14.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দেৱতা হ’বলৈ হ’লে অমৃত পান কৰা আৰু কৰোৱা, অমৃত পান কৰাসকলহে শ্ৰেষ্ঠাচাৰী হয়”
প্ৰশ্ন:
এই সময়ত
সত্যযুগী প্ৰজা কিহ’ৰ আধাৰত তৈয়াৰ হৈ আছে?
উত্তৰ:
যিসকল এই জ্ঞানেৰে প্ৰভাৱিত হয়, বহুত ভাল, বহুত ভাল বুলি কয় কিন্তু পঢ়া নপঢ়ে,
পৰিশ্ৰম কৰিব নোৱাৰে, তেওঁলোক প্ৰজা হৈ যায়। প্ৰভাৱিত হোৱা মানে প্ৰজা হোৱা।
সূৰ্যবংশী ৰজা-ৰাণী হ’বলৈ হ’লেতো পৰিশ্ৰম কৰিব লাগে। পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব
লাগে। স্মৰণ কৰি থাকিলে আৰু আনকো কৰাই থাকিলে তেতিয়া উচ্চ পদ পাব পাৰে।
গীত:
তুনে ৰাত
গঁৱাই চো কে… (তুমি ৰাতি শুই কটালা……)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে যে আমাৰ জীৱন হীৰাতুল্য আছিল। এতিয়া কড়িতুল্য হৈ গ’ল। এইটোতো সাধাৰণ
কথা। সৰু ল’ৰা-ছোৱালীয়েও বুজিব পাৰে। বাবাই বহুত সহজ ৰীতিৰে বুজায়, যাতে
ল’ৰা-ছোৱালীয়েও বুজিব পাৰে। সত্য-নাৰায়ণৰ কথা শুনালে তেতিয়া ল’ৰা-ছোৱালীও বহি যায়।
কিন্তু সেই সৎসংগ আদিত যি শুনায় সেই সকলোবোৰ হৈছে কাহিনী (আখ্যান)। কাহিনী কোনো
জ্ঞান নহয়, ৰচি থোৱা কাহিনী। গীতাৰ কাহিনী, ৰামায়ণৰ কাহিনী ভিন্ন ভিন্ন শাস্ত্ৰ,
যাৰ কাহিনীবোৰ বহি শুনায়। সেই সকলোবোৰ হ’ল কাহিনী। কাহিনীবোৰৰ পৰা কিবা লাভ হয় জানো!
এয়া হ’ল সত্য-নাৰায়ণৰ অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হোৱাৰ সঁচা কাহিনী। এয়া শুনিলে তোমালোক
নৰৰ পৰা নাৰায়ণ হৈ যাবা। এয়া অমৰকথাও হ’ল। তোমালোকে নিমন্ত্ৰণ জনোৱা যে আহক
আপোনালোকক অমৰকথা শুনাম তেতিয়া আপোনালোক অমৰলোকলৈ গুচি যাব। তথাপিও কোনেও বুজি
নাপায়। শাস্ত্ৰবোৰৰ কাহিনী শুনি আহিছে। একোৱে প্ৰাপ্তি নহয়। লক্ষ্মী-নাৰায়ণৰ
মন্দিৰলৈ যাব, ব’লা দৰ্শন কৰি আহোঁ। মহাত্মাৰ দৰ্শন কৰি আহোঁ। এয়া একপ্ৰকাৰৰ
ৰীতি-প্ৰথা চলি আহিছে। ঋষি-মুনি আদি যিসকল হৈ গৈছে তেওঁলোকৰ আগত মুৰ দোৱাই আহিছে।
সোধা - ৰচয়িতা আৰু ৰচনাৰ কাহিনী গম পায়নে? তেতিয়া ক’ব নাপাওঁ। এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা যে এই ৰচয়িতা আৰু ৰচনাৰ কাহিনীতো বহুত সহজ। ‘অল্ফ’ আৰু ‘বে’ৰ
(পৰমপিতা আৰু বাদশ্বাহীৰ) কাহিনী। প্ৰদৰ্শনীলৈ যিসকল আহে তেওঁলোকে কাহিনীতো ঠিকেই
শুনে কিন্তু পৱিত্ৰ নহয়। এনেকৈ ভাবে যে এই বিকাৰগ্ৰস্ত হোৱাৰ ৰীতি-প্ৰথাও অনাদি
কালৰ পৰা চলি আহিছে। মন্দিৰত দেৱতাসকলৰ আগত গৈ গায় - আপুনি সৰ্বগুণ সম্পন্ন
নিৰ্বিকাৰী… আকৌ বাহিৰলৈ আহি কয় বিকাৰগ্ৰস্ত হোৱাটোতো অনাদি। ইয়াৰ অবিহনে সৃষ্টি
কেনেকৈ চলিব? লক্ষ্মী-নাৰায়ণ আদিৰোতো সন্তান আছিল, এনেকৈ কৈ দিয়ে তেন্তে এওঁলোকক কি
বুলি ক’বা! মনুষ্যৰ মৰ্যাদাতো দিব নোৱাৰি। দেৱতাসকলো মনুষ্য আছিল, লক্ষ্মী-নাৰায়ণৰ
ৰাজ্যত কিমান সুখী আছিল। তোমালোক সন্তানসকলক বাবাই বহুত সহজ কথা শুনায়, যথাযথ ইয়াত
ভাৰততেই স্বৰ্গ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। চিত্ৰও আছে, এইটোতো সকলোৱে মানিব
যে সত্যযুগত এওঁলোকৰ ৰাজ্য আছিল। তাত কোনো দুখী নাছিল, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল,
তেওঁলোকৰ মন্দিৰো ডাঙৰ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছিল। তেওঁলোকৰ 5 হাজাৰ বছৰ হ’ল। এতিয়া
তেওঁলোক নাই। এতিয়াতো কলিযুগৰ অন্তৰ সময়। মনুষ্যই পৰস্পৰ হাই-কাজিয়া কৰি থাকে।
ভগৱানতো ওপৰতহে থাকে নিৰ্বাণধামত। আচলতে অমি আত্মাসকলো তাত থাকোঁ, ইয়ালৈ ভূমিকা
পালন কৰিবলৈ আহোঁ। প্ৰথমে আমি লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত আছিলোঁ। তাত বহুত সুখ-আনন্দ
আছিল আকৌ আমি 84 জন্ম ল’বলগীয়া হ’ল। 84ৰ চক্ৰ বুলি গায়নো কৰা হয়। আমি সুৰ্যবংশীত
1250 বছৰ ৰাজত্ব কৰিলোঁ। তাত অপাৰ সুখ আছিল, সম্পূৰ্ণ নিৰ্বিকাৰী আছিল,
হীৰা-মুকুতাৰ মহল আছিল। আমি ৰাজত্ব কৰিলোঁ আকৌ 84 জন্মত আহিবলগীয়া হয়। এই সৃষ্টিৰ
ইতিহাস-ভূগোলৰ চক্ৰ ঘূৰি থাকে। আধাকল্প সুখ আছিল। ৰামৰাজ্যত আছিল আকৌ মনুষ্যৰ বৃদ্ধি
হৈ গ’ল। সত্যযুগত 9 লাখ আছিল। সত্যযুগৰ অন্তলৈ বৃদ্ধি হৈ 9 লাখৰ পৰা দুই কোটি হৈ
গ’ল, আকৌ 12 জন্ম ত্ৰেতাত বহুত সুখ শান্তিত আছিল। এটাই ধৰ্ম আছিল। আকৌ কি হ’ল? আকৌ
ৰাৱণৰাজ্য আৰম্ভ হ’ল। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য চোৱা বহুত সহজ ৰীতিৰে বুজাওঁ। সৰু সৰু
ল’ৰা-ছোৱালীকো এনেকৈ ক’ব লাগে আৰু কি হ’ল? ডাঙৰ ডাঙৰ সোণ, হীৰা মুকুতাৰ মহল
ভূমিকম্পত তলত সোমাই গ’ল। ভাৰতবাসী বিকাৰী হোৱাৰ কাৰণেই ভূমিকম্প হ’ল, আকৌ
ৰাৱণৰাজ্য আৰম্ভ হ’ল। পৱিত্ৰৰ পৰা অপৱিত্ৰ হৈ গ’ল। এনেকৈ কয়ো যে সোণৰ লঙ্কা তলত
সোমাই গ’ল। কিবাতো ৰক্ষা পৰিল নহয়, যাৰ দ্বাৰা আকৌ মন্দিৰ আদি নিৰ্মাণ কৰিলে।
ভক্তিমাৰ্গ আৰম্ভ হ’ল – মনুষ্য বিকাৰী হ’বলৈ ধৰিলে। আকৌ ৰাৱণৰাজ্য হ’ল তেতিয়া আয়ুসো
কম হৈ গ’ল। আমি নিৰ্বিকাৰী যোগীৰ পৰা বিকাৰী ভোগী হৈ গ’লোঁ, যেনেকুৱা ৰজা-ৰাণী
তেনেকুৱা প্ৰজা সকলো বিকাৰী হৈ গ’ল। এই কাহিনী কিমান সহজ। সৰু সৰু কন্যাসকলেও যদি
এই কাহিনী শুনায় তেন্তে গণ্যমান্য ব্যক্তিসকলো তলমুৱা হৈ যাব। এতিয়া পিতাই বহি
শুনায়, তেৱেঁই জ্ঞানৰ সাগৰ পতিত-পাৱন। বাৰু দ্বাপৰত ভোগী পতিত হৈ গ’ল আকৌ অন্য
ধৰ্মও আৰম্ভ হৈ গৈ থাকিল। অমৃতৰ যি নিচা আছিল সেয়া নোহোৱা হৈ গ’ল। হাই-কাজিয়া হ’বলৈ
ধৰিলে। দ্বাপৰৰ পৰা ধৰি আমি অৱনমিত হ’লোঁ, কলিযুগত আমি আৰুহে বিকাৰী হলোঁ। পাথৰৰ
মূৰ্তি সাজি থাকিলোঁ। হনুমান, গণেশৰ…। পাথৰবুদ্ধিৰ হ’বলৈ ধৰিলোঁ তেতিয়া পাথৰৰ পূজা
কৰিবলৈ লাগি গ’লোঁ। ভাবিছিলোঁ যে ভগৱান পাথৰ-শিলগুটি সকলোতে আছে। এনেকৈ কৰি কৰি
ভাৰতৰ এইটো অৱস্থা হৈ গ’ল এতিয়া আকৌ পিতাই কয় - বিষ (বিকাৰ) এৰা অমৃত পান কৰি
পৱিত্ৰ হোৱা আৰু তাৰপাছত বাদশ্বাহী লোৱা। বিষ ত্যাগ কৰিলে তোমালোক মনুষ্যৰ পৰা দেৱতা
হৈ যাবা। কিন্তু বিষ ত্যাগ নকৰে। বিষৰ কাৰণে কিমান মাৰে, অশান্ত কৰে সেইবাবেতো
দ্ৰৌপদীয়ে মিনতি কৰিছিল নহয়। তোমালোকে বুজি পোৱা যে অমৃত পান নকৰাকৈ আমি দেৱতা
কেনেকৈ হ’ম। সত্যযুগততো ৰাৱণ নাথাকেই। পিতাই কয়, যেতিয়ালৈকে শ্ৰেষ্ঠাচাৰী নোহোৱা
স্বৰ্গলৈ আহিব নোৱাৰিবা। যিসকল শ্ৰেষ্ঠাচাৰী আছিল, তেওঁলোক এতিয়া ভ্ৰষ্টাচাৰী হৈ
গৈছে। আকৌ এতিয়া অমৃত পান কৰি শ্ৰেষ্ঠাচাৰী হ’ব লাগে। পিতাই কয় – মামেকম্ (কেৱল মোক)
স্মৰণ কৰা। কি ‘গীতা’ পাহৰি গ’লা নেকি? ‘গীতা’ মই ৰচিলোঁ, নাম দি দিলে শ্ৰীকৃষ্ণৰ।
এই লক্ষ্মী-নাৰায়ণক এই ৰাজ্য-ভাগ্য কোনে দিলে? নিশ্চয় ভগৱানে দিছিল। পূৰ্বৰ জন্মত
ভগৱানে ৰাজযোগ শিকালে, নাম আকৌ দিলে শ্ৰীকৃষ্ণৰ। গতিকে বুজাবলৈ অভ্যাস কৰিব লাগে।
বহুত সহজ কাহিনী। বাবাৰ কিমান সময় লাগিল? আধাঘণ্টাত ইমান সহজ কথাটিও বুজিব নোৱাৰে
সেইকাৰণে পিতাই কয় – বহি লৈ কেৱল এটা সৰু কাহিনী যি কোনো লোককে বুজোৱা। হাতত চিত্ৰ
লোৱা। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য, পাছত ত্ৰেতাত ৰাম-সীতাৰ ৰাজ্য… আকৌ দ্বাপৰৰ
পৰা ৰাৱণৰাজ্য হ’ল। কিমান সহজ কাহিনী। যথাযথ আমি দেৱতা আছিলোঁ আকৌ ক্ষত্ৰিয়, বৈশ্য,
শূদ্ৰ হ’লোঁ। এতিয়া নিজক দেৱতা বুলি নভবাৰ কাৰণে হিন্দু বুলি কৈ দিয়ে। ধৰ্ম শ্ৰেষ্ঠ,
কৰ্ম শ্ৰেষ্ঠৰ পৰা ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’ল। এনেকৈ সৰু সৰু কন্যাসকলে বহি
ভাষণ দিলে গোটেই সভাই দোহাৰি থাকিব।
বাবাই সকলো
সেৱাকেন্দ্ৰৰ সন্তানসকলক শুনাই আছে। এতিয়া এই জ্যেষ্ঠসকলে যদি নিশিকে তেন্তে সৰু সৰু
কুমাৰীসকলক শিকোৱা। কুমাৰীসকলৰ নামো আছে। দিল্লী, বোম্বাইত (এতিয়া মুম্বাই) বহুত
ভাল ভাল কুমাৰী আছে। লিখা পঢ়া জনা। তেওঁলোকতো আগবাঢ়ি আহিব লাগে। কিমান কাম কৰিব পাৰা।
যদি কুমাৰীসকল আগবাঢ়ি আহে তেন্তে নাম প্ৰসিদ্ধ হৈ যাব। যিসকল চহকী ঘৰৰ তেওঁলোকে
সাহস কৰিব নোৱাৰে। ধনৰ নিচা থাকে। যৌতুক আদি পায় বচ্। কুমাৰীসকলে বিবাহ কৰি মুখ ক’লা
কৰি দিয়ে আৰু সকলোৰে আগত নতশিৰ হ’বলগীয়া হয়। গতিকে পিতাই কিমান সহজকৈ বুজায়। কিন্তু
পাৰসবুদ্ধিৰ হোৱাৰ খেয়ালেই নচলে। চোৱা যিসকলে নপঢ়ে তেওঁলোকো আজিকালি এম. পি., এম.
এল. এ. আদি হৈ গৈছে। পঢ়াৰ দ্বাৰাতো কি কি হৈ যায়। এই পঢ়াতো বহুত সহজ। অন্যকো গৈ
শিকাব লাগে। কিন্তু শ্ৰীমতত নচলিলে তেতিয়া নপঢ়েও। বহুত ভাল ভাল কুমাৰী আছে কিন্তু
নিজৰেই নিচাত মগ্ন হৈ আছে। অলপ কাম কৰিলে ভাবে মই বহুত কাম কৰিলোঁ। এতিয়াতো বহুত
কাম কৰিবলৈ আছে। আজিকালি কুমাৰীসকল ধুন-পেচতে থাকে। তাততো প্ৰাকৃতিক সৌন্দৰ্য থাকে।
ইয়াত কিমান কৃত্ৰিম শোভা কৰে। কেৱল চুলি সজোৱাতে কিমান পইচা খৰচ কৰে। এয়া হ’ল মায়াৰ
পাম্প। ৰাৱণৰাজ্যত মায়াই অধঃপতিত কৰে, আকৌ ৰামৰাজ্যত উত্থান হয়। এতিয়া ৰামৰাজ্যৰ
স্থাপন হয়। কিন্তু তোমালোকে পৰিশ্ৰমতো কৰাচোন। তোমালোক কি হ’বাগৈ। যদি নপঢ়া তেন্তে
তাত গৈ পাই-পইচাৰ (তেনেই সাধাৰণ) প্ৰজা হ’বাগৈ। আজিকালিৰ গণ্যমান্য ব্যক্তিসকল তাত
সকলো প্ৰজাত আহি যাব। চহকীসকলে কেৱল ভাল ভাল বুলি কৈ নিজৰ বেপাৰত লাগি যায়। বহুত
ভালকৈ প্ৰভাৱিত হয় তাৰপাছত কি! অৱশেষত কি হ’ব? তাত গৈ প্ৰজা হ’ব। প্ৰভাৱিত হোৱা মানে
প্ৰজা। যিসকলে পৰিশ্ৰম কৰে তেওঁলোক ৰামৰাজ্যত আহি যাব। বুজনিতো বহুত সহজ। এই
কাহিনীৰ নিচাত কোনোবা থাকিলে নাও পাৰ হৈ যাব। মই শান্তিধামলৈ যাম আকৌ সুখধামলৈ আহিম
বচ্ স্মৰণ কৰি থাকিব লাগে আৰু আনকো কৰাই থাকিব লাগে, তেতিয়াহে উচ্চ পদ পাবা। পঢ়াৰ
প্ৰতি মনোযোগ দিব লাগে। চিত্ৰ হাতত থাকিব লাগে। যেনেকৈ বাবাই যেতিয়া
লক্ষ্মী-নাৰায়ণৰ পূজা কৰিছিল তেতিয়া চিত্ৰ জেপত ৰাখিছিল। চিত্ৰ সৰুও আছে, লকেটতো আছে।
তাৰ ওপৰত বুজাব লাগে। এয়া হ’ল বাবা, তেওঁৰ দ্বাৰা উত্তৰাধিকাৰ পাই আছোঁ। এতিয়া
পৱিত্ৰ হোৱা, পিতাক স্মৰণ কৰা। এই পদকটিত (বেজটিত) কিমান জ্ঞান আছে। ইয়াত গোটেই
জ্ঞান আছে। ইয়াৰ ওপৰত বুজোৱা বহুত সহজ। চেকেণ্ডত পিতাৰ পৰা স্বৰ্গৰ জীৱনমুক্তিৰ
উত্তৰাধিকাৰ। কোনোবাই বুজালে জীৱনমুক্তি পদৰ অধিকাৰী হৈ যাব। বাকী পঢ়া অনুসৰি উচ্চ
পদ পাব। স্বৰ্গলৈতো আহিব নহয়। শেষৰফালেতো আহিব নহয়। বৃদ্ধিতো হ’বই। দেৱী-দেৱতা ধৰ্ম
উচ্চ, সেয়াওতো হ’ব নহয়। প্ৰজাতো লাখ লাখ হ’ব। সূৰ্যবংশী হোৱাত পৰিশ্ৰম আছে। সেৱা
কৰাসকলেহে ভাল পদ পাব। তেওঁলোকৰ নামো প্ৰসিদ্ধ – কুমাৰকা (দাদী প্ৰকাশমণি) আছে, জনক
(দাদী জানকী) আছে ভালকৈ সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লৈ আছে। কোনো সংঘাত নাই।
পিতাই কয় - বেয়া
নাচাবা, বেয়া নক’বা তথাপিও এনেকুৱা কামবোৰ কৰিয়ে থাকে। এনেকুৱাসকল গৈ কি হ’ব। ইমান
সহজ সেৱাও নকৰে। সৰু সৰু কন্যাসকলেও এয়া বুজাব পাৰে। শুনাব পাৰে। বান্দৰ সেনাও
প্ৰসিদ্ধ। সীতা যি ৰাৱণৰ কাৰাগাৰত বন্দী হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিব লাগে। কি কি
কাহিনী ৰচি দিছে। এনেকৈ কোনোবাই ভাষণ দিয়ক। বাকী কেৱল কয় অমুক বহুত প্ৰভাৱিত হ’ল।
সোধা, আপুনি কি হ’ব বিচাৰে? কেৱল আনক ক’ব এওঁলোকৰ জ্ঞান বহুত ভাল। নিজে একো বুজি
নাপায়, ইয়াৰ পৰা কি লাভ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
পাৰসবুদ্ধিৰ হ’বলৈ পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। শ্ৰীমতত পঢ়িব আৰু পঢ়াব লাগে।
হদৰ চহকী হোৱাৰ নিচা, ধুন-পেচ আদি ত্যাগ কৰি এই বেহদৰ সেৱাত লাগি যাব লাগে।
(2) বেয়া নুশুনিবা,
বেয়া নাচাবা… কোনো ব্যৰ্থ কথা ক’ব নালাগে। কাৰো দ্বাৰা প্ৰভাৱিত হ’ব নালাগে। সকলোকে
সত্য নাৰায়ণৰ সৰু কাহিনীটি শুনাব লাগে।
বৰদান:
নতুন জীৱনৰ
স্মৃতিৰে কৰ্মেন্দ্ৰিয়সমুহৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা জীৱন্তে মৃত হোৱা
যিসকল সন্তান পূৰা
জীৱন্তে মৰি গৈছে তেওঁলোকৰ কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণ থাকিব নোৱাৰে। জীৱন্তে মৰি গ’ল
অৰ্থাৎ সকলো ফালৰ পৰা মৰি গ’ল, পুৰণা আয়ুস সমাপ্ত হ'ল। যিহেতু নতুন জন্ম হ'ল, গতিকে
নতুন জন্ম, নতুন জীৱনত কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী কেনেকৈ হ'ব পাৰে।
ব্ৰহ্মাকুমাৰ-কুমাৰীৰ নতুন জীৱনত কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী হোৱাটো কি বস্তু - এইটো
জ্ঞানৰ পৰাও উৰ্দ্ধত (অজ্ঞ)। শূদ্ৰবোধৰ অলপো শ্বাস অৰ্থাৎ সংস্কাৰ ক’তো যাতে থাকি
নাযায়।
স্লোগান:
অমৃতবেলা অন্তৰত পৰমাত্ম স্নেহ সমাহিত কৰি লোৱা তেতিয়া অন্য কোনো স্নেহে আকৰ্ষিত
কৰিব নোৱাৰে।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
সংগঠনত সফলতা লাভ
কৰিবলৈ সদায় নম্ৰচিত্তৰ সিংহাসনত বিৰাজমান হৈ থাকা। এই সিংহাসনত বহি, দায়িত্বৰ
মুকুট পৰিধান কৰি ভৱিষ্যতৰ পদবী গঢ়া। সিংহাসনৰ পৰা নামি নাহিবা, ইয়াতে বহি কাম কৰা
তেতিয়া সফলতা লাভ কৰি থাকিবা। ইয়াৰ বাবে 'আগতে আপুনি'ৰ পাঠ দৃঢ় হওক, ইয়াৰ দ্বাৰা
তোমালোকৰ সংস্কাৰ সকলোৰে সৈতে সহজেই মিলি যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]