14.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিতৌ নিজে নিজক সোধা যে মই আত্মা কিমান শুদ্ধ হৈছোঁ, যিমানে শুদ্ধ হ’বা সিমানে
আনন্দিত হৈ থাকিবা, সেৱা কৰাৰ উৎসাহ-উদ্দীপনা জাগিব”
প্ৰশ্ন:
হীৰাৰ দৰে
শ্ৰেষ্ঠ হোৱাৰ পুৰুষাৰ্থ কি?
উত্তৰ:
দেহী-অভিমানী হোৱা, শৰীৰৰ প্ৰতি যাতে অলপো মোহ নাথাকে। চিন্তাৰ পৰা উপৰাম হৈ এজন
পিতাৰ স্মৃতিত থাকা - এইটো শ্ৰেষ্ঠ পুৰুষাৰ্থই হীৰাৰ দৰে কৰি তুলিব। যদি দেহ-অভিমান
আছে তেন্তে বুজিবা অৱস্থা অপৰিপক্ক হৈ আছে। বাবাৰ পৰা দূৰৈত আছা। তোমালোকে এই শৰীৰৰ
যত্নও ল’ব লাগে কিয়নো এই শৰীৰত থাকি কৰ্মাতীত অৱস্থা পাব লাগে।
গীত:
মুখড়া দেখ লে
প্ৰাণী… (চেহেৰা চাই লোৱা প্ৰাণী...)
ওঁম্শান্তি।
পিতাই
সন্তানসকলক বুজায় যে যাৰ যোগবলেৰে পাপ খণ্ডন হয়, তেওঁৰ আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ
যায়। নিজৰ অৱস্থাক সন্তানসকলে নিজে জানিব পাৰে। যেতিয়া অৱস্থা ভাল হয় তেতিয়া সেৱাৰ
প্ৰতি বহুত ভাল চখ থাকে। যিমানে শুদ্ধ হৈ গৈ থাকিবা সিমানে অন্যকো শুদ্ধ অথবা যোগী
কৰি তোলাৰ উৎসাহ-উদ্দীপনা জাগিব কিয়নো তোমালোক হৈছা ৰাজযোগী বা ৰাজঋষি। হঠযোগী ঋষিয়ে
তত্ত্বক ভগৱান বুলি মানে। ৰাজযোগী ঋষিয়ে ভগৱানক পিতা বুলি মানে। তত্ত্বক স্মৰণ কৰিলে
তেওঁলোকৰ কোনো পাপ খণ্ডন নহয়। তত্ত্বৰ সৈতে যোগযুক্ত হ’লে কোনো বল পোৱা নাযায়। কোনো
ধৰ্মাৱলম্বীয়ে যোগৰ বিষয়ে নাজানে সেয়েহে কোনো সঁচা যোগী হৈ উভতি যাব নোৱাৰে। এতিয়া
তোমালোক সন্তানসকলে নিজৰ অৱস্থা নিজে জানিব পাৰা। আত্মাই যিমানে পিতাক স্মৰণ কৰিব
সিমানে আনন্দিত হ’ব। নিজক পৰীক্ষা কৰিব লাগে। সন্তানসকলেও ইজনে সিজনৰ অৱস্থাক, নিজৰ
অৱস্থাক জানিব পাৰে। চাব লাগে মোৰ কোনো শৰীৰৰ অভিমানতো নাই! যদি দেহ-অভিমান আছে
তেন্তে বুজিবা মই বহুত অপৰিপক্ক। বাবাৰ পৰা বহুত দূৰৈত আছোঁ। পিতাই আদেশ দিয়ে -
সন্তানসকল তোমালোক এতিয়া হীৰাৰ দৰে হ’ব লাগে। পিতাই দেহী-অভিমান কৰি তোলে। পিতাৰ
দেহ-অভিমান নাথাকে। দেহ-অভিমান থাকে সন্তানসকলৰ। পিতাৰ স্মৃতিৰে তোমালোক
দেহী-অভিমানী হ’বা। নিজক পৰীক্ষা কৰি থাকা, মই কিমান সময় স্মৰণ কৰোঁ। যিমান স্মৰণ
কৰিবা সিমান আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব আৰু নিজক যোগ্য কৰি তুলিবা। এনেকৈও নুবুজিবা
যে বহুত সন্তানে কৰ্মাতীত অৱস্থাত উপনীত হৈ গৈছে। নহয়, দৌৰ চলি আছে। দৌৰ যেতিয়া
সম্পূৰ্ণ হ’ব তেতিয়া চুড়ান্ত ফলাফল ওলাব। তেতিয়া বিনাশো আৰম্ভ হৈ যাব। তেতিয়ালৈকে
এই আখৰা চলি থাকিব যেতিয়ালৈকে কৰ্মাতীত অৱস্থা হৈ নাযায়। আমি কাৰো অনিষ্ট কৰিব
নোৱাৰোঁ। অন্তিমতহে সকলোৰে ফলাফল গম পোৱা যাব। এতিয়াতো অলপ সময় বাকী আছে। এই দাদায়ো
কয় – মৰমৰ সন্তানসকল, এতিয়া অলপ সময় বাকী আছে। এই সময়ত এজনেও কৰ্মাতীত অৱস্থা
প্ৰাপ্ত কৰিব নোৱাৰে। বেমাৰ আদি হয় - ইয়াক কৰ্মভোগ বুলি কোৱা হয়। যি ভুগিবলগীয়া হয়
সেয়া আন কোনেও গম নাপায়। সেয়া ভিতৰি পীড়া হয়। এতিয়া একৰস অৱস্থা কাৰো হোৱা নাই।
যিমানে চেষ্টা কৰে সিমানে বিকল্প (নেতিবাচক সংকল্প), ধুমুহা বহুত আহে। তেন্তে
সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। বিশ্বৰ মালিক হোৱাতো জানো সাধাৰণ কথা?
মনুষ্য চহকী হ’লে, ডাঙৰ ডাঙৰ বঙলা ঘৰ থাকিলে, তেতিয়া আনন্দিত হৈ থাকে কিয়নো সুখ
বহুত আছে। এতিয়াও তোমালোকে পিতাৰ পৰা অপাৰ সুখ প্ৰাপ্ত কৰা। জানা যে বাবাৰ পৰা আমি
বাদশ্বাহী ল'ম। শান্তিত ইমান আনন্দিত নহয়, যিমান ধন থাকিলে আনন্দিত হয়।
সন্ন্যাসীসকলে ঘৰ-সংসাৰ এৰি জংঘলত থাকেগৈ। কেতিয়াও পইচা হাতত নাৰাখে, কেৱল ৰুটি লয়।
এতিয়াতো কিমান ধনৱান হৈ গৈছে। সকলোৰে পইচাৰ চিন্তা বহুত থাকে। বাস্তৱত ৰজাৰ প্ৰজাৰ
কাৰণে চিন্তা থাকে সেইবাবে যুদ্ধৰ সামগ্ৰী ৰাখে। সত্যযুগততো যুদ্ধ আদিৰ কথা নাথাকে।
এতিয়া তোমালোক সন্তানসকল আনন্দিত হোৱা - আমি নিজৰ বাদশ্বাহীত যাওঁ। তাত ভয়ৰ কোনো কথা
নাথাকে। কৰ আদিৰ কথা নাই। এই শৰীৰৰ চিন্তা ইয়াত থাকে। গায়ন কৰা হয় চিন্তাৰ পৰা
উৰ্দ্ধত স্বামী... তোমালোকে জানা চিন্তাৰ পৰা উৰ্দ্ধত থাকিবৰ কাৰণে এতিয়া আমি ইমান
পুৰুষাৰ্থ কৰোঁ। পুনৰ 21 জন্মৰ কাৰণে কোনো চিন্তা নাথাকিব। বাবাক স্মৰণ কৰিলে
তোমালোক বহুত অবিচলিত হৈ থাকিবা। ৰামায়ণৰ কাহিনীও তোমালোকক কেন্দ্ৰ কৰিয়ে ৰচিত।
তোমালোকেই মহাবীৰ হোৱা। আত্মাই কয় - মোক ৰাৱণে বিচলিত কৰিব নোৱাৰে। সেইটো অৱস্থা
অন্তিমৰ ফালে হ’ব। এতিয়াতো যিকোনো সন্তানেই অস্থিৰ হৈ যাব। চিন্তা থাকিব। যেতিয়া
বিশ্বত যুদ্ধ লাগিব তেতিয়া বুজিব এতিয়া সময় আহি গ'ল। যিমান পিতাক স্মৰণ কৰাৰ
পুৰুষাৰ্থ কৰিবা সিমান লাভ হ’ব। পুৰুষাৰ্থ কৰাৰ এতিয়াহে সময় আছে। পাছততো বিনাশৰ
ধুমধাম হ’ব। এতিয়াতো শৰীৰৰ প্ৰতিও মোহ থাকে নহয়। বাবাই নিজেই কয় - শৰীৰৰ
তত্ত্বাৱধান লোৱা। অন্তিম শৰীৰ, এই শৰীৰত থাকিয়েই পুৰুষাৰ্থ কৰি কৰ্মাতীত অৱস্থা
পাব লাগে। জীয়াই থাকিবা, স্মৰণ কৰি থাকিবা। পিতাই বুজায় – সন্তানসকল জীয়াই থাকা।
যিমানে দীৰ্ঘ সময় জীয়াই থাকিবা সিমানে পিতাক স্মৰণ কৰি উচ্চ উত্তৰাধিকাৰ ল’বা। এতিয়া
তোমালোকৰ উপাৰ্জন হৈ থাকে। শৰীৰক নিৰোগী স্বাস্থ্যৱান কৰি ৰাখা, গাফিলতি নকৰিবা।
খোৱা-বোৱাৰ যত্ন ৰাখিলে একো নহ’ব। একৰস চলনেৰে শৰীৰো স্বাস্থ্যৱান হৈ থাকিব। এয়া
অমূল্য দেহ। ইয়াত থাকিয়েই পুৰুষাৰ্থ কৰি দেৱী-দেৱতা হোৱা গতিকে মহিমা এই সময়ৰ।
আনন্দিত হৈ থাকিব লাগে। যিমানে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিবা সিমানে নাৰায়ণী
নিচা বাঢ়ি থাকিব। পিতাৰ স্মৃতিৰেহে তোমালোকে উচ্চতকৈও উচ্চ পদ পাবা। চাব লাগে যে মই
কিমান আনন্দত, কিমান নিচাত থাকোঁ। গৰিবসকলতো আৰু বেছিকৈহে আনন্দিত হৈ থকা উচিত।
চহকীসকলৰতো ধনৰ চিন্তা থাকে। তোমালোকৰ ভিতৰত কুমাৰীসকলৰতো কোনো চিন্তা নাই। অৱশ্যে
হয় কাৰোবাৰ মিত্ৰ-সম্বন্ধীয় গৰিব হ’লে তেতিয়া তত্ত্বাৱধান ল’বলগীয়া হয়। জগায়ো থাকিব
লাগে। যদি নাজাগে তেন্তে কিমানলৈকে সহায় কৰি থাকিবা। বাবাই কয় নহয় – তোমালোক সেৱাৰ
যোগ্য নিজেই হোৱা অথবা স্ত্ৰীক আত্মিক সেৱাত উলিয়াই দিয়া। তোমালোক হৈছা বাবাৰ
সহায়কাৰী। সহায়তো সকলোকে লাগে নহয়। অকলে পিতায়ো কি কৰিব, কিমানক মন্ত্ৰ দিব! মই
তোমালোকক দিওঁ – তোমালোকে আকৌ আনক দিব লাগে, পুলি ৰোপণ কৰিব লাগে। সন্তানসকলক কৈ
থাকোঁ যিমান সম্ভৱ সহায়কাৰী হোৱা, মন্ত্ৰ দি যোৱা। তোমালোকৰ শাস্ত্ৰতো আছে যে সকলোকে
বাৰ্তা দিছিল যে পিতাৰ আগমন হৈছে উত্তৰাধিকাৰ ল’ব বিচৰা যদি পিতাক স্মৰণ কৰা।
দেহধাৰীক স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম
বিনাশ হ’ব আৰু উত্তৰাধিকাৰ পাই যাবা। গীতাতো বহুত শুনে, শুনাই থাকে। গীতাৰ প্ৰসিদ্ধ
শব্দটি হৈছে ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। পিতাক স্মৰণ
কৰিলেহে মুক্তি পাবা। সন্ন্যাসীয়েও এইটো পচন্দ কৰিব। মধ্যাজী ভৱ অৰ্থাৎ জীৱনমুক্তি।
সন্তানসকল পিতাৰ হৈ গ’লে তেতিয়া পিতাই কয় – সন্তানসকল তোমালোক পতিত আত্মা, পতিত উভতি
যাব নোৱাৰে। এয়া বুজিবলগীয়া কথা। তোমালোক ভাৰতবাসী সতোপ্ৰধান আছিলা, তমোপ্ৰধান হ’লা
এতিয়া পুনৰ সতোপ্ৰধান হ’ব লাগে সেয়েহে পিতাই কয় - পুৰুষাৰ্থ কৰা তেতিয়া উচ্চ পদ পাবা।
ভক্তিতো জন্ম-জন্মান্তৰ কৰি আহিছা। তোমালোকে জানা – পোন-প্ৰথমে অব্যভিচাৰী ভক্তি
আৰম্ভ হ’ল। এতিয়া কিমান ব্যভিচাৰী ভক্তি। শৰীৰৰো পূজা হয়, সেয়া হৈছে ভূত পূজা।
দেৱতাসকল তথাপিও পৱিত্ৰ হয়। কিন্তু এই সময়ততো সকলো তমোপ্ৰধান। সেয়েহে পূজাও
তমোপ্ৰধান হৈ গৈ থাকে। এতিয়া পিতাক স্মৰণ কৰিব লাগে। ভক্তিৰ শব্দ কোনেও ক’ব নালাগে।
‘হায় ৰাম’ – এয়াও ভক্তিৰ শব্দ। এনেকৈ কোনেও কাতৰোক্তি কৰিব নালাগে। ইয়াত একোৱেই
উচ্চাৰণ কৰিবলগীয়া কথা নাই। ‘ওঁম্ শান্তি’ বুলিও বাৰে বাৰে কৈ থাকিব নালাগে। শান্তি
মানে মই আত্মা শান্ত স্বৰূপ হওঁ। সেয়াতো হয়েই। ইয়াত ক’বলগীয়া কথা নাথাকে। অন্য কোনো
মনুষ্যক যদি “ওঁম্ শান্তি” বুলি কোৱা তেওঁলোকেতো অৰ্থ অলপো নুবুজিব। তেওঁলোকেতো
‘ওঁম্’ৰ ডাঙৰ ডাঙৰ মহিমা কৰে। তোমালোকেতো অৰ্থ বুজি পোৱা গতিকে “ওঁম্ শান্তি” বুলি
কোৱাটোও অনাৱশ্যক হয়। অৱশ্যে হয় ইজনে সিজনক সুধিব পাৰা - শিৱবাবাৰ স্মৃতিত আছানে?
যেনেকৈ ময়ো কন্যাসকলক সোধোঁ - এয়া কাৰ অলংকৰণ কৰা? কয় শিৱবাবাৰ ৰথৰ। এয়া শিৱবাবাৰ
ৰথ হয় নহয়। যেনেদৰে হুচেনৰ ৰথ থাকে। ঘোঁৰাৰ অলংকৰণ কৰে। ঘোঁৰাৰ অৰ্থ নুবুজে। ধৰ্ম
প্ৰতিষ্ঠা কৰোঁতা যিসকল আহে তেওঁলোকৰ আত্মা পৱিত্ৰ হয়। পুৰণি পতিত আত্মাই ধৰ্ম
প্ৰতিষ্ঠা কৰিব নোৱাৰে। তোমালোকে ধৰ্ম প্ৰতিষ্ঠা নকৰা, শিৱবাবাই তোমালোকৰ দ্বাৰা কৰে।
তোমালোকক পৱিত্ৰ কৰি তোলে। তেওঁলোকে ভক্তিমাৰ্গত বহুত অলংকৰণ আদি কৰে। ইয়াত অলংকৰণ
পচন্দ নকৰে। পিতা কিমান নিৰহংকাৰী। নিজেই কয় - মই অনেক জন্মৰ অন্তৰো অন্তত আহোঁ।
প্ৰথমে সত্যযুগত হ’ব শ্ৰী নাৰায়ণ। শ্ৰী লক্ষ্মীতকৈ প্ৰথমে শ্ৰী নাৰায়ণ আহিব। তেওঁতো
ডাঙৰ হ’ব নহয় সেইকাৰণে শ্ৰীকৃষ্ণৰ নাম গায়ন কৰা হৈছে। নাৰায়ণতকৈ শ্ৰীকৃষ্ণৰ মহিমা
বেছিকৈ কৰে। শ্ৰীকৃষ্ণৰহে জন্মাষ্টমী পালন কৰে। নাৰায়ণৰ জন্ম দিৱস পালন নকৰে। এইটো
কোনেও নাজানে যে শ্ৰীকৃষ্ণই নাৰায়ণ হয়। নামতো শৈশৱৰে প্ৰচলিত হয় নহয়। অমুকে জন্ম
ল’লে, তেওঁৰ জন্ম দিৱস পালন কৰে সেইকাৰণে শ্ৰীকৃষ্ণৰেই পালন কৰে। নাৰায়ণৰ কথা কোনেও
গম নাপায়। পোন প্ৰথমে হৈছে শিৱজয়ন্তী তাৰপাছত হৈছে শ্ৰীকৃষ্ণ জয়ন্তী তাৰপাছত আকৌ
ৰামৰ... শিৱৰ লগতে গীতাৰো জন্ম হয়। শিৱবাবা আহেই অনেক জন্মৰ অন্তৰ জন্মত। বয়স্ক
অনুভৱী ৰথতেই আহে। কিমান ভালদৰে বুজোৱা হৈছে, তথাপিও কাৰো বুদ্ধিত উদয় নহয়।
পিতাই কয় - এই জ্ঞান
প্ৰায় লুপ্ত হৈ যায়। যেতিয়া মই আহি শুনাম তেতিয়াহে তোমালোকেও শুনাব পাৰা। এতিয়া
তোমালোক সন্তানসকলে জানা যে আমি ভৱিষ্যতে সঠিককৈ এয়া (দেৱী-দেৱতা) হ’মগৈ। বাবাই 2-3
প্ৰকাৰৰ সাক্ষাৎকাৰ কৰিছিল। এয়া হ’ম, মুকুটধাৰী হ’ম, পাগুৰিধাৰী হ’ম। 2-4 ৰাজকীয়
জন্মৰো সাক্ষাৎকাৰ কৰিছিল। এতিয়া তোমালোকে বুজিব পাৰা – এই কথাবোৰ জগতৰ আন কোনেও
বুজিব নোৱাৰে। অৱশ্যে হয়, ইমানখিনি বুজে যে ভাল কৰ্ম কৰিলে তেতিয়া ভাল জন্ম পাম।
এতিয়া তোমালোকে পুৰুষাৰ্থই কৰি আছা ভৱিষ্যতৰ কাৰণে। নৰৰ পৰা নাৰায়ণ হোৱাৰ। তোমালোকে
জানা যে - মই এই পদ পাম। এইটো আনন্দ তেওঁলোকৰ অধিক থাকিব যিসকলে কৰ্মাতীত অৱস্থা
প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰি থাকিব। কয়, বাবা মইতো মম্মা বাবাক অনুসৰণ কৰিম
তেতিয়াহে সিংহানত বহিব পাৰিম। এইটোও বোধ থাকিব লাগে, মই কিমান সেৱা কৰোঁ আৰু কিমান
আনন্দত থাকোঁ। নিজে আনন্দত থাকিলেহে আনকো আনন্দিত কৰিবা। ভিতৰত কিবা অৱগুণ থাকিলে
অন্তৰ দহি থাকিব। কোনো কোনোৱে আহি কয় - বাবা মোৰ ক্ৰোধ আছে। এইটো ভূত মোৰ ভিতৰত আছে।
চিন্তাৰ কথা নহয় জানো। ভূতক থাকিব দিব নালাগে। ক্ৰোধ কিয় কৰিব লাগে! মৰমেৰে বুজাব
লাগে। বাবাই জানো কাৰোবাৰ প্ৰতি ক্ৰোধ কৰিব। শিৱবাবাৰ মহিমা আছে নহয়। বহুত অনাৱশ্যক
মিছা মহিমাও কৰে। মই কি কৰোঁ! মোক কয় যে আহি পতিতৰ পৰা পাৱন কৰি তোলক। যিদৰে
ডাক্টৰক কয় - মোৰ বেমাৰ দূৰ কৰক। ডাক্টৰে ঔষধ দি বেজী দিব, সেয়াতো তেওঁৰ কামেই হয়।
ডাঙৰ কথা জানো। সেৱা কৰিবৰ বাবেই পঢ়ে। বেছিকৈ পঢ়িলে তেতিয়া অধিক উপাৰ্জন কৰে।
পিতাইতো কোনো উপাৰ্জন কৰিব নালাগে। তেওঁতো উপাৰ্জন কৰাব লাগে। বাবাই কয় - মোক
তোমালোকে অবিনাশী ডাক্টৰ বুলিও কোৱা, এয়া অধিক মহিমা কৰি দিয়া। পতিত-পাৱনক কোনোৱে
ডাক্তৰ বুলি নকয়। এয়া কেৱল মহিমা। পিতাইতো কেৱল কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ
বিকৰ্ম বিনাশ হ’ব। বচ্। মোৰ ভূমিকাই হৈছে তোমালোকক এইটো বুজোৱা যে মামেকম্ (কেৱল
মোক; পৰমপিতাক) স্মৰণ কৰা, যিমান স্মৰণ কৰিবা সিমান উচ্চ পদ পাবা। এয়া হয়েই ৰাজযোগৰ
জ্ঞান। যিসকলে গীতা পঢ়িছে, তেওঁলোকক বুজাবলৈ সহজ হয়। তোমালোকে পূজ্য ৰজাৰো ৰজা হোৱা,
আকৌ পূজাৰী হ’বা। তোমালোকে পৰিশ্ৰম কৰিব লাগে। তোমালোকে বিশ্বক পৱিত্ৰ কৰি তোলা।
কিমান শ্ৰেষ্ঠ পদমৰ্যাদা। তোমালোক সকলোৱে সহযোগ দিয়া - কলিযুগী পাহাৰক ওলোটাই দিবলৈ।
বাকী পাহাৰ আদি একো নাই। তোমালোকে এতিয়া জানা - নতুন সৃষ্টি আহিব, সেইবাবে ৰাজযোগ
নিশ্চয় শিকিব লাগে। পিতাহে আহি শিকায়। সতোপ্ৰধান হ’ব লাগে। যিসকল কল্প পূৰ্বে হৈছিল
তেওঁলোকক বুজালে মানিব। কথাবোৰতো ঠিকেই কৈছে। যথাযথ পিতাই কৈছিল – ‘মনমনাভৱ’। শব্দটি
সংস্কৃত। পিতাইতো হিন্দীত কয় - মোক স্মৰণ কৰা। তোমালোকে এতিয়া বুজি পোৱা আমি কিমান
উচ্চ ধৰ্ম, উচ্চ কৰ্মৰ আছিলোঁ সেইবাবেতো গায়নো আছে 16 কলা সম্পন্ন... এতিয়া পুনৰ
এনেকুৱা হ’ব লাগে। নিজক চাব লাগে কিমানলৈকে মই সতোপ্ৰধান হৈছোঁ, পাৱন হৈছোঁ।
কিমানলৈকে নৰকবাসীক স্বৰ্গবাসী কৰি তোলাৰ সেৱা কৰোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান নিৰহংকাৰী হ’ব লাগে। এই শৰীৰৰ যত্ন লৈ শিৱবাবাক স্মৰণ কৰিব লাগে। আত্মিক সেৱাত
পিতাৰ সহায়কাৰী হ’ব লাগে।
(2) ভিতৰত কোনো ভূত
থাকিব দিব নালাগে। কেতিয়াও কাৰো ওপৰত ক্ৰোধ কৰিব নালাগে। সকলোৰে সৈতে বহুত
মৰম-চেনেহেৰে চলিব লাগে। মাতা-পিতাক অনুসৰণ কৰি সিংহাসনৰ অধিকাৰী হ’ব লাগে।
বৰদান:
'স্বাৰ্থ'
শব্দৰ অৰ্থ বুজি সদায় একৰস স্থিতিত স্থিৰ হৈ থাকোঁতা সহজ পুৰুষাৰ্থী হোৱা
আজিকালি ইজনৰ সিজনৰ
প্ৰতি যি আসক্তি থাকে, সেয়া স্নেহৰ বাবে নহয়, স্বাৰ্থৰ বাবেহে। স্বাৰ্থৰ কাৰণেই
আসক্তি থাকে আৰু আসক্তিৰ বাবে অনাসক্ত হ’ব নোৱাৰে, সেয়েহে 'স্বাৰ্থ' শব্দৰ অৰ্থত
স্থিৰ হৈ যোৱা, অৰ্থাৎ প্ৰথমে নিজৰ (স্ব) ৰথ স্বাহা কৰা। এই স্বাৰ্থ গুচি গ’লে
অনাসক্ত হৈ যাবা। এই এটা শব্দৰ অৰ্থ বুজি পালে সদায় এজনৰ আৰু একৰস হৈ যাবা, এইটোৱেই
সহজ পুৰুষাৰ্থ।
স্লোগান:
ফৰিস্তা ৰূপত থাকিলে কোনো বিঘিনিয়ে নিজৰ প্ৰভাৱ পেলাব নোৱাৰে।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
সম্পূৰ্ণ পৱিত্ৰতা
তোমালোক ব্ৰাহ্মণসকলৰ আভূষণ। সদায় অলংকৃত মূৰ্ত অৰ্থাৎ সদায় পৱিত্ৰ স্বৰূপত স্থিৰ
হৈ থাকি বিশ্বৰ বেহদ মঞ্চত মুখ্য ভাৱৰীয়াৰ ভূমিকা পলান কৰা। সদায় ব্ৰহ্মচাৰী অৰ্থাৎ
সংকল্পতো যাতে কোনো ধৰণৰ অপৱিত্ৰতাই বৃত্তি চঞ্চল নকৰে। বৃত্তিৰ চঞ্চলতায়ো
ৰেজিষ্টাৰত দাগ লগাই দিয়ে, সেয়েহে বৃত্তিৰেও সদায় ব্ৰহ্মচাৰী হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]