15.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকৰ মুখৰে কেতিয়াও ‘হে ঈশ্বৰ’, ‘হে বাবা’ শব্দ উচ্চাৰিত হ’ব নালাগে, এয়াতো
ভক্তিমাৰ্গৰ প্ৰথা”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে বগা সাজ-পোছাক কিয় পছন্দ কৰা? এয়া কোনটো কথাৰ প্ৰতীক?
উত্তৰ:
এতিয়া তোমালোক এই পুৰণি সৃষ্টিৰ পৰা জীৱন্তে মৰি গ'লা সেয়েহে তোমালোকে বগা
সাজ-পোছাক পছন্দ কৰা। এই বগা সাজ-পোছাকে মৃত্যুক সিদ্ধ কৰে। যেতিয়া কোনোবা মৰে
তেতিয়া তেওঁক বগা কাপোৰেৰে ঢাকি দিয়ে, তোমালোক সন্তানসকলো এতিয়া জীৱন্তে মৃত হৈছা।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি সন্তানসকলক বুজায়, ‘আত্মিক’ শব্দটি নকৈ কেৱল পিতা বুলি ক’লে সেইটোও ঠিক। পিতাই
বহি সন্তানসকলক বুজায়। সকলোৱে নিজক ভাই ভাই বুলিতো কয়েই। গতিকে পিতাই বহি
সন্তানসকলক বুজায়। সকলোকেতো নুবুজায়। সকলোৱে নিজক ভাই ভাই বুলিতো কয়েই। ‘গীতা’ত লিখা
আছে - ভগৱানুবাচ। এতিয়া ভগৱানুবাচ কাৰ প্ৰতি? ভগৱানৰে সকলো সন্তান। তেওঁ পিতা হয়
গতিকে ভগৱানৰ সন্তান সকলো ভাই ভাই হয়। নিশ্চয় ভগৱানেই বুজাইছিল, ৰাজযোগ শিকাইছিল।
এতিয়া তোমালোকৰ বুদ্ধিৰ তলা খুলিছে। জগতত আৰু কাৰো এনেকুৱা খেয়াল চলিব নোৱাৰে।
যিসকলে বাৰ্তা পাই গৈ থাকিব তেওঁলোক স্কুললৈ আহি থাকিব, পঢ়ি গৈ থাকিব। বুজিব যে
প্ৰদৰ্শনীতো চালো, এতিয়া গৈ অলপ বেছিকৈ শুনোঁ। প্ৰথম মুখ্য কথা হৈছে জ্ঞানৰ সাগৰ,
পতিত-পাৱন গীতা জ্ঞান দাতা শিৱ ভগৱানুবাচ, পোন-প্ৰথমে তেওঁলোকে এইটো গম পাওক যে
এওঁলোকক শিকাওঁতাজন অথবা বুজাওঁতাজন কোন! তেওঁ পৰম আত্মা জ্ঞানৰ সাগৰ নিৰাকাৰ।
তেওঁতো হৈছেই সত্য। তেওঁ সত্যই ক'ব। পুনৰ তাৰ ওপৰত কোনো প্ৰশ্ন উঠিব নোৱাৰে।
পোন-প্ৰথমেতো ইয়াৰ ওপৰত বুজাব লাগে, আমাক পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ
শিকায়। এয়া হৈছে ৰজাৰ পদ। যাৰ নিশ্চয়তা জন্মি যাব যে যি সকলোৰে পিতা, সেই পাৰলৌকিক
পিতাই বহি বুজায়, তেৱেঁই সকলোতকৈ উচ্চ হৰ্তা-কৰ্তা তেন্তে পুনৰ দ্বিতীয় কোনো প্ৰশ্ন
উঠিবই নোৱাৰে। তেওঁ হৈছে পতিত-পাৱন গতিকে যিহেতু তেওঁ ইয়ালৈ আহে তেন্তে নিশ্চয় নিজৰ
সময়তে আহিব। তোমালোকে দেখিবলৈও পোৱা - এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। বিনাশৰ পাছত পুনৰ
নিৰ্বিকাৰী সৃষ্টি হ'ব। এয়া হৈছে বিকাৰী সৃষ্টি। এইটো মনুষ্যই নাজানে যে ভাৰতেই
নিৰ্বিকাৰী আছিল। একোৱেই বুদ্ধিত নচলে। ‘গডৰেজ’ৰ তলা লাগি আছে। তাৰ চাবি এজন পিতাৰ
ওচৰতহে আছে সেয়েহে তেওঁকেই ‘জ্ঞান দাতা’, ‘দিব্য চক্ষু বিধাতা’ বুলি কোৱা হয়।
জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে। এইটো কোনেও গম নাপায় যে তোমালোকক পঢ়াওঁতাজন কোন।
দাদা (ব্ৰহ্মা) বুলি ধৰি লয় তেতিয়া সমালোচনা কৰে। কিবা নহয় কিবা কয় - সেয়েহে প্ৰথম
কথাই এইটো বুজোৱা। ইয়াত লিখাও আছে - শিৱ ভগৱানুবাচ। তেওঁতো হয়েই সত্য।
পিতাই বুজি পায় মই
পতিত-পাৱন শিৱ। মই পৰমধামৰ পৰা আহিছোঁ, এই শালগ্ৰামসকলক পঢ়াবলৈ। পিতা হয়েই জ্ঞানেৰে
পৰিপূৰ্ণ। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। এই শিক্ষা এতিয়া তোমালোকেহে বেহদৰ
পিতাৰ পৰা পাই আছা। তেৱেঁই সৃষ্টিৰ ৰচয়িতা। পতিত সৃষ্টিক পাৱন কৰি তোলোঁতা হয়।
আহ্বানো জনায় - হে পতিত-পাৱন আহক গতিকে পোন-প্ৰথমে তেওঁৰেই পৰিচয় দিব লাগে। সেই
পৰমপিতা পৰমাত্মাৰ লগত আপোনাৰ সম্বন্ধ কি? তেওঁ হয়েই সত্য। নৰৰ পৰা নাৰায়ণ হোৱাৰ
সত্য জ্ঞান দিয়ে। সন্তানসকলে জানে পিতা হৈছে সত্য, পিতাই সত্য খণ্ড গঢ়ে। তোমালোক
নৰৰ পৰা নাৰায়ণ হ’বলৈ ইয়ালৈ আহা। বেৰিষ্টাৰৰ ওচৰত গ’লে তেতিয়া বুজিব আমি বেৰিষ্টাৰ
হ'বৰ কাৰণে আহিছোঁ। এতিয়া তোমালোকৰ নিশ্চয়তা জন্মিছে যে আমাক ভগৱানে পঢ়ায়। কাৰোবাৰ
নিশ্চয় জন্মেও পুনৰ সংশয়বুদ্ধিৰ হৈ যায় তেতিয়া তেওঁক সকলো মনুষ্যই কয় তুমিতো কৈছিলা,
ভগৱানে পঢ়ায় তেন্তে আকৌ ভগৱানক এৰি কিয় আহিছা? সংশয় জন্মিলেই আঁতৰি গুচি যায়। কিবা
নহয় কিবা বিকৰ্ম কৰে। ভগৱানুবাচ কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলেহে
তোমালোক জগতজিৎ হ'বাগৈ। যিসকল পাৱন হ'ব তেওঁলোকেই পাৱন সৃষ্টিলৈ যাব। ইয়াত হৈছেই
ৰাজযোগৰ কথা। তোমালোকে গৈ তাত ৰাজত্ব কৰিবা। বাকী যিসকল আত্মা আছে তেওঁলোকে নিজৰ
হিচাপ-নিকাচ নিষ্পত্তি কৰি পুনৰাই নিজৰ ঘৰলৈ গুচি যাব। এয়া বিনাশৰ (হিচাপ
নিষ্পত্তিৰ) সময়। এতিয়া বুদ্ধিয়ে এইটো কয় সত্যযুগৰ স্থাপনা নিশ্চয় হ'ব। পাৱন সৃষ্টি
সত্যযুগক কোৱা হয়। বাকী সকলো মুক্তিধামলৈ গুচি যাব। তেওঁলোকে পুনৰ নিজৰ ভূমিকা
পুনৰাবৃত্তি কৰিব লাগিব। তোমালোকেও পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ'বৰ কাৰণে নিজৰ
পুৰুষাৰ্থ কৰি থাকা। মালিক বুলিতো সকলোৱে নিজক ভাবিব নহয়। প্ৰজাও মালিক হয়। এতিয়া
প্ৰজায়ো কয় নহয় - আমাৰ ভাৰত। বহুত গণ্যমান্য মনুষ্য সন্ন্যাসী আদিয়েও কয় - আমাৰ
ভাৰত। তোমালোকে বুজি পোৱা এই সময়ত ভাৰতত সকলো নৰকবাসী। এতিয়া আমি স্বৰ্গবাসী হ'বৰ
কাৰণে এই ৰাজযোগ শিকি আছোঁ। সকলোৱেতো স্বৰ্গবাসী নহ'ব। এয়া এতিয়া জ্ঞান পাইছা। সেই
লোকসকলে যি শুনায়, সেয়া শাস্ত্ৰৰ জ্ঞান শুনায়, তেওঁলোক হৈছে শাস্ত্ৰৰ হৰ্তা-কৰ্তা।
পিতাই কয় - এয়া ভক্তিমাৰ্গৰ বেদ শাস্ত্ৰ আদি সকলো পঢ়ি ছিৰি তললৈ নামি গৈ থাকে। এই
সকলোবোৰ হৈছে ভক্তিমাৰ্গ। পিতাই কয় - যেতিয়া ভক্তিমাৰ্গ পূৰা হ'ব তেতিয়াহে মই আহিম।
ময়েই আহি সকলো ভক্তকে ভক্তিৰ ফল দিব লাগে। সংখ্যাগৰিষ্ঠতাতো ভক্তৰে হয়। সকলোৱে
আহ্বান জনাই থাকে নহয় - হে ঈশ্বৰ পিতা। ভক্তসকলৰ মুখৰে হে ঈশ্বৰ পিতা, ‘হে ভগৱান’
বুলি নিশ্চয় উচ্চাৰিত হ’ব। এতিয়া ভক্তি আৰু জ্ঞানৰ মাজততো পাৰ্থক্য আছে। তোমালোকৰ
মুখৰে কেতিয়াও ‘হে ঈশ্বৰ’, ‘হে ভগৱান’ এনে শব্দ উচ্চাৰিত নহ’ব। মনুষ্যৰতো এয়া
আধাকল্পৰ অভ্যাস হৈ আছে। তোমালোকে জানা তেওঁতো আমাৰ পিতা হয়, তোমালোকে ‘হে বাবা’
বুলি জানো ক'ব লাগে। পিতাৰ পৰাতো তোমালোকে উত্তৰাধিকাৰ ল'ব লাগে। প্ৰথমেতো এইটো
নিশ্চয়তা আছে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাই সন্তানসকলক উত্তৰাধিকাৰ ল'বৰ
কাৰণে অধিকাৰী কৰি তোলে। এওঁতো সত্য পিতা হয় নহয়। পিতাই জানে - এয়া মোৰ সন্তান,
যিসকলক মই জ্ঞান অমৃত পান কৰোৱাই, জ্ঞান চিতাত বহুৱাই ঘোৰ নিদ্ৰাৰ পৰা জগাই স্বৰ্গলৈ
লৈ যাওঁ। পিতাই বুজাইছে - আত্মাসকল তাত শান্তিধাম আৰু সুখধামত থাকে। সুখধামক কোৱা
হয় নিৰ্বিকাৰী সৃষ্টি। সম্পূৰ্ণ নিৰ্বিকাৰী দেৱতাসকল হয় নহয়। আৰু সেয়া হৈছে মৰমৰ ঘৰ।
তোমালোকে জানি গ'লা যে আমাৰ ঘৰ সেইখন, আমি ভাৱৰীয়াসকল সেই শান্তিধামৰ পৰা আহোঁ -
ইয়াত ভূমিকা পালন কৰিবলৈ। আমি আত্মাসকল ইয়াৰ নিবাসী নহয়। সেই ভাৱৰীয়াসকল ইয়াৰ নিবাসী।
কেৱল ঘৰৰ পৰা আহি পোছাক সলনি কৰি ভূমিকা পালন কৰে। তোমালোকেতো বুজি পোৱা আমাৰ ঘৰ
হৈছে শান্তিধাম, তালৈ আমি উভতি যাওঁ। যেতিয়া সকলো ভাৱৰীয়া মঞ্চত আহি যায় তেতিয়া
পুনৰ পিতা আহি সকলোকে লৈ যাব, সেইকাৰণে তেওঁক মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলিও কোৱা
হয়। দুখহৰ্তা সুখকৰ্তা হয় তেন্তে ইমানবিলাক মনুষ্য ক'লৈ যাব। বিচাৰ কৰা -
পতিত-পাৱনক আহ্বান জনায়। কিহৰ কাৰণে? নিজৰ মৃত্যুৰ কাৰণে, দুখৰ সৃষ্টিত থাকিব
নিবিচাৰে, সেয়েহে কয় ঘৰলৈ ব'লা। এওঁলোক সকলো মুক্তিকহে মান্যতা দিওঁতা হয়। ভাৰতৰ
প্ৰাচীন ৰাজযোগো কিমান প্ৰসিদ্ধ। বিদেশলৈও যায় প্ৰাচীন ৰাজযোগ শিকাবলৈ। বাস্তৱত
হঠযোগীসকলেতো ৰাজযোগৰ বিষয়ে নাজানেই। তেওঁলোকৰ যোগেই ভুল সেয়েহে তোমালোকে গৈ প্ৰকৃত
ৰাজযোগ শিকাব লাগে। মনুষ্যই সন্ন্যাসীসকলৰ পীতবস্ত্ৰ দেখি তেওঁলোকক কিমান মান দিয়ে।
বৌদ্ধ ধৰ্মতো সন্ন্যাসীসকলক, পীতবস্ত্ৰ পিন্ধা দেখি তেওঁলোকক মান দিয়ে। সন্ন্যাসীতো
পাছত আহে। বৌদ্ধ ধৰ্মত আৰম্ভণিত কোনো সন্ন্যাসী নাথাকে। যেতিয়া পাপ বৃদ্ধি হয়,
বৌদ্ধ ধৰ্মত তেতিয়া সন্ন্যাস ধৰ্ম প্ৰতিষ্ঠা হয়। আৰম্ভণিততো সেই আত্মাসকল ওপৰৰ পৰা
আহে। তেওঁৰ অনুগামীসকল আহে। আৰম্ভণিত সন্ন্যাস শিকাই কি কৰিব, সন্ন্যাস হয় পাছত।
সেয়াও ইয়াৰ পৰা নকল কৰে। খ্ৰীষ্টানসকলৰ মাজতো বহুত আছে যিয়ে সন্ন্যাসীসকলক মান দিয়ে।
পীতবস্ত্ৰ হঠযোগীসকলৰ পোছাক। তোমালোকেতো ঘৰ-সংসাৰ এৰিব নালাগে। কোনো শুভ্ৰ
সাজ-পোছাকৰ বাধ্যবাধকতাও নাই কিন্তু শুভ্ৰ ভাল। তোমালোক ভাতীত আছিলা গতিকে
সাজ-পোছাকো এয়া হৈ গ'ল। আজিকালি শুভ্ৰ পোছাক বহুত পছন্দ কৰে। মনুষ্য মৰিলে তেতিয়াও
বগা চাদৰেৰে ঢাকি দিয়ে। তোমালোকো এতিয়া জীৱন্তে মৃত হৈছা গতিকে শুভ্ৰ পোছাক ভাল।
গতিকে যিকোনো লোককে
পিতাৰ পৰিচয় দিব লাগে। দুজন পিতা আছে, এই কথাবোৰ বুজিবলৈ সময় লাগে। প্ৰদৰ্শনীত ইমান
বুজাব নোৱাৰিবা। সত্যযুগত এজন পিতা থাকে। এই সময়ত তোমালোকৰ 3 জন পিতা আছে কিয়নো
ভগৱান আহে প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত, তেৱোঁতো সকলোৰে পিতা হয়। লৌকিক পিতাও আছে। বাৰু,
এতিয়া তিনিওজন পিতাৰ ভিতৰত কোনজনৰ উত্তৰাধিকাৰ উচ্চ? নিৰাকাৰ পিতাই উত্তৰাধিকাৰ
কেনেকৈ দিব। তেওঁ আকৌ দিয়ে ব্ৰহ্মাৰ দ্বাৰা। এই চিত্ৰৰ ওপৰত তোমালোকে বহুত ভালদৰে
বুজাব পাৰা। শিৱবাবা নিৰাকাৰ আৰু এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা ‘আদি দেৱ’, ‘গ্ৰেট
গ্ৰেট গ্ৰেণ্ড ফাদাৰ’। পিতাই কয় - মোক শিৱক তোমালোকে ‘গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ’
বুলি নোকোৱা। মই সকলোৰে পিতা হওঁ। এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা। তোমালোক সকলো হৈ গ'লা
ভাই-ভনী। যদিও স্ত্ৰী পুৰুষ কিন্তু বুদ্ধিৰে জানে আমি ভাই-ভনী হওঁ। পিতাৰ পৰা
উত্তৰাধিকাৰ লওঁ। ভাই-ভনীয়ে পৰস্পৰ আসুৰিক মনোবৃত্তি ৰাখিব নোৱাৰে। যদি দুয়োকে
পৰস্পৰ বিকাৰী দৃষ্টিয়ে আকৰ্ষিত কৰে তেতিয়া অৱনমিত হৈ যায়। পিতাক পাহৰি যায়। পিতাই
কয় - তোমালোক মোৰ সন্তান হৈ পুনৰ মুখ ক'লা কৰা। বেহদৰ পিতাই সন্তানসকলক বহি বুজায়।
তোমালোকৰ এইটো নিচা লাগি আছে। জানা যে গৃহস্থালিতো থাকিব লাগে। লৌকিক সম্বন্ধীয়সকলৰ
সৈতেও চলিব লাগে, দায়িত্ব পালন কৰিব লাগে। লৌকিক পিতাকতো তোমালোকে পিতা বুলি ক'বা
নহয়। তেওঁকতো তোমালোকে ভাই বুলি ক'ব নোৱাৰা। সাধাৰণ ৰীতিত পিতাক পিতা বুলিয়েই ক'ব।
বুদ্ধিত আছে যে এওঁ মোৰ লৌকিক পিতা। জ্ঞানতো আছে নহয়। এই জ্ঞান বৰ বিচিত্র। আজিকালি
পিতাকক নামেৰেও মাতে কিন্তু কোনোবা দৰ্শনাৰ্থী আদি বাহিৰৰ মানুহৰ সন্মুখত ভাই বুলি
কৈ দিলে তেতিয়া তেওঁ বুজিব এওঁৰ মগজ বেয়া হৈছে। এই ক্ষেত্ৰত বহুত যুক্তি লাগে।
তোমালোকৰ হৈছে গুপ্ত জ্ঞান, গুপ্ত সম্বন্ধ। ইয়াত বহুত যুক্তিৰে চলিব লাগে। কিন্তু
ইজনে-সিজনক সন্মান দিয়াতো ভাল। লৌকিক দায়িত্বও পালন কৰিব লাগে। বুদ্ধি ওপৰলৈ গুচি
যাব লাগে। আমি বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। বাকী খুৰাক খুৰা, পিতাক পিতা বুলিয়ে
ক'ব লাগিব। যিসকল ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নাই তেন্তে তেওঁলোকে ভাই-ভনী বুলি
নাভাবিব। যিসকল ব্ৰহ্মাকুমাৰ-কুমাৰী হৈছে তেওঁলোকেহে এই কথাবোৰ বুজিব। বাহিৰৰ
লোকসকলেতো প্ৰথমে শুনি আচম্বিত হ'ব। এই ক্ষেত্ৰত বুজিবলৈ বহুত ভাল বুদ্ধি লাগে।
পিতাই তোমালোক সন্তানসকলক বিশালবুদ্ধিৰ কৰি তোলে। তোমালোক প্ৰথমে হদৰ (সীমিত)
বুদ্ধিৰ আছিলা। এতিয়া বুদ্ধি বেহদলৈ গুচি যায়। তেওঁ আমাৰ বেহদৰ পিতা। এই সকলোবোৰ
আমাৰ ভাই-ভনী। বাকী সম্বন্ধততো বোৱাৰীক বোৱাৰী, শাহুক শাহু বুলিয়েই ক'ব, ভনী বুলি
জানো ক'ব। আহেতো দুয়োৱেই। ঘৰত থাকিও বহুত যুক্তিৰে চলিব লাগে। সমাজৰ ধ্যান-ধাৰাণাৰ
প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয়। নহ'লেতো তেওঁলোকে ক'ব এওঁ স্বামীক ভাই, শাহুক ভনী বুলি
কৈ দিয়ে, এইবোৰ কি শিকিছে। এই জ্ঞানৰ কথাবোৰতো তোমালোকেহে জানা, অন্যই জানিব নোৱাৰে।
এনেকৈ কয় নহয় - তোমাৰ গতি মত তুমিহে জানা। এতিয়া তোমালোক তেওঁৰ সন্তান হৈছা তেন্তে
তোমালোকৰ গতি মত তোমালোকেহে জানা। বহুত সাৱধানে চলিবলগীয়া হয়। ক'ৰবাত কোনোবা যাতে
বিবুদ্ধিত নপৰে। গতিকে প্ৰদৰ্শনীতো তোমালোক সন্তানসকলে পোন-প্ৰথমে এইটো বুজাব লাগে
যে আমাক পঢ়াওঁতাজন হৈছে ভগৱান। এতিয়া কোৱা তেওঁ কোন? নিৰাকাৰ শিৱ নে শ্ৰীকৃষ্ণ। শিৱ
জয়ন্তীৰ পাছত আহে শ্ৰীকৃষ্ণ জয়ন্তী কিয়নো পিতাই ৰাজযোগ শিকায়। সন্তানসকলৰ বুদ্ধিত
উদয় হ’ল নহয়। যেতিয়ালৈকে শিৱ পৰমাত্মা নাহে, শিৱ জয়ন্তী পালন কৰিব নোৱাৰে।
যেতিয়ালৈকে শিৱ আহি কৃষ্ণপুৰী স্থাপন নকৰে তেন্তে শ্ৰীকৃষ্ণ জয়ন্তীও কেনেকৈ পালন কৰা
হ’ব। শ্ৰীকৃষ্ণৰ জন্ম দিৱসতো পালন কৰে কিন্তু বুজি পাই জানো। শ্ৰীকৃষ্ণ ৰাজকুমাৰ
আছিল তেন্তে নিশ্চয় সত্যযুগত ৰাজকুমাৰ হ'ব নহয়। দেৱী-দেৱতাসকলৰ ৰাজধানী হ'ব। কেৱল
এজন শ্ৰীকৃষ্ণইতো ৰাজ্য-ভাগ্য পোৱা নাছিল। নিশ্চয় কৃষ্ণপুৰী হ'ব নহয়। এনেকৈ কয়ো যে
কৃষ্ণপুৰী আৰু কংসপুৰী। কংসপুৰী শেষ হ'ল পুনৰ কৃষ্ণপুৰী স্থাপন হ'ল নহয়। হয় ভাৰততেই।
নতুন সৃষ্টিত জানো এই কংস আদি থাকিব পাৰে। কংসপুৰী বুলি কোৱা হয় কলিযুগক। ইয়াততো
চোৱা কিমান মনুষ্য আছে। সত্যযুগত অলপ থাকিব। দেৱতাসকলে কোনো যুদ্ধ কৰা নাই।
কৃষ্ণপুৰী বুলি কোৱা অথবা বিষ্ণুপুৰী বুলি কোৱা, দৈৱী সম্প্ৰদায় বুলি কোৱা, আসুৰিক
সম্প্ৰদায় ইয়াত আছে। বাকী দেৱতা আৰু অসুৰৰ মাজত বা কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধও লগা
নাই। তোমালোকে ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। পিতাই কয় - এই 5 বিকাৰৰ ওপৰত বিজয়
প্ৰাপ্ত কৰা তেতিয়া তোমালোক জগতজিৎ হৈ যাবা, ইয়াত কোনো যুদ্ধ কৰিব নালাগে। যুদ্ধৰ
নাম ল’লে তেন্তে হিংসা হৈ যায়। ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, কিন্তু অহিংসাৰে।
কেৱল পিতাক স্মৰণ কৰিলে আমাৰ বিকৰ্ম বিনাশ হয়। যুদ্ধ আদিৰ কোনো কথা নাই। পিতাই কয় -
তোমালোক তমোপ্ৰধান হৈ গ’লা এতিয়া পুনৰ তোমালোক সতোপ্ৰধান হ'ব লাগে। ভাৰতৰ প্ৰাচীন
ৰাজযোগ প্ৰসিদ্ধ। পিতাই কয় - মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা তেতিয়া তোমালোকৰ
পাপ ভস্ম হ'ব। পিতা পতিত-পাৱন হয় গতিকে তেওঁৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব লাগে
তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এতিয়া বাস্তৱত তোমালোকে তেওঁৰ লগত বুদ্ধিৰ
যোগসূত্ৰ গঢ়ি আছা, ইয়াত যুদ্ধৰ কোনো কথা নাই। যিসকলে ভালদৰে পঢ়িব আৰু পিতাৰ সৈতে
বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব তেওঁলোকেই পিতাৰ পৰা উত্তৰাধিকাৰ পাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভাই ভাইৰ
দৃষ্টিৰ অভ্যাস কৰি লৌকিক বন্ধনত দায়িত্ব পালন কৰি চলিব লাগে। বৰ যুক্তিৰে চলিব লাগে।
বিকাৰী দৃষ্টি একেবাৰে যাব নালাগে। বিনাশৰ (হিচাপ নিষ্পত্তিৰ) সময়ত সম্পূৰ্ণ পাৱন
হ'ব লাগে।
(2) পিতাৰ পৰা
সম্পূৰ্ণ উত্তৰাধিকাৰ ল'বৰ কাৰণে ভালদৰে পঢ়িব লাগে আৰু পতিত-পাৱন পিতাৰ সৈতে
যোগসূত্ৰ গঢ়ি পাৱন হ'ব লাগে।
বৰদান:
নিজৰ
সম্পূৰ্ণতাৰ আধাৰত সময় সমীপত আনোঁতা মাষ্টৰ ৰচিয়তা হোৱা
সময় তোমালোকৰ ৰচনা,
তোমালোক হৈছা মাষ্টৰ ৰচিয়তা। ৰচিয়তা ৰচনাৰ আধাৰত নচলে। ৰচিয়তাই ৰচনাক অধিক কৰি লয়
সেই কাৰণে এনেকৈ কেতিয়াও নাভাবিবা যে সময়ে স্বতঃ সম্পূৰ্ণ কৰি দিব। তোমালোক
সম্পূৰ্ণ হৈ সময়ক সমীপত আনিব লাগে। এনেয়েও কোনো বিঘিনি আহিলে সময়ত আঁতৰি নিশ্চয় যাব
কিন্তু সময়ৰ আগতে পৰিৱৰ্তন শক্তিৰ দ্বাৰা সেয়া পৰিৱৰ্তন কৰি দিয়া - তেতিয়া তাৰ
প্ৰাপ্তি তোমালোকৰ হৈ যাব। সময়ৰ আধাৰত পৰিৱৰ্তন কৰিলে তাৰ প্ৰাপ্তি তোমালোকৰ নহ’ব।
স্লোগান:
কৰ্ম আৰু যোগৰ সন্তুলন ৰাখোঁতাজনেই সঁচা কৰ্মযোগী।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
যেতিয়ালৈকে
কৰ্মেন্দ্ৰিয়ৰ আধাৰ আছে তেতিয়ালৈকে কৰ্মটো কৰিবই লাগিব, কিন্তু কৰ্ম-বন্ধন নহয়,
কৰ্ম-সম্বন্ধ। জীৱনমুক্ত অৱস্থা অৰ্থাৎ সফলতাও অধিক আৰু কৰ্মৰ বোজাও নাই। যি মুক্ত
তেওঁ সদায় সফলতামূৰ্ত হয়। জীৱনমুক্ত আত্মাই সদায় নিচাৰে ক’ব যে বিজয় নিশ্চিন্ত,
সফলতা জন্মসিদ্ধ অধিকাৰ হয়।