14.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “খোজে প্ৰতি পিতাৰ শ্ৰীমতত চলি থাকা, এজন পিতাৰ পৰাই শুনা তেন্তে মায়াৰ প্ৰহাৰ নহ'ব”

প্ৰশ্ন:
উচ্চ পদ প্ৰাপ্ত কৰাৰ আধাৰ কি?

উত্তৰ:
উচ্চ পদ প্ৰাপ্ত কৰিবৰ কাৰণে পিতাৰ প্ৰতিটো নিৰ্দেশনা অনুসৰি চলি থাকা। পিতাৰ নিৰ্দেশনা পালে আৰু সন্তানসকলে মানিলে। দ্বিতীয় কোনো সংকল্পতো যাতে নাহে। (2) এই আত্মিক সেৱাত লাগি যোৱা। তোমালোকৰ অন্য কাৰো স্মৃতি আহিব নালাগে। তোমাৰ মৃত্যু হ’ল মানে তোমাৰ কাৰণে জগতখনো মৰি গ’ল তেতিয়াহে উচ্চ পদ পাব পাৰে।

গীত:
তুম্হে পাকে হমনে….. (তোমাক পাই আমি...)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলে। সেয়া হৈছে ভক্তিমাৰ্গত গায়ন কৰা। এই সময়ত পিতাই ইয়াৰ ৰহস্য বুজায়। সন্তানসকলেও বুজি পায় - এতিয়া আমি পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পাই আছোঁ। আমাৰ সেই ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। ভাৰতৰ ৰাজ্য বহুতেই কাঢ়ি নিছে নহয়। মুছলমানসকলে কাঢ়ি নিলে, ইংৰাজসকলে কাঢ়ি নিলে। বাস্তৱত প্ৰথমেতো ৰাৱণে কাঢ়ি নিছে, আসুৰিক মতত। এয়া যি বান্দৰৰ চিত্ৰ তৈয়াৰ কৰে - বেয়া নুশুনিবা, বেয়া নাচাবা..... ইয়াৰো কিবা ৰহস্য থাকিব নহয়। পিতাই বুজায় - এফালে আছে ৰাৱণৰ আসুৰিক সম্প্ৰদায়, যিসকলে পিতাক নাজানে। আনফালে আছা তোমালোক সন্তানসকল। তোমালোকেও আগতে নাজানিছিলা। পিতাই এওঁৰ (ব্ৰহ্মাৰ) বাবেও শুনায় যে এৱোঁ বহুত ভক্তি কৰিছিল, এওঁৰ এয়া হৈছে বহুত জন্মৰো অন্তিম জন্ম। এৱেঁই প্ৰথমতে পাৱন আছিল, এতিয়া পতিত হৈ গ’ল। এওঁক মই জানোঁ। এতিয়া তোমালোকে অন্য কাৰোৰে নুশুনিবা। পিতাই কয়, মই তোমালোক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰোঁ। অৱশ্যে হয়, কেতিয়াবা কোনো মিত্ৰ-সম্বন্ধীয় আদিক লৈ আহে তেতিয়া অলপ কথা পাতোঁ। প্ৰথম কথাতো হৈছে পৱিত্ৰ হোৱাৰ তেতিয়াহে বুদ্ধিত ধাৰণ হ'ব। ইয়াৰ নিয়ম বহুত কাঢ়া। আগতে কৈছিলোঁ 7 দিন ভাতীত থাকিব লাগে অন্য কাৰো স্মৃতি যাতে নাহে, পত্ৰ আদিও লিখিব নালাগে। লাগিলে যিকোনো স্থানতে থাকা। কিন্তু গোটেই দিন ভাতীত থাকিব লাগে। এতিয়াতো তোমালোক ভাতীত থাকি পুনৰ বাহিৰলৈ ওলোৱা। কোনোবাইতো আশ্চৰ্যজনকভাৱে শুনে, কয়, অহো মায়া পুনৰ আঁতৰি গুচি যায়। এয়া হৈছে অতি উচ্চ লক্ষ্য। পিতাৰ কথা নামানে। পিতাই কয় - তোমালোকতো বানপ্ৰস্থী। তোমালোক কিয় অকাৰণতে আৱদ্ধ হৈ যোৱা। তোমালোকতো এই আত্মিক সেৱাত লাগি যোৱা। তোমালোকৰ অন্য কাৰো স্মৃতি আহিব নালাগে। তোমাৰ মৃত্যু হ’ল মানে তোমাৰ কাৰণে জগতখনো মৰি গ’ল তেতিয়াহে উচ্চ পদ পাব পাৰে। তোমালোকৰ পুৰুষাৰ্থই হৈছে - নৰৰ পৰা নাৰায়ণ হোৱাৰ। খোজে প্ৰতি পিতাৰ নিৰ্দেশনা মতে চলিব লাগে। কিন্তু এই ক্ষেত্ৰতো সাহস লাগে। কেৱল কোৱাৰ কথা নহয়। মোহৰ জৰী কম নহয়, নষ্টোমোহা হ'ব লাগে। মোৰতো একমাত্ৰ শিৱবাবা, দ্বিতীয় কোনো নাই। আমিতো বাবাৰ শৰণ লওঁ। আমি বিহ কেতিয়াও নিদিওঁ। তোমালোক ঈশ্বৰৰ ফালে আহা গতিকে মায়ায়ো তোমালোকক নেৰিব, খুব পৰাভূত কৰিব। যেনেকৈ বৈদ্যলোকে কয় - এই দৰবৰ খালে প্ৰথমতে গোটেই বেমাৰ বাহিৰলৈ ওলাই আহিব। ভয় নাখাবা। এয়াও এনেকুৱাই। মায়াই বহুত হাৰাশাস্তি কৰিব, বানপ্ৰস্থ অৱস্থাতো বিকাৰৰ সংকল্প আহিব। মোহ উৎপন্ন হৈ যাব। বাবাই আগতেই কৈ দিয়ে যে এই সকলোবোৰ হ'ব। যেতিয়ালৈকে জীয়াই থাকিবা, মায়াৰ এই মুষ্টিযুদ্ধ চলি থাকিব। মায়াও শক্তিশালী হৈ তোমালোকক নেৰিব। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মই জানো মায়াক ক'ম যে নেতিবাচক সংকল্প নানিবা। বহুতে লিখে বাবা কৃপা কৰক। মই জানো কাৰোবাৰ ওপৰত কৃপা কৰিম। ইয়াততো তোমালোক শ্ৰীমতত চলিব লাগে। যদি কৃপা কৰোঁ তেন্তে সকলো মহাৰজা হৈ যাব। ড্ৰামাততো নাই। সকলো ধৰ্মাৱলম্বী আহে। যিসকল অন্য অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোক ওলাই আহিব। এয়া পুলি ৰোপণ কৰা হয়, ইয়াত বহুত পৰিশ্ৰম হয়। নতুন যিসকল আহে তেওঁলোকক কেৱল ক'ব লাগে যে পিতাক স্মৰণ কৰক। শিৱ ভগৱানুবাচ। শ্ৰীকৃষ্ণ কোনো ভগৱান নহয়। তেওঁতো 84 জন্মত আহে। অনেক মত, অনেক কথা। এয়া বুদ্ধিত পূৰা ধাৰণ কৰিব লাগে। আমি পতিত আছিলোঁ। এতিয়া পিতাই কয় - তোমালোক পাৱন কেনেকৈ হ'বা। কল্প পূৰ্বেও কৈছিল – মামেকম্ স্মৰণ কৰা। নিজক আত্মা বুলি বুজি দেহৰ সকলো সম্বন্ধ এৰি জীৱন্তে মৰা। মোক এজন পিতাকেই স্মৰণ কৰা। মই সকলোৰে সৎগতি কৰিবলৈ আহিছোঁ। ভাৰতবাসীহে উচ্চ হয় পুনৰ 84 জন্ম লৈ তললৈ নামে (অৱনমিত হয়)। কোৱা তোমালোক ভাৰতবাসীয়েহে এই দেৱী-দেৱতাসকলক পূজা কৰা। এওঁলোক কোন? এওঁলোক স্বৰ্গৰ মালিক আছিল নহয়। এতিয়া ক'ত আছে? 84 জন্ম কোনে লয়? সত্যযুগততো এওঁলোকেই দেৱী-দেৱতা আছিল। এতিয়া পুনৰ এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা সকলোৰে বিনাশ হ'ব। এতিয়া সকলো পতিত তমোপ্ৰধান। ময়ো এওঁৰ বহুত জন্মৰ অন্ততহে আহি প্ৰৱেশ কৰোঁ। এওঁ পূৰা ভক্ত আছিল। নাৰায়ণৰ ভক্তি কৰিছিল। এওঁৰেই শৰীৰত প্ৰৱেশ কৰি পুনৰ এওঁক নাৰায়ণ কৰি তোলোঁ। এতিয়া তোমালোকেও পুৰুষাৰ্থ কৰিব লাগে। এয়া দৈৱী ৰাজধানী স্থাপন হৈ আছে। মালা তৈয়াৰ হয় নহয়। ওপৰত আছে নিৰাকাৰ ফুল, তাৰপাছত মেৰু যুগল (ব্ৰহ্মা-সৰস্বতী)। শিৱবাবাৰ তলত একদম এওঁলোক ঠিয় হৈ আছে। জগতপিতা ব্ৰহ্মা আৰু জগত অম্বা সৰস্বতী। এতিয়া তোমালোকে এই পুৰুষাৰ্থৰ দ্বাৰা বিষ্ণুপুৰীৰ মালিক হোৱা। প্ৰজায়ো কয় নহয় - ভাৰত আমাৰ। তোমালোকেও বুজি পোৱা আমি বিশ্বৰ মালিক। আমি ৰাজত্ব কৰিম, অন্য কোনো ধৰ্ম নাথাকিবই। এনেকৈ নক'ব - এয়া আমাৰ ৰাজ্য, আৰু কোনো ৰাজ্য নাই। ইয়াত বহুত আছে গতিকে আমাৰ তোমাৰ চলে। তাত এইবোৰ কথাই নাই। গতিকে এতিয়া পিতাই বুজায় - সন্তানসকল, অন্য সকলো কথা এৰি মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এনেকুৱা নহয় যে কোনোবা সন্মুখত বহি যোগাভ্যাস কৰাব, দৃষ্টি দিব। পিতাইতো কয় - চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰিব লাগে। নিজৰ খতিয়ান ৰাখা - গোটেই দিনটোত কিমান স্মৰণ কৰিলোঁ? পুৱা উঠি কিমান সময় পিতাৰ সৈতে কথা পাতিলোঁ? আজি পিতাৰ স্মৃতিত বহিলোঁনে? এনেকৈ নিজৰ সৈতে পৰিশ্ৰম কৰিব লাগে। জ্ঞানতো বুদ্ধিত আছে আকৌ অন্যকো বুজাব লাগে। এইটো কাৰো বুদ্ধিত উদয় নহয় যে কাম মহাশত্ৰু হয়। 2-4 বছৰ থাকি পুনৰ মায়াৰ থাপৰ জোৰেৰে লাগিলে বাগৰি পৰে। তেতিয়া লিখে - বাবা মই মুখ ক'লা কৰি দিলোঁ। বাবাই লিখি দিয়ে - ক'লা মুখ কৰোঁতাসকল 12 মাহলৈ ইয়াত অহাৰ দৰকাৰ নাই। তুমি পিতাৰ আগত প্ৰতিজ্ঞা কৰি তথাপিও বিকাৰত বাগৰি পৰিলা, মোৰ ওচৰলৈ কেতিয়াও নাহিবা। উচ্চ লক্ষ্য। পিতা আহিছেই পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। বহুত সন্তান বিবাহ পাশত আৱদ্ধ হৈ পৱিত্ৰ হৈ থাকে। হয়, কোনো কন্যাক মাৰপিট কৰিলে তেতিয়া তেওঁক ৰক্ষা কৰিবলৈ গন্ধৰ্ব বিবাহ কৰি পৱিত্ৰ হৈ থাকে। তাতো আকৌ কোনো কোনোক নাকৰ পৰা মায়াই ধৰি লয়। পৰাজয় বৰণ কৰে। স্ত্ৰীয়েও বহুত পৰাজয় বৰণ কৰে। পিতাই কয় - তোমালোকতো শূৰ্পনখা হোৱা, এই সকলোবোৰ নাম এই সময়ৰ। ইয়াততো বাবাই কোনো বিকাৰীক বহিবও নিদিয়ে। খোজে প্ৰতি পিতাৰ ৰায় ল'বলগীয়া হয়। সমৰ্পিত হৈ গ’লে তেতিয়া আকৌ পিতাই ক'ব - এতিয়া নিমিত্ত হোৱা। ৰায় অনুসৰি চলি থাকা। খতিয়ান শুনালে তেতিয়াহে ৰায় দিব। এয়া অতিকৈ বুজিবলগীয়া কথা। তোমালোকে যদিও ভোগ আগবঢ়োৱা কিন্তু মই নাখাওঁ। মইতো দাতা হওঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰিৰ ক্লাছ 15-06-68

যি অতীত হৈ গ'ল সেয়া পুনৰাবৃত্তি কৰিলে যাৰ অন্তৰ দুৰ্বল তেওঁলোকৰ অন্তৰৰ দুৰ্বলতাও পুনৰীক্ষণ হৈ যায়। সেয়েহে সন্তানসকলক ড্ৰামাৰ ছিৰিত ঠিয় কৰোৱা হৈছে। মুখ্য লাভ স্মৃতিৰ দ্বাৰাই হয়। স্মৃতিৰ দ্বাৰাহে আয়ুস বৃদ্ধি হ'ব। ড্ৰামাখনক সন্তানসকলে বুজি পালে তেতিয়া কেতিয়াও খেয়ালো নাহিব। ড্ৰামাত এই সময়ত জ্ঞান শিকা আৰু শিকোৱা চলি আছে। আকৌ ভূমিকা বন্ধ হৈ যাব। পিতাৰো ভূমিকা নাথাকিব আৰু আমাৰো ভূমিকা নাথাকিব। তেওঁৰ দিয়াৰ ভূমিকা আৰু আমাৰ লোৱাৰ ভূমিকাও নাথাকিব। তেন্তে এক হৈ যাবা নহয়। আমাৰ ভূমিকা নতুন সৃষ্টিত হৈ যাব। বাবাৰ ভূমিকা শান্তিধামত হ'ব। ভূমিকাৰ ৰীল ভৰাই থোৱা আছে নহয়, আমাৰ প্ৰালব্ধৰ ভূমিকা, বাবাৰ শান্তিধামৰ ভূমিকা। দিয়া আৰু লোৱাৰ ভূমিকা পূৰ্ণ হ'ল, ড্ৰামাই পূৰা হ'ল। আকৌ আমি ৰাজত্ব কৰিবলৈ আহিম, সেই ভূমিকা সলনি হ'ব। জ্ঞান বন্ধ হৈ যাব, আমি তেনেকুৱা হৈ যাম। ভূমিকাই যেতিয়া পূৰা হ’ব গতিকে বাকী পাৰ্থক্য নাথাকিব। সন্তান আৰু পিতাৰো ভূমিকা নাথাকিব। এৱোঁ সম্পূৰ্ণ জ্ঞান আহৰণ কৰি লয়। তেওঁৰ ওচৰতো একোৱেই নাথাকে। দিওঁতাও যদি ওচৰত নাথাকে আৰু লওঁতাসকলৰো যদি অভাৱ নাথাকে তেন্তে দুয়ো ইজন-সিজনৰ সমান হৈ গ'ল। এই ক্ষেত্ৰত বিচাৰ সাগৰ মন্থন কৰিবৰ কাৰণে বুদ্ধি লাগে। বিশেষ পুৰুষাৰ্থ হৈছে স্মৃতিৰ যাত্ৰাৰ। পিতাই বহি বুজায়। শুনাবলৈতো স্থূল কথা হৈ যায়, বুদ্ধিততো এয়া সূক্ষ্ম হয় নহয়। ভিতৰি জানে শিৱবাবাৰ ৰূপ কি। বুজাওঁতে স্থূল ৰূপ হৈ যায়। ভক্তিমাৰ্গত ডাঙৰ লিংগ সাজি দিয়ে। আত্মাতো সূক্ষ্ম হয় নহয়। এয়া হৈছে প্ৰকৃতি। কিমানলৈকে অন্ত পাব? আকৌ শেষত অন্তহীন বুলি কৈ দিয়ে। বাবাই বুজাইছে গোটেই ভূমিকা আত্মাত সমাহিত হৈ আছে। এয়া প্ৰকৃতি। অন্ত পাব পৰা নাযায়। সৃষ্টি চক্ৰৰ অন্ততো পায়। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক তোমালোকেহে জানা। বাবা জ্ঞানেৰে পৰিপূৰ্ণ হয়। আকৌ আমিও পৰিপূৰ্ণ হৈ যাম। পাবলৈ আৰু একোৱেই বাকী নাথাকিব। পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰি পঢ়ায়। তেওঁ হৈছে বিন্দু। আত্মা বা পৰমাত্মাৰ সাক্ষাৎকাৰ হ'লে আনন্দ লাগে জানো। পৰিশ্ৰম কৰি পিতাক স্মৰণ কৰিব লাগে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। পিতাই কয় - মোৰ জ্ঞান বন্ধ হৈ গ’লে তেতিয়া তোমালোকৰো বন্ধ হৈ যাব। জ্ঞান লৈ উচ্চ হৈ যায়। সকলোৱে কিবা লৈ লয় তথাপিও পিতাতো পিতাই হয় নহয়। তোমালোক আত্মাসকল আত্মা হৈয়ে থাকিবা, পিতা হৈতো নাথাকা। এয়াতো হৈছে জ্ঞান। পিতা পিতা হয়, সন্তান সন্তান হয়। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰি গভীৰতাত যোৱাৰ কথা। এইটোও জানা যে যাবতো সকলোৱে লাগিব। সকলো গুচি যাওঁতা হয়। বাকী আত্মা গৈ থাকিব। গোটেই সৃষ্টিখনেই নাশ হৈ যাব। এই ক্ষেত্ৰত নিৰ্ভীক হৈ থাকিব লাগে। নিৰ্ভীক হৈ থকাৰ পুৰুষাৰ্থ কৰিব লাগে। শৰীৰ আদিৰ কোনো বোধ যাতে নাহে। সেইটো অৱস্থাত উপনীত হ’ব লাগে। পিতাই নিজৰ সমান কৰি তোলে, তোমালোক সন্তানসকলেও নিজৰ সমান কৰি থাকা। এজন পিতাৰে যাতে স্মৃতি থাকে এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। এতিয়া সময় আছে। এইটো অনুশীলন তীব্ৰতাৰে কৰিব লাগে। অভ্যাস নাথাকিলে তেন্তে ঠিয় হৈ যাবা। ভৰি কঁপিবলৈ ধৰিব আৰু অকস্মাতে হাৰ্টফেইল হৈ থাকিব। তমোপ্ৰধান শৰীৰ হাৰ্টফেইল হ’বলৈ সময় লাগে জানো। যিমানে অশৰীৰী হৈ গৈ থাকিবা, পিতাক স্মৰণ কৰি থাকিবা সিমান সমীপত আহি থাকিবা। যোগযুক্ত হৈ থকাসকলহে নিৰ্ভীক হৈ থাকিব। যোগৰ দ্বাৰা শক্তি প্ৰাপ্ত হয়, জ্ঞানৰ দ্বাৰা ধন প্ৰাপ্ত হয়। সন্তানসকলক শক্তি লাগে। তেন্তে শক্তি পাবৰ কাৰণে পিতাক স্মৰণ কৰি থাকা। বাবা হৈছে অবিনাশী ছাৰ্জন। তেওঁ কেতিয়াও ৰোগী হ'ব নোৱাৰে। এতিয়া পিতাই কয় - তোমালোকে নিজৰ অবিনাশী দৰব লৈ থাকা। মই এনেকুৱা সঞ্জীৱনী দৰব দিওঁ যি কেতিয়াও কোনো বেমাৰত নপৰিব। কেৱল পতিত-পাৱন পিতাক স্মৰণ কৰি থাকা তেন্তে পাৱন হৈ যাবা। দেৱতাসকল সদায় নিৰোগী পাৱন হয় নহয়। সন্তানসকলৰ এইটোতো নিশ্চয়তা জন্মি গ'ল যে আমি কল্পই কল্পই উত্তৰাধিকাৰ লওঁ। স্মৰণাতীত বাৰ পিতা আহিছে যেনেকৈ এতিয়া আহিছে। বাবাই যি শিকায়, বুজায় এয়াই ৰাজযোগ। সেই গীতা আদি সকলোবোৰ ভক্তিমাৰ্গৰ। এই জ্ঞানমাৰ্গৰ বিষয়ে পিতাইহে শুনায়। পিতাহে আহি তলৰ পৰা ওপৰলৈ উঠায়। যিসকল দৃঢ় নিশ্চয় বুদ্ধিৰ তেওঁলোকেই মালাৰ মণি হয়। সন্তানসকলে বুজি পায় যে ভক্তি কৰি কৰি আমি অৱনমিত হৈ আহিছোঁ। এতিয়া পিতা আহি সঁচা উপাৰ্জন কৰায়। লৌকিক পিতাই ইমান উপাৰ্জন নকৰায় যিমান পাৰলৌকিক পিতাই কৰায়। ভাল বাৰু! সন্তানসকলক শুভৰাত্ৰি আৰু নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়া পালোৱান হৈ সন্মুখত আহিব, তালৈ ভয় নকৰিবা। মায়াজিৎ হ'ব লাগে। খোজে প্ৰতি শ্ৰীমতত চলি নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে।

(2) পিতাক নিজৰ সঁচা সঁচা খতিয়ান শুনাব লাগে। নিমিত্ত হৈ থাকিব লাগে। চলোঁতে-ফুৰোঁতে স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে।

বৰদান:
আত্মিক গোলাপ হৈ দূৰ-দূৰণিলৈকে আত্মিক সুবাস বিয়পাওঁতা আত্মিক সেৱাধাৰী হোৱা

আত্মিক গোলাপে নিজৰ আত্মিক বৃত্তিৰ দ্বাৰা আত্মীয়তাৰ সুবাস দূৰ-দূৰণিলৈকে বিয়পায়। তেওঁলোকৰ দৃষ্টিত সদায় পৰম আত্মা সমাহিত হৈ থাকে। তেওঁলোকে সদায় আত্মাক চায়, আত্মাৰ সৈতে বাৰ্তালাপ কৰে। মই আত্মা, সদায় পৰম আত্মাৰ ছত্ৰছায়াত চলি আছোঁ, মোৰ আত্মাৰ কৰাবনহাৰ হৈছে পৰমাত্মা, এনেকৈ প্ৰতি চেকেণ্ডত হুজুৰ হাজিৰ বুলি অনুভৱ কৰোঁতাসকল সদায় আত্মিক সুবাসত অবিনাশী আৰু একৰস হৈ থাকে। এয়াই হৈছে আত্মিক সেৱাধাৰীৰ এক নম্বৰ বিশেষত্ব।

স্লোগান:
নিৰ্বিঘ্ন হৈ সেৱাত আগত নম্বৰ লোৱা অৰ্থাৎ এক নম্বৰ ভাগ্যশালী হোৱা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

ব্ৰাহ্মণ জীৱনত দেহৰ বন্ধন, সম্বন্ধৰ বন্ধন, সাধনৰ বন্ধন - এই সকলোবোৰ সমাপ্ত হৈ গ’ল নহয়! কোনো বন্ধন নাই। বন্ধনে নিজৰ বশ কৰি লয় আৰু সম্বন্ধই স্নেহৰ সহযোগ দিয়ে। সেয়েহে দেহৰ সম্বন্ধীয়সকলৰ দেহৰ সম্বন্ধেৰে সম্বন্ধ নহয় কিন্তু আত্মিক সম্বন্ধ। এনেকুৱা ব্ৰাহ্মণ অৰ্থাৎ জীৱনমুক্ত।