14.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিৰ যাত্ৰাত কেতিয়াও ভাগৰি পৰিব নালাগে, দেহ-অভিমানৰ ধুমুহাই ভাগৰুৱা কৰি তোলে,
দেহী-অভিমানী হোৱা তেতিয়া ভাগৰ দূৰ হৈ যাব”
প্ৰশ্ন:
কোনটো সংস্কাৰ
21 জন্মৰ শ্ৰেষ্ঠ ভাগ্যক নষ্ট কৰি দিওঁতা হয়?
উত্তৰ:
যদি কাৰোবাৰ প্ৰতি বিতুষ্ট হোৱাৰ সংস্কাৰ আছে। পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি বিতুষ্ট
হৈ গ’লে তেতিয়া 21 জন্মৰ ভাগ্য নষ্ট হৈ যায় সেয়েহে বাবাই কয় - মৰমৰ সন্তানসকল -
দেহ-অভিমানৰ বশৱৰ্তী হৈ কেতিয়াও এইটো ওলোটা নিচা লাগিব নালাগে যে মই ইমানক বুজালোঁ,
ইমান সহায় কৰিলোঁ। চোৱা, বাবা কিমান উচ্চ হৰ্তা-কৰ্তা তথাপিও কিমান নিৰহংকাৰী সেয়েহে
পিতাক চোৱা।
গীত:
ৰাত কে ৰাহী
থক্ মত জানা… (নিশাৰ পথিক ভাগৰি নপৰিবা…)
ওঁম্শান্তি।
অতি মৰমৰ,
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে আৰু যিসকল যোগযুক্ত সেৱাধাৰী
সন্তান, তেওঁলোকে ইয়াৰ অৰ্থ ততালিকে বুজি লয়। আমি নিশাৰ পথিক অৰ্থাৎ ব্ৰাহ্মণসকলৰ
এতিয়া ৰাতি পূৰা হ'ল। ভক্তিমাৰ্গক ৰাতি বুলি কোৱা হয়। ৰাতিৰ আধাকল্প পূৰা হয়। হদৰো
দিন আৰু ৰাতি আছে। এয়া আকৌ ব্ৰাহ্মণসকলৰ আধাকল্প দিন আৰু আধাকল্প ৰাতি হয়। এই সময়ত
যেতিয়া পিতা আহে তেতিয়া অন্ধকাৰ থাকে। প্ৰভাত হোৱাৰ প্ৰথম প্ৰহৰ, প্ৰভাত হৈ আছে।
সন্তানসকলে জানে যে এতিয়া পিতাই কয়, মৰমৰ সন্তানসকল স্মৃতিৰ যাত্ৰাত ভগৰি নপৰিবা।
যেনেকৈ পাৰ্থিৱ (শাৰীৰিক) যাত্ৰা কৰে। আগতে খোজকাঢ়ি গৈছিল। বহুত লাহে লাহে, মাজে
মাজে জিৰণি ঘৰ তৈয়াৰ কৰা থাকে। গম পায় যে আমি অমুক অমুক স্থানত বিৰাম ল’ব লাগিব।
আগতে বহুত শ্ৰদ্ধাৰে খোজকাঢ়ি গৈছিল, তাত বহুত পৰিশ্ৰম হয়। এতিয়া এয়াতো বহুত সহজ।
ইয়াক কোৱা হয় সহজ স্মৃতি বা যোগ। কেৱল পিতাক স্মৰণ কৰিব লাগে, ভাগৰ লগাৰ অৰ্থই হৈছে
দেহ-অভিমানী হোৱা। হয় এই ক্ষেত্ৰত কোনো সন্দেহ নাই, মায়াৰ বিঘ্ন আহিবই। কিন্তু ইয়াত
ভাগৰি পৰিব নালাগে। ভাগৰি পৰিলে দেহ-অভিমান আহি যায়। পিতাই কয় - সন্তানসকল শৰীৰ
নিৰ্বাহৰ কাৰণে কামতো কৰিবই লাগে, তাৰ বাবে অনুমতি আছে। 8 (আঠ) ঘণ্টা শৰীৰ নিৰ্বাহ,
8 (আঠ) ঘণ্টা বিশ্ৰাম, বাকী 8 (আঠ) ঘণ্টা ইয়াত দিয়া। এতিয়াতো পূৰা 8 (আঠ) ঘণ্টা
কোনেও নিদিয়ে। অন্তিমত 8 (আঠ) ঘণ্টালৈকে থাকিব। তালিকা বঢ়াই থাকা। ইয়াত যেতিয়া আহি
বহা তেতিয়া স্মৃতি সোঁৱৰাই দিয়া হয়, যাক তোমালোকে যোগাভ্যাস কৰোৱা বুলি কোৱা। বাবাৰ
স্মৃতিত আহি বহা। ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল ইয়াত আহি স্মৃতিত বহিব লাগে। এনেকুৱা
বহুত আছে - ভাবে 5-10 মিনিট যোগ কৰি উঠিম। কিন্তু পিতাইতো কয় - কাম-কাজ কৰি, ক'ৰবালৈ
অহা-যোৱা কৰোঁতেও তোমালোক যোগত থাকা। ক'ৰবাত গঙ্গা স্নান আদি কৰিবলৈ যায় তেতিয়া
‘ৰাম’ ‘ৰাম’ জপ কৰে নহয়। ইয়াত তোমালোকে একো কীৰ্তন কৰিব নালাগে, কেৱল পিতাক স্মৰণ
কৰিব লাগে। এইজন পিতাই সন্তানসকলৰ সৈতেহে বাৰ্তালাপ কৰি আছে। স্মৃতিৰ যাত্ৰাতেই
তোমালোকৰ কল্যাণ আছে, ইয়াত ভাগৰি পৰিব নালাগে। ইয়াত ধুমুহা বহুত আহিব। কোনো মাটি
আদিৰ ধুমুহা নহয়। মায়াৰ ধুমুহা আহিলে বুদ্ধিৰ যোগসূত্ৰ ছিঙি যায়। আকৌ দেহ-অভিমানত
আহিলে কাম-কাজ, সন্তান স্মৃতিলৈ আহি যায়। পিতাই কয় - এতিয়াতো এই পেছাগত কাম-কাজ আদি
সকলোবোৰ শেষ হৈ যাব। তোমালোকৰ সন্তান উত্তৰাধিকাৰী হ’বলগীয়া নাই। সকলোবোৰ নাশ হৈ
যাব। এতিয়াতো উত্তৰাধিকাৰ বেহদৰ পিতাৰ থিয় হৈ আছে। হদৰ উত্তৰাধিকাৰ মুৰ্দাবাদ হ'ব।
চহকীলোকসকলে ভাবে এতিয়া সন্তান ডাঙৰ হ'ব, বিবাহ কৰিব পুনৰ এয়া হ'ব। পিতাই কয় - এতিয়া
ইমান সময় নাই সেয়েহে জগতৰ পৰা একেবাৰে মোহ আঁতৰাই দিয়া। এয়াতো কৱৰস্থান হয়। যদি
পেছাগত কাম-কাজ সন্তান আদিৰ চিন্তনত মৰা তেন্তে অবাবতে নিজৰ সৰ্বনাশ কৰি দিবা।
শিৱবাবাক স্মৰণ কৰিলে সমৃদ্ধি বহুত হ'ব। দেহ-অভিমানত আহিলে সৰ্বনাশ হয়। দেহী-অভিমানী
হ'লে সমৃদ্ধি হয়। যিমান স্মৰণ কৰিবা সিমান ভৱিষ্যতে 21 জন্ম উত্তৰাধিকাৰ পাবা।
স্মৰণ নকৰিলে তেতিয়া বহুত লোকচান হৈ যাব। সেয়া আকৌ কল্প-কল্পান্তৰৰ কাৰণে হৈ যাব।
ইমান বৃহৎ লোকচানৰ কথা। খেয়াল ৰাখিব লাগে - মই সম্পূৰ্ণ উত্তৰাধিকাৰ কেনেকৈ পাওঁ।
ধনৰো বহুত লালসা ৰাখিব নালাগে। অতি বেছিলৈ যাব নালাগে। কোনোবা দেউলীয়া হয় তেতিয়া
বহুত চিন্তা হৈ যায়। শিৱবাবাক একেবাৰে পাহৰি যায়। তেতিয়া দোষ দিয়ে যে জ্ঞানত অহা
বাবে দেউলীয়া হলোঁ। বেমাৰী হৈ গ’লোঁ। এনেকৈ কেতিয়াও ভাবিব নালাগে। বেমাৰ আদি হয়,
এয়াতো কৰ্মভোগ। ভালেই হ'ল বিকৰ্ম বিনাশ হৈ যাব। ধৰ্মৰজাৰ শাস্তিতকৈতো বেমাৰ হোৱাই
ভাল নহয় জানো। কৰ্মভোগ নিষ্পত্তি কৰিব লাগে। এইটোতো মহাৰোগী শৰীৰ। কিমান তত্ত্বৱধান
লোৱা হয়। গৈ গৈ থমকি ৰৈ যায়। হাৰ্টফেইল হৈ যায়। এনেকুৱা পুৰণি সৃষ্টিকতো বুদ্ধিৰে
একদম পাহৰি যাব লাগে। সন্তানসকলে দেখিবলৈ পায় পিতাই নতুন ঘৰ নিৰ্মাণ কৰি আছে তেতিয়া
পুৰণিৰ পৰা একদম অন্তৰ আঁতৰি যায়। কয় বাবা সোনকালে ঘৰ নিৰ্মাণ কৰক। পুৰণি ঘৰত
অসুবিধা বহুত হয়। তোমালোকেও জানা - এই পুৰণি সৃষ্টিখনতো বহুত লেতেৰা। তোমালোকৰ এয়া
হৈছে বেহদৰ (গোটেই পুৰণা সৃষ্টিৰ) সন্ন্যাস। তেওঁলোকে সন্ন্যাস কৰে ঘৰ-সংসাৰৰ। তাক
হদৰ (সীমিত) সন্ন্যাস বুলি কোৱা হয়। তোমালোকে সন্ন্যাস কৰা - বিকাৰৰ। পিতাই কয় -
দেহ সহিত তোমালোকৰ দেহৰ যি সম্বন্ধ আছে, সকলো এৰি মামেকম্ (কেৱল মোক; পৰমপিতাক)
স্মৰণ কৰা। এইখন সৃষ্টি যাক এই দুচকুৰে দেখিবলৈ পোৱা, ইয়াক পাহৰি যোৱা। এতিয়া
তোমালোকৰ বুদ্ধিয়ে জানে, আমি স্বৰ্গৰ ৰাজধানীৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। জ্ঞানৰ
তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছোঁ। এই সকলোবোৰ কৱৰস্থান হৈ যাব, ইয়াৰ প্ৰতি মৰম ৰাখিব
নালাগে। আজিকালি মনুষ্যৰ টকা-পইচা বহুত আছে সেয়েহে বিকাৰো প্ৰবল হৈ গ'ল। কাম বিকাৰ
কিমান প্ৰবল। কাম বিকাৰ অবিহনে থাকিব নোৱাৰে। 4-5 বছৰ পৱিত্র হৈ থাকি আকৌ লিখে বাবা
আজি এওঁৰ ভূত লাগিল, মুখ ক'লা কৰি দিলে। কিমান হাবাথুৰি খালে। একদম 5 মহলাৰ পৰা
বাগৰি পৰিল। পোন-প্ৰথমে হৈছে দেহ-অভিমান। ওপৰৰ পৰা পৰিল থেঁতেলা হৈ গ'ল। শেষ হৈ যায়,
হাড়মূৰ একেবাৰে ভাঙি যায়। পুনৰ পুৰুষাৰ্থ কৰিবলৈ সময় লাগে। এয়া হৈছে সকলোতকৈ ডাঙৰ
আঘাত সেয়েহে বাবাই কয় কাম মহাশত্ৰু। বিকাৰগ্ৰস্থ হোৱাকে পতিত প্ৰৱণতা বুলি কোৱা হয়।
কয় - বাবা আমাক পতিতৰ পৰা পাৱন কৰি তোলক। ভাৰততেই সম্পূৰ্ণ নিৰ্বিকাৰী আছিল নহয়।
ভাৰতেই সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। এতিয়া ভাৰত বিকাৰী। সম্পূৰ্ণ নিৰ্বিকাৰী বুলি
সূৰ্যবংশীক কোৱা হয়। যদিওবা ৰামচন্দ্ৰৰ ৰাজ্যতো বিকাৰৰ কথা নাথাকে। কিন্তু কলাতো কম
হৈ যায়। 1250 বছৰ কম হৈ গ'লে তেতিয়া সেই সৃষ্টিৰ শক্তিতো কম হৈ গ'ল নহয় সেয়েহে
তেওঁলোকক সতোপ্ৰধান তাৰপাছত সতো বুলি কোৱা হয়। তোমালোকে বিচৰা যে আমি মম্মা-বাবাক
অনুসৰণ কৰি সূৰ্যবংশী মহাৰজা-মহাৰাণী হ’ম, ইয়াত কষ্ট বা খৰচ আদিৰতো কথাই নাই, ইয়াত
মুখেৰে একো ক'বলগীয়াও নহয়। কেৱল স্মৰণ কৰিব লাগে, ইয়াকেই সহজ যোগ বুলি কোৱা হয়,
ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাৰ সন্মুখততো সকলো মহাৰথী। এই ক্ষেত্ৰত যোগ পূৰা
লাগে তেতিয়া কিবা লক্ষ্য ভেদ হ'ব। যোগবল হয় নহয়। যোগৰ বহুত অভাৱ আছে। বিঘ্নও যোগত
বহুত আহে। বেহদৰ পিতাই মৰমৰ সন্তানসকলক বহি বুজায়। পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি
কেতিয়াও বিতুষ্ট হ’ব নালাগে। যদি বিতুষ্ট হোৱা তেন্তে 21 জন্ম ভাগ্যক লৈ বিতুষ্ট
হ’বা। বহুত ভাল ভাল সন্তানো বিতুষ্ট হৈ যায়। দেহ-অভিমানৰ নিচা বাঢ়ি যায়। মই ইমানক
বুজাইছোঁ। দেহ-অহংকাৰ আহিলে তেতিয়া বাগৰি পৰে। এই ক্ষেত্ৰত অহংকাৰ আহিব নালাগে।
শিৱবাবাৰ কিবা অহংকাৰ আছে জানো? কিমান নিৰহংকাৰী, আৰু হয় কিমান শ্ৰেষ্ঠ হৰ্তা-কৰ্তা।
কয়ো মই সাধাৰণ শৰীৰত, সাধাৰণ ঘৰত আহোঁ। চহকীৰ ঘৰত জানো আহোঁ। গতিকে এতিয়া সন্তানসকল
জাগ্ৰত হ'ব লাগে। বাবাই যুক্তিতো বহুত ভাল শুনাই থাকে। তোমালোক সন্তানসকলৰহে দেৰী
হয়। ড্ৰামা অনুসৰি এতিয়াও অৱস্থা শক্তিশালী হোৱা নাই। আগলৈ শক্তিশালী হ’ব। আমি
চৰকাৰক জনাই দিওঁ যে ইমান ইমান বছৰৰ ভিতৰত স্বৰ্গ স্থাপন হৈ যাব। এইবোৰ বাতৰিকাকত
আদিত যেতিয়া মনুষ্যই পঢ়িব তেতিয়া আহি তোমালোকক সুধিব। কিছু বছৰৰ ভিতৰতে স্থাপনা হ'ব
তেন্তে বিনাশো নিশ্চয় হ'ব। বহুত আহিব। এই সম্পত্তি আদি কিছু সময়ৰ কাৰণে আছে। এই
সম্পত্তিবোৰক তোমালোকে সম্পত্তি বুলি জানো ভাবা। তোমালোকে জানা এয়াতো অলপ সময়ৰ কাৰণে
আছে। এই ঘৰ আদি থাকিবৰ কাৰণে নিৰ্মাণ কৰা হৈছে কিয়নো মধুবনলৈ বহুত সন্তান আহে সজীৱ
হ'বৰ কাৰণে। মুখ্য কাৰ্যালয় হৈছে মধুবন। আজি তোমালোকে কি কৰা, কালিলৈ কি কৰিবা।
ইয়াত তপস্যা কৰা আকৌ দিল্লী বৃন্দাবন আদিত গৈ ৰাজ্য কৰিবা। আমাৰ স্মাৰক কেনেকৈ থিয়
হৈ আছে, এইটো ভালদৰে দেখুৱাব লাগে। যিটো কাম আমি এতিয়া কৰি আছোঁ - 5 হাজাৰ বছৰ
পূৰ্বেও কৰিছিলোঁ। পোন-প্ৰথমে শিৱবাবাৰ মন্দিৰ নিৰ্মাণ কৰে। বাকী দেলবাড়া মন্দিৰ
আদিতো পাছত নিৰ্মাণ হৈছে। বুদ্ধিৰে কাম চলাব লাগে। দেলবাড়া মন্দিৰৰো হিচাপ উলিয়াব
বিচাৰিলে উলিয়াব পাৰে। পূৰা আমাৰ স্মাৰক হয়। তোমালোকে জানা এয়া হৈছে স্থাপনাৰ
স্মাৰক।
তোমালোক মৰমৰ
সন্তানসকল বহুত আনন্দিত হ'ব লাগে। এই সকলোবোৰ সেৱা বৃদ্ধি কৰাৰ যুক্তি (উপায়)
উলিয়াব লাগে। ৰাম গ'ল ৰাৱণ গ'ল.... যাৰ বহুত পৰিয়াল আছিল। ৰাৱণৰ চোৱা কিমান ডাঙৰ
পৰিয়াল। ৰামৰ কিমান সৰু পৰিয়াল, গায়ন শুদ্ধ। কিন্তু কোনেও বুজিব নোৱাৰে পিতাই বহি
বুজায় তথাপিও নিশ্চয়তা নজন্মে। শৰীৰ নিৰ্বাহৰ অৰ্থেও তোমালোকে কৰ্ম নিশ্চয় কৰিব লাগে।
অৱশ্যে হয় যিসকল সেৱাধাৰী সন্তান আছে - পাণ্ডৱ, তেওঁলোকেতো এই চৰকাৰৰ প্ৰতিপালন ল'ব
পাৰে। তেওঁলোকৰ সকলো তত্ত্বাৱধান আমি ল’ব লাগে। অৱস্থা সন্তানসকলৰ এনেকুৱা হ'ব লাগে,
বাবাৰ স্মৃতিত এই সৃষ্টিৰ সকলোবোৰ পাহৰিব লাগে। স্মৃতিৰ যাত্ৰাত যিসকল দৃঢ়, মতলীয়া
হৈ থাকিব তেওঁলোকৰ অৱস্থাও বহুত শক্তিশালী হ'ব। যেনেকৈ শিৱবাবাৰ স্মৃতিত থাকি
তোমালোকে শৰীৰ ত্যাগ কৰা। সন্ন্যাসীয়ে ব্ৰহ্মৰ স্মৃতিত শৰীৰ এৰে তথাপিও বায়ুমণ্ডল
একেবাৰে নিস্তব্ধ হৈ যায়। বাবাৰ (ব্ৰহ্মা বাবাৰ) অনুভৱ আছে। মনুষ্য মৰিলে ঘৰত
নিস্তব্ধতা আহি যায় নহয়, ইয়াতো এনেকুৱা হয়। অন্তিমত যেন সকলোবোৰ পাহৰি যায়। এতিয়া
আমি ঘৰলৈ উভতি যাব লাগে। দেহ-অভিমান আঁতৰি গৈ থাকে। পাছলৈ শৰীৰ আনন্দেৰে ত্যাগ কৰিব
লাগে, হৰ্ষিতমুখ। বচ্। আমি ক'লৈ গৈ আছোঁ, এনেকুৱা অৱস্থা যেতিয়া হ'ব তেতিয়া বিজয়
মালাত গঁথাৰ যোগ্য হ'বা। তোমালোকৰ শান্তিৰ শক্তি আছে। যিয়েই আহে তেতিয়া কয় - ইয়াত
শান্তি বহুত আছে। এয়া হৈছে প্ৰকৃত শান্তি। আত্মা শৰীৰৰ পৰা পৃথক হৈ যায়। তোমালোকে
জানা - আমি আত্মা শান্ত স্বৰূপ হওঁ। আমি নিজৰ স্বধৰ্মত বহি যাওঁ। কৰ্ম অবিহনেতো কোনো
মনুষ্য থাকিব নোৱাৰে। সেই লোকসকলে হঠযোগৰ দ্বাৰা কি কি যে নকৰে। তোমালোকে এতিয়া বুজি
পোৱা আমাৰ স্বধৰ্মই হৈছে শান্তি। ইয়ালৈ আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া ঘৰলৈ
উভতি যাব লাগে। পিতাই কয় - মোক স্মৰণ কৰা আৰু ঘৰকো স্মৰণ কৰা। পিতাক স্মৰণ কৰিলে
উত্তৰাধিকাৰ প্ৰাপ্ত হ'ব। পিতাই কয় - মোকো ঘৰত স্মৰণ কৰা। ইয়ালৈতো মই অস্থায়ীভাৱে
আহোঁ। তোমালোকৰ বুদ্ধি বাবাৰ স্মৃতিত শান্তিধামত স্থিৰ হৈ থকা উচিত। ঘৰৰো
উত্তৰাধিকাৰ ল'ব লাগে নহয়। সেয়া হৈছে আত্মাসকলৰ ঘৰ। এয়া হৈছে জীৱ-আত্মাসকলৰ ঘৰ।
নিজৰ ঘৰকো নাপাহৰিবা। পিতাকো নাপাহৰিবা। পিতাক স্মৰণ কৰিলেহে পৱিত্ৰ হৈ ঘৰলৈ গুচি
যাবা। জ্ঞান ধাৰণ কৰিলে পুনৰ নতুন সৃষ্টিত ৰাজত্ব কৰিবলৈ আহিবা। যিমান সম্ভৱ অন্যক
ৰাস্তা দেখুৱাই গৈ থাকা। সদায় পিতাক চাবা। তোমালোকে জানা পিতাই কি কৰিলে! সকলোবোৰ
মাতাসকলক দি দিলে। তেৱেঁই নিৰ্দেশনা দিলে যে সকলোবোৰ মাতাসকলৰ সেৱাত লগোৱা। এজনক
দেখি আনেও অনুসৰণ কৰিলে। স্বাহা হৈ গ'ল। কিন্তু পাছত টিকি থাকিব পাৰিলেহে। ড্ৰামা
অনুসৰি ভাতীও তৈয়াৰ হ'বলগীয়া আছিল। পাকিস্তান-হিন্দুস্থান হ'ল। তোমালোকৰ ভাতী প্ৰথমে
আৰম্ভই হৈছিল পাকিস্তানত। তোমালোকে নদী পাৰ হ’লা - শাস্ত্ৰততো কি কি কথা লিখি দিছে।
বাস্তৱততো এতিয়া তোমালোকে শুনা নহয়। পুনৰ কল্পৰ পাছত তোমালোকেই শুনিবা। এতিয়া পিতাই
কয় - বেয়া নুশুনিবা, পেছাগত কাম-কাজ আদি লাগিলে কৰা, কিন্তু বেয়া নুশুনিবা। পিতাই
কয় - প্ৰতিটো কথাত শ্ৰীমত লোৱা। বাবা এইটো অৱস্থাত মই কি কৰোঁ তেতিয়া বাবাই সকলো কৈ
দিব। কিবা কথা সুধিবলগীয়া হ’লে তেন্তে তোমালোক পিতাৰ ওচৰলৈ আহাঁ। তোমালোকে ভয় কিয়
কৰা। খোজে প্ৰতি সুধিব লাগে। শ্ৰীমতত চলিলে খোজে প্ৰতি পদম আছে। তোমালোকৰ চেকেণ্ডৰ
পাছত চেকেণ্ড যি অতিবাহিত হৈ যায় তাত পদম আছে। তেন্তে কিমান উপাৰ্জন হৈ আছে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিজয়
মালাত গঁথা যাবলৈ এই শৰীৰৰ পৰা পৃথক হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। দেহ-অভিমান এৰি
গৈ থাকিব লাগে। এইখন সৃষ্টিক বুদ্ধিৰে পাহৰিব লাগে।
(2) অতি মাত্ৰা ধনৰ
লালসাত যাব নালাগে। পিতাৰ স্মৃতিৰ বাহিৰে অন্য কোনো চিন্তন চলিব নালাগে। কেতিয়াও
পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি বিতুষ্ট হ’ব নালাগে।
বৰদান:
মালিকবোধৰ
স্মৃতিৰে সৰ্বোচ্চ কৰ্তৃত্বশীলৰ অনুভৱ কৰোঁতা সংযুক্ত স্বৰূপধাৰী হোৱা
প্ৰথমে নিজৰ শৰীৰ আৰু
আত্মাৰ সংযুক্ত ৰূপ স্মৃতিত ৰাখা। শৰীৰ ৰচনা, আত্মা ৰচয়িতা। ইয়াৰ দ্বাৰা মালিকবোধ
স্বতঃ স্মৃতিত থাকিব। মালিকবোধৰ স্মৃতিৰে নিজক সৰ্বোচ্চ কৰ্তৃত্বশীলৰ অনুভৱ কৰিবা।
শৰীৰক চলাওঁতা হ’বা। দ্বিতীয়তে – পিতা আৰু সন্তানৰ (শিৱশক্তি)ৰ সংযুক্ত স্বৰূপৰ
স্মৃতিৰে মায়াৰ বিঘিনিক কৰ্তৃত্বৰে অতিক্ৰম কৰি যাবা।
স্লোগান:
বিস্তাৰক চেকেণ্ডত সমাহিত কৰি জ্ঞানৰ সাৰৰ অনুভৱ কৰা আৰু কৰোৱা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
'পাপ কাটেশ্বৰ’ (পাপ
বিনাশকাৰী) তেতিয়াহে হ’ব পাৰা যেতিয়া স্মৃতি অগ্নি স্বৰূপ হ’ব। এই স্মৃতিৰ দ্বাৰাই
অনেক আত্মাৰ শক্তিহীনতা দূৰ হ’ব, ইয়াৰ বাবে প্ৰতিটো চেকেণ্ড আৰু প্ৰতিটো শ্বাসত পিতা
আৰু মই - সংযুক্ত হৈ থাকা। কোনো সময়তে যাতে স্মৃতি সাধাৰণ নহয়। স্নেহ আৰু শক্তি,
এই দুয়োটা ৰূপ সংযুক্ত হৈ থাকক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]