14.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ লগত ‘মনমনাভৱ’ আৰু ‘মধ্যাজীভৱ’ৰ তীক্ষ্ণ বাণ আছে, এই বাণেৰে তোমালোকে
মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পাৰা"
প্ৰশ্ন:
সন্তানসকলে
পিতাৰ সহায় কিহৰ আধাৰত পায়? সন্তানসকলে পিতাক কোনটো ৰূপত ধন্যবাদ জনায়?
উত্তৰ:
সন্তানসকলে পিতাক যিমান প্ৰেমেৰে স্মৰণ কৰে সিমানেই পিতাৰ সহায় পায়। প্ৰেমেৰে
বাৰ্তালাপ কৰা। নিজৰ সম্পৰ্ক ঠিকে ৰাখা, শ্ৰীমতত চলি থাকা তেতিয়া পিতাই সহায় কৰি
থাকিব। সন্তানসকলে পিতাক ধন্যবাদ জনায় যে বাবা আপুনি পৰমধামৰ পৰা আহি আমাক পতিতৰ পৰা
পাৱন কৰি তোলে, আপোনাৰ পৰা আমি কিমান সুখ পাওঁ। প্ৰেমৰ চকুলো নিগৰি আহে।
ওঁম্শান্তি।
সন্তানসকলৰ
আটাইতকৈ প্ৰিয় হৈছে ‘মা’ আৰু ‘পিতা’। মা-পিতাৰ আকৌ সন্তানসকল বহুত প্ৰিয়। এতিয়া পিতা
সেইজন যাক “ত্বমেব মাতাশ্চ পিতা” বুলি কয়। লৌকিক মা-পিতাকতো কোনেও এনেকৈ ক’ব নোৱাৰে।
এইটো মহিমা নিশ্চয় আছে, কিন্তু এই মহিমা কাৰ - এয়া কোনেও নাজানে। যদি জানিলেহেঁতেন
তালৈ গ’লহেঁতেন আৰু বহুতকে লৈ গ’লহেঁতেন। কিন্তু ড্ৰামাৰ নিয়তিয়েই এনেকুৱা। যেতিয়া
ড্ৰামা পূৰা হয় তেতিয়াহে আহে। আগতে কথাছবিৰ নাটক আছিল, যেতিয়া নাটক শেষ হৈছিল সকলো
ভাৱৰীয়া মঞ্চত আহি উপস্থিত হৈ গৈছিল। এইখনো বেহদৰ বিশাল নাটক। এইবোৰো সন্তানসকলৰ
বুদ্ধিত উদয় হ’ব লাগে- সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ। এয়া গোটেই সৃষ্টিৰ চক্ৰ।
এনেকুৱা নহয় যে মূললোক, সূক্ষ্মলোকত চক্ৰ ঘূৰি থাকে। সৃষ্টিৰ চক্ৰ ইয়াতেই ঘূৰে।
গায়নো কৰা হয় - এক
ঔংকাৰ সত্য নাম...... (নিৰাকাৰজনক সত্য বুলিও কোৱা হয়) এয়া কাৰ মহিমা? যদিও
‘গ্ৰন্থ’তো শিখসকলে মহিমা কৰে, গুৰুনানকৰ বচন... এতিয়া “এক ঔংকাৰ” এয়াতো হৈছে সেই
এজন নিৰাকাৰ পৰমাত্মাৰহে মহিমা কিন্তু এওঁলোকে পৰমাত্মাৰ মহিমাক পাহৰি গুৰুনানকৰ
মহিমা কৰিবলৈ ল’লে। সৎগুৰু বুলিও নানককে বুজি লয়। বাস্তৱত গোটেই সৃষ্টিজুৰি যিমান
মহিমা আছে সেই এজনৰেই অন্য কাৰো মহিমা নাই। এতিয়া চোৱা যদি ব্ৰহ্মাৰ শৰীৰত বাবাই
প্ৰৱেশ নকৰিলেহেঁতেন তেন্তে এই ব্ৰহ্মাতো কড়িতুল্য। এতিয়া তোমালোক পৰমপিতা
পৰমাত্মাৰ দ্বাৰা কড়িতুল্যৰ পৰা হীৰাতুল্য হৈ যোৱা। এতিয়া হৈছে পতিত সৃষ্টি,
ব্ৰহ্মাৰ ৰাত্ৰি। পতিত সৃষ্টিত যেতিয়া পিতা আহে আৰু তেওঁক যিসকলে চিনি লয় সেইসকল
তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যায়। বৰ্তমানৰ জগতততো সন্তানো উৎপতীয়া হৈ যায়। দেৱতাসকল
কিমান ভাল আছিল, এতিয়া তেওঁলোকে পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গৈছে। সন্ন্যাসীও
প্ৰথমে বহুত ভাল আছিল, পৱিত্ৰ আছিল। ভাৰতক সহায় কৰিছিল। ভাৰতত যদি পৱিত্ৰতা
নাথাকিলহেঁতেন তেন্তে কাম চিতাত জ্বলি মৰিলহেঁতেন। সত্যযুগত কাম-কটাৰী (কামবাসনাৰ
বাবে হোৱা হিংসা) নাথাকে। এই কলিযুগত সকলো কাম চিতাৰ কাঁইটৰ ওপৰত বহি আছে।
সত্যযুগততো এনেকৈ কোৱা নহয়। তাত এই বিষ নাথাকে। এনেকৈ কয় নহয় অমৃত এৰি বিষ কিয় খোৱা।
বিকাৰীক পতিত বুলি কোৱা হয়। আজিকালি মনুষ্যই 10-12 টাকৈ সন্তান জন্ম দি থাকে। কোনো
নিয়মেই নাই। সত্যযুগত যেতিয়া সন্তান জন্ম হয় তেতিয়া আগতেই সাক্ষাৎকাৰ হয়। শৰীৰ
ত্যাগ কৰাৰ আগতেও সাক্ষাৎকাৰ হয় যে মই এই শৰীৰ ত্যাগ কৰি শিশু হ’মগৈ। আৰু এটিয়ে
সন্তান হয়, বেছি নহয়। নিয়ম অনুসৰি চলে। বৃদ্ধিতো নিশ্চয় হ’ব। কিন্তু তাত বিকাৰ
নাথাকে। বহুতে সোধে – তেন্তে তাত জন্ম কেনেকৈ হয়? তেতিয়া ক’ব লাগে যে তাত যোগবলেৰে
সকলো কাম হয়। যোগবলৰ দ্বাৰাই আমি বিশ্বৰ বাদশ্বাহী লওঁ। বাহুবলেৰে বিশ্বৰ বাদশ্বাহী
পাব নোৱাৰি।
বাবাই বুজাইছে - যদি
খ্ৰীষ্টান লোকসকল পৰস্পৰ একত্ৰিত হৈ যায় তেন্তে গোটেই বিশ্বৰ ৰাজ্য ল’ব পাৰে কিন্তু
পৰস্পৰ একত্ৰিত নহয়, বিধিয়ে নকয়, সেয়েহে দুটা মেকুৰীয়ে পৰস্পৰ কাজিয়া কৰে আৰু মাখন
তোমালোক সন্তানসকলে পাই যোৱা। শ্ৰীকৃষ্ণৰ মুখত মাখন দেখুৱাইছে। এয়া হৈছে সৃষ্টিৰূপী
মাখন।
বেহদৰ পিতাই কয় –
শাস্ত্ৰত এই যোগবলৰ যুদ্ধৰ গায়ন কৰা হৈছে, বাহুবলৰ নহয়। তেওঁলোকে আকৌ শাস্ত্ৰত
হিংসক যুদ্ধ দেখুৱাই দিছে। তাৰ লগত তোমালোকৰ সম্বন্ধ নাই। পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ
নহয়। এই অনেক ধৰ্ম 5 হাজাৰ বছৰ পূৰ্বেও আছিল, যিসকল পৰস্পৰ যুদ্ধ কৰি বিনাশ হৈ গ’ল।
পাণ্ডৱসকলে দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এয়া হৈছে যোগবল যাৰ দ্বাৰা বিশ্বৰ
বাদশ্বাহী পোৱা যায়। মায়াজিৎ- জগতজিৎ হৈ যায়। সত্যযুগত মায়া ৰাৱণ নাথাকে। তাত জানো
ৰাৱণৰ প্ৰতিকৃতি সাজি জ্বলাব। কেনেকুৱা কেনেকুৱা প্ৰতিকৃতি সাজে। এনেকুৱা কোনো
দৈত্য বা অসুৰ নাথাকে। এইটোও নুবুজে যে 5 বিকাৰ স্ত্ৰীৰ আৰু 5 বিকাৰ পুৰুষৰ। সেয়া
মিলাই 10 মূৰীয়া ৰাৱণ সাজি দিয়ে। যেনেকৈ বিষ্ণুৰো চাৰিখন হাত দেখুৱাইছে। মনুষ্যইতো
এই সাধাৰণ কথাটিও বুজি নাপায়। বিশাল আকাৰৰ ৰাৱণ সাজি জ্বলায়। আটাইতকৈ মৰমৰ
সন্তানসকলক এতিয়া পিতাই বুজায়। সন্তানসকল সদায় ক্ৰমানুসৰি পিতাকৰ মৰমৰ হয়। কিছুমানতো
অতিকৈ মৰমৰো আছে আৰু কিছুমান কম মৰমৰো আছে। যিমানে অধিক সময় বিচ্ছিন্ন হৈ থকা হ’ব
সিমানেই বেছি মৰমৰ হ’ব। ইয়াতো যিসকল সেৱাত তৎপৰ হৈ থাকে, দয়াশীল হৈ থাকে, সেইসকল
মৰমৰ হয়। ভক্তিমাৰ্গত দয়া বিচাৰে নহয়! খোদা দয়া কৰক, মোক কৃপা কৰক। কিন্তু
ড্ৰামাখনক কোনেও নাজানে। যেতিয়া বহুত তমোপ্ৰধান হৈ যায় তেতিয়াহে বাবাৰ আগমনৰ
কাৰ্যক্ৰম হয়। এনেকুৱা নহয় যে ঈশ্বৰে যি ইচ্ছা কৰিব পাৰে বা যেতিয়াই ইচ্ছা তেতিয়াই
আহিব পাৰে। যদি এনেকুৱা শক্তি থাকিলহেঁতেন তেন্তে ইমান গালি কিয় খাবলগীয়া হ’ল?
বনবাস কিয় পালে? এই কথাবোৰ বৰ গুপ্ত। শ্ৰীকৃষ্ণইতো গালি খাব নোৱাৰে। কয় যে ভগৱানে
এনেকুৱা কৰিব নোৱাৰে! কিন্তু বিনাশতো হ’বই আকৌ ৰক্ষা কৰাৰতো কথাই নাই। সকলোকে উভতাই
লৈ যাব লাগে। স্থাপনা–বিনাশ কৰায় যেতিয়া তেন্তে নিশ্চয় ভগৱান হ’ব নহয়। পৰমপিতা
পৰমাত্মাই স্থাপনা কৰে, কিহৰ? মুখ্য কথা তোমালোকে এইটোৱে সোধা যে ‘গীতা’ৰ ভগৱান কোন?
গোটেই জগতখন ইয়াক লৈ বিবুদ্ধিত পৰি আছে। তেওঁলোকেতো মনুষ্যৰ নাম দি দিছে। আদি সনাতন
দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাতো ভগৱানৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তেন্তে আকৌ
তোমালোকে কেনেকৈ কোৱা যে শ্ৰীকৃষ্ণ ‘গীতা’ৰ ভগৱান। বিনাশ আৰু স্থাপনা কৰোৱাটো কাৰ
কাম? ‘গীতা’ৰ ভগৱানক পাহৰি ‘গীতা’খনকে খণ্ডন কৰি দিছে। এইটো আটাইতকৈ ডাঙৰ ভুল।
দ্বিতীয়তে আকৌ জগন্নাথপুৰীত দেৱতাসকলৰ ডাঙৰ ডাঙৰ অমাৰ্জিত চিত্ৰ আঁকি দিছে।
অমাৰ্জিত চিত্ৰ ৰখাটো চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ। গতিকে ইয়াৰ ওপৰত বুজাব লাগে। এই
মন্দিৰবোৰক লৈ কাৰো বুদ্ধিত এই কথাবোৰ উদয় নহয়। এই কথাবোৰ পিতাইহে বহি বুজায়।
চোৱা, কন্যাসকলে
কিমান প্ৰতিজ্ঞা পত্ৰও লিখে। তেজেৰেও লিখে। এটি কাহিনীও আছে নহয় যে শ্ৰীকৃষ্ণৰ
যেতিয়া তেজ ওলাল তেতিয়া দ্ৰৌপদীয়ে নিজৰ আঁচল ফালি বান্ধি দিলে। এয়াই প্ৰেম হয় নহয়।
তোমালোকৰ প্ৰেম শিৱবাবাৰ সৈতে। এওঁৰ (ব্ৰহ্মাৰ) তেজ ওলাব পাৰে, এওঁ দুখ পাব পাৰে
কিন্তু শিৱবাবাৰ কেতিয়াও দুখ হ’ব নোৱাৰে কিয়নো তেওঁৰ নিজৰ শৰীৰতো নাই। শ্ৰীকৃষ্ণৰ
কিবা আঘাত লাগে তেন্তে দুখ পাব নহয়। গতিকে তেওঁক আকৌ পৰমাত্মা বুলি কেনেকৈ ক’ব পাৰি!
পিতাই কয় - মইতো দুখ-সুখৰ পৰা উপৰাম। অৱশ্যে হয়, মই আহি সন্তানসকলক সদাকালৰ বাবে
সুখী কৰি তোলোঁ। ‘সদা শিৱ’ বুলি গায়ন কৰা হয়। সদা শিৱ, সুখ দিওঁতাই কয় - মোৰ অতিকৈ
মৰমৰ সন্তানসকল, যিসকল সুসন্তান, জ্ঞান ধাৰণ কৰি পৱিত্ৰ হৈ থাকে, সঁচা যোগী আৰু
জ্ঞানী হৈ থাকে তেওঁলোক মোৰ অতি প্ৰিয়। লৌকিক পিতাৰো কোনোবা ভাল, কোনোবা বেয়া
সন্তান থাকে। কোনোবা কুল কলঙ্কিত কৰোঁতা হৈ যায়। বহুত লেতেৰা হৈ যায়। ইয়াতো তেনেকুৱা।
আশ্চৰ্যজনকভাৱে সন্তান হয়, শুনে, শুনায় আকৌ পিতাক এৰি আঁতৰি যায়… সেইবাবেই নিশ্চয়
পত্ৰ লিখোৱা হয়। তেতিয়া সেই লিখনি সন্মুখত দি দিয়া হ’ব। তেজেৰেও লিখি দিয়ে। তেজেৰে
লিখি প্ৰতিজ্ঞা কৰে। আজিকালি শপতো লয়। কিন্তু সেইবোৰ হৈছে মিছা শপত। ঈশ্বৰ সকলোতে
বিৰাজমান বুলি ভাবি লোৱা অৰ্থাৎ এৱোঁ ভগৱান, ময়ো ভগৱান বুলি শপত খোৱা। পিতাই কয় -
এতিয়া তোমালোকে জানা যে বাস্তৱিকতে পিতা কেনেকৈ সকলোতে বিৰাজমান হৈ থাকিব পাৰে।
বাবাই এই নয়নৰূপী খিৰিকীৰে চায়। এইটো আনৰ শৰীৰ ঋণত লৈছে। বাবা ভাড়াতীয়া। ঘৰ কামত
খটুওৱা হয় নহয়। গতিকে পিতাই কয় - মই এই দেহটো কামত খটুৱাওঁ। পিতাই এই খিৰিকীৰে চায়।
তেওঁ ইয়াত বিৰাজমান হৈ আছে। আত্মাই নিশ্চয় ইন্দ্ৰিয়ৰ দ্বাৰাই কাম কৰিব নহয়। মই আহিছোঁ
গতিকে নিশ্চয় শুনাম। ইন্দ্ৰিয় ব্যৱহাৰ কৰোঁ গতিকে নিশ্চয় ভাড়াও দিব লাগিব।
তোমালোক সন্তানসকলে
এই সময়ত নৰকক স্বৰ্গ কৰি তোলোঁতা হোৱা। তোমালোক হৈছা পোহৰ দিওঁতা, জাগ্ৰত কৰি
তোলোঁতা। বাকীতো সকলো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। তোমালোক মাতাসকলে তেওঁলোকক জগোৱা,
স্বৰ্গৰ মালিক কৰি তোলা। এই ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা মাতাসকলৰ, সেইবাবে বন্দে মাতৰম্
বুলি কোৱা হয়। ভীষ্ম পিতামহ আদিকো তোমালোকই বাণ মাৰিছা। মনমনাভৱ-মধ্যাজীভৱৰ বাণ,
কিমান সহজ। এই বাণেৰেই তোমালোকে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। তোমালোক এজন পিতাৰ
স্মৃতিত, এজনৰ শ্ৰীমততে চলিব লাগে। পিতাই তোমালোকক এনেকুৱা শ্ৰেষ্ঠ কৰ্ম শিকায় যে
21 জন্মলৈ কেতিয়াও কৰ্মৰ বাবে অনুতাপ কৰাৰ দৰকাৰেই নহয়। তোমালোক সৰ্বদা
স্বাস্থ্যৱান, সৰ্বদা ধনৱান হৈ যোৱা। অনেকবাৰ তোমালোক স্বৰ্গৰ মালিক হৈছা। ৰাজ্যও
ল’লা আকৌ হেৰুৱাইছা। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলেই মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰা।
ড্ৰামাত সকলোতকৈ উচ্চ ভূমিকা তোমালোকৰে আছে। গতিকে এনেকুৱা উচ্চ কৰি তোলোঁতা পিতাৰ
প্ৰতি বহুত মৰম থকা উচিত। পিতা আপুনি চমৎকাৰ কৰে। মনতো নাছিল, চিন্তনতো নাছিল, আমি
জানো জানিছিলোঁ যে, আমিয়েই নাৰায়ণ আছিলোঁ। পিতাই কয় - তোমালোকেই সেই নাৰায়ণ অথবা
সেই লক্ষ্মী দেৱী-দেৱতা আছিলা আকৌ পুনৰ্জন্ম লৈ লৈ অসুৰ হৈ গৈছা। এতিয়া আকৌ
পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লোৱা। যিয়ে যিমান পুৰুষাৰ্থ কৰে, সাক্ষাৎকাৰ হৈ থাকে।
ৰাজযোগ একমাত্ৰ
পিতাইহে শিকাইছিল। সঁচা সহজ ৰাজযোগতো এতিয়া তোমালোকে শিকাব পাৰা। তোমালোকৰ কৰ্তব্য
হৈছে পিতাৰ পৰিচয় সকলোকে দিয়া। সকলো অনাথ হৈ গৈছে। এই কথাবোৰো কল্প পূৰ্বৰ দৰেই
কোটিৰ ভিতৰত কোনোবাইহে বুজিব। পিতাই বুজাইছে - গোটেই জগতত মহান মূৰ্খ চাব বিচৰা যদি
ইয়াত চোৱা। পিতা যাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পায়, তেওঁকো ত্যাগ কৰি আঁতৰি যায়।
এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোক নিজেই ঈশ্বৰৰ সন্তান হোৱা। আকৌ দেৱতা,
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ সন্তান হ’বাগৈ। এতিয়া অসুৰৰ সন্তানৰ পৰা ঈশ্বৰৰ সন্তান হৈছা।
পিতা পৰমধামৰ পৰা আহি পতিতৰ পৰা পাৱন কৰি তোলে গতিকে তেওঁক কিমান ধন্যবাদ জনাব লাগে।
ভক্তিমাৰ্গতো ধন্যবাদ জনাই থাকে। দুখত জানো ধন্যবাদ জনাব। এতিয়া তোমালোকে কিমান সুখ
পোৱা গতিকে তেওঁৰ প্ৰতি বহুত মৰম থাকিব লাগে। আমি পিতাৰ সৈতে মৰমেৰে বাৰ্তালাপ কৰিলে
কিয় নুশুনিব। সম্পৰ্ক আছে নহয়। ৰাতি উঠি বাবাৰ সৈতে বাৰ্তালাপ কৰিব লাগে। বাবাই (ব্ৰহ্মা
বাবাই) নিজৰ অনুভৱ শুনাই থাকে। মই বহুত স্মৰণ কৰোঁ। বাবাৰ স্মৃতিত চকুলোও বৈ যায়।
মই কি আছিলোঁ, বাবাই মোক কি কৰি গঢ়ি তুলিলে - তোমালোকৰ ক্ষেত্ৰতো একে কথা। তোমালোকো
তেনেকুৱা হৈ যোৱা। যোগযুক্ত হৈ থকাসকলক পিতাই সহায়ো কৰে। আপোনাআপুনি চকু মেল খাই
যাব। বিচনা লৰি উঠিব। পিতাই বহুতকে জগাই দিয়ে। বেহদৰ পিতাই কিমান দয়া কৰে। তোমালোক
ইয়ালৈ কিয় আহিছা? তেতিয়া কোৱা - বাবা ভৱিষ্যতে শ্ৰীনাৰায়ণক বৰণ কৰাৰ শিক্ষা ল’বলৈ
আহিছোঁ অথবা লক্ষ্মীক বৰণ কৰিবলৈ এই পৰীক্ষাত উত্তীৰ্ণ হৈ আছোঁ। এইখন কিমান
আশ্চৰ্যজনক স্কুল। কথাবোৰ কিমান আশ্চৰ্যজনক। এইখন অতি শ্ৰেষ্ঠ বিশ্ব বিদ্যালয়।
কিন্তু ঈশ্বৰীয় বিশ্ব বিদ্যালয় নাম ৰাখিবলৈ নিদিয়ে। এদিন নিশ্চয় মান্তি হ’ব। আহি
থাকিব। ক’ব যে যথাযথ কিমান ডাঙৰ বিশ্ব বিদ্যালয়। বাবাইতো নিজৰ নয়নত বহুৱাই তোমালোকক
পঢ়ায়। তেওঁ কয় - তোমালোকক স্বৰ্গত উপস্থিত কৰাই দিম। গতিকে এনেহেন বাবাৰ সৈতে
কিমান কথা পাতিব লাগে। তেতিয়া বাবাই বহুত সহায় কৰিব। যিসকল শ্বাসৰুদ্ধ হৈ আছে
তেওঁলোকৰ তলা খুলি দিব। ৰাতি স্মৰণ কৰিলে বহুত মজা পাবা। বাবাই নিজৰ অনুভৱ শুনায়।
মই অমৃতবেলা কেনেকৈ বাৰ্তালাপ কৰোঁ।
পিতাই সন্তানসকলক
বুজায় - সাৱধানে থাকিবা। কুল কলঙ্কিত নকৰিবা। 5 বিকাৰ দান কৰি আকৌ উভতাই নল’বা।
ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
প্ৰিয় হ’বলৈ হ’লে দয়াশীল হৈ সেৱাত তৎপৰ হৈ থাকিব লাগে। সুসন্তান, আজ্ঞাকাৰী হৈ সঁচা
যোগী বা জ্ঞানী হ’ব লাগে।
(2) অমৃতবেলা উঠি
পিতাৰ সৈতে বহুত মিঠা মিঠা কথা পাতিব লাগে, পিতাৰ শলাগ ল’ব লাগে। পিতাৰ সহায়ৰ অনুভৱ
কৰিবৰ কাৰণে আটাইতকৈ মৰমৰ পিতাক অতি প্ৰেমেৰে স্মৰণ কৰিব লাগে।
বৰদান:
সদায়
উৎসাহ-উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাওঁতা অবিনাশী সৌভাগ্যশালী হোৱা
তোমালোক সৌভাগ্যশালী
সন্তানসকলে অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোকৰ মনৰ পৰা সদায়
আনন্দৰ “বাঃ! বাঃ!” গীত বাজি থাকে। বাঃ বাবা! বাঃ ভাগ্য! বাঃ মৰমৰ পৰিয়াল! বাঃ
শ্ৰেষ্ঠ সংগমৰ সুন্দৰ সময়! প্ৰতিটো কৰ্ম বাঃ! বাঃ! সেইকাৰণে তোমালোক অবিনাশী
সৌভাগ্যশালী হোৱা। তোমালোকৰ মনত কেতিয়াও “কিয়, মই” আহিব নোৱাৰে। ‘কিয়’ৰ সলনি “বাঃ!
বাঃ!” আৰু ‘মই’ৰ সলনি “বাবা বাবা’ শব্দহে আহে।
স্লোগান:
যি সংকল্প কৰা তাত অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া তেতিয়া অবিচলিত হৈ থাকিবা।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সন্তুষ্ট আত্মাসকলে
সদায় নিঃস্বাৰ্থ আৰু সদায় সকলোকে নিৰ্দোষ অনুভৱ কৰিব; আন কাকো দোষাৰোপ নকৰিব –
ভাগ্যবিধাতাক, ড্ৰামাক, ব্যক্তিক আৰু মোৰ শৰীৰেই এনেকুৱা বুলি শৰীৰৰ হিচাপ-নিকাচকো
দোষাৰোপ নকৰিব। তেওঁলোক সদায় নিঃস্বাৰ্থ, নিৰ্দোষ বৃত্তি-দৃষ্টিৰ হ’ব।