15.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অমৰ বাবা আহিছে তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিবলৈ, এতিয়া তোমালোকে তিনিও কালক আৰু তিনিও লোকক জানা”

প্ৰশ্ন:
আত্মিক পিতাই আত্মাসকলক উত্তৰাধিকাৰ কিহৰ আধাৰত দিয়ে?

উত্তৰ:
পঢ়াৰ আধাৰত। যিসকল সন্তানে ভালদৰে পঢ়ে, দেহ-অভিমান ত্যাগ কৰি দেহী-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে তেওঁলোকেহে পিতাৰ উত্তৰাধিকাৰ পায়। লৌকিক পিতাই কেৱল সন্তানক উত্তৰাধিকাৰ দিয়ে কিন্তু পাৰলৌকিক পিতাৰ সম্বন্ধ আত্মাৰ লগত সেইবাবে আত্মাসকলক উত্তৰাধিকাৰ দিয়ে।

গীত:
ভোলেনাথ চে নিৰালা …… (ভোলানাথতকৈ অনন্য…..)

ওঁম্শান্তি।
আত্মিক সন্তানসকলে আত্মিক পিতাৰ পৰা অমৰকথা শুনি আছে – এই মৃত্যুলোকৰ পৰা অমৰলোকলৈ যাবৰ কাৰণে। নিৰ্বাণধামক অমৰলোক বুলি কোৱা হয়। অমৰলোক য’ত তোমালোকৰ অকাল মৃত্যু নহয় সেইকাৰণে সেইখনক অমৰলোক বুলি কোৱা হয়। আত্মিক পিতা যিজনক অমৰনাথ বুলি কোৱা হয়। নিশ্চয় অমৰলোকলৈ লৈ যাবলৈ মৃত্যুলোকত কথা শুনাব। তিনিৰ কথা ভাৰততেই প্ৰসিদ্ধ। অমৰকথা, সত্য-নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা। ভক্তিমাৰ্গততো তৃতীয় নেত্ৰৰ অৰ্থ কোনেও বুজিয়েই নাপায়। জ্ঞানৰ তৃতীয় নেত্ৰ জ্ঞানসাগৰ অমৰ বাবাৰ বাহিৰে কোনেও দিব নোৱাৰে। এয়াও মিছা কথা শুনায়। মৰমৰ আত্মিক সন্তানসকলে এতিয়া জানি গৈছে যে আমি এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাই আছোঁ, যি তৃতীয় নেত্ৰৰে তিনিও কালক, তিনিও লোকক তোমালোকে জানি গৈছা। মূললোক, স্থূললোকৰ আদি-মধ্য-অন্তকো জানি গৈছা সেইবাবে সন্তানসকলে নিজক ত্ৰিকালদৰ্শী বুলিও বুজে। তোমালোক মৰমৰ সন্তানসকলৰ বাহিৰে সৃষ্টিত কোনো ত্ৰিকালদৰ্শী নহয়। তিনিও কাল অৰ্থাৎ সৃষ্টিৰ আদি-মধ্য-অন্তক নাজানে। মূললোক, সূক্ষ্মলোক, স্থূললোকক বহুতে জানে। কিন্তু তিনিও কালৰ আদি-মধ্য-অন্তক কোনেও নাজানে। এতিয়া মৰমৰ আত্মিক সন্তানসকলে আত্মিক পিতাৰ পৰা শুনি আছে। আমি তেওঁৰ সন্তান হৈছোঁ। এবাৰেই তোমালোক আত্মিক সন্তানসকলে আত্মিক পিতাক পাইছা। আত্মাসকলক পঢ়ায়, অন্য সকলো দেহ-অভিমানী হোৱা কাৰণে কয় – মই এয়া পঢ়োঁ। মই এয়া কৰোঁ। দেহ-অভিমান আহি যায়। এতিয়া এই সংগমত আত্মিক পিতা আহি আত্মিক সন্তানসকলক কয় – তোমালোকে ভালদৰে পঢ়া। প্ৰত্যেক সন্তানেই পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী কিয়নো সকলো আত্মিক সন্তান হয় নহয়। লৌকিক সম্বন্ধতো কেৱল পুত্ৰ সন্তান উত্তৰাধিকাৰৰ অধিকাৰী হয়। এই পাৰলৌকিক সম্বন্ধত সকলো সন্তানে, আত্মাই উত্তৰাধিকাৰ পায়। অমৰনাথৰো কথা শুনায়। কয় – পাৰ্বতীক পৰ্বতৰ গুহাত গৈ কথা শুনালে। এয়াতো ভুল নহয় জানো। এতিয়া তোমালোক সন্তানসকলে জানা মিছা কি, সঁচা কি। সঁচাতো নিশ্চয় সত্য বাবাইহে শুনাব। পিতাই এবাৰেই সঁচা শুনাই সঁচাখণ্ডৰ মালিক কৰি তোলে। তোমালোকে জানা এই মিছা খণ্ডত এতিয়া জুই লাগিব। এয়া যি কিছু দেখিবলৈ পোৱা যায় এয়া নাথাকিবগৈ। সময় বাকী অলপ আছে। এয়া শিৱবাবাৰ জ্ঞান যজ্ঞ। যেনেকৈ লৌকিক সম্বন্ধতো পিতাকে যজ্ঞ ৰচে। কোনোৱে ৰুদ্ৰ যজ্ঞ ৰচে, কোনোৱে গীতা যজ্ঞ। কোনোৱে ৰামায়ণ যজ্ঞ ৰচে। এয়া হ’ল শিৱবাবাৰ ৰুদ্ৰ জ্ঞান যজ্ঞ। এয়া অন্তিম যজ্ঞ।

তোমালোকে জানা যে আমি এতিয়া অমৰপুৰীলৈ গৈ আছোঁ। এতিয়া অলপ সময়ৰ ৰাস্তা বাকী আছে। কোনো মনুষ্যই এয়া গম নাপায়। তেওঁলোকেতো কৈ দিয়ে মৃত্যুলোকৰ পৰা অমৰলোকলৈ যাবলৈ 40 হাজাৰ বছৰ এতিয়াও বাকী আছে। অমৰলোক সত্যযুগক কোৱা হয়। তোমালোক সন্তানসকলক এতিয়া বাবাই সন্মুখত বহি অমৰকথা, তৃতীয় নেত্ৰৰ কথা, সত্য-নাৰায়ণৰ কথা শুনাই আছে। ভক্তিমাৰ্গত কি কি হয়, সেয়াতো দেখিলা। ভক্তিমাৰ্গত কিমান বিস্তাৰ আছে। যেনেকৈ বৃক্ষৰ বহুত বিস্তাৰ হয় তেনেকৈ ভক্তিৰো বিশাল কৰ্মকাণ্ডৰ বৃক্ষ আছে। যজ্ঞ, ব্ৰত, নীতি-নিয়ম, জপ-তপ আদি কিমান কৰে। এই জন্মৰ ভক্ততো বহুত বহি আছে। মনুষ্যৰ বৃদ্ধি হৈ থাকে। তোমালোক ভক্তিমাৰ্গত আহিছা তেতিয়াৰ পৰা অন্য ধৰ্ম প্ৰতিষ্ঠা হৈছে। প্ৰত্যেকৰে নিজৰ ধৰ্মৰ সৈতে সম্পৰ্ক আছে। প্ৰত্যেকৰে নীতি-প্ৰথা বেলেগ বেলেগ। ভাৰত অমৰপুৰী আছিল, ভাৰত এতিয়া মৃত্যুলোক। তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বী আছিলা। কিন্তু এতিয়া পতিত হোৱাৰ কাৰণে তোমালোকে নিজক দেৱতা বুলি ক’ব নোৱাৰা। এইটো তোমালোকে পাহৰি গ’লা যে আমিয়েই সেই দেৱতা আছিলোঁ। যেনেকৈ কয় যীশুখ্ৰীষ্টই আমাৰ ধৰ্ম প্ৰতিষ্ঠা কৰিলে গতিকে আমাৰ খ্ৰীষ্টান ধৰ্ম চলি আহিছে। এনেকুৱা নহয় যে ইউৰোপীয়ান ধৰ্মৰ হয়। তেনেকৈ তোমালোক হিন্দুস্তানত থকাসকল বা ভাৰতত থকাসকল দেৱী-দেৱতা ধৰ্মৰ হোৱা। কিন্তু নিজক দেৱতা বুলি ক’ব নোৱাৰে। এনেকৈ ভাবে যে আমিতো পাপী, নীচ, কঙাল, বিকাৰী। ভক্তিমাৰ্গত মনুষ্য দুখী হয় তেতিয়া পিতাকহে কাতৰে আহ্বান জনায়। এয়া কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকলেহে জানা যে যিজন পিতাক কাতৰে আহ্বান জনাই আহিছোঁ তেওঁ আমাক বেহদৰ উত্তৰাধিকাৰ দিবলৈ অমৰকথা শুনাই আছে। আমি অমৰপুৰীৰ মালিক হ’বলৈ ওলাইছোঁ। অমৰপুৰীক স্বৰ্গ বুলি কোৱা হয়। তোমালোকে ক’বা আমি স্বৰ্গবাসী হ’বৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। কলিযুগত মনুষ্য মৰিলে তেতিয়া কয় স্বৰ্গবাসী হ’ল। এতিয়া তেওঁ স্বৰ্গলৈ যাবলৈ পুৰুষাৰ্থ কৰিলে জানো? তোমালোকেতো অমৰপুৰী বৈকুণ্ঠলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পুৰুষাৰ্থ কৰাওঁতাজন কোন? অমৰ বাবা, যিজনক অমৰনাথ বুলিও কোৱা হয়। এই যজ্ঞক পাঠশালা বুলিও কোৱা হয়। অন্য কোনো পাঠশালাক যজ্ঞ বুলি কোৱা নহয়। যজ্ঞ পৃথকে ৰচা হয় য’ত ব্ৰাহ্মণে বহি মন্ত্ৰ পঢ়ে। পিতাই কয় – এইখন তোমালোকৰ কলেজো হয়, যজ্ঞও হয়, দুয়োটা একেলগে আছে। তোমালোকে জানা এই জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰজ্বলিত হৈছে, ইয়াত গোটেই সৃষ্টি স্বাহা হৈ যাব। পুনৰ নতুন সৃষ্টি হ’ব, ইয়াৰ নামেই হ’ল বিৰাট মহাভাৰতৰ যুদ্ধ। এনেকুৱা যুদ্ধ আৰু একো নাথাকে। এনেকৈ কয় যে যুদ্ধত ক্ষেপণাস্ত্ৰৰে যুঁজিলে। তোমালোকৰ লগত যুদ্ধতো নহয়। ইয়াক মহাভাৰতৰ যুদ্ধ বুলি কিয় কয়? ভাৰতততো এটাই ধৰ্ম থাকে নহয়। মৃত্যুতো বাহিৰত হয়। ইয়াত যুদ্ধৰতো কথা নাই। পিতাই বুজায় – তোমালোকৰ কাৰণে নতুন সৃষ্টি লাগে তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হ’ব।

তোমালোক সন্তানসকলৰ বুদ্ধিত বিৰাট ৰূপৰো গোটেই জ্ঞান আছে। এইটোও বুজি পোৱা যে যিসকল কল্প পূৰ্বে আহিছিল তেওঁলোকেই দেৱতা হ’বলৈ আহিব। বুদ্ধিৰ কাম। আমি যিমান ব্ৰাহ্মণ হৈছোঁ এতিয়া দেৱতা হ’মগৈ। প্ৰজাপিতা ব্ৰহ্মাৰো গায়ন কৰা হৈছে। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচে সেইবাবে ব্ৰহ্মাক প্ৰজাপিতা বুলি কয়। কিন্তু কেনেকৈ, কেতিয়া ৰচে? এয়া কোনেও নাজানে। আৰম্ভণিত মনুষ্য নাথাকে নেকি যাক ৰচনা কৰে? আহ্বানেই জনায় হে পতিত-পাৱন আহা। তেন্তে যেতিয়া মনুষ্য পতিত হয় তেতিয়াহে পিতা আহে। সৃষ্টি পৰিৱৰ্তন কৰিব লাগে। তোমালোকক পিতাই নতুন সৃষ্টিৰ যোগ্য কৰি তোলে। এতিয়া সকলো তমোপ্ৰধান পুৰণি সৃষ্টিত আছা আকৌ সতোপ্ৰধান হ’ব লাগে। পিতাই বুজাইছে – প্ৰত্যেক মনুষ্য মাত্ৰেই, প্ৰতিটো বস্তু সতো-ৰজো-তমোত আহিবলগীয়া হয়। সৃষ্টি নতুনৰ পৰা পুৰণি নিশ্চয় হ’ব। কাপোৰো নতুন পিন্ধে আকৌ পুৰণা হয়। তোমালোকে জ্ঞান পাইছা, সঁচা সত্য-নাৰায়ণৰ কথা এতিয়া তোমালোকে শুনি আছা। ‘গীতা’ হৈছে সকলো শাস্ত্ৰৰ শিৰোমণি। বাকীবোৰ হৈছে ‘গীতা’ৰ সতি-সন্তান। যেনেকৈ ব্ৰহ্মাৰ বংশাৱলী তেনেকৈ গীতা হৈছে মুখ্য। উচ্চতকৈও উচ্চ হৈছে মা-পিতা বাকী হৈছে সন্তান। এতিয়া মা-পিতাৰ পৰা উত্তৰাধিকাৰ পাব পাৰে। বাকী যিমানেই শাস্ত্ৰ নপঢ়ক, যিয়েই নকৰক উত্তৰাধিকাৰ পাব নোৱাৰে। যিসকলে শাস্ত্ৰ পঢ়ে তেওঁলোকৰ বহুত উপাৰ্জন হয়। সেয়াতো হৈ গ’ল অল্পকালৰ বাবে। ইয়াত তোমালোক সন্তানসকলে শুনা তেতিয়া কিমান উপাৰ্জন কৰা – 21 জন্মৰ কাৰণে, বিচাৰ কৰা। তেওঁলোকে এবাৰ শুনাব সকলোৱে তেওঁলোকক পইচা দিব। ইয়াত পিতাই তোমালোক সন্তানসকলক শুনায় – তোমালোক 21 জন্মৰ কাৰণে কিমান চহকী হৈ যোৱা। তাত শুনাওঁতাসকলৰ জেপ ভৰপূৰ হয়। ভক্তি আদি কৰা প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাম। তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। তোমালোকে জানা যে স্বৰ্গলোকত আমি পূজ্য আছিলোঁ। নহ’লে 84 জন্মৰ হিচাপ ক’ৰ পৰা আহিল? এয়া হ’ল আত্মিক জ্ঞান যি পৰম আত্মা জ্ঞান সাগৰৰ পৰা পোৱা যায়। পতিত-পাৱন পিতাহে সকলোৰে সৎগতি দাতা হয়। আমাক অৰ্থাৎ সন্তানসকলক অমৰকথা শুনাই আছে। জন্ম-জন্মান্তৰ মিছা কথা শুনি আহিছা। এতিয়া সঁচা কথা শুনি তোমালোক 16 কলা সম্পূৰ্ণ হোৱা। চন্দ্ৰমাক 16 কলা সম্পূৰ্ণ বুলি কোৱা হয়। সূৰ্যৰ কাৰণে কোৱা নহয়।

তোমালোকে জানা যে আমি আত্মাসকল ভৱিষ্যতলৈ সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হ’মগৈ। পুনৰ আধাকল্পৰ পাছত আত্মাত খাদ (বিকাৰৰ লেপ) পৰি যায়। এতিয়া তোমালোকে বুজি পোৱা যে আমি পুনৰাই সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ…… সেই দেৱতা পুনৰাই হৈ আছোঁ। আমি আত্মাসকল প্ৰথমে নিজৰ ঘৰলৈ যাম আকৌ আমি শৰীৰ ধাৰণ কৰি সেই দেৱতা হ’ম আকৌ চন্দ্ৰবংশী ৰাজবংশত আহিম। 84 জন্মৰ হিচাপ-নিকাচ লাগে। কোনটো যুগত, কোনটো বৰ্ষত কিমান জন্ম হ’ল, পিতাই 84 জন্মৰ সত্য কথা এতিয়া শুনাইছে। তোমালোক সন্তানসকলক ক’ব তোমালোক ভাৰতবাসীয়ে 84 জন্ম লোৱা। নিজক একতো ব্ৰাহ্মণ বুলি বুজিব লাগে। মম্মা বাবা বুলি কোৱা নহয়। উত্তৰাধিকাৰ ব্ৰহ্মা বাবাৰ দ্বাৰা শিৱবাবাৰ পৰা লোৱা। ব্ৰহ্মাও তেওঁৰ হৈ গ’ল। ব্ৰহ্মাৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। এৱোঁ ভাই হৈ গ’ল। এওঁ শৰীৰধাৰী নহয় জানো। তোমালোক সকলো সন্তানে উত্তৰাধিকাৰ তেওঁৰ পৰা লোৱা। এওঁৰ (ব্ৰহ্মাৰ) পৰা নহয়। যাৰ পৰা উত্তৰাধিকাৰ পাবলগীয়া নাই তেওঁক স্মৰণ কৰিব নালাগে। একমাত্ৰ শিৱবাবাকহে স্মৰণ কৰিব লাগে। তেওঁকহে কয় – তুমি মাতা-পিতা আমি বালক তোমাৰ। তোমালোক এওঁৰ ওচৰলৈ আহিলে তেতিয়া বুদ্ধিত থাকিব লাগে যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ। স্মৰণ শিৱবাবাক কৰিব লাগে। আত্মা বিন্দু, সেই আত্মাত 84 জন্মৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। আত্মা ভ্ৰূকুটিৰ মধ্যত থাকে। উৰেও ছেকেণ্ডত, মই আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। ভ্ৰূকুটিৰ মধ্যত গৈ বিৰাজমান হওঁ, বুদ্ধিত বোধ আছে – মোৰ আত্মা এনেকুৱা। সত্যযুগততো এনেকুৱা কোনো বস্তু চোৱাৰ আশা নাথাকে। আত্মাক দিব্য দৃষ্টিৰে চাব পাৰে। এই দুচকুৰে চোৱাৰ কোনো কথা নাই। ভক্তিমাৰ্গতহে সাক্ষাৎকাৰ কৰে। যেনেকৈ ৰামকৃষ্ণৰ শিষ্য বিবেকানন্দ আছিল, তেওঁ কৈছে – মই সন্মুখত বহি আহিছিলোঁ তেতিয়া তেওঁৰ আত্মা ওলাই মোৰ ভিতৰত প্ৰৱেশ কৰিলে। এনেকুৱা নহয়। আত্মাই কেনেকৈ এটা শৰীৰ এৰি অন্য এটাত প্ৰৱেশ কৰে- এই সকলো কথা তোমালোক সন্তানসকলক বুজোৱা হয়। এতিয়া তোমালোকে বুজি পোৱা আমি অমৰলোকলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ, অমৰলোকত আমি জন্ম ল’ম। তাত গৰ্ভ মহলত থাকিম। ইয়াততো গৰ্ভ কাৰাগাৰত বহুত ত্ৰাহি ত্ৰাহি কৰে। এতিয়া আধাকল্পৰ কাৰণে বাবাই তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰে। তেন্তে কিমান মৰমেৰে এনেকুৱা পিতাক স্মৰণ কৰিব লাগে। ভালবাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক আত্মা বুলি বুজি, আত্মিক পিতাৰ পৰা পঢ়ি পূৰা উত্তৰাধিকাৰ ল’ব লাগে। সঁচাখণ্ডৰ মালিক হ’বৰ কাৰণে সত্য কথা (কাহিনী) শুনিব আৰু শুনাব লাগে।

(2) যিজন পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায় তেওঁকহে স্মৰণ কৰিব লাগে, কোনো দেহধাৰীক নহয়। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব সেইবাবে ইয়াক দেখিও চাব নালাগে।

বৰদান:
শান্তিৰ শক্তিৰে নিজৰ খতিয়ান চাফা কৰোঁতা লোকপ্ৰিয়, প্ৰভুপ্ৰিয় হোৱা

যেনেকৈ বিজ্ঞানে এনেকুৱা উদ্ভাৱন কৰিছে যে লিখি থোৱা সকলো মচি পেলায়, গম পোৱা নাযায়। তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰে নিজৰ খতিয়ান নিতৌ চাফা কৰা তেতিয়া প্ৰভুপ্ৰিয় বা দৈৱী লোকপ্ৰিয় হৈ যাবা। সততা আৰু স্বচ্ছতা সকলোৱে পচন্দ কৰে। সেইকাৰণে এদিন কৰা ব্যৰ্থ সংকল্প বা ব্যৰ্থ কৰ্ম পাছদিনালৈ যাতে নাথাকে, যি গৈ গ’ল সেয়া হৈ গ’ল বুলি বুজি যতি চিহ্ন লগাই দিয়া তেতিয়া খতিয়ান চাফা হৈ থাকিব আৰু চাহাব ৰাজী হৈ যাব।

স্লোগান:
ব্যৰ্থ সংকল্প কৰা বা অন্যক ব্যৰ্থ সংকল্প কৰোৱাৰ নিমিত্ত হোৱা – এয়াও অপৱিত্ৰতা।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

মন, বাণী আৰু কৰ্মত সৰলতা আৰু সহনশীলতা—এই দুয়োটাৰে আৱশ্যক। যদি সৰলতা আছে কিন্তু সহনশীলতা নাই, তেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰা। সৰলতাৰ সৈতে যদি সহনশীলতা থাকে তেতিয়া তাক শক্তি স্বৰূপ বুলি কোৱা হয়। শক্তিসকলৰ চিত্ৰবোৰত সৰলতা আৰু সহনশীলতা দুয়োটা গুণ দেখুওৱা হয়। বৰ্তমানৰ ফলাফলত ক'ৰবাত সহনশীলতা অধিক আৰু ক'ৰবাত সৰলতা অধিক। এতিয়া এই দুয়োটাকে সমান কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]