15.02.26 Avyakt Bapdada
Assame
Murli 22.02.2009 Om Shanti Madhuban
“*“জন্মদিনত
তীব্ৰগতিৰে প্ৰথম বিভাগত আহিবলৈ প্ৰতিটো শ্বাস আৰু সংকল্প সমৰ্থ হওক, অন্তৰ বিশাল
আৰু সৎ হ’লে প্ৰতিটো প্ৰয়োজন পূৰণ হ'ব”*”
আজি বিন্দু পিতা নিজৰ
বীৰ সন্তানসকলক লগ কৰিবলৈ আহিছেহঁক। আজিৰ দিনটোত তোমালোক সকলোৱেও পিতাৰ লগতে নিজৰো
জন্মদিন পালন কৰিবলৈ আহিছা। গতিকে বাপদাদাই সকলো সন্তানক সন্মুখত বহি থকাই হওক বা
দূৰৈত বহিও অন্তৰৰ সমীপত থকাই হওক চাৰিওফালৰ সন্তানসকলক সৰ্ব সম্বন্ধৰে অভিনন্দন
জনাই আছে। তাৰ ভিতৰতো বিশেষকৈ পিতা, শিক্ষক আৰু সৎগুৰুৰ ৰূপত প্ৰতিপালন, পঢ়া আৰু
বৰদানৰ তিনিটা অভিনন্দন চাৰিওফালৰ সন্তানসকলক বিশেষভাৱে জনাই আছে। সকলো সন্তানলৈ
অভিনন্দন, অভিনন্দন, অভিনন্দন।
আজিৰ এই বিশেষ জন্মক
ভক্তসকলেও পালন কৰে, কিন্তু তোমালোক সন্তানসকলে জানা যে এই জন্মদিন পিতা আৰু
সন্তানসকলৰ অবিনাশী স্নেহৰ জন্মদিন। আৰম্ভণিৰ পৰা পিতা আৰু সন্তান একেলগে আছে, লগতে
বিশ্ব পৰিৱৰ্তনৰ কাৰ্যতো পিতা সন্তানসকলৰ লগত আছে, কিয়নো পিতা আৰু সন্তানৰ মাজত
বহুত বেছি স্নেহ আছে। এতিয়াও একেলগে আছে আৰু যেতিয়া নিজৰ ঘৰলৈ যাব লাগিব, তেতিয়াও
একেলগেই যাব লাগিব। পিতা সন্তানসকলৰ অবিহনে যাব নোৱাৰে আৰু সন্তানসকল পিতাৰ অবিহনে
যাব নোৱাৰে, কিয়নো আন্তৰিক স্নেহেৰে লগত আছে। ঘৰৰ পাছত যেতিয়া ৰাজ্যলৈ আহিবা,
তেতিয়াও পিতা ব্ৰহ্মাৰ সৈতে একেলগে ৰাজত্ব কৰিবা। গতিকে সকলো জন্মতকৈ এইটো জন্ম
আটাইতকৈ প্ৰিয় আৰু অনন্য। এইটো জন্মৰ যি মূল্য, সেয়া গোটেই কল্পৰ 84 জন্মতো নাই,
এনেকুৱা স্নেহী আৰু সান্নিধ্যৰ এইটো হীৰাতুল্য জন্ম। গতিকে তোমালোক সকলোৱে নিজৰ
জন্মদিন পালন কৰিবলৈ আহিছা নে পিতাৰ জন্মদিন পালন কৰিবলৈ আহিছা? নে পিতাই
সন্তানসকলৰ আৰু সন্তানসকলে পিতাৰ জন্মদিন পালন কৰিবলৈ আহিছে? চাৰিওফালৰ ভক্তসকলেও
শিৱজয়ন্তী বা শিৱৰাত্ৰি বুলি কৈ পালন কৰে, অতি মৰমেৰে পালন কৰে আৰু বাপদাদাই
ভক্তসকলক দেখি তেওঁলোককো ভক্তিৰ ফল দিয়ে। কিন্তু তোমালোকে পালন কৰা আৰু ভক্তসকলে
পালন কৰাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে ৰাত্ৰি পালন কৰে আৰু তোমালোকে অমৃতবেলা পালন
কৰা, অমৃতবেলা শ্ৰেষ্ঠ বেলা। অমৃতবেলাতে বাপদাদাই প্ৰতিগৰাকী সন্তানৰ জোলোঙা
বৰদানেৰে ভৰাই দিয়ে। সকলোৰে জোলোঙা বৰদানেৰে ভৰি আছে নহয়! নিতৌ বৰদাতা পিতাৰ পৰা
বৰদান পোৱাই যায়। এটি এটি সন্তানে বাপদাদাৰ পৰা কিমান যে বৰদান পাইছা, সেই বৰদানেৰে
জোলোঙা ভৰি আছে নহয়। গতিকে সকলো বৰ উৎসাহ-উদ্দীপনাৰে আহি উপস্থিত হৈ গৈছে। বাপদাদাও
সন্তানসকলক দেখি বহুত আনন্দিত হৈ আছে আৰু গীত গাই থাকে— বাঃ! সন্তান বাঃ!" সন্তানে
কয়— "বাঃ! বাবা বাঃ!" আৰু পিতাই কয়— "বাঃ! সন্তান বাঃ!" কিয়নো যিসকল পিতাৰ সন্তান
হৈছে, তেওঁলোক কোটিৰ ভিতৰত কেইটিমান আত্মা। বিশ্বত ইমান কোটি কোটি আত্মা আছে, কিন্তু
তাৰ মাজৰ পৰা যিসকলক পিতাই ভাগ্যৱান আৰু স্নেহী সন্তান বুলি কয়, সেই কোটিৰ মাজৰ
কেইটিমান সন্তান হ’লা তোমালোক। নিচা আছেনে যে আমিহে সেই কল্প কল্পৰ কোটিৰ মাজৰ
কেইটিমান সন্তান। কিমান ডাঙৰ ডাঙৰ পদ মৰ্যাদা থকা আত্মা বৰ্তমান সময়তো আছে, কিন্তু
পিতাক চিনি পিতাৰ জন্মদিন পালন কৰিবলৈ অহা চাৰিওফালৰ চিনি পোৱা সন্তান কোটিৰ মাজত
কেইটিমানহে। গতিকে এইটো আনন্দ আছে যে আমি কোটিৰ মাজত কেইটিমান! নিচা আছেনে? হাত দাঙা।
অবিনাশী নিচা আছে নহয়? কেতিয়াবা কেতিয়াবা হোৱা বিধৰ নহয়তো? সদায় আছে আৰু সদায় থাকিব।
মায়াইতো পৰীক্ষাতো লয়, অনুভৱ আছে নহয়? মায়াৰো পৰমাত্ম সন্তানসকলৰ প্ৰতি মৰম বেছি।
সন্তানসকলে জানে যে মায়াৰ পৰমাত্মা সন্তানসকলৰ সৈতে আদিৰ পৰা এতিয়ালৈকে সম্বন্ধ আছে।
মায়া আৰু পৰমাত্মা সন্তান— দুয়োৰে পৰস্পৰ সংযোগ আছে, কিন্তু মায়াৰ কাম হ’ল অহা আৰু
তোমালোক সন্তানসকলৰ কাম কি? মায়াক দূৰৰ পৰাই খেদি দিয়া। আহিবলৈ নিদিবা, নে আহিবলৈও
দিয়া? নহয়, দূৰৰ পৰাই খেদি পঠিওৱা। আহিবলৈ দিলে আকৌ মায়াৰ অহাৰ অভ্যাস হৈ যায়।
মায়ায়ো ভাবে যে আহিবলৈ দিয়ে নহয়, বলা যাওঁ। কিন্তু পিতাই দেখিবলৈ পায় যে কোনো কোনো
সন্তানে মায়াক আহিবলৈতো দিয়েই লগতে খাতিৰ-দাৰিও কৰে, চাহ-পানীও খুৱায়, কি খাতিৰ কৰে?
মায়াৰ প্ৰভাৱত আহি এইটোৱে ভাবে যে এতিয়াও অতি পলমৰ ফলক লগা নাই, এতিয়াতো সময় আছে।
পুৰুষাৰ্থ কৰি আছোঁ, গৈ পাই যাম। গতিকে মায়ায়ো ভাবে যে প্ৰথমেতো আহিবলৈ দিলে,
দ্বিতীয়তে তেওঁলোকে মোক সহযোগ দি আছে, খাতিৰ কৰি আছে। কোনো কোনো সন্তানে মায়াক চিনি
লয়, কিন্তু কোনো কোনো সন্তানে চিনি পোৱাতো ভুল কৰি দিয়ে। মায়াৰ মত নে পিতাৰ মত,
সেইটো চিনি নোপোৱা বাবে মায়াৰ প্ৰভাৱত আহি যায়। কিন্তু বাপদাদাই নিজৰ ভাগ্যৱান
মহাবীৰ বিজয়ী সন্তানসকলক কয় যে আহিবলৈ নিদিবা, এতিয়া আহিব আকৌ খেদি পঠিয়াবা, ইয়াত
সময় খৰচ নকৰিবা কিয়নো সময় কম আৰু তোমালোকৰ যি প্ৰতিশ্ৰুতি আছে— বিশ্ব পৰিৱৰ্তক হৈ,
বিশ্ব সেৱক হৈ বিশ্বৰ আত্মাসকলক পিতাৰ পৰিচয় দি মুক্তিৰ উত্তৰাধিকাৰ দিম, সেইটো
কাৰ্য এতিয়াও শেষ হোৱা নাই। সেইটো কাৰ্য সমাপ্ত কৰাতহে সময় দিব লাগে। যদি মায়াক খেদি
পঠিওৱাতেই সময় খৰচ কৰা, তেন্তে বিশ্ব পৰিৱৰ্তকৰ যি প্ৰতিশ্ৰুতি আছে সেয়া কেনেকৈ পূৰা
কৰিবা! পিতাৰ সংগী হোৱা নহয়! জন্মতেই প্ৰতিশ্ৰুতি দিছে যে এতিয়াও লগত থাকিব আৰু লগত
যাব... সেইবাবে এতিয়া পিতাৰ পৰা যি শক্তি পাইছা, সেই শক্তিসমূহৰ আধাৰত মায়াক দূৰৰ
পৰাই খেদি পঠিওৱা। ইয়াত সময় খৰচ নকৰিব। চোৱা 70 বছৰ ধৰি পুৰুষাৰ্থ কৰি আছা, এতিয়া
মায়া আহিব আৰু খেদি পঠিয়াবা - ইয়াৰ সময় নহয় কিয়নো জানাও, জ্ঞানৱানতো হোৱা নহয়!
গোটেই ড্ৰামাৰ জ্ঞান আছে, সেইবাবে জ্ঞানৱান সন্তানে এতিয়া সময় কিহত খৰচ কৰিব লাগে?
দুটা সম্পদ বহুত জমা কৰিব লাগে। কোন দুটা সম্পদ? এটা হ’ল সংকল্প আৰু দ্বিতীয়টো হ’ল
সময়। দুয়োটা সম্পদ মহান আৰু তোমালোক সকলোৱে জানা কিয়নো তোমালোক হৈছা জ্ঞানপূৰ্ণ
পিতাৰ জ্ঞানপূৰ্ণ সন্তান। মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা নহয়! ‘পূৰ্ণ’, ‘জ্ঞাত’ নহয়। কোনো
কোনো জ্ঞানী হয় কিন্তু জ্ঞানপূৰ্ণ নহয়। তোমালোক কোন? জ্ঞানপূৰ্ণ হোৱানে? হাত দাঙা।
জ্ঞানপূৰ্ণ নে জ্ঞানী? সকলো জ্ঞানপূৰ্ণ হোৱানে? হাত দাঙিলে, ভাল কথা। বাঃ! সম্পূৰ্ণ
জ্ঞান আহি গৈছে। মায়াক খেদি পঠিওৱাৰ জ্ঞান আছেনে? পিছৰফালে থকাসকলৰ আছেনে? ভাল কথা।
পতাকাবোৰ জোকাৰি আছে। মাতাসকলৰ আছেনে? মাতাসকল জ্ঞানপূৰ্ণ হোৱানে? ডবল বিদেশীসকল!
ডবল বিদেশীসকলেও পতাকা জোকাৰি আছে। ভাল কথা, চোৱা কিমান ধুনীয়া দৃশ্য। পতাকাবোৰতো
দেখিবলৈ ভাল লাগিছে। জ্ঞানপূৰ্ণ অৰ্থাৎ মায়াক দূৰৰ পৰাই খেদি পঠিওৱা। গতিকে তোমালোক
তেনেকুৱা নেকি? কাৰণ বাপদাদাই আগতেই কৈ দিছে যে সম্পদ জমা কৰাৰ বেংক কেৱল এই সময়ত
সংগযুগতেই আছে, পাছত গোটেই কল্পত জমা কৰাৰ বেংক আৰু পোৱা নাযাব। যিটো এতিয়া জমা
কৰিলা, সেয়া কামত আহি থাকিব। কিন্তু জমা কৰাৰ বেংক এতিয়া সঙ্গমযুগতহে খোলে, সেইবাবে
তোমালোকে কি কোৱা? সকলোকে বাৰ্তা শুনোৱা নহয় — এতিয়া নহলে কেতিয়াও নহয়। গতিকে
তোমালোক সকলোৰে স্মৃতিত আছে নহয় — এতিয়া নহ’লে কেতিয়াও নহয়। এইটো সদায় স্মৃতিত
থাকেনে? কিয়নো সংগমযুগৰ জন্মই আটাইতকৈ সৰু কিন্তু অমূল্য জন্ম। এই জন্মৰ মূল্য
গোটেই কল্পত থাকে। গতিকে পৰীক্ষা কৰানে যে মোৰ জমা পুঁজি কিমান আছে? যিমান বিচৰা
সিমান জমা হয়নে? কিয়নো বাপদাদাই আগতেই কৈ দিছে যে এতিয়া খোজ কঢ়াৰ সময় শেষ হ’ল, এতিয়া
উৰাৰ সময়। পুৰুষাৰ্থৰ সময় শেষ হ’ল এতিয়া তীব্ৰ পুৰুষাৰ্থৰ সময় আৰু সেয়াও অলপহে আছে।
সেইবাবে বাপদাদাই ডবল বিদেশীসকলক “ডবল তীব্ৰ পুৰুষাৰ্থী” উপাধি দিছে। কোৱা, ডবল
তীব্ৰ পুৰুষাৰ্থী হোৱানে? হাত দাঙা। ডবল তীব্ৰ পুৰুষাৰ্থী, দৃঢ়নে। বাৰু। বাপদাদাই
জন্মৰ অভিনন্দনৰ লগতে তোমালোকক শুভেচ্ছাও জনায়। পদম পদম গুণ অভিনন্দন, অভিনন্দন,
অভিনন্দন।
বাপদাদাই দেখিলে যে
বাপদাদাই 'অ’কে' ৰ যি ঘৰৰ কাম দিছিল, তাৰ প্ৰতি বহুত সন্তানে মনোযোগ দিছে। কিন্তু
100 নম্বৰ খুব কম সংখ্যকেহে পাইছে। 50 শতাংশ পোৱাৰ সংখ্যা বেছি। কিন্তু বাপদাদাই
এইটোৱে বিচাৰে, কওঁনে কি বিচাৰে? বাপদাদাৰ আশাৰ দীপক, আশা সম্পন্ন কৰোঁতা মহাবীৰ
সন্তানসকলৰ পৰা এইটোৱে আশা কৰে যে সময় অনুসৰি এতিয়াৰ পৰা বহুকালৰ তীব্ৰ পুৰুষাৰ্থৰ
খতিয়ান জমা নকৰিলে তেন্তে কেতিয়া কৰিবা! বাপদাদাই সময়ে সময়ে তিনিটা শব্দ সোঁৱৰাই
দিয়ে— এটা হ’ল অকস্মাৎ, দ্বিতীয়টো সদাপ্ৰস্তুত আৰু তৃতীয়টো বহুত সময়ৰ জমা পুঁজি,
কিয়নো বাপদাদাই বিচাৰে যে সন্তানসকল নিজৰ ৰাজ্যত প্ৰথম জন্মৰ পৰা 21 জন্মৰ অন্তলৈকে
সম্পূৰ্ণ ৰাজ্য-ভাগ্যৰ অধিকাৰী হওক। এতিয়াতো এইটো আনন্দ আছে নহয় যে নিজৰ ৰাজ্য অহাৰ
পথত। যেনেকৈ এতিয়া বাৰ্তা দিয়া যে পিতা আহিছে, তেনেকৈ এইটোও সুখবৰ দিয়া যে নিজৰ দৈৱী
ৰাজ্য, সুখ-শান্তিময় ৰাজ্য আহিবৰ হৈছে। গতিকে যেতিয়া সকলোকে এইটো বাৰ্তা দিয়া,
তেন্তে নিজৰ পুৰুষাৰ্থও তীব্ৰ আৰু বহুসময়ৰ বাবে জমা কৰা হ’ব লাগে। এই হিচাপটো
বহুকালৰ পৰা স্মৃতিত ৰাখা কিয়নো নতুন ঘৰতহে মজা আছে। যদি দুই-তিনিটা জন্মৰ পাছত আহা,
ঘৰৰ দুই-তিনি মাহ হৈ যায়, তেন্তে কি বুলি ক’ব? নতুন নে তিনি মাহ পুৰণি হৈ গৈছে?
গতিকে বাপদাদাই বিচাৰে যে বাপদাদাৰ প্ৰতিগৰাকী আদৰৰ সন্তান, বাঃ বাঃ সন্তান, পিতাৰ
অন্তৰ আসনধাৰী সন্তান, প্ৰথম জন্মত পিতা ব্ৰহ্মাৰ সংগী হৈ আহক। পছন্দ হৈছেনে? পছন্দ
হৈছেনে? পছন্দ হৈছেনে? ভাল কথা। তেন্তে কি কৰিব লাগিব? কৰিবওতো লাগিব নহয়। পছন্দতো
হৈছে, পিতাৰো পছন্দ হৈছে কিন্তু কি কৰিব লাগিব? এতিয়াৰ পৰা— যাওক যি পাৰ হৈ গ’ল সেয়া
পাৰ হৈ গ’ল, পিতাই ক্ষমা কৰি দিব। এতিয়াৰ পৰা জন্মদিনৰ উপহাৰ পিতাক কি দিবা? পিতাক
কিবাতো উপহাৰ দিবা নহয়। পিতাৰ জন্মদিন পালন কৰিবলৈ আহিছা, তেন্তে পিতাক কি উপহাৰ
দিবা? যিটো আশা পিতাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি আছে যে শেষত অহাসকলো প্ৰথম হ’ব পাৰে।
যিসকল প্ৰথমবাৰ আহিছা, তেওঁলোকে হাত দাঙা। বাৰু।
বাপদাদাই শেষত অহা
সকলো সন্তানক, প্ৰথম বাৰ অহাৰ পদম গুণ অভিনন্দন জনাই আছে। কিন্তু এটা ভাগ্যৰ কথাও
কৈ আছে যে ভাগ্য গঢ়াৰ সুযোগ এতিয়াও আছে কাৰণ এতিয়াও অতি পলম হোৱাৰ ফলক লগা নাই। যদি
কোনোবা শেষত অহাগৰাকীয়েও তীব্ৰ পুৰুষাৰ্থ কৰে তেন্তে শেষত আহিও তীব্ৰ পুৰুষাৰ্থৰে
প্ৰথম বিভাগত আহিব পাৰে। এক নম্বৰ নহয়, সেয়াটো প্ৰসিদ্ধ হৈ গ’ল, কিন্তু প্ৰথম
বিভাগত আহিব পাৰে। পছন্দ হৈছেনে? নতুনকৈ অহা সন্তানসকলৰ পছন্দ হৈছেনে? সুযোগ আছে,
বাপদাদাই আসন দি দিব কিন্তু কিবা কৰিবওতো লাগিব। প্ৰতিটো শ্বাসত, প্ৰতিটো সংকল্পৰ
প্ৰতি মনোযোগ— প্ৰতিটো শ্বাস, প্ৰতিটো সংকল্প সমৰ্থ হওক, ব্যৰ্থ যাতে নহয়, কাৰণ
তোমালোক আগতে অহাই হওক বা পাছত অহাই হওক, তোমালোকৰ উপাধি কি? সমৰ্থ সন্তান, দুৰ্বল
সন্তান নহয়। বাপদাদাই কি বুলি স্নেহ সহিত স্মৰণ কৰে? নিতৌ আদৰৰ, অতিকৈ মৰমৰ আৰু
অন্তৰ আসনধাৰী সন্তান বুলি স্নেহ সহিত স্মৰণ কৰে। সেয়েহে পিতাই এই সোণালী সুযোগ দি
আছে, লোৱাসকলে লৈ লোৱা। পিতাই দিব, বান্ধ খাই আছে। আছেনে কোনোবা তীব্ৰ পুৰুষাৰ্থী!
সুযোগ আছে। অতি পলম হোৱাৰ ফলক লাগি গ’লে সকলো শেষ। কিন্তু বাপদাদাক জন্মদিনৰ উপহাৰ
কি দিবা? জন্ম উৎসৱ পালন কৰিবলৈ আহিছা। বাপদাদাইতো তোমালোক জন্মদিনত সকলো সন্তানক
এটা বিশেষ উপহাৰ দিছে যে আজিৰ পৰা শেষলৈকে তোমালোকে যদি 90 শতাংশ তীব্ৰ পুৰুষাৰ্থ
কৰা তেন্তে পিতাই 10 শতাংশ বঢ়াই দিব। মঞ্জুৰনে? এতিয়া ব্যৰ্থ সমাপ্ত। যেনেকৈ চোৱা
সতযুগৰ দেৱতাসকল যেতিয়া আহে, তেওঁলোকে গম নাপায় যে ইয়াৰ ভাষা কি। পুৰুষাৰ্থ শব্দটি
ক’লে, তেওঁলোকে ক’ব পুৰুষাৰ্থ মানে কি! কাৰণ তেওঁলোক প্ৰালব্ধ ভোগ কৰোঁতা। তেনেকৈ
তোমালোক তীব্ৰ পুৰুষাৰ্থীসকলৰ সপোনত, সংকল্পত বা কৰ্মত— ব্যৰ্থ কি তাৰ সমাপ্তি হওক।
সাহস আছেনে? 10 শতাংশ পিতাই অনুগ্ৰহ হিচাপে দিব। মঞ্জুৰনে? হাত দাঙা। কিমান শতাংশ
দৃঢ়? 100 নহয় 101 শতাংশ, কিয়নো বাপদাদাৰ সন্তানসকলৰ অবিহনে আৰু সন্তানসকলৰ
সান্নিধ্য অবিহনে ভাল নালাগে। পিতাই ভাবে যে যেতিয়া 'মোৰ বাবা' বুলি কৈ দিলা আৰু
বাবাই 'মোৰ সন্তান' বুলি কৈ দিলে, তেন্তে পিতাৰ সমানতো হ’ব লাগিব। এতিয়া দৃঢ়
সংকল্পৰ প্ৰয়োজন। তোমালোকে কিতাপ ছপাইছা নহয়— দৃঢ় সংকল্পই সফলতাৰ চাবিকাঠী। গতিকে
সংকল্পবোৰ সাধাৰণ নকৰিবা। তোমালোক কোন? যদি ইয়াৰ ৰাষ্ট্ৰপতিয়ে সাধাৰণ আচৰণ কৰে,
তেন্তে ভাল লাগিব জানো? আৰু তোমালোক কোন? তোমালোকতো তিনিখন আসনৰ নিবাসী। আটাইতকৈ
ডাঙৰ আসন হ’ল বাপদাদাৰ অন্তৰ আসন। গতিকে অন্তৰ আসনধাৰীসকল প্ৰথম জন্মৰ সংগীতো হ’বই।
যদিও সিংহাসত এজন বহিব কিন্তু অভিজাত পৰিয়ালৰ ৰাজ্য অধিকাৰীতো হ’ব পাৰা। গতিকে সংগ
দিয়াসকল ঘৰলৈকে লগতে যাব। বাপদাদাই যেনেকৈ হ’লেও লৈ যাব। ঘূৰি-পকি নতুবা পোনপটীয়াকৈ
লৈ যাব কিন্তু লৈতো যাবই। তেন্তে ঘৰলৈ গৈ বহি যাবা নেকি? পিতা ব্ৰহ্মা গুচি যাব আৰু
তোমালোক বহি থাকিবা, ভাল লাগিব জানো? ৰাজযোগী হোৱা নহয়! নিজক কি উপাধি দিয়া আৰু আনকো
কি শিকোৱা? ৰাজযোগ নে প্ৰজাযোগ? অভিজাত প্ৰজা হ’লেও কিন্তু প্ৰজাযোগীতো নোহোৱা নহয়?
ৰাজযোগী হোৱা। গতিকে পিতাই তোমালোক সন্তানক দিয়া উপহাৰ সদায় স্মৃতিত থাকিবনে?
কেতিয়ালৈ? শেষলৈকে। বাপদাদাই দেখিছে পুৰুষাৰ্থ বহুত কৰে, বাপদাদাই যেতিয়া দেখে যে
সন্তানসকলে বহুত পৰিশ্ৰম কৰি আছে, তেতিয়া সন্তানসকলৰ পৰিশ্ৰম দেখি পিতাৰ ভাল নালাগে।
সেইবাবে প্ৰেমত থাকা তেতিয়া পৰিশ্ৰম শেষ হৈ যাব। 'মোৰ বাবা' গতিকে বাকী সকলো 'মোৰ'
সমাপ্ত। যেতিয়া “মোৰ বাবা” বুলি ক’লা তেন্তে বাকী অনেক ‘মোৰ’ তাত সমাপ্ত হৈ গ’ল নহয়।
এটা পুতলা থাকে নহয় য’ত এটাৰ ভিতৰত এটা থাকে। এটাৰ ভিতৰতে 10-12 টা সোমাই থাকে।
তেনেকৈ পুতলা সাজা এক 'মোৰ বাবা', 'মোৰ বাবা' বুলি কওঁতা হোৱা নহয়। “মোৰ বাবা” হয়
নহয়! মহৰথীসকলৰ বাবাতো নহয়! মোৰ বাবা। যেতিয়া “মোৰ বাবা” গতিকে হদৰ ‘মোৰ’ ‘তোমাৰ’
মাজত সমাহিত কৰা। 'মোৰ'ৰ পৰিৱৰ্তে 'তোমাৰ' বুলি কোৱা, কিমান পাৰ্থক্য আছে, ‘মোৰ’ আৰু
‘তোমাৰ’ মাজত কিমান পাৰ্থক্য আছে! ‘মো’ আৰু ‘তো’। এটা বৰ্ণৰ পাৰ্থক্য। গতিকে দৃঢ় হয়
নহয় মোৰ বাবা। দৃঢ়নে, কিমান শতাংশ? 100 শতাংশ, নে 100 আৰু এক? এনেকৈ এটা আঙুলি দাঙা।
যিসকলে 101 শতাংশ বুলি কোৱা তেওঁলোকে আঙুলি দাঙা। বাপদাদাই দেখি আছে। টি.ভি.তো দেখি
আছে। বাৰু।
চাৰিওফালৰ বাপদাদাৰ
অন্তৰ আসনধাৰী সন্তানসকল, চাৰিওফালৰ তীব্ৰ পুৰুষাৰ্থী সন্তানসকল, সকলোকে বাপদাদাই
যি উপহাৰ দিলে সেই উপহাৰ স্বীকাৰ কৰোঁতাসকল আৰু যিসকল সন্তানে সংকল্পৰ দ্বাৰা
বাপদাদাক উপহাৰ দিলে, সেই সংকল্প সদায় দৃঢ় কৰোঁতা এনেকুৱা দৃঢ় পুৰুষাৰ্থী, প্ৰতিজ্ঞা
কৰি প্ৰত্যক্ষ কৰা সকলো সন্তান, বাপদাদাৰ বহুত বহুত আন্তৰিক মৰম আৰু স্নেহপূৰ্ণ
স্মৰণ স্বীকাৰ কৰিবা আৰু সকলো সন্তানলৈ বাৰে বাৰে অভিনন্দন, অভিনন্দন, অভিনন্দন।
বৰদান:
অতিথিবোধৰ
বৃত্তিৰ দ্বাৰা প্ৰবৃত্তি শ্ৰেষ্ঠ আৰু স্থিতি উচ্চ কৰোঁতা সদায় অনাসক্ত হোৱা
যিসকলে নিজক অতিথি
বুলি ভাবি চলে, তেওঁলোক নিজৰ দেহৰূপী ঘৰটোৰ প্ৰতিও নিৰ্মোহী হৈ যায়। অতিথিৰ নিজৰ
বুলিবলৈ একো নাথাকে, তেওঁলোকে সকলো বস্তু কাৰ্যত লগাব কিন্তু তাত 'মোৰ' বোধ নাথাকিব।
তেওঁলোকে সকলো সাধন ব্যৱহাৰ কৰিও যিমান অনাসক্ত সিমান পিতাৰ মৰমৰ হৈ থাকে। দেহ,
দেহৰ সম্বন্ধ আৰু বৈভৱৰ পৰা সহজে অনাসক্ত হৈ যায়। যিমানে অতিথিবোধৰ বৃত্তি থাকে
সিমানে প্ৰবৃত্তি শ্ৰেষ্ঠ আৰু স্থিতি উচ্চ হৈ থাকে।
স্লোগান:
নিজৰ স্বভাৱ
নিৰ্মল কৰি তোলা, তেন্তে প্ৰতিটো খোজত সফলতা সমাহিত হৈ আছে।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
জগতৰ আগত এতিয়া এইটোৱে
বাস্তৱিকতা দেখুৱাব লাগে যে আমি সকলো এক, একৰস স্থিতিধাৰী। এজনৰ প্ৰেমত মগ্ন হৈ থকি
এজনৰ নাম প্ৰত্যক্ষ কৰোঁতা হওঁ, এতিয়া এই অনাসক্ত আৰু স্নেহীৰ সোণালী স্থিতিৰ পতাকা
উৰুৱা। সৰু হওক বা ডাঙৰ, অসুস্থ হওক বা সুস্থ হওক, মহৰথী হওক বা অশ্বাৰোহী হওক —
সকলো একমত হৈ সহযোগী হোৱা তেতিয়া সহজে সফলতা মূৰ্ত হৈ যাবা।