14.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ চেহেৰা সদায় আনন্দিত হৈ থাকিব লাগে ‘আমাক ভগৱানে পঢ়ায়’, এই আনন্দ চেহেৰাত জিলিকিব লাগে”

প্ৰশ্ন:
এতিয়া তোমালোক সন্তানসকলৰ মুখ্য পুৰুষাৰ্থ কি?

উত্তৰ:
তোমালোকে শাস্তিৰ পৰা ৰক্ষা পাবলৈকে পুৰুষাৰ্থ কৰি থাকা। তাৰ বাবে মুখ্য হ’ল স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰাহে বিকৰ্ম বিনাশ হয়। তোমালোকে মৰমেৰে স্মৰণ কৰিলে বহুত উপাৰ্জন জমা হৈ গৈ থাকিব। পুৱাতে উঠি স্মৃতিত বহিলে পুৰণি সৃষ্টিক পাহৰি গৈ থাকিবা। জ্ঞানৰ কথাবোৰ বুদ্ধিত আহি থাকিব। তোমালোক সন্তানসকলে মুখেৰে কোনো অপ্ৰয়োজনীয় কথা ক’ব নালাগে।

গীত:
তুম্হে পাকে হমনে জাহান পা লিয়া….. (তোমাক পাই আমি গোটেই জগতখনেক পাই গলোঁ…)

ওঁম্শান্তি।
গীত যেতিয়া শুনে তেতিয়া সেই সময়ত কোনো কোনোৱেতো তাৰ অৰ্থ বুজি পায় আৰু তেওঁলোক আনন্দিতও হয়। ভগৱানে আমাক পঢ়ায়, ভগৱানে আমাক বিশ্বৰ বাদশ্বাহী দিয়ে। কিন্তু ইমান আনন্দ অতি কম সংখ্যকৰহে ইয়াত থাকে। সেইটো স্মৃতি স্থায়ী হৈ নাথাকে। আমি পিতাৰ হৈ গ’লোঁ, পিতাই আমাক পঢ়ায়। বহুত আছে যাৰ এইটো নিচা নাবাঢ়ে। সেই সৎসঙ্গ আদিত কথা (কাহিনী) শুনে, তেওঁলোকো আনন্দিত হয়। ইয়াততো পিতাই কিমান ভাল কথা শুনায়। পিতাই পঢ়ায় আৰু তাৰ পাছত বিশ্বৰ মালিক কৰি তোলে তেন্তে বিদ্যাৰ্থীসকল কিমান আনন্দিত হোৱা উচিত। এই লৌকিক (পাৰ্থিৱ) পঢ়া পঢ়োঁতাসকল যিমান আনন্দিত হৈ থাকে ইয়াত থকাসকল সিমান আনন্দিত হৈ নাথাকে। বুদ্ধিত ধাৰণেই নহয়। পিতাই বুজাইছে - এনেকুৱা গীত 4-5 বাৰ শুনা। পিতাক পাহৰি গ’লে আকৌ পুৰণি সৃষ্টি আৰু পুৰণা সম্বন্ধও স্মৃতিলৈ আহি যায়। এনেকুৱা সময়ত গীত শুনিলেও পিতাৰ স্মৃতি আহি যাব। পিতা বুলি ক’লে উত্তৰাধিকাৰো স্মৃতিত আহি যায়। পঢ়াৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে গোটেই বিশ্বৰ মালিক হ’বলৈ শিৱবাবাৰ পৰা পঢ়া। তেনেহ’লে বাকী আৰু কি লাগে। এনেকুৱা বিদ্যাৰ্থীৰ অন্তৰ কিমান আনন্দিত হোৱা উচিত। ৰাতি-দিন নিদ্ৰাও নোহোৱা হৈ যাব। নিদ্ৰা ত্যাগ কৰিও এনেকুৱা পিতা আৰু শিক্ষকক স্মৰণ কৰি থাকিব লাগে। যেন এজনৰ নিচাত মতলীয়া। অহো, আমি পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী লাভ কৰোঁ! কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। মিত্ৰ-সম্বন্ধীয় আদিৰ স্মৃতি আহি থাকে। তেওঁলোকৰে চিন্তন চলি থাকে। পুৰণা আৱৰ্জনা (অপ্ৰয়োজনীয় কথা) বহুতৰে স্মৃতিলৈ আহে। পিতাই যি শুনায় যে তোমালোক বিশ্বৰ মালিক হৈ যোৱা সেইটো নিচা নাবাঢ়ে। স্কুলত পঢ়াসকলৰ চেহেৰা আনন্দময় হৈ থাকে। ইয়াত ভগৱানে পঢ়ায়, সেইটো আনন্দ অতি কম সংখ্যকৰহে থাকে। নহ’লেতো সীমাহীন আনন্দত থাকিব লাগে। বেহদৰ পিতাই আমাক পঢ়ায়, এইটো পাহৰি যায়। এইটো স্মৃতিত থাকিলেও আনন্দিত হৈ থাকিব। কিন্তু পূৰ্বৰ কৰ্মভোগেই এনেকুৱা সেয়েহে পিতাক স্মৰণ নকৰেই। মুখ আকৌ আৱৰ্জনাৰ ফালে গুচি যায়। পিতাই সকলোৰে কাৰণেতো নকয়, ক্ৰমানুসৰি হয়। মহান সৌভাগ্যশালী সেইজন যি পিতাৰ স্মৃতিত থাকে। ভগৱান, বাবাই আমাক পঢ়ায়! যেনেকৈ সেই পঢ়াত বুদ্ধিত এইটো থাকে যে অমুক শিক্ষকে আমাক বেৰিষ্টাৰ কৰি তোলে, তেনেকৈ ইয়াত আমাক ভগৱানে পঢ়ায় - ভগৱান-ভগৱতী কৰি তোলাৰ বাবে তেন্তে কিমান নিচা থাকিব লাগে। শুনাৰ সময়ত কিছুমানৰ নিচা বাঢ়ি যায়। বাকীসকলেতো একোৱেই বুজি নাপায়। বচ, গুৰুৰ শৰণ ল’লে, এনেকৈ ভাবিব যে এওঁ আমাক লগত লৈ যাব। ভগৱানৰ লগত সাক্ষাৎ কৰাব। এওঁতো (শিৱবাবা) স্বয়ং ভগৱান। নিজৰ লগত সাক্ষাৎ কৰায়, লগত লৈ যাব। মনুষ্যই এই কাৰণেই গুৰুৰ শৰণ লয় যাতে ভগৱানৰ ওচৰলৈ লৈ যায় বা শান্তিধামলৈ লৈ যায়। এই পিতাই সন্মুখত কিমান বুজায়। তোমালোক হৈছা বিদ্যাৰ্থী। পঢ়াওঁতা শিক্ষককতো স্মৰণ কৰা। একেবাৰেই স্মৰণ নকৰে, কথাই নুসুধিবা। ভাল ভাল সন্তানসকলেও স্মৰণ নকৰে। শিৱবাবাই আমাক পঢ়ায়, তেওঁ জ্ঞানৰ সাগৰ, আমাক উত্তৰাধিকাৰ দিয়ে, এইটো স্মৃতিত থাকিলেও আনন্দৰ সীমা নোহোৱা হ’ব। পিতাই সন্মুখত শুনায় তথাপিও সেইটো নিচা নাবাঢ়ে। বুদ্ধি অন্য ফালে গুচি যায়। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। মই প্ৰতিশ্ৰুতি দিছোঁ - এজন পিতাৰ বাহিৰে আন কাকো স্মৰণ নকৰিবা। বিনাশ হ’বলগীয়া বস্তুক কি স্মৰণ কৰিব লাগে। ইয়াততো কোনোবা মৰিলে 2-4 বছৰলৈকেও তেওঁক স্মৰণ কৰি থাকে। তেওঁৰ গায়ন কৰি থাকে। এতিয়া পিতাই সন্মুখত সন্তানসকলক কয় - মোক স্মৰণ কৰা। যিয়ে যিমান স্নেহেৰে স্মৰণ কৰে সিমান পাপ খণ্ডন হৈ গৈ থাকে। বহুত উপাৰ্জন হয়। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰা। ভক্তিও মনুষ্যই ৰাতিপুৱা উঠি কৰে। তোমালোকতো হৈছা জ্ঞানমাৰ্গৰ। তোমালোকে পুৰণি সৃষ্টিৰ আৱৰ্জনাৰ মাজত আৱদ্ধ হ’ব নালাগে। কিন্তু বহুত সন্তান এনেকৈ আৱদ্ধ হৈ যায় যে কথাই নুসুধিবা। আৱৰ্জনাৰ মাজৰ পৰা ওলায়েই নাহে। গোটেই দিন অপ্ৰয়োজনীয় কথাই কৈ থাকে। জ্ঞানৰ কথা বুদ্ধিত উদয়েই নহয়। বহুত এনেকুৱা সন্তানো আছে যিসকলে গোটেই দিন সেৱাত দৌৰি থাকে। যিসকলে পিতাৰ সেৱা কৰে, পিতাৰ স্মৃতিত তেওঁলোকেই আহিব। এই সময়ত মনোহৰক (মনোহৰ দাদীক) সকলোতকৈ বেছি সেৱাত তৎপৰ হৈ থকা দেখা যায়। আজি কৰনাললৈ গ’ল, কাইলৈ আন ক’ৰবালৈ গ’ল, সেৱাত দৌৰি থাকে। যিসকলে নিজৰ মাজত যুদ্ধ কৰি থাকে তেওঁলোকে কি সেৱা কৰিব! কোনসকল পিতাৰ মৰমৰ হ’ব? যিসকলে ভাল সেৱা কৰে, দিনে-ৰাতিয়ে সেৱাৰে চিন্তা চলি থাকে, পিতাৰ অন্তৰতো তেওঁলোকেই অধিষ্ঠিত হয়। তোমালোকে বাৰে বাৰে এনেকুৱা গীত শুনি থাকিলে তেতিয়াও স্মৃতি থাকিব, কিছু নিচা বাঢ়িব। পিতাই কৈছে - কেতিয়াবা কোনোবা দুখী হৈ গ’লে তেতিয়া বাণীবদ্ধ গীত বজালে আনন্দিত হৈ যাব। অহো! আমি বিশ্বৰ মালিক হ’মগৈ। পিতাইতো কেৱল কয় - মোক স্মৰণ কৰা। কিমান সহজ পঢ়া। বাবাই ভাল ভাল 10-12 টা বাণীবদ্ধ গীত বাচি উলিয়াইছিল যাতে প্ৰত্যেকে নিজৰ লগত ৰাখে। কিন্তু তথাপিও পাহৰি যায়। বহুতেতো আগবাঢ়ি গৈ গৈ পঢ়িবলৈকে এৰি দিয়ে। মায়াই প্ৰহাৰ কৰি দিয়ে। পিতাই তমোপ্ৰধান বুদ্ধিক সতোপ্ৰধান কৰি তুলিবলৈ কিমান সহজ যুক্তি শুনায়। এতিয়া তোমালোকে ভুল আৰু শুদ্ধৰ চিন্তা কৰিবলৈ বুদ্ধি পাইছা। আহ্বানো পিতাকে জনায় - হে পতিত-পাৱন আহক। এতিয়া পিতা আহিছে গতিকে পৱিত্ৰ হ’ব লাগে নহয়। তোমালোকৰ শিৰত জন্ম-জন্মান্তৰৰ বোজা আছে, তাৰ বাবে যিমান স্মৰণ কৰিবা সিমানে পৱিত্ৰ হ’বা, আনন্দিত হৈও থাকিবা। যদিও সেৱাতো কৰিয়ে থাকা কিন্তু নিজৰো হিচাপ ৰাখিব লাগে। মই পিতাক কিমান সময় স্মৰণ কৰোঁ। স্মৃতিত থকাৰ তালিকা কোনেও ৰাখিব নোৱাৰে। মূল কথাবোৰ যদিও লিখে কিন্তু স্মৰণ কৰিবলৈ পাহৰি যায়। পিতাই কয় - তোমালোকে স্মৃতিত থাকি ভাষণ দিলে তেতিয়া বহুত বল পাবা। নহ’লেতো পিতাই কয় - ময়েই গৈ বহুতক সহায় কৰোঁ। কাৰোবাৰ তাত প্ৰৱেশ কৰি ময়েই গৈ সেৱা কৰোঁ। সেৱাতো কৰিবই লাগে নহয়। লক্ষ্য কৰি থাকোঁ কাৰ ভাগ্য উদয় কৰিবলগীয়া আছে, বুজাওঁতাজনৰ ইমান বুদ্ধি নাথাকিলে তেতিয়া মই প্ৰৱেশ কৰি সেৱা কৰোঁ তেতিয়া আকৌ কোনো কোনোৱে লিখে বাবায়ে এই সেৱা কৰিলে। মোৰতো ইমান শক্তি নাই, বাবাই মুৰুলী শুনালে। কাৰোবাৰ আকৌ নিজৰ অহংকাৰ আহি যায়, মই ইমান ভালকৈ বুজালোঁ। পিতাই কয় - মই কল্যাণ কৰিবলৈ প্ৰৱেশ কৰোঁ পাছত তেওঁ ব্ৰাহ্মণীতকৈও চোকা হৈ যায়। কোনোবা বুদ্ধিহীনক যদি বুজাবলৈ পঠিয়াই দিওঁ তেতিয়া তেওঁ ভাবিব এওঁতকৈতো ময়ে ভালকৈ বুজাব পাৰোঁ। গুণো নাই। এওঁতকৈতো মোৰেই অৱস্থা ভাল। কোনো কোনো মুৰব্বী হৈ থাকে সেইবাবে বৰ নিচা বাঢ়ি যায়। বহুতে জাকজমকতাৰে থাকে। ডাঙৰ ব্যক্তিকো ‘তই তই’ বুলি সম্বোধন কৰি কথা পাতে। বচ্‌, তেওঁক দেৱী দেৱী বুলি ক’লে তাতেই আনন্দিত হৈ যায়। এনেকুৱাও বহুত আছে। শিক্ষকতকৈও বিদ্যাৰ্থী বুদ্ধিমান হৈ যায়। পৰীক্ষাত উত্তীৰ্ণ হৈ থকাতো এজন পিতাই আছে, তেওঁ হ’ল জ্ঞানৰ সাগৰ। তেওঁৰ দ্বাৰা তোমালোকে পঢ়ি আকৌ আনক পঢ়োৱা। কোনোৱেতো ভালদৰে ধাৰণ কৰি লয়। কোনোৱে পাহৰি যায়। আটাইতকৈ ডাঙৰ কথাটি হ’ল - স্মৃতিৰ যাত্ৰা। আমাৰ বিকৰ্ম বিনাশ কেনেকৈ হ’ব? বহুত সন্তানৰতো চাল-চলন এনেকুৱা যে সেয়া এওঁ (ব্ৰহ্মা বাবাই) জানে আৰু সেইজন বাবাই (শিৱবাবাই) জানে।

এতিয়া তোমালোক সন্তানসকলে শাস্তিৰ পৰা ৰক্ষা পোৱাৰে মুখ্য পুৰুষাৰ্থ কৰিব লাগে। তাৰ কাৰণে মুখ্য হ’ল - স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰাহে বিকৰ্ম বিনাশ হয়। যদিও কোনোবাই পইচাৰে সহায় কৰে, এনেকৈ ভাবে যে আমি চহকী হ’মগৈ কিন্তু শাস্তিৰ পৰা ৰক্ষা পাবলৈ পুৰুষাৰ্থতো কৰিবই লাগিব। নহ’লেতো পিতাৰ আগত শাস্তি খাব লাগিব। কোনোবা বিচাৰকৰ সন্তানে যদি কিবা এনেকুৱা কাম কৰে তেতিয়া বিচাৰক‌‌ জনেও লাজ নাপাব জানো। পিতায়ো ক’ব - মই যাৰ প্ৰতিপালন কৰিলোঁ তেওঁক আকৌ শাস্তি খুৱাম! সেই সময়ত তললৈ মূৰ কৰি হায়! হায়! কৰি থাকিব - পিতাই ইমান বুজালে, পঢ়ালে, মই ধ্যান নিদিলোঁ। পিতাৰ লগত ধৰ্মৰজাও আছে নহয়। তেওঁতো জন্মপত্ৰিকা জানে। এতিয়াতো তোমালোকে বাস্তৱত দেখিবলৈ পোৱা। 10 বছৰ পৱিত্ৰতাত চলিল, হঠাতে মায়াই এনেকুৱা ঘোচা মাৰিলে যে উপাৰ্জন কৰা সকলো শেষ কৰি দিলে, পতিত হৈ গ’ল। এনেকুৱা বহুত ঘটনা ঘটি থাকে। বহুত অধঃপতিত হৈ যায়। মায়াৰ ধুমুহাৰ মাজত গোটেই দিন হায়ৰাণ হৈ থাকে, তেতিয়া পিতাকেই পাহৰি যায়। পিতাৰ পৰা আমি বেহদৰ বাদশ্বাহী পাওঁ, সেইটো আনন্দ নাথাকে। কাম বিকাৰৰ পিছতে মোহো আছে। এই ক্ষেত্ৰত নষ্টোমোহা হ’ব লাগে। পতিতসকলৰ প্ৰতি কি অন্তৰৰ আসক্তি ৰাখিব লাগে। অৱশ্যে হয়, এইটোৱে খেয়াল ৰাখিব লাগে - পিতাৰ পৰিচয় দি এওঁৰো আমি উন্নতি সাধন কৰোঁ। এওঁক কোনটো ৰীতিৰে শিৱালয়ৰ লায়ক কৰি তোলোঁ। ভিতৰি ইয়াৰ উপায় ৰচনা কৰা। মোহৰ কথা নাই। যিমানেই মৰমৰ সম্বন্ধীয় নহওঁক তেওঁলোককো বুজাই থাকা। কাৰো প্ৰতি যাতে অতিপাত মৰম নাথাকে। নহ’লে শুধৰণি নহ’ব। দয়ালু অন্তৰৰ হোৱা উচিত। নিজৰ ওপৰতো দয়া কৰিব লাগে আৰু আনৰ ওপৰতো দয়া কৰিব লাগে। পিতাৰো দয়া ওপজে। চাব লাগে মই কিমানক নিজৰ সমান কৰি তোলোঁ। কিমানক পৰিচয় দিলা বাবাক তাৰ প্ৰমাণ দিব লাগে। পৰিচয় পোৱাজনেও লিখে - বাবা মই এওঁৰ দ্বাৰা বহুত ভালকৈ পৰিচয় পালোঁ। বাবাৰ ওচৰত প্ৰমাণ আহিলে তেতিয়া বাবাই বুজিব এওঁ সেৱা কৰে। বাবালৈ যাতে লিখে যে বাবা এই ব্ৰাহ্মণীগৰাকীতো বহুত বুদ্ধিমান। বহুত ভাল সেৱা কৰে, আমাক ভালকৈ পঢ়ায়। যোগত আকৌ সন্তানসকল অনুত্তীৰ্ণ হৈ যায়। স্মৰণ কৰাৰ বুদ্ধি নাই। পিতাই বুজায় - ভোজন খালে তেতিয়াও শিৱবাবাক স্মৰণ কৰি খোৱা। ক’ৰবালৈ ঘূৰিব-ফুৰিব গ’লে শিৱবাবাক স্মৰণ কৰা। পৰচিন্তন নকৰিবা। যদি কোনো কথাৰ খেয়ালো আহে তেতিয়া পিতাক স্মৰণ কৰিবা অৰ্থাৎ কাম-কাজৰ চিন্তাও কৰিলা আৰু বাবাক স্মৰণ কৰিবলৈ লাগি গ’লা। পিতাই কয় - কৰ্মতো বাৰু কৰা, নিদ্ৰাও কৰা, তাৰ লগতে এইটোও কৰা। অতিকমেও 8 (আঠ) ঘণ্টালৈকে আহিব লাগে - এয়া শেষৰ ফালে হ’বগৈ। লাহে লাহে নিজৰ খতিয়ানৰ তালিকা বঢ়াই যোৱা। কোনো কোনোৱে লিখে দুঘণ্টা স্মৃতিত থাকিলোঁ আকৌ ক্ৰমশঃ খতিয়ানৰ তালিকা ঢিলা হৈ যায়। সেয়াও মায়াই নাইকিয়া কৰি দিয়ে। মায়া বৰ শক্তিশালী। যি এই সেৱাত গোটেই দিন ব্যস্ত হৈ থাকিব তেৱেঁই স্মৰণো কৰিব পাৰিব। প্ৰতিটো মুহূৰ্ততে পিতাৰ পৰিচয় দি থাকিব। বাবাই স্মৃতিত থকাৰ বাবে বহুত জোৰ দি থাকে। নিজেও অনুভৱ কৰে মই স্মৃতিত থাকিব নোৱাৰোঁ। স্মৃতিত থকাৰ ক্ষেত্ৰতে মায়াই বিঘিনি আনে। পঢ়াতো বহুত সহজ। পিতাৰ পৰা আমি পঢ়োঁও। যিমান ধন ল’বা সিমান চহকী হৈ যাবা। পিতাইতো সকলোকে পঢ়ায় নহয়। বাণী সকলোৰে ওচৰলৈকে যায় কেৱল তোমালোকেই নহয়, সকলোৱে পঢ়ি আছে। বাণী নগ’লেতো চিঞৰে। বহুত এনেকুৱাও আছে যিয়ে নুশুনিবই। এনেয়ে চলি থাকে। মুৰুলী শুনাৰ চখ থাকিব লাগে। কিমান উত্তম গীত আছে – “বাবা আমি নিজৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ”। কোৱাও হয় – বাবা, যি হওঁ, যেনেকুৱা হওঁ, কণা হওঁ, যেনেকুৱাই নহওঁ আপোনাৰে হওঁ। সেয়াতো ঠিক আছে কিন্তু ছিঃ ছিঃৰ পৰাতো ভাল হ’ব লাগে নহয়। সকলো নিৰ্ভৰ কৰে যোগ আৰু পঢ়াৰ ওপৰত।

পিতাৰ হোৱাৰ পাছত এইটো বিচাৰ প্ৰত্যেক সন্তানৰে অহা উচিত যে মই পিতাৰ হৈছোঁ গতিকে স্বৰ্গলৈতো যামেই কিন্তু আমি স্বৰ্গত কি হ’ব লাগে সেইটোও ভাবিব লাগে। ভালদৰে পঢ়া, দৈৱীগুণ ধাৰণ কৰা। বান্দৰ বান্দৰেই হৈ থাকিলে তেনেহ’লে কি পদ পাবা? তাতো প্ৰজা চাকৰ-নাকৰ সকলো লাগিব নহয়। পঢ়াসকলৰ আগত নপঢ়াসকলে বোজা কঢ়িয়াব। যিমান পুৰুষাৰ্থ কৰিবা সিমান ভাল সুখ পাবা। ভাল ধনৱান হ’লেতো বহুত সন্মান থাকিব। পঢ়া-লিখা কৰাসকলৰ সন্মান বহুত থাকে। পিতাইতো ৰায় দি থাকে। পিতাৰ স্মৃতিত শান্তিত থাকা। কিন্তু পিতাই জানে সন্মুখত থকাসকলতকৈও দূৰৈত থকাসকলে বহুত বেছি স্মৃতিত থাকে আৰু ভাল পদ পাই যায়। ভক্তিমাৰ্গতো এনেকুৱা হয়। কিছুমান অতি উত্তম ভক্ত যি গুৰুতকৈও অধিক স্মৃতিত থাকে। যিয়ে বহুত ভাল ভক্তি কৰিছে তেওঁলোকেই ইয়ালৈ আহে। সকলো ভক্ত নহয় জানো। সন্ন্যাসী আদি নাহে, সকলো ভক্তই ভক্তি কৰি কৰি আহি যাব। পিতাই কিমান স্পষ্টকৈ বুজায়। তোমালোকে জ্ঞান লৈ আছা, এইটো সিদ্ধ হয় যে তোমালোকে বহুত ভক্তি কৰিছা। বেছি ভক্তি কৰাসকলে বেছিকৈ পঢ়িব। কম ভক্তি কৰাসকলে কমকৈ পঢ়িব। মুখ্য পৰিশ্ৰম কৰিবলগীয়া কথাটি হৈছে স্মৃতিত থকা। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব আৰু বহুত অমায়িকো হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা, বিশ্বাসী, আজ্ঞাকাৰী সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনোবা যিমানেই মৰমৰ সম্বন্ধীয় নহওঁক তেওঁলোকৰ প্ৰতি মোহ ৰাখিব নালাগে। নষ্টোমোহা হ’ব লাগে। যুক্তিৰে বুজাব লাগে। নিজৰ লগতে আনৰ ওপৰত দয়া কৰিব লাগে।

(2) পিতা আৰু শিক্ষকক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। নিচা থাকিব লাগে যে ভগৱানে আমাক পঢ়ায়, বিশ্বৰ বাদশ্বাহী দিয়ে! চলোঁতে-ফুৰোঁতে স্মৃতিত থাকিব লাগে, পৰচিন্তন কৰিব নালাগে।

বৰদান:
অবিনাশী আত্মিক ৰঙৰ সঁচা হোলীৰ দ্বাৰা পিতাৰ সমান স্থিতিৰ অনুভৱী হোৱা

তোমালোক পৰমাত্ম ৰঙেৰে ৰঙীন হোৱা পৱিত্ৰ আত্মা। সংগমযুগ পৱিত্ৰ জীৱনৰ যুগ। যেতিয়া অবিনাশী আত্মিক ৰং লাগি যায় তেতিয়া সদাকালৰ বাবে পিতাৰ সমান হৈ যোৱা। সেয়েহে তোমালোকৰ ‘হোলী’ হৈছে সংগৰ ৰঙেৰে পিতাৰ সমান হোৱা। এনেকুৱা দৃঢ় ৰং হওঁক যাতে আনকো পিতাৰ সমান কৰি দিয়া। প্ৰত্যেক আত্মাৰ ওপৰত অবিনাশী জ্ঞানৰ ৰং, স্মৃতিৰ ৰং, অনেক শক্তিৰ ৰং, গুণৰ ৰং, শ্ৰেষ্ঠ বৃত্তি দৃষ্টি, শুভ ভাৱনা, শুভ কামনাৰ আত্মিক ৰং লগোৱা।

স্লোগান:
দৃষ্টি অলৌকিক, মন শীতল, বুদ্ধি দয়াশীল আৰু মুখ মধুৰ কৰি তোলা।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সত্যতাৰ শক্তি স্বৰূপ হৈ, নিচাৰে কোৱা, নিচাৰে চোৱা। আমি সৰ্বশক্তিমান চৰকাৰৰ অনুচৰ, এইটো স্মৃতিৰে অযথাৰ্থক যথাৰ্থত আনিব লাগে। সত্যক প্ৰসিদ্ধ কৰিব লাগে, লুকুৱাব নালাগে কিন্তু সভ্যতাৰে। নিচা থাকিব লাগে যে আমি শিৱ শক্তি। শক্তিসকলে সাহস কৰিলে সৰ্বশক্তিমানে সহায় কৰে।