14.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
(বিশেষ শিৱজয়ন্তী
নিমিত্তে)
প্ৰশ্ন:
পিতাই
সন্তানসকলক সংগমতহে সৃষ্টিৰ বাৰ্তা শুনায়, সত্যযুগত নহয়, কিয়?
উত্তৰ:
কিয়নো সত্যযুগতো হয়েই আদিৰ সময়, সেই সময়ত গোটেই সৃষ্টিৰ বাৰ্তা অৰ্থাৎ সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান কেনেকৈ শুনাব, যেতিয়ালৈকে চক্ৰ পুনৰাবৃত্তিয়েই হোৱা নাই
তেতিয়ালৈকে বাৰ্তা শুনাবই বা কেনেকৈ পাৰে। সংগমতহে তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা
সম্পূৰ্ণ বাৰ্তা শুনা। তোমালোকেহে জ্ঞানৰ তৃতীয় নেত্ৰ পোৱা।
ওঁম্শান্তি।
আজি ত্ৰিমূৰ্তি
শিৱজয়ন্তী তথা ব্ৰাহ্মণ জয়ন্তী তথা সংগমযুগ জয়ন্তীৰ শুভ দিৱস। বহুত আছে যাক বাবাই
ঈশ্বৰীয় জন্ম সিদ্ধ অধিকাৰৰ অভিনন্দনো জনাব নোৱাৰে। বহুত আছে যিসকলে গম নাপায় যে
শিৱবাবা কোন, তেওঁৰ পৰা কি প্ৰাপ্তি হয়। তেওঁলোকেনো অভিনন্দনৰ কথা কি বুজি পায়।
নতুন সন্তানসকলে একেবাৰে বুজি নাপাব। এয়া হৈছে জ্ঞানৰ নৃত্য। কয় নহয় - শ্ৰীকৃষ্ণই
নৃত্য কৰিছিল। ইয়াত কন্যাসকলে ৰাধা-কৃষ্ণ হৈ নৃত্য কৰে। কিন্তু নৃত্যৰতো কথাই নাই।
তেওঁলোকে তাত সত্যযুগত শিশুকালত ৰাজকুমাৰ-ৰাজকুমাৰীৰ সৈতে নৃত্য কৰিব। সন্তানসকলে
জানে - এয়া বাপদাদা (শিৱবাবা আৰু ব্ৰহ্মাবাবা)। দাদাক ককাদেউতা বুলি কোৱা হয়। এই
দাদাতো হ'ল শাৰিৰীক (পাৰ্থিৱ) পিতা। এইটো আচৰিত কথা! সেইজন দাদা হ'ল আত্মিক আৰু এওঁ
হ’ল পাৰ্থিৱ, এওঁলোকক কোৱা হয় ‘বাপদাদা’। পিতাৰ পৰা দাদাৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা
যায়। উত্তৰাধিকাৰ হ'ল দাদাৰ (ককাদেউতাৰ)। সকলো আত্মা ভাই ভাই হোৱা গতিকে
উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। পিতাই কয় - তোমালোক আত্মাসকলৰ নিজৰ শৰীৰ, নিজৰ
কৰ্মেন্দ্ৰিয় আছে। মোক নিৰাকাৰ বুলি কয় - নিশ্চয় মোক শৰীৰৰ প্ৰয়োজন। তেতিয়াহে
সন্তানসকলক ৰাজযোগ শিকাম অথবা মনুষ্যৰ পৰা দেৱতা, পতিতৰ পৰা পাৱন হোৱাৰ মাৰ্গ
দেখুৱাম নাইবা মলিয়ন কাপোৰ ধোম অৰ্থাৎ পতিত আত্মাক পাৱন কৰি তুলিম… নিশ্চয় ডাঙৰ ধোবা
হ'ব। গোটেই বিশ্বৰ আত্মাসকলক আৰু শৰীৰক ধোৱে। জ্ঞান আৰু যোগৰ দ্বাৰা তোমালোক
আত্মাসকলক ধোৱা হয়।
আজি তোমালোক
সন্তানসকল আহিছা, জানা যে আমি শিৱবাবাক অভিনন্দন জনাবলৈ আহিছোঁ। পিতাই আকৌ কয় যে
তোমালোকে যাক অভিনন্দন জনোৱা সেইজন পিতায়ো তোমালোকক অভিনন্দন জনায় কিয়নো তোমালোক
হৈছা সৰ্বোত্তম সৌভাগ্যশালী ব্ৰাহ্মণ কুল ভূষণ। দেৱতাসকল ইমান উত্তম নহয় যিমান
তোমালোক। ব্ৰাহ্মণসকল দেৱতাসকলতকৈও উচ্চ। উচ্চতকৈও উচ্চ হৈছে পিতা। তেওঁ আকৌ
ব্ৰহ্মাৰ শৰীৰত আহে। তেওঁৰ সন্তান তোমালোক বহুত উচ্চতকৈও উচ্চ ব্ৰাহ্মণ। ব্ৰাহ্মণৰ
হৈছে টিকনি (উচ্চ স্থিতি)। তাৰ তলত হৈছে দেৱতাসকল। সকলোতকৈ ওপৰত হৈছে বাবা। বাবাই
তোমালোক সন্তানসকলক ব্ৰাহ্মণ-ব্ৰাহ্মণী কৰি তুলিছে - স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ।
এওঁলোক লক্ষ্মী-নাৰায়ণৰ চোৱা কিমান মন্দিৰ নিৰ্মাণ কৰিছে। মূৰ দোৱায়। ভাৰতবাসীয়ে
এইটোতো জনা উচিত যে এওঁলোকো মনুষ্য। লক্ষ্মী-নাৰায়ণ দুয়ো বেলেগ বেলেগ। ইয়াততো এজন
মনুষ্যৰ দুয়োটাই নাম ৰাখিছে। এজনৰ নাম লক্ষ্মী-নাৰায়ণ অৰ্থাৎ নিজক বিষ্ণু চতুৰ্ভুজ
বুলি কয়। লক্ষ্মী-নাৰায়ণ অথবা ৰাধা-কৃষ্ণ নাম ৰাখিছে, গতিকে চতুৰ্ভুজ হৈ গ’ল নহয়।
সেই বিষ্ণুতো হ'ল সূক্ষ্মলোকৰ লক্ষ্য-উদ্দেশ্য। তোমালোক এই বিষ্ণুপুৰীৰ মালিক হ'বা।
এই লক্ষ্মী-নাৰায়ণ বিষ্ণুপুৰীৰ মালিক। বিষ্ণুৰ 4 খন ভূজা। দুখন লক্ষ্মীৰ, দুখন
নাৰায়ণৰ। তোমালোকে ক’বা আমি বিষ্ণুপুৰীৰ মালিক হৈ আছোঁ।
বাৰু পিতাৰ মহিমাৰ
গীত শুনোৱা। গোটেই সৃষ্টিত আৰম্ভণিৰ পৰা এতিয়ালৈকে কেৱল এজনৰ বাহিৰে কাৰোৰে ইমান
মহিমা নাই। ক্ৰমানুসৰিতো হয়েই। সকলোতকৈ বেছি সৰ্বোত্তম মহিমা হৈছে উচ্চতকৈও উচ্চ
পৰমপিতা পৰমাত্মাৰ, যিজনৰ তোমালোক সকলো সন্তান। কোৱা যে আমি ঈশ্বৰীয় সন্তান।
ঈশ্বৰেতো স্বৰ্গ ৰচনা কৰে তোমালোক তেন্তে নৰকত কিয় আছা। ঈশ্বৰৰ ইয়াত জন্ম হয়।
খ্ৰীষ্টানসকলে ক’ব আমি যীশুখ্ৰীষ্টৰ হওঁ। এয়াই ভাৰতবাসীয়ে পাহৰি গৈছে যে আমি পৰমপিতা
পৰমাত্মা শিৱৰ পোনপটীয়া সন্তান। পিতা ইয়ালৈ সন্তানসকলক নিজৰ কৰি লৈ ৰাজ্য-ভাগ্য
দিবলৈ আহে। আজি বাবাই ভালদৰে বুজাইছে কিয়নো নতুনো বহুত আছে। এওঁলোকৰ কাৰণে বুজিবলৈ
অসুবিধা। হয়, তথাপিও স্বর্গবাসী হয়। স্বৰ্গত সূৰ্যবংশী ৰজা-ৰাণীও আছে, দাস-দাসীও আছে।
প্ৰজাও থাকে। তাৰ ভিতৰত কোনোবা গৰিব, কোনোবা চহকী হয়। তেওঁলোকৰো দাস-দাসী থাকে।
গোটেই ৰাজধানী ইয়াত স্থাপন হৈ আছে। এয়াতো অন্য কোনেও নাজানে। সকলো আত্মা তমোপ্ৰধান,
জ্ঞানৰ তৃতীয় নেত্ৰ কাৰো নাই। (গীত) এতিয়া পিতাৰ মহিমা শুনিলা। তেওঁ হ’ল সকলোৰে পিতা।
ভগৱানক পিতা বুলি কোৱা হয়, বেহদৰ সুখ দিওঁতা পিতা। এইখনেই ভাৰত য'ত বেহদৰ সুখ আছিল,
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এই লক্ষ্মী-নাৰায়ণ সৰুকালত হয় ৰাধা-কৃষ্ণ সয়ম্বৰৰ পাছত
নাম লক্ষ্মী-নাৰায়ণ হয়। এই ভাৰতত 5 হাজাৰ বছৰ পূৰ্বে দেৱতাসকলৰ ৰাজ্য আছিল। কেৱল
লক্ষ্মী-নাৰায়ণৰ বাহিৰে আন কাৰো ৰাজ্য নাছিল। কোনো খণ্ড নাছিল। গতিকে এতিয়া
ভাৰতবাসীয়েও নিশ্চয় জনা উচিত যে লক্ষ্মী-নাৰায়ণে পূৰ্ব জন্মত কি কর্ম কৰিছিল। যেনেকৈ
কোৱা হ’ব বিৰলাই কি কর্ম কৰিলে যাৰ বাবে ইমান ধনৱান হ’ল। নিশ্চয় ক’ব পূৰ্বৰ জন্মত
দান-পুণ্য কৰিছিল নিশ্চয়। কাৰোবাৰ ওচৰত বহুত ধন আছে, কোনোবাই খাবলৈকে নাপায় কিয়নো
কৰ্ম এনেকুৱা কৰিছে। কর্মকতো মানা। কর্ম-অকর্ম-বিকর্মৰ গতি গীতাৰ ভগৱানে শুনাইছিল।
যাৰ মহিমা শুনিলা। শিৱ ভগৱান হৈছে এজন। মনুষ্যক ভগৱান বুলি কোৱা নহয়। এতিয়া পিতা
ক'লৈ আহিছে! বুজায় যে সন্মুখত মহাভাৰতৰ যুদ্ধ গতিকে অতিকৈ মৰমিয়াল বাবাই বুজায়,
এওঁক দুখত সকলোৱে স্মৰণ কৰে। দুখত সকলোৱে স্মৰণ কৰে….. শিৱবাবাক দুখত সকলোৱে স্মৰণ
কৰে। সুখত কোনেও নকৰে। স্বৰ্গততো দুখ নাছিল। তাত পিতাৰ পৰা পোৱা উত্তৰাধিকাৰ আছিল।
5 হাজাৰ বছৰ পূৰ্বে যেতিয়া শিৱবাবা আহিল তেতিয়া ভাৰতক স্বর্গ কৰি তুলিলে। এতিয়া নৰক।
পিতা আহিছে স্বর্গ কৰি তুলিবলৈ। জগতেতো নাজানেই। কয় আমি সকলো অন্ধ। অন্ধৰ লাখুটি
প্ৰভু আপুনি আহক, আহি দৃষ্টি প্ৰদান কৰক। তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ
পাইছা। য'ত আমি আত্মাসকল নিবাস কৰোঁ সেয়া হৈছে শান্তিধাম। পিতাও তাত থাকে। তোমালোক
আত্মাসকল আৰু মই থাকোঁ। এওঁৰ আত্মাক কয় - মই তোমালোক সকলো আত্মাৰ পিতা তাত থাকোঁ।
তোমালোকে পুনৰ্জন্মৰ ভূমিকা পালন কৰা, মই নকৰোঁ। তোমালোক বিশ্বৰ মালিক হোৱা, মই নহওঁ।
তোমালোকে 84 জন্ম ল’ব লগা হয়। তোমালোকক বুজোৱা হৈছিল যে হে সন্তানসকল তোমালোকে নিজৰ
জন্মক নাজানা। 84 লাখ জন্ম বুলি কয় - এয়া মিছা কথা। মই জ্ঞানৰ সাগৰ পতিত-পাৱন হওঁ,
মই তেতিয়া আহোঁ যেতিয়া সকলো পতিত হৈ যায়। তেতিয়াহে আহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ
ৰহস্য বুজাই ত্ৰিকালদৰ্শী কৰি তোলোঁ। বহুতে সোধে আৰম্ভণিতে মনুষ্য কেনেকৈ ৰচনা কৰিলে?
ভগৱানে সৃষ্টি কেনেকৈ ৰচিলে? এখন শাস্ত্ৰতো দেখুৱায় - প্ৰলয় হ'ল পাছত সাগৰত আহতৰ
পাতত শিশু কৃষ্ণ আহিল। পিতাই কয় - এনেকুৱা কোনো কথা নাই, এইখন হৈছে বেহদৰ ড্ৰামা।
দিন হ'ল সত্যযুগ-ত্ৰেতা, ৰাতি হ’ল দ্বাপৰ-কলিযুগ। সন্তানসকলে পিতাক অভিনন্দন জনায়।
পিতাই কয় ততত্ত্বম্ (তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱাই)। তোমালোকো 100 শতাংশ
দুৰ্ভাগ্যশালীৰ পৰা 100 শতাংশ সৌভাগ্যশালী হোৱা। তোমালোক ভাৰতবাসী সেয়া আছিলা কিন্তু
তোমালোকে নাজানা। পিতা আহি তেনেকুৱা কৰি তোলে। তোমালোকে নিজৰ জন্মক নাজানা। মই আহি
শুনাওঁ - তোমালোকে 84 জন্ম লোৱা। পিতাই তোমালোকক সংগমত গোটেই সৃষ্টিৰ বাৰ্তা শুনায়।
সত্যযুগত শুনাব জানো। যি সময়ত সৃষ্টিৰ আদি-মধ্য-অন্ত হোৱা নাই তেন্তে তাৰ বাৰ্তা
কেনেকৈ বুজাব? মই আহোঁ অন্তিমত, কল্পৰ সংগমযুগত। শাস্ত্ৰত লিখা আছে যুগে যুগে,
শ্ৰীকৃষ্ণ ভগৱানুবাচ - গীতাত লিখি দিছে। সকলো ধৰ্মাৱলম্বীয়ে শ্ৰীকৃষ্ণক ভগৱান বুলি
মানিব জানো। ভগৱানতো নিৰাকাৰ হয় নহয়। তেওঁ হৈছে সকলো আত্মাৰ পিতা। পিতাৰ পৰা
উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তোমালোক সকলো আত্মা ভাই ভাই। পৰমাত্মাক সৰ্বব্যাপী বুলি
ক’লে তেন্তে সকলো পিতা হৈ যায়। পিতাই কেতিয়াবা উত্তৰাধিকাৰ পায় জানো? উত্তৰাধিকাৰ
সন্তানে পায়। তোমালোক আত্মাসকল সকলো সন্তান। পিতাৰ উত্তৰাধিকাৰ নিশ্চয় লাগে। হদৰ
উত্তৰাধিকাৰৰ দ্বাৰা তোমালোক সন্তুষ্ট নোহোৱা সেয়েহে আহ্বান জনোৱা - আপোনাৰ কৃপাত
অপাৰ সুখ পাইছিলোঁ। এতিয়া পুনৰ ৰাৱণৰ দ্বাৰা দুখ পোৱাৰ বাবে আহ্বান জনাবলৈ লৈছা।
সকলো আত্মাই আহ্বান জনায় কিয়নো এওঁলোকৰ দুখ হৈছে সেয়েহে স্মৰণ কৰে, বাবা আহি সুখ
দিয়ক। এতিয়া এই জ্ঞানেৰে স্বৰ্গৰ মালিক হোৱা। তোমালোকৰ সৎগতি হয় সেয়েহে গায়ন কৰা হয়,
সকলোৰে সৎগতি দাতা এজন পিতা। এতিয়া সকলো দুৰ্গতিত আছে, পাছত সকলোৰে সৎগতি হয়। যেতিয়া
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া তোমালোক স্বৰ্গত আছিলা। বাকী সকলো মুক্তিধামত
আছিল। এতিয়া আমি পিতাৰ দ্বাৰা ৰাজযোগ শিকোঁ। পিতাই কয় কল্পৰ সংগমত মই তোমালোকক পঢ়াওঁ।
মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁ। এতিয়া তোমালোক সন্তানসকলক সকলো ৰহস্য বুজাওঁ।
শিৱৰাত্ৰি কেতিয়া হ’ল, এয়াতো জনা উচিত। কি হ’ল, শিৱবাবা কেতিয়া আহিল? একো নাজানে।
গতিকে পাথৰবুদ্ধিৰ হ'ল নহয়। এতিয়া তোমালোক পাৰসবুদ্ধিৰ হোৱা। ভাৰত পাৰসপুৰী সোণালী
যুগী আছিল। লক্ষ্মী-নাৰায়ণকো ভগৱান-ভগৱতী বুলি কোৱা হয়। তেওঁলোকক উত্তৰাধিকাৰ ভগৱানে
দিলে, পুনৰ দি আছে। তোমালোকক পুনৰ ভগৱান-ভগৱতী কৰি আছে। এতিয়া এইটো তোমালোকৰ বহুত
জন্মৰ অন্তিম জন্ম। পিতাই কয় বিনাশ সমাগত। ইয়াক কোৱা হয় ৰুদ্ৰ জ্ঞান যজ্ঞ। সেই
সকলোবোৰ হৈছে পাৰ্থিৱ সামগ্ৰীৰ যজ্ঞ। এয়া হৈছে জ্ঞানৰ কথা। ইয়াত পিতা আহি মনুষ্যক
দেৱতা কৰি তোলে। তোমালোকে শিৱবাবাৰ আগমনৰ বাবে অভিনন্দন জনোৱা। বাবাই আকৌ কয় মই অকলে
জানো আহোঁ। মোকো শৰীৰৰ প্ৰয়োজন। ব্ৰহ্মাৰ শৰীৰত আহিবলগীয়া হয়। প্ৰথমতে সূক্ষ্মলোক
ৰচনা কৰিবলগীয়া হয় সেয়েহে এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ, এওঁতো পতিত আছিল। 84 জন্ম লৈ
পতিত হৈছে। সকলোৱে আহ্বান জনাইছিল। এতিয়া পিতাই কয় মই পুনৰ তোমালোক সন্তানসকলক
উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। পিতাইহে ভাৰতক স্বর্গৰ উত্তৰাধিকাৰ দিয়ে। স্বৰ্গৰ ৰচয়িতা
হৈছে পিতা, নিশ্চয় স্বৰ্গৰে উপহাৰ দিব। এতিয়া তোমালোক স্বৰ্গৰ মালিক হৈ আছা। এয়া
হৈছে ভৱিষ্যত 21 জন্মৰ বাবে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠশালা। তোমালোক স্বৰ্গৰ
মালিক হৈ আছা। 21 প্ৰজন্ম তোমালোকে সুখ পোৱা। তাত অকাল মৃত্যু নহয়। যেতিয়া শৰীৰৰ
আয়ুস পূৰা হয় তেতিয়া সাক্ষাৎকাৰ হৈ যায়। এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। সৰ্পৰ
উদাহৰণ… গতিকে তোমালোক সন্তানসকলে পিতাক অভিনন্দন জনোৱা। পিতাই আকৌ তোমালোকক
অভিনন্দন জনায়। তোমালোক এতিয়া দুৰ্ভগীয়াৰ পৰা সৌভাগ্যশালী হৈ আছা। পতিত মনুষ্যৰ পৰা
পাৱন দেৱতা হোৱা। চক্ৰতো ঘূৰি থাকে। এয়াতো তোমালোক সন্তানসকলে বুজাব লাগে। আকৌ এয়া
প্ৰায় লুপ্ত হৈ যায়। সত্যযুগত জ্ঞানৰ দৰকাৰ নাথাকে। তোমালোক এতিয়া দুৰ্গতিত আছা
তেতিয়াহে এই জ্ঞানেৰে সৎগতি পোৱা। পিতাহে আহি স্বৰ্গৰ স্থাপনা কৰে। সকলোৰে সৎগুৰু
এজনেই। বাকী ভক্তিমাৰ্গৰ কর্ম-কাণ্ডৰে কাৰোৰে সৎগতি নহয়। সকলোৱে ছিৰি নামিবই অৰ্থাৎ
অৱনমিত হ'বই লাগে। ভাৰত সতোপ্ৰধান আছিল আকৌ 84 জন্ম ল’ব লগা হয় এতিয়া আকৌ তোমালোকে
আৰোহণ কৰিব লাগে। নিজৰ ঘৰ মুক্তিধামলৈ যাব লাগে। এতিয়া নাটক পূৰা হয়। এই পুৰণি
সৃষ্টি সমাপ্ত হৈ যাব। ভাৰতক অবিনাশী খণ্ড বুলি কোৱা হয়। পিতাৰ জন্ম-স্থানৰ কেতিয়াও
নাশ নহয়। তোমালোক শান্তিধামলৈ গৈ পুনৰ আহিবা, আহি ৰাজত্ব কৰিবা। পাৱন আৰু পতিত
ভাৰততেই হয়। 84 জন্ম লৈ লৈ পতিত হৈ গৈছা। যোগীৰ পৰা ভোগী হৈছা। এয়া হৈছে ৰৌৰৱ নৰক।
মহান দুখৰ সময়। এতিয়াতো বহুত দুখ আহিবলগীয়া আছে। অনাহকতে তেজৰ খেল। বহি থাকোতেই বোমা
বৰ্ষণ হ’ব। তোমালোকে কি অপৰাধ কৰিলা? অনাহকতে সকলোৰে বিনাশ হৈ যাব। বিনাশৰ
সাক্ষাৎকাৰতো সন্তানসকলে কৰিছে। এতিয়া তোমালোকে সৃষ্টি চক্ৰৰ জ্ঞান জানি গৈছা।
তোমালোকৰ ওচৰত জ্ঞানৰ তৰোৱাল, জ্ঞান খড়গ আছে। তোমালোক হৈছা ব্ৰহ্মাৰ মুখ বংশাৱলী
ব্ৰাহ্মণ। প্ৰজাপিতাও বাবা হয়। কল্প পূৰ্বেও এওঁ মুখ বংশাৱলী ৰচনা কৰিছিল। পিতাই কয়
মই কল্পই কল্পই আহোঁ। এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক মুখ বংশাৱলী কৰি তোলোঁ।
ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰাও। স্বৰ্গলৈতো ভৱিষ্যতেহে যাবা। ছিঃ ছিঃ
সৃষ্টিতো নাশ হোৱা উচিত। বেহদৰ পিতা আহেই নতুন সৃষ্টি ৰচনা কৰিবলৈ। পিতাই কয় - মই
তোমালোক সন্তানসকলৰ বাবে হাতত স্বর্গ লৈ আহিছোঁ। তোমালোকক কোনো কষ্ট নিদিওঁ।
তোমালোক সকলো দ্ৰৌপদী। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি দেৱতা
সকলতকৈও উচ্চ সৰ্বোত্তম ব্ৰাহ্মণ - এইটো আত্মিক নিচাত থাকিব লাগে। জ্ঞান আৰু যোগৰ
দ্বাৰা আত্মাক স্বচ্ছ কৰি তুলিব লাগে।
(2) সকলোকে শিৱবাবাৰ
অৱতৰণৰ অভিনন্দন জনাব লাগে। পিতাৰ পৰিচয় দি পতিতৰ পৰা পাৱন কৰি তুলিব লাগে। শতৰু
ৰাৱণৰ পৰা মুক্ত কৰিব লাগে।
বৰদান:
বিস্তাৰৰ ৰং-বিৰঙৰ
কথাবোৰৰ পৰা কাষৰীয়া হৈ কঠিনক সহজ কৰোঁতা সহজযোগী হোৱা
যেতিয়া পিতাক চোৱাৰ
পৰিৱৰ্তে কথাবোৰ চাবলৈ ধৰা, তেতিয়া অনেক প্ৰশ্ন উৎপন্ন হয় আৰু সহজ কথাও কঠিন যেন
অনুভৱ হ’বলৈ ধৰে কিয়নো কথাবোৰ হ'ল বৃক্ষ আৰু পিতা হ'ল বীজ। যিসকলে বিস্তাৰিত বৃক্ষ
হাতত তুলি লয়, তেওঁলোকে পিতাক কাষৰীয়া কৰি দিয়ে, তেতিয়া বিস্তাৰ এক জাল হৈ যায় য'ত
আৱদ্ধ হৈ গৈ থাকে। কথাৰ বিস্তাৰত ৰং-বিৰঙৰ কথা থাকে যিয়ে নিজৰ ফালে আকৰ্ষণ কৰি লয়,
সেয়েহে বীজৰূপ পিতাৰ স্মৃতিৰে বিন্দু লগাই তাৰ পৰা কাষৰীয়া হৈ যোৱা তেতিয়া সহজযোগী
হৈ যাবা।
স্লোগান:
‘মই' আৰু 'মোৰ' বোধৰ মিশ্ৰণ সমাপ্ত কৰা মানেই আচল সোণ হোৱা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
এতিয়া সকলোৱে মিলি
একমত হৈ সেৱাৰ যিকোনো কাৰ্য ধুমধামেৰে আগুৱাই লৈ যোৱা। প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাৰ
সহযোগত, শুভ-কামনা, শুভ-ভাৱনাৰে সেৱাৰ আলোড়নৰ সৃষ্টি কৰা। যদি কোনোবাই মুখেৰে ক’ব
নোৱাৰে, তেন্তে মনৰে বায়ুমণ্ডলৰ দ্বাৰা সুখৰ বৃত্তি, সুখময় স্থিতিৰে সুখময় সংসাৰ
গঢ়ি তোলা। ক’ৰবালৈ যাব নোৱাৰা, স্বাস্থ্য ভাল নহয় তেন্তে ঘৰত বহি এই সেৱা কৰা,
সেৱাত সহযোগী নিশ্চয় হোৱা তেতিয়াহে সকলোৰে সহযোগেৰে সুখময় সংসাৰ গঢ়ি উঠিব।