14.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – প্ৰাণ ৰক্ষা কৰোঁতা প্ৰাণেশ্বৰ পিতা আহিছে, তোমালোক সন্তানসকলক জ্ঞানৰ মধুৰ মুৰুলী শুনাই প্ৰাণ ৰক্ষা কৰিবলৈ”

প্ৰশ্ন:
কোনটো নিশ্চয়তা ভাগ্যশালী সন্তানসকলৰহে থাকে?

উত্তৰ:
আমাৰ শ্ৰেষ্ঠ ভাগ্য গঢ়িবলৈ স্বয়ং পিতা আহিছে। পিতাৰ পৰা আমি ভক্তিৰ ফল পাই আছোঁ। মায়াই যি পাখি কাটি দিছে – সেই পাখি দিবলৈ, নিজৰ সৈতে ওভতাই লৈ যাবলৈ পিতা আহিছে। এইটো নিশ্চয় ভাগ্যশালী সন্তানসকলৰহে হয়।

গীত:
য়হ কৌন আজ আয়া চবেৰে… (এয়া পুৱাতে আজি কোন আহিল…)

ওঁম্শান্তি।
পুৱাই পুৱাই এয়া কোনে আহি মুৰুলী বজায় (শুনায়)? জগতখনতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোকে এতিয়া মুৰুলী শুনি আছা – জ্ঞান সাগৰ, পতিত-পাৱন প্ৰাণেশ্বৰ পিতাৰ পৰা। তেওঁ হ’ল প্ৰাণ ৰক্ষা কৰোঁতা ঈশ্বৰ। এনেকৈ কয় নহয় - হে ঈশ্বৰ এই দুখৰ পৰা ৰক্ষা কৰক। তেওঁলোকে হদৰ সহায় বিচাৰে। এতিয়া তোমালোক সন্তানসকলে বেহদৰ সহায় পোৱা কিয়নো বেহদৰ পিতা নহয় জানো। তোমালোকে জানা যে আত্মা গুপ্ত, পিতাও গুপ্ত। যেতিয়া সন্তানৰ শৰীৰ প্ৰত্যক্ষ হয় তেতিয়া পিতাও প্ৰত্যক্ষ হয়। আত্মা গুপ্ত গতিকে পিতাও গুপ্ত। তোমালোকে জানা পিতা আহিছে, আমাক বেহদৰ উত্তৰাধিকাৰ দিবলৈ। তেওঁৰ হ’ল শ্ৰীমত। সৰ্ব শাস্ত্ৰৰ শিৰোমণি গীতা প্ৰসিদ্ধ হয় কেৱল তাত নাম সলনি কৰি দিছে। এতিয়া তোমালোকে জানা শ্ৰীমত ভগৱানুবাচ নহয় জানো। এইটোও বুজি পালা – ভ্ৰষ্টাচাৰীক শ্ৰেষ্ঠাচাৰী কৰি তোলোঁতা এজনেই পিতা। তেৱেঁই নৰৰ পৰা নাৰায়ণ কৰি তোলে। কাহিনীও সত্যনাৰায়ণৰ। গায়ন কৰা হয় - অমৰ কাহিনী, অমৰপুৰীৰ মলিক হ’বৰ বাবে অথবা নৰৰ পৰা নাৰায়ণ হ’বৰ বাবে। কথা একেটাই। এয়া হ’ল মৃত্যুলোক। ভাৰতেই অমৰপুৰী আছিল – এইটো কোনেও গম নাপায়। ইয়াতো অমৰ বাবাই ভাৰতবাসীক শুনাইছে। এগৰাকী পাৰ্বতী বা এগৰাকী দ্ৰৌপদী নহয়। এয়াতো বহুত সন্তানে শুনি আছে। শিৱবাবাই শুনায় ব্ৰহ্মাৰ দ্বাৰা। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা মৰমৰ আত্মাসকলক বুজাওঁ। পিতাই বুজাইছে - সন্তানসকল আত্ম-অভিমানী নিশ্চয় হ’ব লাগে। পিতাইহে কৰি তুলিব পাৰে। জগতত এগৰাকীও মনুষ্য নাই যাৰ আত্মাৰ জ্ঞান আছে। আত্মাৰেই জ্ঞান নাই তেনেহ’লে পৰমপিতা পৰমাত্মাৰ জ্ঞান কেনেকৈ থাকিব পাৰে। কৈ দিয়ে - আত্মাই পৰমাত্মা। কিমান ভীষণ ভুলত গোটেই জগতখন আবদ্ধ হৈ আছে। এই সময়ত মনুষ্যৰ বুদ্ধি কোনো কামৰ নহয়। নিজৰেই বিনাশৰ কাৰণে প্ৰস্তুতি চলাই আছে। তোমালোক সন্তানসকলৰ কাৰণে এয়া কোনো নতুন কথা নহয়। জানা যে নাটক অনুসৰি তেওঁলোকৰো ভূমিকা আছে। নাটকৰ বন্ধনত বান্ধ খাই আছে। আজিকালি জগতত হুলস্থুল বহুত। এতিয়া তোমালোক সন্তানসকল হ’লা বিনাশ কালত প্ৰীতি বুদ্ধিৰ, যিসকল পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ, তেওঁলোকৰ কাৰণে বিনাশ বুলি গায়ন আছে। এতিয়া এইখন সৃষ্টি পৰিৱৰ্তন হ’ব। এইটোও জানা যথাযথ মহাভাৰতৰ যুদ্ধ হৈছিল, পিতাই ৰাজযোগ শিকাইছিল। শাস্ত্ৰবিলাকততো সম্পূৰ্ণ বিনাশ বুলি লিখি দিছে। কিন্তু সম্পূৰ্ণ বিনাশতো নহয় তেনেহ’লেতো প্ৰলয় হৈ যাব। মনুষ্য কোনো নাথাকিব কেৱল 5 তত্ব থাকি যাব। এনেকুৱাতো হ’ব নোৱাৰে। প্ৰলয় হৈ গ’লে তেতিয়া আকৌ মনুষ্য ক’ৰ পৰা আহিব। এনেকৈ দেখুৱায় যে শ্ৰীকৃষ্ণই বুঢ়া আঙুলি চুপি আঁহতৰ পাতত সাগৰত আহিল। শিশু এনেকৈ কেনেকৈ আহিব পাৰে। শাস্ত্ৰবিলাকত এনেকুৱা কথা লিখি দিছে যে কথাই নুসুধিবা। এতিয়া তোমালোক কুমাৰীসকলৰ দ্বাৰা বিদ্বান, ভীষ্ম পিতামহ আদিক জ্ঞান বাণে আঘাত কৰিব। তেওঁলোকো আগলৈ গৈ আহিব। যিমানে তোমালোকে সেৱা শক্তিশালী কৰি তুলিবা, পিতাৰ পৰিচয় সকলোকে দি থাকিবা সিমানে তোমালোকৰ প্ৰভাৱ পৰিব। অৱশ্যে হয়, বিঘিনিও আহিব। এয়াও গায়ন কৰা হৈছে, আসুৰি সম্প্ৰদায়ৰ এই জ্ঞান যজ্ঞত বিঘিনি পৰে। তোমালোকে শিকাব নোৱাৰিবা। জ্ঞান আৰু যোগ পিতাইহে শিকাই আছে। সৎগতি দাতা এজনেই পিতা। তেৱেঁই পতিতক পাৱন কৰি তোলে গতিকে নিশ্চয় পতিতকহে জ্ঞান দিব নহয় জানো। পিতাক কেতিয়াবা সৰ্বব্যাপী বুলি মান্যতা দিব পৰা যায় জানো! তোমালোক সন্তানসকলে বুজি পোৱা যে আমি পাৰসবুদ্ধিৰ হৈ পাৰসনাথ হওঁ। মনুষ্যই কিমান অনেক মন্দিৰ নিৰ্মাণ কৰিছে। কিন্তু তেওঁ কোন, কি কৰি গ’ল, অৰ্থ বুজি নাপায়। পাৰসনাথৰো মন্দিৰ আছে। ভাৰত পাৰসপুৰী আছিল। সোণ, হীৰা, মুকুতাৰ মহল আছিল। কালিৰ কথা। তেওঁলোকেতো কেৱল সত্যযুগকে লাখ লাখ বছৰ বুলি কৈ দিয়ে। আৰু পিতাই কয় - গোটেই নাটখনেই 5 হাজাৰ বছৰৰ সেইকাৰণে কোৱা হয় আজি ভাৰত কি, কালিৰ ভাৰত কি আছিল। লাখ লাখ বছৰতো কাৰো স্মৃতি থাকিব নোৱাৰে। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে। জানা যে 5 হাজাৰ বছৰৰ কথা। বাবাই কয় - যোগত বহা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এয়া জ্ঞান নহ’ল জানো। তেওঁলোকতো হ’ল হঠযোগী। ভৰিৰ ওপৰত ভৰি তুলি বহে। কি কি কৰে। তোমালোক মাতাসকলেতো এনেকুৱা কৰিব নোৱাৰা। বহিবও নোৱাৰিবা। ভক্তি মাৰ্গৰ কিমান অনেক চিত্ৰ আছে। পিতাই কয় - মৰমৰ সন্তানসকল এইবোৰ একোৱে কৰাৰ তোমালোকৰ দৰকাৰ নাই। স্কুলত বিদ্যাৰ্থীয়ে নিয়ম অনুসৰিতো বহে। পিতাই তেনে কৰিবলৈও নকয়। যেনেদৰে বিচৰা বহা। বহি ভাগৰি গ’লে ঠিক আছে শুই যোৱা। বাবাই কোনো কথাত মানা নকৰে। এয়াতো একেবাৰে সহজ বুজিবলগীয়া কথা, ইয়াত কোনো কষ্টৰ কথা নাই। লাগিলে যিমানেই বেমাৰ নহওঁক, হ’ব পাৰে শুনি শুনি শিৱবাবাৰ স্মৃতিত থাকি থাকি প্ৰাণ দেহৰ পৰা ওলাই যায়। গায়ন কৰা হয় নহয় - গংগা জল মুখত হওঁক... তেতিয়া প্ৰাণ দেহৰ পৰা ওলাই যাওঁক। সেয়াতো হৈছে সকলো ভক্তি মাৰ্গৰ কথা। বাস্তৱত হৈছে এই জ্ঞান অমৃতৰ কথা। তোমালোকে জানা সঁচাকৈয়ে এনেকৈয়ে প্ৰাণ দেহৰ পৰা ওলাব। তোমালোক সন্তানসকল যেতিয়া (পৰমধামৰ পৰা) আহা তেতিয়া মোক এৰি থৈ আহা। পিতাই কয় - মইতো তোমালোক সন্তানসকলক লগত লৈ যাম। মই আহিছোঁৱেই তোমালোক সন্তানসকলক ঘৰলৈ লৈ যাবলৈ। তোমালোকে নিজৰ ঘৰৰ ঠিকনাও নাজানা আৰু আত্মাৰ বিষয়েও নাজানা। মায়াই একেবাৰে পাখি কাটি দিছে সেইকাৰণে আত্মা উৰিব নোৱাৰে কিয়নো তমোপ্ৰধান হয়। যেতিয়ালৈ সতোপ্ৰধান নহয় তেতিয়ালৈকে শান্তিধাবলৈ কেনেকৈ যাব পাৰিব। এইটোও জানে – নাটকৰ পৰিকল্পনা অনুসৰি সকলোৱে তমোপ্ৰধান হ’বই লাগে। এই সময়ত গোটেই বৃক্ষ জৰ্জৰিত হৈ গৈছে। ইয়াত কাৰো সতোপ্ৰধান অৱস্থা হ’ব নোৱাৰে। ইয়াত আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া আৰু ইয়াত নাথাকিব, একদম দৌৰি যাব। সকলোৱে ভক্তি কৰেই মুক্তিৰ বাবে। কিন্তু কোনেও উভতি যাব নোৱাৰে। নিয়মে নকয়। পিতাই ধাৰণা কৰাবৰ বাবে এই সকলো ৰহস্য বহি বুজায়। তথাপিও মুখ্য কথা হৈছে পিতাক স্মৰণ কৰা, স্বদৰ্শন চক্ৰধাৰী হোৱা। বীজক স্মৰণ কৰিলে গোটেই বৃক্ষ বুদ্ধিত আহি যাব। তোমালোকে এক চেকেণ্ডত সকলোবোৰ জানি লোৱা। সৃষ্টিত কোনেও গম নাপায় – মনুষ্য সৃষ্টিৰ বীজৰূপ সকলোৰে এজনেই পিতা। শ্ৰীকৃষ্ণ ভগৱান নহয়। শ্ৰীকৃষ্ণকহে শ্যাম সুন্দৰ বুলি কয়। এনেকুৱা নহয় যে কোনো ‘তক্ষক’ সাপে দংশন কৰিলে তেতিয়া ক’লা হৈ গ’ল। এয়াতো কাম চিতাত বহাৰ বাবে মনুষ্য ক’লা হৈ পৰে। ৰামকো ক’লা দেখুৱায়, তেওঁক আকৌ কোনে দংশন কৰিলে! একোৱেই বুজি নাপায়। তথাপিও যাৰ ভাগ্যত আছে, নিশ্চয় আছে তেন্তে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব। নিশ্চয় নহ’লেতো কেতিয়াও নুবুজিব। ভাগ্যত নাথাকিলেতো পুৰুষাৰ্থও কি কৰিব। ভাগ্যত নাথাকিলে তেতিয়া তেওঁ এনেকৈ বহে যেন একোৱেই নুবুজে। ইমানখিনিও নিশ্চয় নহয় যে পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। যেনেকৈ কোনো নতুন ব্যক্তি মেডিকেল কলেজত গৈ বহিলে তেতিয়া কি বুজিব, একোৱেই নুবুজিব। ইয়াতো এনেকৈ আহি বহে। এই অবিনাশী জ্ঞানৰ বিনাশ নহয়। তেওঁলোকে আকৌ আহি কি কৰিব। ৰাজধানী স্থাপন হয় গতিকে চাকৰ-বাকৰ, প্ৰজা, প্ৰজাৰো চাকৰ-বাকৰ সকলো লাগে নহয় জানো। আগলৈ গৈ কিছু পঢ়িবলৈ যত্ন কৰিব কিন্তু হয় কঠিন কিয়নো সেই সময়ত অনেক হুলস্থুল হ’ব। দিনে-প্ৰতিদিনে ধুমুহা বাঢ়ি যায়। ইমান সেৱাকেন্দ্ৰ আছে, বহুতে আহি ভালদৰে বুজিবও। এয়াও লিখা আছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। বিনাশো সন্মুখত থিয় হৈ আছে। বিনাশতো হ’বই। কয় যে জন্ম কমকৈ হওঁক। কিন্তু বৃক্ষৰ বৃদ্ধিতো হ’বই। যেতিয়ালৈকে পিতা আছে, তেতিয়ালৈকে সকলো ধৰ্মৰ আত্মা ইয়ালৈ আহিবই লাগিব। যেতিয়া যোৱাৰ সময় হ’ব তেতিয়া আত্মাসকলৰ অহা বন্ধ হ’ব। এতিয়াতো সকলো আহিবই লাগিব, কিন্তু এই কথাবোৰ কোনেও নুবুজে। কয়ো যে ভক্তসকলৰ ৰক্ষক ভগৱান। তেন্তে নিশ্চয় ভক্তসকলৰ আপদ আহে। ৰাৱণ ৰাজ্যত সকলো একেবাৰে পাপ আত্মা হৈ গৈছে। ৰাৱণ ৰাজ্য হয় কলিযুগৰ অন্তত, ৰাম ৰাজ্য হৈছে সত্যযুগৰ আদিত। এই সময়ত সকলো আসুৰি ৰাৱণ সম্প্ৰদায়ৰ হয় নহয় জানো। কয় যে অমুক স্বৰ্গবাসী হ’ল, তেন্তে ইয়াৰ অৰ্থ এইখন নৰক নহয় জানো। স্বৰ্গবাসী হ’ল তেন্তে ভাল কথা। ইয়াত তেতিয়া কি আছিল, নিশ্চয় নৰকবাসী আছিল। এয়াও নুবুজে যে আমি নৰকবাসী। এতিয়া তোমালোকে বুজি পোৱা যে পিতাহে আহি স্বৰ্গবাসী কৰি তুলিব। গায়নো কৰা হয় – স্বৰ্গীয় ঈশ্বৰ পিতা। তেৱেঁই আহি স্বৰ্গ স্থাপনা কৰিব। সকলোৱে গায়ন কৰি থাকে – পতিত-পাৱন সীতাৰাম। আমি পতিত, পাৱন কৰি তোলোঁতাজন আপুনি। সেই সকলো হৈছে ভক্তি মাৰ্গৰ সীতা। পিতা হৈছে ৰাম। কাৰোবাক চিধাকৈ ক’লে তেতিয়া নামানে। ৰামক আহ্বান কৰে। এতিয়া তোমালোক সন্তানসকলক পিতাই তৃতীয় নেত্ৰ প্ৰদান কৰিছে। তোমালোক যেন অন্য জগতৰ হৈ গ’লা।

পিতাই বুজায় যে এতিয়া সকলো তমোপ্ৰধানো নিশ্চয় হ’ব লাগে তেতিয়াহে পিতা আহি সতোপ্ৰধান কৰি তুলিব। পিতাই বহি কিমান ভালদৰে বুজায়। তেওঁ কয় - যদিও তোমালোক সন্তানসকলে নিজৰ সেৱাও কৰা কেৱল এটা কথা স্মৃতিত ৰাখিবা - পিতাক স্মৰণ কৰা। সতোপ্ৰধান হোৱাৰ অন্য কোনেও মাৰ্গ দেখুৱাব নোৱাৰে। সকলোৰে আত্মিক চিকিৎসক এজনেই। তেৱেঁই আহি আত্মাসকলক বেজী দিয়ে কিয়নো আত্মাহে তমোপ্ৰধান হৈছে। পিতাক অবিনাশী চিকিৎসক বুলি কোৱা হয়। আত্মা অবিনাশী, পৰমাত্মা পিতাও অবিনাশী। এতিয়া আত্মা সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈছে, আত্মাক বেজীৰ দৰকাৰ। পিতাই কয় - সন্তানসকল নিজক আত্মা বুলি নিশ্চয় কৰা আৰু নিজৰ পিতাক স্মৰণ কৰা। বুদ্ধিযোগ ওপৰত লগোৱা তেন্তে মিঠা ঘৰলৈ গুচি যাবা। তোমালোকৰ বুদ্ধিত আছে এতিয়া আমি নিজৰ মিঠা শান্তিৰ ঘৰলৈ যাব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান আৰু যোগেৰে বুদ্ধিক পাৰস (পবিত্ৰ) কৰি তুলিব লাগে। যিমানে বেমাৰ নহওঁক, কষ্ট নহওঁক, তেনে অৱস্থাতো যাতে এক পিতাৰ স্মৃতি থাকে।

(2) নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ পূৰা পূৰা নিশ্চয় বুদ্ধিৰ হ'ব লাগে। বুদ্ধিযোগ নিজৰ মিঠা শান্তিৰ ঘৰৰ সৈতে লগাব লাগে।

বৰদান:
ত্রিকালদৰ্শী হৈ ব্যৰ্থ সংকল্প আৰু সংস্কাৰ পৰিৱৰ্তন কৰোঁতা বিশ্ব কল্যাণকাৰী হোৱা

যেতিয়া মাষ্টৰ ত্ৰিকালদৰ্শী হৈ নিজৰ সংকল্পক কৰ্মত ৰূপায়িত কৰিবা, তেতিয়া কোনো কৰ্মই ব্যৰ্থ নহ’ব। এই ব্যৰ্থক পৰিৱৰ্তন কৰি সমৰ্থ সংকল্প আৰু সমৰ্থ কৰ্ম কৰা- ইয়াকে সম্পূৰ্ণ অৱস্থা বুলি কোৱা হয়। কেৱল নিজৰ ব্যৰ্থ সংকল্প আৰু বিকৰ্ম ভস্ম কৰাই নহয়, কিন্তু শক্তি ৰূপ হৈ সমগ্ৰ বিশ্বৰ বিকৰ্মৰ বোজা লাঘৱ কৰা আৰু অনেক আত্মাৰ ব্যৰ্থ সংকল্পসমূহ দূৰ কৰাৰ কাৰ্য-ব্যৱস্থা তীব্ৰ কৰি তোলা—তেতিয়াহে বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব।

স্লোগান:
নষ্টোমোহা হ’বলৈ হ’লে সেৱাৰ অৰ্থে স্নেহ ৰাখা, স্বাৰ্থৰ বাবে নহয়।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য - "জ্ঞান আৰু যোগৰ অন্তৰ"

‘যোগ’ আৰু ‘জ্ঞান’ দুটা শব্দ, যোগ বুলি কোৱা হয় পৰমাত্মাৰ স্মৃতিক। অন্য কোনো স্মৃতিৰ সম্বন্ধত ‘যোগ’ শব্দটি নাহে। গুৰুসকলে যি যোগ শিকায়, তেওঁলোকেও পৰমাত্মাৰ ফালেই লগায়, কিন্তু তেওঁলোকৰ কেৱল পৰমাত্মাৰ পূৰা পৰিচয় নাই সেইবাবে যোগৰ পূৰা সিদ্ধি লাভ নকৰে। যোগ আৰু জ্ঞান দুয়োটা বল, যি দুটাৰ পুৰুষাৰ্থৰ আধাৰত শক্তি পোৱা যায় আৰু আমি বিকৰ্মাজিৎ হৈ শ্ৰেষ্ঠ জীৱন গঢ়োঁ। ‘যোগ’ শব্দটিতো সকলোৱে কয় কিন্তু যাৰ সৈতে যোগযুক্ত হোৱা যায় প্ৰথমে তেওঁৰ পৰিচয় থকা উচিত। এতিয়া এই পৰমাত্মাৰ পৰিচয়ো আমি পৰমাত্মাৰ দ্বাৰাই পাওঁ, সেই পৰিচয়ৰ দ্বাৰা যোগযুক্ত হ’লে পূৰ্ণ সিদ্ধি প্ৰাপ্ত হয়। যোগেৰে আমি অতীতৰ বিকৰ্মৰ বোজা ভস্ম কৰোঁ আৰু জ্ঞানেৰে গম পোৱা যায় যে আগলৈ আমি কেনেকুৱা কর্ম কৰিব লাগে আৰু কিয়? জীৱনৰ মূল হৈছে সংস্কাৰ, আত্মাও অনাদি সংস্কাৰৰ দ্বাৰা গঠিত কিন্তু কৰ্মৰে সেই সংস্কাৰ সলনি হৈ থাকে। যোগ আৰু জ্ঞানেৰে আত্মাত শ্ৰেষ্ঠতা আহে আৰু জীৱনত বল আহে, কিন্তু এই দুয়োটা বস্তু পোৱা যায় পৰমাত্মাৰ পৰা। কর্মবন্ধনৰ পৰা মুক্ত কৰাৰ ৰাস্তাও আমাৰ পৰমাত্মাৰ পৰা প্ৰাপ্ত হয়। আমি বিকৰ্মৰে যিবোৰ কর্মবন্ধন সৃষ্টি কৰিছোঁ তাৰপৰা মুক্ত হৈ আৰু আগলৈ আমাৰ কর্ম যাতে বিকৰ্ম নহয় গতিকে এই দুয়োটাৰ বল পৰমাত্মাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। যোগ আৰু জ্ঞান এই দুয়োটা বস্তুৱে পৰমাত্মাই লৈ আহে, যোগ অগ্নিৰে ইতিমধ্যে কৰা বিকৰ্মক ভস্ম কৰায় আৰু জ্ঞানেৰে ভৱিষ্যতৰ কাৰণে শ্ৰেষ্ঠ কর্ম শিকায়, যাৰ দ্বাৰা কর্ম, অকৰ্ম হয় সেইবাবেতো পৰমাত্মাই কৈছে যে এই কর্ম-অকর্ম-বিকৰ্মৰ গতি অতি গভীৰ। এতিয়াতো আমাক আত্মাসকলক পোনপটীয়াকৈ পৰমাত্মাৰ বল লাগে, শাস্ত্ৰৰ দ্বাৰা এই যোগ আৰু জ্ঞানৰ বল পাব নোৱাৰি কিন্তু সেই সৰ্বশক্তিমান বলবানজনৰ দ্বাৰাহে বল পোৱা যায়। এতিয়া আমাৰ নিজৰ জীৱনৰ মূল (সংস্কাৰ) এনেকৈ গঢ়িব লাগে যাৰ দ্বাৰা জীৱনত সুখ পোৱা যায়। গতিকে পৰমাত্মা আহি জীৱনৰ মূলত শুদ্ধ সংস্কাৰৰ বীজ সিঁচে, যি শুদ্ধ সংস্কাৰৰ আধাৰত আমি আধাকল্প জীৱনমুক্ত হ'মগৈ। বাৰু - ওঁম্ শান্তি।

অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

তোমালোক পূৰ্বজ, পূজনীয় আত্মাসকলক অনেক আত্মাই “শান্তি দাতা, শক্তি দাতা” বুলি স্মৰণ কৰি আছে। এনে সময়ত, হে শান্তিদাতা আত্মাসকল, মাষ্টৰ শান্তিৰ সাগৰ, মাষ্টৰ শান্তিৰ সূৰ্য হৈ নিজৰ শান্তিৰ কিৰণ, শান্তিৰ লহৰ দাতাৰ সন্তান হৈ সকলোকে দি থাকা। এনে সেৱা কৰাৰ বিশেষ অভ্যাসী হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]