14.09.25 Avyakt Bapdada
Assame
Murli
18.01.2007 Om Shanti Madhuban
“*“এতিয়া নিজক মুক্ত
কৰি মাষ্টৰ মুক্তিদাতা হৈ সকলোকে মুক্তি দিয়াৰ নিমিত্ত হোৱা”*”
আজি স্নেহৰ সাগৰ
বাপদাদাই চাৰিওফালৰ স্নেহী সন্তানসকলক চাই আছেহঁক। দুই প্ৰকাৰৰ সন্তানক চাই চাই
হৰ্ষিত হৈ আছে। এবিধ হ’ল স্নেহত লীন সন্তান আৰু আনবিধ হৈছে স্নেহী সন্তান, দুয়োবিধৰে
স্নেহৰ লহৰ পিতাৰ ওচৰত অমৃতবেলাৰ আগতেই আহি পাই গৈছে। প্ৰতিগৰাকী সন্তানৰ অন্তৰৰ পৰা
স্বয়ংক্ৰিয়ভাৱে গীত বাজি আছে – “মোৰ বাবা”। বাপদাদাৰ অন্তৰৰ পৰাও এইটো গীত বাজে –
“মোৰ সন্তান, মৰমৰ সন্তান, বাপদাদাৰো শিৰৰমুকুট সন্তান”। আজি স্মৃতি দিৱস কাৰণে
সকলোৰে মনত স্নেহৰ লহৰ বেছি। অনেক সন্তানৰ স্নেহৰ মুকুতাৰ মালাবোৰ বাপদাদাৰ ডিঙিত
ওলমি আছে। পিতায়ো নিজৰ স্নেহী বাহুৰ মালা সন্তানসকলক পিন্ধাই আছে। বেহদৰ বাপদাদাৰ
বেহদৰ বাহুত সমাহিত হৈ গৈছে। আজি সকলো বিশেষ স্নেহৰ বিমানত আহি উপস্থিত হৈছে আৰু
দূৰ-দূৰণিৰ পৰা মনৰ বিমানত অব্যক্ত ৰূপত, ফৰিস্তা ৰূপত আহি উপস্থিত হৈ গৈছে। সকলো
সন্তানক বাপদাদাই আজি স্মৃতি দিৱস তথা সমৰ্থ দিৱসৰ পদ্মাপদম স্মৰণ কৰি আছে। এই
দিৱসটিয়ে কিমান স্মৃতি সোঁৱৰাই দিয়ে আৰু প্ৰতিটো স্মৃতিয়ে চেকেণ্ডত সমৰ্থ কৰি তোলে।
স্মৃতিসমূহৰ তালিকা চেকেণ্ডত স্মৃতিত আহি যায় নহয়। স্মৃতি সন্মুখত আহিলে সামৰ্থ্যৰ
নিচা বাঢ়ি যায়। প্ৰথমৰ স্মৃতি স্মৃতিত আছে নহয়! যেতিয়া পিতাৰ হ’লা তেতিয়া পিতাই কি
স্মৃতি সোঁৱৰাই দিলে? তোমালোক কল্পৰ পূৰ্বৰ সেইসকল ভাগ্যৱান আত্মা। স্মৃতিলৈ আনা এই
প্ৰথম স্মৃতিৰে কি পৰিৱৰ্তন আহি গ’ল? আত্ম-অভিমানী হোৱাত পৰমাত্ম পিতাৰ স্নেহৰ নিচা
বাঢ়ি গ’ল। কিয় নিচা বাঢ়িল? অন্তৰৰ পৰা স্নেহৰ কোনটো শব্দ প্ৰথমে ওলাল? “মোৰ মৰমৰ
বাবা” আৰু এই এটা সোণালী শব্দ ওলাওঁতেই কি নিচা বাঢ়িল? গোটেই পৰমাত্ম প্ৰাপ্তি “মোৰ
বাবা” বুলি কোৱাৰ কাৰণে, জনাৰ কাৰণে, মানি লোৱাৰ কাৰণে তোমালোকৰ নিজৰ প্ৰাপ্তি হৈ
গ’ল। অনুভৱ আছে নহয়! “মোৰ বাবা’ বুলি কোৱাৰ কাৰণে কিমান প্ৰাপ্তি তোমালোকৰ হৈ গ’ল!
য’ত প্ৰাপ্তি হয় তাত স্মৰণ কৰিবলগীয়া নহয় কিন্তু স্বতঃ আহে, সহজেই আহে কিয়নো মোৰ হৈ
গ’ল নহয়! পিতাৰ সম্পদ মোৰ সম্পদ হৈ গ’ল, গতিকে যিটো মোৰ সেয়া স্মৰণ কৰা নহয়,
স্মৃতিত থাকেই। যিটো মোৰ সেয়া পাহৰিবলৈ কঠিন হয়, স্মৰণ কৰা কঠিন নহয়। যেনেকৈ অনুভৱ
আছে মোৰ শৰীৰ, তেন্তে পাহৰা জানো? পাহৰিবলগীয়া হয়, কিয়? মোৰ হয় নহয়! গতিকে য’ত
মোৰবোধ আহে সেয়া সহজে স্মৃতিত থাকে। গতিকে এটা শব্দ “মোৰ বাবা”ৰ স্মৃতিয়ে সমৰ্থ
আত্মা কৰি তুলিলে। ভাগ্য বিধাতা অক্ষয় সম্পদৰ দাতাক মোৰ কৰি ল’লোঁ। এনেকুৱা চমৎকাৰ
কৰোঁতা সন্তান হোৱা নহয়! পৰমাত্ম প্ৰতিপালনৰ অধিকাৰী হৈ গ’লা, যি পৰমাত্ম প্ৰতিপালন
গোটেই কল্পত এবাৰ পোৱা যায়, আত্মা আৰু দেৱ আত্মাসকলৰ প্ৰতিপালনতো পোৱা যায় কিন্তু
পৰমাত্ম প্ৰতিপালন কেৱল এটা জন্মৰ কাৰণে পোৱা যায়।
তেন্তে আজিৰ স্মৃতি
তথা সমৰ্থ দিৱসত পৰমাত্ম প্ৰতিপালনৰ নিচা আৰু আনন্দ সহজে স্মৃতিত আছে নহয়! কিয়নো
আজিৰ বায়ুমণ্ডল সহজ স্মৃতিৰ আছিল। তেন্ত আজিৰ দিনটোত সহজযোগী হৈ আছিলা নে আজিৰ দিনতো
স্মৃতিত থাকিবলৈ যুদ্ধ কৰিবলগীয়া হৈছে? কিয়নো আজিৰ দিনটোক স্নেহৰ দিন বুলি ক’ব নহয়,
সেয়েহে স্নেহে পৰিশ্ৰম নাইকিয়া কৰে। স্নেহে সকলো কথা সহজ কৰি দিয়ে। তেন্তে সকলো
আজিৰ দিনটোত সহজযোগী হৈ আছিলা নে কঠিনতা আহিল? যাৰ আজিৰ দিনটোত কঠিনতা আহিল তেওঁলোকে
হাত দাঙা। কাৰো অহা নাই? সকলো সহজযোগী হৈ থাকিল। বাৰু যি সহজযোগী হৈ থাকিল তেওঁলোকে
হাত দাঙা। (সকলোৱে দাঙিলে) বাৰু – সহজযোগী হৈ থাকিলা? আজি মায়াক ছুটি দি দিছিলা। আজি
মায়া অহা নাই? আজি মায়াক বিদায় দি দিলা, তাৰ বাবে অভিনন্দন, যদি এনেকৈয়ে স্নেহত
সমাহিত হৈ থাকা তেন্তে মায়াতো চিৰদিনৰ কাৰণে বিদায় হৈ যাব কিয়নো এতিয়া 70 বছৰ পূৰা
হৈছে, গতিকে বাপদাদাই এই নতুন বছৰটিক অনাসক্ত বছৰ, সকলোৰে স্নেহী বছৰ, পৰিশ্ৰম
মুক্ত বছৰ, সমস্যাৰ পৰা মুক্ত বছৰ হিচাপে পালন কৰিব বিচাৰে। তোমালোক সকলোৰে পচন্দ
হৈছেনে? পচন্দ হৈছেনে? মুক্ত বছৰ হিচাপে উদ্যাপন কৰিবানে? কিয়নো মুক্তিধামলৈ যাব
লাগে, অনেক দুখী অশান্ত আত্মাসকলক মুক্তিদাতা পিতাৰ সংগী কৰি মুক্তি প্ৰাপ্ত কৰাব
লাগে। গতিকে মাষ্টৰ মুক্তিদাতা যেতিয়া স্বয়ং মুক্ত হ’ব তেতিয়াহে মুক্তি বছৰ উদ্যাপন
কৰিব নহয়! কিয়নো তোমালোক ব্ৰাহ্মণ আত্মাসকল স্বয়ং মুক্ত হৈ অনেকক মুক্তি দিয়াৰ
নিমিত্ত হোৱা। এটা ভাষা যি মুক্তি দিয়াৰ পৰিৱৰ্তে বন্ধনত বান্ধে, সমস্যাৰ অধীন কৰি
তোলে, সেয়া হৈছে এনেকৈ নহয়, এনেকৈ। তেনেকৈ নহয়, এনেকৈ। যেতিয়া সমস্যা আহে তেতিয়া কয়
বাবা এনেকুৱা নাছিল, এনেকুৱা আছিল নহয়। এনেকুৱা নোহোৱা হ’লে, এনেকুৱা হ’লহেঁতেন নহয়।
এয়া হৈছে অজুহাত দেখুওৱাৰ খেল।
বাপদাদাই সকলোৰে নথি
চালে, তেন্তে নথিত কি দেখিলে? গৰিষ্ঠসংখ্যকৰে নথি প্ৰতিজ্ঞা কৰাৰ কাগজৰে ভৰি আছে।
প্ৰতিজ্ঞা কৰাৰ সময়ত অন্তৰেৰে কৰে, ভাবেও কিন্তু এতিয়ালৈকে দেখা গৈছে নথি ডাঙৰ হৈ
গৈ আছে কিন্তু চুড়ান্ত হোৱা নাই। দৃঢ় প্ৰতিজ্ঞাৰ কাৰণে কোৱা হয় – জীৱন যাওঁক কিন্তু
প্ৰতিজ্ঞা ভঙ্গ নহওঁক। গতিকে বাপদাদাই আজি সকলোৰে নথি চালে। বহুত ভাল ভাল প্ৰতিজ্ঞা
কৰিছে। মনতো কৰিছে আৰু লিখিও কৰিছে। তেন্তে এইটো বছৰ কি কৰিবা? নথি বঢ়াই যাবা নে
প্ৰতিজ্ঞা চুড়ান্ত কৰিবা? কি কৰিবা? প্ৰথম শাৰীৰসকলে কোৱা, পাণ্ডৱে শুনোৱা,
শিক্ষকসকলে শুনোৱা। এইটো বছৰ যি বাপদাদাৰ ওচৰত নথি জাপ খাই গৈ আছে, তাক চুড়ান্ত
কৰিবা নে এইটো বছৰো নথিত কাগজ লগাই যাবা? কি কৰিবা? কোৱা পাণ্ডৱ, চুড়ান্ত কৰিবানে?
যিসকলে ভাবিছা – নতশিৰ হ’বলগীয়া হওঁক, পৰিৱৰ্তন হ’বলগীয়া হওঁক, সহন কৰিবলগীয়াও হওঁক,
শুনিবলগীয়াও হওঁক, কিন্তু পৰিৱৰ্তন হ’বই লাগে, সেইসকলে হাত দাঙা। চোৱা টি.ভি.ত
সকলোৰে ফটো লোৱা। সকলোৰে ফটো উলিয়াবা দুই তিনি চাৰিটা টি.ভি. আছে সকলো ফালৰ ফটো লোৱা।
এইটো ৰেকৰ্ড ৰাখিবা, পিতাক এই ফটো উলিয়াই দিবা। ক’ত আছে টি.ভি.ৱালা? বাপদাদায়ো নথিৰ
লাভতো লওঁক। অভিনন্দন, অভিনন্দন, নিজেই নিজৰ বাবে তালি বজোৱা।
চোৱা যেনেকৈ এফালে
বিজ্ঞান, আনফালে ভ্ৰষ্টাচাৰী, তৃতীয় ফালে পাপাচাৰী, সকলোৱে নিজৰ নিজৰ কাৰ্যত আৰু
বৃদ্ধি কৰি গৈ আছে। বহুত নতুন নতুন পৰিকল্পনা কৰি গৈ আছে। তেন্তে তোমালোক বিশ্ব
ৰচয়িতাৰ সন্তান, গতিকে তোমালোকে এইটো বছৰ এনেকুৱা নবীনতাৰ সাধন প্ৰয়োগ কৰা যাতে
প্ৰতিজ্ঞা দৃঢ় হৈ যায় কিয়নো সকলোৱে প্ৰত্যক্ষতা বিচাৰে। কিমান খৰচ কৰি আছে, জেগাই
জেগাই ডাঙৰ ডাঙৰ কাৰ্যক্ৰম কৰি আছে। প্ৰতিটো বৰ্গই ভাল পৰিশ্ৰম কৰি আছে কিন্তু এতিয়া
এইটো বছৰ এইটো সংযোজন কৰা যে যি সেৱাই কৰা, ধৰা মুখেৰে সেৱা কৰা, তেতিয়া কেৱল মুখৰ
সেৱা নহয়, মনৰ সেৱা আৰু স্নেহ সহযোগ ৰূপী কৰ্ম একে সময়তে তিনিওটা সেৱা একেলগে হওঁক।
বেলেগ বেলেগ নহওঁক। সেৱাত এটা কথা দেখা যায় যে বাপদাদাই যি ফলাফল চাবলৈ বিচাৰে সেয়া
নহয়। যিটো তোমালোকেও বিচৰা যে প্ৰত্যক্ষতা হৈ যাওঁক। এতিয়ালৈকে আগতকৈ এইটো ফলাফল বৰ
ভাল – সকলোৱে ভাল ভাল, বৰ ভাল বুলি কৈ যায়। কিন্তু ভাল হোৱা অৰ্থাৎ প্ৰত্যক্ষতা হোৱা।
গতিকে এতিয়া সংযোজন কৰা যে একে সময়তে মন-বাণী, কৰ্মত স্নেহী সহযোগী হোৱা, প্ৰতিগৰাকী
সঙ্গী লাগিলে ব্ৰাহ্মণ সঙ্গী, লাগিলে বাহিৰৰ লোক সেৱাৰ নিমিত্ত যি হয়, তেওঁলোক সঙ্গী
হওঁক কিন্তু সহযোগ আৰু স্নেহ দিয়া – এই কৰ্মৰ সেৱাত নম্বৰ লোৱা। এইটো ভাষা উচ্চাৰণ
নকৰিবা, এওঁ এনেকুৱা কৰিলে নহয়, সেয়েহে এনেকুৱা কৰিবলগীয়া হ’ল। স্নেহৰ পৰিৱৰ্তে অলপ
ক’বলগীয়া হ’ল, বাবা শব্দ নকয়। এইটো কৰিবলগীয়াই হয়, ক’বলগীয়াই হয়, চাবলগীয়াই হয়…
এনেকুৱা নহয়। ইমান বছৰে দেখিলা, বাপদাদাই ছুটি দি দিছে। এনেকুৱা নহয় তেনেকুৱা কৰি
থাকে, কিন্তু এতিয়া কেতিয়ালৈকে? বাপদাদাৰ সৈতে বাৰ্তালাপত গৰিষ্ঠসংখ্যকে কয় বাবা
অৱশেষত পৰ্দা কেতিয়া মুকলি হ’ব? কেতিয়ালৈকে চলিব? তেতিয়া বাপদাদাই তোমালোকক কয় যে
এই পুৰণা ভাষা, পুৰণা চলন, অমনোযোগিতা, কটুতা কেতিয়ালৈকে? বাপদাদাৰো প্ৰশ্ন
কেতিয়ালৈকে? তোমালোকে উত্তৰ দিয়া তেতিয়া বাপদাদায়ো উত্তৰ দিব কেতিয়া বিনাশ হ’ব কিয়নো
বাপদাদাই বিনাশৰ পৰ্দাতো এতিয়াও এক চেকেণ্ডত মুকলি কৰিব পাৰে কিন্তু প্ৰথমে ৰাজ্য
কৰোঁতাসকলতো তৈয়াৰ হওঁক। গতিকে এতিয়াৰ পৰা প্ৰস্তুতি চলালে তেতিয়া সমাপ্তি সমীপত
আহিব। যি কোনো দুৰ্বলতাৰ কথাত কাৰণ নেদেখুৱাবা, নিবাৰণ কৰা, এইটো কাৰণ আছিল নহয়।
বাপদাদাই গোটেই দিনটো সন্তানসকলৰ খেলতো চায় নহয়, সন্তানসকললৈ স্নেহ আছে নহয়, সেয়েহে
বাৰে বাৰে খেল চাই থাকে। বাপদাদাৰ টি.ভি. বহুত ডাঙৰ। একে সময়তে পৃথিৱীখন চাব পাৰে,
চাৰিওফালৰ সন্তানসকলক চাব পাৰে। লাগিলে আমেৰিকা হওঁক, লাগিলে গুৰগাঁও হওঁক, সকলো
দেখিবলৈ পায়। সেয়েহে বাপদাদাই খেল বহুত দেখে। সাৰিবলৈ ভাষা বহুত ভাল, এইটো কাৰণ
আছিল নহয়, বাবা মোৰ দোষ নাই, এওঁ এইটো কৰিলে নহয়। তেওঁতো কৰিলে কিন্তু তুমি সমাধান
কৰিলানে? কাৰণক কাৰণ হৈয়ে থাকিবলৈ দিলা নে কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰিলা? গতিকে
সকলোৱে সোধে নহয় যে বাবা আপোনাৰ কি আশা? সেয়েহে বাপদাদাই আশা শুনাই আছে। বাপদাদাৰ
এটাই আশা – নিবাৰণ দৃষ্টিগোচৰ হওঁক, কাৰণ শেষ হৈ যাওঁক। সমস্যা সমাপ্ত হৈ যাওঁক,
সমাধান হৈ থাকক। হ’ব পাৰেনে? হ’ব পাৰেনে? প্ৰথম শাৰী – হ’ব পাৰেনে? কান্ধতো লৰোৱা।
পিছৰসকল হ’ব পাৰেনে? (সকলোৱে হাত দাঙিলে) বাৰু। তেন্তে কাইলৈ যদি টি.ভি. খোলোঁ,
টি.ভি.ত নিশ্চয় দেখিম নহয়। গতিকে কাইলৈ টি.ভি.ত চাম তেতিয়া লাগিলে বিদেশ লাগিলে
ভাৰত, লাগিলে সৰু গাঁও, লাগিলে বৰ ডাঙৰ ৰাজ্য, ক’তোৱেই কাৰণ দৃষ্টিগোচৰ নহ’ব? দৃঢ়নে?
এই ক্ষেত্ৰত হয় বুলি কোৱা নাই? হ’বনে? হাত দাঙা। হাত বৰ ভালকৈ দাঙা। বাপদাদা
আনন্দিত হৈ যায়। চমৎকাৰ হাত দঙাৰ। আনন্দিত কৰিবতো জানে সন্তানসকলে কিয়নো বাপদাদাই
দেখিছে চিন্তা কৰা – তোমালোক যে কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজত কোনোবা নিমিত্ত
হৈছা, এতিয়া এই সন্তানসকলৰ বাহিৰে আৰু কোনে কৰিব? তোমালোকেইতো কৰিব লাগিব নহয়!
সেয়েহে বাপদাদাৰ তোমালোক সন্তানসকলৰ ওপৰত আশা আছে। আৰু যি আহিব নহয়, তেওঁলোকেতো
তোমালোকৰ অৱস্থা দেখিয়েই ঠিক হৈ যাব, তেওঁলোকৰ পৰিশ্ৰম কৰিবলগীয়া নহ’ব। তোমালোক হৈ
যোৱা বচ্ কিয়নো তোমালোক সকলোৱে জন্ম লওঁতেই পিতাৰ সৈতে প্ৰতিজ্ঞা কৰিছা – লগত
থাকিম, সঙ্গী হ’ম আৰু লগত যাম আৰু পিতা ব্ৰহ্মাৰ লগত ৰাজ্যলৈ আহিম। এইটো প্ৰতিজ্ঞা
কৰিছা নহয়? যেতিয়া লগত থাকিবা, লগত যাবা তেন্তে লগত সেৱাৰ সঙ্গীতো হোৱা নহয়!
তেন্তে এতিয়া কি কৰিবা?
হাততো বৰ ভাল দাঙিছা, বাপদাদা আনন্দিত হৈ গৈছে কিন্তু যেতিয়াই কিবা কথা আহে নহয়
তেতিয়া এইটো দিন, এইটো তাৰিখ, এই সময় স্মৰণ কৰিবা যে আমি কিহত হাত দাঙিছিলোঁ। সহায়
পাই যাবা। তোমালোক হ’বতো লাগিব। এতিয়া কেৱল সোনকালে হৈ যোৱা। তোমালোকে ভাবা নহয়,
আমিয়েই কল্প পূৰ্বেও আছিলোঁ, এতিয়াও হয় আৰু প্ৰত্যেক কল্পত আমিয়েই হ’ব লাগিব, এয়াতো
দৃঢ় হয় নহয় নে দুবছৰ হ’বা তৃতীয় বছৰ পিছলি যাবা! এনেকুৱাতো নহ’ব? গতিকে সদায়
স্মৃতিত ৰাখা আমিয়েই নিমিত্ত, আমিয়েই কোটিৰ মাজৰ কোনোবা, কোনোবাৰ মাজত কোনোবা।
কোটিৰ মাজত কোনোবাতো আহিব কিন্তু তোমালোক কোনোবাৰ মাজত কোনোবা হোৱা।
তেন্তে আজি স্নেহৰ
দিন, গতিকে স্নেহত যি কোনো কাম কৰা কঠিন নহয় সেইবাবে বাপদাদাই আজিয়েই সকলোকে স্মৃতি
সোঁৱৰাই আছে। ব্ৰহ্মা বাবাৰ প্ৰতি সন্তানসকলৰ কিমান স্নেহ – এয়া দেখি শিৱবাবা বহুত
আনন্দিত হয়। চাৰিওফালে দেখিছে লাগিলে এসপ্তাহৰ বিদ্যাৰ্থী, লাগিলে 70 বছৰীয়া। 70
বছৰীয়া আৰু 7 দিনৰ সকলো আজিৰ দিনত স্নেহত সমাহিত হৈ আছে। গতিকে শিৱ পিতায়ো পিতা
ব্ৰহ্মাৰ প্ৰতি সন্তানসকলৰ স্নেহ দেখি হৰ্ষিত হয়।
আজিৰ দিনটোৰ আৰু খবৰ
শুনাওঁ। আজিৰ দিনটোত আগতীয়া দলো বাপদাদাৰ ওচৰত প্ৰকট হয়। গতিকে আগতীয়া দলেও
তোমালোকক স্মৰণ কৰি আছে যে কেতিয়া পিতাৰ সৈতে মুক্তিধামৰ দুৱাৰ মুকলি কৰিব! আজি
আগতীয়া দলৰ সকলোৱে বাপদাদাক এইটো কৈ আছিল যে আমাক তাৰিখ কওঁক। তেন্তে কি উত্তৰ দিওঁ?
কোৱা কি উত্তৰ দিওঁ? উত্তৰ দিয়াত কোন বুদ্ধিমান? বাপদাদাইতো এইটো উত্তৰ দিয়ে যে অতি
সোনকালে হৈ যাব। কিন্তু এই ক্ষেত্ৰত তোমালোক সন্তানসকলৰ পিতাক সহযোগ লাগে। সকলো লগত
যাবা নহয়! লগত যাওঁতা হোৱা নে ৰৈ ৰৈ যাওঁতা হোৱা? লগত যাওঁতা হোৱা নহয়! লগত যোৱাটো
পচন্দ কৰা নহয়? গতিকে সমান হ’ব লাগিব। যদি লগত যাব লাগে তেন্তে সমানতো হ’বই লাগিব
নহয়! কি প্ৰবাদ আছে? হাতত হাত হওঁক, সংগত সংগ হওঁক। তেন্তে হাতত হাত অৰ্থাৎ সমান।
গতিকে কোৱা দাদীসকল কোৱা, তৈয়াৰ হৈ যাবনে? দাদীসকলে কোৱা। দাদীসকলে হাত দাঙা।
দাদাসকলে হাত দাঙা। তোমাক ডাঙৰ দাদা বুলি কোৱা হয় নহয়। তেন্তে কোৱা দাদীসকল,
দাদাসকল কিবা তাৰিখ আছেনে? (এতিয়া নহ’লে কেতিয়াও নহ’ব) এতিয়া নহ’লে তেতিয়া কেতিয়াও
নহয় - ইয়াৰ অৰ্থ কি হ’ল? এতিয়া তৈয়াৰ আছা নহয়! উত্তৰতো ভাল দিছা। দাদীসকল? পূৰা
হ’বই লাগিব। প্ৰতিগৰাকী সৰু ডাঙৰ এই ক্ষেত্ৰত নিজক দায়বদ্ধ বুলি বুজা। এই ক্ষেত্ৰত
সৰু হ’ব নালাগে। 7 দিনীয়া সন্তানটিও দায়বদ্ধ কিয়নো লগত যাব লাগে নহয়। পিতা অকলে যাব
বিচাৰিলে গুচি যাব কিন্তু পিতা যাব নোৱাৰে। লাগত যাব। প্ৰতিজ্ঞা পিতাৰো আছে আৰু
তোমালোক সন্তানসকলৰো আছে। প্ৰতিজ্ঞাতো পালন কৰিব লাগে নহয়! পালন কৰিব লাগে নহয়? বাৰু।
চাৰিওফালৰ পত্ৰ,
স্মৃতি-পত্ৰ, ই-মেইল, ফোন, চাৰিওফালৰ পৰা বহুত আহিছে, ইয়াত মধুবনলৈও আহিছে লগতে
সূক্ষ্মলোকতো গৈ পাইছে। আজিৰ দিনটোত যিসকল বন্ধনত থকা মাতা আছে, তেওঁলোকৰো বহুত
স্নেহভৰা মনৰ স্মৃতি বাপদাদাৰ ওচৰত পাইছেগৈ। বাপদাদাই এনেকুৱা স্নেহী সন্তানসকলক
বহুত স্মৰণো কৰে আৰু আশীৰ্বাদো দিয়ে। বাৰু।
চাৰিওফালৰ স্নেহী
সন্তানসকলক, স্নেহী আৰু স্নেহত লীন দুয়োবিধ সন্তানকে, সদায় পিতাৰ শ্ৰীমত অনুসৰি
প্ৰতিটো খোজত পদম জমা কৰোঁতা জ্ঞানী শক্তিশালী সন্তানসকলক, সদায় স্নেহীও আৰু
স্বমানধাৰীও, সন্মানধাৰীও, এনেকুৱা সদায় পিতাৰ শ্ৰীমত পালন কৰোঁতা বিজয়ী সন্তানসকলক,
সদায় পিতাৰ প্ৰতিটোক খোজত খোজ দিওঁতা সহজযোগী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ
আৰু নমস্কাৰ।
বৰদান:
স্বচ্ছ
যোগসূত্ৰৰ আধাৰত এক নম্বৰত উত্তীৰ্ণ হওঁতা সদাপ্ৰস্তুত হোৱা
সদায় সদাপ্ৰস্তুত হৈ
থকা – এয়া ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব। নিজৰ বুদ্ধিৰ যোগসূত্ৰ এনেকুৱা স্বচ্ছ হওঁক যে
পিতাৰ যিয়েই ইংগিত পালা – সদাপ্ৰস্তুত। সেই সময়ত একো ভবাৰ দৰকাৰ নাই। অকস্মাতে এটাই
প্ৰশ্ন আহিব – আদেশ দিব – ইয়াতে বহি যোৱা, ইয়ালৈ গুচি আহা তেতিয়া কোনো কথা বা
সম্বন্ধ যাতে স্মৃতিলৈ নাহে তেতিয়া এক নম্বৰত উত্তীৰ্ণ হ’ব পাৰিবা। কিন্তু এয়া সকলো
অকস্মাৎ কাকত আহিব – সেইবাবে সদাপ্ৰস্তুত হোৱা।
স্লোগান:
মনক শক্তিশালী
কৰি তুলিবলৈ আত্মাক ঈশ্বৰীয় স্মৃতি আৰু শক্তিৰ ভোজন দিয়া।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
অনেক সন্তানে কয় যে
যেতিয়া যোগত বহোঁ তেতিয়া আত্ম-অভিমানী হোৱাৰ পৰিৱৰ্তে সেৱা স্মৃতিলৈ আহে। কিন্তু
এনেকুৱা হ’ব নালাগে কিয়নো অন্তিম সময়ত যদি অশৰীৰী হোৱাৰ পৰিৱৰ্তে সেৱাৰো সংকল্প চলে
তেতিয়া চেকেণ্ডৰ কাকতত অনুত্তীৰ্ণ হৈ যাবা। সেই সময়ত যাতে কেৱল পিতাৰ বাহিৰে,
নিৰাকাৰী, নিৰ্বিকাৰী, নিৰহংকাৰী – আৰু একো স্মৃতিত নাথাকে। সেৱাত তথাপিও সাকাৰত আহি
যাবা সেইবাবে যি সময়ত যি লাগে সেইটো স্থিতি নহ’লে তেতিয়া প্ৰতাৰিত হৈ যাবা।