14.12.25 Avyakt Bapdada
Assame
Murli
18.02.2008 Om Shanti Madhuban
“*“বিশ্ব পৰিৱৰ্তনৰ
কাৰণে শান্তিৰ শক্তি প্ৰয়োগ কৰা”*”
আজি বাপদাদাই
চাৰিওফালে নিজৰ বিশ্ব পৰিৱৰ্তক পিতাৰ আশাৰ দীপক সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক।
বাপদাদাই জানে যে সন্তানসকলৰ বাপদাদাৰ প্ৰতি অতি অতি অতি স্নেহ আছে আৰু বাপদাদাৰো
প্ৰতিগৰাকী সন্তানলৈ পদমগুণতকৈও অধিক স্নেহ আছে আৰু এই স্নেহতো সদায়েই এই সংগমযুগত
পাবই লাগে। বাপদাদাই জানে যেনেকৈ সময় সমীপত আহি আছে সেই অনুসৰি প্ৰতিগৰাকী সন্তানৰ
অন্তৰত এইটো সংকল্প, এইটো উৎসাহ-উদ্দীপনা আছে যে এতিয়া কিবা কৰিবই লাগে কিয়নো দেখি
আছা যে এতিয়া তিনিওটা সত্ত্বা অতি অস্থিৰ হৈ আছে। ধৰ্ম সত্ত্বাই হওক, ৰাজ্য
সত্ত্বাই হওক, বিজ্ঞান সত্ত্বাই হওক, বিজ্ঞানেও এতিয়া প্ৰকৃতিক যথাৰ্থ ৰূপত চলাব
নোৱাৰে। এয়াই কয়, হ’বই কিয়নো বিজ্ঞান সত্ত্বাই প্ৰকৃতিৰ দ্বাৰা কাৰ্য কৰে। সেয়েহে
বিজ্ঞানৰ সাধন থকা সত্বেও, প্ৰয়াস কৰা সত্বেও প্ৰকৃতি এতিয়া নিয়ন্ত্ৰণত নাই আৰু আগলৈ
গৈ এই প্ৰকৃতিৰ খেল আৰুহে বাঢ়ি গৈ থাকিব কিয়নো প্ৰকৃতিতো এতিয়া আদি সময়ৰ শক্তি নাই।
এনেকুৱা সময়ত এতিয়া চিন্তা কৰা, এতিয়া কোনটো সত্ত্বাই পৰিৱৰ্তন কৰিব পাৰে? এই
শান্তিৰ শক্তিয়েহে বিশ্ব পৰিৱৰ্তন কৰিব। গতিকে চাৰিওফালৰ অস্থিৰতা দূৰ কৰোঁতা কোন?
জানা নহয়! এয়া পৰমাত্ম প্ৰতিপালনৰ অধিকাৰী আত্মাসকলৰ বাহিৰে অন্য কোনেও কৰিব নোৱাৰে।
গতিকে তোমালোক সকলোৰে এইটো উৎসাহ-উদ্দীপনা আছে যে আমি ব্ৰাহ্মণ আত্মাসকলহে বাপদাদাৰ
লগতো আছোঁ আৰু পৰিৱৰ্তনৰ কাৰ্যৰ সংগীও হওঁ।
বাপদাদাই বিশেষ
অমৃতবেলা তথা গোটেই দিনটোত চলাফুৰা কৰোঁতেও দেখিছে যে জগতত তিনিওটা সত্ত্বাৰ
অস্থিৰতা যিমান হৈছে সিমান তোমালোক শান্তিৰ দেৱীসকলে, শান্তিৰ দেৱতাসকলে যি
শক্তিশালী শান্তিৰ শক্তি প্ৰয়োগ কৰিব লাগে, সেই ক্ষেত্ৰত এতিয়া অভাৱ আছে। সেয়েহে
বাপদাদাই এতিয়া সকলো সন্তানক এইটো উৎসাহ যুগাই আছে। সেৱাৰ ক্ষেত্ৰততো ভাল প্ৰভাৱ
বিস্তাৰ কৰি আছা, কিন্তু শান্তিৰ শক্তি চাৰিওফালে আৰু বিস্তাৰ কৰা। (আজি বাৰে বাৰে
কাহ আহি আছে) বাদ্য বেয়া তথাপিও বাপদাদা সন্তানসকলক সাক্ষাৎ নকৰাকৈ থাকিব নোৱাৰে আৰু
সন্তানসকলো থাকিব নোৱাৰে। গতিকে বাপদাদাই এইটো বিশেষ ইঙ্গিত দি আছে যে এতিয়া
শান্তিৰ শক্তিৰ প্ৰকম্পন চাৰিওফালে বিয়পোৱা।
এতিয়া বিশেষ পিতা
ব্ৰহ্মা আৰু জগদম্বাক চোৱা যে স্বয়ং আদি দেৱ হৈয়ো শান্তিৰ শক্তিৰ কিমান গুপ্ত
পৰিশ্ৰম কৰিলে। তোমালোকৰ দাদীয়ে কৰ্মাতীত হ’বলৈ এইটো কথা কিমান দৃঢ় কৰিলে।
দ্বায়িত্বভাৰ থকা সত্ত্বেও, সেৱাৰ পৰিকল্পনা কৰি শান্তিৰ শক্তি জমা কৰিলে। (কাহ বাৰে
বাৰে আহি আছে) বাদ্য যিমানেই বেয়া নহওক কিন্তু বপদাদাৰ স্নেহ আছে! গতিকে সেৱাৰ
দ্বায়িত্বভাৰ যিমানেই গধুৰ নহওক কিন্তু সেৱাৰ সফলতাৰ প্ৰত্যক্ষ ফল শান্তিৰ শক্তি
অবিহনে, যিমান বিচৰা সিমান ওলাব নোৱাৰে আৰু নিজৰ কাৰণে গোটেই কল্পৰ প্ৰালব্ধকো
শান্তিৰ শক্তিৰেহে গঢ়িব পাৰি। ইয়াৰ কাৰণে এতিয়া প্ৰত্যেকে নিজৰ প্ৰতি, গোটেই কল্পৰ
ৰাজ্য আৰু পূজ্যৰ প্ৰালব্ধ একত্ৰিত কৰিবলৈ এতিয়া সময় আছে কিয়নো সময় স্পৰ্শকাতৰ হ’বই।
এনেকুৱা সময়ত শান্তিৰ শক্তিৰ দ্বাৰা উপলব্ধিৰ শক্তি, গ্ৰহণ কৰা শক্তিৰ বহুত আৱশ্যক
হ’ব। এনেকুৱা সময় আহিব যে এই সাধনবোৰে একো কৰিব নোৱাৰিব, কেৱল আধ্যাত্মিক বলে
বাপদাদাৰ নিৰ্দেশনা উপলব্ধি কৰোৱাৰ কাৰ্য কৰিব পাৰিব। সেয়েহে নিজক পৰীক্ষা কৰা –
এনেকুৱা সময়ত বাপদাদাৰ নিৰ্দেশনা মন আৰু বুদ্ধিয়ে উপলব্ধি কৰিব পাৰিবনে? এই
ক্ষেত্ৰত বহুকালৰ অভ্যাস লাগে, ইয়াৰ সাধন হৈছে মন বুদ্ধি সদায়, কেতিয়াবা কেতিয়াবা
নহয়, সদায় নিকা আৰু স্বচ্ছ হ’ব লাগে। এতিয়া আখৰা বাঢ়ি গৈ থাকিব আৰু চেকেণ্ডত আচলকৈ
হৈ যাব। যদি মনত, বুদ্ধিত অলপো কোনো আত্মাৰ প্ৰতি বা যি কোনো কাৰ্যৰ প্ৰতি, কোনো
সংগী সহযোগীৰ প্ৰতি অলপো নেতিবাচকতা থাকে তেন্তে তাক নিকা আৰু স্বচ্ছ বুলি কোৱা
নহ’ব সেইবাবে বাপদাদাই এইটো মনোযোগ আকৰ্ষণ কৰাই আছে। গোটেই দিনটোত পৰীক্ষা কৰা –
শান্তিৰ শক্তি কিমান জমা কৰিলা? সেৱা কৰিও শান্তিৰ শক্তি যদি বাণীত নাই তেন্তে
প্ৰত্যক্ষ ফল সফলতা যিমান বিচৰা সিমান নহ’ব। পৰিশ্ৰম বেছি ফল কম। সেৱা কৰা কিন্তু
শান্তিৰ শক্তিৰে সম্পন্ন সেৱা কৰা। সেই ক্ষেত্ৰত যিমান ফলাফল বিচৰা তাতকৈ অধিক পাবা।
বাৰে বাৰে পৰীক্ষা কৰা। বাকী বাপদাদা আনন্দিত হৈছে যে দিনে প্ৰতিদিনে যিয়ে য’তেই
সেৱা কৰি আছা সেয়া ভাল কৰি আছা কিন্তু নিজৰ প্ৰতি শান্তিৰ শক্তি জমা কৰাৰ, পৰিৱৰ্তন
কৰাৰ প্ৰতি আৰু মনোযোগ দিয়া।
এতিয়া গোটেই জগতে
বিচাৰি আছে যে অৱশেষত বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত কোন হয়! কিয়নো দিনে প্ৰতিদিনে দুখ আৰু
অশান্তি বাঢ়ি আছে আৰু বাঢ়িবই। সেয়েহে ভক্তই নিজৰ ইষ্টক স্মৰণ কৰি আছে, কোনোবা অতিলৈ
গৈ অশান্তিৰে জীয়াই আছে। ধৰ্ম গুৰুসকলৰ ফালে দৃষ্টি ঘূৰাই আছে আৰু বিজ্ঞানীসকলেও
এতিয়া এয়াই ভাবি আছে – কেনেকৈ কৰোঁ, কেতিয়ালৈ হ’ব! গতিকে এই সকলোকে উত্তৰ দিওঁতা
কোন? সকলোৰে অন্তৰত এইটোৱে আহ্বান যে অৱশেষত সোণালী প্ৰভাত কেতিয়া হ’ব। তেন্তে
তোমালোক সকলো আনোঁতা হোৱা নহয়! হোৱানে? হাত দাঙা যিসকলে ভাবা মই নিমিত্ত হওঁ?
নিমিত্ত হোৱানে? (সকলোৱে হাত দাঙিলে) বাৰু। ইমান বিলাক নিমিত্ত তেন্তে কিমান সময়ত
হ’ব লাগে! তোমালোকো আনন্দিত হৈ যোৱা আৰু বাপদাদাও আনন্দিত হৈ যায়। চোৱা, এই সোণালী
সুযোগ প্ৰত্যেকৰে সোণালী সময় অনুসৰি প্ৰাপ্ত হৈছে।
এতিয়া পৰস্পৰ যেনেকৈ
সেৱাৰ আলোচনা সভা পাতা, সমস্যা সমাধানৰ কাৰণেও আলোচনা সভা পাতা নহয়। এনেকৈ এই আলোচনা
সভা পাতা, এইটো পৰিকল্পনা কৰা। স্মৃতি আৰু সেৱা। স্মৃতিৰ অৰ্থ হৈছে শান্তিৰ শক্তি
আৰু সেয়া প্ৰাপ্ত হ’ব যেতিয়া তোমালোক উচ্চ স্থিতিত থাকিবা। যেনেকৈ কোনো উচ্চ স্থানত
থিয় হৈ গ’লে তেতিয়া গোটেইখন কিমান স্পষ্ট দেখিবলৈ পোৱা যায়। তেনেকৈ তোমালোকৰ উচ্চ
স্থিতি, সকলোতকৈ উচ্চ কি? পৰমধাম। বাপদাদাই কয় সেৱা কৰিলা আৰু উচ্চ স্থিতিত পিতাৰ
লগত আহি বহি যোৱা। যেতিয়া ভাগৰি পৰা তেতিয়া 5 মিনিটো ক’ৰবাত শান্তিৰে বহি গ’লে
তেতিয়া পাৰ্থক্য আহি যায় নহয়। তেনেকৈ মাজে মাজে পিতাৰ লগত আহি বহি যোৱা। আৰু আনটো
উচ্চ স্থিতি হৈছে সৃষ্টি চক্ৰক চোৱা, সৃষ্টি চক্ৰত উচ্চ স্থান কোনটো? সংগমত আহি
কাঁটা উচ্চ স্থানত দেখুওৱা নহয়। গতিকে তললৈ আহিলা, সেৱা কৰিলা তাৰপাছত উচ্চ স্থানলৈ
গুচি যোৱা। তেন্তে বুজিলা কি কৰিব লাগে? সময়ে তোমালোকক আহ্বান জনাই আছে নে তোমালোকে
সময়ক সমীপত আনি আছা? ৰচয়িতা কোন? গতিকে পৰস্পৰ এনেকুৱা পৰিকল্পনা কৰা। বাৰু।
সন্তানসকলে ক’লে
আহিবই লাগিব সেয়েহে পিতাই ক’লে হয় হজুৰ। এনেকৈয়ে ইজনে সিজনৰ কথা, স্বভাৱ, বৃত্তিক
বুজি, হয় হজুৰ, হয় হজুৰ কৰিলে সংগঠনৰ শক্তিয়ে শান্তিৰ জ্বালা প্ৰকট কৰিব। জ্বালামুখী
দেখিছা নহয়। গতিকে এই সংগঠনৰ শক্তিয়ে শান্তিৰ জ্বালা প্ৰকট কৰিব। বাৰু।
মহাৰাষ্ট্ৰ,
অন্ধ্ৰপ্ৰদেশ, বোম্বাইৰ (এতিয়া মুম্বাই) সেৱাৰ পাল:- নামেই হৈছে মহাৰাষ্ট্ৰ।
মহাৰাষ্ট্ৰৰ বিশেষ ড্ৰামা অনুসৰি সোণালী উপহাৰ প্ৰাপ্ত হৈছে। কোনটো? পিতা ব্ৰহ্মা
আৰু মাৰ প্ৰতিপালন মহাৰাষ্ট্ৰই পোনপটীয়াকৈ পাইছে। দিল্লী আৰু উত্তৰ প্ৰদেশেও পাইছে
কিন্তু মহাৰাষ্ট্ৰই বেছি। এতিয়া মহাৰাষ্ট্ৰ মহাতো হোৱাই। এতিয়া কি কৰিব লাগে!
মহাৰাষ্ট্ৰ মিলি এনেকুৱা পৰিকল্পনা কৰা, এনেকুৱা আলোচনা সভা পাতা য’ত সকলোৰে এটাই
স্বভাৱ, এটাই সংস্কাৰ, এটাই সেৱাৰ লক্ষ্য, শান্তিৰ শক্তি কেনেকৈ বিয়পাওঁ, তাৰ
পৰিকল্পনা কৰা। কৰিবা নহয়! কৰিবানে? বাৰু বাপদাদাক এমাহ পাছত জনাবা যে কি পৰিকল্পনা
কৰিছা! তোমালোকৰ এই বাৰ্তালাপৰ পৰা আৰুহে সংযোজন হৈ যাব। ভিন্ন ভিন্ন মণ্ডল আছে নহয়,
তেতিয়া তেওঁলোকেও সংযোজন কৰিব তাত আৰম্ভ তোমালোকে কৰা আৰু হীৰা তেওঁলোকে লগাব। আছে
নহয় সাহস। শিক্ষকসকলৰ সাহস আছেনে! প্ৰথম শাৰীৰসকল সাহস আছেনে? সংস্কাৰ মিলনৰ এই ৰাস
কোনটো মণ্ডলে কৰিব? কোনোবাটো মণ্ডলে শুভ বৃত্তি, শুভ দৃষ্টি আৰু শুভ কৃতি এয়া কেনেকৈ
হ’ব, এটা মণ্ডলে এইটো কৰক। দ্বিতীয় মণ্ডলে – যদি কোনো আত্মাই স্বয়ং সংস্কাৰ
পৰিৱৰ্তন কৰিব নোৱাৰে, বিচাৰেও কিন্তু কৰিব নোৱাৰে তেতিয়া তেওঁৰ প্ৰতি দয়াশীল হৈ,
ক্ষমা, সহযোগ, স্নেহ দি কেনেকৈ নিজৰ ব্ৰাহ্মণ পৰিয়াল শক্তিশালী কৰি তুলিব পাৰি –
তাৰ পৰিকল্পনা কৰা। এয়া হ’ব পাৰেনে? হ’ব পাৰেনে? প্ৰথম শাৰীৰসকলে কোৱা হ’ব পাৰেনে?
হাত দাঙা হ’ব পাৰেনে। কিয়নো প্ৰথম শাৰীত সকলো মহাৰথী বহি আছে। এতিয়া বাপদাদাই নাম
নুশুনায়, প্ৰত্যেক মণ্ডলে যি ভাল লাগে সেয়া বাৰ্তালাপ কৰি আকৌ শিৱৰাত্ৰিৰ পাছত
এমাহত ফলাফল শুনাবা। মহাৰাষ্ট্ৰ আছে নহয় আৰু ভাল। বৃদ্ধিতো সকলো স্থানত হৈ আছে তাৰ
কাৰণে বাপদাদাই অভিনন্দন, অভিনন্দন জনাই আছে। এতিয়া যি কৰিলা তাৰ বাবেতো অভিনন্দন
কিন্তু এতিয়া গুণগত মান বৃদ্ধি কৰা। গুণৱানৰ অৰ্থ এইটো নহয় যে চহকী হওক, গুণৱানৰ
অৰ্থ হৈছে স্মৃতিক নিয়ম অনুসৰি জীৱনত প্ৰমাণ সিদ্ধ কৰি দেখুৱাওঁক। বাকী ‘মাইক’ আৰু
উত্তৰাধিকাৰী সেয়াতো জানাই। নিশ্চয়বুদ্ধি অৰু নিশ্চিত হওক। বাৰু।
ডবল বিদেশীসকলৰ, যুগল
আৰু কুমাৰীসকলৰ বিশেষ ৰিট্ৰিট চলি আছে:-
এয়া প্ৰতীক
লগাই আহিছে। ভাল লাগে। কুমাৰীসকল চাৰিওফালে ঘূৰা যাতে আনেও দেখে, পৰিক্ৰমা লগোৱা।
ভাল কথা। সকলো ভাগ্যৱান কিন্তু কুমাৰীসকল ডবল ভাগ্যৱান। কিয়? এনেইতো কুমাৰো
ভাগ্যৱান কিন্তু কুমাৰীসকল যদি কুমাৰী জীৱনত অমৰ হৈ থাকে তেন্তে বাপদাদাৰ, গুৰুভাইৰ
আসন পায়। অন্তৰাসন অধিকাৰীতো হয়েই। সেয়াতো সকলোৰে আছে কিন্তু গুৰুৰ আসন য’ত বহি
মুৰুলী শুনায়। শিক্ষক হৈ শিক্ষা দিয়া সেইবাবে বাপদাদাই কয় যে কুমাৰীসকল ডবল
ভাগ্যৱান। কুমাৰীসকলৰ বাবে গায়ন আছে যে 21 পৰিয়ালৰ উদ্ধাৰ কৰোঁতা। তেন্তে তোমালোকে
নিজৰ 21জন্মৰতো উদ্ধাৰ কৰিলা কিন্তু অন্য যিসকলৰ নিমিত্ত হোৱা তেওঁলোকৰো 21জন্মৰ
কাৰণে উদ্ধাৰ হৈ যায়। তেন্তে এনেকুৱা কুমাৰী হোৱা নহয়। এনেকুৱা হোৱানে? দৃঢ়নে!
যিসকল অলপ-অচৰপ কেঁচা তেওঁলোকে হাত দাঙা। দৃঢ় হোৱানে। তোমালোকে চালানে (দাদীসকলৰ
প্ৰতি) কুমাৰীসকল দৃঢ় হয়নে? দৃঢ় হয়নে! ভগ্নী মোহিনী (নিউইয়ৰ্ক) কোৱা, দৃঢ় হয়নে?
কুমাৰীসকলৰ দল দৃঢ় হয়নে? এওঁলোকৰ শিক্ষক কোন! (ভগ্নী মীৰা) যদি দৃঢ় তেন্তে তালি
বজোৱা। বাপদাদাও আনন্দিত হৈছে। বাৰু। (এয়া কুমাৰীসকলৰ অষ্টম ৰিট্ৰিট – ইয়াৰ বিষয়
আছিল আত্ম বোধৰ অনুভৱ, 30 দেশৰ 80 গৰাকী কুমাৰী আহিছে, সকলোৱে আত্ম বোধৰ বহুত ভাল
অনুভৱ কৰিছে) অভিনন্দন। এয়াতো কুমাৰী হ’ল, তোমালোক সকলো কোন? তোমালোকে কোৱা এয়াতো
কুমাৰী আমি ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী। তোমালোকো কম নহয়। এয়া কুমাৰসকলৰ দল,
মিশ্ৰিত দল। ভাল। যুগলসকলৰ কোনটো নিচা আছে? অতিৰিক্ত নিচা, গম পোৱানে! যেতিয়াৰ পৰা
প্ৰবৃত্তিৰসকলে এই জ্ঞান ধাৰণ কৰিবলৈ লৈছে গৰিষ্ঠসংখ্যক লোকৰ এতিয়া সাহস আহিছে যে
আমিও কৰিব পাৰোঁ। প্ৰথমে ভাবিছিল যে ব্ৰহ্মাকুমাৰী হোৱা অৰ্থাৎ সকলো ত্যাগ কৰা
কিন্তু এতিয়া বুজিছে যে ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী হৈ পৰিয়াল, ব্যৱহাৰ সকলো চলিব
পাৰে। আৰু যুগলসকলৰ আৰু এটা বিশেষত্ব আছে, তেওঁলোকে মহাত্মাসকলকো প্ৰত্যাহ্বান
জনাইছে যে আমি লগত থাকি, কাৰ্য ব্যৱহাৰত আহি, আমাৰ পৰমাৰ্থ শ্ৰেষ্ঠ। বিজয়ী। গতিকে
বিজয়ৰ সাহস দিয়া, এয়া যুগলসকলৰ কাম সেইবাবে বাপদাদাই যুগলসকলকো অভিনন্দন জনায়। ঠিক
আছে নহয়। প্ৰত্যাহ্বান জনাওঁতা হোৱা নহয়, দৃঢ়নে। কোনোবা আহি চি.আই.ডি. কৰিলে কৰিবলৈ
দিয়া। কোৱা কৰিবলৈ দিয়া। সাহস আছেনে? আছেনে? হাত দাঙা। বাৰু।
বাপদাদাই সদায়েই ডবল
বিদেশীসকলক সাহসী বুলি ভাবে। কিয়? বাপদাদাই দেখিছে যে কামলৈও যায়, শ্ৰেণীলৈও আহে,
কোনোবাই পাঠদানো কৰে আৰু সেৱাকেন্দ্ৰৰ সকলো প্ৰকাৰৰ সেৱাতো সহযোগী হয়। সেইবাবে
বাপদাদাই উপাধি দিয়ে, এয়া হৈছে বহুমুখী দল। বাৰু। এনেকৈয়ে আগবাঢ়ি গৈ থাকা আৰু আনকো
আগবঢ়াই থাকা। বাৰু।
শিক্ষকসকলৰ সৈতে:-
শিক্ষকসকল ঠিকে আছানে? বহুত শিক্ষক আছে। ভাল কথা, চোৱা পিতাৰ সমান উপাধি তোমালোকৰো
আছে। পিতাও শিক্ষক হৈ আহে তেন্তে শিক্ষক মানে স্ব অনুভৱৰ আধাৰত আনকো অনুভৱী কৰি তোলা।
অনুভৱৰ কৰ্তৃত্ব সকলোতকৈ বেছি। যদি এবাৰো কিবা কথাৰ অনুভৱ কৰি লয়, তেতিয়া জীৱনলৈ
নাপাহৰে। শুনা কথা, দেখা কথা পাহৰি যায় কিন্তু অনুভৱ কৰা কথা কেতিয়াও নাপাহৰে। গতিকে
শিক্ষক অৰ্থাৎ অনুভৱী হৈ অনুভৱী কৰি তোলা। এইটোৱে কাম কৰা নহয়। ভাল কথা। অনুভৱত
যিহৰ অভাৱ আছে সেয়া এমাহত পূৰা কৰি ল’বা। আকৌ বাপদাদাই ফলাফল বিচাৰিব। বাৰু।
চাৰিওফালৰ বাপদাদাৰ
অন্তৰাসনধাৰী আৰু বিশ্ব ৰাজ্যৰ সিংহাসনধাৰী, সদায় নিজৰ শান্তিৰ শক্তি বঢ়াই আনকো
আগবঢ়াই উৎসাহ-উদ্দীপনা যুগাওঁতা, সদায় আনন্দিত হৈ থাকোঁতা আৰু সকলোকে আনন্দ উপহাৰ
দিওঁতা চাৰিওফালৰ বাপদাদাৰ ভাগ্যৱান আৰু মৰমৰ সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ
আৰু আশীৰ্বাদ, নমস্কাৰ।
বৰদান:
সকলো
পৰিস্থিতিত সুৰক্ষিত হৈ থাকোঁতা বাতানুকুল টিকটৰ অধিকাৰী হোৱা বাতানুকুল টিকট
সেইসকল সন্তানে পায় যিসকল ইয়াত সকলো পৰিস্থিতিত সুৰক্ষিত হৈ থাকে। কোনো পৰিস্থিতি
আহি যাওঁক, কোনো সমস্যা আহি যাওঁক কিন্তু সকলো সমস্যা চেকেণ্ডত অতিক্ৰম কৰাৰ
প্ৰমাণপত্ৰ লাগে। যেনেকৈ সেই টিকটৰ কাৰণে পইচা দিয়া তেনেকৈ ইয়াত “সদায় বিজয়ী” হোৱাৰ
ধন লাগে – যাৰ দ্বাৰা টিকট পাব পাৰা। এই ধন প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম কৰাৰ দৰকাৰ নাই,
কেৱল সদায় পিতাৰ লগত থাকা তেতিয়া গণনাতীত উপাৰ্জন জমা হৈ থাকিব।
স্লোগান:
যেনেকুৱাই
পৰিস্থিতি নহওক, পৰিস্থিতি আঁতৰি যাওক কিন্তু আনন্দ যাতে আঁতৰি নাযায়।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যেনেকৈ তোমালোকৰ ৰচনা
কাছই চেকেণ্ডত সকলো অংগ সামৰি লয়। সামৰি লোৱাৰ শক্তি ৰচনাতো আছে। তোমালোক মাষ্টৰ
ৰচয়িতা সামৰি লোৱা শক্তিৰ আধাৰত চেকেণ্ডত সকলো সংকল্প সামৰি লৈ এটা সংকল্পত স্থিৰ
হৈ যোৱা। যেতিয়া সকলো কৰ্মেন্দ্ৰিয়ৰ কৰ্মৰ স্মৃতিৰ পৰা উৰ্দ্ধত এটাই আত্মিক স্বৰূপত
স্থিৰ হৈ যাবা তেতিয়া কৰ্মাতীত অৱস্থাৰ অনুভৱ হ’ব।