14.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বেয়া নুশুনিবা... ইয়াত তোমালোক সৎসংগত বহি আছা, তোমালোক মায়াবী কুসংগত যাব নালাগে,
কুসংগৰ প্ৰভাৱ পৰিলেই সংশয়ৰ ৰূপত শ্বাসৰুদ্ধ হয়”
প্ৰশ্ন:
এই সময়ত কোনো
মনুষ্যকে আধ্যাত্মিক বুলি ক'ব নোৱাৰি - কিয়?
উত্তৰ:
কিয়নো সকলো দেহ-অভিমানী। দেহ-অভিমান থকাসকলক আধ্যাত্মিক বুলি কেনেকৈ ক’ব পাৰি।
আধ্যাত্মিক পিতাতো এজনেই নিৰাকাৰ পিতা যিয়ে তোমালোককো দেহী-অভিমানী হোৱাৰ শিক্ষা
দিয়ে। ‘পৰম’ শিৰোনামটিও একমাত্ৰ পিতাকেই দিব পাৰি, পিতাৰ বাহিৰে আন কোনেও নিজকে
‘পৰম’ বুলি ক'ব নোৱাৰে।
ওঁম্শান্তি।
সন্তানসকল
যেতিয়া ইয়াত বহে তেতিয়া এইটো জানে যে বাবা আমাৰ বাবাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও
হয়। তিনিওজনৰে দৰকাৰ হয়। প্ৰথমে পিতা, পাছত পঢ়াবলৈ শিক্ষক আৰু তাৰপাছত গুৰু। ইয়াত
স্মৰণো এনেকৈ কৰিব লাগে কিয়নো এয়া হৈছে নতুন কথা। বেহদৰ পিতাও হয়, বেহদ মানে সকলোৰে।
ইয়ালৈ যিয়েই আহিব তেওঁলোকক কোৱা হ’ব যে এয়া স্মৃতিলৈ আনা। ইয়াত কাৰোবাৰ সংশয় আছে যদি
হাত দাঙা। এয়া বিস্ময়কৰ কথা নহয় জানো। জন্ম-জন্মান্তৰ কেতিয়াবা এনেকুৱা কাৰোবাক লগ
পাইছিলা জানো যাক তোমালোকে পিতা, শিক্ষক, সৎগুৰু বুলি ভাবিব পাৰা। সেয়াও আকৌ পৰম।
বেহদৰ পিতা, বেহদৰ শিক্ষক, বেহদৰ সৎগুৰু। এনেকুৱা কেতিয়াবা কাৰোবাক পাইছিলা জানো?
এই পুৰুষোত্তম সংগমযুগৰ বাহিৰে অন্য সময়ত কেতিয়াও পাব নোৱাৰা। ইয়াত কাৰোবাৰ সংশয় আছে
যদি হাত দাঙা। ইয়াত সকলো নিশ্চয় বুদ্ধিৰ হৈ বহি আছে। মুখ্য হয়েই এই তিনিটা। বেহদৰ
পিতাই জ্ঞানো বেহদৰে দিয়ে। বেহদৰ জ্ঞানতো এই এটাই। হদৰ জ্ঞানতো তোমালোকে অনেক পঢ়ি
আহিছা। কোনোবা উকীল হয়, কোনোবা ছাৰ্জন হয় কিয়নো ইয়াততো ডাক্তৰ, জৰ্জ, উকীল আদি সকলো
লাগে নহয়। তাততো দৰকাৰ নাই। তাত দুখৰ কোনো কথা নাই। গতিকে এতিয়া পিতাই বহি বেহদৰ
শিক্ষা সন্তানসকলক দিয়ে। বেহদৰ পিতাইহে বেহদৰ শিক্ষা দিয়ে আকৌ আধাকল্পলৈ তোমালোকে
কোনো পঢ়া পঢ়িব নালাগে। এবাৰেই শিক্ষা প্ৰাপ্ত হয় যি 21 জন্মৰ কাৰণে ফলপ্ৰসূ হয় অৰ্থাৎ
তাৰ ফল প্ৰাপ্তি হয়। তাততো ডাক্তৰ, বেৰিষ্টাৰ, জৰ্জ আদি নাথাকে। এইটোতো নিশ্চয়তা আছে
নহয়। যথাযথ এনেকুৱাই নহয় জানো? তাত দুখ নাথাকে। কৰ্মভোগ নাথাকে। পিতাই বহি কৰ্মৰ গতি
বুজায়। সেই ‘গীতা’ শুনাওঁতাসকলে জানো এনেকৈ শুনায়? পিতাই কয় - মই তোমালোক
সন্তানসকলক ৰাজযোগ শিকাওঁ। তাততো লিখি দিছে যে শ্ৰীকৃষ্ণ ভগৱানুবাচ। কিন্তু তেওঁ
হৈছে দৈৱী গুণধাৰী মনুষ্য। শিৱবাবাইতো কোনো নাম নলয়। তেওঁৰ অন্য কোনো নাম নাই।
পিতাই কয় – মই এই শৰীৰ লোণত লওঁ। এই শৰীৰ ৰূপী ঘৰ মোৰ নহয়, এইটোও এওঁৰ ঘৰ। খিৰিকী
আদি সকলোবোৰ আছে। গতিকে পিতাই বুজায় - মই তোমালোকৰ বেহদৰ পিতা অৰ্থাৎ সকলো আত্মাৰ
পিতা, আত্মাসকলকে পঢ়াওঁ। এওঁক কোৱা হয় আধ্যাত্মিক পিতা অৰ্থাৎ আত্মিক পিতা আৰু অন্য
কাকো আত্মিক পিতা বুলি কোৱা নহয়। ইয়াত তোমালোক সন্তানসকলে জানা যে এওঁ বেহদৰ পিতা।
এতিয়া আধ্যাত্মিক সন্মিলন হৈ আছে। বাস্তৱতে আধ্যাত্মিক সন্মিলনতো নহয়। তেওঁলোকতো
প্ৰকৃততে আধ্যাত্মিক নহয়। দেহ-অভিমানী। পিতাই কয় - সন্তানসকল, দেহী-অভিমানী হোৱা।
দেহৰ অভিমান ত্যাগ কৰা। এনেকৈ জানো কাৰোবাক ক'ব। ‘আধ্যাত্মিক’ শব্দটি এতিয়া লিখে।
আগতে কেৱল ধৰ্মীয় সন্মিলন বুলি কৈছিল। ‘আধ্যাত্মিক’ৰ কোনো অৰ্থ বুজি নাপায়।
আধ্যাত্মিক পিতা অৰ্থাৎ নিৰাকাৰী পিতা। তোমালোক আত্মাসকল হৈছা আধ্যাত্মিক সন্তান।
আধ্যাত্মিক পিতা আহি তোমালোকক পঢ়ায়। এইটো বোধশক্তি আন কাৰো থাকিব নোৱাৰে। পিতাই নিজে
বহি শুনায় - মই কোন। ‘গীতা’ত এয়া নাই। মই তোমালোকক বেহদৰ শিক্ষা দিওঁ। ইয়াত উকীল,
জৰ্জ, ছাৰ্জন আদিৰ দৰকাৰ নাই কিয়নো তাততো একেবাৰে সুখেই সুখ। দুখৰ নাম-চিহ্ন নাথাকে।
ইয়াত আকৌ সুখৰ নাম-চিহ্ন নাই, ইয়াক প্ৰায় লোপ হৈ যোৱা বুলি কোৱা হয়। তেওঁলোকে ভাবে
সুখতো কাউৰীৰ বিষ্ঠাৰ সমান। অলপ সুখ আছে তেন্তে বেহদৰ সুখৰ জ্ঞান কেনেকৈ দিব পাৰে।
প্ৰথমে যেতিয়া দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া সত্যতা 100 শতাংশ আছিল। এতিয়াতো
মিছাই মিছা।
এয়া হৈছে বেহদৰ জ্ঞান।
তোমালোকে জানা এয়া হৈছে মনুষ্য সৃষ্টি ৰূপী বৃক্ষ, যাৰ বীজৰূপ হৈছোঁ মই। তেওঁৰ
বৃক্ষৰ গোটেই জ্ঞান আছে। মনুষ্যৰ এই জ্ঞান নাই। মই চৈতন্য বীজৰূপ হওঁ। মোক জ্ঞানৰ
সাগৰ বুলিয়ে কয়। জ্ঞানেৰে চেকেণ্ডত গতি-সৎগতি হয়। মই হৈছোঁ সকলোৰে পিতা। মোক চিনি
পালে তোমালোক সন্তানসকলে উত্তৰাধিকাৰ প্ৰাপ্ত কৰা। কিন্তু ৰাজধানী নহয় জানো।
স্বৰ্গতো পদবীতো ক্ৰম অনুসৰি বহুত আছে। পিতাই একেই পাঠ পঢ়ায়। পঢ়োঁতাসকলতো ক্ৰম
অনুসৰিয়েই হয়। ইয়াত আকৌ অন্য কোনো পঢ়াৰ প্ৰয়োজন নাথাকে। তাত কোনো বেমাৰ নহয়।
পাই-পইচাৰ উপাৰ্জনৰ কাৰণে পঢ়া নপঢ়ে। তোমালোকে ইয়াৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ যোৱা।
তাত এইটো গমেই নাপাবা যে এই পদ আমাক কোনোবাই দিছে। সেয়া তোমালোকে এতিয়া বুজি পোৱা।
হদৰ জ্ঞানতো তোমালোকে পঢ়ি আহিছা। এতিয়া বেহদৰ জ্ঞান পঢ়াওঁতাজনক দেখিলা, জানি ল'লা।
এইটো জানা যে পিতা, পিতাও হয়, শিক্ষকো হয়, আহি আমাক পঢ়ায়। পৰম শিক্ষক হয়, ৰাজযোগ
শিকায়। সঁচা সৎগুৰুও হয়। এয়া হৈছে বেহদৰ ৰাজযোগ। তেওঁলোকে বেৰিষ্টাৰী, ডাক্তৰীহে
শিকাব কিয়নো এই সৃষ্টিখনেই হৈছে দুখৰ। সেই সকলোবোৰ হৈছে হদৰ পঢ়া, এয়া হৈছে বেহদৰ পঢ়া।
পিতাই তোমালোকক বেহদৰ পঢ়া পঢ়ায়। এইটোও জানা যে এই পিতা, শিক্ষক, সৎগুৰু কল্পই কল্পই
আহে আকৌ এয়াই পঢ়ায় সত্যযুগ-ত্ৰেতাৰ কাৰণে। পুনৰ প্ৰায় লোপ হৈ যায়। ড্ৰামা অনুসৰি
সুখৰ প্ৰালব্ধ পূৰ্ণ হৈ যায়। এয়া বেহদৰ পিতাই বহি বুজায়, তেওঁকহে পতিত-পাৱন বুলি
কোৱা হয়। শ্ৰীকৃষ্ণক “তুমিয়েই মাতা-পিতা” বা “পতিত-পাৱন” বুলি ক'ব জানো? শ্ৰীকৃষ্ণৰ
পদমৰ্যাদা আৰু পিতাৰ পদমৰ্যাদাৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া পিতাই কয় - মোক
চিনি পালে তোমালোকে চেকেণ্ডত জীৱনমুক্তি পাব পাৰা। এতিয়া শ্ৰীকৃষ্ণ যদি ভগৱান হয়
তেন্তে যিকোনো লোকে তৎক্ষণাৎ চিনি ল’ব। শ্ৰীকৃষ্ণৰ জন্ম কোনো দিব্য অলৌকিক বুলি
গায়ন কৰা হোৱা নাই। কেৱল পৱিত্ৰতাৰ দ্বাৰা হয়। পিতাতো কাৰো গৰ্ভৰ পৰা নোলায়। অতি
মৰমৰ আত্মিক সন্তানসকলক বুজায়, আত্মাইহে পঢ়ে। ভাল বা বেয়া সকলো সংস্কাৰ আত্মাত থাকে।
যেনেকুৱা কৰ্ম কৰে, সেই অনুসৰি আত্মাই শৰীৰ প্ৰাপ্ত কৰে। কোনোৱে বহুত দুখ ভোগ কৰে।
কোনোবা কণা, কোনোবা কলা হয়। তেতিয়া এনেকৈ ক'ব আগতে এনেকুৱা কৰ্ম কৰিছিল যাৰ এয়া ফল।
আত্মাই কৰ্ম অনুসৰিহে ৰোগী শৰীৰ আদি পায়।
এতিয়া তোমালোক
সন্তানসকলে জানা - আমাক পঢ়াওঁতাজন হৈছে ঈশ্বৰ পিতা। ঈশ্বৰ শিক্ষক, ঈশ্বৰ গুৰু।
তেওঁক একেলগে মিলাই পৰমাত্মা বুলি কোৱা হয়, পৰম আত্মা। ব্ৰহ্মাকতো পৰম আত্মা বুলি
কোৱা নহয়। পৰম অৰ্থাৎ উচ্চতকৈও উচ্চ, পৱিত্ৰতকৈও পৱিত্র। পদমৰ্যাদাতো প্ৰত্যেকৰে
বেলেগ বেলেগ। শ্ৰীকৃষ্ণৰ যি পদমৰ্যাদা সেয়া অন্যৰ লগত নিমিলে। প্ৰধান মন্ত্ৰীৰ
পদমৰ্যাদা অন্যক জানো দিব। পিতাৰো পদমৰ্যাদা বেলেগ। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো বেলেগ।
ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে দেৱতা, শিৱতো হৈছে পৰমাত্মা। দুয়োকে মিলাই শিৱ শংকৰ বুলি
কেনেকৈ ক’বা। দুয়ো ভিন্ন ভিন্ন নহয় জানো। বুজি নোপোৱা কাৰণে শিৱ শংকৰক এজন বুলি কৈ
দিয়ে। নামো এনেকৈয়ে ৰাখি দিয়ে। এই সকলোবোৰ কথা পিতাইহে আহি বুজায়। তোমালোকে জানা যে
এওঁ বাবাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। প্ৰত্যেক মনুষ্যৰে পিতাও থাকে, শিক্ষকো থাকে
আৰু গুৰুও থাকে। যেতিয়া বৃদ্ধ হয় তেতিয়া গুৰুৰ শৰণ লয়। আজিকালিতো সৰু কালতেই গুৰুৰ
শৰণাপন্ন কৰাই দিয়ে, এনেকৈ ভাবে যে গুৰুৰ শৰণাপন্ন নহ’লে অৱজ্ঞা হৈ যাব। আগতে 60
বছৰৰ পাছত গুৰুৰ শৰণ লৈছিল। সেয়া হৈছে বানপ্ৰস্থ অৱস্থা। নিৰ্বাণ অৰ্থাৎ বাণীৰ
সিপাৰে মৰমৰ শান্তিৰ ঘৰ, য'লৈ যাবৰ কাৰণে আধাকল্প তোমালোকে কষ্ট কৰিলা। কিন্তু গমেই
নাপায় গতিকে কোনো যাব নোৱাৰে। কাৰোবাক ৰাস্তা কেনেকৈ দেখুৱাব পাৰে। এজনৰ বাহিৰেতো
আন কোনেও ৰাস্তা দেখুৱাব নোৱাৰে। সকলোৱে বুদ্ধি একে হ'ব নোৱাৰে। কিছুমানেতো যেন কথা
শুনে, লাভ একো নাই। উন্নতি একো নহয়। তোমালোক এতিয়া বাগিচাৰ ফুল হৈছা। ফুলৰ পৰা
কাঁইট হ’লা, এতিয়া পিতাই পুনৰ কাঁইটৰ পৰা ফুল কৰি তোলে। তোমালোকেই পূজ্য আছিলা আকৌ
পূজাৰী হ’লা। 84 জন্ম লৈ লৈ সতোপ্ৰধানৰ পৰা তমোপ্ৰধান পতিত হৈ গ’লা। পিতাই গোটেই
ছিৰিৰ বিষয়ে বুজাইছে। এতিয়া আকৌ পতিতৰ পৰা পাৱন কেনেকৈ হয়, সেয়া কোনেও নাজানে। গায়নো
কৰে নহয় যে হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক আকৌ কিয় পানীৰ নদী, সাগৰ আদিক
পতিত-পাৱন বুলি ভাবি গৈ স্নান কৰে। গংগাক পতিত-পাৱন বুলি কৈ দিয়ে। কিন্তু নদীবোৰো
ক'ৰ পৰা ওলায়? সাগৰৰ পৰাই নোলায় জানো। এই সকলোবোৰ সাগৰৰ সন্তান গতিকে প্ৰতিটো কথা
ভালদৰে বুজিব লাগে।
ইয়াততো তোমালোক
সন্তানসকল সৎসংগত বহি আছা। বাহিৰলৈ কুসংগত গ’লে তোমালোকক বহুত ওলোটা কথা শুনাব।
তেতিয়া এই সকলোবোৰ কথা পাহৰি যাবা। কুসংগত গ'লে শ্বাসৰুদ্ধ হ’বলৈ ধৰে, সংশয়ৰ বিষয়ে
তেতিয়া গম পোৱা যায়। কিন্তু এই কথাবোৰতো পাহৰিব নালাগে। বাবা আমাৰ বেহদৰ পিতাও হয়,
শিক্ষকো হয়, পাৰলৈও লৈ যায়, এইটো নিশ্চয়তাৰে তোমালোক আহিছা। সেই সকলোবোৰ হৈছে
পাৰ্থিৱ লৌকিক পঢ়া, লৌকিক ভাষা। এয়া হৈছে অলৌকিক। পিতাই কয় - মোৰ জন্মও অলৌকিক। মই
লোণত লওঁ। পুৰণি জোতা (শৰীৰ) লওঁ। সেয়াও আকৌ পুৰণিতকৈও পুৰণি, সকলোতকৈ পুৰণা হৈছে
এই জোতা (ব্ৰহ্মাৰ শৰীৰ)। পিতাই যি শৰীৰ লৈছে, ইয়াক “লং বুট” বুলি কয়। এয়া কিমান
সহজ কথা। এয়াতো কোনো পাহৰিবলগীয়া কথা নহয়। কিন্তু মায়াই ইমান সহজ কথাকো পাহৰাই দিয়ে।
পিতা, পিতাও হয়, বেহদৰ শিক্ষা দিওঁতাও হয়, যি শিক্ষা আন কোনেও দিব নোৱাৰে। বাবাই কয়
লাগিলে গৈ চোৱা ক'ৰ পৰা পোৱা যায়। সকলো হৈছে মনুষ্য। তেওঁলোকেতো এই জ্ঞান দিব নোৱাৰে।
ভগৱানে এখনেই ৰথ লয়, যাক ভাগ্যশালী ৰথ বুলি কোৱা হয়, য'ত পিতাই পদ্মাপদম ভাগ্যশালী
কৰি তুলিবলৈ প্ৰৱেশ কৰে। একেবাৰে ওচৰৰ দানা। ব্ৰহ্মাই বিষ্ণু হয়। শিৱবাবাই এওঁকো
মালিক কৰি তোলে, তোমালোককো এওঁৰ দ্বাৰা বিশ্বৰ মালিক কৰি তোলে। বিষ্ণুৰ পুৰী স্থাপনা
হয়, ইয়াক কোৱা হয় ৰাজযোগ, ৰাজ্য স্থাপনা কৰিবৰ কাৰণে। এতিয়া ইয়াত শুনিতো সকলোৱে আছে,
কিন্তু বাবাই জানে বহুতৰে কাণেৰে বৈ যায়, কিছুমানেহে ধাৰণ কৰিব আৰু শুনাব পাৰে।
তেওঁলোকক কোৱা হয় মহাৰথী। শুনি উঠি আকৌ ধাৰণ কৰে, অন্যকো আগ্রহেৰে বুজায়। মহাৰথীয়ে
যদি বুজায় তেন্তে তৎক্ষণাৎ বুজিব, অশ্বাৰোহীয়ে বুজালে কমকৈ বুজিব, পদাতিকে বুজালে
আৰু কমকৈ বুজিব। এয়াতো পিতাই জানে যে কোন মহাৰথী, কোন অশ্বাৰোহী। এতিয়া ইয়াত
বিভ্ৰান্ত হ’বলগীয়াতো কথা নাই। কিন্তু বাবাই চাই থাকে সন্তানসকল বিভ্ৰান্ত হয় পাছত
কলমতিয়াই থাকে। চকু মুদি বহে। উপাৰ্জন কৰাৰ সময়ত কেতিয়াবা টোপনি আহে জানো? কলমতিয়াই
থাকিলে তেতিয়া ধাৰণা কেনেকৈ হ'ব। হামি আহিলে বাবাই বুজি পায় যে এওঁ ভাগৰি পৰিছে।
উপাৰ্জন কৰাৰ সময়ত কেতিয়াও ভাগৰ নালাগে। হামি হৈছে উদাসীনতাৰ লক্ষণ। ভিতৰত কিবা নহয়
কিবা কথাত শ্বাসৰুদ্ধ হৈ থকাসকলৰ হামি বহুত আহে। এতিয়া তোমালোক পিতাৰ ঘৰত বহি আছা,
গতিকে পৰিয়ালো আছে, শিক্ষকো হয়, গুৰুও হয় ৰাস্তা দেখুৱাবৰ কাৰণে। মাষ্টৰ গুৰু বুলি
কোৱা হয়। গতিকে এতিয়া পিতাৰ সোঁ-হাত হ'ব লাগে। যিয়ে বহুতৰে কল্যাণ কৰিব পাৰে। অন্য
সকলো বেপাৰতে লোকচান, কিন্তু নৰৰ পৰা নাৰায়ণ হোৱাৰ বেপাৰত কোনো লোকচান নাই। সকলোৰে
উপাৰ্জন শেষ হৈ যায়। নৰৰ পৰা নাৰায়ণ হোৱাৰ বেপাৰ পিতাইহে শিকায়। তেন্তে কোনটো পঢ়া
পঢ়িব লাগে। যাৰ ওচৰত বহুত ধন আছে, তেওঁলোকে ভাবে যে স্বৰ্গতো ইয়াতেই আছে। বাপু
গান্ধীয়ে ৰামৰাজ্য স্থাপনা কৰিলে জানো? হেৰ’, এই সৃষ্টিখনতো পুৰণি তমোপ্ৰধানেই হয়
আৰুহে দুখ বাঢ়ি যায়, ইয়াক ৰামৰাজ্য বুলি কেনেকৈ ক’বা। মনুষ্য কিমান বুদ্ধিহীন হৈ
গ’ল। বুদ্ধিহীনসকলক তমোপ্ৰধান বুলি কোৱা হয়। বিচাৰ বুদ্ধি সম্পন্নসকল হৈছে
সতোপ্ৰধান। এই চক্ৰ ঘূৰিয়েই থাকে, ইয়াত একোৱেই পিতাক সুধিবলগীয়া নাথাকে। পিতাৰ
কৰ্তব্য হৈছে ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিয়া। সেয়াতো দিয়েই থাকে। মুৰুলীত সকলোবোৰ
বুজাই থাকে। সকলো কথাৰ সঁহাৰি পোৱা যায়। বাকী কি সুধিব? পিতাৰ বাহিৰে আন কোনেও
বুজাবই নোৱাৰে গতিকে সুধিবনো কেনেকৈ পাৰে। এয়াও তোমালোকে ফলকত লিখিব পাৰা 21 জন্মৰ
কাৰণে সৰ্বদা নিৰোগী, সৰ্বদা ধনৱান হ'ব বিচাৰে যদি আহি বুজক। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি শুনায় সেয়া শুনি ভালকৈ ধাৰণ কৰিব লাগে। অন্যক ৰুচিৰে শুনাব লাগে। এখন
কাণেৰে শুনি আনখনেৰে উলিয়াই দিব নালাগে। উপাৰ্জনৰ সময়ত কেতিয়াও হামিয়াই থাকিব নালাগে।
(2) বাবাৰ সোঁহাত হৈ
বহুতৰে কল্যাণ কৰিব লাগে। নৰৰ পৰা নাৰায়ণ হোৱাৰ আৰু আনকো কৰি তোলাৰ বেপাৰ কৰিব লাগে।
বৰদান:
কাৰোবাৰ
ব্যৰ্থ খবৰ শুনি বেছি আগ্ৰহী হোৱাৰ সলনি যতি লগাওঁতা পৰমতৰ পৰা মুক্ত হোৱা
বহুত সন্তানে আগবাঢ়ি
গৈ থাকোঁতে শ্ৰীমতৰ লগতে আত্মাসকলৰ পৰমত মিহলি কৰি দিয়ে। যেতিয়া কোনোবা ব্ৰাহ্মণে
সংসাৰৰ খবৰ শুনায় তেতিয়া সেয়া বৰ আগ্ৰহেৰে শুনে। কৰিব একোৱে নোৱাৰে আৰু শুনি লয়
গতিকে সেই খবৰ বুদ্ধিত গুচি যায়, তেতিয়া সময় নষ্ট হয় সেইকাৰণে পিতাৰ আজ্ঞা হৈছে
শুনিও নুশুনিবা। যদি কোনোবাই শুনায়ো তেন্তে তোমালোকে যতি লগোৱা। যিজন ব্যক্তিৰ বিষয়ে
শুনিলা তেওঁৰ প্ৰতি দৃষ্টি বা সংকল্পতো যাতে ঘৃণাৰ ভাৱ নাজাগে তেতিয়া পৰমতৰ পৰা
মুক্ত বুলি কোৱা হ’ব।
স্লোগান:
যাৰ অন্তৰ বিশাল তেওঁৰ সপোনতো হদৰ সংস্কাৰ জাগ্ৰত হব নোৱাৰে।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
বহু সময়ৰ যি সংস্কাৰ
সেয়াই অন্তিম সময়ৰ স্থিতি হয়। লৌকিক ৰীতিৰে যেতিয়া কোনোবাই শৰীৰ ত্যাগ কৰে, যদি
খোৱা-বোৱা বা পিন্ধা আদিৰ কোনো সংস্কাৰ দৃঢ় হৈ যায়, তেন্তে অন্তিম সময়তো সেই
সংস্কাৰ সন্মুখত আহে সেয়েহে এতিয়াৰ পৰা এই বিস্মৃতিৰ অথবা পৰাজিত হোৱাৰ সংস্কাৰ
আঁতৰি যোৱা উচিত। ইয়াৰ বাবে নিজে নিজৰ সৈতে দৃঢ় প্ৰতিজ্ঞা কৰা যে এই সংস্কাৰ, এই
ব্যৰ্থ সংকল্প কেতিয়া উৎপন্ন হ’বলৈ নিদিওঁ। যেতিয়া এনেকুৱা দৃঢ় প্ৰতিজ্ঞা কৰিবা
তেতিয়া অন্তিমত বিজয়ী হ’বাগৈ।।