15.06.25    Avyakt Bapdada     Assame Murli     30.11.2005     Om Shanti     Madhuban


“*“সময়ৰ সমীপতা অনুসৰি নিজক হদৰ বন্ধনৰ পৰা মুক্ত কৰি সম্পন্ন আৰু সমান হোৱা”*”


আজি চাৰিওফালৰ সম্পূৰ্ণ সমান সন্তানসকলক চাই আছোঁহঁক। সমান সন্তানসকলহে পিতাৰ অন্তৰত সমাহিত হৈ আছে। সমান সন্তানসকলৰ বিশেষত্ব হ’ল - তেওঁলোক সদায় নিবিৰ্ঘ্ন, নিৰ্বিকল্প (নেতিবাচক সংকল্প ৰহিত), নম্ৰ আৰু নিৰ্মল হ’ব। এনেকুৱা আত্মাসকল সদায় স্বতন্ত্ৰ হয়, কোনো প্ৰকাৰৰ হদৰ বন্ধনত বান্ধ খাই নাথাকে। গতিকে নিজে নিজক সোধা যে এনেকুৱা বেহদৰ স্বতন্ত্ৰ আত্মা হৈছোঁনে! সৰ্বপ্ৰথম স্বতন্ত্ৰতা হৈছে দেহবোধৰ পৰা স্বতন্ত্ৰ। যেতিয়াই বিচাৰে তেতিয়া দেহৰ আধাৰ লয়, যেতিয়াই বিচাৰে দেহৰ পৰা উৰ্দ্ধত গুচি যায়। দেহৰ আকৰ্ষণত নাহে। দ্বিতীয় কথা - স্বতন্ত্ৰ আত্মা কোনো পুৰণা স্বভাৱ আৰু সংস্কাৰৰ বন্ধনত নাথাকিব। পুৰণা স্বভাৱ আৰু সংস্কাৰৰ পৰা মুক্ত হ’ব। লগতে কোনো দেহধাৰী আত্মাৰ সম্বন্ধ-সম্পৰ্কৰ প্ৰতি আকৰ্ষিত নহ’ব। সম্বন্ধ-সম্পৰ্কত আহিও অনাসক্ত আৰু স্নেহী হ’ব। সেয়েহে নিজক পৰীক্ষা কৰা কোনোবাটো সৰু কৰ্মেন্দ্ৰিয়ই বন্ধনততো নাবান্ধে? নিজৰ স্বমান স্মৃতিলৈ আনা - মাষ্টৰ সৰ্বশক্তিমান, ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰী, স্বদৰ্শন স্বক্ৰধাৰী, সেই স্বমানৰ আধাৰত সৰ্বশক্তিমানৰ সন্তানক কোনোবাটো কৰ্মেন্দ্ৰিয়ই আকৰ্ষিত কৰিব পাৰে জানো? কিয়নো সময়ৰ সমীপতাক লক্ষ্য কৰি নিজক চোৱা চেকেণ্ডত সকলো বন্ধনৰ পৰা মুক্ত হ’ব পাৰোঁনে? এনেকুৱা কোনো বন্ধনতো থাকি যোৱাতো নাই? কিয়নো অন্তিম কাকতত এক নম্বৰ হোৱাৰ প্ৰত্যক্ষ প্ৰমাণ হ’ল, চেকেণ্ডত য’ত যেনেকৈ মন-বুদ্ধি স্থিৰ কৰিব খোজা ত’ত চেকেণ্ডত যাতে স্থিৰ হৈ যায়। অস্থিৰ যাতে নহয়। যেনেকৈ স্থুল শৰীৰৰ দ্বাৰা য’লৈকে যাব খোজা, যাব পাৰা নহয়! তেনেকৈ বুদ্ধিৰ দ্বাৰা যিটো স্থিতিত স্থিৰ হ’ব খোজা তাত স্থিৰ হ’ব পাৰানে? যেনেকৈ বিজ্ঞানে ‘লাইট-হাউচ’, ‘মাইট-হাউচ’ তৈয়াৰ কৰিছে, চেকেণ্ডত বুটাম সক্ৰিয় কৰিলে লাইট হাউচে চাৰিওফালে ‘লাইট’ দিবলৈ ধৰে, ‘মাইট’ দিবলৈ ধৰে। তেনেকৈ তোমালোকে স্মৃতিৰ সংকল্পৰ বুটাম সক্ৰিয় কৰি ‘লাইট-হাউচ’, ‘মাইট-হাউচ’ হৈ আত্মাসকলক লাইট-মাইট দিব পাৰানে? এক চেকেণ্ডত আদেশ দিয়া হ’ল যে অশৰীৰী হৈ যোৱা, হৈ যাবা নহয়! নে যুদ্ধ কৰিবলগীয়া হ’ব? বহুকালৰ এইটো অভ্যাসহে অন্তত সহযোগী হ’ব। যদি বহুকালৰ অভ্যাস নাথাকে তেন্তে সেই সময়ত অশৰীৰী হ’বলৈ, পৰিশ্ৰম কৰিব লাগিব সেয়েহে বাপদাদাই এইটোৱে ইংগিত দিয়ে যে গোটেই দিনটোত কৰ্ম কৰিও বাৰে বাৰে এইটো অভ্যাস কৰি থাকা। ইয়াৰ বাবে মনৰ নিয়ন্ত্ৰণ শক্তিৰ আৱশ্যকতা আছে। যদি মন নিয়ন্ত্ৰিত হৈ গ’ল তেতিয়া কোনো কৰ্মেন্দ্ৰিয়ই বশীভূত কৰিব নোৱাৰে।

এতিয়া সকলো আত্মাক তোমালোকৰ দ্বাৰা শক্তিৰ বৰদানৰ প্ৰয়োজন। আত্মাসকলৰ তোমালোক মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলৰ প্ৰতি এইটোৱে শুভ ইচ্ছা আছে যে পৰিশ্ৰম অবিহনে বৰদানৰ দ্বাৰা, দৃষ্টিৰ দ্বাৰা, প্ৰকম্পনৰ দ্বাৰা আত্মাক মুক্ত কৰক। এতিয়া পৰিশ্ৰম কৰি সকলো ভাগৰি গৈছে। তোমালোক সকলোতো পৰিশ্ৰমৰ পৰা মুক্ত হৈ গ’লা নহয়! নে এতিয়াও পৰিশ্ৰম কৰিবলগীয়া হয়? শুনাইছিলোঁ নহয়, পৰিশ্ৰমৰ পৰা মুক্ত হোৱাৰ সহজ সাধন হৈছে - অন্তৰেৰে পিতাৰ অতি স্নেহী হৈ যোৱা। তোমালোক ব্ৰাহ্মণ আত্মাসকলে জন্মতেই প্ৰতিজ্ঞা কৰিছা, প্ৰতিজ্ঞা স্মৃতিত আছেনে? যিহেতু পিতাই আপোন কৰি ল’লে, ব্ৰাহ্মণ জীৱন দিলে, তেন্তে ব্ৰাহ্মণ জীৱনৰ তোমালোক সকলোৰে প্ৰতিজ্ঞা কি? একমাত্ৰ পিতা দ্বিতীয় কোনো নাই। স্মৃতিত আছেনে প্ৰতিজ্ঞা? যদি স্মৃতিত আছে তেন্তে কান্ধ লৰোৱা। বাৰু, হাত ল’ৰাই আছা। দৃঢ়ভাৱে স্মৃতিত আছেনে নে কেতিয়াবা কেতিয়াবা পাহৰি যোৱা? চোৱা 63 জন্মতো পাহৰোঁতা হ’লা, এতিয়া এই এটা জন্ম স্মৃতি স্বৰূপ হৈছা। সেয়েহে পিতাই সন্তানসকলক সুধিছে শৈশৱকালৰ প্ৰতিজ্ঞা স্মৃতিত আছেনে? কিমান সহজ কৰি দিছোঁ - একমাত্ৰ পিতাই সংসাৰ। একমাত্ৰ পিতাৰ সৈতেই সৰ্ব সমন্ধ। একমাত্ৰ পিতাৰ পৰাই সৰ্বপ্ৰাপ্তি। এজনেই পঢ়াওঁতাও হয় আৰু প্ৰতিপালন কৰোঁতাও হয়। সকলোতে এজনেই। যদিও পৰিয়ালো আছে, ঈশ্বৰীয় পৰিয়াল কিন্তু পৰিয়ালো এজন পিতাৰ। বেলেগ বেলেগ পিতাৰ পৰিয়াল নহয়। এটাই পৰিয়াল। পৰিয়ালতো ইজন সিজনৰ প্ৰতি আত্মিক স্নেহ আছে, স্নেহ নহয় আত্মিক স্নেহ। বাপদাদাই জন্মতে কৰা প্ৰতিজ্ঞা সোঁৱৰাই আছে, আৰু কি প্ৰতিজ্ঞা কৰিলা? সকলোৱে বহুত উৎসাহ-উদ্দীপনাৰে পিতাৰ সন্মুখত অন্তৰেৰে ক’লা - সকলো আপোনাৰ। তন-মন-ধন সকলো আপোনাৰ। গতিকে দি দিয়া বস্তু পিতাৰ সম্পদৰ ৰূপত পিতাই কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে দিছে, তোমালোকে পিতাক দি দিলা, দি দিলা নহয়? নে আকৌ অলপ অলপ লৈ লোৱা? উভতাই লৈ ল’লে তেতিয়া আনে বিশ্বাসত ৰাখিব দিয়া সম্পদৰ প্ৰতি বিশ্বাসঘাতকতা কৰা হৈ যায়। কোনো কোনো সন্তানে কয়, আন্তৰিক বাৰ্তালাপ কৰে নহয়, তেতিয়া কয় মোৰ মন অশান্ত হৈ থাকে, ‘মোৰ’ মন আকৌ ক’ৰ পৰা আহিল? যিহেতু ‘মোৰ’ক ‘তোমাৰ’লৈ অৰ্পিত কৰি দিলা, তেন্তে মোৰ মন ক’ৰ পৰা আহিল? তোমালোক সকলোতো এটি কড়ি অবিহনে বাদশ্বাহ হৈ গ’লা। এতিয়া তোমালোকৰ একো নাই, কড়ি এটিও নাই কিন্তু বাদশ্বাহ হৈ গ’লা। কিয়? পিতাৰ যি সম্পদ সেয়াই তোমালোকৰ সম্পদ হৈ গ’ল, তেন্তে বাদশ্বাহ হৈ গ’লা নহয়! যি পৰমাত্ম সম্পদ সেয়াই সন্তানসকলৰ সম্পদ। বাপদাদাই প্ৰতিজ্ঞা সোঁৱৰাই দিছে। যিটো ‘তোমাৰ’ তাক ‘মোৰ’ বুলি নক’বা। পিতাই কয় - যিহেতু পিতাই তোমালোক সকলোকে পৰমাত্ম সম্পদেৰে সমৃদ্ধিশালী কৰি দিলে, দায়িত্ব পিতাই লৈ ল’লে, কোনটো কথাৰে? তোমালোকে মোক স্মৰণ কৰা তেতিয়া সৰ্ব প্ৰাপ্তিৰ অধিকাৰী হোৱাই। কেৱল স্মৰণ কৰা। আৰু তোমালোকে ক’লা মই আপোনাৰ, আপুনি মোৰ। এয়া প্ৰতিজ্ঞা কৰিছা নহয়! সেয়েহে পিতাই কয় - সম্পদসমূহ সদায় নিজৰ প্ৰতি আৰু সৰ্ব আত্মাৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰা। যিমানে ব্যৱহাৰ কৰিবা সিমানে সম্পদ বৃদ্ধি হৈ গৈ থাকিব। সৰ্বশক্তিৰ সম্পদ, সৰ্বশক্তি কাৰ্যত ব্যৱহাৰ কৰা। কেৱল বুদ্ধিত জ্ঞান নাৰাখিবা, মই সৰ্বশক্তিমান হওঁ, কিন্তু সৰ্বশক্তি সময় অনুসৰি কাৰ্যত ব্যৱহাৰ কৰা আৰু সেৱাত ব্যৱহাৰ কৰা।

বাপদাদাই গৰিষ্ঠসংখ্যক সন্তানৰ খতিয়ান চালে। দুটা শক্তি যদি সদায় স্মৃতিত থাকে আৰু সময়ত কাৰ্যত ব্যৱহাৰ কৰা তেন্তে সদায়েই নিৰ্বিঘ্ন হৈ থাকিবা। বিঘিনিৰ শক্তি নাই যে তোমালোকৰ সন্মুখত আহিব, এয়া পিতাৰ প্ৰতিশ্ৰুতি। এনেয়েতো সৰ্বশক্তি থাকিব লাগে কিন্তু গৰিষ্ঠসংখ্যকৰ ক্ষেত্ৰত দেখা গৈছে যে সহনশক্তি আৰু উপলব্ধি কৰাৰ শক্তি, উপলব্ধি কৰাও কিন্তু তাক ব্যৱহাৰিক স্বৰূপত অনাৰ ক্ষেত্ৰত মনোযোগ কম সেয়েহে যি সময়ত উপলব্ধি কৰা সেই সময়ত চলন আৰু চেহেৰা সলনি হৈ যায়। বৰ ভাল উৎসাহ-উদ্দীপনাত থাকা, হয় উপলব্ধি কৰিলোঁ কিন্তু আকৌ তাৰ পাছত কি হৈ যায়? অনুভৱীতো সকলো হোৱা নহয়! আকৌ কি হৈ যায়? তাক সকলো সময়ত স্বৰূপত অনা, তাৰ অভাৱ হৈ যায় কিয়নো ইয়াত স্বৰূপ হ’ব লাগে। কেৱল বুদ্ধিৰে জনা সেয়া বেলেগ কথা কিন্তু তাক স্বৰূপত অনা, ইয়াৰ আৱশ্যকতা আছে। কেতিয়াবা কেতিয়াবা বাপদাদাৰ কোনো কোনো সন্তানৰ প্ৰতি দয়াও ওপজে, পিতাই বুজি পায় যে সন্তানসকলৰ দ্বাৰা পৰিশ্ৰম নহয় সেয়েহে সন্তানসকলৰ সলনি পিতায়েই কৰি লওঁ। কিন্তু ড্ৰামাৰ ৰহস্য হ’ল “যিয়ে কৰিব তেৱেঁ পাব” সেইবাবে বাপদাদাই সহযোগ নিশ্চয় দিয়ে কিন্তু কৰিবতো সন্তানসকলেই লাগে।

বাপদাদাই দেখিছে যে সন্তানসকলে সংকল্প বহুত ভাল ভাল কৰে। অমৃতবেলা বাপদাদাৰ ওচৰলৈ ভাল ভাল সংকল্পৰ বহুত বহুত মালা আহে। এইটো কৰিম, এইটো কৰিম, এইটো কৰিম...। বাপদাদাও আনন্দিত হৈ যায় বাঃ! সন্তানসকল বাঃ! আকৌ কৰাৰ ক্ষেত্ৰত কিয় দুৰ্বল হৈ যোৱা? ইয়াৰ কাৰণ দেখা গ’ল- ব্ৰাহ্মণ পৰিয়ালৰ সংগঠনৰ বায়ুমণ্ডল। ক’ৰবাত ক’ৰবাত বায়ুমণ্ডল দুৰ্বলো হয়, তাৰ প্ৰভাৱ সোনকালে পৰে। তেতিয়া তেওঁলোকৰ ভাষা কি হয় কওঁনে? ভাষা বহুত মিঠা হয়, ভাষা এনেকুৱা হয় - এয়াতো চলেই, এয়াতো হয়েই… এনেকুৱা সময়ত কি সংকল্প কৰিবা! এয়া হয়, এয়া চলে... এনেকুৱা কথাবোৰে অমনোযোগিতাত আনি দিয়ে কিন্তু সেই সময়ত এই ভাষা পৰিৱৰ্তন কৰা, ভাবা যে পিতাৰ আদেশ কি? পিতাৰ পচন্দ কি? পিতাই কোনটো কথা পচন্দ কৰে? পিতাই এনেকৈ কৈছেনে? কৰিছেনে? যদি পিতা স্মৃতিলৈ আহি গ’ল তেন্তে অমনোযোগিতা সমাপ্ত হৈ যাব, উৎসাহ-উদ্দীপনা আহি যাব। অমনোযোগিতাও অনেক প্ৰকাৰৰ আহে। তোমালোকে পৰস্পৰ ক্লাচ কৰিবা, তালিকা উলিয়াবা, এটা হ’ল সাধাৰণ অমনোযোগিতা, আনটো হ’ল মৰ্জিত অমনোযোগিতা। গতিকে অমনোযোগিতাই সংকল্পত দৃঢ়তা আনিবলৈ নিদিয়ে আৰু দৃঢ়তা হৈছে সফলতাৰ সাধন সেয়েহে সংকল্পতে থাকি যায়, কিন্তু স্বৰূপত নাহে।

তেন্তে আজি কি শুনিলা? প্ৰতিজ্ঞা সোঁৱৰাই দিলোঁ নহয়! প্ৰতিজ্ঞা ইমান ভাল ভাল কৰা, বাপদাদাই প্ৰতিজ্ঞা শুনি আনন্দিত হৈ যায়। কিন্তু যিমান প্ৰতিজ্ঞা কৰা সিমান লাভ নোলোৱা। গতিকে বাপদাদাই এইটোৱে বিচাৰে, সোধা নহয় পিতাই আমাৰ পৰা কি বিচাৰে? বাপদাদাই এইটোৱে বিচাৰে যে সময়ৰ আগতে সকলো সদাপ্ৰস্তুত হৈ যোৱা। সময় যাতে তোমালোকৰ মাষ্টৰ নহয়। সময়ৰ মাষ্টৰ হৈছা তোমালোক, সেয়েহে বাপদাদাই এইটোৱে বিচাৰে যে সময়ৰ আগতে সম্পন্ন হৈ বিশ্বৰ মঞ্চত পিতাৰ লগতে তোমালোক সন্তানসকলো প্ৰত্যক্ষ হোৱা। বাৰু!

যিসকল নতুন সন্তান আহিছা, হাত দাঙা। দীঘলকৈ হাত দাঙা। বাৰু বাপদাদা নতুন নতুন সন্তানসকলক দেখি আনন্দিত হয় যে ভাগ্যৱান সন্তানসকল নিজৰ ভাগ্য ল’বৰ বাবে উপস্থিত হৈ গৈছে সেয়েহে অভিনন্দন, অভিনন্দন। এতিয়া যিসকল নতুন সন্তান আহিছা তাৰ ভিতৰত চাম চমৎকাৰ কোনে কৰি দেখুৱায়? যদিও পাছত আহিছা কিন্তু আগত গৈ দেখুওৱা। বাপদাদাৰ ওচৰলৈতো সকলো ফলাফল আহি যায়। বাৰু!

ডবল বিদেশী:- ভাল কথা, ডবল বিদেশীয়ে নিজৰ আৰু সেৱাৰ প্ৰতি ভাল মনোযোগ দি আছে। কিন্তু কেৱল ইয়াত এটা মাত্ৰা লগাব লাগে। বিশেষভাৱে মনোযোগ দিব লাগে। উৎসাহ-উদ্দীপনাৰে, সাহসেৰে যি পৰিৱৰ্তনৰ সংকল্প লোৱা কেৱল ইয়াৰ প্ৰতি বিশেষ মনোযোগ দি যোৱা, কৰিবই লাগিব। পৰিৱৰ্তন হ’বই লাগিব। পৰিৱৰ্তন হৈ বিশ্ব পৰিৱৰ্তন কৰিব লাগে। এই দৃঢ়তাৰ বিশেষ মনোযোগ বাৰে বাৰে দি থাকা। বাকী বাপদাদা হৰ্ষিত হৈছে, বৃদ্ধিও কৰি আছে আৰু সেৱা আৰু নিজৰ প্ৰতি মনোযোগো আছে। কিন্তু দুশ্চিন্তা পূৰা আঁতৰি যোৱা নাই, মনোযোগ আছে মাজে মাজে অলপ দুশ্চিন্তাও আছে, সেয়া সমাপ্ত কৰিবই লাগিব। বাকী ভাল সাহস আছে। সাহসৰ বাবে অভিনন্দন, সকলো যিসকল বহি আছা পিতাৰ সৈতে তোমালোকৰ সাহসৰ বাবে অভিনন্দন জনাই আছোঁ। হাত চাপৰি বজোৱা। বাৰু।

তোমালোকতো ইয়াত বহি আছা কিন্তু বাপদাদাই দূৰৈত বহি থকা বহুত সন্তানৰ স্নেহপূৰ্ণ স্মৃতি পাইছে আৰু বাপদাদাই এটি এটি সন্তানক নয়নত সমাহিত কৰি বহুত বহুত অন্তৰৰ আশীৰ্বাদ দি আছে। ভাৰতৰ পৰাই হওঁক বা বিদেশৰ পৰাই হওঁক, বহুত সন্তানৰ স্মৃতি আহি আছে, পত্ৰ আহে, ইমেইল আহে, সকলো বাবাৰ ওচৰত আহি পাই গৈছে। বাৰু।

বাপদাদাই এক চেকেণ্ডত অশৰীৰী ভৱৰ ড্ৰিল চাবলৈ বিচাৰে। যদি অন্তত উত্তীৰ্ণ হ’ব লাগে তেন্তে এইটো ড্ৰিলৰ বহুত আৱশ্যক সেয়েহে এতিয়া ইমান ডাঙৰ সংগঠনত বহি এক চেকেণ্ডত দেহবোধৰ পৰা উৰ্দ্ধত স্থিৰ হৈ যোৱা। কোনো আকৰ্ষণে যাতে আকৰ্ষিত নকৰে। (ড্ৰিল) বাৰু।

চাৰিওফালৰ তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক, সদায় স্ব-পৰিৱৰ্তন আৰু বিশ্ব পৰিৱৰ্তনৰ সেৱাত তৎপৰ হৈ থকা বিশেষ আত্মাসকলক, সদায় পিতা ব্ৰহ্মাৰ সমান কৰ্মযোগী, কৰ্মৰ, কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰা মুক্ত আত্মাসকলক, সদায় দৃঢ়তাক প্ৰতিটো সংকল্প, প্ৰতিষাৰ বাণীত, প্ৰতিটো কৰ্মত স্বৰূপত আনোঁতা পিতাৰ সমীপৰ আৰু সমান সন্তানসকলৰ প্ৰতি বাপদাদাৰ অন্তৰৰ আশীৰ্বাদ আৰু অন্তৰৰ স্নেহপূৰ্ণ স্মৃতি স্বীকাৰ হওঁক আৰু নমস্কাৰ।

দাদীজীৰ প্ৰতি:- স্বাস্থ্যৱান হৈ গ’লা। এতিয়া বেমাৰ আঁতৰি গ’ল। বেমাৰ মহাৰথীসকলৰ পৰা বিদায় ল’বৰ বাবে আহে। ভিতৰি ভিতৰি কৰ্মাতীত হোৱাৰ আখৰা কৰি আছে। (দাদী জানকীয়ে কৈ আছে দাদী নিশ্চিন্ত বাদশ্বাহ)

তোমালোক চিন্তা কৰোঁতা নেকি? তোমালোকো নিশ্চিন্ত। দুয়োৱে ভাল ভূমিকা পালন কৰি আছা। চোৱা সকলোতকৈ গধুৰ দ্বায়িত্বৰ মুকুট পিন্ধোতা নিমিত্ততো হ’লা নহয়। এয়া সকলো সংগী। তোমালোকক দেখি উৎসাহ- উদ্দীপনা জাগে নহয়। (এতিয়া কি কি নতুন কৰিব লাগে? বাবায়ে কিছু প্ৰেৰণা দিয়ক) বাপদাদাই শুনালে যে প্ৰতিটো বৰ্গৰ ফুলৰ থোপা যি বাণীৰে প্ৰভাৱশালীও হয় আৰু শক্তিশালীও হয়। কেৱল বাণীৰে প্ৰভাৱশালী আৰু সম্পৰ্কত অহা নহয়, সম্বন্ধতো সমীপৰ হওঁক, এনেকুৱা ফুলৰ থোপা উলিওৱা। তেতিয়া সেইটো দল সেৱা কৰাৰ নিমিত্ত হ’ব। তেওঁলোকে বাণীৰ প্ৰভাৱশালী হ’ব আৰু তোমালোক শক্তিশালী হ’বা। তেওঁলোকৰ অন্তৰৰ পৰা উচ্চাৰিত হওঁক – বাবা, তেতিয়াহে প্ৰভাৱ পৰিব। তেওঁলোকক সম্বন্ধত, সমীপত আনা। যোগাযোগ কেতিয়াবা কেতিয়াবা হয় নহয়, তেতিয়া নিচা অলপ কম হৈ যায়। সম্বন্ধ-সম্পৰ্কত য’তেই আহে তাত সম্বন্ধ আৰু সম্পৰ্ক থাকিলে ঠিক হৈ যাব। বাৰু।

বৰদান:
সদায় শ্ৰেষ্ঠ আৰু নতুন প্ৰকাৰৰ সেৱাৰ দ্বাৰা বৃদ্ধি কৰোঁতা সহজ সেৱাধাৰী হোৱা

সংকল্পৰ দ্বাৰা ঈশ্বৰীয় সেৱা কৰা এয়াও সেৱাৰ শ্ৰেষ্ঠ আৰু নতুন উপায়, যেনেকৈ হীৰা-মুকুতাৰ বেপাৰীয়ে সদায় ৰাতিপুৱা নিজৰ প্ৰতিটো ৰত্ন পৰীক্ষা কৰে যে পৰিস্কাৰ হয়নে, চিকিমিকনি ঠিকে আছেনে, ঠিক ঠাইত ৰখা আছেনে... তেনেকৈ নিতৌ অমৃতবেলা নিজৰ সম্পৰ্কত অহা আত্মাসকলক সংকল্পৰে দৃষ্টি দিয়া, যিমানে তোমালোকে তেওঁলোকক সংকল্পৰে স্মৰণ কৰিবা সিমানে সেই সংকল্প তেওঁলোকৰ ওচৰত গৈ পাব... এনেকৈ সেৱাৰ নতুন পদ্ধতি ব্যৱহাৰ কৰি বৃদ্ধি কৰি যোৱা। তোমালোকৰ সহজযোগৰ সূক্ষ্ম শক্তিয়ে আত্মাসকলক তোমালোকৰ প্ৰতি স্বতঃ আকৰ্ষিত কৰিব।

স্লোগান:
অজুহাত দেখুওৱা বন্ধ কৰা আৰু বেহদৰ বৈৰাগ্যবৃত্তি জাগ্ৰত কৰা।

অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

জ্ঞান মনন কৰাৰ লগতে শুভ-ভাৱনা, শুভ-কামনাৰ সংকল্প, শক্তিৰ কিৰণ দিয়াৰ অভ্যাস, এই মনৰ মৌনতাৰ বা ট্ৰেফিক কণ্ট্ৰোলৰ বাবে মাজে মাজে এটা দিন নিৰ্ধাৰিত কৰা। যিমানে অন্তৰ্মুখিতাৰ কোঠাত বহি গবেষণা কৰিবা সিমানে ভালতকৈও ভাল উপলব্ধি হ’ব আৰু সেই উপলব্ধিৰে অনেক আত্মা লাভান্বিত হ’ব।

সুচনা:- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তৃতীয় ৰবিবাৰ, সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে সকলো ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ যোগ অভ্যাস কৰক যে মই ভ্ৰূকুটিৰ আসনত বিৰাজমান পৰমাত্ম শক্তিৰে সম্পন্ন সৰ্বশ্ৰেষ্ঠ ৰাজযোগী আত্মা, কৰ্মেন্দ্ৰিয়জিৎ, বিকৰ্মাজিৎ হওঁ। গোটেই দিন এইটোৱে স্বমানত থাকক যে গোটেই কল্পত মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰোঁতা মই সৰ্বশ্ৰেষ্ঠ মহান আত্মা।