14.11.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “উচ্চতকৈও উচ্চ পদ পাবলৈ হ’লে স্মৃতিৰ যাত্ৰাত মগন হৈ থাকা – এয়াই হ’ল আত্মিক ফাঁচিকাঠ, বুদ্ধি যাতে নিজৰ ঘৰত ওলমি থাকে”

প্ৰশ্ন:
যিসকলৰ বুদ্ধিত জ্ঞানৰ ধাৰণা নহয়, তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
তেওঁলোক সৰু সৰু কথাত বিতুষ্ট হৈ থাকিব। যাৰ বুদ্ধিত যিমান জ্ঞান ধাৰণ হ’ব সিমানে তেওঁ আনন্দিত হৈ থাকিব। যদি বুদ্ধিত এইটো জ্ঞান থাকে যে এতিয়া সৃষ্টি অৱনমিত হ’বই, ইয়াত লোকচানেই হ’ব, তেতিয়া কেতিয়াও বিতুষ্ট নহ’ব। সদায় আনন্দিত হৈ থাকিব।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। সন্তানসকলে বুজি পায় উচ্চতকৈও উচ্চ ভগৱান বুলি কোৱা হয়। আত্মাৰ বুদ্ধিৰ যোগসূত্ৰ ঘৰৰ ফালে থকা উচিত। কিন্তু এনেকুৱা এগৰাকীও মনুষ্য জগতত নাই, যাৰ বুদ্ধিত এইটো উদয় হয়। সন্ন্যাসীসকলেও ব্ৰহ্মক ঘৰ বুলি নাভাবে, তেওঁলোকেতো কৈ দিয়ে ব্ৰহ্মত লীন হৈ যাম তেন্তে ঘৰ হ’ল জানো। ঘৰত আশ্ৰয় লোৱা হয়। তোমালোক সন্তানসকলৰ বুদ্ধি তাত থাকিব লাগে। যেনেকৈ কাৰোবাক ফাঁচিকাঠত ওলোমোৱা হয় নহয় - তোমালোক এতিয়া আত্মিক ফাঁচিকাঠত ওলমি আছা। অন্তৰত আছে আমাক উচ্চতকৈও উচ্চ পিতা আহি উচ্চকৈও উচ্চ ঘৰলৈ লৈ যায়৷ এতিয়া আমি ঘৰলৈ যাব লাগে৷ উচ্চতকৈও উচ্চ পিতাই আমাক পুনৰ উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰায়৷ ৰাৱণৰাজ্যত সকলো নীচ৷ সেয়া উচ্চ এয়া নীচ৷ তেওঁলোকে উচ্চৰ কথাই নাজানে৷ উচ্চসকলেও নীচৰ কথা গম নাপায়৷ এতিয়া তোমালোকে বুজি পোৱা উচ্চতকৈও উচ্চ একমাত্ৰ ভগৱানকে কোৱা হয়৷ বু্দ্ধি ওপৰলৈ গুচি যায়৷ তেওঁ হয়েই পৰমধাম নিবাসী৷ এয়া কোনেও নুবুজে, আমি আত্মাসকলো তাৰ নিবাসী৷ ইয়ালৈ কেৱল ভূমিকা পালন কৰিবলৈ আহোঁ৷ এইটো কাৰো খেয়ালত নাথাকে৷ নিজৰে পেছাগত কাম-কাজত লাগি থাকে৷ এতিয়া পিতাই বুজায় - উচ্চতকৈও উচ্চ তেতিয়া হ’বা যেতিয়া স্মৃতিৰ যাত্ৰাত মগন হৈ থাকিবা৷ স্মৃতিৰ দ্বাৰাহে উচ্চ পদ পাব লাগে৷ যি জ্ঞান তোমালোকক শিকোৱা হয়, সেয়া পাহৰিব নালাগে৷ সৰু শিশুৱেও বর্ণনা কৰিব৷ বাকী যোগৰ কথা শিশুৱে নুবুজিব৷ বহুত সন্তান আছে যিসকলে স্মৃতিৰ যাত্ৰাক সম্পূর্ণ ৰীতিৰে নুবুজে৷ আমি কিমান উচ্চতকৈও উচ্চলৈ যাওঁ৷ মূললোক, সূক্ষ্মলোক, স্থূললোক... 5 তত্ব ইয়াত আছে৷ সূক্ষ্মলোক, মূললোকত এয়া নাথাকে৷ এই জ্ঞান পিতাইহে দিয়ে সেইবাবে তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়৷ মনুষ্যই ভাবে – বহুত শাস্ত্ৰ আদি পঢ়াটোৱেই জ্ঞান৷ কিমান পইচা উপার্জন কৰে৷ শাস্ত্ৰ পঢ়াসকলে কিমান মান পায়৷ কিন্তু এতিয়া তোমালোকে বুজি পোৱা এই ক্ষেত্ৰত (শাস্ত্ৰৰ জ্ঞান আহৰণত) কোনো শ্ৰেষ্ঠতাতো নাই৷ উচ্চতকৈও উচ্চতো হয়েই একমাত্ৰ ভগৱান৷ তেওঁৰ দ্বাৰা আমি উচ্চতকৈও উচ্চ স্বর্গত ৰাজত্ব কৰোঁতা হওঁ৷ স্বর্গ কি, নৰক কি? 84ৰ চক্ৰ কেনেকৈ ঘূৰে? এয়া তোমালোকৰ বাহিৰে এই সৃষ্টিত কোনেও নাজানে, কৈ দিয়ে এই সকলোবোৰ কল্পনা৷ এনেকুৱা মত পোষণ কৰাসকলৰ ক্ষেত্ৰত বুজিব লাগে – এওঁলোক আমাৰ কুলৰ নহয়৷ নিৰাশ হ’ব নালাগে৷ বুজা যায় – এওঁৰ ভূমিকা নাই, গতিকে একোৱেই বুজিব নোৱাৰিব৷ এতিয়া তোমালোক সন্তানসকলৰ শিৰ বহুত উচ্চ৷ যেতিয়া তোমালোক উচ্চ সৃষ্টিত থাকিবা তেতিয়া নীচ সৃষ্টিক নাজানিবা৷ নীচ সৃষ্টিত থকাসকলে আকৌ উচ্চ সৃষ্টিক নাজানে৷ সেইখনক কোৱাই হয় স্বর্গ৷ বিলাতৰ নিবাসীসকল যদিও স্বর্গলৈ নাযায় তথাপিও নামতো লয়, ‘হেভেন’, ‘পেৰাডাইজ’ আছিল৷ মুছলমানসকলেও ‘বহিস্থ’ বুলি কয়৷ কিন্তু এইটো তেওঁলোকে নাজানে যে তালৈ কেনেকৈ যাবলগীয়া হয়৷ এতিয়া তোমালোকে কিমান বোধশক্তি পোৱা, উচ্চতকৈও উচ্চ পিতাই কিমান জ্ঞান দিয়ে৷ এইখন ড্ৰামা কিমান আচৰিতভাৱে ৰচি থোৱা আছে৷ যিয়ে ড্ৰামাৰ ৰহস্য নাজানে তেওঁ কল্পনা বুলি কৈ দিয়ে৷

তোমালোক সন্তানসকলে জানা – এইখনতো হয়েই পতিত সৃষ্টি, সেইবাবে চিঞৰে – হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক৷ পিতাই কয় – প্ৰত্যেক 5 হাজাৰ বছৰ পাছত ইতিহাস পুনৰাবৃত্তি হয়। পুৰণি সৃষ্টি নতুন হয় সেইবাবে মই আহিবলগীয়া হয়৷ কল্পই কল্পই আহি তোমালোক সন্তানসকলক উচ্চতকৈও উচ্চ কৰি তোলোঁ৷ পাৱনক উচ্চ আৰু পতিতক নীচ বুলি কোৱা হয়৷ এইখন সৃষ্টি নতুন পাৱন আছিল, এতিয়াতো পতিত৷ এই কথাবোৰ তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে যিয়ে বুজি পায়৷ যাৰ বুদ্ধিত এই কথাবোৰ থাকে তেওঁলোক সদায় আনন্দিত হৈ থাকে৷ বুদ্ধিত নাথাকিলে তেতিয়া কোনোবাই কিবা ক’লে, কিবা লোকচান হ’লে তেতিয়া বিতুষ্ট হৈ যায়৷ বাবাই কয় – এতিয়া এই নীচ সৃষ্টিৰ অন্ত হ’ব৷ এইখন হ’ল পুৰণি সৃষ্টি৷ মনুষ্য কিমান নীচ হৈ যায়৷ কিন্তু এয়া কোনোবাই বুজি পায় জানো যে আমি নীচ হওঁ৷ ভক্তসকলে সদায় শিৰ নত কৰে, নীচৰ আগত শিৰ নত কৰিবলগীয়া হয় জানো৷ পৱিত্ৰৰ আগত শিৰ নত কৰিবলগীয়া হয়৷ সত্যযুগত কেতিয়াও এনেকুৱা নহয়৷ ভক্তসকলেহে এনেকুৱা কৰে৷ পিতাইতো এনেকৈ নকয় – শিৰ নত কৰি চলা৷ নহয়, এয়াতো হৈছে পঢ়া৷ ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়ত তোমালোকে পঢ়ি আছা৷ তেন্তে কিমান নিচা থাকিব লাগে৷ এনেকুৱা নহয়, কেৱল বিশ্ব বিদ্যালয়ত নিচা থাকে, ঘৰত নিচা নোহোৱা হৈ যায়৷ ঘৰতো নিচা থকা উচিত৷ ইয়াততো তোমালোক সন্তানসকলে জানা যে শিৱবাবাই আমাক পঢ়ায়৷ এওঁতো (ব্ৰহ্মাই) কয় যে মই জানো জ্ঞানৰ সাগৰ হওঁ৷ এই বাবাও (ব্ৰহ্মা) জ্ঞানৰ সাগৰ নহয়৷ সাগৰৰ পৰা নদী ওলাই নহয়৷ সাগৰতো এখন, ব্ৰহ্মপুত্ৰ সকলোতকৈ ডাঙৰ নদী৷ বহুত ডাঙৰ পানী জাহাজ আহে৷ নদীতো বাহিৰতো বহুত আছে৷ পতিত-পাৱনী গংগা এনেকৈ কেৱল ইয়াতহে কয়৷ বাহিৰত কোনো নদীক এনেকৈ নকয়৷ যদি পতিত-পাৱনী নদী হয় তেনেহ’লেতো গুৰুৰ কোনো দৰকাৰ নাই৷ নদীত, পুখুৰীত কিমান দিগভ্ৰান্ত হৈ ফুৰে৷ ক’ৰবাততো পুখুৰী ইমান লেতেৰা যে কথা নুসুধিবাই৷ তাৰ মাটি উঠাই ঘঁহি থাকে৷ এতিয়া বুদ্ধিত উদয় হৈছে – এই সকলোবোৰ অৱনমিত হোৱাৰ ৰাস্তা৷ সেই লোকসকল কিমান প্ৰেমেৰে যায়৷ এতিয়া তোমালোকে বুজি পোৱা যে এই জ্ঞানেৰে আমাৰ চক্ষু মুকলি হৈ গ’ল৷ তোমালোকৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হ’ল৷ আত্মাই তৃতীয় নেত্ৰ লাভ কৰে সেইবাবে ত্ৰিকালদর্শী বুলি কয়৷ তিনিওকালৰ জ্ঞান আত্মাত আহে৷ আত্মাতো বিন্দু হয়, তাত নেত্ৰ কেনেকৈ থাকিব৷ এই সকলোবোৰ বুজিবলগীয়া কথা৷ জ্ঞানৰ তৃতীয় নেত্ৰৰে তোমালোক ত্ৰিকালদর্শী, ত্ৰিলোকীনাথ হোৱা৷ নাস্তিকৰ পৰা আস্তিক হৈ যোৱা৷ আগতে তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জনা নাছিলা৷ এতিয়া পিতাৰ দ্বাৰা ৰচনাৰ আদি-মধ্য-অন্তক জনা বাবে তোমালোকে উত্তৰাধিকাৰ পাই আছা৷ এয়া জ্ঞান নহয় জানো৷ ভূগোল-বুৰঞ্জীও হয়, হিচাপ-নিকাচ হয় নহয়৷ বাৰু, তীক্ষ্ণ সন্তান হ’লে তেতিয়া হিচাপ কৰিব, আমি কিমান জন্ম লওঁ, এইটো হিচাপত আন ধর্মাৱলম্বীসকলৰ কিমান জন্ম হ’ব। কিন্তু পিতাই কয় – এই কথাবোৰত বেছি মগজ খটুওৱাৰ দৰকাৰ নাই৷ সময় নষ্ট হৈ যাব৷ ইয়াততো সকলো পাহৰিব লাগে৷ এয়া শুনোৱাৰ দৰকাৰ নাই৷ তোমালোকেতো ৰচয়িতা পিতাৰ পৰিচয় দিয়া, যাক কোনেও নাজানে৷ শিৱবাবা ভাৰতলৈহে আহে৷ নিশ্চয় কিবা কৰি যায় সেইবাবেতো জয়ন্তী পালন কৰে নহয়৷ গান্ধী অথবা কোনোবা সাধু আদি হৈ গৈছে, তেওঁলোকৰ মোহৰ উলিয়াই থাকে৷ পৰিয়াল পৰিকল্পনাৰ মোহৰ উলিয়ায়৷ এতিয়া তোমালাকৰতো নিচা আছে – আমিতো পাণ্ডৱ চৰকাৰ হওঁ৷ সর্বশক্তিমান বাবাৰ চৰকাৰ৷ তোমালোকৰ এয়া “কুলৰ প্ৰতীক চিহ্ন”৷ আন কোনেও এই কুলৰ প্ৰতীক চিহ্নক নাজানেই৷ তোমালোকে বুজি পোৱা যে বিনাশৰ সময়ত প্ৰীতি বুদ্ধি আমাৰেই হয়৷ পিতাক আমি বহুত স্মৰণ কৰোঁ৷ পিতাক স্মৰণ কৰি কৰি প্ৰেমৰ চকুলো বৈ যায়৷ বাবা, আপুনি আমাক আধাকল্পৰ বাবে সকলো দুখৰ পৰা দূৰ কৰি দিয়ে৷ আন কোনো গুৰু বা মিত্ৰ-সম্বন্ধীয় আদি কাকোৱেই স্মৰণ কৰাৰ দৰকাৰ নাই৷ এজন পিতাকেই স্মৰণ কৰা৷ ৰাতিপুৱাৰ সময়খিনি বহুত ভাল৷ বাবা আপুনিতো বৰ চমৎকাৰ কৰে৷ প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আপুনি আমাক জগায়৷ সকলো মনুষ্য মাত্ৰেই কুম্ভকৰ্ণৰ আসুৰিক নিদ্ৰাত শুই আছে অর্থাৎ অজ্ঞান অন্ধকাৰত আছে৷ এতিয়া তোমালোকে বুজি পোৱা - ভাৰতৰ প্ৰাচীন যোগতো এয়া, বাকী যিয়ে ইমান হঠযোগ আদি শিকায়, সেয়া সকলো হৈছে – ব্যায়াম, শৰীৰ স্বাস্থ্যৱান কৰি ৰখাৰ বাবে৷ এতিয়া তোমালোকৰ বুদ্ধিত সকলো জ্ঞান আছে সেয়েহে আনন্দিত হৈ থাকা৷ ইয়ালৈ আহা, বুজি পোৱা বাবাই পুনৰুজ্জীৱিত কৰায়৷ কাৰোবাৰতো ইয়াত পুনৰুজ্জীৱিত হৈ বাহিৰলৈ ওলালেই সেই নিচা নাইকিয়া হৈ যায়৷ ক্ৰমানুসৰিতো হয় নহয়৷ বাবাই বুজায় – এইখন হ’ল পতিত সৃষ্টি৷ আহ্বানো জনায় – হে পতিত-পাৱন আহক কিন্তু নিজক পতিত বুলি বুজে জানো, সেইবাবে পাপ ধুবলৈ যায়৷ কিন্তু শৰীৰত জানো পাপ লাগে৷ পিতাতো আহি তোমালোকক পাৱন কৰি তোলে আৰু কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকর্ম বিনাশ হ’ব৷ এই জ্ঞান এতিয়া তোমালোকে পাইছা। ভাৰত স্বর্গ আছিল, এতিয়া নৰক। তোমালোক সন্তানসকলতো এতিয়া সংগমত আছা। কোনোবা বিকাৰত অধঃপতিত হ’লে তেতিয়া অকৃতকাৰ্য হয় তেতিয়া যেন নৰকত গৈ পৰে। 5 মহলাৰ পৰা বাগৰি পৰে, তেতিয়া 100 গুণ শাস্তি খাবলগীয়া হয়৷ সেয়েহে পিতাই বুজায় যে ভাৰত কিমান উচ্চ আছিল, এতিয়া কিমান নীচ৷ এতিয়া তোমালোক কিমান বুদ্ধিমান হোৱা৷ মনুষ্যতো কিমান অবোধ৷ বাবাই তোমালোকৰ ইয়াত কিমান নিচা বঢ়ায়, আকৌ বাহিৰলৈ ওলালে নিচা কম হৈ যায়, আনন্দ নাইকিয়া হৈ যায়৷ বিদ্যার্থী কোনো ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তেতিয়া কেতিয়াবা নিচা কম হয় জানো? পঢ়ি উত্তীৰ্ণ হয় তেতিয়া কি কি হৈ যায়৷ এতিয়া চোৱা জগতৰ কেনেকুৱা অৱস্থা৷ তোমালোকক উচ্চতকৈও উচ্চ পিতা আহি পঢ়ায়৷ তেৱোঁ হৈছে নিৰাকাৰ৷ তোমালোক আত্মাসকলো নিৰাকাৰ৷ ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা৷ এই ড্ৰামাৰ ৰহস্য পিতাহে আহি বুজায়৷ এই সৃষ্টি চক্ৰক ড্ৰামা বুলিও কোৱা হয়৷ সেই নাটকততো কাৰোবাৰ বেমাৰ হ’লে তেতিয়া ওলাই যায়৷ এয়া হ’ল বেহদৰ নাটক৷ যথার্থ ৰীতিৰে তোমালাক সন্তানসকলৰ বুদ্ধিত আছে, তোমালোকে জানা আমি ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ৷ আমি বেহদৰ ভাৱৰীয়া৷ ইয়াত শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰোঁ, বাবাৰ আগমন হৈছে এই সকলোবোৰ বুদ্ধিত থকা উচিত৷ বেহদৰ ড্ৰামা কিমান বুদ্ধিত থকা উচিত৷ বেহদ বিশ্বৰ বাদশ্বাহী পোৱা যায় গতিকে তাৰ বাবে পুৰুষার্থও এনেকুৱা ভাল কৰা উচিত নহয় জানো৷ গৃহস্থালিতো নিশ্চয় থাকা কিন্তু পৱিত্ৰ হোৱা৷ বিলাতত এনেকুৱা বহুত আছে যেতিয়া বুঢ়া হয় তেতিয়া আকৌ সংগৰ বাবে বিয়া কৰায়… তত্ত্বাৱধান ল’বৰ বাবে আকৌ ইচ্ছাপত্ৰৰ দ্বাৰা সম্পত্তি হস্তান্তৰ কৰে৷ কিছু তেওঁক (সংগীক), কিছু জনকল্যাণ কৰোঁতা অনুষ্ঠানক৷ বিকাৰৰ কথা নাথাকে৷ প্ৰেমিক-প্ৰেমিকাও বিকাৰৰ কাৰণে সমৰ্পিত নহয়৷ কেৱল শৰীৰৰ প্ৰতি স্নেহ থাকে৷ তোমালোক হৈছা আত্মিক প্ৰেমিকা, এজন প্ৰেমিকক স্মৰণ কৰা৷ সকলো প্ৰেমিকাৰ এজন প্ৰেমিক। সকলোৱে এজনকে স্মৰণ কৰে৷ তেওঁ কিমান শোভনীয়৷ আত্মা সুন্দৰ হয় নহয়৷ তেওঁ হ’ল চিৰ সুন্দৰ৷ তোমালোকতো শ্যাম বৰণীয়া (পতিত) হৈ গৈছা, তেওঁ তোমালোকক শ্যাম বৰণীয়াৰ পৰা বগা (পাৱন) কৰি তোলে৷ এইটো তোমালোকে জানা যে পিতাই আমাক সুন্দৰ কৰি তোলে৷ ইয়াত বহুত আছে ক’ব নোৱাৰি কি কি খেয়ালত বহি থাকে৷ স্কুলত এনেকুৱা হয় – বহি থাকোঁতে বুদ্ধি ক’ত চিনেমাৰ ফালে, মিত্ৰ আদিৰ ফালে গুচি যায়৷ সৎসংগতো এনেকুৱা হয়৷ ইয়াতো এনেকুৱা, বুদ্ধিত নবহিলে তেতিয়া নিচাই নাবাঢ়ে, ধাৰণাই নহয় – যে আনকো কৰাব৷ বহুত কন্যা আহে, যিসকলৰ অন্তৰে বিচাৰে ক’ৰবাত সেৱাত লাগি যাওঁ কিন্তু সৰু সৰু শিশু আছে৷ বাবাই কয় – সন্তানসকলৰ তত্ত্বাৱধান ল’বলৈ কোনোবা পৰিচালিকা ৰাখি দিয়া৷ এওঁলোকেতো বহুতৰে কল্যাণ কৰিব৷ বুদ্ধিমান যদি হয় তেন্তে কিয়নো আত্মিক সেৱাত লাগি নোযোৱা৷ 5-6টি শিশুৰ তত্ত্বাৱধান ল’বলৈ কোনোবা পৰিচালিকা ৰাখি দিয়া৷ এতিয়া এই মাতাসকলৰ পাল নহয় জানো৷ নিচা বহুত থকা উচিত৷ আগলৈ হ’ব, পুৰুষে দেখিব যে মোৰ স্ত্ৰীয়েতো সন্ন্যাসীসকলকো জিনিলে৷ এই মাতাসকলে লৌকিক, পাৰলৌকিকৰ নাম উজ্জ্বল কৰি দেখুৱাব৷ ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তোমালোকে বুদ্ধিৰে সকলো পাহৰিব লাগে। যিবোৰ কথাত সময় নষ্ট হয়, সেয়া শুনা-শুনোৱাৰ দৰকাৰ নাই।

(2) পঢ়াৰ সময়ত বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে যুক্ত হৈ থাকিব লাগে, বুদ্ধি ক’তো দিগভ্ৰান্ত হোৱা উচিত নহয়। নিৰাকাৰ পিতাই আমাক পঢ়াই আছে, এইটো নিচাত থাকিব লাগে।

বৰদান:
নিজৰ মহানতা আৰু মহিমাক জানোতা সকলো আত্মাতকৈ শ্ৰেষ্ঠ বিশ্বৰ দ্বাৰা পূজনীয় হোৱা

প্ৰত্যেক ব্ৰাহ্মণ সন্তান বৰ্তমান সময়ত বিশ্বৰ সকলো আত্মাৰ ভিতৰত শ্ৰেষ্ঠ আৰু ভৱিষ্যতে বিশ্বৰ দ্বাৰা পূজনীয় হয়। ক্ৰমানুসৰি হোৱা সত্ত্বেও শেষৰ নম্বৰৰ মণিটিও বিশ্বৰ আগত মহান হয়। আজিও ভক্ত আত্মাসকলে শেষৰ নম্বৰৰ মণিটিও নয়নত ৰাখে কিয়নো সকলো সন্তান বাপদাদাৰ নয়নৰ তৰা, চকুৰ মণি। যিয়ে এবাৰ হ’লেও মনেৰে, সঁচা অন্তৰেৰে নিজক পিতাৰ সন্তান বুলি নিশ্চয়তাৰে মানি ল’লে, পোনপটীয়াকৈ পিতাৰ হ’ল তেওঁৰ মহান বা পূজনীয় হোৱাৰ লটাৰি তথা বৰদান প্ৰাপ্ত হৈ যায়।

স্লোগান:
স্থিতি সদায় সম্পদেৰে সম্পন্ন আৰু সন্তুষ্ট হৈ থাকিলে পৰিস্থিতি পৰিৱৰ্তন হৈ যাব।


অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

বাপদাদাই যদি অকস্মাৎ নিৰ্দেশ দিয়ে যে এই শৰীৰ ৰূপী ঘৰ ত্যাগ কৰা, দেহ-অভিমানৰ স্থিতি ত্যাগ কৰি দেহী-অভিমানী হৈ যোৱা, এই জগতৰ পৰা উৰ্দ্ধত নিজৰ মৰমৰ ঘৰলৈ যোৱা তেন্তে যাবা পাৰিবানে? যুদ্ধস্থলত যুদ্ধ কৰি কৰি সময় ব্যতীত কৰিতো নিদিবা! অশৰীৰী হওঁতে যদি যুদ্ধ কৰোঁতেই সময় লাগি যায় তেন্তে অন্তিম কাকতত কি নম্বৰ পাবা বা কি বিভাগত আহিবা!