14.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ডাঙৰ ডাঙৰ স্থানসমূহত ডাঙৰ ডাঙৰ দোকান (সেৱাকেন্দ্ৰ) খোলা, সেৱা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা, বৈঠক পাতা, চিন্তন কৰা”

প্ৰশ্ন:
স্থূল আশ্চৰ্যৰ বিষয়েতো সকলোৱে জানে কিন্তু সকলোতকৈ ডাঙৰ আশ্চৰ্য কোনটো, যাক তোমালোক সন্তানসকলেহে জানা?

উত্তৰ:
সকলোতকৈ ডাঙৰ আশ্চৰ্য এয়া যে সকলোৰে সৎগতি দাতা পিতা স্বয়ং আহি পঢ়ায়। এই আচৰিত কথাটি শুনাবৰ কাৰণে তোমালোকে নিজৰ নিজৰ দোকান (সেৱাকেন্দ্ৰ) জাকজমক কৰি তুলিবলগীয়া হয় কিয়নো মনুষ্যই জাকজমকতা (প্ৰদৰ্শন) দেখিহে আহে। গতিকে সকলোতকৈ ভাল আৰু ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে, যাতে সকলোৱে আহি বুজে।

গীত:
মৰনা তেৰী গলী মে... (তোমাৰ গলিতে যেন মৰোঁ…)

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ। ৰুদ্ৰ ভগৱানুবাচ বুলিও ক’ব পাৰি কিয়নো শিৱ মালা বুলি গায়ন কৰা নহয়। যিসকল মনুষ্যই ভক্তিমাৰ্গত বহুত জপ কৰে তাৰ নাম ৰখা হৈছে ৰুদ্ৰ মালা। কথা একেটাই কিন্তু সঠিক মাৰ্গত শিৱবাবাই পঢ়ায়। সেইটো নামেই হোৱা উচিত, কিন্তু ৰুদ্ৰ মালা নাম প্ৰচলিত হৈ আহিছে। গতিকে সেইটোও বুজাবলগীয়া হয়। শিৱ আৰু ৰুদ্ৰৰ মাজত কোনো পাৰ্থক্য নাই। সন্তানসকলৰ বুদ্ধিত আছে যে আমি ভালদৰে পুৰুষাৰ্থ কৰি বাবাৰ মালাত সমীপত আহি যাওঁ। এইটো দৃষ্টান্তও শুনোৱা হয়। যেনেকৈ শিশুসকলে দৌৰ লগাই যায়, চিহ্নৰ ওচৰলৈকে গৈ পুনৰ ঘূৰি আহি শিক্ষকৰ ওচৰত থিয় হয়। তোমালোক সন্তানসকলেও জানা আমি 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। এতিয়া প্ৰথমে গৈ মালাত গঁথা যাব লাগে। সেয়া হৈছে মানৱ শিশুৰ দৌৰ। এয়া হৈছে আত্মিক দৌৰ। সেই দৌৰ তোমালোকে লগাব নোৱাৰা। এয়াতো হয়েই আত্মাসকলৰ কথা। আত্মাতো বুঢ়া, ডেকা বা সৰু-ডাঙৰ নহয়। আত্মাতো একেই থাকে। আত্মাইহে নিজৰ পিতাক স্মৰণ কৰিব লাগে, এই ক্ষেত্ৰত কোনো কষ্টৰ কথা নাই। লাগিলে পঢ়াত ঢিলাও হৈ যাওঁক কিন্তু ইয়াত কি কষ্ট আছে, একোৱেই নাই। সকলো আত্মা ভাই ভাই। সেই দৌৰত ডেকাসকলে তীব্ৰতাৰে দৌৰিব। ইয়াততো তেনে কথা নাই। তোমালোক সন্তানসকলৰ দৌৰ হৈছে ৰুদ্ৰ মালাত গঁথা যোৱাৰ বাবে। বুদ্ধিত আছে যে আমাৰ অৰ্থাৎ আত্মাসকলৰো বৃক্ষ আছে। সেয়া হৈছে শিৱবাবাৰ সকলো মনুষ্য-মাত্ৰৰ মালা। এনেকুৱা নহয় যে কেৱল 108 বা 16108ৰ মালা আছে। নহয়। যি মনুষ্য মাত্ৰ আছে, সকলোৰে মালা আছে। সন্তানসকলে বুজি পায় ক্ৰম অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মত গৈ বিৰাজমান হ’ব, যিসকল পুনৰ কল্পই কল্পই সেই স্থানতেই আহি থাকিব। এইটোও আচৰিত কথা নহয় জানো। জগতে এই কথাবোৰ নাজানে। তোমালোকৰ ভিতৰতো যিসকল বিশাল বুদ্ধিৰ তেওঁলোকে এই কথাবোৰ বুজিব পাৰে। সন্তানসকলৰ বুদ্ধিত এইটোৱে খেয়াল থকা উচিত যে আমি সকলোকে কেনেকৈ ৰাস্তা দেখুৱাওঁ। এয়া হৈছে বিষ্ণুৰ মালা। আৰম্ভণিৰ পৰা বংশ বৃক্ষ আৰম্ভ হয়, ঠাল-ঠেঙুলি সকলো আছে নহয়। তাতো সৰু সৰু আত্মাসকল থাকে। ইয়াত হৈছে মনুষ্য। পুনৰ সকলো আত্মা যথাযথ তাত থিয় হ'ব। এইবোৰ আচৰিত কথা। মনুষ্যই এই স্থূল আশ্চৰ্য সকলো দেখিছে কিন্তু সেয়াতো একোৱেই নহয়। এয়া কিমান আশ্চৰ্যজনক যে সকলোৰে সৎগতিদাতা পৰমপিতা পৰমাত্মা আহি পঢ়ায়। শ্ৰীকৃষ্ণক জানো সকলোৰে সৎগতি দাতা বুলি ক’ব। তোমালোকে এই সকলোবোৰ কথা ধাৰণ কৰিব লাগে। মূল কথা হৈছেই গীতাৰ ভগৱানৰ। ইয়াৰ ওপৰত যদি বিজয় প্ৰাপ্ত কৰা তেন্তে বচ্‌। গীতা হৈছেই সৰ্ব শাস্ত্ৰৰ শিৰোমণি, ভগৱানে শুনোৱা। প্ৰথমতে এইটো চেষ্টা কৰিব লাগে। আজিকালিতো বহুত জাকজমকতা লাগে, যিখন দোকানত বহুত প্ৰদৰ্শন হয় তাত মনুষ্য বহুত সোমায়। তেওঁলোকে ভাবে ইয়াত ভাল সামগ্ৰী আছে। সন্তানসকলে ভয় কৰে, ইমান ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ খুলিবলৈ লাখ দুই লাখ জমা দিব লাগিব, তেতিয়াহে মন পচন্দৰ ঘৰ পোৱা যাব। এখনেই ৰাজকীয় ডাঙৰ দোকান হওঁক, ডাঙৰ দোকান ডাঙৰ ডাঙৰ চহৰতহে ওলাব। তোমালোকৰ সকলোতকৈ ডাঙৰ দোকান ৰাজধানীত থাকিব লাগে। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰা উচিত যে কেনেকৈ সেৱা বৃদ্ধি হয়। ডাঙৰ দোকান খুলিলে তেতিয়া ডাঙৰ ডাঙৰ ব্যক্তি আহিব। ডাঙৰ ব্যক্তিৰ আৱাজ তৎক্ষণাৎ বিয়পি পৰে। প্ৰথমতেতো এইটো চেষ্টা কৰিব লাগে। সেৱাৰ কাৰণে ডাঙৰতকৈও ডাঙৰ স্থান এনেকুৱা ঠাই বাচনি কৰা য’ত ডাঙৰ ডাঙৰ মনুষ্যসকল আহি আচম্বিত হ’ব আকৌ তাত বুজোঁৱাসকলো অতি উত্তম হোৱা উচিত। যদি কোনোবা এজনো ঢিলা ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে বুজায় তেতিয়া ভাবে - সম্ভৱতঃ সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী এনেকুৱাই সেয়েহে দোকানত বিক্ৰেতাও ভাল অতি উত্তম লাগে। এয়াও বেপাৰ নহয় জানো। পিতাই কয় - সন্তানসকলে সাহস কৰিলে বাপদাদাই সহায় কৰে। সেই বিনাশী ধনতো কোনো কামত নাহিব। আমিতো নিজৰ অবিনাশী উপাৰ্জন কৰিব লাগে, ইয়াত বহুতৰে কল্যাণ হ'ব। যেনেকৈ এওঁ ব্ৰহ্মায়ো কৰিলে। কিন্তু কোনোবা ভোকত মৰে জানো। তোমালোকেও খোৱা, এৱোঁ খায়। ইয়াত যি খোৱা-বোৱা পোৱা যায় সেয়া আৰু ক’তো পোৱা নাযায়। এই সকলোবোৰ সন্তানসকলৰে নহয় জানো। সন্তানসকলে নিজৰ ৰাজ্য স্থাপনা কৰিব লাগে, এই ক্ষেত্ৰত বহুত বিশালবুদ্ধিৰ প্ৰয়োজন। ৰাজধানীত নাম প্ৰচাৰিত হ’লে তেতিয়া সকলোৱে বুজি যাব। সকলোৱে ক’ব যথাযথ এওঁলোকেতো সঁচা কথা কয়, বিশ্বৰ মালিকতো ভগৱানেহে কৰি তুলিব। মনুষ্যই, মনুষ্যক জানো বিশ্বৰ মালিক কৰি তুলিব। বাবাই সেৱাৰ বৃদ্ধিৰ কাৰণে মতামত দি থাকে।

সেৱা বৃদ্ধি তেতিয়াহে হ’ব যেতিয়া সন্তানসকল উদাৰ অন্তৰৰ হ’ব। যিয়েই কাৰ্য কৰা উদাৰ অন্তৰেৰে কৰা। যিকোনো শুভ কৰ্ম নিজেই কৰা - এইটো বহুত ভাল। কোৱাও হয় - যিয়ে নিজেই কৰে তেওঁ দেৱতা, যিয়ে ক’লেহে কৰে তেওঁ মনুষ্য। যিয়ে ক’লেও নকৰে তেওঁ… বাবাতো দাতা, বাবাই জানো কাৰোবাক ক’ব যে এইটো কৰা। এইটো কাৰ্যত ইমান সহযোগ কৰা। নহয়। বাবাই বুজাইছে – ডাঙৰ ডাঙৰ ৰজাসকলৰ হাত কেতিয়াও বন্ধ হৈ নাথাকে। ৰজাসকল সদায় দাতা হয়। বাবাই মতামত দিয়ে – গৈ কি কি কৰিব লাগে। বহুত সাৱধানো হ’ব লাগে। মায়াৰ ওপৰত বিজয়ী হ’ব লাগে, বহুত উচ্চ পদ। অন্তিমৰ ফালে ফলাফল ওলাব তেতিয়া যিসকলে বহুত নম্বৰ লৈ উত্তীৰ্ণ হ’ব তেওঁলোক আনন্দিতও হয়। অন্তিমত সাক্ষাৎকাৰতো সকলোৰে হ’ব নহয়, কিন্তু সেই সময়ত কি কৰিব পাৰিব। ভাগ্যত যি আছে সেয়াই পাব। পুৰুষাৰ্থৰ কথা বেলেগ। পিতাই সন্তানসকলক বুজায় - বিশাল বুদ্ধিৰ হোৱা। এতিয়া তোমালোক ধৰ্ম আত্মা হোৱা। সৃষ্টিত ধৰ্মাত্মাতো অনেক আহি গৈছে নহয়। তেওঁলোকৰ বহুত নাম হয়। অমুক বহুত ধৰ্মাত্মা মনুষ্য আছিল। কোনো কোনোৱেতো টকা পইচা জমা কৰি কৰি হঠাৎ মৰি যায়। তেতিয়া নিমিত্ত হয়। কিছুমান সন্তানো নালায়ক হ’লে তেতিয়া আকৌ নিমিত্ত ৰাখি দিয়ে। এই সময়ততো এয়া হয়েই পাপ আত্মাৰ সৃষ্টি। ডাঙৰ ডাঙৰ গুৰু আদিক দান কৰে। যেনেকৈ কাশ্মীৰৰ মহাৰজা আছিল, ইচ্ছাপত্ৰ কৰি গ’ল যে আৰ্য সমাজে পাব। তেওঁলোকৰ ধৰ্ম যাতে বৃদ্ধি পায়। এতিয়া তোমালোকে কি কৰিব লাগে, কোনটো ধৰ্মৰ বৃদ্ধি কৰিব লাগে? আদি সনাতন দেৱী–দেৱতা ধৰ্মই হয়। এইটোও কাৰো জ্ঞাত নহয়। এতিয়া তোমালোকে পুনৰ স্থাপনা কৰি আছা। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এতিয়া সন্তানসকল এজনৰেই স্মৃতিত থাকিব লাগে। তোমালোকে স্মৃতিৰ শক্তিৰেহে গোটেই সৃষ্টিখনক পৱিত্ৰ কৰি তোলা কিয়নো তোমালোকৰ বাবেতো পৱিত্ৰ সৃষ্টিৰ প্ৰয়োজন। এইখনত জুই লাগিলে পৱিত্ৰ হ’ব। লেতেৰা বস্তুক জুইত দি পৱিত্ৰ কৰা হয়। এই জুইত সকলো অপৱিত্ৰ বস্তু দাহ হৈ পুনৰ সুন্দৰ হৈ ওলাব। তোমালোকে জানা যে এইখন বহুত ছিঃ ছিঃ তমোপ্ৰধান সৃষ্টি। পুনৰ সতোপ্ৰধান হ’ব লাগে। এয়া জ্ঞান যজ্ঞ হয় নহয়। তোমালোক হৈছা ব্ৰাহ্মণ। এয়াও তোমালোকে জানা শাস্ত্ৰত অনেক কথা লিখি দিছে, যজ্ঞত আকৌ দক্ষ প্ৰজাপিতাৰ নাম দেখুৱাইছে। আকৌ ৰুদ্ৰ জ্ঞান যজ্ঞ ক’লৈ গ’ল। ইয়াৰ বাবেও কি কি কাহিনী বহি লিখিছে। যজ্ঞৰ বৰ্ণনা নিয়ম অনুসৰি হোৱা নাই। পিতাহে আহি সকলো বুজায়। এতিয়া তোমালোক সন্তানসকলে শ্ৰীমতত জ্ঞান যজ্ঞ ৰচনা কৰিছা। এয়া হৈছে জ্ঞান যজ্ঞ আকৌ বিদ্যালয়ো হৈ যায়। জ্ঞান আৰু যজ্ঞ দুয়োটা শব্দ বেলেগ বেলেগ। যজ্ঞত আহুতি দিব লাগে। জ্ঞান সাগৰ পিতাহে আহি যজ্ঞ ৰচনা কৰে। এয়া অতি মহত্বপূৰ্ণ যজ্ঞ, য’ত গোটেই পুৰণি সৃষ্টি আহুতি যাব।

সেয়েহে সন্তানসকলে সেৱাৰ পৰিকল্পনা কৰিব লাগে। লাগিলে গাঁও আদিতো সেৱা কৰা। তোমালোকক বহুতে কয় গৰিবসকলক এই জ্ঞান দিয়া উচিত। কেৱল মতামত দিয়ে, নিজে কোনো কাম নকৰে। সেৱা নকৰে কেৱল মতামত দিয়ে যে এনেকুৱা কৰা, এয়া বহুত ভাল। কিন্তু মোৰ হ’লে সময় নাই। জ্ঞান বহুত ভাল। সকলোৱে এই জ্ঞান পোৱা উচিত। নিজকে ডাঙৰ ব্যক্তি, তোমালোকক সৰু বুলি গণ্য কৰে। তোমালোক বহুত সাৱধানে থাকিব লাগে। সেই পঢ়াৰ লগত আকৌ এই পঢ়াও পোৱা যায়। পঢ়াৰ দ্বাৰা বাৰ্তালাপ কৰাৰ জ্ঞান আহি যায়। আচৰণ ভাল হৈ যায়।। অশিক্ষিতজন যেন বুদ্ধিহীন। কেনেকৈ বাৰ্তালাপ কৰা উচিত সেই জ্ঞান নাই। ডাঙৰ ব্যক্তিক সদায় ‘আপুনি’ বুলি সম্বোধন কৰি কথা পাতিব লাগে। ইয়াততো কোনো কোনো এনেকুৱাও আছে যিয়ে স্বামীকো তুমি বুলি কৈ দিয়ে। ‘আপুনি’ শব্দটো মাৰ্জিত। ডাঙৰ ব্যক্তিক আপুনি বুলি ক’ব। সেয়েহে বাবাই প্ৰথমতে মতামত দিয়ে যে দিল্লী যি পৰীস্থান আছিল, পুনৰ তাক পৰীস্থান কৰি তুলিব লাগে। গতিকে দিল্লীত সকলোকে বাৰ্তা দিয়া উচিত, বিজ্ঞাপন বহুত ভালদৰে কৰিব লাগে। বিষয়বস্তু আদিও উলিয়াই থাকে, বিষয়বস্তুৰ তালিকা প্ৰস্তুত কৰি পুনৰ লিখি যোৱা। বিশ্বত শান্তি কেনেকৈ হ’ব পাৰে সেয়া আহি বুজি লওঁক, 21 জন্মৰ কাৰণে নিৰোগী কেনেকৈ হ’ব পাৰি, আহি বুজক। এনেকুৱা আনন্দদায়ক কথা লিখা থাকিব লাগে। আহি 21 জন্মৰ কাৰণে নিৰোগী, সত্যযুগী দ্বৈত মুকুটধাৰী হওঁক। ‘সত্যযুগী’ শব্দটি সকলোতে লিখি দিয়া। সুন্দৰ সুন্দৰ শব্দ হ’লে তেতিয়া মনুষ্যই দেখি আনন্দিত হ’ব। ঘৰতো এনেকুৱা ফলক চিত্ৰ আদি আঁৰি থ’ব লাগে। নিজৰ পেছাগত কাম-কাজ আদি অৱশ্যে কৰা। তাৰ লগতে সেৱাও কৰি থাকা। গোটেই দিন জানো পেছাগত কাম-কাজত থাকিবলগীয়া হয়? ওপৰে ওপৰে কেৱল চোৱা-চিতা কৰিবলগীয়া হয়। বাকী কাম সহকাৰী প্ৰবন্ধকে চলায়। কিছুমান সদাগৰ ব্যক্তি উদাৰ অন্তৰৰ হয় তেতিয়া সহায়কক ভাল দৰমহা দিওঁ গাদীত বহুৱাই দিয়ে। এয়াতো হৈছে বেহদৰ সেৱা। আন সকলো হৈছে হদৰ সেৱা। এই বেহদৰ সেৱাত কিমান বিশাল বুদ্ধিৰ হোৱা উচিত। আমি বিশ্বক জয় কৰোঁ। কালৰ ওপৰতো আমি জয়ী হৈ অমৰ হৈ যাওঁ। এনেকুৱা লিখনি দেখি মনুষ্য আহিব আৰু বুজিবলৈ চেষ্টা কৰিব। আপোনালোক কেনেকৈ অমৰলোকৰ মালিক হ’ব পাৰে সেয়া আহি বুজি লওঁক, বহুত বিষয় বস্তু উলিয়াব পাৰি। তোমালোকে যিকোনো লোককে বিশ্বৰ মালিক কৰি তুলিব পাৰা। তাত দুখৰ নাম-চিহ্ন নাথাকে। সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবাই আমাক পুনৰ কি কৰি তুলিবলৈ আহিছে! সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ পৰা নতুন হ’ব লাগে, মৃত্যুও সমাগত। দেখি আছা যুদ্ধ লাগিয়েই থাকে। ডাঙৰ যুদ্ধ লাগিলে তেতিয়া খেলেই সমাপ্ত হৈ যাব। তোমালোকেতো ভালদৰে জানা। পিতাই বহুত স্নেহেৰে কয় - মৰমৰ সন্তানসকল, বিশ্বৰ বাদশ্বাহী তোমালোকৰ কাৰণে। তোমালোক বিশ্বৰ মালিক আছিলা, ভাৰতত তোমালোকে অপাৰ সুখ দেখিলা। তাত ৰাৱণৰাজ্যই নাই। গতিকে ইমান আনন্দিত হৈ থাকিব লাগে। সন্তানসকলে পৰস্পৰ মিলি উপায় উলিওৱা উচিত। বাতৰি কাকতত প্ৰকাশ কৰিব লাগে। দিল্লীতো এৰোপ্লেনৰ পৰা প্ৰচাৰ-পত্ৰিকা পেলোৱা। নিমন্ত্ৰণ দিয়ে, খৰচ কিবা বহুত হয় জানো, ডাঙৰ বিষয়াই বুজি পালে তেতিয়া বিনামূলীয়াকৈও ব্যৱস্থা কৰি দিব পাৰে। বাবাই মতামত দিয়ে, যেনেকৈ কলিকতা (এতিয়া কোলকাতা) আছে, তাত চৌৰংগীত এখনেই অতি উত্তম ৰাজকীয় ডাঙৰ দোকান হওঁক, তেতিয়া বহুত গ্ৰাহক আহিব। মাদ্ৰাজ, বোম্বাই (এতিয়া মুম্বাই) ডাঙৰ ডাঙৰ চহৰত ডাঙৰ দোকান হওঁক। বাবা বেপাৰীও হয় নহয়। তোমালোকৰ পৰা কড়ি তুল্য পাই-পইচা লৈ বিনিময়ত কি দিওঁ! সেয়েহে দয়াশীল বুলি গায়ন কৰা হয়। কড়িৰ পৰা হীৰা তুল্য কৰি তোলোঁতা, মনুষ্যক দেৱতা কৰি তোলোঁতা। মহিমা একমাত্ৰ পিতাৰ। পিতা নথকাহেঁতেন, তেতিয়া তোমালোকৰ কি মহিমা হ’লহেঁতেন।

তোমালোক সন্তানসকলৰ নিচা থকা উচিত যে ভগৱানে আমাক পঢ়ায়। লক্ষ্য-উদ্দেশ্য নৰৰ পৰা নাৰায়ণ হোৱাৰ সন্মুখত ঠিয় হৈ আছে। প্ৰথমে যিসকলে অব্যভিচাৰী ভক্তি আৰম্ভ কৰিছে, তেওঁলোকেই আহি উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰিব। বাবাই কিমান ভাল ভাল কথা বুজায়, সন্তানসকলে পাহৰি যায়, সেইবাবে বাবাই কয় – মুখ্য কথাবোৰ লিখা। বিষয় বস্তু লিখি থাকা। ডাক্তৰসকলেও কিতাপ পঢ়ে। তোমালোক হৈছা মাষ্টৰ আত্মিক ছাৰ্জন। তোমালোকক শিকোৱা হয় আত্মাক কেনেকৈ বেজী দিয়া হয়। এয়া হ’ল জ্ঞানৰ বেজী। ইয়াত বেজী আদিতো একো নাই। বাবা হৈছে অবিনাশী ছাৰ্জন, আত্মাসকলক আহি পঢ়ায়। আত্মাসকলেই অপৱিত্ৰ হৈছে। এয়াতো বহুত সহজ। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক আমি স্মৰণ কৰিব নোৱাৰোঁ! মায়াৰ বিৰুদ্ধাচৰণ বহুত হয় সেইবাবে বাবাই কয় - খতিয়ান ৰাখা আৰু সেৱাৰ খেয়াল কৰা তেতিয়া বহুত আনন্দিত হ’বা। যিমানেই ভালকৈ মুৰুলী নপঢ়াওঁক কিন্তু যোগ নাই। পিতাৰ লগত সত্য হৈ চলাওঁ বৰ কঠিন। যদি ভাবে যে মই বহুত তীক্ষ্ণ তেন্তে বাবাক স্মৰণ কৰি খতিয়ান পঠিয়াওক তেতিয়া বাবাই বুজি পাব কিমানলৈকে সঁচা বা মিছা? বাৰু, সন্তানসকলক বুজালোঁ – অবিনাশী জ্ঞান ৰত্নৰ বিক্ৰেতা হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি নিচাত থাকিব লাগে, মাষ্টৰ আত্মিক ছাৰ্জন হৈ সকলোকে জ্ঞান ৰূপী বেজী দিব লাগে। সেৱাৰ লগতে স্মৃতিত থকাৰো খতিয়ান ৰাখিব লাগে তেতিয়া আনন্দিত হৈ থাকিবা।

(2) বাৰ্তালাপ কৰাৰ ভাল আচৰণ ধাৰণ কৰিব লাগে, 'আপুনি' বুলি কৈ কথা পাতিব লাগে। প্ৰতিটো কাৰ্য উদাৰ অন্তৰৰ হৈ কৰিব লাগে।

বৰদান:
সকলো কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰা উৰ্দ্ধত পদুম ফুলৰ দৰে থাকোঁতা দিব্য বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদানী হোৱা

বাপদাদাৰ দ্বাৰা প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ জন্ম হওঁতেই দিব্য সমৰ্থ বুদ্ধি আৰু দিব্য নেত্ৰৰ বৰদান প্ৰাপ্ত হৈছে। যিসকল সন্তানে নিজৰ জন্মদিনৰ এই উপহাৰ সদায় যথাৰ্থ ৰীতিৰে ব্যৱহাৰ কৰে তেওঁলোক পদুম ফুলৰ সমান শ্ৰেষ্ঠ স্থিতিৰ আসনত স্থিৰ হৈ থাকে। কোনো প্ৰকাৰৰ আকৰ্ষণ – দেহৰ সম্বন্ধ, দেহৰ পদাৰ্থ বা কোনো কৰ্মেন্দ্ৰিয়ই তেওঁলোকক আকৰ্ষণ কৰিব নোৱাৰে। তেওঁলোক সকলো আকৰ্ষণৰ পৰা উৰ্দ্ধত সদায় হৰ্ষিত হৈ থাকে। তেওঁলোকে নিজক কলিযুগী পতিত বিকাৰী আকৰ্ষণৰ পৰা কাষৰীয়া হৈ যোৱা অনুভৱ কৰে।

স্লোগান:
যেতিয়া ক’তোৱে আকৰ্ষণ নাথাকিব তেতিয়া শক্তি স্বৰূপ প্ৰত্যক্ষ হ’ব।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

নিজৰ শ্ৰেষ্ঠ সংকল্প আৰু শক্তিৰে অন্য আত্মাসকলৰ ব্যৰ্থ আৰু নেতিবাচক সংকল্পৰ বোৱতী ধাৰাৰ পৰা অলপ সময়তে কাষৰীয়া হৈ দেখুওৱা। ব্যৰ্থ সংকল্পক শুদ্ধ সংকল্পলৈ পৰিৱৰ্তিত কৰি দিয়া। একেটা স্থানত থাকিও যাতে অনেক আত্মাৰ ওপৰত তোমালোকৰ শ্ৰেষ্ঠ সংকল্প আৰু দিব্য দৃষ্টিৰ প্ৰভাৱ পৰে।