15.04.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ স্বধৰ্ম হৈছে শান্তি, সঁচা শান্তি শান্তিধামত পাব পাৰি, এইটো কথা সকলোকে শুনাব লাগে, স্বধৰ্মত থাকিব লাগে”

প্ৰশ্ন:
কোনটো জ্ঞান এজন পিতাৰ আছে যিটো এতিয়া তোমালোকে পঢ়ি আছা?

উত্তৰ:
পাপ আৰু পুণ্যৰ জ্ঞান। ভাৰতবাসীয়ে যেতিয়া পিতাক গালি পাৰিবলৈ ধৰে, তেতিয়া পাপ আত্মা হয় আৰু যেতিয়া পিতাক আৰু ড্ৰামাখনক জানি যায়, তেতিয়া পুণ্য আত্মা হৈ যায়। এই পঢ়া তোমালোক সন্তানসকলে এতিয়াহে পঢ়া। তোমালোকে জানা সকলোকে সৎগতি দিওঁতা এজনেই পিতা। মনুষ্যই, মনুষ্যক সৎগতি অৰ্থাৎ মুক্তি-জীৱনমুক্তি দিব নোৱাৰে।

গীত:
ইছ পাপ কী দুনিয়া ছে….. (এই পাপৰ জগতৰ পৰা…..)

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায় যে এয়া হৈছে পাপ আত্মাসকলৰ জগত বা ভাৰতকহে ক'ব যে ভাৰত পুণ্য আত্মাসকলৰ জগত আছিল, য'ত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এইখন ভাৰত সুখধাম আছিল আৰু কোনো খণ্ড নাছিল, এখনেই ভাৰত আছিল। আৰাম অথবা সুখ সেই সত্যযুগত আছিল যাক স্বৰ্গ বুলি কয়। এয়া হৈছে নৰক। ভাৰতেই স্বৰ্গ আছিল, এতিয়া নৰক হৈ গ’ল। নৰকত আৰাম অথবা সুখ-শান্তি ক'ৰপৰা আহিল। কলিযুগক নৰক বুলি কোৱা হয়। কলিযুগৰ অন্তক আৰুহে ৰৌৰৱ নৰক বুলি কোৱা হয়। দুখধাম বুলি কোৱা হয়। ভাৰতহে সুখধাম আছিল, যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। ভাৰতবাসীৰ গৃহস্থ-ধৰ্ম পৱিত্ৰ আছিল। পৱিত্ৰতাও আছিল, সুখ-শান্তিও আছিল, সম্পত্তিও বহুত আছিল। এতিয়া সেই ভাৰতেই পতিত হৈ গ’ল, সকলো পতিত বিকাৰী হৈ গৈছে। এইখন হৈছে দুখধাম। ভাৰত সুখধাম আছিল। আৰু য'ত আমি আত্মাসকল নিবাস কৰোঁ – সেইখন হৈছে শান্তিধাম। শান্তি তাত শান্তিধামতহে পাব পাৰি। আত্মা শান্ত তাতহে হৈ থাকিব পাৰে, যাক মৰমৰ ঘৰ নিৰাকাৰী জগত বুলি কোৱা হয়। সেইখন হৈছে আত্মাসকলৰ ঘৰ। তাত যেতিয়া থাকে তেতিয়া আত্মা শান্তিত থাকে। বাকী শান্তি কোনো জংঘল আদিলৈ গ'লে পোৱা নাযায়। শান্তিধামতো সেইখনেই। সত্যযুগত সুখো আছে, শান্তিও আছে। ইয়াত দুখধামত শান্তি হ'ব নোৱাৰে। শান্তিধামত পাব পাৰে। সুখধামতো কৰ্ম হয়, শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলগীয়া হয়। এই দুখধামত এজনো মনুষ্য নাই, যাৰ সুখ-শান্তি থাকিব। এয়া হৈছে ভ্ৰষ্টাচাৰী পতিত ধাম, সেইবাবেতো পতিত-পাৱনক আহ্বান জনায়। কিন্তু সেইজন পিতাক কোনেও নাজানে সেয়েহে অনাথ হৈ গ’ল। অনাথ হোৱা কাৰণে পৰস্পৰ হাই-কাজিয়া কৰি থাকে। কিমান দুখ-অশান্তি, মৰামৰি। এইখন হয়েই ৰাৱণৰাজ্য। ৰামৰাজ্য বিচাৰে। ৰাৱণৰাজ্যত সুখো নাই আৰু শান্তিও নাই। ৰামৰাজ্যত সুখ-শান্তি দুয়োটা আছিল। পৰস্পৰ হাই-কাজিয়া নকৰিছিল, তাত 5 বিকাৰ নাথাকে। ইয়াত 5 বিকাৰ আছে। প্ৰথম হৈছে দেহ-অভিমান মুখ্য। পাছত কাম, ক্ৰোধ। ভাৰত যেতিয়া স্বৰ্গ আছিল তেতিয়া এই বিকাৰবোৰ নাছিল। তাত দেহী-অভিমানী হৈ আছিল। এতিয়া সকলো মনুষ্য দেহ-অভিমানী। দেৱতাসকল দেহী-অভিমানী আছিল। দেহ-অভিমান থকা মনুষ্যই কেতিয়াও কাকো সুখ দিব নোৱাৰে, ইজনে সিজনক দুখহে দিয়ে। এনেকৈ নাভাবিবা যে কোনোবা লাখপতি, কোটিপতি, পদমপতি হয় সেয়েহে সুখী। নহয়, এয়াতো সকলোবোৰ মায়াৰ জাকজমকতা। মায়াৰ ৰাজ্য। এতিয়া তাৰ বিনাশৰ কাৰণে এই মহাভাৰতৰ যুদ্ধ সন্মুখত ঠিয় হৈ আছে। ইয়াৰ পাছত পুনৰ স্বৰ্গৰ দ্বাৰ খুলিব। আধাকল্পৰ পাছত পুনৰ নৰকৰ দ্বাৰ খোলে। এই কথাবোৰ কোনো শাস্ত্ৰত উল্লেখ নাই। ভাৰতবাসীয়ে কয় - যেতিয়া ভক্তি কৰিম তেতিয়া ভগৱানক পাম। বাবাই কয় - যেতিয়া ভক্তি কৰি কৰি একেবাৰে তললৈ আহি যায়, তেতিয়া মই আহিবলগীয়া হয় - স্বৰ্গৰ স্থাপনা কৰিবলৈ অৰ্থাৎ ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিবলৈ। ভাৰত যি স্বৰ্গ আছিল, সেই ভাৰত নৰক কেনেকৈ হ'ল? ৰাৱণে কৰিলে। গীতাৰ ভগৱানৰ পৰা তোমালোকে ৰাজ্য পালা, 21 জন্ম স্বৰ্গত ৰাজত্ব কৰিলা। পুনৰ ভাৰত দ্বাপৰৰ পৰা কলিযুগত আহি গ'ল অৰ্থাৎ অৱৰোহণ কলা হৈ গ’ল সেয়েহে সকলোৱে আহ্বান জনাই থাকে - হে পতিত-পাৱন আহক। পতিত মনুষ্যই সুখ-শান্তি পতিত জগতত পাবই নোৱাৰে। কিমান দুখ সহ্য কৰে। আজি পইচা চুৰি হ'ল, আজি দেউলীয়া হ'ল, আজি ৰোগী হ'ল। দুখেই দুখ নহয় জানো। এতিয়া তোমালোকে সুখ-শান্তিৰ উত্তৰাধিকাৰ পাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা, পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। সৰ্বদা সুখী কৰি তোলোঁতাজন এজনেই পিতা। সৰ্বদা দুখী কৰি তোলোঁতাজন হৈছে ৰাৱণ। এই কথাবোৰ ভাৰতবাসীয়ে নাজানে। সত্যযুগত দুখৰ কথা নাথাকে। কেতিয়াও কান্দিবলগীয়া নহয়। সদায় সুখেই সুখ। তাত দেহ-অভিমান অথবা কাম, ক্ৰোধ আদি নাথাকে। যেতিয়ালৈকে 5 বিকাৰ দান নিদিয়া তেতিয়ালৈকে দুখৰ গ্ৰহণ আঁতৰিব নোৱাৰে। এনেকৈ কয় নহয় যে দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। এই সময়ত গোটেই ভাৰতত 5 বিকাৰৰ গ্ৰহণ লাগি আছে। যেতিয়ালৈকে 5 বিকাৰ দান নিদিয়ে তেতিয়ালৈকে 16 কলা সম্পূৰ্ণ দেৱতা হ'ব নোৱাৰে। পিতা হৈছে সকলোৰে সৎগতি দাতা। তেওঁ কয় গুৰু অবিহনে গতি নাই। কিন্তু গতিৰো অৰ্থ বুজি নাপায়। মনুষ্যৰ গতি-সৎগতি মানে মুক্তি-জীৱনমুক্তি। সেয়াতো পিতাইহে দিব পাৰে। এই সময়ত সকলোৰে সৎগতি হ'ব।

দিল্লীক নতুন দিল্লী, পুৰণা দিল্লী বুলি কয়। কিন্তু এতিয়া নতুনতো নহয়। নতুন বিশ্বত নতুন দিল্লী হয়। পুৰণি বিশ্বত পুৰণি দিল্লী। যথাযথ যমুনাৰ দাঁতি আছিল, দিল্লী পৰিস্তান আছিল। সত্যযুগ আছিল নহয়। দেৱী-দেৱতাসকলে ৰাজত্ব কৰিছিল। এতিয়াতো পুৰণি জগতত পুৰণি দিল্লী। নতুন জগতততো এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। ভাৰতবাসীয়ে এইটো পাহৰি গৈছে। নতুন ভাৰত, নতুন দিল্লী আছিল তেন্তে তেওঁলোকৰ ৰাজত্ব আছিল আৰু কোনো খণ্ড নাছিল। এইটো কোনেও নাজানে। চৰকাৰে এয়া নপঢ়ায়। জানে যে এয়াতো আধৰুৱা ইতিহাস। যেতিয়াৰ পৰা ইছলাম ধৰ্মী, বৌদ্ধ ধৰ্মী আহিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্যৰ বিষয়ে কোনেও গম নাপায়। এয়া পিতাইহে বহি বুজায় যে গোটেই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। যেতিয়া ভাৰত স্বৰ্গ আছিল তেতিয়া সোণালী যুগ আছিল। এতিয়া সেইখন ভাৰতকে চোৱা কি হৈ গ’ল। পুনৰ ভাৰতক হীৰাতুল্য কোনে কৰি তুলিব? পিতাই কয় - যেতিয়া তোমালোক বহুত পাপ আত্মা হৈ যোৱা তেতিয়া মই আহোঁ পুণ্য আত্মা কৰি তুলিবলৈ। এই ড্ৰামাখন ৰচি থোৱা আছে, যাক কোনেও নাজানে। এই জ্ঞান পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। জ্ঞানপূৰ্ণ পিতাহে হয়, তেওঁ আহি পঢ়ায়। মনুষ্যই, মনুষ্যক কেতিয়াও সৎগতি দিব নোৱাৰে। যেতিয়া দেৱী-দেৱতা আছিল তেতিয়া সকলোৱে ইজনে-সিজনক সুখ দিছিল। কোনোধৰণৰ বেমাৰ, ৰোগ নহৈছিল। ইয়াততো সকলো ৰোগী। এতিয়া পিতা আহিছে পুনৰাই স্বৰ্গ স্থাপন কৰিবলৈ। পিতাই স্বৰ্গ স্থাপন কৰে, ৰাৱণে নৰক স্থাপন কৰে। এয়া খেল যাক কোনেও নাজানে। শাস্ত্ৰৰ জ্ঞান হৈছে দৰ্শন, ভক্তিমাৰ্গ। সেয়া কোনো সৎগতিৰ মাৰ্গ নহয়। এয়া কোনো শাস্ত্ৰৰ দৰ্শন নহয়। পিতাই কোনো শাস্ত্ৰ নুশুনায়। ইয়াত হৈছে আধ্যাত্মিক জ্ঞান। পিতাক আধ্যাত্মিক পিতা বুলি কোৱা হয়। তেওঁ হৈছে আত্মাসকলৰ পিতা। পিতাই কয় - মই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ সেয়েহে জ্ঞানপূৰ্ণ হওঁ। এই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ আয়ুস কিমান। কেনেকৈ বৃদ্ধি হয় পুনৰ কেনেকৈ ভক্তিমাৰ্গ আৰম্ভ হয়, এয়া মই জানোঁ। তোমালোক সন্তানসকলক এই জ্ঞান দি স্বৰ্গৰ মালিক কৰি তোলোঁ পুনৰ তোমালোক মালিক হৈ যোৱা। এই জ্ঞান তোমালোকে এবাৰেই পোৱা আকৌ লুপ্ত হৈ যায় আকৌ সত্যযুগ, ত্ৰেতাত এই জ্ঞানৰ দৰকাৰ নাথাকে। এই জ্ঞান কেৱল তোমালোক ব্ৰাহ্মণসকলৰ আছে। দেৱতাসকলৰ এই জ্ঞান নাই। গতিকে পৰম্পৰাগতভাৱে এই জ্ঞান চলি আহিব নোৱাৰে। এয়া কেৱল তোমালোক সন্তানসকলে এবাৰেই প্ৰাপ্ত কৰা, যাৰ দ্বাৰা তোমালোক জীৱনমুক্ত হৈ যোৱা। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। তোমালোকৰ ওচৰলৈ বহুত আহে, কয় মনৰ শান্তি কেনেকৈ পাম। কিন্তু এনেকৈ কোৱাটো ভুল। মন-বুদ্ধি হৈছে আত্মাৰ ইন্দ্ৰিয়, যেনেকৈ শৰীৰৰ ইন্দ্ৰিয় আছে। আত্মাক পাথৰ বুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ পিতাহে আহি কৰি তোলে - যি সত্যযুগ ত্ৰেতালৈকে চলে। পুনৰ পাথৰবুদ্ধিৰ হৈ যায়। এতিয়া আকৌ তোমালোক পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ হৈ যোৱা। তোমালোকৰ যি পাৰসবুদ্ধি আছিল তাত খাদ মিহলি হৈ গ’ল। এতিয়া পুনৰ পাৰসবুদ্ধিৰ কেনেকৈ হ'বা? পিতাই কয়, হে আত্মাসকল মোক স্মৰণ কৰা। স্মৃতিৰ যাত্ৰাৰে তোমালোক পৱিত্ৰ হ'বা আৰু মোৰ ওচৰলৈ আহি যাবা। বাকী যিসকলে এনেকৈ কয় যে মনৰ শান্তি কেনেকৈ পাম? তেওঁলোকক কোৱা যে ইয়াত শান্তি কেনেকৈ হ'ব পাৰে। এয়া হৈছেই দুখধাম কিয়নো বিকাৰৰ প্ৰৱেশ ঘটিছে। এয়াতো বেহদৰ পিতাৰ পৰাহে উত্তৰাধিকাৰ পাব পাৰি। পুনৰ ৰাৱণৰ সংগ পালে পতিত হৈ যোৱা আকৌ পিতাৰ দ্বাৰা পাৱন হ'বলৈ এক চেকেণ্ড লাগে। এতিয়া তোমালোক আহিছা পিতাৰ পৰা জীৱনমুক্তিৰ উত্তৰাধিকাৰ ল'বলৈ। পিতাই জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিয়ে আৰু ৰাৱণে জীৱন বন্ধনৰ অভিশাপ দিয়ে সেয়েহে দুখেই দুখ। ড্ৰামাখনকো জানিব লাগে। দুখধামত কোনেও সুখ-শান্তি পাব নোৱাৰে। শান্তিতো আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম, শান্তিধাম হৈছে আত্মাসকলৰ ঘৰ। আত্মাই কয় - মোৰ স্বধৰ্ম শান্তি। এই (শৰীৰৰ) বাদ্য নবজাওঁ, বহি যাওঁ। কিন্তু কিমানলৈকে বহি থাকিম। কৰ্মতো কৰিবই লাগে নহয়। যেতিয়ালৈকে মনুষ্যই ড্ৰামাখনক নুবুজে তেতিয়ালৈকে দুখী হৈ থাকে। পিতাই কয়, মই হওঁৱেই গৰিবৰ ত্ৰাণকৰ্তা। ইয়ালৈ গৰিবসকলেই আহিব। চহকীসকলৰ কাৰণেতো স্বৰ্গ ইয়াতে আছে। তেওঁলোকৰ ভাগ্যত স্বৰ্গৰ সুখ নাই। পিতাই কয় - মই গৰিবৰ কল্যাণকাৰী। চহকীসকলক গৰিব আৰু গৰিবসকলক চহকী কৰি তোলোঁ। চহকীসকলে ইমান উচ্চ পদ পাব নোৱাৰে কিয়নো ইয়াত চহকীসকলৰ নিচা আছে। অৱশ্যে হয় প্ৰজাত আহি যাব। স্বৰ্গলৈতো নিশ্চয় আহিব। কিন্তু উচ্চ পদ গৰিবসকলে পায়। গৰিবসকল চহকী হৈ যায়। তেওঁলোকৰ (চহকীসকলৰ) দেহ-অভিমান আছে নহয় যে আমি ধনৱান। কিন্তু বাবাই কয় - এই ধন-সম্পত্তি সকলো মাটিত মিলি যাব। বিনাশ হৈ যাব, দেহী-অভিমানী হওঁতে বহুত পৰিশ্ৰম হয়। এই সময়ত সকলো দেহ-অভিমানী। এতিয়া তোমালোক দেহী-অভিমানী হ'ব লাগে। আত্মাই কয় - আমি 84 জন্ম পূৰ্ণ কৰিলোঁ। ড্ৰামা পূৰা হ'ল, এতিয়া উভতি যাব লাগে। এতিয়া কলিযুগৰ অন্ত, সত্যযুগৰ আদিৰ সংগম। পিতাই কয়, প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত ভাৰতক পুনৰাই হীৰাতুল্য কৰি তুলিবলৈ আহোঁ। এই ইতিহাস-ভূগোল পিতাইহে ক'ব পাৰে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা জীৱনমুক্তিৰ উত্তৰাধিকাৰ ল'বৰ কাৰণে পাৱন নিশ্চয় হ'ব লাগে। ড্ৰামাৰ জ্ঞান বুদ্ধিত ৰাখি দুখধামত থাকিও দু‍খৰ পৰা মুক্ত হ'ব লাগে।

(2) ধন-সম্পদ বা আঢ্যৱন্তৰ নিচা এৰি দেহী-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
বিকাৰৰ বংশৰ অংশও সমাপ্ত কৰোঁতা সৰ্ব সমৰ্পণ তথা নিমিত্ত হোৱা

যিয়ে পিছত বিপদৰ সময়ত প্ৰয়োজন হ’ব বুলি পুৰণা সংস্কাৰৰ সম্পত্তি একাষৰীয়া কৰি দিয়ে তেওঁলোকক মায়াই কিবা নহয় কিবা প্ৰকাৰে ধৰি লয়। পুৰণা ৰেজিষ্টাৰৰ সৰু টুকুৰাৰ পৰাও ধৰি ল’ব, মায়া বৰ তীক্ষ্ণ, মায়াৰ ‘কেচিং পাৱাৰ’ কোনো কম নহয় সেয়েহে বিকাৰৰ বংশৰ অংশও সমাপ্ত কৰা। অলপো কোনোবা কোণাত পুৰণা সম্পদৰ চিন যাতে নাথাকে - ইয়াকে সৰ্ব সমৰ্পণ, নিমিত্ত আৰু যজ্ঞৰ স্নেহী সহযোগী বুলি কোৱা হয়।

স্লোগান:
কাৰোবাৰ বিশেষত্বৰ বাবে তেওঁৰ প্ৰতি বিশেষ স্নেহ জন্মা - এয়াও আসক্তি।


অব্যক্ত ইংগিত: মহান হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা

মধুৰতাই হৈছে মহানতা, ইয়াৰ দ্বাৰা মন আৰু মুখৰ কটুতা সমাপ্ত হৈ যায়। ক্ৰোধৰ অগ্নি শীতল হৈ যায়। বাপাদাদাই তেওঁৰ প্ৰতিগৰাকী সন্তানক শীতল দেৱতা হিচাপে গঢ়িব বিচাৰে, সেইবাবে মধুৰতা গুণ ধাৰণ কৰা। তোমালোকৰ মুখো অৰ্থাৎ বাণীও যেন মধুৰ হয়। মধুৰতা গুণেৰে ভৰপূৰ হোৱা, যিয়েই সম্পৰ্কত আহে, তেওঁক মধুৰ বাণী আৰু শক্তিশালী দৃষ্টিৰে ভৰপূৰ কৰি দিয়া।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]