14.02.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে শ্ৰীমত পাইছা যে আত্মা-অভিমানী হৈ পিতাক স্মৰণ কৰা, কোনো কথাত তোমালোকে তৰ্ক-বিতৰ্ক কৰিব নালাগে"

প্ৰশ্ন:
বুদ্ধিযোগ স্বচ্ছ হৈ যাতে পিতাৰ সৈতে যুক্ত হ’ব পাৰে, তাৰ কোনটো যুক্তি ৰচা আছে?

উত্তৰ:
7 (সাত) দিনৰ ভাতী। কোনোবা নতুন আহিলে তেওঁক 7 দিনৰ কাৰণে ভাতীত বহুওৱা যাৰ দ্বাৰা বুদ্ধিৰ মলিনতা আঁতৰিব আৰু গুপ্ত পিতা, গুপ্ত পঢ়া আৰু গুপ্ত উত্তৰাধিকাৰক জানিব পাৰিব। যদি এনেয়ে বহি যায় তেন্তে বিভ্ৰান্ত হৈ যাব, একোৱেই বুজি নাপাব।

গীত:
জাগ ছজনিয়াঁ জাগ... (জাগা প্ৰিয়তমাসকল জাগা…)

ওঁম্শান্তি।
সন্তানসকলক জ্ঞানী আত্মা কৰি তুলিবৰ কাৰণে এনেকুৱা যিবোৰ গীত আছে সেয়া শুনাই পাছত তাৰ অৰ্থ বাখ্যা কৰিবলগীয়া হয় তেতিয়া আনক শুনাব পাৰিবা। গম পাবা যে কিমানলৈকে সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান বুদ্ধিত আছে। তোমালোক সন্তানসকলৰ বুদ্ধিততো ওপৰৰ পৰা ধৰি মূলধাম, সূক্ষ্মধাম, স্থূলধামৰ আদি-মধ্য-অন্তৰ গোটেই ৰহস্য যেন চমকিত হৈ থাকে। পিতাৰো এই জ্ঞান আছে যি তোমালোকক শুনায়। এয়া হৈছে একেবাৰে নতুন জ্ঞান। যদিও শাস্ত্ৰ আদিত নাম উল্লেখ আছে কিন্তু সেই নাম ল'লে তেওঁলোক তোমালোকৰ পিছত পৰি যাব, তৰ্ক-বিতৰ্ক কৰিবলৈ লাগি যাব। ইয়াততো একেবাৰে সাধাৰণ ৰীতিৰে বুজায় - ভগৱানুবাচ, মোক স্মৰণ কৰা, মইহে পতিত-পাৱন। কেতিয়াও শ্ৰীকৃষ্ণক বা ব্ৰহ্মা, বিষ্ণু, শঙ্কৰ আদিক পতিত-পাৱন বুলি নকয়। সূক্ষ্মধামৰ নিবাসীসকলকো তোমালোকে পতিত-পাৱন বুলি নোকোৱা তেনেস্থলত স্থূলধামৰ মনুষ্য পতিত-পাৱন কেনেকৈ হ'ব পাৰে? এই জ্ঞানো তোমালোকৰ বুদ্ধিতহে আছে। শাস্ত্ৰৰ বিষয়ে বেছিকৈ তৰ্ক-বিতৰ্ক কৰাতো ভাল নহয়। বহুত বাদ-বিবাদ হৈ যায়। ইজনে-সিজনক লাঠিও মাৰিবলৈ লাগি যায়। তোমালোককতো বহুত সহজ কৰি বুজোৱা হয়। শাস্ত্ৰৰ কথাবোৰত অতি বেছিকৈ যাব নালাগে। মূল কথা হৈছেই আত্মা-অভিমানী হোৱাৰ। নিজকে আত্মা বুলি বুজিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। এইটো শ্ৰীমত হৈছে মুখ্য। বাকী হৈছে বিস্তাৰ। বীজ কিমান সৰু, বাকী বৃক্ষৰ বিস্তাৰ হয়। যেনেকৈ বীজত গোটেই জ্ঞান সমাহিত হৈ আছে তেনেকৈ এই গোটেই জ্ঞানো বীজত সমাহিত হৈ আছে। তোমালোকৰ বুদ্ধিত বীজ আৰু বৃক্ষ স্পষ্ট হৈ গ'ল। যেনেকৈ তোমালোকে জানা তেনেকৈ আন কোনেও বুজিব নোৱাৰে। বৃক্ষৰ আয়ুসেই দীঘলীয়া কৰি লিখি দিলে। পিতাই বহি বীজ আৰু বৃক্ষৰ বা ড্ৰামাৰ ৰহস্য বুজায়। তোমালোক হৈছা স্বদৰ্শন চক্ৰধাৰী। কোনোবা নতুন আহিলে, বাবাই যদি মহিমা কৰে যে স্বদৰ্শন চক্ৰধাৰী সন্তানসকল, তেন্তে কোনেও বুজিব নোৱাৰিব। তেওঁলোকেতো নিজক সন্তান বুলিয়েই নাভাবে। এই পিতাও গুপ্ত গতিকে জ্ঞানো গুপ্ত, উত্তৰাধিকাৰো গুপ্ত। নতুন কোনোবাই শুনিলে বিভ্ৰান্ত হ’ব সেয়েহে 7 দিনৰ ভাতীত বহুওৱা হয়। এয়া যি 7 দিনৰ ভাগৱত বা ৰামায়ণৰ পাঠ ৰাখে, বাস্তৱত এয়া এই সময়ত 7 দিনলৈ ভাতীত ৰখা হয় যাতে বুদ্ধিত যি ময়লা আদি আছে সেয়া আঁতৰি যায় আৰু বুদ্ধিযোগ পিতাৰ সৈতে যুক্ত হৈ যায়। ইয়াত সকলো ৰোগী। সত্যযুগত এই ৰোগ আদি নাথাকে। এয়া আধাকল্পৰ ৰোগ, 5 বিকাৰৰ ৰোগ বৰ ভয়ানক। তাততো দেহী-অভিমানী হৈ থাকে, এইটো জানে যে মই আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। আগতীয়াকৈ সাক্ষাৎকাৰ হৈ যায়। কেতিয়াও অকাল মৃত্যু নহয়। তোমালোকক কালৰ ওপৰত জয়ী কৰি তোলা হয়। কাল কাল মহাকাল বুলি কয়। মহাকালৰো মন্দিৰ থাকে। শিখ লোকসকলৰ আকৌ অকাল আসন আছে। বাস্তৱত অকাল আসন হৈছে এই ভ্ৰূকুটি, য'ত আত্মা বিৰাজমান হয়। সকলো আত্মাই এই অকাল আসনত বহি আছে। এয়া পিতাই বহি বুজায়। পিতাৰ নিজৰ আসনতো নাই। তেওঁ আহি এওঁৰ (ব্ৰহ্মাৰ) এইখন আসন লয়। এইখন আসনত বহি তোমালোক সন্তানসকলক ময়ুৰ সিংহাসনৰ (হীৰা জড়িত আসন) যোগ্য কৰি তোলে। তোমালোকে জানা যে সেই ময়ুৰ সিংহাসন কেনেকুৱা হ’ব য’ত লক্ষ্মী-নাৰায়ণ বিৰাজমান হয়। ময়ুৰ সিংহাসনৰ গায়ন কৰা হোৱা নাই জানো।

বিচাৰ কৰিব লাগে, তেওঁক ভোলানাথ ভগৱান বুলি কিয় কোৱা হয়? ভোলানাথ ভগৱান বুলি ক’লে বুদ্ধি ওপৰলৈ গুচি যায়। সাধু-সন্ত আদিয়ে আঙুলিৰে ইংগিতো এনেকৈ দিয়ে নহয় যে তেওঁক স্মৰণ কৰা। যথাৰ্থ ৰীতিৰেতো কোনেও জানিব নোৱাৰে। এতিয়া পতিত-পাৱন পিতা সন্মুখত আহি কয় - মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। প্ৰতিশ্ৰুতি আছে। ‘গীতা’তো লিখা আছে কিন্তু তোমালোকে যদি ‘গীতা’ৰ এটা উদাহৰণ দেখুওৱা তেন্তে তেওঁলোকে 10 টা উলিয়াব, সেয়েহে দৰকাৰ নাই। যিয়ে শাস্ত্ৰ আদি পঢ়িছে তেওঁলোকে ভাবে আমি তৰ্ক কৰিব পাৰিম। তোমালোক সন্তানসকলে যিয়ে এই শাস্ত্ৰ আদিক নাজানাই, তোমালোকে কেতিয়াও তাৰ নামো ল’ব নালাগে। কেৱল কোৱা - ভগৱানে কয়, মোক নিজৰ পিতাক স্মৰণ কৰা, তেওঁকহে পতিত-পাৱন বুলি কোৱা হয়। গায়নো কৰে – পতিত-পাৱন সীতাৰাম... সন্ন্যাসীসকলেও য’তে ত’তে ভজন-কীৰ্তন কৰি থাকে। এনেকুৱা মত-মতান্তৰতো বহুত আছে নহয়। এই গীতবোৰ কিমান সুন্দৰ, ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্পই কল্পই এনেকুৱা গীত ৰচনা কৰে, যেন তোমালোক সন্তানসকলৰ কাৰণেহে ৰচনা কৰা হৈছে। এনেকুৱা ভাল ভাল গীত আছে। উদাহৰণ স্বৰূপে, নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু। প্ৰভু বুলি জানো শ্ৰীকৃষ্ণক কয়। প্ৰভু বা ঈশ্বৰ বুলি নিৰকাৰজনকহে ক’ব। ইয়াত তোমালোকে কোৱা - বাবা, পৰমপিতা পৰমাত্মা। হওঁতে তেৱোঁ আত্মাই হয় নহয়। ভক্তিমাৰ্গত অতি বেছিত গুচি গৈছে। ইয়াততো একেবাৰে সহজ কথা। ‘অল্ফ’ আৰু ‘বে’। ‘অল্ফ’ হৈছে আল্লা, বে হৈছে বাদশ্বাহী - ইমানেই সহজ কথা। পিতাক স্মৰণ কৰিলে তোমালোক স্বৰ্গৰ মালিক হ’বাগৈ। যথাযথ এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল, সম্পূৰ্ণ নির্বিকাৰী আছিল। গতিকে পিতাক স্মৰণ কৰিলেহে তোমালোক এনেকুৱা সম্পূৰ্ণ হ’বাগৈ। যিয়ে যিমান স্মৰণ কৰে আৰু সেৱা কৰে সিমানে তেওঁ উচ্চপদ প্ৰাপ্ত কৰে। সেয়া বুজিও পায়, স্কুলত বিদ্যাৰ্থীয়ে বুজি পায় নহয় যে মই কমকৈ পঢ়িছোঁ! যিয়ে পূৰা মনোযোগ নিদিয়ে তেতিয়া শেষৰ ফালে বহি থাকে, তেন্তে নিশ্চয় অনুত্তীৰ্ণ হৈ যাব।

নিজকে সজীৱ কৰিবলৈ জ্ঞানৰ যিবোৰ ভাল ভাল গীত ৰচনা কৰা হৈছে সেইবোৰ শুনিব লাগে। এনেকুৱা গীত নিজৰ ঘৰত ৰাখিব লাগে। কাৰোবাক ইয়াৰ ওপৰত বুজাবও পাৰিবা। কেনেকৈ পুনৰায় মায়াৰ ছায়া পৰে। শাস্ত্ৰততো এই কথাবোৰ নাই যে কল্পৰ আয়ুস 5 হাজাৰ বছৰ। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি আধা আধা হয়। এই গীতবোৰো কোনোবাইতো ৰচনা কৰিছে। পিতা বুদ্ধিমানৰো বুদ্ধি সেয়েহে কাৰোবাৰ বুদ্ধিত উদয় হৈছে, যিবোৰ বহি ৰচনা কৰিছে। এই গীত আদি শুনিও তোমালোকৰ ওচৰলৈ অহা বহুত ধ্যানত গুচি গৈছিল। এদিন আহিব যেতিয়া এই গীত গোৱাসকলো তোমালোকৰ ওচৰলৈ আহিব। পিতাৰ মহিমা কৰি এনেকুৱা গীত গাব যে অন্তৰ চুই যাব। এনেকুৱা এনেকুৱা গায়কো আহিব। সুৰৰ ওপৰতো নিৰ্ভৰ কৰে। গায়ন বিদ্যাৰো বহুত নাম আছে। এতিয়াতো এনেকুৱা কোনো নাই। কেৱল এটা গীত ৰচনা কৰিছিল - কিমান মিঠা কিমান মৰমৰ… পিতা বহুত মিঠা বহুত মৰমৰ সেইবাবেতো সকলোৱে তেওঁক স্মৰণ কৰে। এনেকুৱা নহয় যে দেৱতাসকলে তেওঁক স্মৰণ কৰে। চিত্ৰবোৰত ৰামৰ আগতো শিৱক দেখুৱাই দিছে, ৰামে পূজা কৰি আছে। এইটো ভুল। দেৱতাসকলে জানো কাৰোবাক স্মৰণ কৰে। স্মৰণ মনুষ্যই কৰে। তোমালোকো এতিয়া মনুষ্য আকৌ দেৱতা হ’বাগৈ। দেৱতা আৰু মনুষ্যৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। সেই দেৱতাসকলেই পুনৰ মনুষ্য হয়। কেনেকৈ চক্ৰ ঘূৰি থাকে, সেয়া কোনেও নাজানে। তোমালোকে এতিয়া জানা যে আমি সঁচাকৈ দেৱতা হওঁগৈ। এতিয়া আমি ব্ৰাহ্মণ, নতুন সৃষ্টিত দেৱতা বুলি ক’ম। এতিয়া তোমালোক আচৰিত হৈ যোৱা। এই ব্ৰহ্মা যি এইটো জন্মত প্ৰথমে পূজাৰী আছিল তেওঁ নিজেই শ্ৰীনাৰায়ণৰ মহিমা গাইছিল, নাৰায়ণৰ প্ৰতি বহুত প্ৰেম আছিল। এতিয়া আচৰিত হয়, ময়েই সেয়া হৈ আছোঁ। তেন্তে কিমান সীমাহীন আনন্দত থাকিব লাগে। তোমালোক হ’লা অজ্ঞাত যোদ্ধা, অহিংসক। সঁচাকৈয়ে তোমালোক দ্বৈত অহিংসক হোৱা। কাম-কটাৰীও নচলোৱা আৰু যুঁজো নকৰা। কাম বেলেগ বস্তু, ক্ৰোধ বেলেগ বস্তু। গতিকে তোমালোক হৈছা দ্বৈত অহিংসক। অহিংসক সেনা। সেনা শব্দটিৰ কাৰণে তেওঁলোকে আকৌ সেনা থিয় কৰাই দিছে। মহাভাৰতৰ যুদ্ধত পুৰুষৰ নাম দেখুৱাইছে। নাৰীৰ নাম নাই। বাস্তৱত তোমালোক হৈছা শিৱ শক্তি। সংখ্যাগৰিষ্ঠতা তোমালোকৰ হোৱাৰ বাবে শিৱ শক্তিসেনা বুলি কোৱা হয়। এই কথাবোৰ পিতাইহে বহি বুজায়।

এতিয়া তোমালোক সন্তানসকলে নৱযুগক স্মৰণ কৰা। সৃষ্টিত কোনেও নৱযুগৰ বিষয়ে নাজানে। তেওঁলোকে ভাবে নৱযুগ 40 হাজাৰ বছৰৰ পাছত আহিব। সত্যযুগ হৈছে নৱযুগ, এয়াতো একেবাৰে স্পষ্ট। সেয়েহে পিতাই ৰায় দিয়ে, এনেকুৱা ভাল ভাল গীত শুনি সজীৱ হ’বা আৰু আনকো বুজাবা। এই সকলোবোৰ হৈছে যুক্তি। ইয়াৰ অৰ্থও কেৱল তোমালোকেহে বুজি পোৱা। নিজক সজীৱ কৰিবলৈ বহুত ভাল ভাল গীত আছে। এই গীতবোৰে বহুত সহায় কৰে। অৰ্থ বাখ্যা কৰিব লাগে তেতিয়া মুখ খোল খাব। আনন্দিতও হ’বা। বাকী যিয়ে বেছি ধাৰণা কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে পিতাই কয়, ঘৰত বহি পিতাক স্মৰণ কৰি থাকা। গৃহস্থালিত থাকি মাত্ৰ এইটো মন্ত্ৰ স্মৃতিত ৰাখা - পিতাক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। আগতে পুৰুষসকলে পত্নীক কৈছিল, ভগৱানকতো ঘৰতো স্মৰণ কৰিব পাৰা, তেন্তে আকৌ মন্দিৰ আদিত গৈ হাবাথুৰি খাই ফুৰাৰ কি দৰকাৰ? মই তোমাক ঘৰতে মূৰ্তি আনি দিছোঁ, ইয়াতে বহি স্মৰণ কৰা, থেকা-খুন্দা খাবলৈ কিয় যোৱা? এনেকৈ বহুত পুৰুষে স্ত্ৰীসকলক যাবলৈ নিদিছিল। কথাতো একেটাই, পূজা কৰিব লাগে আৰু স্মৰণ কৰিব লাগে। এবাৰ দেখাৰ পাছত এনেও স্মৰণ কৰিব পাৰি। শ্ৰীকৃষ্ণৰ চিত্ৰতো গতানুগতিক – ময়ুৰৰ পাখিৰ মুকুটধাৰী। তোমালোক সন্তানসকলে সাক্ষাৎকাৰ কৰিছা - কেনেকৈ তাত জন্ম হয়, সেয়াও সাক্ষাৎকাৰ কৰিছা, কিন্তু তোমালোকে জানো তেওঁৰ ফটো উলিয়াব পাৰিবা? নিখুঁতকৈ কোনেও উলিয়াব নোৱাৰে। দিব্য দৃষ্টিৰে মাত্ৰ চাব পাৰে, আঁকিব নোৱাৰে, অৱশ্যে হয় দেখাৰ পাছত বৰ্ণনা কৰিব পাৰে, বাকী চিত্ৰ আঁকিব নোৱাৰে। লাগিলে বুদ্ধিমান চিত্ৰকৰে হওঁক, সাক্ষাৎকাৰো হওঁক কিন্তু নিখুঁত চেহৰা অংকন কৰিব নোৱাৰে। গতিকে বাবাই বুজাইছে, কাৰো সৈতে বেছি তৰ্ক-বিতৰ্ক কৰিব নালাগে। কোৱা, আপোনালোকৰ কথা হৈছে পাৱন হোৱাৰ। আৰু যদি শান্তি বিচাৰে তেন্তে পিতাক স্মৰণ কৰক আৰু পৱিত্ৰ হওঁক। পৱিত্ৰ আত্মা ইয়াত থাকিব নোৱাৰে। তেনে আত্মা উভতি গুচি যাব। আত্মাসকলক পাৱন কৰি তোলাৰ শক্তি এজন পিতাৰ আছে, অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। তোমালোক সন্তানসকলে জানা এইখন হৈছে মঞ্চ, ইয়াত নাটক হয়। এই সময়ত গোটেই মঞ্চত ৰাৱণৰ ৰাজ্য। গোটেই সমুদ্ৰৰ ওপৰত সৃষ্টি থিয় হৈ আছে। এয়া হৈছে বেহদৰ দ্বীপ। সেয়া হৈছে হদৰ। এয়া হৈছে বেহদৰ কথা। য’ত আধাকল্প দৈৱী ৰাজ্য, আধাকল্প আসুৰি ৰাজ্য হয়। এনেয়েতো খণ্ডবোৰ পৃথক পৃথক, কিন্তু এই সকলোবোৰ হৈছে বেহদৰ কথা। তোমালোকে জানা আমি গংগা, যমুনা নদীৰ মিঠা পানীৰ পাৰতেই থাকিমগৈ। সমুদ্ৰ আদিলৈ যোৱাৰ প্ৰয়োজন নাথাকে। এয়া যাক দ্বাৰকা বুলি কয়, সেয়া কোনো সমুদ্ৰৰ মাজত নাথাকে। দ্বাৰকা কোনো বেলেগ বস্তু নহয়। তোমালোক সন্তানসকলে সকলো সাক্ষাৎকাৰ কৰিছা। আৰম্ভণিতে এই সন্দেশী (দাদী) আৰু গুলজাৰে বহুত সাক্ষাৎকাৰ কৰিছিল। এওঁলোকে ডাঙৰ ভূমিকা পালন কৰিছে কিয়নো ভাতীত সন্তানসকলক বিনোদন কৰাবলগীয়া হৈছিল। গতিকে সাক্ষাৎকাৰৰ দ্বাৰা বহুত আমোদ পাইছিল। পিতাই কয় - পাছলৈ বহুত আমোদ পাবা। সেই ভুমিকা পাছলৈ আৰু আছে। গীতো আছে নহয় - আমি যি দেখিছোঁ সেয়া তোমালোকে দেখা নাই। তোমালোকে এটাৰ পাছত এটা সাক্ষাৎকাৰ কৰি থাকিবা। যেনেকৈ পৰীক্ষাৰ সময় কাষ চাপি আহিলে তেতিয়া জনা যায় যে মই কিমান নম্বৰ লৈ উত্তীৰ্ণ হ’ম। তোমালোকৰো এয়া হৈছে পঢ়া। এতিয়া তোমালোক যদিও জ্ঞানৱান হৈ বহি আছা কিন্তু সকলো ভৰপূৰতো নহয়। স্কুলত সদায় ক্ৰমানুসৰি হয়। এইটোও জ্ঞান আছে – মূলধাম, সূক্ষ্মধাম, তিনিওলোকৰ তোমালোকৰ জ্ঞান আছে। এই সৃষ্টিৰ চক্ৰক তোমালোকে জানা, এয়া পুনৰাবৃত্তি হৈ থাকে। পিতাই কয় - তোমালোকক যি জ্ঞান দিছোঁ সেয়া আন কোনেও বুজাব নোৱাৰে। তোমালোকৰ ওপৰত এতিয়া বেহদৰ দশা। কিছুমানৰ ওপৰত বৃহস্পতিৰ দশা, কিছুমানৰ ওপৰত ৰাহুৰ দশা চলিলে তেতিয়া চণ্ডাল আদি হ’বগৈ, এয়া হৈছে বেহদৰ দশা, সেয়া হৈছে হদৰ দশা। বেহদৰ পিতাই বেহদৰ কথা শুনায়, বেহদৰ উত্তৰাধিকাৰ দিয়ে। তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। তোমালোকে অনেকবাৰ বাদশ্বাহী লৈছা আৰু হেৰুৱাইছা, এয়াতো একেবাৰে সঁচা কথা। একো নতুন কথা নহয়, তেতিয়াহে তোমালোক সদায় হৰ্ষিত হৈ থাকিব পাৰিবা, নহ’লে মায়াই শ্বাসৰুদ্ধ কৰি দিব।

তোমালোক সকলো হৈছা এজন প্ৰেমিকৰ প্ৰেমিকা। সকলো প্ৰেমিকাই সেই এজন প্ৰেমিককে স্মৰণ কৰে। তেওঁ আহি সকলোকে সুখ দিয়ে। আধাকল্প তেওঁক স্মৰণ কৰিছা, এতিয়া তেওঁক পাইছা তেন্তে কিমান আনন্দিত হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় হৰ্ষিত হৈ থাকিবৰ কাৰণে “একো নতুন কথা নহয়” এইটো পাঠ দৃঢ় কৰিব লাগে। বেহদৰ পিতাই আমাক বেহদৰ বাদশ্বাহী দি আছে - এইটো আনন্দত থাকিব লাগে।

(2) জ্ঞানৰ ভাল ভাল গীত শুনি নিজক সজীৱ কৰিব লাগে। তাৰ অৰ্থ উলিয়াই আনক শুনাব লাগে।

বৰদান:
মায়াৰ সম্বন্ধ পৰিত্যাগ কৰি পিতাৰ সম্বন্ধৰ সৈতে চুক্তি কৰোঁতা মায়জিৎ, মোহজিৎ হোৱা

এতিয়া স্মৃতিৰে পুৰণি চুক্তি নাকচ কৰি অকলশৰীয়া হোৱা। পৰস্পৰ ইজন সিজনৰ সহযোগী অৱশ্যে হোৱা কিন্তু সংগী নহয়। সংগী এজনক কৰি লোৱা তেতিয়া মায়াৰ সম্বন্ধ পৰিত্যাগ হৈ যাব। মায়াজিৎ, মোহজিৎ বিজয়ী হৈ থাকিবা। যদি কাৰোবাৰ প্ৰতি অলপ মোহ থাকে তেন্তে তীব্ৰ পুৰুষাৰ্থীৰ সলনি পুৰুষাৰ্থী হৈ যাবা সেই কাৰণে যিয়েই নহওঁক আনন্দত নাচি থাকা, চিকাৰৰ মৃত্যু চিকাৰীৰ বাবে আনন্দৰ কথা - ইয়াকে কয় নষ্টোমোহা। এনেদৰে নষ্টোমোহা হৈ থকাসকলেই বিজয়ী মালাৰ মণি হয়।

স্লোগান:
সত্যতাৰ বিশেষত্বৰে হীৰাৰ চিকমিকনি বঢ়োৱা।


একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী সন্তান একৰস শ্ৰেষ্ঠ স্থিতিৰ আসনধাৰী, একান্তবাসী, অশৰীৰী, একতা স্থাপক, একনামী আৰু মিতব্যয়ীতাৰ অৱতাৰ হওঁক। ইজনে সিজনৰ বিচাৰধাৰাক বুজি, সন্মান জনাই, ইজনে সিজনক ইংগিত দি, লেন-দেন কৰি পৰস্পৰ সংগঠনৰ শক্তিৰ স্বৰূপ প্ৰত্যক্ষ কৰক কিয়নো তোমালোকৰ সংগঠনৰ একতাৰ শক্তিয়ে গোটেই ব্ৰাহ্মণ পৰিয়ালক সংগঠনত অনাৰ নিমিত্ত হ’ব।