14.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ শ্ৰীমতত চলি নিজৰ অলংকৰণ কৰা, পৰচিন্তন কৰি নিজৰ শোভা নষ্ট নকৰিবা, সময় নষ্ট
নকৰিবা”
প্ৰশ্ন:
তোমালোক
সন্তানসকল পিতাতকৈও তীক্ষ্ণ যাদুকৰ - কেনেকৈ?
উত্তৰ:
তোমালোকে ইয়াত বহি বহি এই লক্ষ্মী-নাৰায়ণৰ দৰে নিজক অলংকৃত কৰি আছা। ইয়াত বহি নিজেই
নিজক পৰিৱৰ্তন কৰি আছা, এয়াও হৈছে যাদুকৰী। কেৱল ‘অল্ফ’ক (পিতাক) স্মৰণ কৰিলেই
তোমালোকৰ অলংকৰণ হৈ যায়। কোনো হাত-ভৰি চলোৱাৰো কথা নাই মাত্ৰ বিচাৰ কৰাৰ কথা। যোগৰ
দ্বাৰা তোমালোক নিকা, স্বচ্ছ আৰু শোভনীয় হৈ যোৱা, তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ
কাঞ্চন হৈ যায়, এয়াও চমৎকাৰ নহয় জানো।
ওঁম্শান্তি।
আত্মিক যাদুকৰে
আত্মিক সন্তানসকলক, যিসকল পিতাতকৈও তীক্ষ্ণ যাদুকৰ, তেওঁলোকক বুজায় - তোমালোকে ইয়াত
কি কৰি আছা? ইয়াত বহি বহি উচপিচাই নাথাকিবা। পিতা অথবা প্ৰিয়তমে, প্রিয়তমাসকলক
যুক্তি শুনাই আছে। প্ৰিয়তমে কয় - ইয়াত বহি তোমালোকে কি কৰা? তোমালোকে নিজকে এনেকুৱা
লক্ষ্মী-নাৰায়ণৰ দৰে অলংকৃত কৰি আছা। কোনোবাই এইটো উপলব্ধি কৰানে? তোমালোক সকলো
ইয়াত বহি আছা তথাপিও পুৰুষাৰ্থৰ ক্ৰম অনুসৰিতো হোৱাই নহয়। পিতাই কয় – এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ
দৰে) অলংকৃত হ’ব লাগে। তোমালোকৰ লক্ষ্য-উদেশ্যই হৈছে এয়া ভৱিষ্যত অমৰপুৰীৰ কাৰণে।
ইয়াত বহি তোমালোকে কি কৰি আছা? স্বৰ্গৰ অলংকাৰৰ নিমিত্তে পুৰুষাৰ্থ কৰি আছা। ইয়াক
কি বুলি কোৱা হ’ব? ইয়াত বহিয়ে নিজৰ পৰিৱৰ্তন কৰি আছা। উঠোঁতে, বহোঁতে, চলোঁতে পিতাই
এটাই ‘মনমনাভৱ’ৰ চাবি দি দিছে। ইয়াৰ বাহিৰে অন্য কোনো অপ্ৰয়োজনীয় কথা শুনি বা শুনাই
সময় নষ্ট নকৰিবা। তোমালোক নিজৰেই অলংকৰণত লাগি থাকা। আনে কৰে বা নকৰে, তাত তোমালোকৰ
কি যায়! তোমালোক নিজৰ পুৰুষাৰ্থত তৎপৰ হৈ থাকা। এয়া কিমান বুজিবলগীয়া কথা। কোনোবা
নতুনে শুনিলে আচৰিত হ’ব। তোমালোকৰ মাজত কোনোৱে নিজৰ অলংকৰণ কৰি আছে, কিছুমানতো আৰু
বেয়াহে হৈ গৈ আছে। পৰচিন্তন আদিত সময় নষ্ট কৰি থাকে। পিতাই সন্তানসকলক বুজায় -
তোমালোকে কেৱল নিজক চোৱা যে মই কি কৰি আছোঁ। বহুত সহজ উপায় শুনাইছে, বচ্ এটাই শব্দ
– মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। তোমালোক ইয়াত বহি আছা
কিন্তু বুদ্ধিত আছে যে গোটেই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এতিয়া আমি আকৌ বিশ্বৰ অলংকৰণ
কৰি আছোঁ। তোমালোক কিমান পদ্মাপদম ভাগ্যশালী হোৱা। ইয়াত বহি বহি তোমালোকে কিমান
কাৰ্য কৰা। কোনো হাত-ভৰি চলোৱাৰ কথা নাই। কেৱল বিচাৰ কৰাৰ কথা। তোমালোকে ক’বা আমি
ইয়াত বহি উচ্চতকৈও উচ্চ বিশ্বৰ অলংকৰণ কৰি আছোঁ। ‘মনমনাভৱ’ মন্ত্ৰটি কিমান উচ্চ। এই
যোগৰ দ্বাৰাই তোমালোকৰ পাপ ভস্ম হৈ গৈ থাকিব আৰু তোমালোক নিকা হৈ হৈ আকৌ কিমান
শোভনীয় হৈ যাবাগৈ। এতিয়া আত্মা পতিত সেয়েহে শৰীৰৰো অৱস্থা চোৱা কি গৈছে। এতিয়া
তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ কাঞ্চন হৈ যাব। এয়া চমৎকাৰ নহয় জানো। গতিকে এনেকৈ
নিজৰ অলংকৰণ কৰিব লাগে। দৈৱীগুণো ধাৰণ কৰিব লাগে। পিতাই সকলোকে এটাই ৰাস্তা দেখুৱায়
– ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। কেৱল ‘অল্ফ’ৰে কথা। পিতাক স্মৰণ কৰি থাকিলে
তোমালোকৰ গোটেই অলংকাৰ সলনি হৈ যাব।
তোমালোক পিতাতকৈও
ডাঙৰ যাদুকৰ। তোমালোকক যুক্তি (উপায়) শুনায় যে এনেকৈ কৰিলে তোমালোকৰ অলংকৰণ হৈ যাব।
যদি নিজৰ অলংকৰণ নকৰা তেন্তে অবাবতে তোমালোকে নিজৰে লোকচান কৰি দিয়া। ইমানখিনিতো
বুজি পোৱা যে আমি ভক্তিমাৰ্গত কি কি কৰিছিলোঁ। গোটেই অলংকাৰ নষ্ট কৰি কি হৈ গ’লা!
এতিয়া এটা শব্দৰ দ্বাৰাই, পিতাৰ স্মৃতিৰে তোমালোকৰ অলংকৰণ হয়। সন্তানসকলক কিমান
ভালকৈ বুজাই পুনৰুজ্জীৱিত কৰি তোলে। ইয়াত বহি তোমালোকে কি কৰা? স্মৃতিৰ যাত্ৰাত বহি
থাকা। যদি কাৰোবাৰ খেয়াল ইফালে-সিফালে গৈ থাকে তেন্তে অলংকৰণ হ’ব জানো। তোমালোক
অলংকৃত হৈছা যেতিয়া আকৌ আনকো ৰাস্তা দেখুৱাই দিব লাগে। পিতা এনেকৈ অলংকৃত কৰিবলৈয়ে
আহে। শিৱবাবা এয়া আপোনাৰে চমৎকাৰ, আপুনি আমাৰ কিমান অলংকৰণ কৰে। উঠোঁতে, বহোঁতে,
চলোঁতে-ফুৰোঁতে আমি নিজৰ অলংকৰণ কৰিব লাগে। কিছুমানেতো নিজৰ অলংকৰণ কৰি আকৌ আনৰো কৰে।
কিছুমানেতো নিজৰো অলংকৰণ নকৰে সেয়েহে আনৰো অলংকাৰ নষ্ট কৰি থাকে। অপ্ৰয়োজনীয় কথা
শুনাই তেওঁৰ অৱস্থাও অৱনমিত কৰি দিয়ে। নিজেও অলংকাৰৰ পৰা বঞ্চিত হয়, আৰু আনকো
বঞ্চিত কৰাই দিয়ে। সেয়েহে ভালকৈ ভাবি বিচাৰ কৰা - বাবাই কি কি যুক্তি শুনায়।
ভক্তিমাৰ্গৰ শাস্ত্ৰ পঢ়িলে এইবোৰ যুক্তি পোৱা নাযায়। শাস্ত্ৰতো হৈছে ভক্তিমাৰ্গৰ।
তোমালোকক কয় - আপোনালোকে শাস্ত্ৰক কিয় মান্যতা নিদিয়ে? কোৱা, আমিতো সকলো মানো।
আধাকল্প ভক্তি কৰিছোঁ। শাস্ত্ৰ পঢ়োঁ তেন্তে কোনে নামানিব। ৰাতি আৰু দিন গতিকে
নিশ্চয় দুয়োটাকে মানিম নহয়। এয়া হৈছে বেহদৰ দিন আৰু ৰাতি।
পিতাই কয় - মৰমৰ
সন্তানসকল, তোমালোকে নিজৰ অলংকৰণ কৰা। সময় নষ্ট নকৰিবা। সময় একেবাৰে কম। তোমালোকৰ
বুদ্ধি বৰ বিশাল হ’ব লাগে। পৰস্পৰৰ বহুত মৰম-চেনেহ থাকিব লাগে। সময় নষ্ট কৰিব নালাগে
কিয়নো তোমালোকৰ সময় বহুত অমূল্য। কড়িৰ পৰা হীৰাতুল্য তোমালোকেই হোৱাগৈ। তোমালোকে
জানো এনেই শুনি আছা। এয়াতো কোনো কথা (কাহিনী) নহয়। পিতাই এটাই শব্দ শুনায়। ডাঙৰ
ডাঙৰ লোকসকলে বেছি কথা কোৱা উচিত নহয়। পিতাইতো চেকেণ্ডত জীৱনমুক্তিৰ ৰাস্তা দেখুৱাই
দিয়ে। এওঁলোক (লক্ষ্মী-নাৰায়ণ) হয়েই উচ্চ অলংকাৰধাৰী, সেই বাবেতো তেওঁলোকৰে চিত্ৰ
আছে যাক বহুত পূজা কৰি থাকে। যিমান ডাঙৰ ব্যক্তি হ’ব, সিমান ডাঙৰ মন্দিৰ নিৰ্মাণ
কৰিব, বহুত অলংকৰণ কৰিব। আগতেতো দেৱতাসকলৰ চিত্ৰত হীৰাৰ হাৰ পিন্ধাইছিল। বাবাতো
অনুভৱী। বাবাই নিজেই লক্ষ্মী-নাৰায়ণৰ কাৰণে হীৰাৰ হাৰ সজাইছিল। বাস্তৱত তেওঁলোকৰ দৰে
সাজপাৰ, অলংকাৰ আদি ইয়াত কোনেও তৈয়াৰ কৰিব নোৱাৰে। এতিয়া তোমালোকে পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি তৈয়াৰ কৰি আছা। সেয়েহে পিতাই বুজায় - সন্তানসকল, নিজৰো সময় নষ্ট নকৰিবা আৰু
আনৰো নকৰিবা। পিতাই বহুত সহজ উপায় দিয়ে। মোক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হৈ যাব।
পিতাক স্মৰণ নকৰিলে ইমান অলংকৰণ হ’ব নোৱাৰে। তোমালোক এনেকুৱা হ’বলৈ গৈ আছা নহয়। দৈৱী
স্বভাৱ ধাৰণ কৰিব লাগে। ইয়াত কোৱাৰো দৰকাৰ নাই। কিন্তু পাথৰ বুদ্ধিৰ হোৱা কাৰণে সকলো
বুজাবলগীয়া হয়। এক চেকেণ্ডৰ কথা। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোকে নিজৰ পিতাক
পাহৰাৰ কাৰণে নিজৰ অলংকাৰ কিমান বেয়া কৰি দিলা। পিতাইতো কয় - চালোঁতে-ফুৰোঁতে
অলংকৰণ কৰি থাকা। কিন্তু মায়াও কম নহয়। কোনো কোনোৱে লিখে - বাবা, আপোনাৰ মায়াই বহুত
আমনি কৰে। হেৰ’ মোৰ মায়া ক’ত, এয়া খেল নহয় জানো! মইতো তোমালোকক মায়াৰ পৰা ৰক্ষা
কৰিবলৈ আহিছোঁ। তেন্তে আকৌ মোৰ মায়া কেনেকৈ হ’ল। এই সময়ত গোটেইখন মায়াৰে ৰাজ্য।
যেনেকৈ এই ৰাতি আৰু দিনৰ কোনো হীনডেঢ়ি হ’ব নোৱাৰে তেনেকৈ এয়া হৈছে বেহদৰ ৰাতি আৰু
দিন। ইয়াত চেকেণ্ডৰো হীনডেঢ়ি হ’ব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি এনেকুৱা অলংকৰণ কৰি আছা। পিতাই কয় - চক্ৰৱৰ্তী ৰজা হ’বলৈ হ’লে চক্ৰ ঘূৰাই
থাকা। লাগিলে গৃহস্থালিতে থাকা, ইয়াত সকলো বুদ্ধিৰ কথা। আত্মাতেই মন-বুদ্ধি আছে।
ইয়াত তোমালোকৰ সাংসাৰিক কাম-কাজ একো নাই। তোমালোক ইয়ালৈ নিজক অলংকৃত কৰিবলৈ,
পুনৰুজ্জীৱিত হ’বলৈকে আহা। পিতাই সকলোকে একে ধৰণেই পঢ়ায়। ইয়াত বাবাৰ ওচৰলৈ নতুন
নতুন সাৰ কথা সন্মুখত শুনিবলৈ আহা, আকৌ যেতিয়া ঘৰলৈ যোৱা তেতিয়া যি শুনিলা সকলো
স্মৃতিৰ পৰা আঁতৰি যায়। ইয়াৰ পৰা বাহিৰলৈ যোৱাৰ লগে লগে জোলোঙা খালী হৈ যায়। যি
শুনিলা তাৰ ওপৰত মনন-চিন্তন নকৰা। তোমালোকৰ কাৰণেতো ইয়াত একান্তৰ ঠাই বহুত আছে।
বাহিৰত উৰহ (তেজ খোৱা পোক) ঘূৰি ফুৰে। এজনে আনজনক হত্যা কৰি তেজ পি থাকে।
সেয়েহে পিতাই
সন্তানসকলক বুজায় - তোমালোকৰ এই সময় আটাইতকৈ মূল্যৱান, ইয়াক তোমালোকে নষ্ট নকৰিবা।
নিজক অলংকৃত কৰিবলৈ বহুত উপায় পাইছা। মই সকলোকে উদ্ধাৰ কৰিবলৈ আহোঁ। মই তোমালোকক
বিশ্বৰ বাদশ্বাহী দিবলৈ আহিছোঁ। সেয়েহে এতিয়া মোক স্মৰণ কৰা, সময় নষ্ট নকৰিবা।
কাম-কাজ কৰিও পিতাক স্মৰণ কৰি থাকা। ইমান অনেক আত্মা সকলো এক পৰমপিতা পৰমাত্মা
প্ৰিয়তমৰ প্ৰিয়তমা। সেই পাৰ্থিৱ কাহিনী আদিতো তোমালোকে বহুত শুনা। এতিয়া পিতাই কয় -
সেয়া সকলো পাহৰি যোৱা। ভক্তিমাৰ্গত তোমালোকে মোক স্মৰণ কৰিলা আৰু প্ৰতিশ্ৰুতিও দিছা,
মই আপোনাৰে হ’ম। অনেক প্ৰেমিকাৰ এজনেই প্ৰেমিক। ভক্তিমাৰ্গত কয় - ব্ৰহ্মত লীন হৈ
যাম, এই সকলোবোৰ হৈছে অযথা কথা। এগৰাকীও মনুষ্যই মোক্ষ লাভ কৰিব নোৱাৰে। এইখনতো
অনাদি ড্ৰামা, ইমান অনেক ভাৱৰীয়া আছে, এই ক্ষেত্ৰত অলপো হীনডেঢ়ি হ’ব নোৱাৰে। পিতাই
কয় – কেৱল এক ‘অল্ফ’ক স্মৰণ কৰা তেতিয়া তোমালোকৰ এনেকুৱা অলংকৰণ হৈ যাব। এতিয়া
তোমালোক এনেকুৱা হৈ আছা। স্মৃতিত উদয় হয় - আমি অনেক বাৰ এই অলংকৰণ কৰিছোঁ। কল্পই
কল্পই বাবা আপুনি আহিব, আমি আপোনাৰ পৰাই শুনিম। কিমান গূঢ় গূঢ় কথা আছে। বাবাই বহুত
ভাল যুক্তি শুনাইছে। এনেহেন পিতাৰ প্ৰতি উৎসৰ্গিত হ’ব লাগে। প্ৰেমিক-প্ৰেমিকাও সকলো
একেধৰণৰ নহয়। এয়াতো সকলো আত্মাৰে এজনেই প্ৰিয়তম। ইয়াত শৰীৰৰ কোনো কথা নাই। কিন্তু
তোমালোকে সংগমযুগতহে পিতাৰ পৰা এই যুক্তি পোৱা। তোমালোক য’লৈকে নোযোৱা, খোৱা-বোৱা
কৰা, ফুৰা, চাকৰি কৰা, মাত্ৰ নিজৰ অলংকৰণ কৰি থাকা। সকলো আত্মা এজন প্ৰেমিকৰে
প্ৰেমিকা। মাত্ৰ তেওঁকে স্মৰণ কৰি থাকা। কোনো কোনো সন্তানে কয় - মই 24 ঘণ্টাই স্মৰণ
কৰি থাকোঁ। কিন্তু সদায়তো কোনেও কৰিব নোৱাৰে। অতি বেছি দুই বা আঢ়ৈ ঘণ্টা। যদি বেছিকৈ
লিখে তেন্তে বাবাই মানি নলয়। আনক যদি পিতাৰ কথা সোঁৱৰাই নিদিয়া তেন্তে কেনেকৈ বুজিম
যে তুমি স্মৰণ কৰি থাকা? এইটো জানো কঠিন? ইয়াত কিবা খৰচ হয় জানো? একোৱে নাই। বচ্,
বাবাক স্মৰণ কৰি থাকা তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব। দৈৱীগুণো ধাৰণ কৰিব লাগে।
কোনো পতিত শান্তিধাম বা সুখধামলৈ যাব নোৱাৰে। পিতাই সন্তানসকলক কয় - নিজক আত্মা ভাই
ভাই বুলি বুজা। 84 জন্মৰ ভূমিকা এতিয়া পূৰা হ’বৰ হ'ল। এই পুৰণা চোলা এতিয়া এৰাৰ সময়।
ড্ৰামাখন চোৱা কেনেকৈ ৰচি থোৱা আছে। তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে জানা। জগতত
কোনেও একো নুবুজে। সকলোৱে নিজকে সোধা যে মই পিতাৰ মতত চলোঁনে? পিতাৰ মতত চলিলেতো
অলংকৰণ ভাল হ’ব। ইজনে-সিজনক ওলোটা কথা শুনাই বা শুনি নিজৰ অলংকাৰো নষ্ট কৰি দিয়ে আৰু
আনৰো নষ্ট কৰি দিয়ে। সন্তানসকলতো এইটো নিচাতে থাকিব লাগে যে আমি এনেকুৱা অলংকাৰধাৰী
কেনেকৈ হ’ম। বাকীতো যি আছে সেয়া সকলো ঠিক। মাত্ৰ পেটৰ কাৰণে ৰুটি আৰামত পাই থাকিবা।
বাস্তৱত পেটে বেছি নাখায়। তোমালোক যদিও সন্ন্যাসী কিন্তু ৰাজযোগী। বহুত উচ্চও নহয়,
নীচো নহয়। খোৱা-বোৱা কৰা কিন্তু অভ্যাস হৈ যাব নালাগে। ইজনে-সিজনক এইটোৱে সোঁৱৰাই
দিয়া - শিৱবাবা স্মৃতিত আছেনে? উত্তৰাধিকাৰ স্মৃতিত আছেনে? বিশ্বৰ বাদশ্বাহীৰ
অলংকাৰ স্মৃতিত আছেনে? বিচাৰ কৰা - ইয়াত বহি বহি তোমালোকৰ কিমান উপাৰ্জন হয়! এই
উপাৰ্জনৰে অপাৰ সুখ পোৱা যায়, কেৱল স্মৃতিৰ যাত্ৰা আন কোনো কষ্ট নাই। ভক্তিমাৰ্গত
মনুষ্যই কিমান হাবাথুৰি খায়। এতিয়া পিতা আহিছে অলংকৃত কৰিবলৈ। গতিকে নিজৰ প্ৰতি
ভালকৈ ধ্যান দিয়া। পাহৰি নাযাবা। মায়াই পাহৰাই দিয়ে তেতিয়া সময় বহুত নষ্ট কৰা। এয়া
তোমালোকৰ বহুত মুল্যৱান সময়। যত্ন কৰি পঢ়িলে মনুষ্য কিহৰ পৰা কি হৈ যায়। বাবাই
তোমালোকক অন্য কোনো কষ্ট নিদিয়ে। কেৱল কয় - মোক স্মৰণ কৰা। কোনো কিতাপ আদিৰ দৰকাৰ
নাই। বাবাই কোনো কিতাপ আদি হাতত লয় জানো? পিতাই কয় – মই আহি এই প্ৰজাপিতা ব্ৰহ্মাৰ
দ্বাৰা তুলি লওঁ। প্ৰজাপিতা আছে নহয়। নহ’লে ইমান কোষ বংশাৱলী প্ৰজা কেনেকৈ হ’ব?
সন্তানসকল তোলনীয়া হয়। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। পিতাই ব্ৰহ্মাৰ দ্বাৰা তুলি
লয়, সেই কাৰণে তেওঁক মাতা-পিতা বুলি কোৱা হয়। এয়াও তোমালোকে জানা। পিতাৰ আগমন হোৱাতো
একেবাৰে সঠিক। সঠিক সময়ত আহে। সঠিক সময়ত যাবগৈ। সৃষ্টিৰখনৰতো পৰিৱৰ্তন হ’বই। এতিয়া
পিতাই তোমালোক সন্তানসকলক কিমান বুদ্ধিমান কৰি তোলে। পিতাৰ মতত চলিব লাগে।
বিদ্যাৰ্থীয়ে যি পঢ়ে সেয়াই বুদ্ধিত চলি থাকিব লাগে। তোমালোকেও এই সংস্কাৰ লৈ যোৱা।
যেনেকৈ পিতাৰ সংস্কাৰ আছে তেনেকৈ তোমালোক আত্মাসকলতো এই সংস্কাৰ ধাৰণ কৰায়। পুনৰ
যেতিয়া ইয়ালৈ আহিবা তেতিয়া সেই ভূমিকাই পুনৰাবৃত্তি হ’ব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
আহিবা। নিজৰ অন্তৰক সোধা – নিজক অলংকৃত কৰিবলৈ কিমান পুৰুষাৰ্থ কৰিছোঁ? সময় ক’ৰবাত
নষ্টতো কৰা নাই? পিতাই সাৱধান কৰি দিয়ে – বাহিৰা কোনো কথাত ক’তো সময় নষ্ট নকৰিবা।
পিতাৰ শ্ৰীমত স্মৃতিত ৰাখিবা। মনুষ্য মতত নচলিবা। তোমালোকে জানো এইটো জানিছিলা যে
আমি পুৰণি সৃষ্টিত আছোঁ। পিতাই শুনাইছে যে তোমালোক কি আছিলা। এই পুৰণি সৃষ্টিত
কিমান অপাৰ দুখ। এয়াও ড্ৰামা অনুসৰি ভূমিকা প্ৰাপ্ত হৈছে। ড্ৰামা অনুসৰি অনেক
বিঘিনিও আহে। পিতাই বুজায় - সন্তানসকল, এয়া হৈছে জ্ঞান আৰু ভক্তিৰ খেল। চমৎকাৰ
ড্ৰামা। ইমান সূক্ষ্ম আত্মাত গোটেই অবিনাশী ভূমিকা ভৰি আছে, যি পালন কৰিয়েই থাকে।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্য সকলো কথা বাদ দি এইটো নিচাত থাকিব লাগে যে আমি লক্ষ্মী-নাৰায়ণৰ দৰে
অলংকাযুক্ত কেনেকৈ হ’ওঁ?
(2) নিজকে সুধিব লাগে
যে – ক) মই শ্ৰীমতত চলি ‘মনমনাভৱ’ ৰূপী চাবিৰে নিজৰ অলংকৰণ ঠিকেই কৰি আছোনে? খ)
ওলট-পালট কথা শুনি বা শুনাই শোভা নষ্টতো নকৰো? গ) পৰস্পৰ মৰম-চেনেহেৰে থাকোঁনে?
নিজৰ অমূল্য সময় ক’ৰবাত নষ্টতো নকৰো? ঘ) দৈৱী স্বভাৱ ধাৰণ কৰিছোঁনে?
বৰদান:
ব্যৰ্থ
সংকল্পৰ কাৰণ জানি সেয়া সমাপ্ত কৰোঁতা সমাধান স্বৰূপ হোৱা
ব্যৰ্থ সংকল্প উৎপন্ন
হোৱাৰ মুখ্য দুটা কাৰণ আছে - 1) অভিমান আৰু 2) অপমান। মোক কমকৈ কিয়, মোৰো এইটো পদবী
হ'ব লাগে, মোকো আগস্থান দিয়া উচিত… এই ক্ষেত্ৰত হয়তো নিজৰ অপমান বুলি বুজা নাইবা
অভিমানত আহা, নামত, মানত, সম্ভ্ৰমত, আগস্থান লোৱাত, সেৱাত... অভিমান বা অপমান অনুভৱ
কৰাটোৱেই ব্যৰ্থ সংকল্পৰ কাৰণ, এই কাৰণক জানি নিবাৰণ কৰা মানেই সমাধান স্বৰূপ হোৱা।
স্লোগান:
শান্তিৰ শক্তিৰে মৰমৰ ঘৰলৈ যাত্ৰা কৰা বহুত সহজ।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
বৰ্তমান বিশ্বত
চাৰিওফালে ইচ্ছাবোৰ বাঢ়ি গৈ আছে, ইচ্ছাবোৰৰ বশীভূত আত্মাসকল অশান্ত হৈ আছে সেয়েহে
তোমালোক সন্তানসকলে নিজৰ বেহদৰ বৈৰাগ্য বৃত্তিৰে সেই অত্মাসকলৰ মাজতো বৈৰাগ্যৰ
বৃত্তি বিয়পাই দিয়া, তোমালোকৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল অবিহনে আত্মাসকল সুখী,
শান্ত হ’ব নোৱাৰে, অশান্তিৰ পৰা মুক্ত হ’ব নোৱাৰে। যেতিয়া তোমালোক সন্তানসকলৰ
“ইচ্ছা মাত্ৰম অবিদ্যা”ৰ স্থিতি হ’ব তেতিয়া জয়জয়কাৰ আৰু হাহাকাৰ হ’ব।