14.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিৰন্তৰ যাতে এইটো স্মৃতিত থাকে যে আমাৰ বাবা, পিতাও হয়, শিক্ষকো হয় লগতে সৎগুৰুও হয়, এইটো স্মৃতিত থকাটোৱেই হৈছে মনমনাভৱ”

প্ৰশ্ন:
মায়াৰ ধূলি যেতিয়া চকুত পৰে তেতিয়া সকলোতকৈ প্ৰথম গাফিলতি কোনটো হয়?

উত্তৰ:
মায়াই প্ৰথম গাফিলতি কৰায় যে পঢ়িবলৈকে এৰি দিয়ে। ভগৱানে পঢ়ায়, এইটো পাহৰি যায়। পিতাৰ সন্তানেই পিতাই দিয়া পাঠ পঢ়িবলৈ এৰি দিয়ে, এইটোও আচৰিত কথা। নহ'লেতো জ্ঞান এনেকুৱা যে ভিতৰি আনন্দত নাচি থাকিব লাগে, কিন্তু মায়াৰ প্ৰভাৱ কোনো কম নহয়। মায়াই পঢ়াৰ পৰাই আঁতৰাই দিয়ে। পঢ়া এৰা মানে অনুপস্থিত হ’ল।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। বুজাব তেওঁলোকক লাগে যিসকলে অলপ কমকৈ বুজিছে। কিছুমান বহুত বুদ্ধিমান। সন্তানসকলে জানে এই মায়াতো বহুত বিস্ময়কৰ। যদিও তোমালোক ইয়াত বহি আছা কিন্তু অন্তৰেৰে বুজি পোৱা যে এওঁ আমাৰ বেহদৰ (অসীমৰ) বাবাও হয়, বেহদৰ শিক্ষকো হয়। বেহদৰ শিক্ষা দিয়ে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। শিক্ষাৰ্থীৰ বুদ্ধিত এইটো থাকিব লাগে নহয়। আকৌ লগত নিশ্চয় লৈ যাম। পিতাই জানে - এইখন পুৰণি ছিঃ ছিঃ সৃষ্টি, ইয়াৰ পৰা সন্তানসকলক লৈ যাব লাগে। ক'লৈ? ঘৰলৈ। যেনেকৈ কন্যাৰ বিয়া হ'লে শহুৰৰ ঘৰৰ মানুহ আহি তেওঁলোকৰ নিজৰ ঘৰলৈ লৈ যায়। এতিয়া তোমালোক ইয়াত বহি আছা। বাবাই বুজায় - সন্তানসকলৰ মনত নিশ্চয় উদয় হয় যে এওঁ আমাৰ বেহদৰ পিতাও হয়, বেহদৰ শিক্ষাও প্ৰদান কৰে। যিমান শ্ৰেষ্ঠ বাবা শিক্ষাও সিমানেই শ্ৰেষ্ঠ বেহদৰ প্ৰদান কৰে। ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্যও সন্তানসকলৰ বুদ্ধিত আছে। এইটো জানে যে পিতাই আমাক এই ছিঃ ছিঃ সৃষ্টিৰ পৰা উভতাই লৈ যাব। এয়াও যদি ভিতৰি স্মৰণ কৰা তেন্তে সেয়াও ‘মনমনাভৱ’ই হয়। চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে বুদ্ধিত এইটোৱেই যাতে স্মৃতি থাকে। যিটো বস্তু অনন্য সেয়া স্মৃতিলৈ আনিবলগীয়া হয়। তোমালোকে জানা যে ভালদৰে পঢ়িলে, স্মৰণ কৰিলে আমি বিশ্বৰ মালিক হ'ম। এইটোতো বুদ্ধিত নিশ্চয় চলিব লাগে। প্ৰথমে পিতাক স্মৰণ কৰিব লাগে। শিক্ষক পাছত পোৱা যায়। সন্তানসকলে জানে যে আমাৰ বেহদৰ আত্মিক পিতা আছে। সহজে যাতে স্মৃতিত থাকে তাৰ বাবে বাবাই যুক্তি (উপায়) শুনায় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা। যি স্মৃতিৰেহে আধাকল্পৰ বিকৰ্ম বিনাশ হ'ব। পৱিত্ৰ হ'বৰ বাবে তোমালোকে জন্ম-জন্মান্তৰ ভক্তি, জপ, তপ আদি বহুত কৰিছা। মন্দিৰলৈ যায়, ভক্তি কৰে, এনেকৈ ভাবে যে আমি পৰম্পৰাগতভাৱে কৰি আহিছোঁ। শাস্ত্ৰ কেতিয়াৰ পৰা শুনিছে? ক'ব যে পৰম্পৰাগতভাৱে। মনুষ্যই একোৱেই নাজানে। সত্যযুগত শাস্ত্ৰ নাথাকেই। তোমালোক সন্তানসকলতো আচৰিত হ'ব লাগে। পিতাৰ বাহিৰে কোনেও এইবোৰ কথা বুজাব নোৱাৰে। এওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। এওঁতো আমাৰ বাবা হয়। তেওঁৰ কোনো মা-পিতা নাই। কোনেও ক'ব নোৱাৰে যে শিৱবাবা কাৰোবাৰ সন্তান হয়। এই কথাবোৰৰ স্মৃতি যাতে বুদ্ধিত সকলো সময়তে থাকে - এয়াই হৈছে মনমনাভৱ। শিক্ষকে পঢ়ায় কিন্তু নিজে কাৰো পৰা পঢ়া নাই। এওঁক কোনেও পঢ়োৱা নাই। তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ, মনুষ্য সৃষ্টিৰ বীজৰূপ, জ্ঞানৰ সাগৰ। চৈতন্য হোৱা বাবে সকলো শুনায়। তেওঁ কয় - সন্তানসকল, মই যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁৰ দ্বাৰা মই তোমালোকক আদিৰ পৰা এতিয়ালৈকে সকলো ৰহস্য বুজাওঁ। অন্তিমৰ বাবেতো আকৌ পাছত শুনাম। সেই সময়ত তোমালোকেও বুজিবা - এতিয়া অন্তিম সময় সমাগত। ক্ৰমানুসৰি কৰ্মাতীত অৱস্থাও পাই যাবা। তোমালোকে লক্ষণবোৰো দেখিবা। পুৰণি সৃষ্টিৰ বিনাশতো হ'বই। এয়া অনেক বাৰ দেখিছা আৰু দেখি থাকিবা। তোমালোকে এনেকৈ পঢ়া যেনেকৈ কল্প পূৰ্বে পঢ়িছিলা। ৰাজ্য ল’লা, আকৌ হেৰুৱালা আকৌ এতিয়া লৈ আছা। পিতাই পুনৰ পঢ়াই আছে। কিমান সহজ। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি সঁচা বিশ্বৰ মালিক আছিলোঁ। পুনৰ বাবা আহি আমাক সেই জ্ঞান দি আছে। বাবাই ৰায় দিয়ে - এনেকৈ এইবোৰ কথা ভিতৰি মন্থন চলি থকা উচিত।

বাবা আমাৰ বাবাও হয়, শিক্ষকো হয়। শিক্ষকক কেতিয়াবা পাহৰিবা জানো! শিক্ষকৰ দ্বাৰাতো পাঠ পঢ়ি থাকে। কোনো কোনো সন্তানৰ দ্বাৰা মায়াই বহুত ভুল কৰোৱায়। একদম যেন চকুত ধূলি চটিয়াই দিয়ে। পঢ়িবলৈকে এৰি দিয়ে। ভগৱানে পঢ়ায়, এনেকুৱা শিক্ষাও এৰি দিয়ে! অধ্যয়নেই হৈছে মুখ্য কথা। তাকো আকৌ কোনে এৰি দিয়ে? পিতাৰ সন্তানে। তেন্তে সন্তানসকল ভিতৰি কিমান আনন্দিত হৈ থাকিব লাগে। পিতাই জ্ঞানো প্ৰতিটো কথাৰে দিয়ে। যিটো কল্পই কল্পই দিয়ে। পিতাই কয় - অতিকমেও এইটো ৰীতিৰে মোক স্মৰণ কৰা। কল্পই কল্পই তোমালোকেই বুজি পোৱা আৰু ধাৰণ কৰা। এওঁৰ বাবাতো কোনো নাই, তেৱেঁই বেহদৰ পিতা হয়। চমৎকাৰ পিতা নহ’ল জানো! মোৰ কোনো বাবা আছেনে কোৱা? শিৱবাবা কাৰ সন্তান? এই পঢ়াও আচৰিত যিটো এই সময়ৰ বাহিৰে কেতিয়াও পঢ়িব নোৱাৰি আৰু কেৱল তোমালোক ব্ৰাহ্মণসকলেহে পঢ়া। তোমালোকে এইটোও জানা যে পিতাক স্মৰণ কৰি কৰি আমি পৱিত্ৰ হৈ যাম। নহ'লে আকৌ শাস্তি খাব লাগিব। গৰ্ভ কাৰাগাৰত বহুত শাস্তি খাবলগীয়া হয়। তাত আকৌ বিচাৰসভা বহে। সকলো সাক্ষাৎকাৰ হয়। সাক্ষাৎকাৰ নকৰোৱাকৈ কাকো শাস্তি দিব নোৱাৰে। বিভ্ৰান্ত হয় যে মই এই শাস্তি কিয় পালোঁ। পিতাই জানে যে এওঁ এইটো পাপ কৰিছে, এইটো ভুল কৰিছে। সকলো সাক্ষাৎকাৰ কৰায়। সেই সময়ত এনেকুৱা অনুভৱ হয় যেন ইমানবোৰ জন্মৰ শাস্তি ভোগ কৰি আছোঁ। এয়া যেন সকলো জন্মৰ মান-সন্মান গ'ল। সেয়েহে পিতাই কয় - মৰমৰ সন্তানসকলে বহুত ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। 16 কলা সম্পন্ন হ'বৰ বাবে স্মৰণ কৰাৰ পৰিশ্ৰম কৰিব লাগে। চাব লাগে যে মই কাৰোবাক দুখতো নিদিওঁ? সুখদাতা পিতাৰ আমি সন্তান নহওঁ জানো? ফুলৰ দৰে হ'ব লাগে। এই শিক্ষাই তোমালোকৰ লগত যাব। পঢ়াৰ দ্বাৰাই মনুষ্য বেৰিষ্টাৰ আদি হয়। পিতাৰ এই জ্ঞান অনন্য আৰু সত্য। আৰু এয়া হৈছে পাণ্ডৱ চৰকাৰ, গুপ্ত। তোমালোকৰ বাহিৰে অন্য কোনেও বুজিব নোৱাৰে। এই পঢ়া হৈছে বিস্ময়কৰ। আত্মাইহে শুনে। পিতাই বাৰে বাৰে বুজায় - পঢ়া কেতিয়াও নেৰিবা। মায়াই এৰুৱাই দিয়ে। পিতাই কয় - এনেকুৱা নকৰিবা, পঢ়া নেৰিবা। বাবাৰ ওচৰলৈতো খবৰ আহে। ৰেজিষ্টাৰৰ পৰা সকলো গম পোৱা যায়। এওঁ কিমান দিন অনুপস্থিত আছে। পঢ়িবলৈ এৰি দিলে পিতাকো পাহৰি যায়। বাস্তৱত এইটো পাহৰি যোৱা কথা নহয়। এওঁতো বিস্ময়কৰ পিতা। বুজায়ো। এয়া যেন এখন খেল। খেলৰ কথা কাৰোবাক শুনালে তৎক্ষণাৎ স্মৃতিত ৰৈ যায়। সেইটো কেতিয়াও নাপাহৰে। এওঁ (ব্ৰহ্মাবাবাই) নিজৰ অনুভৱো শুনায়। সৰু কালৰে পৰাই বৈৰাগী খেয়ালৰ আছিল। কৈছিল যে জগতততো বহুত দুখ। এতিয়া মোৰ হাতত কেৱল 10,000 টকা হৈ গ'লে 50 টকা সুদ পোৱা যাব, ইমানেই যথেষ্ট। স্বতন্ত্ৰ হৈ থাকিব। ঘৰ-সংসাৰ চম্ভালাতো সমস্যা। বাৰু, আকৌ বাবাই “সৌভাগ্য সুন্দৰী” নামেৰে এখন কথাছবি চালে... বচ্‌ লগে লগে বৈৰাগ্যৰ সকলো কথা তল পৰিল। খেয়াল আহিল যে বিয়া পাতিম, এইটো কৰিম। মায়াই এটাই থাপৰ মাৰিলে, সকলো শেষ কৰি দিলে। সেয়েহে এতিয়া পিতাই কয় - সন্তানসকল, এই জগতখনেই হৈছে নৰক আকৌ তাতো এয়া যি নাটক (চিনেমা) আছে, সেয়াও নৰক। এয়া চালেই সকলোৰে বৃত্তি নষ্ট হৈ যায়। বাতৰি কাকত পঢ়িলে, তাত ভাল ভাল ছোৱালীৰ চিত্ৰ দেখিলে তেতিয়া বৃত্তি সেইফালে গুচি যায়। এওঁ বহুত ধুনীয়া, বুদ্ধিত খেয়াল আহিল নহয়। বাস্তৱত এনেকুৱা খেয়ালো আহিব নালাগে। বাবাই কয় – এই জগতখনেই নাশ হৈ যাব, সেয়েহে তোমালোকে অন্য সকলো পাহৰি মামেকম্ স্মৰণ কৰা, এনেকুৱা চিত্ৰবোৰ কিয় চোৱা? এই সকলোবোৰ কথাই বৃত্তি অৱনমিত কৰি দিয়ে। এয়া যিবোৰ দেখিছা সেয়াতো সকলো সমাধিস্থ হৈ যাব। যিবোৰ এই দুচকুৰে দেখি আছা সেয়া স্মৃতিলৈ নানিবা, তাৰ প্ৰতি থকা মমত্ব নাইকিয়া কৰা। এই সকলো শৰীৰ পুৰণা ছিঃ ছিঃ। যদিও আত্মা শুদ্ধ হয় কিন্তু শৰীৰতো ছিঃ ছিঃ নহয় জানো। সেইফালে ধ্যান কিয় দিব লাগে। একমাত্ৰ পিতাকে চাব লাগে।

পিতাই কয় - মৰমৰ সন্তানসকল, লক্ষ্য বহুত উচ্চ। বিশ্বৰ মালিক হ’বৰ কাৰণে অন্য কোনেও চেষ্টাও কৰিব নোৱাৰে। কাৰো বুদ্ধিত উদয়ো হ’ব নোৱাৰে। মায়াৰ প্ৰভাৱ কোনো কম নহয়। বৈজ্ঞানিকসকলৰ কিমান বুদ্ধি চলে। তোমালোকৰ আকৌ হৈছে শান্তি, সকলোৱে বিচাৰেও যাতে মুক্তি পায়। তোমালোকৰ আকৌ লক্ষ্য হৈছে জীৱনমুক্তিৰ। এইটোও পিতাই বুজাইছে। গুৰু আদি কোনেও এনেকুৱা জ্ঞান দিব নোৱাৰে। তোমালোক গৃহস্থালিত থাকি পৱিত্ৰ হ’ব লাগে, বাদশ্বাহী ল’ব লাগে। ভক্তিত বহুত সময় নষ্ট কৰিলা। এতিয়া বুজি পোৱা যে আমি কিমান ভুল কৰিছোঁ। ভুল কৰি কৰি বুদ্ধিহীন, একেবাৰে পাথৰ বুদ্ধিৰ হৈ গ’লোঁ। অন্তৰত এইটো চিন্তন চলে যে এয়াতো অতি অপূৰ্ব জ্ঞান যাৰ দ্বাৰা আমি কিহ’ৰ পৰা কি হৈ যাওঁ, পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধি। সেয়েহে আনন্দৰ পাৰাও উৰ্দ্ধগামী হয় যে আমাৰ বাবা হৈছে বেহদৰ বাবা। তেওঁৰ কোনো পিতা নাই। তেওঁ শিক্ষক, তেওঁৰ কোনো শিক্ষক নাই। এনেকৈ ক’ব - ক’ৰ পৰা শিকিলে! আচম্বিত হ’ব নহয়। বহুতে ভাবে এওঁতো কোনোবা গুৰুৰ পৰা শিকিছে। তেন্তে গুৰুৰ আৰু অন্য শিষ্য নাথাকিব জানো। কেৱল এজনেই শিষ্য আছিল জানো? গুৰুসকলৰতো বহুত শিষ্য থাকে। আগাখানৰ চোৱা কিমান শিষ্য আছে। গুৰুসকলৰ প্ৰতি কিমান সন্মান থাকে, তেওঁলোকক হীৰাৰে ওজন কৰে। তোমালোকে এনেহেন সৎগুৰুক কিহেৰে ওজন কৰিবা। এওঁতো হৈছে বেহদৰ সৎগুৰু। এওঁৰ ওজন কিমান? এটুকুৰা হীৰাৰেও ওজন কৰিব নোৱাৰা।

এনেকুৱা কথাবোৰ তোমালোক সন্তানসকলে বিচাৰ কৰিব লাগে। এয়াতো অতি সূক্ষ্ম কথা। যদিও সকলোৱে ‘হে ঈশ্বৰ’ বুলি কৈ থাকে কিন্তু এইটো জানো বুজি পায় যে তেওঁ পিতা, শিক্ষক, গুৰুও হয়। এওঁতো সাধাৰণ ৰীতিৰে বহি থাকে। এওঁ ওপৰত ‘চন্দলী’তো এই কাৰণেই বহে যাতে মুখবোৰ দেখা পায়। সন্তানসকলৰ প্ৰতি মৰমতো থাকে নহয়। এই সহায়কাৰী সন্তানসকলৰ অবিহনে জানো স্থাপনা কৰিব। বেছি সহায় কৰা সন্তানসকলক নিশ্চয় বেছিকৈ মৰম কৰিব। বেছি উপাৰ্জন কৰা সন্তানসকল ভাল হ’লে নিশ্চয় উচ্চতকৈও উচ্চ পদ ল'ব। তেওঁলোকৰ প্ৰতি মৰমো জাগে। সন্তানসকলক দেখি দেখি হৰ্ষিত হয়। আত্মা বহুত আনন্দিত হয়। কল্পৰ পাছত মিলিত হোৱা সন্তানসকলক দেখি আনন্দিত হয়। কল্পই কল্পই সন্তানসকলেই সহায়ক হয়। বহুত প্ৰিয় হয়। কল্প-কল্পান্তৰলৈ মৰম গঢ়ি উঠে। য’তেই বহি নাথাকা, বুদ্ধিত যাতে পিতাৰ স্মৃতি থাকে। এয়া বেহদৰ পিতা, এওঁৰ কোনো পিতা নাই, এওঁৰ কোনো শিক্ষক নাই। নিজেই সকলো যাক সকলোৱে স্মৰণ কৰে। সত্যযুগততো কোনেও স্মৰণ নকৰিব, 21 জন্মৰ কাৰণে বৈতৰণী পাৰ হৈ গ’লা তেন্তে তোমালোক কিমান আনন্দিত হ’ব লাগে। বচ, গোটেই দিন পিতাৰ সেৱা কৰা। এনেকুৱা পিতাৰ পৰিচয় দিয়া। পিতাৰ পৰা এই উত্তৰাধিকাৰ পোৱা যায়। পিতাই আমাক ৰাজযোগ শিকায় আকৌ সকলোকে লগত লৈ যায়। গোটেই চক্ৰ বুদ্ধিত আছে। এনেকুৱা চক্ৰতো কোনেও তৈয়াৰ কৰিব নোৱাৰে। অৰ্থতো কোনেও নাজানে। তোমালোকে এতিয়া বুজিছা - বাবা আমাৰ বেহদৰ পিতাও, বেহদৰ ৰাজ্যও দিয়ে আকৌ লগত লৈয়ো যাব। এনেকৈ তোমালোকে বুজালে তেতিয়া কোনেও সৰ্বব্যাপি বুলি নক'ব। তেওঁ পিতা হয়, শিক্ষক হয় তেন্তে সৰ্বব্যাপি কেনেকৈ হ’ব পাৰে।

বেহদৰ পিতাহে জ্ঞানেৰে পৰিপূৰ্ণ হয়। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। পিতাই সন্তানসকলক বুজায় – পঢ়া পাঠ নাপাহৰিবা। এয়া অতি উচ্চ পঢ়া। বাবা পৰমপিতা, পৰম শিক্ষক আৰু পৰম গুৰুও হয়। এই গুৰুসকলকো লৈ যাব। এনেকুৱা আচৰিত কথাবোৰ শুনাব লাগে। কোৱা যে এয়া হৈছে বেহদৰ খেল। প্ৰত্যেক ভাৱৰীয়াই নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। বেহদৰ পিতাৰ পৰা আমিয়ে বেহদৰ বাদশ্বাহী লওঁ। আমিয়েই মালিক আছিলোঁ। বৈকুণ্ঠ হৈ গৈছে, আকৌ নিশ্চয় হ’ব। শ্ৰীকৃষ্ণ নতুন সৃষ্টিৰ মালিক আছিল। এতিয়া হৈছে পুৰণি সৃষ্টি, আকৌ নিশ্চয় নতুন সৃষ্টিৰ মালিক হ’ব। চিত্ৰতো স্পষ্টকৈ আছে। তোমালোকে জানা - এতিয়া আমাৰ ভৰি নৰকৰ ফালে, মুখ স্বৰ্গৰ ফালে, সেইটোৱে স্মৃতিত থাকে। এনেকৈ স্মৰণ কৰোঁতে কৰোঁতে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। কিমান ভাল ভাল কথা আছে যিবোৰ স্মৰণ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুচকুৰে যি দেখিবলৈ পোৱা যায়, তাৰ পৰা মমত্ব নাইকিয়া কৰিব লাগে, একমাত্ৰ পিতাকহে চাব লাগে। বৃত্তি শুদ্ধ কৰিবৰ বাবে এই ছিঃ ছিঃ শৰীৰৰ ফালে যাতে অলপো ধ্যান নাযায়।

(2) পিতাই যি অনন্য আৰু সত্য জ্ঞান শুনায়, সেয়া ভালদৰে পঢ়িব লাগে আৰু পঢ়াব লাগে। পঢ়া কেতিয়াও খতি কৰিব নালাগে।

বৰদান:
শান্তিৰ শক্তিৰ প্ৰয়োগৰ দ্বাৰা সকলো কাৰ্যত সহজে সফলতা প্ৰাপ্ত কৰোঁতা প্ৰয়োগী আত্মা হোৱা

এতিয়া সময়ৰ পৰিৱৰ্তন অনুসৰি শান্তিৰ শক্তিৰ সাধন প্ৰয়োগ কৰি প্ৰয়োগী আত্মা হোৱা। যেনেকৈ বাণীৰ দ্বাৰা আত্মাসকলৰ মাজত স্নেহৰ সহযোগৰ ভাৱনা উৎপন্ন কৰা তেনেকৈ শুভ-ভাৱনা, স্নেহৰ ভাৱনাৰ স্থিতিত স্থিত হৈ তেওঁলোকৰ মাজত শ্ৰেষ্ঠ ভাৱনা উৎপন্ন কৰা। যেনেকৈ দীপকে দীপক জ্বলাই দিয়ে তেনেকৈ তোমালোকৰ শক্তিশালী শুভ-ভাৱনাই আনৰ মাজত শক্তিশালী সৰ্বশ্ৰেষ্ঠ ভাৱনা উৎপন্ন কৰাই দিব। এইটো শক্তিৰে স্থূল কাৰ্যতো বহুত সহজে সফলতা প্ৰাপ্ত কৰিব পাৰা, কেৱল প্ৰয়োগ কৰি চোৱা।

স্লোগান:
সকলোৰে প্ৰিয় হ’বলৈ হ’লে ফুলি থকা আত্মিক গোলাপ হোৱা, জঁই পৰি নাযাবা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্ম কৰিও বাৰে বাৰে মনোযোগ দিয়া যাতে পিতাৰ স্মৃতি আৰু সেৱাত তৎপৰ হৈ থাকা। সদায় এইটো স্মৃতিত ৰাখা যে প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ সেৱা কৰিব লাগে। প্ৰতিটো সংকল্পৰ দ্বাৰা বিশ্ব কল্যাণৰ অৰ্থাৎ ‘লইট হাউচ’ৰ কৰ্তব্য কৰিব লাগে। প্ৰতিটো চেকেণ্ডৰ শক্তিশালী প্ৰকম্পনৰ দ্বাৰা চাৰিওফালে শক্তিশালী প্ৰকম্পন বিয়পাব লাগে, প্ৰতিটো কৰ্মৰ দ্বাৰা সকলো আত্মাক কৰ্মযোগী হোৱাৰ বৰদান দিব লাগে। প্ৰতিটো খোজত নিজৰ কাৰণে পদমৰ হিচাপত উপাৰ্জন জমা কৰিব লাগে। সংকল্প, বৃত্তি আৰু কৰ্ম চাৰিওটা সেৱাৰ প্ৰতি প্ৰয়োগ কৰা এয়াই কৰ্মযোগী স্থিতি।


 
`