15.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া ঘৰলৈ উভতি যাব লাগে সেয়েহে দেহৰ লগতে দেহৰ সকলো সম্বন্ধ পাহৰি একমাত্ৰ পিতাক
স্মৰণ কৰা, এয়াই হৈছে সত্য ‘গীতা’ৰ সাৰ”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ সহজ পুৰুষাৰ্থ কি?
উত্তৰ:
পিতাই কয় - তোমালোক একেবাৰে চুপ হৈ থাকা, চুপ হৈ থাকিলেহে পিতাৰ উত্তৰাধিকাৰ ল’ব
পাৰিবা। পিতাক স্মৰণ কৰিব লাগে, সৃষ্টি চক্ৰ ঘূৰাই থাকিব লাগে। পিতাৰ স্মৃতিৰে
তোমালোকৰ বিকৰ্ম বিনাশ হ’ব, আয়ুস দীঘলীয়া হ’ব আৰু চক্ৰক জানিলে চক্ৰৱৰ্তী ৰজা হৈ
যাবা - এয়াই হৈছে সহজ পুৰুষাৰ্থ।
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই পুনৰাই বুজাই আছে। নিতৌ বুজনি দিয়ে।
সন্তানসকলেতো বুজি পায় যে যথাযথ আমি কল্প পূৰ্বেৰ দৰে ‘গীতা’ৰ জ্ঞান পঢ়ি আছোঁ।
কিন্তু শ্ৰীকৃষ্ণই নপঢ়ায়, পৰমপিতা পৰমত্মাই আমাক পঢ়ায়। তেৱেঁই আমাক পুনৰাই ৰাজযোগ
শিকাই আছে। তোমালোকে এতিয়া পোনপটীয়াকৈ ভগৱানৰ পৰা শুনি আছা। ভাৰতবাসীৰ সকলো ‘গীতা’ৰ
ওপৰতে নিৰ্ভৰ কৰে, সেই ‘গীতা’তো লিখা আছে যে ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিলে। এয়া যজ্ঞও হয়
লগতে পাঠশালাও হয়। পিতা আহি যেতিয়া সত্য ‘গীতা’ শুনায় তেতিয়া আমি সৎগতি লাভ কৰোঁ।
মনুষ্যই এয়া বুজি নাপায়। পিতা যিজন সকলোৰে সৎগতি দাতা, তেওঁকহে স্মৰণ কৰিব লাগে।
যদিও ‘গীতা’ পঢ়ি আহিছে কিন্তু ৰচয়িতা আৰু ৰচনাক নজনাৰ কাৰণে নাজানো নাজানো বুলি কৈ
আহিছে। সত্য ‘গীতা’তো সত্য পিতাহে আহি শুনায়, এয়া বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা।
যিসকল সেৱাত ব্ৰতী হৈ থাকিব তেওঁলোকৰ ধ্যান ভালকৈ থাকিব। বাবাই কৈছে - প্ৰত্যেক
চিত্ৰতে এনেকৈ নিশ্চয় লিখা থাকিব লাগে যে জ্ঞান সাগৰ পতিত-পাৱন, ‘গীতা’ৰ জ্ঞান দাতা
পৰমপ্রিয় পৰমপিতা, পৰমশিক্ষক, পৰম সৎগুৰু শিৱ ভগৱানুবাচ (ভগৱানৰ বাণী)। এনেকৈ
নিশ্চয় লিখিবা যাতে মনুষ্যই বুজি পায় - ত্ৰিমূৰ্তি শিৱ পৰমাত্মাহে গীতাৰ ভগৱান,
শ্ৰীকৃষ্ণ নহয়। মতামতো ইয়াৰ ওপৰতে লিখিবলৈ দিয়া হয়। আমাৰ মুখ্য হৈছে ‘গীতা’। পিতাই
দিনে-প্ৰতিদিনে জ্ঞানৰ নতুন নতুন সাৰকথা কথা শুনাই থাকে। এনেকুৱা খেয়াল আহিব নালাগে
যে আগতে বাবাই কিয় কোৱা নাছিল? ড্ৰামাত নাছিল। বাবাৰ মুৰুলীৰ পৰা নতুন নতুন সাৰ কথা
উলিয়াব লাগে। লিখাও হয় উত্থান আৰু পতন। হিন্দীত কোৱা হয় - ভাৰতৰ উত্থান আৰু পতন।
উত্থান দৈৱী কুলৰ স্থাপনা, 100 শতাংশ পৱিত্ৰ, শান্তি, সমৃদ্ধি স্থাপনা হয় আকৌ
আধাকল্পৰ পাছত পতন হয়। আসুৰি কুলৰ পতন। উত্থান আৰু স্থাপনা দৈৱী কুলৰ হয়। পতন
শব্দটিৰ লগত বিনাশ বুলিও লিখিব লাগে।
তোমালোকৰ সকলো
‘গীতা’ৰ ওপৰত নিৰ্ভৰ কৰে। পিতাহে আহি সত্য ‘গীতা’ শুনায়। পিতাই নিতৌ ইয়াৰ ওপৰতে
বুজায়। সন্তানসকলতো আত্মাই হয়। পিতাই কয় - এই দেহৰ সকলো বিস্তাৰ পাহৰি নিজক আত্মা
বুলি বুজা। যেতিয়া আত্মা শৰীৰৰ পৰা ভিন্ন হৈ যায় তেতিয়া সকলো সম্বন্ধ পাহৰি যায়।
গতিকে পিতায়ো কয় দেহৰ সকলো সম্বন্ধ এৰি নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা।
এতিয়া ঘৰলৈ উভতি যাব লাগে নহয়! আধাকল্প উভতি যোৱাৰ বাবেই ইমান ভক্তি আদি কৰিলা।
সত্যযুগততো কোনেও উভতি যোৱাৰ বাবে পুৰুষাৰ্থ নকৰে। তাততো সুখেই সুখ। গোৱাও হয় দুখত
সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। কিন্তু সুখ কেতিয়া হয়, দুখ কেতিয়া হয় - এয়া বুজি
নাপায়। আমাৰ সকলো কথাই গুপ্ত। আমিও আত্মিক মিলিটেৰী হওঁ নহয়। শিৱবাবাৰ শক্তি সেনা
হওঁ। ইয়াৰ অৰ্থও কোনে বুজিব নোৱাৰে। দেৱীসকলৰ ইমান পূজা কৰে কিন্তু কাৰো
জীৱনবৃত্তান্ত নাজানে। যাৰ পূজা কৰে, তেওঁৰ জীৱনবৃত্তান্ত জনা উচিত নহয় জানো!
উচ্চতকৈও উচ্চ হৈছে শিৱৰ পূজা তাৰ পাছত ব্ৰহ্মা-বিষ্ণু-শংকৰৰ তাৰ পাছত
লক্ষ্মী-নাৰায়ণৰ, ৰাধা-কৃষ্ণৰ মন্দিৰ আছে। আৰুতো অন্য কোনো নাই। এজন শিৱবাবাৰে
কিমান ভিন্ন ভিন্ন নাম ৰাখি মন্দিৰ নিৰ্মাণ কৰিছে। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই
চক্ৰৰ জ্ঞান আছে। ড্ৰামাত মুখ্য ভাৱৰীয়া থাকে নহয়। সেয়া হ'ল হদৰ ড্ৰামা। এয়া হ'ল
বেহদৰ ড্ৰামা। ইয়াত মুখ্য কোন কোন, এয়া তোমালোকে জানা। মনুষ্যই কৈ দিয়ে – ৰামজী এই
সংসাৰ কেতিয়াও ৰচনা কৰাই হোৱা নাছিল। ইয়াৰ ওপৰতো এখন শাস্ত্ৰ ৰচনা কৰিছে। অৰ্থ একোৱে
নুবুজে।
পিতাই তোমালোক
সন্তানসকলক বহুত সহজ পুৰুষাৰ্থ শিকাইছে। সকলোতকৈ সহজ পুৰুষাৰ্থ হ'ল - তোমালোক
একেবাৰে চুপ হৈ থাকা। চুপ হৈ থাকিলেহে পিতাৰ উত্তৰাধিকাৰ ল’ব পাৰিবা। পিতাক স্মৰণ
কৰিব লাগে। সৃষ্টি চক্ৰক স্মৰণ কৰিব লাগে। পিতাৰ স্মৃতিৰেই তোমালোকৰ বিকৰ্ম বিনাশ
হ’ব। তোমালোক নিৰোগী হৈ যাবা। আয়ুস দীঘলীয়া হ’ব। চক্ৰক জানিলে চক্ৰৱৰ্তী ৰজা হ’বাগৈ।
এতিয়া হৈছা নৰকৰ মালিক আকৌ স্বৰ্গৰ মালিক হ’বাগৈ। স্বৰ্গৰ মালিকতো সকলোৱে হয় কিন্তু
তাত পদমৰ্যাদা থাকে। যিমানে আনক নিজৰ সমানকৈ গঢ়ি তুলিবা সিমানে উচ্চ পদ পাবা। যদি
অবিনাশী জ্ঞান ৰত্নৰ দানেই নকৰা তেন্তে বিনিময়ত কিবা পাবা জানো? কোনোবা ধনৱান হ'লে
কোৱা হয় এওঁ পূৰ্বৰ জন্মত ভালকৈ দান-পুণ্য কৰিছিল। এতিয়া সন্তানসকলে জানে যে
ৰাৱণৰাজ্যততো সকলোৱে পাপেই কৰে, সকলোতকৈ পুণ্য আত্মা হৈছে শ্ৰী লক্ষ্মী-নাৰায়ণ।
অৱশ্যে হয়, ব্ৰাহ্মণসকলকো উচ্চত ৰখা হ’ব যিয়ে সকলোকে উচ্চ কৰি তোলে। সেয়াতো (লক্ষ্মী-নাৰায়ণ)
হৈছে প্ৰালব্ধ। এই ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ কুল ভূষণসকলে শ্রীমত অনুসৰি এইটো
শ্ৰেষ্ঠ কৰ্তব্য কৰে। ব্ৰহ্মাৰ নাম হৈছে মুখ্য। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয় নহয়।
এতিয়াতো তোমালোকে প্ৰতিটো কথাতে ত্ৰিমূৰ্তি শিৱ বুলি ক’বলগীয়া হয়। ব্ৰহ্মাৰ দ্বাৰা
স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ - এয়াতো গায়ন আছে নহয়। বিৰাট ৰূপো তৈয়াৰ কৰা হয়, কিন্তু
তাত শিৱকো নেদেখুৱায় আৰু ব্ৰাহ্মণকো নেদেখুৱায়। এয়াও তোমালোক সন্তানসকলে বুজাব লাগে।
তোমালোকৰ মাজতো যথাৰ্থ ৰীতিৰে কাচিৎহে কাৰোবাৰ বুদ্ধিত ধাৰণ হয়। অনেক সাৰ কথা নাই
জানো, যাক বিষয়বস্তু বুলিও কয়। কিমান বিষয়বস্তু পোৱা যায়। সত্য ‘গীতা’ ভগৱানৰ পৰা
শুনিলে মনুষ্যৰ পৰা দেৱতা, বিশ্বৰ মালিক হৈ যায়। বিষয়বস্তুবোৰ কিমান ভাল। কিন্তু
বুজাবলৈও জ্ঞান থাকিব লাগে নহয়। এইটো কথা স্পষ্টকৈ লিখিব লাগে যাতে মনুষ্যই বুজে আৰু
সোধে। কিমান সহজ। জ্ঞানৰ এটি এটি সাৰ কথা লাখ লাখ, কোটি কোটি টকা মূল্যৰ, যাৰ দ্বাৰা
তোমালোক কিহৰ পৰা কি হৈ যোৱা। তোমালোকৰ খোজে প্ৰতি পদম আছে সেয়েহে দেৱতাসকলকো পদুম
ফুলৰ সৈতে দেখুৱায়। তোমালোক ব্ৰহ্মা মুখ বংশাৱালী ব্ৰাহ্মণসকলৰ নামেই নোহোৱা কৰি
দিছে। সেই ব্ৰাহ্মণ লোকসকলে কাষলতিত শাস্ত্ৰ, গীতা পুথি লৈ ফুৰে। এতিয়া তোমালোক হৈছা
সঁচা ব্ৰাহ্মণ, তোমালোকৰ বুদ্ধিত আছে সত্যম্। তেওঁলোকৰ কাষলতিত আছে শাস্ত্ৰ। গতিকে
তোমালোকৰ নিচা থাকিব লাগে - আমিতো শ্রীমতত স্বর্গ ৰচি আছোঁ, পিতাই ৰাজযোগ শিকাই আছে।
তোমালোকৰ ওচৰত কোনো কিতাপ নাই। এই সাধাৰণ বেজটোৱে তোমালোকৰ সত্য ‘গীতা’, ইয়াত
ত্ৰিমূৰ্তিৰো চিত্ৰ আছে। গতিকে সকলো ‘গীতা’ ইয়াত আহি যায়। ছেকেণ্ডত গোটেই ‘গীতা’
বুজোৱা হয়। এই বেজৰ দ্বাৰা তোমালোকে ছেকেণ্ডত যিকোনো লোককে বুজাব পাৰা। এওঁ
তোমালোকৰ পিতা, এওঁক স্মৰণ কৰিলে তোমালোকৰ পাপ বিনাশ হ’ব। ট্ৰেইনত গ’লে,
চলোঁতে-ফুৰোঁতে যাকে লগ পোৱা, তোমালোকে তেওঁলোকক ভালদৰে বুজোৱা। কৃষ্ণপুৰীলৈতো
সকলোৱে যাব বিচাৰে। এই পঢ়াৰ দ্বাৰা এয়া হ’ব পাৰি। পঢ়াৰ দ্বাৰা ৰাজ্য স্থাপনা হয়।
অন্য কোনো ধৰ্ম প্ৰতিষ্ঠাপকে ৰাজ্য স্থাপনা নকৰে। তোমালোকে জানা - আমি ৰাজযোগ
ভৱিষ্যত 21 জন্মৰ কাৰণে শিকোঁ। কিমান ভাল পঢ়া। কেৱল নিতৌ এঘণ্টা পঢ়া। বচ্। সেই
পঢ়াতো সদায় 4-5 ঘণ্টাৰ কাৰণে পঢ়িব লাগে। ইয়াত এঘণ্টাই যথেষ্ঠ। সেয়াও ৰাতিপুৱাৰ
সময়চোৱা এনেকুৱা যে সকলো আজৰি হৈ থাকে। বাকী কোনোবা বন্ধনত থাকিলে, ৰাতিপুৱা আহিব
নোৱাৰিলে তেতিয়া অন্য সময় ৰখা হয়। য'লৈকে নোযোৱা বেজ লগাই ৰাখিব লাগে, এইটো বাৰ্তা
দি যোৱা। বাতৰি কাকতততো বেজ দিব নোৱাৰি, এপিঠিৰ দিব পৰা যায়। বুজাই নিদিলে মনুষ্যই
এনেকৈতো বুজিও নাপাব। হওঁতে বহুত সহজ। এইটো বেপাৰ যিকোনো লোকে কৰিব পাৰে। বাৰু, নিজে
স্মৰণ নকৰিলেও, অন্যক পিতাৰ স্মৃতি সোঁৱৰাই দিয়া। সেইটোও ভাল। অন্যক যদি কোৱা
আত্ম-অভিমানী হোৱা আৰু নিজে দেহ-অভিমানী হোৱা তেন্তে কিবা নহয় কিবা বিকৰ্ম হৈ থাকিব।
প্ৰথমে ধুমুহা মনত আহে, তাৰ পাছত কৰ্মত আহে। মনত বহুত আহিব, তেতিয়া বুদ্ধিৰে কাম
কৰিব লাগে, বেয়া কৰ্ম কেতিয়াও কৰিব নালাগে। ভাল কৰ্ম কৰিব লাগে। সংকল্প ভালো উদয় হয়,
বেয়াও উদয় হয়। বেয়া সংকল্পক বাধা দিব লাগে। এইটো বুদ্ধি (বোধ) পিতাই দিছে। অন্য
কোনেও বুজিব নোৱাৰে। তেওঁলোকেতো ভুল কৰ্মই কৰি থাকে। তোমালোকে এতিয়া শুদ্ধ কৰ্মহে
কৰিব লাগে। ভাল পুৰুষাৰ্থৰ দ্বাৰা শুদ্ধ কৰ্ম হয়। পিতাইতো প্ৰতিটো কথা বৰ ভালকৈ
বুজাই থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই এটি এটি
অবিনাশী জ্ঞান ৰত্ন লাখ লাখ, কোটি কোটি টকা মূল্যৰ, এয়া দান কৰি খোজে প্ৰতি পদমৰ
উপাৰ্জন জমা কৰিব লাগে। আনকো নিজৰ সমান কৰি গঢ়ি উচ্চ পদ ল’ব লাগে।
(2) বিকৰ্মৰ পৰা হাত
সাৰিবলৈ আত্ম-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰিব লাগে। মনত কেতিয়াবা বেয়া সংকল্প উদয়
হ’লে তাক বাধা দিব লাগে। ভাল সংকল্প কৰিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো
ওলোটা কৰ্ম কৰিব নালাগে।
বৰদান:
আত্মিকতাৰ
প্ৰভাৱেৰে ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্যা কৰোঁতা সকলোৰে স্নেহী হোৱা
যিসকল সন্তান সদায়
বাপদাদাৰ সান্নিধ্যত থাকে তেওঁলোকৰ এনেকৈ সংগৰ ৰং লাগে যে প্ৰত্যেকৰে চেহেৰাত
আত্মিকতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় যি আত্মিকতাত থাকিলে ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্চা
স্বতঃ হৈ যায়। যেনেকৈ সৌন্দৰ্য চৰ্চা কৰাৰ পাছত কোনোবা যেনেকুৱাই নহওঁক পৰিৱৰ্তন হৈ
যায়, সৌন্দৰ্য চৰ্চা কৰিলে সুন্দৰ লাগে। ইয়াতো ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্চাৰে জিলিকি
উঠিব আৰু এই আত্মিক সৌন্দৰ্য চৰ্চাই সকলোৰে স্নেহী কৰি তুলিব।
স্লোগান:
ব্ৰহ্মচৰ্য, যোগ তথা দিব্যগুণৰ ধাৰণাই হৈছে বাস্তৱিক পুৰুষাৰ্থ।
মাতেশ্বৰীজীৰ অমূল্য
মহাবাক্য
“কৰ্ম-বন্ধন সমাপ্ত
কৰাৰ পুৰুষাৰ্থ”
বহুত মনুষ্যই প্ৰশ্ন
সোধে যে আমি কি কৰা উচিত, কেনেকৈ নিজৰ কর্ম-বন্ধন সমাপ্ত কৰোঁ? এতিয়া প্ৰত্যেকৰে
জন্ম পত্ৰিকাতো পিতাই জানে। সন্তানসকলৰ কাম হৈছে এবাৰ নিজৰ অন্তৰেৰে পিতাৰ প্ৰতি
সমৰ্পিত হৈ যাওঁক, নিজৰ দায়িত্ব তেওঁৰ হাতত এৰি দিয়ক। তেতিয়া তেওঁ প্ৰত্যেককে চাই
ৰায় দিব যে তুমি কি কৰিব লাগে, সহায়ো বাস্তৱত ল’ব লাগে, বাকী এনেকুৱা নহয় যে কেৱল
শুনি থাকিবা আৰু নিজৰ মতত চলি থাকিবা। পিতা যিহেতু সাকাৰত আছে গতিকে সন্তানসকলেও
স্থূল ৰূপত পিতা, গুৰু, শিক্ষকৰ সহায় ল’ব লাগে। এনেকুৱাও নহয় যে আজ্ঞা পালা কিন্তু
পালন কৰিব নোৱাৰিলা তেতিয়া আৰুহে অকল্যাণ হৈ যাব। গতিকে আজ্ঞা পালন কৰিবলৈও সাহস থকা
উচিত, চলাওঁতাজনতো মনোৰঞ্জনকাৰী, তেওঁ জানে এওঁৰ কল্যাণ ক’ত আছে, তেতিয়া তেওঁ
সেইঅনুসৰি নিৰ্দেশনা দিব যে কেনেকৈ কৰ্ম-বন্ধন সমাপ্ত কৰিবা। কাৰো এনেকুৱা খেয়াল
আহিব নালাগে যে তেনেহ’লে সন্তানসকলৰ কি অৱস্থা হ’ব? ইয়াত কোনো ঘৰ-সংসাৰ ত্যাগ কৰাৰ
কথা নাই, এয়াতো ড্ৰামাত কিছু সংখ্যক সন্তানৰ ঘৰ-সংসাৰ এৰি অহাৰ ভূমিকা আছিল, যদিহে
এইটো ভূমিকা নাথাকিলহেঁতেন তেন্তে তোমালোকৰ এতিয়া যি সেৱা হৈ আছে সেয়া কোনে
কৰিলেহেঁতেন? এতিয়াতো এৰাৰ কোনো কথাই নাই, কিন্তু পৰমাত্মাৰ হৈ যোৱা, ভয় নাখাবা,
সাহস ৰাখা। বাকী যি ভয়-ভীত হয় তেওঁ নিজেও আনন্দিত হৈ নাথাকে আৰু পিতাৰো সহায়কাৰী
নহয়। ইয়াততো তেওঁৰ সৈতে পূৰা সহায়কাৰী হ’ব লাগে, যেতিয়া জীৱন্তে মৰি যায় তেতিয়াহে
সহায়কাৰী হ’ব পাৰে। ক’ৰবাত আৱদ্ধ হৈ গ’লে তেতিয়া পিতাই তেওঁক সহায় কৰি উদ্ধাৰ কৰিব।
গতিকে বাবাৰ সৈতে মন-বচন-কৰ্মৰে সহায়কাৰী হ’ব লাগে, এই ক্ষেত্ৰত অলপো যদি মোহৰ জৰী
থাকে তেন্তে জৰীয়ে বগৰাই পেলাব। গতিকে সাহসেৰে আগবাঢ়ি যোৱা। যদি সাহস ৰখাৰ ক্ষেত্ৰত
দুৰ্বল হৈ যায় তেতিয়া বিভ্ৰান্ত হৈ যায় সেয়েহে নিজৰ বুদ্ধিক একেবাৰে পৱিত্ৰ কৰি
তুলিব লাগে, বিকাৰৰ অংশ মাত্ৰও যাতে নাথাকে, লক্ষ্য দূৰৈত নাই, কেৱল আৰোহণৰ পথ অলপ
অকোৱা-পকোৱা, কিন্তু যদিহে সমৰ্থজনৰ সহায় লোৱা তেন্তে ভয়ো নাথাকে, ভাগৰো নালাগে।
ভাল বাৰু! ওঁম্ শান্তি।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোকৰ কথা আৰু
স্বৰূপ দুয়োটা একে হ’ব লাগে - কথা স্পষ্টও হওঁক আৰু সেয়া স্নেহ, নম্ৰতা আৰু মধুৰতাৰে
ভৰা হওঁক। তাত সত্যতাও থাকক লগতে স্বৰূপত নম্ৰতাও থাকক, এইটো ৰূপেৰে পিতাক
প্ৰত্যক্ষ কৰিব পাৰিবা। নিৰ্ভীক হোৱা কিন্তু কথা মৰ্যাদাৰ ভিতৰত হওঁক, তেতিয়া
তোমালোকৰ কথাবোৰ কঠোৰ নহয়, মধুৰ লাগিব।