14.07.24 Avyakt Bapdada
Assame
Murli
25.11.20 Om Shanti Madhuban
“*“পিতাৰ সমান হ’বলৈ
দুটা কথাত দৃঢ়তা ৰাখা - স্বমানত থাকিব লাগে আৰু সকলোকে সন্মান দিব লাগে”*”
আজি বাপদাদাই নিজৰ অতি
স্নেহী আৰু উপৰাম, অতিকৈ মৰমৰ সৰু ব্ৰাহ্মণ পৰিয়াল বুলি কোৱা বা ব্ৰাহ্মণ সংসাৰ বুলি
কোৱা, তাকে চাই আছেহঁক। এই সৰু সংসাৰখন কিমান উপৰামো হয় আৰু মৰমৰো হয়। কিয় মৰমৰ হয়?
কিয়নো এই ব্ৰাহ্মণ সংসাৰৰ প্ৰতিটো আত্মা বিশেষ আত্মা। দেখাততো অতি সাধাৰণ আত্মা যেন
লাগে কিন্তু প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ সকলোতকৈ শ্ৰেষ্ঠ বিশেষত্ব এইটোৱে যে পৰম
আত্মাক নিজৰ বুদ্ধিৰ দ্বাৰা চিনি ল’লে। 90 বছৰীয়া বৃদ্ধই হওঁক বা বেমাৰীয়ে হওঁক
কিন্তু পৰমাত্মাক চিনি পোৱাৰ দিব্য বুদ্ধি, দিব্য নেত্ৰ ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে
প্ৰসিদ্ধ ভি.ভি.আই.সকলৰো নাই। এই মাতাসকল কিয় ইয়াত উপস্থিত হৈছেহি? ভৰি চলক বা নচলক
কিন্তু উপস্থিততো হৈ গৈছে। চিনি পালে সেই বাবেতো আহি উপস্থিত হৈছে! এই চিনিপোৱাৰ
নেত্ৰ, চিনিপোৱাৰ বুদ্ধি তোমালোকৰ বাহিৰে আন কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। সকলো মাতাই
এই গীতটি গোৱা নহয় - আমি দেখিলোঁ, আমি জানিলোঁ....। মাতাসকলৰ এইটো নিচা আছেনে? হাত
লৰাই আছে, বৰ ভাল কথা। পাণ্ডৱসকলৰ নিচা আছেনে? ইজন সিজনতকৈ আগত। শক্তিসকলৰ মাজতো
অভাৱ নাই, পাণ্ডৱসকলৰ মাজতো অভাৱ নাই। কিন্তু বাপদাদাৰ বাবে এইটোৱে আনন্দৰ কথা যে
এই সৰু সংসাৰখন কিমান মৰমৰ। যেতিয়া পৰস্পৰ মিলিত হোৱা তেতিয়া আত্মাসকল কিমান মৰমৰ
লাগে!
বাপদাদাই দেশ-বিদেশৰ
সকলো আত্মাৰ দ্বাৰা আজি এয়াই অন্তৰৰ গীত শুনি আছে - বাবা, মৰমৰ বাবা, আমি জানিলোঁ,
আমি দেখিলোঁ, আমি দেখিলোঁ। এইটো গীত গাই গাই চাৰিওফালৰ সন্তানসকল এফালে আনন্দত,
আনফালে স্নেহৰ সাগৰত সমাহিত হৈ আছিল। চাৰিওফালৰ যিসকল ইয়াত সাকাৰত নাই কিন্তু
অন্তৰেৰে, দৃষ্টিৰে বাপদাদাৰ সন্মুখত আছে আৰু বাপদাদাও সাকাৰত দূৰৈত বহি থকাসকলক
সন্মুখত প্ৰত্যক্ষ কৰি আছে। দেশতেই হওঁক বা বিদেশতেই হওঁক বাপদাদা কিমান সময়ত গৈ
উপস্থিত হ’ব পাৰে? পৰিক্ৰমা লগাব পাৰে? বাপদাদাই চাৰিওফালৰ সন্তানসকলক প্ৰতিদানত
অনেক কোটিতকৈও অধিক স্নেহ সহিত স্মৰণ কৰি আছে। চাৰিওফালৰ সন্তানসকল চাই চাই সকলোৰে
অন্তৰত এটাই সংকল্প দেখি আছে, সকলোৱে নয়নেৰে এয়াই কৈ আছে যে আমাৰ পৰমাত্ম 6 মাহৰ
গৃহকাৰ্য স্মৃতিত আছে। তোমালোকৰ সকলোৰে স্মৃতিত আছে নহয়? পাহৰিতো যোৱা নাই?
পাণ্ডৱসকলৰ স্মৃতিত আছেনে? ভালকৈ স্মৃতিত আছেনে? বাপদাদাই বাৰে বাৰে কিয় সোঁৱৰাই
দিয়ে? কাৰণ কি? সময় দেখি আছা, ব্ৰাহ্মণ আত্মাসকলে নিজকো দেখি আছে। মন ডেকা হৈ যায়,
শৰীৰ বৃদ্ধ হৈ যায়। সময় আৰু আত্মাসকলৰ আহ্বান ভালদৰে শুনিবলৈ পাইছা! সেয়েহে
বাপদাদাই চাই আছিল - আত্মাসকলৰ মিনতি অন্তৰত বৃদ্ধি হৈ গৈ আছে, হে সুখদাতা, হে
শান্তিদাতা, হে সঁচা আনন্দ দাতা অলপ অঞ্জলী আমাকো দি দিয়ক। ভাবা, মিনতি কৰোঁতাসকলৰ
শাৰী কিমান দীঘল! তোমালোক সকলোৱে ভাবা - পিতাৰ প্ৰত্যক্ষতা অতি সোনকালে হৈ যাওঁক
কিন্তু প্ৰত্যক্ষতা কোনটো কাৰণত ৰৈ আছে? যেতিয়া তোমালোকেও এইটোৱে সংকল্প কৰা আৰু
অন্তৰেৰে ইচ্ছা কৰা, মুখেৰে কোৱাও যে আমি পিতাৰ সমান হ’ব লাগে। হ’ব লাগে নহয়? হ’ব
লাগেনে? বাৰু, তেন্তে নোহোৱা কিয়? বাপদাদাই পিতাৰ সমান হ’বলৈ কৈছে, কি হ’ব লাগে,
কেনেকৈ হ’ব লাগে, ‘সমান’ শব্দটিত এই দুটি প্ৰশ্ন উদয় হ’ব নোৱাৰে। কি হ’ব লাগে?
উত্তৰ আছে নহয় - পিতাৰ সমান হ’ব লাগে। কেনেকৈ হ’ব লাগে?
পিতাক অনুসৰণ কৰা -
পিতা-মাতাৰ পদাংক। নিৰাকাৰ পিতা, সাকাৰ ব্ৰহ্মা মা। অনুসৰণ কৰিবও নাজানা নেকি?
অনুসৰণতো আজিকালিৰ দিনত অন্ধয়ো কৰে। দেখিছা, আজিকালি সেই লাখুটিৰ শব্দত, লাখুটি
অনুসৰণ কৰি কৰি ক’ৰ পৰা ক’ত উপস্থিত হৈ যায়? তোমালোকতো হৈছা মাষ্টৰ সৰ্বশক্তিমান,
ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী। অনুসৰণ কৰাটো তোমালোকৰ বাবে কি ডাঙৰ কথা। ডাঙৰ কথা জানো?
কোৱা ডাঙৰ কথা জানো? নহয় কিন্তু হৈ যায়। বাপদাদাই সকলো স্থান পৰিক্ৰমা লগায়,
সেৱাকেন্দ্ৰও আৰু প্ৰবৃত্তিও। গতিকে বাপদাদাই দেখিছে, প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ
ওচৰত, প্ৰতিটো সেৱাকেন্দ্ৰত, প্ৰবৃত্তিৰ প্ৰত্যেক স্থানত য’ত পিতা ব্ৰহ্মাৰ বহুত
চিত্ৰ ৰাখি থোৱা আছে। অব্যক্ত পিতাৰে হওঁক বা পিতা ব্ৰহ্মাৰে হওঁক, য’তে ত’তে
চিত্ৰই চিত্ৰ দেখিবলৈ পোৱা যায়। ভাল কথা। কিন্তু বাপদাদাই এনেকৈ ভাবে যে চিত্ৰ দেখি
চৰিত্ৰতো স্মৃতিলৈ আহে নহয়! নে কেৱল চিত্ৰহে চোৱা? চিত্ৰ দেখি প্ৰেৰণাতো পোৱা নহয়!
বাপদাদাই আৰুতো একো নকয় কেৱল এটাই কথা কয় - অনুসৰণ কৰা, বচ্। নাভাবিবা বেছি
পৰিকল্পনা নকৰিবা, এইটো নহয় সেইটো কৰোঁ, এনেকুৱা নহয় তেনেকুৱা, তেনেকুৱা নহয়,
এনেকুৱা। নহয়, যি পিতাই কৰিলে অনুসৰণ কৰিব লাগে, বচ্। নকল কৰিব নাজানা নেকি?
আজিকালিতো বিজ্ঞানে ‘ফটোকপি’ৰো যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে। উদ্ভাৱন কৰিছে নহয়?
ইয়াত ‘ফটোকপি’ আছে নহয়? ইয়াত পিতা ব্ৰহ্মাৰ চিত্ৰ ৰাখে। অৱশ্যে ৰাখা, ভালকৈ ৰাখা,
ডাঙৰ ৰাখা। কিন্তু ‘ফটোকপি’তো কৰাচোন!।
গতিকে বাপদাদাই আজি
চাৰিওফালে পৰিক্ৰমা লগাই এয়া চাই আছিল, চিত্ৰৰ প্ৰতি স্নেহ আছে নে চৰিত্ৰৰ প্ৰতি
স্নেহ আছে? সংকল্পও আছে, উৎসাহো আছে, লক্ষ্যও আছে, বাকী কি লাগে? বাপদাদাই দেখিলে,
যিকোনো বস্তু ভালকৈ মজবুত কৰিবলৈ চাৰিওটা কোণাৰ পকা তাক দৃঢ় কৰা হয়। গতিকে বাপদাদাই
দেখিলে তিনিটা কোণাতো দৃঢ়, এটা কোণা আৰু দৃঢ় হ’ব লাগে। সংকল্পও আছে, উৎসাহো আছে,
লক্ষ্যও আছে, যাকেই সোধা কি হ’ব লাগে? প্ৰত্যেকে কয়, পিতাৰ সমান হ’ব লাগে। কোনেও
নকয় যে পিতাতকৈ কম হ’ব লাগে, তেনেকৈ নকয়। সমান হ’ব লাগে। ভাল কথা। এটা কোণা মজবুত
কৰা কিন্তু আগবাঢ়ি গৈ থাকোঁতে ঢিলা হৈ যায়, সেইটো হৈছে দৃঢ়তা। সংকল্প আছে, লক্ষ্য
আছে কিন্তু কোনো পৰ-স্থিতি (পৰিস্থিতি) আহি যায়, সাধাৰণ ভাষাত তোমালোকে তাক এনেকৈ
কোৱা যে কথা আহি যায় যিয়ে দৃঢ়তা ঢিলা কৰি দিয়ে। দৃঢ়তা তাক কোৱা হয় - মৰি গ’লেও,
শেষ হৈ গ’লেও যাতে সংকল্প স্তিমিত হৈ নাযায়। নতশিৰ হ’বলগীয়া হওঁক, জীৱন্তে মৰিবলগীয়া
হওঁক, নিজক সলনি কৰিবলগীয়া হওঁক, সহ্য কৰিবলগীয়া হওঁক, শুনিবলগীয়া হওঁক, কিন্তু
সংকল্প যাতে স্তিমিত নহয়। ইয়াকে দৃঢ়তা বুলি কোৱা হয়। যেতিয়া সৰু সৰু
ল’ৰা-ছোৱালীসকল ‘ওঁম্ নিবাস’লৈ আহিছিল তেতিয়া পিতা ব্ৰহ্মাই তেওঁলোকক হাঁহি-ধেমালি
কৰি সোঁৱৰাই দিছিল, দৃঢ় কৰিছিল যে ইমান পানী পান কৰিম, ইমান জলকীয়া খাম, ভয়তো
নোখোৱা। তাৰপাছত হাতেৰে চকুৰ সন্মুখত এনেকুৱা কৰিছিল…। পিতা ব্ৰহ্মাই সৰু সৰু
ল’ৰা-ছোৱালীসকলক দৃঢ় কৰিছিল, যিমানেই সমস্যা নাহক, সংকল্পৰ নেত্ৰ যাতে লৰচৰ নহয়।
সেয়াতো ৰঙা জলকীয়া আৰু পানীৰ টেকেলী আছিল, সৰু ল’ৰা-ছোৱালী আছিল নহয়। তোমালোকতো সকলো
এতিয়া ডাঙৰ, বাপদাদাই আজিও সন্তানসকলক সুধিছে যে তোমালোকৰ দৃঢ় সংকল্প আছেনে?
সংকল্পত দৃঢ়তা আছে যে পিতাৰ সমান হ’বই লাগিব? হ’ব লাগিব নহয়, হ’বই লাগিব। বাৰু এই
ক্ষেত্ৰত হাত লৰোৱা। টি.ভি.ত দেখুৱাই থকাসকলে ফটো লোৱা। টি.ভি. কামত আহিব লাগে নহয়!
হাত দীঘল কৈ দাঙা। বাৰু, মাতাসকলেও হাত দাঙি আছে। পিছৰসকলে হাত আৰু ওপৰলৈ দাঙা।
বহুত ভাল। ‘কেবিন’ৰসকলে দঙা নাই। ‘কেবিন’ৰসকলতো নিমিত্ত হয়। বাৰু অলপ সময়ৰ বাবেতো
হাত দাঙি বাপদাদাক আনন্দিত কৰি দিলা।
এতিয়া বাপদাদাই কেৱল
এটাই কথা সন্তানসকলৰ দ্বাৰা কৰাব খোজে, ক’ব নিবিচাৰে, কৰাব বিচাৰে। কেৱল নিজৰ মনত
দৃঢ়তা আনা, অলপ কথাতে সংকল্প ঢিলা কৰি নিদিবা। কোনোবাই তিৰস্কাৰ কৰক, ঘৃণা কৰক,
অপমান কৰক, নিন্দা কৰক, কেতিয়াবা কোনাবাই দুখো দিয়ক কিন্তু তোমালোকৰ শুভভাৱনা যাতে
নোহোৱা হৈ নাযায়। তোমালোকে প্ৰত্যাহবান জনোৱা যে আমি মায়াক, প্ৰকৃতিক পৰিৱৰ্তন
কৰোঁতা বিশ্ব-পৰিৱৰ্তক হওঁ, নিজৰ বৃত্তিতো স্মৃতিত আছে নহয়? বিশ্ব-পৰিৱৰ্তকো হোৱা
নহয়! যদি কোনোবাই নিজৰ সংস্কাৰৰ বশ হৈ তোমালোকক দুখো দিয়ে, আঘাত কৰে, অস্থিৰ কৰে,
তেন্তে তোমালোকে জানো দুখৰ কথাক সুখলৈ পৰিৱৰ্তন কৰিব নোৱাৰা? তিৰস্কাৰ সহ্য কৰিব
নোৱাৰা নেকি? গালিক গোলাপ কৰি তুলিব নোৱাৰা নেকি? সমস্যাক পিতাৰ সমান হোৱাৰ সংকল্পলৈ
পৰিৱৰ্তন কৰিব নোৱাৰা নেকি? তোমালোক সকলোৰে স্মৃতিত আছে- যেতিয়া তোমালোক ব্ৰাহ্মণ
জীৱনত আহিলা আৰু নিশ্চয় জন্মিল, লাগিলে তোমালোকৰ এক চেকেণ্ডেই লাগিল বা এমাহেই
লাগিল কিন্তু যেতিয়াৰ পৰা তোমালোকে নিশ্চয় কৰিলা, অন্তৰে ক’লে “মই বাবাৰ, বাবা মোৰ।”
সংকল্প কৰিলা নহয়, অনুভৱ কৰিলা নহয়! তেতিয়াৰ পৰা তোমালোকে মায়াক প্ৰত্যাহ্বান জনালা
যে মই মায়াজিৎ হ’ম। এইটো প্ৰত্যাহ্বান মায়াক জনালা নহয়? মায়াজিৎ হ’ব লাগে নে নালাগে?
মায়াজিৎ তোমালোকেই হোৱা নহয় নে এতিয়া আন কোনোবা আহিবলগীয়া আছে? যিহেতু মায়াক
প্ৰত্যাহ্বান জনালা তেন্তে এই সমস্যাবোৰ, এই কথাবোৰ, এই অস্থিৰতা মায়াৰেতো মাৰ্জিত
ৰূপ। মায়াতো আৰু বেলেগ ৰূপত নাহে। এনেবোৰ ৰূপতেই মায়াজিৎ হ’ব লাগে। পৰিস্থতি সলনি
নহ’ব, সেৱাকেন্দ্ৰ সলনি নহ’ব, স্থান সলনি নহ’ব, আত্মাসকল সলনি নহ’ব, মই সলনি হ’ব
লাগে। তোমালোকৰ শ্লোগানতো সকলোৰে বহুত ভাল লাগে। পৰিৱৰ্তন হৈ দেখুৱাব লাগে,
প্ৰতিশোধ ল’ব নালাগে, পৰিৱৰ্তন হ’ব লাগে। এয়াতো পুৰণা শ্লোগান। নতুন নতুন ৰূপ,
মাৰ্জিত ৰূপ লৈ মায়া আৰু আহিব, ভয় নকৰিবা। বাপদাদাই বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে -
মায়া এনেকুৱা এনেকুৱা ৰূপত আহিব, আহি আছে। এনেকৈ আহিব যে উপলব্ধিয়েই নকৰিবা যে এয়া
মায়া, ক’বা - দাদী আপুনি বুজি পোৱা নাই, এয়া মায়া নহয়। এয়াতো সঁচা কথা। আৰু মাৰ্জিত
ৰূপত আহিব, ভয় নকৰিবা। কিয়? চোৱা, যিকোনো শত্ৰু পৰাজিত হওঁক বা জয়ী হওঁক, তেওঁৰ
ওচৰত যিয়েই সৰু ডাঙৰ অস্ত্ৰ থাকিব, ব্যৱহাৰ কৰিব নে নকৰিব? কৰিব নহয়? গতিকে মায়াৰো
অন্ত হ’বই কিন্তু যিমানে অন্ত সমীপত আহি আছে সিমানে মায়াই নতুন নতুন ৰূপেৰে নিজৰ
অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি আছে, কৰিবও। আকৌ তোমালোকৰ চৰণত পৰিব। প্ৰথমে তোমালোকক
নতশিৰ কৰাবলৈ চেষ্টা কৰিব, পাছত নিজে নতশিৰ হৈ যাব। এই ক্ষেত্ৰত বাপদাদাই আজি কেৱল
এটাই শব্দৰ প্ৰতি বাৰে বাৰে মনোযোগ আকৰ্ষণ কৰাই আছে। “পিতাৰ সমান হব লাগে”- নিজৰ এই
লক্ষ্যৰ স্বমানত থাকা আৰু সন্মান দিয়া অৰ্থাৎ সন্মান লোৱা, ল’লে নোপোৱা, দিয়া অৰ্থাৎ
লোৱা। সন্মান দিয়ক - এইটো যথাৰ্থ নহয়, সন্মান দিয়া মানেই লোৱা। দেহ বোধৰ স্বমান নহয়,
ব্ৰাহ্মণ জীৱনৰ স্বমান, শ্ৰেষ্ঠ আত্মাৰ স্বমান, সম্পন্নতাৰ স্বমান। গতিকে স্বমান আৰু
সন্মান ল’ব নালাগে, দিয়া মানেই লোৱা - এই দুটি কথাত দৃঢ়তা ৰাখা। তোমালোকৰ দৃঢ়তাক
কোনোবাই যিমানেই বিচলিত নকৰক, দৃঢ়তা শিথিল নকৰিবা। শক্তিশালী কৰা, অবিচলিত হোৱা।
তেতিয়া বাপদাদাক এয়া যি 6 মাহৰ প্ৰতিশ্ৰুতি দিছা, প্ৰতিশ্ৰুতিতো স্মৃতিত আছে নহয়।
এয়া চাই নাথাকিবা যে এতিয়াতো 15 দিন পূৰা হৈছে, চাৰে পাঁচ মাহতো পৰি আছে। যেতিয়া
বাৰ্তালাপ কৰা নহয় - অমৃতবেলা বাৰ্তালাপতো কৰা, তেতিয়া বাপদাদাক বহুত ভাল ভাল কথা
শুনোৱা। নিজৰ কথাবোৰতো জানা নহয়? গতিকে এতিয়া দৃঢ়তা ধাৰণ কৰা। ওলোটা কথাত দৃঢ়তা
নাৰাখিবা। ক্ৰোধ কৰিবই লাগে, মোৰ দৃঢ় নিশ্চয় আছে, এনেকুৱা নকৰিবা। কিয়? আজিকালি
অভিলেখত বাপদাদাৰ ওচৰলৈ গৰিষ্ঠসংখ্যকৰ ক্ৰোধৰ ভিন্ন ভিন্ন প্ৰকাৰৰ খবৰ আহে। ক্ৰোধ
স্থূল ৰূপত অতি কম যদিও আংশিক ৰূপত ক্ৰোধৰ বিভিন্ন ধৰণৰ লেখ-জোখ বেছিকৈ দেখা যায়।
ইয়াৰ ওপৰত পাঠদান অনুষ্ঠিত কৰিবা - ক্ৰোধৰ কিমান ৰূপ আছে? আকৌ কি কয়, মোৰ তেনেকুৱা
ভাৱো নাছিল, ভাৱনাও নাছিল, এনেয়ে কৈ দিলোঁ। ইয়াৰ ওপৰত পাঠদান অনুষ্ঠিত কৰিবা।
শিক্ষক বহুত আহিছে
নহয়? (1200 শিক্ষক আছে ) 1200 গৰাকীয়েই যদি দৃঢ় সংকল্প কৰি লয় তেন্তে কাইলৈয়ে
পৰিৱৰ্তন হ’ব পাৰে। তেতিয়া পাছত ইমান দুৰ্ঘটনা নহ’ব, সকলো ৰক্ষা পৰি যাব। শিক্ষকসকলে
হাত দাঙা। বহুত আছে। শিক্ষক অৰ্থাৎ নিমিত্ত আধাৰ। যদি আধাৰ মজবুত অৰ্থাৎ দৃঢ় হয়
তেন্তে গা-গছ নিজেই ঠিক হৈ যাব। আজিকালি সংসাৰত, ব্ৰাহ্মণ সংসাৰতে হওঁক প্ৰত্যেককে
সাহস আৰু সঁচা স্নেহ লাগে। স্বাৰ্থ জড়িত স্নেহ নহয়। এটা হ’ল সঁচা স্নেহ আৰু
দ্বিতীয়তে সাহস। ধৰি লোৱা কোনোবাই 95 শতাংশ তেওঁৰ সংস্কাৰৰ বশীভূত হৈ, পৰৰ বশীভূত
হৈ নকৰিবলগীয়া কিবা এটা কৰিলে, কিন্তু তেওঁ 5 শতাংশ ভাল কৰিলে, তথাপিও যদি তোমালোকে
তেওঁৰ 5 শতাংশ ভালখিনিক চাই প্ৰথমে তেওঁক সাহস দিয়া, এয়া বহুত ভাল কৰিলে, তাৰপাছত
তেওঁক কোৱা যে বাকী এইখিনি ঠিক কৰি ল’ব, তেতিয়া তেওঁ অনুভূতিত আঘাত নাপাব। তাৰ
পৰিৱৰ্তে যদি তোমালোকে কোৱা যে এয়া কি কৰিলে, এনেকুৱা জানো কৰিব লাগে, এনেকুৱা নকৰে,
তেন্তে বেচেৰা ইতিমধ্যেই সংস্কাৰৰ বশীভূত, দুৰ্বল, সেয়েহে তেওঁ নাৰ্ভাছ হৈ যাব। আগৰ
পৰাই বেচেৰা সংস্কাৰৰ বশ, দুৰ্বল, তেতিয়া তেওঁ পৰৰ বশীভূত হৈ যায়। উন্নতি কৰিব
নোৱাৰে। প্ৰথমে 5 শতাংশৰ কথা কৈ সাহস দিয়া, আপোনাৰ এই কথাটি বহুত ভাল। এয়া আপুনি
বহুত ভালকৈ কৰিব পাৰে, তাৰপাছত সময় আৰু তেওঁৰ স্বৰূপ বুজি বুজোৱা তেতিয়া তেওঁ
পৰিৱৰ্তন হৈ যাব। সাহস দিয়া, পৰৰ বশীভূত আত্মাৰ সাহস নাথাকে। পিতাই তোমালোকক কেনেকৈ
পৰিৱৰ্তন কৰিলে? তোমালোকৰ দুৰ্বলতাৰ কথা শুনালে জানো, তুমি বিকাৰী, তুমি লেতেৰা,
এনেকৈ ক’লে জানো? তোমালোকক সোঁৱৰাই দিলে যে তোমালোক আত্মা আৰু এইটো শ্ৰেষ্ঠ স্মৃতিৰে
তোমালোকৰ সামৰ্থ্য আহিল, পৰিৱৰ্তন কৰিলে। গতিকে সাহসেৰে স্মৃতি সোঁৱৰাই দিয়া।
স্মৃতিয়ে সামৰ্থ্য স্বতঃ আনিব। বুজিলা। তেন্তে এতিয়াতো সমান হৈ যাবা নহয়? কেৱল এটা
কথা স্মৃতিত ৰাখা - মাতা-পিতাক অনুসৰণ কৰা। পিতাই যি কৰিলে সেয়া কৰিব লাগে। বচ্।
খোজে প্ৰতি খোজ দিব লাগে। তেতিয়া সমান হোৱা সহজ অনুভৱ হব। ড্ৰামাই সৰু সৰু খেল
দেখুৱাই থাকে। আশ্বৰ্যৰ মাত্ৰাতো নলগোৱা? বাৰু।
অনেক সন্তানসকলৰ
কাৰ্ড, পত্ৰ, অন্তৰৰ গীত বাপদাদাৰ ওচৰলৈ আহি গৈছে। সকলোৱে কয় - আমাৰো স্মৃতি দিবা,
আমাৰো স্মৃতি দিবা। সেয়েহে পিতায়ো কয় - মোৰো স্নেহপূৰ্ণ স্মৃতি দিবা। স্মৰণতো পিতায়ো
কৰে, সন্তানসকলেও কৰে, কিয়নো এই অকণমান সংসাৰখনত আছেই বাপদাদা আৰু সন্তানসকল আৰু
বিস্তাৰতো নায়েই। তেন্তে কোন স্মৃতিত আহিব? সন্তানসকলৰ স্মৃতিত পিতা আৰু পিতাৰ
স্মৃতিত সন্তানসকল। গতিকে দেশ-বিদেশৰ সন্তানসকলক বাপদাদায়ো বহুত বহুত বহুত
স্নেহপূৰ্ণ স্মৰণ কৰে। বাৰু।
চাৰিওফালৰ ব্ৰাহ্মণ
সংসাৰৰ বিশেষ আত্মাসকলক, সদায় দৃঢ়তাৰ দ্বাৰা সফলতা প্ৰাপ্ত কৰোঁতা সফলতাৰ তৰাসকলক,
সদায় নিজক সম্পন্ন কৰি আত্মাসকলৰ আহ্বান পূৰ্ণ কৰোঁতা সম্পন্ন আত্মাসকলক, সদায়
শক্তিহীনসকলক, পৰৰ বশীভূতসকলক নিজৰ সাহসৰ বৰদানেৰে সাহস দিওঁতা, পিতাৰ সহায়ৰ পাত্ৰ
আত্মাসকলক, সদায় বিশ্ব-পৰিৱৰ্তক হৈ স্ব-পৰিৱৰ্তনেৰে মায়া, প্ৰকৃতি আৰু দুৰ্বল
আত্মাসকলক পৰিৱৰ্তন কৰোঁতা পৰিৱৰ্তক আত্মাসকলক বাপদাদাৰ চাৰিওফালৰ অকনমানি সংসাৰখনৰ
সকলো আত্মাক, সন্মুখলৈ অহা শ্ৰেষ্ঠ আত্মাসকলক অনেক কোটি গুণ স্নেহপূৰ্ণ স্মৰণ আৰু
নমস্কাৰ।
বৰদান:
শান্তিৰ সাধনৰ
দ্বাৰা মায়াক দূৰৈতে চিনি খেদি পঠাওঁতা মায়াজিৎ হোৱা
মায়াতো অন্তিম
মুহূৰ্তলৈকে আহিব কিন্তু মায়াৰ কাম হ’ল অহা আৰু তোমালোকৰ কাম হ’ল দূৰৈতে খেদি পঠিওৱা।
মায়া আহিব আৰু তোমালোকক অস্থিৰ কৰিব আকৌ তোমালোকে খেদি পঠিয়াবা, এয়াও সময় নষ্ট হ’ল,
সেয়েহে শান্তিৰ সাধনেৰে তোমালোকে দূৰৈৰ পৰাই চিনি লোৱা যে এয়া মায়া। মায়াক ওচৰলৈ
আহিব নিদিবা। যদি ভাবা যে কি কৰোঁ, কেনেকৈ কৰোঁ, এতিয়াতো পুৰুষাৰ্থী... তেন্তে এয়াও
মায়াক আপ্যায়ন কৰা, তেতিয়া অশান্ত হোৱা সেয়েহে দূৰৈৰ পৰাই চিনাক্ত কৰি খেদি পঠিওৱা
তেতিয়া মায়াজিৎ হৈ যাবা।
স্লোগান:
শ্ৰেষ্ঠ
ভাগ্যৰ ৰেখা জাগ্ৰত কৰা তেতিয়া পুৰণা সংস্কাৰৰ ৰেখা সুপ্ত হৈ যাব।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যোগী জীৱনত উচ্চ
লক্ষ্য প্ৰাপ্ত কৰোঁতা আত্মাই নিন্দাক স্তুতিলৈ, গ্লানিক গায়নলৈ, উপেক্ষাক সৎকাৰলৈ,
অপমানক স্ব-অভিমানলৈ, অপকাৰক উপকাৰলৈ পৰিৱৰ্তিত কৰি পিতাৰ সমান সদায় বিজয়ী, অষ্ট
ৰত্ন আৰু ভক্তসকলৰ ইষ্ট হৈ যায়।