14.06.26 Avyakt Bapdada
Assame
Murli
11.02.2010 Om Shanti Madhuban
“*“সময়ৰ গতি অনুসৰি
এতিয়া বিশেষ স্বভাৱ-সংস্কাৰ পৰিৱৰ্তন কৰাত তীব্ৰতা আনা, মনৰ দ্বাৰা আত্মাসকলক ভিন্ন
ভিন্ন কিৰণ দিয়া”*”
আজি চাৰিওফালৰ
পৰমাত্ম আসনধাৰী, ভ্ৰূকুটিৰ আসনধাৰী আৰু বিশ্বৰ আসনধাৰী সন্তানসকলক চাই হৰ্ষিত হৈ
আছোঁহঁক। এই পৰমাত্ম অন্তৰাসন কেৱল তোমালোক ব্ৰাহ্মণসকলৰ বাবেহে। ভ্ৰূকুটিৰ আসনতো
সকলোৰে লগত আছে কিন্তু পৰমাত্ম আসন কেৱল ব্ৰাহ্মণ আত্মাসকলৰ ভাগ্যতহে আছে। এই
পৰমাত্ম আসনে বিশ্বৰ আসন প্ৰাপ্ত কৰায়। গতিকে তিনিওখন আসনৰ অধিকাৰী আত্মা তোমালোক
ব্ৰাহ্মণেই। এই পৰমাত্ম আসন কিমান শ্ৰেষ্ঠ আৰু অন্য কোনো যুগত পৰমাত্ম আসন প্ৰাপ্ত
নহয়। এই পৰমাত্ম আসনৰ গায়নো আছে, পৰমাত্ম আসনৰ অধিকাৰী ভক্তিমাৰ্গতো মালাৰ মণিৰ
ৰূপত গায়ন আৰু পূজন কৰা হয়। কোটিৰ মাজত কোনোবা ৰূপত গায়ন কৰা হয়। বৰ ভাৱনাৰে প্ৰতিটো
মণিক কিমান উচ্চ দৃষ্টিৰে চাই থাকে। গতিকে তোমালোক সকলোৰে নিচা আছে নহয়! আছেনে নিচা
যে আমাৰ বাহিৰে কোনেও এই আসনৰ অনুভৱ কৰিব নোৱাৰে? কিন্তু তোমালোক সকলো ব্ৰাহ্মণৰতো
জন্ম সিদ্ধ অধিকাৰ। তোমালোকৰ কাৰণে এই আসন ডিঙিৰ মালা। তেন্তে ইমান নিচা থাকেনে যে
ভগৱানৰ অন্তৰাসনৰ অধিকাৰী! এই নিচা আৰু আনন্দ সকলোৰে সদায় স্মৃতিত থাকেনে? আমি কোন!
ইয়াৰ নিশ্চয়তা আৰু নিচা থাকেনে?
বাপদাদাইতো এনেকুৱা
তিনিওখন আসনৰ অধিকাৰী সন্তানসকলক দেখি আনন্দিত হয় বাঃ! মোৰ শ্ৰেষ্ঠ অধিকাৰী সন্তান
বাঃ! সন্তানে কয় বাঃ! বাবা বাঃ! আৰু পিতাই কয় বাঃ! সন্তান বাঃ! স্বয়ং পিতায়ো এনেকুৱা
সন্তানৰ মহিমা কৰে। তেন্তে নিচা আছে মই কোন? যিমানে নিশ্চয়তা থাকিব সিমানে নিচাও
থাকিব। আৰু নিশ্চয়তাৰ নিচা তোমালোকৰ চেহেৰা আৰু চাল-চলনত দেখা যাব। যাৰ নিশ্চয়তা আছে
তেওঁৰ নিচা নিশ্চয় থাকে। বাপদাদায়ো এতিয়া প্ৰতিগৰাকী সন্তানৰ চেহেৰা আৰু চাল-চলনৰ
দ্বাৰা আত্মাসকলক অনুভৱ কৰাব বিচাৰে। বাণীৰ দ্বাৰাতো অনুভৱ কৰিবলৈ লৈছে, এতিয়া
অনুভৱ কৰাৰ কাৰ্য আৰম্ভ হৈ হৈছে। প্ৰথমে শুনিছিল, ভাবিছিল এতিয়া তোমালোক ব্ৰাহ্মণ
আত্মাসকলৰ স্থিতিৰ প্ৰভাৱ, অনুভৱ কৰিবলৈ লৈছে। গতিকে নিজক পৰীক্ষা কৰা যে মই গোটেই
দিনটোত কিমান সময় পৰমাত্ম অন্তৰাসনত থাকোঁ? কিয়নো অন্তৰাসন বিশ্বৰ ৰাজ্য প্ৰাপ্ত
কৰাৰ আধাৰ। গতিকে এই অন্তৰাসনৰ আধাৰত যিমান সময় তোমালোক অন্তৰাসনৰ অধিকাৰী হৈ থাকা
সিমান বেছি সময় ভৱিষ্যতে ৰাজ পৰিয়ালত অধিকাৰী হ’বা। সেয়েহে পৰীক্ষা কৰা যে যেতিয়াৰ
পৰা মই ব্ৰাহ্মণ হ’লোঁ কিমান সময় অন্তৰাসনৰ অধিকাৰী হৈ থাকিলোঁ? আসনততো ক্ৰমানুসৰি
বহিবা কিন্তু ইয়াৰ আধাৰত ৰাজ পৰিয়ালত, বংশত অধিকাৰী হ’বা। পৰীক্ষা কৰিছানে কেতিয়াবা?
অন্তৰাসনৰ পৰা নামিতো নোযোৱা? নিজৰ হিচাপ উলিয়াবা কিয়নো ইয়াৰ আধাৰত তোমালোক সদায়
ৰাজ পৰিয়ালত আহিবা। পৰীক্ষা কৰা যে আসন এৰি কেতিয়াবা মাটিত ভৰিতো নিদিয়া! 63 জন্মৰ
সংস্কাৰ অনুসৰি দেহবোধ ৰূপী মাটিত ভৰি দিয়া। এটা হ’ল দেহবোধ আৰু আনটো হৈছে
দেহ-অভিমান। দেহ-অভিমানৰ মাটি গভীৰ কিন্তু দেহবোধ এয়াও মাটি। জগতৰ লোকেও কয় যেতিয়া
মনুষ্য গুচি যায় আৰু জ্বলায় তেতিয়া এইটোৱেই কয় মাটি মাটিত মিলি গ’ল। গতিকে পৰীক্ষা
কৰা মাটিত ভৰিতো যোৱা নাই! দেহ-বোধত অহা অৰ্থাৎ মাটিত ভৰি দিয়া। বাপদাদাই তোমালোক
শ্ৰেষ্ঠ আত্মাসকলৰ কাৰণে তিনিখন আসন দিছে কিয়নো আদৰৰ হোৱা নহয়। কল্পৰ পাছত পুনৰাই
লগ পোৱা সন্তানো হোৱা, আদৰৰো হোৱা। তেন্তে যি আদৰৰ সন্তান তেওঁক দোলনাত বা কোলাত
ৰাখে। মাটিত ভৰি দিবলৈ নিদিয়ে। তেন্তে যিসকল তিনিখন আসনৰ অধিকাৰী তেওঁলোকৰ কাৰণে
বাপদাদাই কিমান ভিন্ন ভিন্ন দোলনা দিছে। কেতিয়াবা শান্তিৰ দোলনাত দোলা, কেতিয়াবা
সুখৰ দোলনাত দোলা, কেতিয়াবা প্ৰেমৰ দোলনাত দোলা। আসন আৰু দোলনা ইয়াতে ভৰি দিবা।
বহুত সন্তানে সোধে আমি ভৱিষ্যতে ক’ত আহিম? কি হ’ম? তেতিয়া পিতাই কয় যিমান সময়ৰ পৰা
আহিছা সিমান সময় পাৰীক্ষা কৰা যে মোৰ ভৰি যিমান সময় হ’ল সিমান সময় দোলনাত নে আসনত
আছিল? সিমানে ভৱিষ্যতে অভিজাত কুলত থাকিবা, অভিজাত প্ৰজাতো নাহা, অভিজাত কুলতেই
আহিবা। গতিকে এই হিচাপ প্ৰত্যেকেই নিজে নিজেই উলিওৱা। আনক নাচাবা, নিজৰ হিচাপ
উলিয়াবা। প্ৰত্যেকেই কি বিচাৰে? অভিজাত কুল, ৰজাৰ কুলতেই থাকোঁ। গতিকে এতিয়াও যিমান
সময় পোৱা কিয়নো সমাপ্তিতো অকস্মাতে হ’ব। সেয়েহে যেতিয়ালৈকে সমাপ্তি নহয় তেতিয়ালৈকে
পৰীক্ষা কৰা তেন্তে যিমান বেছি সময় পিতাৰ কোলাত, আসনত, দোলনাত থাকিবা সিমান সময়
অভিজাত পৰিয়ালত অভিজাত কুলত থকাৰ ভাগ্য প্ৰাপ্ত কৰিবা।
বাপদাদাইতো প্ৰতিগৰাকী
সন্তান গোটেই সময় 21 জন্মই অভিজাত কুলত, লাগিলে সূৰ্যবংশী লাগিলে চন্দ্ৰবংশী দুয়োটা
যুগত অভিজাত পৰিয়ালত থকাৰ অধিকাৰ দি আছে। কিন্তু অধিকাৰ লোৱা এয়া প্ৰতিগৰাকী
সন্তানৰ ওপৰত। ব্ৰহ্মা বাবালৈ স্নেহ আছে তেন্তে ব্ৰহ্মা বাবাৰো তোমালোক সন্তানসকললৈ
স্নেহ আছে। ব্ৰহ্মা বাবাই তোমালোক সন্তানসকলক একেলগে অভিজাত কুলত চাবলৈ বিচাৰে।
তোমালোকে কি ভাবা – ব্ৰহ্মা বাবাৰ আশে-পাশে অভিজাত কুলত থাকোঁতা নে অলপ সময় থাকিবা?
আকৌ দূৰলৈতো যাব নিবিচৰা নহয়! শুনালোঁ – আধাৰ হৈছে সংগমযুগৰ। বাপদাদাৰ সন্তানসকললৈ
ইমান স্নেহ যে তোমালোক সকলোৱে কোৱা যে লগত থাকিম, লগত যাম… এতিয়া ব্ৰহ্মা বাবা আৰু
ব্ৰাহ্মণ একেলগে আছে, লাগিলে অব্যক্ত ৰূপত আছে কিন্তু একেলগে।
এতিয়া বাপদাদাই দেখিছে
যে সন্তানসকলক মায়ায়ো এতিয়ালৈকে এৰা নাই, মায়াৰো স্নেহ আছে। আৰু আজিকালি দুটা ৰূপত
বিশেষ মায়ায়ো সুবিধা লয়। দুটা ৰূপত আহে – এটা ব্যৰ্থ সংকল্প আৰু আনটো ক’ৰবাত ক’ৰবাত
কেতিয়াবা কেতিয়াবা এইটোও ঢৌ উঠে যে যি মই কৰিলোঁ বা ভাবিলোঁ ময়েই শুদ্ধ, মই কম নহয়।
এইটো ঢৌ বিয়পি আছে – ময়েই শুদ্ধ, কিন্তু যি সংযোগত আহে বা নিমিত্ত হৈছে তেৱোঁ তোমাৰ
বিচাৰক সমৰ্থন দিছেনে? আনৰ পৰাও সত্যতাৰ প্ৰমাণ পাব লাগে। এই ব্যৰ্থ সংকল্পই সময়
নষ্ট কৰে সেইবাবে বাপদাদাই নিতৌ মুৰুলী মনন কৰিবলৈ, সেৱা কৰিবলৈ ঘৰৰ কাম সদায় দিয়ে।
যদি মনন কৰা বা মনন কৰি কৰি মগন হৈ যোৱা তেন্তে এই দৈনিক ঘৰৰ কাম মনক ব্যস্ত কৰি
ৰখাৰ সাধন। শুনোৱা আৰু মনন কৰা বা মগন হৈ যোৱা, এই দৈনিক ঘৰৰ কাম বাপদাদাই সেইবাবে
দিয়ে। যেনেকৈ সন্তানক ঘৰৰ কাম ইমান বেছি দি দিয়ে যাতে সিহঁতৰ বুদ্ধি সেয়া কৰাত
ব্যস্ত হৈ থাকে। তেনেকৈ দৈনিক মুৰুলী তাত চাৰিওটা বিষয়ৰ ঘৰৰ কাম আছে। মনৰো আছে,
বাণীৰো আছে, কৰ্মৰো মনোযোগ আৰু দিব্যতাৰ ইংগিত ঘৰৰ কামত আছে। গতিকে ঘৰৰ কামত ব্যস্ত
হৈ থাকিবা তেতিয়া ব্যৰ্থ সংকল্প অহাৰ থল নাথাকিব। এইটো বিধি প্ৰয়োগ কৰিবা তেতিয়া
ব্যৰ্থ সংকল্পই স্বতঃ তোমালোকৰ পৰা বিদায় লৈ ল’ব কিয়নো বাপদাদাই দেখিছে, স্মৃতিৰ
যাত্ৰাত সকলোৰে ক্ৰমানুসৰি মনোযোগ আছে, বাণীৰ সেৱাতো মনোযোগ আছে। কিন্তু এতিয়া নিজৰ
সংস্কাৰ বা আনৰ সংস্কাৰ পৰিৱৰ্তন কৰা, এই স্বভাৱ সংস্কাৰ যাক মাৰ্জিত ৰূপত তোমালোকে
কোৱা স্বভাৱ, মোৰ স্বভাৱ, ভাৱ নাই স্বভাৱ, এয়া ধাৰণাৰ বিষয় এতিয়াও মাৰ্জিত ৰূপত আহি
থাকে। গতিকে বাপদাদাই আজিকালি এইটো ইংগিত দিয়ে যে ধাৰণাত যিবোৰ দুৰ্বলতা আছে তাৰ
প্ৰতি এতিয়া বিশেষ মনোযোগ দিয়া। বাপদাদাই আগতেও কৈছে যে ধাৰণাত এই মুখ্য ধাৰণাৰ
প্ৰতি মনোযোগ দিয়া, কিবা কথা হৈ গ’ল তেতিয়া পৰীক্ষা কৰা ছেকেণ্ডত পূৰ্ণ বিৰাম লগাব
পাৰানে? নে বিচৰা পূৰ্ণ বিৰাম কিন্তু হৈ যায় প্ৰশ্নবোধক চিন? পূৰ্ণ বিৰাম নহয়, আধা
বিৰাম লাগে আৰু মাত্ৰা হৈ যায়। আগলৈ গৈ এনেকুৱা পৰিস্থিতি আহিব যে তোমালোকে
ছেকেণ্ডত পূৰ্ণ বিৰাম লগাবলগীয়া হ’ব। সেই সময়ত প্ৰশ্নবোধক চিন, আশ্চৰ্যজনক চিনবোৰ
ঠিক কৰিবলৈ লাগি যাবা, ইমান সময় নাপাবা। ছেকেণ্ডত পূৰ্ণ বিৰামৰ আৱশ্যক হ’ব, ইয়াৰ
অভ্যাস ভালেমান সময়ৰ আগৰ পৰা লাগে তেতিয়া সময়ত বিজয়ী হ’ব পাৰিবা। গতিকে অস্থিৰতাৰ
সময়ত যেতিয়া সংস্কাৰ, স্বভাৱৰ কাকত আহিব, তাৰ কাৰণে এতিয়াৰ পৰা এনেকুৱা সময়ত অভ্যাস
কৰা তেতিয়া বহুত সময়ৰ অভ্যাস আগলৈ গৈ তোমালোকৰ বহুত সহযোগী হ’ব।
বাপদাদাই অমৃতবেলা
পৰিক্ৰমা লগায় তেতিয়া প্ৰত্যেকৰে পুৰুষাৰ্থ পৰীক্ষা কৰে। চাৰিওটা বিষয়ত পুৰুষাৰ্থ
তীব্ৰ নে সাধাৰণ? তেতিয়া কি দেখিলে? সময়ৰ গতিলৈ চাই এতিয়া পুৰুষাৰ্থত সদায় তীব্ৰ
পুৰুষাৰ্থৰ আৱশ্যকতা আছে। গতিকে বাপদাদাই ইংগিত দি আছে সময় তীব্ৰগতিত সমীপতাৰ ওচৰলৈ
আহি আছে। সেই হিচাপত এতিয়া বিশেষ স্বভাৱ আৰু সংস্কাৰ পৰিৱৰ্তনত তীব্ৰগতি লাগে।
এতিয়া বাপদাদাই সকলো
সন্তানকে সমান কৰি তুলিব বিচাৰে। তোমালোকৰ লক্ষ্যও আছে পিতাৰ সমান হ’বই লাগে। ইয়াৰ
কাৰণে সকলোতকৈ সহজ সাধন হৈছে ব্ৰহ্মা বাবাক অনুসৰণ কৰা। ৰিজাই চোৱা, যিয়েই কৰ্ম কৰা
প্ৰথমে ৰিজাই চোৱা, মিলোৱা। ব্ৰহ্মা বাবাৰ এইটো কৰ্ম বা বাণী বা সংকল্প আছিলনে?
কোৱাও হয় প্ৰথমে ভাবা পাছত কৰা। কোৱাৰ আগতে চিন্তা কৰা পাছত কোৱা। তেন্তে শুনিলা
বাপদাদাই এতিয়া কি বিচাৰে? তোমালোকেও বিচৰাতো, যেতিয়া বাৰ্তালাপ কৰা নহয় তেতিয়া
বাপদাদাই বহুত মিঠা মিঠা কথা শুনে। উৎসাহৰ কথাও বৰ ভালকৈ কৰা, এইটো কৰি দেখুৱাম,এইটো
কৰিবই লাগে! সংকল্প বহুত উৎসাহৰ হয়, কিন্তু কৰ্মত আহোতে অলপ সলনি হৈ যায়, কিবা হৈ
যায়। বাকী বাপদাদাই ভিন্ন ভিন্ন প্ৰকাৰৰ সেৱাৰ পৰিকল্পনা যি কৰা সেয়া সকলো পচন্দ কৰে।
কাৰ্যসূচীও য’ত ত’ত চলি আছে কিন্তু এতিয়া যিমান বাণীৰ দ্বাৰা বা ভিন্ন ভিন্ন বিধিৰ
দ্বাৰা কৰি আছা, সফলতাও আছে, বাপদাদা আনন্দিতও হৈছে, কেৱল এতিয়া মনৰ দ্বাৰা অনেক
আত্মাক সুখৰ কিৰণ, শান্তিৰ কিৰণ, আনন্দৰ কিৰণ, প্ৰেমৰ কিৰণ বিলোৱা, এই সেৱাও একেলগে
কৰা। নিজৰ সংস্কাৰ পৰিৱৰ্তন কৰা বা আনৰ সংস্কাৰ পৰিৱৰ্তন কৰাত সহযোগ দিয়া, কিছুমানৰ
এইবোৰত সময় বেছিকৈ যায়। গতিকে মনৰ সেৱাৰ দ্বাৰা ভিন্ন ভিন্ন কিৰণ আত্মাসকলক দিয়া,
ইয়াৰ মনোযোগ, আগলৈ বহুত আৱশ্যক হ’ব, তাৰ ওপৰতো ধ্যান দি থাকিবা। যিসকল সন্তানে ভাবা
যে মই এইটো সেৱা কৰোঁ, তেওঁলোকে হাত দাঙা। বাৰু, কৰি আছা, তেওঁলোকক অভিনন্দন আৰু
যিসকলে কৰা নাই, তেওঁলোকে কৰিব লাগে কিয়নো আগলৈ গৈ পৰিস্থিতি এনেকুৱা হ’ব যে শুনোঁতা
আৰু শুনাওঁতা, দুয়োৰে মিলা কঠিন হৈ যাব সেইবাবে দুয়োটা সেৱা এতিয়াৰ পৰা যিমান পাৰা
সিমান অভ্যাস কৰা। মন ব্যস্ত থাকিব তেতিয়া মনমনাভৱ হোৱা সহজ হৈ যাব। মন ব্যস্ত হৈ
থাকিলে সংস্কাৰ স্বভাৱ সহজে পৰিৱৰ্তন কৰাত সহায় পাবা।
আজি বিশেষকৈ ডবল
বিদেশীসকলৰ সাক্ষাতৰ দিন, বাপদাদাৰ আনন্দিত হৈছে – বাঃ! ডবল বিদেশী বাঃ! বাপদাদা
আনন্দিত হৈছে যে বিশ্বৰ চুকে-কোণে যি পিতাৰ কল্পৰ পূৰ্বৰ সন্তান লুকাই আছে, বিশ্বৰ
সেৱাত ডবল বিদেশীসকল নিমিত্ত হৈছে আৰু বাপদাদাই শুনিছে যে প্ৰত্যেকেই নিজৰ নিজৰ
এলেকাত, গাঁৱে গাঁৱে বা চহৰত যিসকল থাকি গৈছে তালৈকে যোৱাৰ পৰিকল্পনা কৰি আছে, ইয়াৰ
বাবে অভিনন্দন, অভিনন্দন। নহ’লেতো যেতিয়া সমাপ্ত হোৱাৰ সময় হ’ব, অৱস্থা পৰিৱৰ্তন
হ’ব তেতিয়া তোমালোক সকলোকে লাগিলে ভাৰত, লাগিলে বিদেশ বহুত আপত্তি কৰিব যে আমাৰ পিতা
আহিল আৰু আপোনালোকে আমাক নক’লেই। বাৰ্তাতো দিয়া, বহুত অভিযোগ পাবা সেইবাবে এতিয়া কৰি
আছা আৰু বেছি কোনো কোণা যাতে থাকি নাযায় ইয়াৰ চেষ্টা কৰা। বাকী বাপদাদাই ডবল বিদেশী
বা দেশী দুয়োবিধ সন্তানক যিসকলে চাৰিওফালে নিজৰ পুৰুষাৰ্থ কৰি আছে তেওঁলোকক দেখি
আনন্দিত হৈছে। বহুত বহুত আনন্দিত, কিয়? কিয় আনন্দিত হৈছে? এতিয়া দেশে বিদেশে এয়া যি
পৰিকল্পনা কৰি আছা, বাপদাদাৰ পচন্দ হৈছে, যি কোনো উপায়েৰে বাৰ্তা দিবগৈ লাগে। এই
বিজ্ঞান বাস্তৱত তোমালোকৰ কাৰণে সময়ত বহুত সহায়কাৰী হয়। সাধন দিনে দিনে নতুন নতুন
ওলাই আছে, তাক নিৰ্বিঘ্ন হৈ কাৰ্যত লগাই যোৱা। তোমালোকে য’তেই সেৱা বঢ়োৱাৰ সভা পাতা,
বাপদাদাই সেয়া শুনে আৰু আনন্দিত হয় যে সন্তানসকলৰ বুদ্ধি এতিয়া সৰ্বতোমুখী হৈ গৈছে,
সাধন সেৱাত লগাবলৈ। সেইবাবে যিয়েই তোমালোকে পৰিকল্পনা কৰা সেয়া বাপদাদাই শুনে,
পৰিক্ৰমা লগায় নহয়! তোমালোকে য’তেই সভা পাতা লাগিলে দিল্লীত পাতা, দেশত পাতা, যি
কোনো চহৰত পাতা, লাগিলে বিদেশত য’তেই নাপাতা, বাপদাদাই সকলো শুনি থাকে। বাপদাদাৰ
ওচৰতো সাধন আছে। ইয়াৰ কাৰণে বাপদাদাই বিদেশৰ প্ৰতিখন দেশৰ পৰা যিসকল আহিছা,
প্ৰত্যেককে কি দিয়ে? বহুত বহুত স্নেহ দি আছে। কেৱল এতিয়া অলপ তীব্ৰতা আনা, পৰিকল্পনা
বাস্তৱায়িত কৰাত নতুন নতুন কথা আনি থাকা। চোৱা তোমালোকৰ এই যজ্ঞ আৰম্ভ হোৱাৰ কেই
বছৰমান আগতে এই সকলো উদ্ভাৱন আৰম্ভ হৈছে। বিজ্ঞানো তোমালোকৰ সেৱাত সহায়কাৰী। খুব
লাভ লোৱা, তোমালোকৰ বাবেই ওলাইছে। দিনে প্ৰতিদিনে চোৱা কিমান নতুন নতুন কথা এতিয়া
ওলাই আছে। এই ড্ৰামাই তোমালোকক সহযোগ দি আছে। সাধনে তোমালোকক সহযোগ দি আছে। বাৰু।
সকলো সদায় আনন্দিত
হোৱা নহয়! সদায় আনন্দিত হোৱানে? যিসকল সদায় আনন্দিত হৈ থাকা তেওঁলোকে হাত দাঙা,
সদায় আনন্দিত। কিবা কথা হৈ গ’লে তেতিয়াও আনন্দিত। কথাবোৰ আহে নহয়, তেতিয়াও আনন্দিত
হৈ থাকানে? থাকানে? দীঘলকৈ হাত দাঙা। স্বাগতম জনোৱা নহয়! ভয় নকৰা, স্বাগতম জনোৱা।
অনুভৱী কৰি তোলে। এই বিঘিনিয়ে অনুভৱৰ কৰ্তৃত্ব বঢ়ায়। মায়া আহিল, মায়া আহিল, এনেকৈ
নক’বা, এয়া কাকত, মায়া মায়া বুলি কৈ মায়াক আগবঢ়াই দিয়া। কাকত হয়। মায়কতো তোমালোকে
জানি গ’লা, কিমান বছৰৰ পৰা জানি গ’লা। মায়া কি? সেইবাবে মায়ালৈ ভয় নকৰিবা, কাকত বুলি
বুজি আনন্দ মনেৰে কাকত দিয়া আৰু অনুভৱৰ শ্ৰেণীত আগবাঢ়া। এই শ্ৰেণী বঢ়াব লাগে, জঁই
পৰি নাযাবা কি কৰোঁ, কেনেকৈ কৰোঁ, ‘কি’, ‘কিয়’, এয়া ব্ৰাহ্মণৰ ভবা কাম নহয়।
ত্ৰিকালদৰ্শী হোৱা, ‘কি’, ‘কিয়’, ‘কেনেকৈ’ এই প্ৰশ্ন উঠিবই নোৱাৰে। কাকত আহিল
অনুভৱৰ শ্ৰেণীত আগবাঢ়িলা। আনন্দিত হোৱা। এতিয়াতো অনুভৱী হৈ গৈছা আৰু হৈ থাকিবা। বাৰু।
যিবোৰ চিঠি, ফোন,
যাৰেই স্নেহপূৰ্ণ স্মৃতি বা বাৰ্তা বাপদাদাৰ প্ৰতি আহিছে, সেই সকলো সন্তানক নিজৰ
নয়নত সমাহিত কৰি স্নেহ সহিত স্মৰণ বা সেৱাৰ খবৰ বা মনৰ পুৰুষাৰ্থৰ খবৰ দিছে, সেই
সকলোকে বাপদাদাই মনৰ দ্বাৰা প্ৰকট কৰি সুখ, শান্তি, আনন্দৰ কিৰণ দি আছে। লাগিলে
কোনোবাই ইয়ালৈ পঠিওৱা নাই কিন্তু অন্তৰতে সংকল্প কৰিছে, সেই সংকল্পও পিতাৰ ওচৰ আহি
পাইছে।
চাৰিওফালৰ সাহস কৰোঁতা
আৰু পিতাৰ সহায় প্ৰাপ্ত কৰোঁতা, মৰমৰ সন্তানসকলক বাপদাদাই স্নেহ সহিত স্মৰণ কৰি আছে।
আৰু এইটো বছৰ কিবা নহয় কিবা নিজৰ প্ৰতি বা সেৱাকেন্দ্ৰৰ প্ৰতি বা বিশ্বৰ আত্মাসকলৰ
প্ৰতি কিবা নহয় কিবা এনেকুৱা পৰিকল্পনা কৰা যাতে সেৱাৰ বল আৰু ফল সকলো আত্মাৰ
প্ৰাপ্ত হৈ যায়। চাৰিওফালৰ সন্তানসকলক বাপদাদাৰ বিশেষ আন্তৰিক স্মৃতি আৰু স্নেহ
স্বীকাৰ কৰিবা। ওঁম্ শান্তি।
বৰদান:
সাধাৰণতাৰ
দ্বাৰা মহানতাক প্ৰসিদ্ধ কৰোঁতা সৰল আৰু আদৰ্শ হোৱা
যেনেকৈ কোনো সাধাৰণ
বস্তু যদি স্বচ্ছ হয় তেন্তে নিজৰ ফালে নিশ্চয় আকৰ্ষণ কৰে। তেনেকৈ মনৰ সংকল্পত,
সম্বন্ধত, ব্যৱহাৰত, থকা-মেলাত যিসকল সৰল আৰু স্বচ্ছ হৈ থাকে তেওঁলোক আদৰ্শ হৈ
সকলোকে স্বতঃ নিজৰ ফালে আকৰ্ষিত কৰে। ‘চিম্পল’ অৰ্থাৎ সাধাৰণ। সাধাৰণতাৰ পৰাই মহানতা
প্ৰসিদ্ধ হয়। যিসকল সাধাৰণ অৰ্থাৎ ‘চিম্পল’ নহয় তেওঁলোক সমস্যা ৰূপ হৈ যায়।
স্লোগান:
অন্তৰেৰে কোৱা
“মোৰ বাবা” তেতিয়া মায়াৰ চেতনাহীনতাত বন্ধ হোৱা চকু মুকলি হৈ যাব।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
এতিয়াই আৱাজত, এতিয়াই
আৱাজৰ পৰা উৰ্দ্ধত, যিমানে এইটো অভ্যাস সহজ হৈ যাব সিমানে সম্পূৰ্ণতা সমীপত দেখিবলৈ
পোৱা যাব। সম্পূৰ্ণ অৱস্থাৰ চিন – তেওঁৰ পুৰুষাৰ্থ সৰল হ’ব। স্মৃতিৰ যাত্ৰা, সেৱা
দুয়োটাই সহজ পুৰুষাৰ্থত আহি যায়। যেতিয়া দুয়োটাতে সৰল, সহজ অনুভৱ হ’ব তেতিয়া বুজিবা
সম্পূৰ্ণতাৰ অৱস্থা প্ৰাপ্ত হোৱাৰ সময় হৈছে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]