15.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এইখন সৃষ্টি এতিয়া কবৰস্থান হ'ব সেয়েহে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা,
পৰিস্তানক স্মৰণ কৰা”
প্ৰশ্ন:
তোমালোক গৰিব
সন্তানসকলৰ দৰে সৌভাগ্যশালী সৃষ্টিত কোনোৱেই নহয়, কিয়?
উত্তৰ:
কিয়নো তোমালোক গৰিব সন্তানসকলেহে পোনপটীয়াকৈ সেইজন পিতাৰ হ’লা যাৰ পৰা সৎগতিৰ
উত্তৰাধিকাৰ পোৱা যায়। গৰিব সন্তানসকলেহে পঢ়ে। ধনীসকলে যদি অলপ পঢ়েও, তথাপি
তেওঁলোকৰ পিতাৰ স্মৃতি কাচিৎহে থাকিব। তোমালোকৰতো অন্তিমত পিতাৰ বাহিৰে অন্য একোৱেই
স্মৃতিলৈ নাহিব সেয়েহে তোমালোক সকলোতকৈ সৌভাগ্যশালী।
গীত:
দিল কা চাহাৰা
টুট ন জায়ে….. (অন্তৰৰ আলম্বন যাতে নোহোৱা হৈ নাযায়……)
ওঁম্শান্তি।
সন্তানসকলৰ
প্ৰতি পিতাই বুজাই আছে আৰু সন্তানসকলে বুজি আছে যে যথাযথ এতিয়া এইখন জগত কবৰস্থান
হোৱাৰ সময়। প্ৰথমতে এইখন জগত পৰিস্তান আছিল, এতিয়া পুৰণা হৈ গ'ল সেয়েহে ইয়াক
কবৰস্থান বুলি কয়। সকলোৱে কবৰত সমাধিস্থ হ'ব লাগিব। পুৰণা বস্তু কবৰত সমাধিস্থ হয়
অৰ্থাৎ মাটিত মিলি যায়। এইটোও কেৱল তোমালোক সন্তানসকলে জানা, জগতৰ লোকে নাজানে।
কিছুমান বিদেশীয়ে গম পায় যে কবৰত সমাধিস্থ হোৱাৰ সময় পৰিলক্ষিত হয়। তোমালোক
সন্তানসকলেও জানা যে পৰিস্তান স্থাপন কৰোঁতা আমাৰ বাবাৰ পুনৰ আগমন হৈছে। সন্তানসকলে
এইটোও বুজি পায়, যদি এই কবৰস্থানৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখা তেন্তে লোকচান হৈ যাব।
এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ লৈ আছা, সেয়াও কল্প পূৰ্বৰ
দৰে। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত প্ৰতিটো খোজতে থাকিব লাগে, এয়াই মনমনাভৱ।
পিতাৰ স্মৃতিত থাকিলেহে পৰিস্তানী হ’বাগৈ। ভাৰত পৰিস্তান আছিল অন্য খণ্ড পৰিস্তান
নহয়। এয়া হ'ল মায়া ৰাৱণৰ পাম্প। এয়া আৰু অলপ সময় চলিব। এয়া হ'ল মিছা প্ৰদৰ্শন। মিছা
মায়া, মিছা কায়া হয় নহয়। এইটো অন্তিম সময়ৰ জাকজমকতা। ইয়াক দেখি ভাবে, স্বৰ্গতো
এতিয়াই, প্ৰথমে নৰক আছিল। ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি থাকে। এয়া 100 বছৰৰ
প্ৰদৰ্শন। টেলিফোন, বিজুলী, এৰোপ্লেন আদি এই সকলোবোৰ 100 বছৰৰ ভিতৰত উদ্ভাৱন হয়।
কিমান প্ৰদৰ্শন সেয়েহে ভাবে স্বৰ্গতো এতিয়াই হয়। পুৰণি দিল্লী কি আছিল? এতিয়া নতুন
দিল্লী কিমান ভালকৈ স্থাপনা হ’ল। নামেই ৰাখিছে নতুন দিল্লী। বাপুজীয়ে বিচাৰিছিল
নতুন সৃষ্টি ৰামৰাজ্য হওঁক, পৰিস্তান হওঁক। এয়াতো অস্থায়ী পাম্প, কিমান ডাঙৰ ডাঙৰ
অট্টালিকা, ফোৱাৰা আদি সাজে, ইয়াক কৃত্ৰিম স্বৰ্গ বুলি কোৱা হয়, অল্পকালৰ বাবে।
তোমালোকে জানা ইয়াৰ নাম কোনো স্বৰ্গ নহয়। ইয়াৰ নাম হৈছে নৰক। নৰকৰো প্ৰদৰ্শন আছে।
এয়া হ’ল অল্পকালৰ প্ৰদৰ্শন। এয়া এতিয়া নাশ হোৱাৰ পথত।
এতিয়া পিতাই
সন্তানসকলক কয় - এটাতো শান্তিধামক স্মৰণ কৰা। সকলো মনুষ্য মাত্ৰেই শান্তি বিচাৰি
থাকে, ক’ৰ পৰা শান্তি পাব? এতিয়া এইটো প্ৰশ্নতো গোটেই সৃষ্টিৰেই যে সৃষ্টিত শান্তি
কেনেকৈ হ’ব? মনুষ্যই এইটো গম নাপায় যে আমি সকলো বাস্তৱত শান্তিধামৰ নিবাসী। আমি
আত্মাসকল শান্তিধামত শান্ত হৈ থাকোঁ পুনৰ ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ। সেয়াও
তোমালোক সন্তানসকলে গম পোৱা। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা শান্তিধাম হৈ
সুখধামলৈ যাবলৈ। প্ৰত্যেকৰে বুদ্ধিত আছে যে আমি আত্মাসকল এতিয়া নিজৰ ঘৰ শান্তিধামলৈ
যাম। ইয়াততো শান্তিৰ কথা হ’ব নোৱাৰে। এয়া হৈছেই দুখধাম। সত্যযুগ পাৱন সৃষ্টি,
কলিযুগ হৈছে পতিত সৃষ্টি। এই কথাবোৰ এতিয়া তোমালোকৰ বোধগম্য হৈছে। জগতৰ লোকসকলেতো
একোৱেই নাজানে। তোমালোকৰ বুদ্ধিত উদয় হৈছে - বেহদৰ পিতাই আমাক সৃষ্টি চক্ৰৰ
আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। আকৌ কেনেকৈ ধৰ্ম প্ৰতিষ্ঠাপকসকল আহি ধৰ্ম প্ৰতিষ্ঠা কৰে।
এতিয়া সৃষ্টিত কিমান অনেক মনুষ্য আছে। ভাৰততো বহুত আছে, ভাৰত যেতিয়া স্বৰ্গ আছিল
তেতিয়া বহুত চহকী আছিল অন্য কোনো ধৰ্ম নাছিল। তোমালোক সন্তানসকলক নিতৌ সজীৱ কৰা হয়।
পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ভক্তিমাৰ্গতো এয়া চলি আহে। সদায় আঙুলি দেখুৱায় যে
পৰমাত্মাক স্মৰণ কৰা। পৰমাত্মা অথবা আল্লা তাত আছে। কিন্তু কেৱল এনেয়ে স্মৰণ কৰিলে
জানো কিবা হয়। তেওঁলোকে এইটোও গম নাপায় যে স্মৃতিৰে কি লাভ হ’ব! তেওঁৰ লগত আমাৰ কি
সমন্ধ? নাজানেই। দুখৰ সময়ত মিনতি কৰে – হে ৰাম... আত্মাই স্মৰণ কৰে। কিন্তু তেওঁলোকে
এইটো গম নাপায় যে সুখ-শান্তি কাক কোৱা হয়। তোমালোকৰ বুদ্ধিত উদয় হয় যে আমি সকলো এজন
পিতাৰ সন্তান তেন্তে আকৌ দুখ কিয় হ’ব লাগে? বেহদৰ পিতাৰ পৰা সদায় সুখৰ উত্তৰাধিকাৰ
পাব লাগে। এইটোও চিত্ৰত স্পষ্টকৈ আছে। ভগৱান হৈছেই স্বৰ্গৰ স্থাপনা কৰোঁতা,
স্বৰ্গীয় ঈশ্বৰ পিতা। তেওঁ আহেও ভাৰততেই। কিন্তু এইটো কোনেও বুজি নাপায়। দেৱী-দেৱতা
ধৰ্মৰ প্ৰতিষ্ঠা নিশ্চয় সংগমতেই হ’ব, সত্যযুগত কেনেকৈ হ’ব! কিন্তু এই কথাবোৰ অন্য
ধৰ্মৰসকলে নাজানে। পিতাহে জ্ঞানপূৰ্ণ, তেওঁ বুজায় - আদি সনাতন দেৱী দেৱতা ধৰ্ম
কেনেকৈ প্ৰতিষ্ঠা হ’ল। সত্যযুগৰ আয়ুস লাখ লাখ বছৰ বুলি কোৱাৰ কাৰণে বহুত দূৰ কৰি
দিয়ে। তোমালোক সন্তানসকলে চিত্ৰৰ ওপৰতেই বুজাব লাগে। ভাৰতত এই লক্ষ্মী-নাৰয়ণৰ ৰাজ্য
আছিল। এওঁলোকে কেনেকৈ, কেতিয়া এই ৰাজ্য পালে, এইটো নাজানে। কেৱল কয় – এওঁলোক
সত্যযুগৰ মালিক আছিল। তেওঁলোকৰ আগত গৈ ভিক্ষা মাগে তেতিয়া অলপ সময়ৰ কাৰণে কিবা নহয়
কিবা পাই যায়। কোনোবাই দান-পুণ্য কৰে, তেওঁলোকেও অলপ সময়ৰ কাৰণে ফল পাই যায়। গৰিব
পঞ্চায়তৰ মুখীয়ালৰো ইমানেই আনন্দ থাকে, যিমান চহকী মুখীয়ালৰ থাকে। গৰিবসকলেও নিজক
সুখী বুলি ভাবে। বোম্বাইত (এতিয়া মুম্বাই) চোৱা, গৰিব লোকসকল কেনেকুৱা কেনেকুৱা
স্থানত থাকে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা - যদিও কোটিপতি কিন্তু কিমান দুখী।
তোমালোকে ক’বা, আমাৰ নিচিনা সৌভাগ্যশালী আৰু কোনো নাই। আমি পোনপটীয়াকৈ পিতাৰ হৈছোঁ,
যাৰ পৰা সৎগতিৰ উত্তৰাধিকাৰ পোৱা যায়। ডাঙৰ ডাঙৰ ব্যক্তিসকলে কেতিয়াও উচ্চ পদ পাব
নোৱাৰে। যিসকল গৰিব তেওঁলোক চহকী হৈ যায়। তোমালোকে পঢ়া, তেওঁলোকেতো নপঢ়ে। খুব বেছি
অলপ পঢ়িলেও তেতিয়াও পিতাৰ স্মৃতিত থাকিব নোৱাৰে। অন্তিমত তোমালোকৰ পিতাৰ বাহিৰে
বেলেগ একোৱেই স্মৃতিত থাকিব নালাগে। তোমালোকে জানা এই সকলোবোৰ কবৰস্থান হ’ব।
বুদ্ধিত থাকিব লাগে যে এয়া আমি যি বেপাৰ কৰোঁ সেয়া অলপ সময়ৰ কাৰণে। ধনৱান লোকসকলে
ধৰ্মশালা আদি নিৰ্মাণ কৰে। তেওঁলোকে কোনো বেপাৰৰ কাৰণে নিৰ্মাণ নকৰে। য’ত তীৰ্থ আছে
ত’ত ধৰ্মশালা নাথাকিলে ক’ত থাকিব, সেইকাৰণে চহকী লোকসকলে ধৰ্মশালা নিৰ্মাণ কৰে।
এনেকুৱা নহয় যে বেপাৰীলোকসকলে আহি বেপাৰ কৰিব। ধৰ্মশালা তীৰ্থস্থানবোৰত নিৰ্মাণ কৰা
হয়। এতিয়া তোমালোকৰ সেৱাকেন্দ্ৰ হৈছে আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ। তোমালোকৰ সেৱাকেন্দ্ৰ
য’তে-ত’তে আছে সেইবোৰ আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ, য’ৰ পৰা মনুষ্যই সুখ-শান্তি পায়।
তোমালোকৰ এই গীতা পাঠশালা অতি শ্ৰেষ্ঠ। এয়া হৈছে উপাৰ্জনৰ উৎস, ইয়াৰ পৰা তোমালোকৰ
বহুত আমদানী হয়। তোমালোক সন্তানসকলৰ কাৰণে এয়াও ধৰ্মশালা। আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ।
তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা। ইয়াতকৈ শ্ৰেষ্ঠ তীৰ্থ একো নাই।
সেই তীৰ্থলৈ গ’লে তোমালোকৰ একো প্ৰাপ্তি নহয়। এয়াও তোমালোকে বুজি পোৱা। ভক্ত লোকসকলে
বহুত প্ৰেমেৰে মন্দিৰ আদিত চৰণামৃত লয়। ভাবে যে তাৰ দ্বাৰা আমাৰ হৃদয় পৱিত্র হৈ যাব।
কিন্তু সেয়াতো পানীহে। ইয়াততো পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰ লাভ
কৰিবা। এতিয়া বেহদৰ পিতাৰ পৰা তোমালোকে অবিনাশী জ্ঞান ৰত্নৰ সম্পদ লাভ কৰা। বেছিভাগ
ক্ষেত্ৰতে শংকৰৰ ওচৰলৈ যায়, ভাবে যে অমৰনাথে পাৰ্ৱতীক কথা শুনালে, তেতিয়া কয় -
জোলোঙা ভৰাই দিয়া.... তোমালোকে অবিনাশী জ্ঞান ৰত্নৰে জোলোঙা ভৰোৱা। বাকী অমৰনাথে
জানো কোনোবা এজনক বহি কথা (কাহিনী) শুনাব। নিশ্চয় বহুত থাকিব আৰু সেয়াও
মৃত্যুলোকতেই হ’ব। সূক্ষ্মলোকততো কথা শুনোৱাৰ প্ৰয়োজনেই নাই। অনেক তীৰ্থ নিৰ্মাণ
কৰিছে। সাধু-সন্ত, মহাত্মা আদি অনেক যায়। অমৰনাথলৈ লাখ লাখ লোক যায়। কুম্ভ মেলাত
গঙ্গা স্নান কৰিবলৈ সকলোতকৈ অধিক যায়। ভাবে যে আমি পাৱন হৈ যাম। প্ৰকৃততে কুম্ভ মেলা
হৈছে এয়া। সেই মেলাতো জন্ম-জন্মান্তৰ কৰি আহিছে। কিন্তু পিতাই কয় - ইয়াৰ দ্বাৰা
নিজৰ ঘৰলৈ কোনেও উভতি যাব নোৱাৰে কাৰণ যেতিয়া আত্মা পৱিত্ৰ হ’ব তেতিয়াহে যাব পাৰিব।
কিন্তু অপৱিত্ৰ হোৱাৰ বাবে সকলোৰে ডেউকা ভাঙি গৈছে। আত্মাই ডেউকা পাইছে, যোগত থাকিলে
আত্মাই আটাইতকৈ বেগত উৰে। কাৰোবাৰ হিচাপ-নিকাচ লণ্ডনত, আমেৰিকাত থাকিলে ততালিকে উৰি
যাব। তাত চেকেণ্ডত গৈ উপস্থিত হয়। কিন্তু মুক্তিধামলৈতো যেতিয়া কৰ্মাতীত হ’ব
তেতিয়াহে যাব পাৰিব, তেতিয়ালৈকে ইয়াতেই জন্ম-মৃত্যুত আহে। যেনেকৈ ড্ৰামা টিক্-টিক্কৈ
চলি থাকে। আত্মাও এনেকুৱা, টিক্ হ’ল আত্মা গ’ল। আত্মাৰ দৰে বেগী আৰু একো বস্তু
নাথাকে। অনেক আত্মা মূললোকলৈ যাব। আত্মাক ইয়াৰ পৰা তালৈ যাবলৈ সময় নালাগে। মনুষ্যই
এই কথাবোৰ নুবুজে। তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয় যে নতুন সৃষ্টিত নিশ্চয় কম
আত্মা থাকিব আৰু তাত বহুত সুখী হ’ব। সেই আত্মাসকলেই এতিয়া 84 জন্ম ভোগ কৰি বহুত দুখী
হৈছে। তোমালোকে গোটেই চক্ৰৰ বিষয়ে গম পাইছা। তোমালোকৰ বুদ্ধি চলে আৰু কোনো মনুষ্য
মাত্ৰৰ বুদ্ধি নচলে। প্ৰজাপিতা ব্ৰহ্মাৰো গায়ন কৰা হৈছে। কল্প পূৰ্বেও তোমালোক
এনেকৈয়ে ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হৈছিলা। তোমালোকে জানা যে আমি প্ৰজাপিতা
ব্ৰহ্মাৰ সন্তান। আমাৰ দ্বাৰা বাবাই স্বৰ্গৰ স্থাপনা কৰাই আছে। যেতিয়া পুৰুষাৰ্থৰ
ক্ৰম অনুসৰি যোগ্য হৈ যাবা তেতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ’ব। ত্ৰিমূৰ্তিৰো ইয়াতেই
গায়ন কৰা হৈছে। ত্ৰিমূৰ্তিৰ চিত্ৰও ৰাখে। তাত শিৱক নেদেখুৱায়। কোৱাও হয় - ব্ৰহ্মাৰ
দ্বাৰা স্থাপনা, কোনে কৰায়? শিৱবাবাই। বিষ্ণু দ্বাৰা প্ৰতিপালন। তোমালোক
ব্ৰাহ্মণসকল এতিয়া দেৱতা হ’বৰ বাবে যোগ্য হৈ আছা। এতিয়া তোমালোকে সেই ভূমিকা পালন
কৰি আছা। কল্পৰ পাছত পুনৰ পালন কৰিবা। তোমালোক পৱিত্ৰ হোৱা। কোৱা - বাবাৰ আদেশ হৈছে
কাম ৰূপী শত্ৰুক জিনা, মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। বহুত সহজ।
ভক্তিমাৰ্গত তোমালোক সন্তানসকলে বহুত দুখ দেখিছা। যি অলপ সুখ পোৱা সেয়াও অল্পকালৰ
বাবে। ভক্তিত সাক্ষাৎকাৰ হয়। সেয়াও অল্পকালৰ বাবে তোমালোকৰ মনোকামনা পূৰ্ণ হয়, এয়া
যি সাক্ষাৎকাৰ হয় সেয়াও মই কৰাওঁ। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যি অতীত হৈ গ’ল সেয়া
চেকেণ্ডৰ পাচত চেকেণ্ড, ড্ৰামাৰ দৃশ্যগ্ৰহণ কৰা আছে। এনেকৈ নকয় - এয়া এতিয়া
দৃশ্যগ্ৰহণ হ’ল। নহয়, এয়াতো অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। যিমান ভাৱৰীয়া আছে সকলোৰে
ভূমিকা অবিনাশী। মোক্ষ কোনেও নাপায়। সন্ন্যাসী লোকে কয় - আমি লীন হৈ যাওঁ। পিতাই
বুজায় - তোমালোক অবিনাশী আত্মা। আত্মা বিন্দু হয়, ইমান সূক্ষ্ম বিন্দুতেই 84 জন্মৰ
ভূমিকা নিহিত হৈ আছে। এই চক্ৰ চলিয়েই থাকে। যিসকলে পোন-প্ৰথমে ভূমিকা পালন কৰিবলৈ
আহে, তেওঁলোকেই 84 জন্ম লয়। সকলোৱেতো ল’ব নোৱাৰে। তোমালোকৰ বাহিৰে অন্য কাৰো
বুদ্ধিত এই জ্ঞান নাই। জ্ঞানৰ সাগৰ এজনেই পিতা। তোমালোকে জানা আমি পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই আমাক পতিতৰ পৰা পাৱন কৰি তোলে। সুখ আৰু শান্তিৰ
উত্তৰাধিকাৰ দিয়ে। সত্যযুগত দুখৰ নাম-চিহ্ন নাথাকে। পিতাই কয় – আয়ুস্মান ভৱ, ধনৱান
ভৱ…. নিবৃত্তি মাৰ্গৰসকলে এনেকৈ আশীৰ্বাদ দিব নোৱাৰে। তোমালোক সন্তানসকলে পিতাৰ পৰা
উত্তৰাধিকাৰ পাই আছা। সত্যযুগ ত্ৰেতা হৈছে সুখধাম। পুনৰ দুখ কেনেকৈ হয়, এয়াও কোনেও
নাজানে। দেৱতাসকল বাম (বিকাৰী) মাৰ্গত কেনেকৈ যায়, সেই চিহ্নসমূহ আছে। জগন্নাথ
পুৰীত দেৱতাসকলৰ চিত্ৰ, মুকুট আদি পৰিধান কৰি থকা দেখুৱায় আকৌ লেতেৰা চিত্ৰও তৈয়াৰ
কৰিছে সেইকাৰণে তেওঁৰ মূৰ্ত্তিও ক’লা বৰণীয়া কৰি ৰাখিছে, যাৰ দ্বাৰা সিদ্ধ হয় যে
দেৱতাসকল বাম মাৰ্গত যায় তেতিয়া শেষত একেবাৰে ক’লা হৈ যায়। এতিয়া তোমালোকে জানা,
ভাৰত কিমান সুন্দৰ আছিল পুনৰ ড্ৰামাৰ পৰিকল্পনা অনুসৰি তমোপ্ৰধান হ’বই। এতিয়া সংগমত
তোমালোকৰ এই জ্ঞান আছে। পিতা হৈছে জ্ঞানপূৰ্ণ। তোমালোকৰ এজনেই পিতা, শিক্ষক, গুৰু
তিনিও হয়। এইটো সদায় বুদ্ধিত থাকিব লাগে, শিৱবাবাই আমাক পঢ়ায়। এয়া হৈছে বেহদৰ পঢ়া,
যাৰ দ্বাৰা তোমালোক জ্ঞানপুৰ্ণ হৈ গৈছা। তোমালোকে সকলো জানা। তেওঁলোকে কয় -
সৰ্বব্যাপি, তোমালোকে কোৱা তেওঁ পতিত-পাৱন। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। এতিয়া
তোমালোক ক্ৰমানুসৰি মাষ্টৰ জ্ঞানপূৰ্ণ হৈছা। যি পিতাৰ ওচৰত আছে সেয়া তোমালোকক শিকায়।
তোমালোকেও এয়া সকলোকে কোৱা, পিতাক স্মৰণ কৰা তেন্তে 21 জন্মৰ বাবে উত্তৰাধিকাৰ পাবা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজে সজীৱ
হৈ আনকো সজীৱ কৰিবলৈ পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিব লাগে আৰু সকলোকে স্মৃতি
সোঁৱৰাই দিব লাগে।
(2) এই পুৰণি জগতৰ
প্ৰতি, এই কৱৰস্থানৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। শান্তিধাম, সুখধামক স্মৰণ
কৰিব লাগে। নিজক দেৱতা হোৱাৰ যোগ্য কৰি তুলিব লাগে।
বৰদান:
ঈশ্বৰীয়
কৰ্তৃত্বৰ দ্বাৰা সংকল্প আৰু বুদ্ধিক আদেশ অনুসৰি চলাওঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা
যেনেকৈ স্থূল হাত ভৰি
একেবাৰে সহজ ৰীতিৰে, য’তে বিচৰা ত’তে সঞ্চালন কৰা বা কৰ্মত প্ৰয়োগ কৰা তেনেকৈ
সংকল্প বা বুদ্ধি য’ত স্থিৰ কৰিব বিচৰা ত’ত স্থিৰ কৰিব পৰা – ইয়াকে ঈশ্বৰীয়
কৰ্তৃত্ব বুলি কোৱা হয়। যেনেকৈ বাণীত অহাতো সহজ তেনেকৈ বাণীৰ সিপাৰে যোৱাটোও
সিমানেই সহজ হওঁক, এইটো অভ্যাসেৰে সাক্ষাৎকাৰ মূৰ্ত হৈ যাবা। সেয়েহে এতিয়া এইটো
অভ্যাস সহজ আৰু নিৰন্তৰ কৰি তোলা তেতিয়া মাষ্টৰ সৰ্বশক্তিমান বুলি কোৱা হ’ব ।
স্লোগান:
স্ব-স্থিতি শক্তিশালী হ’লে তেতিয়া পৰিস্থিতি তাৰ আগত একোৱেই নহয়।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
তোমালোকৰ একৰস
আৰু অবিচলিত স্থিতিৰেই স্মাৰক হৈছে এই অচলঘৰ। যেনেকৈ বাপাদাদা একৰস হৈ থাকে, তেনেকৈ
সন্তানসকলকো একৰস হৈ থাকিব লাগে। যেতিয়া কেৱল এজনৰেই ৰসত থাকিবা তেতিয়া একৰস
অৱস্থাত থাকিবা। 'কিয়' শব্দৰ চিন অৰ্থাৎ প্ৰশ্নবোধক চিহ্ন সকলোতকৈ বেঁকা। যেতিয়া
'কিয়', 'কি' আদি শব্দ আঁতৰি যাব তেতিয়া ড্ৰামাৰ নিয়তিৰ ওপৰত একৰস আৰু স্থিৰ হৈ
থাকিব পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]