ্থাৎ আত্মাসকলৰ আত্মিক পিতা সেই এজনেই, তেওঁৰ ৰূপ দেখিবলৈ পোৱা নাযায়। সেই নিৰাকাৰৰ শালগ্ৰামৰ দৰে চিত্ৰও আছে। তেওঁকেই পৰমাত্মা বুলি কয়। তেওঁক কোৱা হয় নিৰাকাৰ। মনুষ্যৰ নিচিনা আকাৰ নাই। প্ৰত্যেক বস্তুৰে আকাৰ নিশ্চয় আছে। সেই সকলোবোৰৰ ভিতৰত সূক্ষ্মতকৈও সূক্ষ্ম আকাৰ হ’ল আত্মাৰ। তাক প্ৰাকৃতিক বুলি ক’ব লাগিব। আত্মা বহুত সূক্ষ্ম যাক এই দুচকুৰে দেখিবলৈ পোৱা নাযায়। তোমালোক সন্তানসকলে দিব্য দৃষ্টি পাইছা যাৰ দ্বাৰা সকলো সাক্ষাৎকাৰ কৰা। যি অতীত হৈ গ’ল তাক দিব্য দৃষ্টিৰে দেখা পোৱা যায়। প্ৰথম নম্বৰততো এওঁ অতীত হৈ গ’ল। এতিয়া আকৌ আহিছে সেয়েহে এওঁৰো সাক্ষাৎকাৰ হয়। বহুত সূক্ষ্ম। ইয়াৰ দ্বাৰা বুজিব পাৰি, পৰমপিতা পৰমাত্মাৰ বাহিৰে আত্মাৰ জ্ঞান কোনেও দিব নোৱাৰে। মনুষ্যই আত্মাক যথাৰ্থ ৰূপত নাজানে তেনেকৈ পৰমাত্মাকো যথাৰ্থ ৰূপত জানিব নোৱাৰে। জগতত মনুষ্যৰ অনেক মত আছে। কোনোৱে কয় আত্মা পৰমাত্মাত লীন হৈ যায়, কোনোৱে কি কয়। এতিয়া তোমালোক সন্তানসকলে জানা, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুযায়ী, সকলোৰে বুদ্ধিততো একে ধৰণে ধাৰণ হ’ব নোৱাৰে। বাৰে বাৰে বুদ্ধিলৈ আনিবলগীয়া হয়। মই আত্মা, আত্মায়েই 84 জন্মৰ ভূমিকা পালন কৰিব লাগে। এতিয়া পিতাই কৈছে নিজক আত্মা বুলি বুজা মোক পৰমপিতা পৰমাত্মাক জানা আৰু স্মৰণ কৰা। পিতাই কৈছে মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোক সন্তানসকলক জ্ঞান দিওঁ। তোমালোক সন্তানসকলে নিজক আত্মা বুলি নুবুজা সেইকাৰণে তোমালোকৰ দৃষ্টি এই শৰীৰৰ ফালে যায়। আচলতে তোমালোকৰ এওঁৰ সৈতে কোনো কাম নাই। সকলোৰে সৎগতি দাতাতো সেই শিৱবাবাই হয়, তেওঁৰ মতত চলি আমি সকলোকে সুখ দিওঁ। এৱোঁ অহংকাৰ নকৰে যে মই সকলোকে সুখ দিওঁ। যিয়ে পিতাক পূৰা স্মৰণ নকৰে তেওঁৰ পৰা অৱগুণ আঁতৰি নাযায়। নিজে যে আত্মা সেইটো নিশ্চয় নজন্মে। মনুষ্যইতো আত্মাকো নাজানে পৰমাত্মাকো নাজানে। সৰ্বব্যাপিৰ জ্ঞানো ভাৰতবাসীয়ে প্ৰচাৰ কৰিলে। তোমালোকৰ ভিতৰতো যিসকল সেৱাধাৰী সন্তান তেওঁলোকে বুজি পায়, বাকীবোৰে ইমান বুজি নাপায়। যদি সন্তানৰ পিতাৰ সম্পূৰ্ণ পৰিচয় আছে তেনেহ’লে পিতাক স্মৰণ কৰিব, নিজৰ মাজত দৈৱীগুণ ধাৰণা কৰিব।

শিৱপিতাই তোমালোক সন্তানসকলক বুজাইছে। এয়া হ’ল নতুন কথা। ব্ৰাহ্মণো নিশ্চয় লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান কেতিয়া হয়, এয়াতো জগতত কোনেও নাজানে। ব্ৰাহ্মণতো বহুত আছে। পিছে সেয়া হ’ল কোষ বংশাৱলী। তেওঁলোক কোনো মুখ বংশাৱলী ব্ৰহ্মাৰ সন্তান নহয়। ব্ৰহ্মাৰ সন্তানসকলেতো ঈশ্বৰ পিতাৰ পৰা উত্তৰাধিকাৰ পায়। তোমালোকে এতিয়া উত্তৰাধিকাৰ লৈ আছা নহয়। তোমালোক ব্ৰাহ্মণ বেলেগ, তেওঁলোকো বেলেগ। তোমালোক ব্ৰাহ্মণ হোৱা সংগমত, তেওঁলোক হয় দ্বাপৰ-কলিযুগত। এই সংগমযুগী ব্ৰাহ্মণেই বেলেগ। প্ৰজাপিতা ব্ৰহ্মাৰ অনেক সন্তান আছে। হওঁতে হদৰ (লৌকিকৰ) পিতাকো ব্ৰহ্মা বুলি ক’ব পাৰি কাৰণ সন্তান জন্ম দিয়ে। পিছে সেয়া হ’ল শৰীৰৰ কথা। এই পিতাইতো ক’ব সকলো আত্মাই মোৰ সন্তান। তোমালোক হ’লা অতি মৰমৰ আত্মিক সন্তান। এয়া কাৰোবাক বুজোৱাতো বৰ সহজ। শিৱপিতাৰ নিজৰ শৰীৰ নাই। শিৱজয়ন্তী পালন কৰা হয়, পিছে তেওঁৰ শৰীৰ দেখিবলৈ পোৱা নাযায়। বাকী সকলোৰে শৰীৰ আছে। সকলো আত্মাৰে নিজৰ নিজৰ শৰীৰ আছে। শৰীৰৰ নাম দিয়া হয়, পৰমাত্মাৰ নিজৰ শৰীৰেই নাই সেই কাৰণে তেওঁক পৰম আত্মা বুলি কয়। তেওঁৰ আত্মাৰেই নাম শিৱ। সেয়া কেতিয়াও সলনি নহয়। শৰীৰ সলনি হ’লে নামো সলনি হৈ যায়। শিৱপিতাই কয় মই সদায় নিৰাকাৰ পৰম আত্মা। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এতিয়া এই শৰীৰ লৈছোঁ। সন্ন্যাসীসকলৰো নাম সলনি হয়। গুৰুৰ শৰণ ল’লে তেতিয়া নাম সলনি হয়। তোমালোকৰো নাম সলোৱা হৈছিল। পিছে কিমাননো নাম সলাই থাকিম। কিমান গুচি গ’ল। যিসকল সেই সময়ত আছিল তেওঁলোকক নাম দিয়া হৈছিল, এতিয়া নাম দিয়া নহয়। কাকো বিশ্বাস কৰিব নোৱাৰি। মায়াই বহুতকে হৰুৱাই দিয়ে তেতিয়া গুচি যায় সেইকাৰণে বাবাই কাৰো নামেই নাৰাখে। কাৰোবাৰ ৰাখিলে কাৰোবাৰ নাৰাখিলে এইটোও ঠিক নহয়। কওঁতে সকলোৱে কয় - বাবা মই আপোনাৰ হৈ গ’লোঁ, পিছে যথাৰ্থ ৰীতিৰে মোৰ নহয়। বহুত আছে উত্তৰাধিকাৰী হোৱাৰ ৰহস্যকে নাজানে। বাবাৰ ওচৰলৈ সাক্ষাৎ কৰিবলৈ আহে পিছে উত্তৰাধিকাৰী নহয়। বিজয় মালাত আহিব নোৱাৰে। কিছুমান ভাল ভাল সন্তানে ভাবে মইতো উত্তৰাধিকাৰী হওঁ। পিছে বাবাই জানে এওঁ উত্তৰাধিকাৰী নহয়। উত্তৰাধিকাৰী হ’বলৈ হলে ভগৱানক নিজৰ উত্তৰাধিকাৰী কৰিব লাগিব, এইটো ৰহস্য বুজাটোও কঠিন। পিতাই বুজাইছে উত্তৰাধিকাৰী কাক কোৱা হয়। ভগৱানক কোনোবাই উত্তৰাধিকাৰী কৰি ল’লে তেন্তে সম্পত্তিও দিব লাগিব। তেতিয়া পিতাই আকৌ উত্তৰাধিকাৰী কৰি ল’ব। সম্পত্তিও গৰিবৰ বাহিৰে কোনো চহকীয়ে দিব নোৱাৰে। মালা কিমান কম সংখ্যকৰ হয়। এইটোও যদি কোনোবাই বাবাক সোধে তেতিয়া বাবাই ক’ব পাৰে - তুমি উত্তৰাধিকাৰী হোৱাৰ যোগ্য হোৱা নে নোহোৱা? এই বাবায়ো ক’ব পাৰে। এইটো সাধাৰণ বুজিবলগীয়া কথা। উত্তৰাধিকাৰী হ’বলৈও বহুত যোগ্যতা লাগে। দেখা যায় লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল, পিছে সেই মালিকীসত্ব কেনেকৈ পালে - এয়া কোনেও নাজানে। এতিয়া তোমালোকৰ লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। তোমালোক এনেকুৱা হ’ব লাগে। সন্তানসকলেও কয় আমি সূৰ্যবংশী লক্ষ্মী-নাৰায়ণ হ’ম, চন্দ্ৰবংশী ৰাম-সীতা নহওঁ। ৰাম-সীতাকো শাস্ত্ৰত নিন্দা কৰিছে। লক্ষ্মী-নাৰায়ণৰ কেতিয়াও নিন্দা কৰা শুনা নাযায়। শিৱবাবাৰ, শ্ৰীকৃষ্ণৰো নিন্দা কৰে। পিতাই কয় মই তোমালোকক ইমান উচ্চতকৈয়ো উচ্চ কৰি গঢ়ি তোলোঁ। মোতকৈয়ো সন্তানসকল আগবাঢ়ি যায়। লক্ষ্মী-নাৰায়ণক কোনেও নিন্দা নকৰে। হওঁতে শ্ৰীকৃষ্ণৰ আত্মাও সেইজনেই, পিছে নজনাৰ কাৰণে নিন্দা কৰি দিয়ে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰো বহুত আনন্দেৰে নিৰ্মাণ কৰে। আচলতে নিৰ্মাণ কৰিব লাগে ৰাধা-কৃষ্ণৰ, কাৰণ তেওঁলোক সতোপ্ৰধান। এয়া তেওঁলোকৰ যুৱা অৱস্থা সেইকাৰণে তাক সতো বুলি কোৱা হয়। তেওঁলোক সৰু সেইকাৰণে সতোপ্ৰধান বুলি ক’ব। সৰু শিশু মহাত্মাৰ সমান হয়। যেনেকৈ শিশুৰ বিকাৰ আদিৰ জ্ঞান নাথাকে তেনেকৈ তাত ডাঙৰ সকলৰো জ্ঞান নাথাকে যে বিকাৰ কি বস্তু। এই 5 ভূত তাত নাথাকে। বিকাৰৰ যেন খবৰেই নাই। এই সময়েই হ’ল ৰাতিৰ। কাম বিকাৰৰ ইচ্ছা ৰাতি হয়। দেৱতাসকল হ’ল দিনৰ সেয়েহে কাম বিকাৰৰ ইচ্ছা নাই। কোনো বিকাৰ নাই। এতিয়া ৰাতি সকলো বিকাৰী। তোমালোকে জানা দিন হ’লেই আমাৰ সকলো বিকাৰ আঁতৰি যাব। বিকাৰ কি বস্তু নাজানিমেই। এয়া ৰাৱণৰ বিকাৰী গুণ। এইখন হ’ল বিকাৰী সৃষ্টি, নিৰ্বিকাৰী সৃষ্টিত বিকাৰৰ কোনো কথা নাথাকে। তাক কোৱা হয় ঈশ্বৰীয় ৰাজ্য। এতিয়া হ’ল আসুৰি ৰাজ্য। এইটো কোনেও নাজানে। তোমালোকে সকলোখিনি জানা, পুৰুষাৰ্থৰ ক্ৰম অনুযায়ী। অনেক সন্তান আছে। কোনো মনুষ্যই বুজিব নোৱাৰে যে এই বি.কে.সকল কাৰ সন্তান।

সকলোৱে শিৱবাবাক স্মৰণ কৰে, ব্ৰহ্মাকো নকৰে। এওঁ নিজেই কয় শিৱবাবাক স্মৰণ কৰা, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব, আন কাৰোবাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ নহয়। ‘গীতা’তো কোৱা হৈছে একমাত্ৰ মোকেই স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো ক’ব নোৱাৰে। উত্তৰাধিকাৰ পোৱা যায় নিৰাকাৰ পিতাৰ পৰা। নিজক যেতিয়া আত্মা বুলি বুজিবা তেতিয়া নিৰাকাৰ পিতা স্মৃতিত আহিব। মই আত্মা, প্ৰথমে এইটো দৃঢ় নিশ্চয় জন্মিব লাগে। মোৰ পিতা পৰমাত্মা, তেওঁ কৈছে - মোক স্মৰণ কৰিলে তোমালোকক উত্তৰাধিকাৰ দিম। মই সকলোকে সুখ দিওঁতা। মই সকলো আত্মাকে শান্তিধামলৈ লৈ যাওঁ। যিসকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোকে আহি উত্তৰাধিকাৰ ল’ব, ব্ৰাহ্মণ হ’ব। ব্ৰাহ্মণৰ ভিতৰতো কিছুমান সন্তান দৃঢ়। নিজৰ সন্তানো হ’ব, সতীয়া সন্তানো হ’ব। আমি নিৰাকাৰ শিৱবাবাৰ বংশাৱলী। এইটো জানে যে বংশ কেনেকৈ বৃদ্ধি হৈ গৈ থাকে। এতিয়া ব্ৰাহ্মণ হোৱাৰ পাছত আমি উভতি যাব লাগে। সকলো আত্মাই শৰীৰ এৰি উভতি যাব লাগে। পাণ্ডৱ আৰু কৌৰৱ দুয়োৱে শৰীৰ এৰিব লাগে। তোমালোকে এই জ্ঞানৰ সংস্কাৰ লৈ যোৱা আকৌ সেইমতে প্ৰালব্ধ পোৱা। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে তাৰ পাছত জ্ঞানৰ ভূমিকা শেষ হৈ যাব। তোমালোকে 84 জন্মৰ পাছত আকৌ জ্ঞান পাইছা। আকৌ এই জ্ঞান প্ৰায়ঃ লোপ হৈ যাব। তোমালোকে প্ৰালব্ধ ভোগ কৰা। তাত আৰু কোনো ধৰ্মৰে চিত্ৰ আদি নাই। তোমালোকৰ ভক্তিমাৰ্গতো চিত্ৰ আছে। সত্যযুগত কাৰো চিত্ৰ আদি নাথাকে। তোমালোকৰ চিত্ৰ গোটেই ভক্তিমাৰ্গত বিস্তাৰ হৈ থাকে। তোমালোকৰ ৰাজ্যত আৰু কাৰো চিত্ৰ নাথাকে, কেৱল দেৱী-দেৱতাসকলহে থাকে। ইয়াৰ পৰা বুজা যায় যে আদি সনাতন দেৱী-দেৱতাসকলহে থাকে। পাছলৈ সৃষ্টি বাঢ়ে। তোমালোক সন্তানসকলে এই জ্ঞান স্মৰণ কৰি অতীন্দ্ৰিয় সুখত থাকিব লাগে। বহুত সাৰ কথা আছে। পিছে বাবাই জানে মায়াই বাৰে বাৰে পাহৰাই দিয়ে। সেয়েহে এইটো স্মৃতিত ৰাখিব লাগে যে শিৱবাবাই আমাক পঢ়াইছে। আমি এতিয়া ঘৰলৈ উভতি যাব লাগে। কিমান সহজ কথা। সকলো স্মৃতিত থকাৰ ওপৰত নিৰ্ভৰ কৰে। আমি দেৱতা হ’ব লাগে। দৈৱীগুণ ধাৰণা কৰিব লাগে। 5 বিকাৰ হ’ল ভূত। কামৰ ভূত, ক্ৰোধৰ ভূত, দেহ-অভিমানৰ ভূতো থাকে। কাৰোবাৰ বেছি ভূত আছে, কাৰোবাৰ কম। তোমালোক ব্ৰাহ্মণ সন্তানসকলে জানা - এই 5 বিধ ডাঙৰ ভূত। প্ৰথম নম্বৰত কামৰ ভূত, দ্বিতীয়তে ক্ৰোধৰ ভূত। কোনোবাই জোৰকৈ কথা ক’লে বাবাই কয় এওঁ ক্ৰোধী। এই ভূত বাহিৰ হ’ব লাগে। পিছে ভূত বাহিৰ কৰা বৰ কঠিন। ক্ৰোধে ইজনে সিজনক দুখ দিয়ে। মোহত বহুতৰে দুখ নহয়। যাৰ মোহ থাকে তেওঁৰেই দুখ হয় সেইকাৰণে পিতাই বুজায় এই ভূতকো আঁতৰোৱা।

প্ৰত্যেক সন্তানে বিশেষকৈ পঢ়া আৰু দৈৱীগুণৰ প্ৰতি ধ্যান দিব লাগে। কিছুমান সন্তানৰতো ক্ৰোধৰ অংশ মাত্ৰও নাই। কিছুমানেতো ক্ৰোধৰ বশৱৰ্তী হৈ বহুত কাজিয়া কৰে। সন্তানসকলে লক্ষ্য ৰাখিব লাগে যে আমি দৈৱীগুণ ধাৰণ কৰি দেৱতা হ’ব লাগে। কেতিয়াও খঙত কথা ক’ব নালাগে। কোনোবাই খং কৰিলে বুজিবা এওঁৰ ক্ৰোধৰ ভূত আছে। তেওঁ যেন ভূতনাথ-ভূতনাথনী হৈ যায়, এনেকুৱা ভূত থকাসকলৰ সৈতে কথাও পাতিব নালাগে। এজনে ক্ৰোধত আহি কথা ক’লে আকৌ সিজনৰো ভূত আহি গ’লে তেতিয়া ভূতৰ মাজত কাজিয়া লাগিব। ভূতনাথনী শব্দটো বৰ লেতেৰা। ভূতৰ প্ৰৱেশ নহওঁক বুলি মনুষ্য কাষৰীয়া হৈ যায়। ভূতৰ আগত ঠিয়ই হ’ব নালাগে, নহ’লে প্ৰৱেশ হৈ যাব। পিতা আহি আসুৰি গুণ আঁতৰাই দৈৱীগুণ ধাৰণ কৰায়। পিতাই কয় মই দৈৱীগুণ ধাৰণা কৰাই দেৱতা কৰি তুলিবলৈ আহিছোঁ। সন্তানসকলে জানে আমি দৈৱীগুণ ধাৰণ কৰি আছোঁ। দেৱতাসকলৰ চিত্ৰও সন্মুখত আছে। বাবাই বুজাইছে ক্ৰোধ থকাসকলৰ পৰা আঁতৰত থাকিবা। নিজক ৰক্ষা কৰাৰ যুক্তি লাগে। আমাৰো ক্ৰোধ যাতে আহি নাযায়, নহ’লে এশগুণ পাপ হৈ যাব। কিমান ভালকৈ পিতাই সন্তানসকলক বুজায়। সন্তানসকলেও বুজি পায় - বাবাই হুবহু কল্প পূৰ্বৰ নিচিনাকৈয়ে বুজাইছে পুৰুষাৰ্থৰ ক্ৰম অনুযায়ী ভূমিকা পালন কৰি থাকিব। নিজৰ ওপৰতো দয়া কৰিব লাগে আনৰ ওপৰতো দয়া কৰিব লাগে। কিছুমানে নিজৰ ওপৰত দয়া নকৰে, আনৰ ওপৰত কৰে তেতিয়া আনজন আগবাঢ়ি যায় নিজে থাকি যায়। নিজে বিকাৰৰ ওপৰত বিজয়ী হোৱা নাই, আনক বুজাই থাকে, সেইজন বিজয়ী হৈ যায়। এয়াও আচৰিত কথা। ভাল বাৰু।

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান সোঁৱৰি অতীন্দ্ৰিয় সুখত থাকিব লাগে। কাৰো সৈতে ৰুক্ষতাৰে বাৰ্তালাপ কৰিব নালাগে। কোনোবাই যদি খঙত কথা কয় তেন্তে তেওঁৰ পৰা কাষৰীয়া হৈ আহিব লাগে।

(2) ভগৱানৰ উত্তৰাধিকাৰী হ’বলৈ প্ৰথমে তেওঁক নিজৰ উত্তৰাধিকাৰী কৰি ল’ব লাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ সকলো পিতাক হস্তান্তৰ কৰি মমত্ব আঁতৰাই দিব লাগে। নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে।

বৰদান:
সাক্ষী হৈ উচ্চ স্থিতিৰে সকলো আত্মাক শক্তিৰ প্ৰকম্পন দিওঁতা পিতাৰ সমান অব্যক্ত ফৰিস্তা হোৱা

চলোঁতে-ফুৰোঁতে সদায় নিজক নিৰাকাৰী আত্মা আৰু কৰ্ম কৰোতে অব্যক্ত ফৰিস্তা বুলি বুজা তেতিয়া সদায় আনন্দত ওপৰত উৰি থাকিবা। ফৰিস্তা অৰ্থাৎ উচ্চ স্থিতিত থাকোঁতা। এই দেহৰ জগতত যিয়েই হৈ নাথাকক সাক্ষী হৈ সকলোৰে ভূমিকা প্ৰত্যক্ষ কৰি থাকা আৰু শক্তিৰ প্ৰকম্পন দি থাকা। আসনৰ পৰা নামি শক্তিৰ প্ৰকম্পন দিয়া নহয়। উচ্চ স্থিতিত থাকি বৃত্তি, দৃষ্টিৰে সহযোগৰ, কল্যাণৰ প্ৰকম্পন দিয়া, সানমিহলি হৈ নহয় তেতিয়াহে যিকোনো প্ৰকাৰৰ বাতাবৰণত নিৰাপদে থাকি পিতাৰ সমান অব্যক্ত ফৰিস্তা হোৱাৰ বৰদানী হ’বাগৈ।

স্লোগান:
স্মৃতিৰ বলেৰে দুখক সুখলৈ আৰু অশান্তিক শান্তিলৈ পৰিৱৰ্তন কৰা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

নিজৰ শুভ ভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ প্ৰকম্পন্নৰ দ্বাৰা যিকোনো স্থানত থাকিও মনেৰে অনেক আত্মাৰ সেৱা কৰিব পাৰা। ইয়াৰ বিধি হৈছে – ‘লাইট হাউচ’, ‘মাইট হাউচ’ হোৱা। এই ক্ষেত্ৰত স্থূল সাধন, সুযোগ বা সময়ৰ সমস্যা নাই। কেৱল লাইট-মাইটেৰে সম্পন্ন হোৱাৰ আৱশ্যকতা আছে।