14.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেনেকৈ পিতা প্ৰেমৰ সাগৰ, তেওঁৰ দৰে প্ৰেম সংসাৰত আন কোনেও কৰিব নোৱাৰে, ঠিক তেনেকৈ
তোমালোক সন্তানসকলো পিতাৰ সমান হোৱা, কাকো বিতুষ্ট নকৰিবা”
প্ৰশ্ন:
কেনেধৰণৰ
খেয়াল চলি থাকিলে আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব?
উত্তৰ:
(1) এতিয়া আমি জ্ঞান ৰত্নৰে নিজৰ জোলোঙা ভৰাই আছোঁ, পাছত এই খনি আদি সকলোবোৰ ভৰপূৰ
হৈ যাব। তাত (সত্যযুগত) আমি সোণৰ মহল নিৰ্মাণ কৰিম। (2) আমাৰ এই ব্ৰাহ্মণ কুল উত্তম
কুল, আমি সঁচা সত্য-নাৰায়ণৰ কথা, অমৰকথা শুনোঁ আৰু শুনাওঁ… এনেকুৱা খেয়াল চলি থাকিলে
আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব।
ওঁম্শান্তি।
সন্তানসকল
পিতাৰ স্মৃতিত বহি আছে, এইটো শ্ৰীমত অৰ্থাৎ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত পোৱা যায়।
স্মৃতিৰ যাত্ৰা অতি মিঠা। সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে যে যিমান পিতাক
স্মৰণ কৰিম সিমানেই বাবা মিঠা লাগিব। চেক্ৰিন (অতি মিঠা) হয় নহয়। এজন পিতাইহে মৰম
কৰে বাকীতো সকলোৱে মাৰে। জগতত সকলোৱে ইজনে সিজনক প্ৰত্যাখ্যান কৰে। পিতাই মৰম কৰে,
তেওঁক কেৱল তোমালোক সন্তানসকলে জানিছা। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, কিমান
শ্ৰেষ্ঠ হওঁ, কোৱা আমাৰ পিতা কিমান শ্ৰেষ্ঠ? তেতিয়া কয় যে বিন্দু হয় আৰুতো কোনেও
নাজানে। সন্তানসকলেও বাৰে বাৰে পাহৰি যায়। কয় যে ভক্তিমাৰ্গততো ডাঙৰ ডাঙৰ চিত্ৰৰ
পূজা কৰিছিলোঁ। এতিয়া বিন্দুক কেনেকৈ স্মৰণ কৰোঁ? বিন্দুৱে বিন্দুকেইতো স্মৰণ কৰিব
নহয়। আত্মাই জানে যে আমি বিন্দু। আমাৰ পিতাও এনেকুৱা। আত্মাই ৰাষ্ট্ৰপতি হয়, আত্মাই
চাকৰ হয়। ভূমিকা আত্মাইহে পালন কৰে। পিতা হৈছে সকলোতকৈ মিঠা। সকলোৱে স্মৰণ কৰে - হে
পতিত-পাৱন, দুখ হৰ্তা, সুখ কৰ্তা আহা। এতিয়া তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে
যে আমি যাক বিন্দু বুলি কওঁ তেওঁ অতি সূক্ষ্ম কিন্তু মহিমা কিমান শ্ৰেষ্ঠ। যদিও
মহিমা গায় - জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, কিন্তু বুজি নাপায় যে তেওঁ কেনেকৈ আহি সুখ
দিয়েহি। মৰমৰ ল’ৰা-ছোৱালীসকলে প্ৰত্যেকে বুজিব পাৰে – কোন কোন কিমান শ্ৰীমতত চলে।
শ্ৰীমত পোৱা যায় সেৱা কৰিবৰ বাবে। বহুত মনুষ্য বেমাৰী ৰোগী হয়, বহুত আছে যি নিৰোগীও
হয়। ভাৰতবাসীয়ে জানে যে সত্যযুগত আয়ুস বহুত দীঘলীয়া গড়ে 125-150 বছৰ আছিল। প্ৰত্যেকে
নিজৰ সম্পূৰ্ণ আয়ুস পূৰা কৰিছিল। এইখনতো একেবাৰে ছিঃ ছিঃ সৃষ্টি যাৰ আৰু অলপ সময়হে
বাকী আছে। মনুষ্যই ডাঙৰ ডাঙৰ ধৰ্মশালা আদি এতিয়াও নিৰ্মাণ কৰি থাকে। এইটো নাজানে যে
এয়া আৰু বাকী কিমান সময় চলিব। মন্দিৰ আদি নিৰ্মাণ কৰে, লাখ লাখ টকা খৰচ কৰে। এইবোৰৰ
আয়ুস আৰু বাকী কিমান সময় চলিব? তোমালোকে জানা এয়াতো ভাঙো ভাঙো অৱস্থাত আছে।
তোমালোকক বাবাই ঘৰ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেতিয়াও বাধা নিদিয়ে। তোমালোকে নিজৰ
ঘৰতেই এটা কোঠাত চিকিৎসালয় তথা বিশ্ব বিদ্যালয় খুলি দিয়া। এই জ্ঞানৰ দ্বাৰা বিনা
খৰচত স্বাস্থ্য, সম্পত্তি, আনন্দ 21 জন্মৰ বাবে ল’ব লাগে। এইটোও বুজাইছে যে তোমালোকে
সুখ বহুত পোৱা। যেতিয়া তমোপ্ৰধান হোৱা তেতিয়া অধিক দুখ হয়। যিমানে তমোপ্ৰধান হৈ গৈ
থাকিবা সিমানে জগতত দুখ-অশান্তি বাঢ়ি গৈ থাকিব। মনুষ্য বহুত দুখী হ’ব। পুনৰ জয়জয়কাৰ
হৈ যাব। তোমালোক সন্তানসকলে দিব্য দৃষ্টিৰে যি বিনাশ দেখিছা সেয়া বাস্তৱত প্ৰত্যক্ষ
কৰিব লাগিব। স্থাপনাৰ সাক্ষাৎকাৰো বহুতে কৰিছে। সৰু সৰু কন্যাসকলে বহুত সাক্ষাৎকাৰ
কৰিছিল। জ্ঞান একোৱে নাছিল। পুৰণি সৃষ্টিৰ বিনাশো নিশ্চয় হ’ব। তোমালোক সন্তানসকলে
জানা – পিতাহে আহি স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। কিন্তু সন্তানসকলে আকৌ উচ্চ পদ পাবৰ
বাবে পুৰুষাৰ্থ কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই বহি এই সকলোবোৰ কথা বুজায়,
তেওঁলোকে জানো জানে যে বাকী অলপ সময়হে আছে। পিতাই কয় – মই হৈছোঁ দাতা, মই তোমালোকক
দিবলৈ আহিছোঁ। মনুষ্যই কয় – হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক।
পিতাই কয় - আগতে তোমালোক কিমান বিচাৰ বুধি সম্পন্ন আছিলা, সতোপ্ৰধান আছিলা। এতিয়াতো
তমোপ্ৰধান হৈ গৈছা। তোমালোকৰ বুদ্ধিতো এতিয়া উদয় হৈছে, আগতে জানো বুজিছিলা যে আমি
বিশ্বত ৰাজত্ব কৰিছিলোঁ। তোমালোক বিশ্বৰ মালিক আছিলা আকৌ নিশ্চয় হ’বা।
বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হ’ব। পিতাই বুজাইছে - 5000 বছৰ পূৰ্বে মই আহিছিলোঁ,
তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিছিলোঁ। আকৌ তোমালোকে 84 জন্মৰ ছিৰি নামা। এই
বিস্তাৰ কোনো শাস্ত্ৰত নাই। শিৱবাবাই জানো কিবা শাস্ত্ৰ আদি পঢ়িছে? তেওঁকতো জ্ঞানৰ
হৰ্তাকৰ্তা বুলি কোৱা হয়। তেওঁলোকেও শাস্ত্ৰ আদি পঢ়ি শাস্ত্ৰৰ হৰ্তাকৰ্তা হয়।
তেওঁলোকেওতো গায় – পতিত-পাৱন আহক। গংগা স্নান কৰিবলৈ যায়। বাস্তৱত এই ভক্তি হৈছেই
গৃহস্থীসকলৰ বাবে। পিতাই বহি বুজায়, তেওঁলোকেও নাজানে যে সৎগতি দাতা কোন। পিতাই
বুজায়- তোমালোকে মোক আহ্বানো জনোৱা, হে পতিত-পাৱন আহক। মই তোমালোকক পাৱন কৰি তোলোঁ।
মই তোমালোকক পঢ়াবৰ বাবে আহোঁ, এনেকুৱা নহয় যে আমাৰ ওপৰত কৃপা কৰক। মইতো শিক্ষক হওঁ,
তোমালোকে কৃপা আদি কিয় বিচৰা? আশীৰ্বাদতো অনেক জন্ম লৈ আহিছা। এতিয়া আহি মাতা-পিতাৰ
সম্পত্তিৰ মালিক হোৱা আৰু কি আশীৰ্বাদ কৰিম! সন্তান জন্ম হ’ল আৰু পিতাৰ সম্পত্তিৰ
মালিক হ’ল। লৌকিক পিতাক কয় যে কৃপা কৰা। ইয়াততো কৃপাৰ কথা নাই। কেৱল পিতাক স্মৰণ
কৰিব লাগে। এইটোও কোনেও নাজানে যে বাবা বিন্দু। এতিয়া তোমালোকক পিতাই কৈছে, সকলোৱে
কয়ো পৰমপিতা পৰমাত্মা, গড ফাদাৰ, চুপ্ৰীম চ’ল। তেন্তে পৰম আত্মা নহ’ল জানো। তেওঁ
হৈছে সৰ্বোচ্চ। বাকী সকলো আত্মা হয় নহয়। পৰম পিতা আহি নিজৰ সমান কৰি তোলে বাকী একো
নাই। কাৰোবাৰ বুদ্ধিত থাকিব জানো যে বেহদৰ পিতা যি স্বৰ্গৰ ৰচিয়তা হয়, তেওঁ আহি
স্বৰ্গৰ মালিক কৰি তোলে! তোমালোকে এতিয়া জানা, শ্ৰীকৃষ্ণৰ হাতত স্বৰ্গৰ গোলক আছে।
গৰ্ভৰ পৰা শিশু বাহিৰ ওলালে তেতিয়াৰ পৰা আয়ুস আৰম্ভ হয়। শ্ৰীকৃষ্ণইতো পূৰা 84 জন্ম
লয়। গৰ্ভৰ পৰা বাহিৰলৈ আহিল, সেই দিনাৰ পৰা 84 জন্ম গণনা কৰিব। লক্ষ্মী-নাৰায়ণকতো
ডাঙৰ হ’বলৈ 30-35 বছৰ লাগিল নহয়। তেন্তে সেই 30-35 বছৰ 5 হাজাৰৰ পৰা কম কৰিব লাগিব।
শিৱবাবাৰতো গণনা কৰিব নোৱাৰে। শিৱবাবা কেতিয়া আহে, সময় দিব নোৱাৰে। আৰম্ভণিতে
সাক্ষাৎকাৰ হৈছিল। মুছলমান লোকেও বাগিচা আদি দেখিছিল। এই ঐকান্তিক ভক্তিতো কোনেও কৰা
নাই। ঘৰত বহি নিজেই ধ্যানত গুচি গৈছিল। তেওঁলোকেতো কিমান ঐকান্তিক ভক্তি কৰে। গতিকে
পিতাই বহি সন্মুখত বুজায়। বাবা দূৰণিৰ দেশৰ পৰা আহিছে, এয়া সন্তানসকলে জানে। এওঁৰ
শৰীৰত প্ৰৱেশ কৰি আমাক পঢ়ায়। কিন্তু বাহিৰলৈ গ’লে নিচা কম হৈ যায়। স্মৃতি থাকিলে
আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ থাকিব আৰু কৰ্মাতীত অৱস্থা হৈ যাব, কিন্তু এই ক্ষেত্ৰত
সময় লাগে। এতিয়া চোৱা, শ্ৰীকৃষ্ণৰ আত্মাৰ অন্তিম জন্মত সম্পূৰ্ণ জ্ঞান আছে আকৌ
গৰ্ভৰ পৰা বাহিৰত ওলাব, অলপ মানো জ্ঞান নাথাকিব। পিতা আহি বুজায় - শ্ৰীকৃষ্ণই কোনো
মুৰুলী বজোৱা নাই। তেওঁতো জ্ঞান নাজানেই। লক্ষ্মী-নাৰায়ণৰেই নাই তেন্তে আকৌ ঋষি,
মুনি, সন্ন্যাসী আদিয়ে কেনেকৈ জানিব। বিশ্বৰ মালিক লক্ষ্মী-নাৰায়ণেই নাজানে তেন্তে
আকৌ এই সন্ন্যাসীসকলে কেনেকৈ জানিব। এনেকৈ কয় যে শ্ৰীকৃষ্ণ সাগৰত আহত পাতৰ ওপৰত
আহিল, এইটো কৰিলে…. এই সকলোবোৰ হৈছে কাহিনী, যিবোৰ বহি লিখিছে। কয় যে নদীত ভৰি দিলে
তেতিয়া সেয়া তললৈ গুচি গ’ল, বিচাৰ কৰা - মনুষ্যই কি কি কথা ৰচনা কৰিব পাৰে। এতিয়া
পিতাই বুজায়, কোনো ওলোট-পালট কথাৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা। শাস্ত্ৰ আদি কিমান
মনুষ্যই পঢ়ে। পিতাই কয় - পঢ়া সকলোবোৰ পাহৰি যোৱা। এই দেহকো পাহৰি যোৱা। ভিন্ন ভিন্ন
নাম, ৰূপ, দেশ চোলা পিন্ধি আত্মাইহে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লৈ ভূমিকা পালন কৰে।
এতিয়া পিতাই কয় – এয়া ছিঃ ছিঃ বস্ত্ৰ। আত্মা আৰু শৰীৰ দুয়োটাই পতিত। আত্মাকেই শ্যাম
আৰু সুন্দৰ বুলি কোৱা হয়। আত্মা পৱিত্ৰ আছিল তেতিয়া সুন্দৰ আছিল আকৌ কাম চিতাত বহা
বাবে ক’লা হৈ গ’ল। এতিয়া পিতাই পুনৰ জ্ঞান চিতাত বহুৱায়। পতিত-পাৱন পিতাই কয় - মোক
স্মৰণ কৰা তেতিয়া এই খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। আত্মাতেই খাদ পৰে। কলিযুগৰ অন্তত
তোমালোক গৰিব। তাত সত্যযুগত পুনৰ তোমালোকে সোণৰ মহল নিৰ্মাণ কৰিবা। আচৰিত কথা, ইয়াত
হীৰাৰ চোৱা কিমান মান। তাততো পাথৰ সদৃশ হয়। এতিয়া তোমালোকে পিতাৰ পৰা জ্ঞান ৰত্নৰে
জোলোঙা ভৰাই আছা। লিখা আছে সাগৰৰ পৰা ৰত্নৰ থালি ভৰাই লৈ আহে। সাগৰৰ পৰা যিমান বিচৰা
সিমান লোৱা। খনিবোৰেই ভৰপূৰ হৈ যায়। তোমালোকে সাক্ষাৎকাৰ কৰিছা। মায়া-মচ্ছন্দৰৰ খেলো
দেখুৱায়। তেওঁ দেখিলে সোণৰ ইটা পৰি আছে, লৈ যাওঁ। তললৈ যেতিয়া আহিল একোৱেই নাছিল।
তাততো সোণৰ ইটাৰ মহল নিৰ্মাণ কৰিম। এনেকুৱা খেয়াল আহিব লাগে তেতিয়া আনন্দৰ পাৰা
উৰ্দ্ধগামী হ’ব। পিতাৰ পৰিচয় দিব লাগে। শিৱবাবা 5 হাজাৰ বছৰ পূৰ্বেও আহিছিল, এয়া
কোনেও নাজানে। তোমালোকে জানা যে 5 হাজাৰ বছৰ পূৰ্বে আহি তোমালোকক ৰাজযোগ শিকাইছিল,
কল্পই কল্পই তোমালোককে শিকাব। যিসকল আহি ব্ৰাহ্মণ হ’ব তেওঁলোক পুনৰ দেৱতা হ’ব।
বিৰাট ৰূপো তৈয়াৰ কৰে। তাত ব্ৰাহ্মণৰ টিকনি (আটাইতকৈ উচ্চ ব্ৰাহ্মণক) নাইকিয়া কৰি
দিছে। ব্ৰাহ্মণৰ কুল অতি উত্তম বুলি গায়ন কৰা হয়, সেয়া হৈছে পাৰ্থিৱ। তোমালোক হৈছা
আত্মিক। তোমালোকে সঁচা সঁচা কথা (কাহিনী) শুনোৱা। এয়াই সত্য-নাৰায়ণৰ কথা, অমৰ কথা।
তোমালোকক অমৰ কথা শুনাই অমৰ কৰি আছে। এই মৃত্যুলোক নাশ হ’ব। শিৱবাবাই কয় - মই
তোমালোকক লৈ যাবলৈ আহিছোঁ। কিমান অনেক আত্মা হ’ব। আত্মা ঘৰলৈ উভতি গ’লে তেতিয়া জানো
কিবা আৱাজ হয়। মৌ মাখিৰ জাক যেতিয়া যায় কিমান আৱাজ হয়। ৰাণীৰ পাছে পাছে সকলো মৌ মাখি
উৰি যায়। সিহঁতৰ পৰস্পৰ কিমান একতা আছে। ভোমোৰাৰ দৃষ্টান্তও ইয়াৰে। তোমালোকে
মনুষ্যৰ পৰা দেৱতা কৰি তোলা। পতিতক তোমালোকে জ্ঞানৰ ভোঁ ভোঁ কৰা তেতিয়া পাৱন বিশ্বৰ
মালিক হৈ যায়। তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ, তাতো সংখ্যাগৰিষ্ঠতা মাতাসকলৰে
সেইকাৰণে ‘বন্দে মাতৰম্’ বুলি কোৱা হয়। ব্ৰহ্মাকুমাৰী তেওঁ যিয়ে পিতাৰ দ্বাৰা 21
জন্মৰ উত্তৰাধিকাৰ দিয়ে। পিতাই সদায় সুখৰ উত্তৰাধিকাৰ দিয়ে। যিয়ে সেৱা কৰিব, লিখিব
পঢ়িব তেওঁলোক নৱাব হ’ব…..। ৰজা হোৱা ভাল নে দাস-দাসী হোৱা ভাল। অন্তিম সময়ত তোমালোকে
সকলো গম পাই যাবা। মই কি হ’মগৈ? তেতিয়া অনুতাপ কৰিব। মই শ্ৰীমতত কিয় নচলিলোঁ! পিতাই
কয় - অনুসৰণ কৰা। এনেকুৱাও নহয় যে এটা কোঠা সেৱাকেন্দ্ৰৰ বাবে দি দিব, নিজে মাংস আদি
খাই থাকিব। সেয়া পুণ্য আত্মা, সেয়া পাপ আত্মা, তেতিয়া আশ্ৰম হৈ নাথাকিব। ঘৰতেই
স্বৰ্গ গঢ়ে তেন্তে নিজেও স্বৰ্গত থাকিব লাগে নহয়। কেৱল আশীৰ্বাদতে ৰৈ যাব নালাগে।
পিতাক স্মৰণ কৰিব লাগে। পৱিত্ৰ কৰিহে লগত লৈ যাব। তোমালোকতো বহুত আনন্দিত হৈ থাকিব
লাগে, কিমান শ্ৰেষ্ঠ লটাৰি পোৱা যায়। পিতাক যিমান স্মৰণ কৰিবা, সিমান বিকৰ্ম বিনাশ
হ'ব। পিতাৰ সমান মৰম, জগতত কোনেও কৰিব নোৱাৰে। তেওঁক কোৱাই হয় - প্ৰেমৰ সাগৰ।
তোমালোকো এনেকুৱা হোৱা। যদি কাৰোবাক দুখ দিয়া, বিতুষ্ট কৰা তেন্তে দুখী হৈ মৰিবা।
এয়া কোনো বাবাই অভিশাপ নিদিয়ে, বুজায়। সুখ দিয়া তেতিয়া সুখী হ'বা, সকলোকে মৰম কৰা।
বাবাও প্ৰেমৰ সাগৰ হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো
ওলোট-পালট কথাত বিশ্বাস কৰিব নালাগে। যি ওলোটা পঢ়িলা সেয়া পাহৰি অশৰীৰী হোৱাৰ
অভ্যাস কৰিব লাগে।
(2) কেৱল আশীৰ্বাদত চলিব নালাগে। নিজক পৱিত্ৰ কৰি তুলিব লাগে। পিতাক খোজে প্ৰতি
অনুসৰণ কৰিব লাগে, কাকোৱে দুখ দিব নালাগে। বিতুষ্ট কৰিব নালাগে।
বৰদান:
সত্য নিষ্ঠাৰ
আধাৰত অন্যৰ সংগ এৰি এজনৰ সৈতে সংগ লওঁতা সম্পূৰ্ণ বিশ্বাসী হোৱা
সম্পূৰ্ণ বিশ্বাসী
বুলি তেওঁলোকক কোৱা হয় যিসকলৰ সংকল্প বা সপোনতো পিতাৰ বাহিৰে আৰু পিতাৰ কৰ্তব্য বা
পিতাৰ মহিমাৰ, পিতাৰ জ্ঞানৰ বাহিৰে অন্য একোৱে দৃষ্টিগোচৰ নহয়। একমাত্ৰ পিতা অন্য
কোনো নাই… বুদ্ধিৰ প্ৰীতি সদায় এজনৰ সৈতে থাকে সেয়েহে অনেক সংগৰ ৰং লাগিব নোৱাৰে
সেইবাবে প্ৰথম প্ৰতিশ্ৰুতি হৈছে অন্যৰ সংগ এৰি এজনৰ সংগ লোৱা - এইটো প্ৰতিশ্ৰুতি
পালন কৰা অৰ্থাৎ সম্পূৰ্ণ বিশ্বাসী হোৱা।
স্লোগান:
সত্যতাৰ স্ব-স্থিতিয়ে পৰিস্থিতিৰ মাজতো সম্পূৰ্ণ কৰি তুলিব।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
আমি উচ্চতকৈও উচ্চ
পিতাৰ সন্তান, এইটো স্মৃতিত থাকিলে একৰস অৱস্থা বৰ্তি থাকিব। যেতিয়া কেৱল এজনৰ সৈতে
সম্পৰ্ক থাকে, তেতিয়া অৱস্থাও একৰস হৈ থাকে। যদি আন ক’ৰবাত সম্পৰ্কৰ যোগসূত্ৰ থাকে,
তেন্তে একৰস অৱস্থা নাথাকিব। সেয়েহে একৰস অৱস্থা গঢ়ি তুলিবলৈ কেৱল এজনৰ বাহিৰে আন
একোৱে দেখিও নাচাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]